ⓘ Free online encyclopedia. Did you know? page 102

চকু

চকু হৈছে দৰ্শন অংগ। চকুৱে পোহৰক নিউৰণত বিদ্যুৎ-ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ কৰে। চকুৰ আইৰিছে চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে লেন্স মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেতৰূপে স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে। মগজুত এই সংকেতৰ বিশ্ ...

মস্তিষ্ক

মস্তিষ্ক বা মগজু বুলিলে সকলো মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায়বোৰ অমেৰুদণ্ডী প্ৰাণীৰ স্নায়ু তন্ত্ৰৰ কেন্দ্ৰৰূপে কাম কৰা অংগটোক বুজায়। কেৱল কেইবিধমান অমেৰুদণ্ডী প্ৰাণী যেনে স্পঞ্জ, জেলীফিছ, টুনিকেট আৰু ষ্টাৰফিছৰ মস্তিষ্ক নাথাকে; তাৰ সলনি এখন স্নায়ু জ ...

মুখ

1. মুখচিদ্ৰ: নাকৰ ঠিক তলতে অৱস্থিত অনুপ্ৰস্থীয় বহল মুখচিদ্ৰটো ওপৰোষ্ঠ আৰু নিম্নোষ্ঠৰে আবেষ্ঠিত হৈ থাকে। মুখচিদ্ৰটো খাদ্য গ্ৰহণ কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়। মুখৰ ভিতৰৰ যিখিনি ঠাই বাহিৰৰ ফালে ওঠ আৰু গালেৰে আবৃত আৰু ভিতৰ ফালে দাত আৰু হনুৰে আবৃত সেই ...

হাড়

মানুহৰ কংকালতন্ত্ৰ: শৰীৰৰ টান অংশবোৰক একেলগে কংকালতন্ত্ৰ বোলা হয়। দেহৰ বাহিৰফালে থকা টান অংশবোৰক বহিঃকংকাল Exoskeleton আৰু শৰীৰৰ ভিতৰফালে থকা টান অংশবোৰক অন্তঃকংকাল Endoskeleton বোলা হয়। বহিঃকংকালবোৰে শৰীৰৰ কোমল অংশবোৰক সুৰক্ষা প্ৰদান কৰে। সৰীস ...

কৃত্ৰিম উপগ্ৰহ

কৃত্ৰিম উপগ্ৰহ হৈছে মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহ। বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক সা-সুবিধা লাভৰ বাবে ইয়াক উৎক্ষেপণ কৰা হয়। মহাকাশলৈ প্ৰথমে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিছিল ছোভিয়েট ইউনিয়নে। ১৯৫৭ চনৰ ৪ অক্টোবৰ ...

কালাম ছেট

কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম। আমেৰিকাৰ মহাকাশ সংস ...

ইউৰেনাচ

ইউৰেনাচ ইংৰাজীত: Uranus সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো সপ্তম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। গ্ৰহটোৰ নাম আকাশৰ গ্ৰীক দেৱতা ক্ৰনচৰ পিতৃ, জ্যুচৰ পিতামহ তথা এৰিচৰ প্ৰপিতামহ ইউৰেনাচৰ পৰা লোৱা হৈছে। সৌৰজগতৰ ভিতৰত ইউৰেনাচৰ ...

নেপচুন

নেপচুন ইংৰাজীত: Neptune সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ চতুৰ্থ বৃহত্তম গ্ৰহ আনহাতে ভৰৰ দিশত এই গ্ৰহটোৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ৰোমানলোকসকলৰ সাগৰীয় দেৱতা নেপচুনৰ পৰাই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে।

পৃথিৱী

পৃথিৱী ইংৰাজী: Earth হৈছে মানুসহ কোটি কোটি প্ৰজাতি জীৱৰ আবাসস্থল। ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ। লেটিন ভাষাত এই গ্ৰহৰ নাম টেৰা Terra । পৃথিৱীৰ নিজ কক্ষ ...

বুধ গ্ৰহ

বুধ সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ। এই গ্ৰহটো সূৰ্যৰ সবাতোকৈ নিকটতম গ্ৰহ। ইয়াৰ কোনো উপগ্ৰহ নাই। বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ এই গ্ৰহটোৱে সূৰ্যক প্ৰতি ৮৮ দিনে এবাৰকৈ প্ৰদক্ষিণ কৰে। ইয়াৰ উজ্জ্বলতাৰ আপাত মান-২. ...

বৃহস্পতি গ্ৰহ

বৃহস্পতি গ্ৰহ) সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহ পঞ্চম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ বৃহত্তম গ্ৰহ। বৃহস্পতিগ্ৰহটোক বাদ দি সৌৰজগতৰ বাকী সকলো গ্ৰহৰ ভৰকে একেলগ কৰিলেও বৃহস্পতিৰ ভৰতকৈ আঢ়ৈ গুণ বেছি হ’ব। বৃহস্পতিসহ আৰু তিনিটা গ্ৰহ অৰ্থাৎ শনি, ইউৰেনাছ আৰু ...

মঙ্গল গ্ৰহ

সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ। পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি। মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ। অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে। ইয়াত অতি ক্ষীণ বায়ুমণ্ডল আছে, আৰু ইয়াৰ ভূ-পৃষ্ঠত চন্দ্ৰৰ দৰে ...

শনি গ্ৰহ

শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ। তলত উপগ্ৰহসমূহৰ নাম উল্লেখ কৰা হ’ল: হাইৰোক্কিন Hyrrokkin ইমিৰ Ymir ...

শুক্ৰ গ্ৰহ

শুক্ৰ গ্ৰহ সূৰ্যৰ পৰা দূৰত্বৰ দিশত সৌৰজগতৰ দ্বিতীয় গ্ৰহ। এই পাৰ্থিৱ গ্ৰহটোক অনেক সময়ত পৃথিৱীৰ "বোন গ্ৰহ" বুলি আখ্যায়িত কৰা হয়, কাৰণ পৃথিৱী আৰু শুক্ৰৰ মাজত গাঠনিক উপাদান আৰু আচাৰ আচৰণ বহুতো সাদৃশ্য আছে। এই গ্ৰহটো আগতে যেতিয়া পৃথিৱীৰ আকাশত দেখ ...

জিম পিবলছ্

ফিলিপ জেমছ্ এডৱিন পিবলছ্ OM FRS হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ। তেওঁ বৰ্তমান প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ এলবাৰ্ট আইনষ্টাইন প্ৰফেছাৰ এমিৰেটাচ পদত অধিষ্ঠিত।১৯৭০চনৰ ...

ডিডিয়াৰ কুয়েলজ

ডিডিয়াৰ কুয়েলজ এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক। আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য। ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।

ৰেইনহাৰ্ড গেনজেল

ৰেইনহাৰ্ড গেনজেল এগৰাকী জাৰ্মান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান মেক্সপ্লেংক বৰ্হিজাগতিক পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী সঞ্চালক। ইয়াৰ লগতে তেওঁ মিউনিক লুডৱিগ মেক্সিমিলান বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ ...

চেৰেছ

চেৰেছ সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই অৰ্থাত ১ জানুৱাৰী, ১৮০১ এই গ্ৰহটো আৱিস্কাৰ কৰিছিল । চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল ...

প্লুটো

প্লুটো গ্ৰহ ১৯৩০ খৃষ্টাব্দৰ ২৩ জানুৱাৰীত বিজ্ঞানী ক্লাইড ডব্লিউ টমবাউয়ে এই গ্ৰহটোক আৱিষ্কাৰ কৰিছিল। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ইয়াৰ সময় লাগে ২৪৮ বছৰ। সূৰ্য ৰ পৰা প্লুটোৰ গড় দূৰত্ব প্ৰায় ৬০০ কোটি কিলোমিটাৰ। কক্ষপথত প্লুটোৰ গতি মাত্ৰ ৪.৭ কিলোমিটা ...

তাপ মৃত্যু

তাপ মৃত্যু এটি অনুকল্প যিয়ে বিশ্ব-ব্ৰহ্মাণ্ডৰ শেষ পৰিণতি অৰ্থাৎ অন্তৰ কথা সূচায়। ব্ৰহ্মাণ্ডই মুক্ত তাপগতীয় শক্তিবিহীন এক অৱস্থা প্ৰাপ্ত হয়। যেতিয়া শক্তি সকলোতে সমান হব, বা গোটেই ব্ৰহ্মাণ্ডত তাপগতীয় সমতা দেখা যাব, সেই অৱস্থাকে তাপ মৃত্যু বোল ...

মহানাদ

মহানাদ ব্ৰহ্মাণ্ডৰ আটাইতকৈ আগৰ কালৰ আৰু ব্যাপক বিস্তাৰৰ বৰ্তমান ব্যৱহৃত ব্ৰহ্মাণ্ডতাত্ত্বিক শাস্ত্ৰ। এই শাস্ত্ৰৰ মতে আগতে ব্ৰহ্মাণ্ডৰ ঘনত্ব অতি অধিক আছিল আৰু পিছলৈ ব্ৰহ্মাণ্ড বিস্তাৰিত হল। আধুনিক বিজ্ঞানীয়ে এই ঘটনাৰ সময় প্ৰায় ১৩.৮ বিলিয়ন বছৰ ...

নিউ হৰাইজন্‌ছ

নিউ হৰাইজনচ ইংৰাজী: New Horizons এটি মহাকাশযান যি প্লুটো গ্ৰহৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। ইয়াক ২০০৬ খৃষ্টাব্দৰ জানুৱাৰীত ফ্লৰিডাৰ কেপ কেনাভেৰাল এয়াৰফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপিত কৰা হৈছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিস্থান নাচাৰ এটি ...

ভয়েজাৰ ১

ভয়েজাৰ ১ হৈছে নাছাই সৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশ ...

সৌৰজগত

সূৰ্য আৰু তাক কেন্দ্ৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন লগতে সিহঁতৰ উপগ্ৰহসমূহ, গ্ৰহবোৰৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণু, লগতে সূৰ্য্যৰ লগত মহাকৰ্ষণ শক্তিৰ বলত বা ...

উৰ্ট মেঘ

ওৰ্ট মেঘ বা অপিক-ওৰ্ট মেঘ জ্যোৰ্তিবিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ চাৰিওফালে ১,০০,০০০ জ্যোৰ্তিবিজ্ঞান একক দূৰত্বত সূৰ্য্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহাণুপুঞ্জ আৰু ধূমকেতুৰ অঞ্চল বা পটী। জ্যোৰ্তিবিজ্ঞানীসকলে কৰা বিশ্বাসমতে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা দীৰ ...

চন্দ্ৰ

চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্ ...

ডিমছ (উপগ্ৰহ)

ডিমছ মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ বাহিৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ফবছ। ৬.২ কিলোমিটাৰ গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩০.৩ ঘণ্টা সময় লয়। ডিমছ মঙ্গলৰ পৰা ২৩,৪৬০ কিলোমিটাৰ দূ ...

ফবছ (উপগ্ৰহ)

ফবছ মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়। ফ’বছ মঙ্গলৰ পৰা ৬,০০০ কিলোমি ...

সূৰ্য

সৌৰজগতৰ কেন্দ্ৰত থকা নক্ষত্ৰটো হ’ল সূৰ্য । সৌৰজগতৰ মুঠ ভৰৰ ৯৮.৫% ভৰৰ গৰাকী হ’ল সূৰ্য। পৃথিৱী সূৰ্যৰ পৰা গড়ে ১৪,৯৫,৭৮,০০০ কিমি ৯,২৯,৫৬,০০০ মাইল আঁতৰত আছে। পোহৰে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৮ মিনিট ১৯ ছেকেণ্ড সময় লয়। সূৰ্যৰ পৰা পৃথিৱীৰ নিকটতম দূৰত্ ...

অৰ্ধপৰিবাহী

যিবিলাক পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাৰ মান পৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ বেছি আৰু অপৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ কম হয়, সে‌ইবিলাক পদাৰ্থক অৰ্ধপৰিবাহী বুলি কোৱা হয়। অৰ্থা‌ৎ অৰ্ধপৰিবাহীৰ বৈদ্যুতিক পৰিবাহীতাৰ মান ১০ ৩ -ৰ পৰা ১০ -৮ ...

ডায়ড

ডায়ড এক প্ৰকাৰৰ দুই প্ৰান্ত বিশিষ্ট অণুবৈদ্যুতিক যন্ত্ৰাংশ যি বৰ্তনীত একমুখী বিদ্যুৎপ্ৰবাহ সৃষ্টি কৰে। ইয়াৰোপৰি বৈদ্যুতিক উপায়ে ধাৰকত্ব নিয়ন্ত্ৰণ আৰু বিকিৰণ, নিঃসৰণ আৰু কম্পন সংবেদী ইলেকট্ৰনিক্স চুইচ তৈয়াৰ কৰোঁতে ডায়ড ব্যৱহৃত হয়। বিদ্যুৎশক ...

অণু

অণু হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু আয়নিক, সহযোজী ৰাসায়নিক বান্ধনী বা তেনে বান্ধনীৰে বান্ধি ৰখা দুটা বা ততোধিক পৰমাণুৰ সমষ্টি। অণুবোৰক বৈদ্যুতিক আধানৰ ভিত্তিত আয়নতকৈ পৃথক বুলি দেখুৱাব পাৰি। অৱশ্যে কোৱান্টাম বলবিজ্ঞান, জৈৱ ৰসায়ন, জৈৱিক ৰসায়নত ...

আপেক্ষিকতাবাদ তত্ত্ব

আপেক্ষিকতাবাদ তত্ত্ব বুলিলে পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আগবঢ়োৱা দুই আন্তঃসম্পৰ্কীয় তত্ত্বক বুজোৱা হয়: বিশেষ আপেক্ষিকতাবাদ তত্ত্ব আৰু সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব। মাধ্যাকৰ্ষণৰ অনুপস্থিতিত মৌলিক কণাসমূহৰ সকলোধৰণৰ ভৌতিক পৰিঘটনা ব্যাখ্যা কৰি ...

প্ৰসংগ প্ৰণালী

অন্য কোনো বস্তু, কোনো নিৰীক্ষক বা কোনো স্থান‌‌-কাল স্থানাংক প্ৰণালী ৰ সাপেক্ষেহে কোনো এটা বস্তুৰ গতি বিধি ব্যাখ্যা কৰিব পাৰি। কোনো গতিশীল বস্তুৰ স্থান, কাল, দিশ ইত্যদি ৰাশি জোখমাখ কৰিবলৈ ব্যৱহাৰ কৰা স্থানাংক প্ৰণালী বা স্থানাংক ব্যৱস্থাকে প্ৰসংগ ...

বিশেষ আপেক্ষিকতাবাদ তত্ত্ব

কোনো জড় প্ৰসংগ প্ৰণালী সাপেক্ষে সংঘটিত কোনো ঘটনাৰ স্থান, কাল ইত্যাদি জোখমাখৰ বাবে মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ১৯০৫ চনত তেখেতৰ বিখ্যাত গৱেষণা পত্ৰ" On the Electrodynamics of Moving Bodies” ত প্ৰস্তাৱ কৰা পদাৰ্থ বিজ্ঞানৰ সূত্ৰকে আপেক্ষিকতাবাদ ...

মহাকৰ্ষণিক তৰংগ

পদাৰ্থ বিজ্ঞানত মহাকৰ্ষণিক তৰংগ হৈছে মহাজাগতিক সময়-স্থানৰ বক্ৰত সৃষ্টি হোৱা আৰু উৎসৰপৰা বহিৰ্মুখে গতি কৰা তৰংগৰূপী একপ্ৰকাৰ শক্তি। ১৯১৬ চনত এলবাৰ্ট আইনষ্টাইনে তেওঁৰ সাধাৰণ আপেক্ষিকতাবাদ তত্বৰ আধাৰত ইয়াৰ ভৱিষ্যবাণী কৰিছিল। মহাকৰ্ষণিক তৰংগৰাশীয়ে ...

আলোক তন্তু

আলোক তন্তু বা আলোক আঁহ হৈছে, বিশুদ্ধ কাঁচ ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ । আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । আলোক তন্তুৰ লগত ...

পোহৰ

মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক বোলা হয়। দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰ হৈছে প্ৰায় ৩৮০ বা ৪০০ নেনমিটাৰৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ নেনমিটাৰ আৰু কম্পনাংকৰ পৰিসৰ হৈছে প্ৰায় ৪০৫ হাৰ্ ...

মৰীচিকা

মৰীচিকা উত্তপ্ত মৰুভূমি অঞ্চলত সম্পূৰ্ণ বিজ্ঞানসন্মত কাৰণত হোৱা এক দৃষ্টি বিভ্ৰম। মৰীচিকাৰ সংঘটিত হয় পোহৰৰ পূৰ্ণ প্ৰতিফলন ৰ ফলত। এই পৰিঘটনাত অদূৰত পানীৰ উৎস থকা যেন বোধ হয়, যদিও দৰাচলতে তেনে ধৰণৰ একো নাথাকে। খুব গৰমৰ দিনত, পকী ৰাস্তাতো এনে পৰিঘ ...

ৰং

ৰং হৈছে মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম, এইবোৰ সাধাৰণতে ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু আন ভাগত বিভক্ত। পোহৰৰ বৰ্ণালীসমূহেই হৈছে ৰঙৰ উৎস হৈছে । পোহৰ বৰ্ণালী সমূহ মানৱ চকুৰ আলোক সংবেদনশীল অংশত পৰিলে মানুহে বিভিন্ন ৰঙ সমূহ দে ...

ত্ৰিমাত্ৰিক ক্ষেত্ৰ

ত্ৰিমাত্ৰিক ক্ষেত্ৰ আমাৰ ব্ৰহ্মাণ্ডখনৰ এটা তিনিটা চলকেৰে বৰ্ণোৱা প্ৰণালী। এই তিনিটা চলক বা মাত্ৰাক সাধাৰণতে দীঘ, প্ৰস্থ, ঊচ্চতা বোলা হয়, এই তিনিটা চলক কেতিয়াও একেখন সমতলত থাকিব নোৱাৰে। পদাৰ্থ বিজ্ঞান আৰু গণিতত "n"টা স্বাভাবিক সংখ্যাৰ এটা ইউক্লী ...

বৃহৎ হেড্ৰন সংঘৰ্ষক

বৃহৎ হেড্ৰন সংঘৰ্ষক হল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী কণা সংঘৰ্ষক । ১৯৯৮ৰ পৰা ২০০৮ চনৰ মাজভাগত প্ৰায় ১০,০০০ বিজ্ঞানী আৰু ১০০খন দেশৰ অভিযন্তা লগতে বহুকেইখন বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰৰ সহযোগিতাত নিউক্লীয় গৱেষণাৰ ইউৰোপিয়ান সংঘই বৃহৎ হেড্ৰন ...

কৃষ্ণবস্তু বিকিৰণ

পদাৰ্থত বিজ্ঞানত কৃষ্ণবস্তু বিকিৰণ মানে হৈছে পদাৰ্থৰ অভ্যন্তৰীণ তথা পাৰ্শ্বৱৰ্তী পৰিবেশত সংঘটিত এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ,যত চৌপাশৰ লগত ইয়াৰ উষ্মাগতিক সাম্যতা বৰ্তি থাকে। কৃষ্ণবস্তুৰ ইংৰাজী প্ৰতিশব্দ ব্লেক বডি পোনপ্ৰথমে ১৮৬০ চনত গুস্তাভ কাশৰ্ফ ...

নিউট্ৰিন

নিউট্ৰিন হৈছে বৈদ্যুতিক ভাৱে প্ৰশম, দুৰ্বল প্ৰভাৱ ৰ জৰিয়তে ক্ৰিয়া কৰা, অৰ্ধ-অখণ্ড সাংখ্যিক ঘূৰ্ণন, সোঁ-বাওঁ অপ্ৰতিসমতা আৰু অদ্য পৰিমিত অ-নিৰ্ধাৰিত সূক্ষ্ম কিন্তু অশূন্য ভৰ বিশিষ্ট এবিধ উপ-পাৰমাণৱিক কণা। সাধাৰণ পদাৰ্থৰ মাজেৰে নিউট্ৰিন প্ৰায় কোন ...

আলোক বিদ্যুৎ পৰিঘটনা

যেতিয়া কোনো ধাতৱ পৃষ্ঠত উপযুক্ত তৰংগদৈৰ্ঘ্যৰ পোহৰ পৰে, তেতিয়া পৃষ্ঠখনৰ পৰা ইলেকট্ৰন নিৰ্গমণ হয়। এই পৰিঘটনাটোকেই আলোক-বিদ্যুৎ পৰিঘটনা বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত নিৰ্গত হোৱা ইলেকট্ৰনসমূক আলোক-ইলেকট্ৰন বুলি কোৱা হয়। এই পৰিঘটনাটোৰ আৱিষ্কাৰক আছ ...

আলোক-ইলেকট্ৰন

এখন ধাতুৰ পৃষ্ঠত এক নিৰ্দিষ্ট শক্তিতকৈ বেছি শক্তিৰ পোহৰ পৰিলে ধাতু পৃষ্ঠৰ পৰা যি ইলেকট্ৰন নিৰ্গত হয় তাকে আলোক ইলেকট্ৰন ইংৰাজী: Photo electron বুলি কোৱা হয়। ধাতুৰ পৃষ্ঠৰ পৰা ইলেকট্ৰন নিৰ্গত হবলৈ যি ন্যূনতম শক্তিৰ প্ৰয়োজন সেয়া ধাতুটোৰ কাৰ্য্যফল ...

কোৱাণ্টাম ডট্‌

কোৱাণ্টাম ডট এনে এক বিশেষ আকাৰত থকা পদাৰ্থ য’ত এক্সাইট’ন তিনিওটা দিশৰ পৰাই আৱদ্ধ হৈ থাকে। এই কোৱাণ্টাম ডটবোৰৰ ধৰ্ম সেই পদাৰ্থবিধৰ আনবিক অবস্থা আৰু স্থূল অৱস্থাৰ ধৰ্মৰ মাজত থাকে। ১৯৮০ চনৰ আৰম্ভণিতে আলেক্সেই একিমোভ এ কাঁচ মেট্ৰিস্কত আৰু লুইচ ই ব্ৰু ...

কোৱাণ্টাম বলবিজ্ঞান

কোৱাণ্টাম বলবিজ্ঞান ইংৰাজী: Quantum mechanics পদাৰ্থ বিজ্ঞানৰ এক শাখা, যি পাৰমাণৱিক আৰু অতি পাৰমাণবিক স্তৰত দ্বৈত ধৰ্ম, অৰ্থাৎ কণা সদৃশ আৰু তৰংগ সদৃশ আচৰণ আৰু শক্তি আৰু পদাৰ্থৰ পাৰস্পৰিক ক্ৰিয়া সৰ্ম্পকীয় ব্যাখ্যা আগবঢ়ায়। কোৱাণ্টাম বলবিজ্ঞানক ...

পাউলিৰ নিষেধ নীতি

পাউলিৰ নিষেধ নীতি কোৱাণ্টাম বলবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ নীতি। এই নীতিমতে কোনো এটা কোৱাণ্টাম প্ৰণালীত দুটা বা তাতকৈ অধিক একে ফাৰ্মিয়ন একেটা কোৱাণ্টাম অৱস্থাত যুগপৎভাৱে থাকিব নোৱাৰে। ১৯২৫ চনত অষ্ট্ৰিয়ান পদাৰ্থ বিজ্ঞানী ৱুল্ফগাং পাউলিয়ে ইলেক্ট্ৰন ...

চুম্বক

চুম্বক হৈছে এবিধ পদাৰ্থ যি চুম্বকীয় ক্ষেত্ৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্টৰ বাবে দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য পদাৰ্থ যেনে লো, নিকেল,কবাল্ট ইত্যাদি আকৰ্ষণ আৰু অন্য চুম্বকক বিকৰ ...