ⓘ Free online encyclopedia. Did you know? page 104

জিন্দাবাদ

জিন্দাবাদ এটা উৰ্দু আৰু ফৰাচী শব্দ। ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱীতা কামনাৰ ক্ষেত্ৰত শ্লগান হিচাবে এই শব্দ ব্যৱহাৰ হয়। ইয়াৰ ব্যৱহাৰ মূলতঃ ৰাজনৈতিক। নামৰ পিছত জিন্দাবাদ ব্যৱহাৰ কৰি সেই নামৰ ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱন কামনা কৰা হয়।

চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম

আলাইহি-আছ-ছালাম হল এটা বাগধাৰা বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- তেখেতৰ ওপৰত শান্তি বৰ্ষিত হওক । যিটো ধাৰ্মিক মুছলিমসকলে Jesus/ঈছা, Moses/মুছা, Abraham/ইব্ৰাহিম সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়। আকৌ এ ...

প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি

প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি এটি শ্লগান যাক লুই ব্লেংকে পোণপ্ৰথমবাৰৰ বাবে ১৮৫১ত ব্যৱহাৰ কৰিছিল। পিচে এই শ্লগানৰ আগৰ ৰুপ এটা এটিয়েনে গেব্ৰিয়েল মৰেলিৰ দ্য কড অৱ নেচাৰত দৃশ্যমান হৈছিল। এই শ্লগানক কাৰ্ল মাৰ্ক্ ...

মই ভাবোঁ, গতিকে মই আছোঁ

মই ভাৱো, গতিকে মই আছোঁ এই বাক্য শাৰী প্ৰসিদ্ধ ফৰাচী দাৰ্শণিক, গণিতজ্ঞ আৰু বৈজ্ঞানিক ৰেনেইঁ দেইকাৰ্তেৰ দ্বাৰা উপস্থাপিত এক বিখ্যাত দাৰ্শণিক উক্তি। কালক্ৰমত এই উক্তি পশ্চিমীয়া দৰ্শণৰ এক মৌলিক উপাদান হিচাপে বিবেচিত হৈছিল, কিয়নো সকলো জ্ঞান "মই আছোঁ ...

সকলো দেশৰ শ্ৰমিক এক হওক!

ৰাজনৈতিক শ্লগান সকলো দেশৰ শ্ৰমিএক হওক! আতাইতকৈ জনপ্ৰিয় ৰাজনৈতিক শ্লগানসমূহৰ অন্যতম যাক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিডৰিখ এঙ্গেল্সৰ ১৮৪৮ চনৰ কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ পৰা গ্ৰহণ কৰা হৈছে। জাৰ্মান ভাষাৰ মূল "Proletarier aller Länder vereinigt Euch!"ৰ অৰ্ ...

উদ্বিগ্নতা

উদ্বিগ্নতা মনোজগতৰ অস্থিৰতাৰ জৰিয়তে দেখা দিয়া এক বিশেষ অপ্ৰীতিকৰ আৰু অনাকাংক্ষিত আৱেগিক প্ৰাৱস্থা। মানসিক উদ্বিগ্নতা সাধাৰণতেই স্নায়ৱিক বিৱশতাৰ আচৰণ, যেনে উচপিচনি, স্বেচ্ছাপ্ৰবৃত্ত বা ছমাটিক উদ্বেগ, আৰু অপ্ৰত্যাশিত পৰিস্থিতি বা ঘটনাৰ সম্পৰ্কে ...

একাকীত্ব

একাকীত্ব হৈছে ব্যক্তিবিশেষৰ অন্য ব্যক্তিৰ সৈতে সংযোগ বা সংস্পৰ্শৰ অভাৱৰ যোগেদি সৃষ্ট এক সঙ্গবিহীন, বা দূৰীভূত, বা পৃথকীকৃত অৱস্থা। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ধনাত্মক আৰু ঋণাত্মক উভয়ধৰণৰ প্ৰভাৱ থাকিব পাৰে। হস্ৰকালীন একাকীত্বক প্ৰায়েই ব্যক্ ...

প্ৰেম

প্ৰেম এক মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিএক অভিজ্ঞতা। বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশ হৈছে প্ৰেম। তথাপি প্ৰেমক বিভিন্ন দৃষ্টিকোণৰ পৰা ভাগ কৰা হয়। আৱেগধৰ্মী প্ৰেম সাধাৰণতে গভীৰ হয়, বিশেষ কাৰোবাৰ সৈতে নিজৰ সকলো মানবীয় অনুভূ ...

নমফবিয়া

নমফবিয়া হৈছে মবাইল ফোনৰ অবিহনে জীৱন কটাবলৈ ভয় কৰা বা অপাৰগ হোৱা পৰিস্থিতিক বুজাবলৈ ব্যৱহাৰ কৰা এটা ব্যংগাত্মক শব্দ। ইংৰাজী Nomophobia শব্দটো হৈছে "No-mobile-phone Phobia" ৰ সংক্ষিপ্ত ৰূপ। সাধাৰণতে সামাজিক মাধ্যমৰ প্ৰতি বা মবাইল ফোনৰ প্ৰতি আসক্ত ...

পূৰ্ণতাবাদ

পূৰ্ণতাবাদ, নিখুঁততা, বা পাৰমিতা হৈছে মানুহৰ ব্যক্তিত্বৰ এক বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য। কোনো ক্ষেত্ৰত ব্যক্তিবিশেষৰ নিজস্ব নিখুঁততা আৰু উৎকৰ্ষৰ প্ৰতি দৃঢ়-প্ৰয়াসৰ সংস্ৰৱৰ জৰিয়তে পূৰ্ণতাবাদ চিহ্নিত কৰা হয়। পূৰ্ণতাবাদৰ সৈতে সমালোচনাত্মক আত্ম-মূল্ ...

আত্মহত্যা

আত্মহত্যা হৈছে ইচ্ছাকৃতভাৱে কৰা এটা কাৰ্য যাৰ পৰিণাম হৈছে নিজৰেই মৃত্যু। প্ৰায়েই নিৰাশাৰ বাবে আত্মহত্যা কৰা দেখা যায়। যেতিয়া কোনোলোকে আত্মহত্যা কৰে, তেতিয়া জনগণ প্ৰক্ৰিয়াকে আত্মহত্যা কৰিছে বুলি প্ৰচাৰ কৰে। চিকিৎসক সকলে আত্মহত্যাৰ চেষ্টাক মান ...

আসক্তি

আসক্তি হৈছে কিছুমান বস্তুৰ ব্যৱহাৰ বা গ্ৰহণ কৰাৰ পাছত ৰক্ত আৰু মস্তিষ্কৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰাৰ ফলত সাময়িকভাৱে হোৱা মস্তিষ্কৰ ৰাসায়নিক দ্ৰব্যৰ পাৰিপাৰ্শিক অবস্থাৰ পৰিবৰ্তন। অনেকে এই তালিকাত মানসিক প্ৰবৃত্তি সৃষ্টিকাৰী আৰু অনেক ধ্ৰুৱক অন্তৰ্ভ ...

য়ুৰি গেগেৰিন

য়ুৰি এলেক্সিয়েভিচ গেগেৰিন এগৰাকী ছভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী। এখেত মহাকাশলৈ যোৱা প্ৰথম মানৱ। ভস্তক-১ মহাকাশযানত গেগেৰিনে ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি হিচাপে ...

লাইকা

লাইকা এটি ৰুছ কুকুৰ তথা পৃথিৱীৰ প্ৰথম মহাকাশচাৰী। ই পৃথিৱীৰ প্ৰথম জীৱ হিচাপে পৃথিৱীৰ কক্ষপথ পৰিভ্ৰমণৰ সৌভাগ্য অৰ্জন কৰিছিল। ১৯৫৭ চনৰ ৩ নৱেম্বৰত উৎক্ষেপণ কৰা ছোভিয়েট মহাকাশযান স্পুটনিক ২ ত উঠি লাইকায়ে মহাকাশ ভ্ৰমণ কৰিছিল। লাইকাৰ লগে লগে আন দুটা ...

অণুবীক্ষণ যন্ত্ৰ

অণুবীক্ষণ যন্ত্ৰ জীৱবিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ। অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ হোৱাৰ পিছতহে জীৱদেহ সৃষ্টিকাৰী কোষবোৰৰ বিষয়ে জানিব পৰা গৈছে। অণুবীক্ষণ যন্ত্ৰসমূহত ব্যৱহাৰ কৰা পোহৰৰ উৎসৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগাব পাৰি: আল ...

আৰানমুলা কান্নাড়ি

আৰানমুলা কান্নাড়ি হল এক প্ৰকাৰৰ হস্তজাত ধাতৱ দাপোন। এই দাপোন কেৱল ভাৰতৰ কেৰালা ৰাজ্যৰ আৰানমুলা গাৱত তৈয়াৰ কৰা হয়।

ইস্ত্ৰি

ইস্ত্ৰি এবিধ তলিখন চেপেটা ওপৰত হাতল থকা সঁজুলী। এই সজুলীবিধ গৰম কৰি ইয়াৰে পোছাকৰ ভাঁজ নোহোৱা কৰিব পাৰি। সাধাৰণতে লো-ৰে সজা হয় বাবেই লোৰ ইংৰাজী নাম iron-ৰ পৰাই ইয়াকো ইংৰাজীত আইৰণ বুলি কোৱা হয়। গৰম কৰাৰ সময়ত কাপোৰৰ আঁহৰ অণুৰ দীঘলীয়া শৃংখলৰ মা ...

খুন্দনা

খুন্দনা তামোল খুন্দি খাবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি। এই সঁজুলিবিধ অসমত বিশেষভাৱে প্ৰচলিত। বৃদ্ধ বা বয়সস্থ লোকসকলে তামোল-পাণ খুন্দি খাবলৈ এইবিধ সঁজুলিৰ ব্যৱহাৰ কৰে।

দাঁতোন

দাঁতোন আধুনিক টুথব্ৰাছৰ উদ্ভাৱক হল ইংলেণ্ডৰ ক্লাৰ্কনেল্ডৰ উইলিয়াম আড্ডিছ । ১৭৮০ চনত তেওঁ গৰুৰ নেজৰ চুলি কাটি টুথব্ৰাছ তৈয়াৰ কৰিছিল। ব্ৰাছৰ নালবোৰো আছিল গৰুৰ তপিনাৰ হাড়ৰ। ১৪৯৮ চনত চীনদেশত প্ৰথম গাহৰিৰ ঠৰঙা নোম ব্যৱহাৰ কৰি টুথব্ৰাছ তৈয়াৰ কৰা হৈ ...

বসন্ত ঋতু

বসন্ত ঋতু ছয় ঋতুৰ শেষ ঋতু। ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চত আৰু বহাগ মাহৰ প্ৰায় শেষলৈকে বসন্ত কাল অনুভূত হয়। গ্ৰীষ্ম মণ্ডলটো সূৰ্যৰ সমুখলৈ ঢাল খোৱা বাবে গ্ৰীষ্মমণ্ডলৰ ঠাই সমূহত এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতল ...

শৰৎ ঋতু

শৰৎ ঋতু ছয় ঋতুৰ তৃতীয় ঋতু। ভাদ মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ আহিন আৰু কাতি মাহৰ প্ৰায় শেষলৈকে শৰৎ ঋতু অনুভূত হয়। ইংৰাজীত এই ঋতুক Autumn বা Fall বোলে। উত্তৰ গোলাৰ্ধত ছেপ্টেম্বৰ মাহ আৰু দক্ষিণ গোলাৰ্ধত মাৰ্চ মাহৰ পৰা গ্ৰীষ্ম আৰু শীত কালৰ ...

ইছলামিক বৰ্ষপঞ্জী

ইছলামিক বৰ্ষপঞ্জী বা মুছলিম বৰ্ষপঞ্জী বা হিজৰী বৰ্ষপঞ্জী এটি চন্দ্ৰ নিৰ্ভৰশীল বৰ্ষপঞ্জী। পৃথিৱীৰ বিভিন্ন মুছলিম দেশ আৰু ইছলাম ধৰ্মৰ মানুহে এই বৰ্ষপঞ্জী অনুসৰণ কৰে। চন্দ্ৰ কলাৰ ওপৰত ভিত্তি কৰে ইয়াৰ দিন-বাৰ আদি নিৰ্ধাৰিত হয়। গোটেই বিশ্বজুৰি পালন ...

গ্ৰেগৰিয়ান বৰ্ষপঞ্জী

গ্ৰেগৰিয়ান বৰ্ষপঞ্জী, প্ৰাশ্চাত্য বৰ্ষপঞ্জী, ইংৰাজী বৰ্ষপঞ্জি বা খ্ৰীষ্টাব্দ হ’ল আন্তৰ্জাতিকভাৱে প্ৰায় সৰ্বত্ৰ স্বীকৃত বৰ্ষপঞ্জী। ১৫৮২ চনৰ ২৪ ফেব্ৰুৱাৰীত পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ এক আদেশ অনুসাৰে এই বৰ্ষপঞ্জীৰ প্ৰচলন ঘটে। সেই বছৰ কিছু মুষ্টিমেয় ৰো ...

বিক্ৰম সংবৎ

বিক্ৰম সংবৎ বা বিক্ৰমী ভাৰতীয় উপমহাদেশত প্ৰচলিত হিন্দু দিনপঞ্জী। ই নেপালৰ চৰকাৰী দিনপঞ্জী। ভাৰতৰ কেইবাখনো ৰাজ্যত বিক্ৰম সংবৎক সাংস্কৃতিক আৰু আধিকাৰীক দিনপঞ্জীৰ মৰ্যাদা দিয়া হয়। ইযাৰ বৰ্ষগণনা সৌৰ নাক্ষত্ৰ বৰ্ষৰ ভিত্তিত কৰা হয়। খ্ৰীষ্টপূৰ্ব ৫৭ ...

ভাস্কৰাব্দ

ভাস্কৰাব্দ ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত এক প্ৰকাৰৰ সৌৰ বৰ্ষপঞ্জী। শকাব্দ, বিক্ৰম সংবৎ আদিৰ লগত মিল থাকিলেও ভাৰতৰ বাঙালী সম্প্ৰদায়ৰ মাজত প্ৰচলিত আৰু বাংলাদেশৰ জাতীয় বৰ্ষপঞ্জী বংগাব্দৰ লগত ভাস্কৰাব্দৰ বিশেষ সাদৃশ্য আছে। প্ৰাচীন কামৰূপৰ বৰ্মণ ৰাজবংশৰ ...

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়াঞ্চল

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়ক আইন অনুসৰি নটা সময় অঞ্চলত ভাগ কৰা হৈছে। দেশখনৰ বেছিভাগ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। এই সময় অঞ্চলসমূহৰ সীমা আৰু দিবালোক সংৰক্ষণ সময়ৰ নীতি-নিয়ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ আধিনত পৰিচালিত হয়।

গ্ৰীনউইছ মান সময়+০৫: ৩০

গ্ৰীনউইছ মান সময়+০৫:৩০ চমুকৈ গ্ৰী.মা.স.+৫.৩০ ইংৰাজী: UTC+05:30 গ্ৰীনউইছ মান সময় নিৰূপনৰ এক পৰিচয়ক। এই সময় ভাৰত আৰু শ্ৰী লংকাত ব্যৱহৃত হয়। এই সময় গ্ৰীনউইছ মান সময়তকৈ ৫.৩০ ঘণ্টা আগত. কুনলুম সময় ক্ষেত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।

চীন মান সময়

চীন মান সময় অথবা বেইজিং সময় হৈছে গণপ্ৰজাতন্ত্ৰী চীনৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিছৰ সৈতে ইয়াৰ সময় পাৰ্থক্য ইউটিসি+৮। পূৰ্ব এছিয়াৰ মালয়েছেয়া আৰু ফিলিপাইন সহ অন্যান্য অঞ্চলত একেই অফসেট সময় বিভিন্ন নামত ব্যৱহৃত হয় যেনে শাংগিওয়ান মান সময ...

ভাৰতীয় মান সময়

ভাৰতীয় মান সময় IST হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০। ভাৰতে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ নকৰে। ১৯৬২ আৰু ১৯৬৫ চনত যুদ্ধৰ সময়ত অৱশ্যে কিছু সময়ৰ বাবে দিবালোক সংৰক্ষণ সময়‎‎ ব্যৱহাৰ ...

ছেকেণ্ড

ছেকেণ্ড হৈছে আন্তৰ্জাতিক একক পদ্ধতিত সময়ৰ একক। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ সময় । ছেকেণ্ডক যান ...

কৃষি

কৃষি হল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱ-জন্তু, পক্ষী, উদ্ভিদ তথা অন্যান্য জীৱ ভিত্তিক খাদ্য নাইবা পণ্যৰ উৎপাদন প্ৰণালী। ইয়াক খেতি বুলিও কোৱা হয়। কৃষি আদিম মানৱ সভ্যতাৰ বিকাশৰ এক চালিকা শক্তি। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন বন্য জীৱ প্ৰজাতি ...

জলসিঞ্চন

জলসিঞ্চন হৈছে কৃষি উৎপাদনৰ বাবে কৃত্ৰিমভাবে মাটিত পানী দিয়াৰ ব্যবস্থা। স্বল্প বৃষ্টি আৰু অনাবৃষ্টিৰ সময়ত পানীৰ অভাৱত কৃষি উৎপাদন যাতে বাধাগ্ৰস্থ নহয় তাৰবাবে উদ্ভিদৰ বৃদ্ধি নিশ্চিত কৰিবলৈ কৃত্ৰিমভাবে মাটিত এই পানী সৰবৰাহ কৰা হয়। এই পানী নদী, প ...

আত্মা

বহুতো ধৰ্মীয়, দাৰ্শনিক আৰু পৌৰাণিক পৰম্পৰামতে আত্মা হৈছে জীৱৰ অন্তৰ্নিহিত এক অশৰীৰ সত্তা আত্মাই জীৱৰ মানসিক ক্ষমতা যেনে: কাৰণ, চৰিত্ৰ, অনুভূতি, চেতনা, স্মৃতি, উপলব্ধি, চিন্তাভাবনা ইত্যাদিক প্ৰতিনিধিত্ব কৰে। দাৰ্শনিক ব্যবস্থাৰ ওপৰত নিৰ্ভৰ কৰি আত্ ...

তৰ্ক (তৰ্কশাস্ত্ৰ)

তৰ্কশাস্ত্ৰ আৰু দৰ্শণত তৰ্ক ৰ প্ৰয়োগৰ দ্বাৰা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমাণিত বুলি যুক্তি সহকাৰে গ্ৰহণ কৰোৱাই কিহবাৰ ওপৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি। প্ৰচলিত ভাষাৰে কোনো দাবী বা সিদ্ধান্তৰ সপক্ষে বা বিপক্ষে তৰ্ ...

তৰ্কশাস্ত্ৰ

তৰ্কশাস্ত্ৰ স্থানভেদে যুক্তিসূত্ৰ বা যুক্তিবিদ্যা বা যুক্তিতত্ত্ব হৈছে যুক্তিৰ মান্য প্ৰয়োগ আৰু সম্পৰ্কীয় বিদ্যা। দৰ্শন,গণিত আৰু কম্পিউটাৰ বিজ্ঞানত ইয়াৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয়, চীন, পাৰস্য,ৰোমান আৰু গ্ৰীক আদি বহু সভ্যতাত ...

দৰ্শন

দৰ্শন জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা। ফিল’ছফী শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিলে গ্ৰীক চিন্তাবিদ আৰু গণিতজ্ঞ পাইথাগাৰাছে। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ত শব্দটো প্ৰথম ব্যৱহৃত হয়। পাইথেগাৰাছে প্ৰথম ফিল’ছফী শব্দটো ব্যৱহাৰ কৰে love of wisdom অৰ্থাত্‍ প্ৰ ...

প্ৰেমৰ ত্ৰিকোণীয় সূত্ৰ

প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ টো ৰ’বাৰ্ট জেফ্ৰ’ ষ্টাৰ্ণবাৰ্গ নামৰ মাৰ্কিন মনস্তত্ববিদজনে আগবঢ়োৱা প্ৰেমৰ সূত্ৰ৷ ষ্টাৰ্ণবাৰ্গৰ প্ৰেমৰ ত্ৰিকোণীয়া সূত্ৰ অনুসৰি ব্যক্তিগত প্ৰেমৰ বাবে প্ৰয়োজনীয় উপাদান তিনিটা হৈছে অন্তৰংগতা, শাৰীৰিক আকৰ্ষণ আৰু অংগীকাৰ। অ ...

বিৰোধাভাস

বিৰোধাভাস, কূট বা পেৰাডক্স হৈছে সূত্ৰৰ অন্তৰ্বিৰোধ, মিমাংসাহীন দ্বন্দ্বভাব বা বিৰোধভাস, যিটোক সাধাৰণতে অসম্ভৱ দেখা যায় কিন্তু আচলতে সঁচা।

বেদান্ত

বেদান্ত দৰ্শন: বেদান্ত শব্দৰ অৰ্থ হৈছে বেদৰ অন্ত। উপনিষদ হৈছে বেদৰ শেষ ভাগ গতিকে উপনিষদক বেদান্ত বোলা হয়। বেদান্ত ৰ আন এটা নাম হৈছে "উত্তৰ মীমাংসা"।বেদান্তৰ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ ...

ভাৰতীয় দৰ্শন

ভাৰতীয় দৰ্শনৰ মূল বেদ। সংস্কৃতত দৰ্শনৰ নিষ্পন্ন ৰূপ হল" দৃশ্" ধাতু আৰু ল্যুট্ প্ৰত্যয়। অতীজৰেপৰাই ভাৰতত বিভিন্ন দাৰ্শনিক পৰম্পৰা বিদ্যমান। কেইখনেই আছিল.দৰ্শন সম্বন্ধে লিখিত পৃথিৱীৰ আটাইতকৈ পুৰণি পুথি। পাণিনী অষ্টাধ্যায়ীৰ ‘দৃশিৰ্ প্ৰেক্ষণে ’ অৰ ...

মন

মন হৈছে দৰ্শনশাস্ত্ৰৰ এক অন্যতম কেন্দ্ৰীয় ধাৰণা। মন বুলিলে সাধাৰণভাবে, বুদ্ধি আৰু বিবেকবোধৰ এক সমষ্টিগত ৰূপ যি চিন্তা, অনুভূতি, আবেগ, ইচ্ছা আৰু কল্পনাৰ মাধ্যমেৰে প্ৰকাশিত হয় তাকে বুজায়। মন কি আৰু ই কেনেকৈ কাম কৰে সেই সম্পৰ্কে অনেক ধৰণৰ তত্ত্ব ...

মিছলীয়া কূট

মিছলীয়া কূট হৈছে বিৰোধাভাস বা কূটৰ দৰে ইয়ো এক কূটেই। মিছলীয়া কূটৰ উদ্ভৱ হয় উক্তিটোৱে ইংগিত কৰা উক্তিৰ বাবে।" মই মিছা বুলি কোৱা কথাষাৰ মিছা”- যদি এই কথাষাৰ সঁচা, তেনেহ’লে মই কোৱা কথাষাৰ সঁচা। অৰ্থাৎ মই মিছা কৈছোঁ। আনহাতে, মই কোৱা কথাষাৰ যদি মি ...

য়িন আৰু য়াং

চীনা দৰ্শনত য়িন আৰু য়াং -এ এই কথাক বুজাই যে দেখাত বিপৰীত শক্তিসমূহো আচলতে ইটো আনটোৰ পৰিপূৰক, সম্বন্ধিত আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হব পাৰে। চীনা সৃষ্টিতত্ত্বত ব্ৰহ্মাণ্ডই নিজক পদাৰ্থগত ঊৰ্জাৰ প্ৰাথমিক বিশৃংখলতাৰপৰা সৃষ্টি কৰে, য়িন আৰু য ...

যুক্তি

প্ৰশ্ন-প্ৰমেয়,সত্যাসত্য, ঘটনা-পৰিঘটনা-বিশ্বাস, নিয়মাচাৰৰ বিচাৰকে আদি কৰি যিকোনো কিবাৰ সজ্ঞান স্থিতিপ্ৰতিষ্ঠা, কাৰণ-বিচাৰ,সমিধান অথবা ভেদ-ভঙ্গৰ ক্ষমতা বা সেইমৰ্মে উপস্থাপিত নতুন ও অৱধাৰিত তথ্যোক্তিকে যুক্তি বোলা হয়। মানৱীয় প্ৰজ্ঞাচৰণৰ উদাহৰণ ব ...

যোগ দৰ্শন

যোগ দৰ্শন ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম। প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সাহিত্যত ই প্ৰায় কেৱল যোগ শব্দৰে অভিহিত। যোগ দৰ্শন সাংখ্য দৰ্শনৰ সৈতে সম্বন্ধিত। যোগ দৰ্শনৰ নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নতিৰ দিশে নিয়াৰ অধ্যয়নে আন সকল ...

যোগাসন

যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে। ইয়াৰ ভিতৰত ...

সাংখ্য দৰ্শন

সাংখ্য দৰ্শন হিন্দু দৰ্শনৰ ৬ আস্তিক ধাৰাৰ অন্যতম। ই যোগ ধাৰাৰ নিকটৱৰ্তী আৰু আন হিন্দু দাৰ্শনিক ধাৰাতো প্ৰভাৱ বিস্তাৰ কৰিছে। সাংখ্য দৰ্শনত জ্ঞানতত্ত্বগতভাৱে ৬ প্ৰমাণক মান্যতা প্ৰদান কৰা হয়। এই ৬ প্ৰমাণ অবিহনে কোনো বাক্যকে সত্য গণ্য কৰা নহয়। এই ৬ ...

স্বইচ্ছা

স্বইচ্ছা হল বিভিন্ন সম্ভাব্য ঘটনাৰ মাজৰ পৰা অবাধে কোনো বাহিৰা প্ৰভাৱ নোহোৱাকৈ যিকোনো এটিক নিৰ্বাচন কৰিব পৰা ক্ষমতা। ইয়াক স্বাধীন ইচ্ছা, নিজ ইচ্ছা, মুক্ত চিত্ত, স্বাধীন চিত, স্বাধীন মন, আপোন খুচি অথবা মুক্ত কৰ্মও বুলিব পাৰি। স্বইচ্ছাৰ ধাৰণাটো নৈত ...

নাৰীবাদ

নাৰীবাদ বিংশ শতাব্দীত উদ্ভূত এটি দৰ্শন যি সভ্যতাৰ মানুহ হিচাপে পুৰুষৰ তুলনাত সকলো ক্ষেত্ৰতে নাৰীৰ সমতা আৰু স্বাধীনতাত বিশ্বাস কৰে। নাৰীবাদ সমাজত নাৰীৰ সমতা অৰ্জন, বিশেষকৈ পুৰুষৰ সমান অধিকাৰ আদায়ৰ যৌক্তিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাৰীবাদে দাবী ক ...

কাৰ্বন ডাই অক্সাইড

কাৰ্বন ডাই অক্সাইড হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় ০.০৩৫ শতাংশ আগুৰি থকা এবিধ আম্লিক গেছ। এটা কাৰ্বন পৰমাণু আৰু দুটা অক্সিজেন পৰমাণু লগ হৈ এই গেছ গঠন হয়। এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন। এই গেছৰ মাধ্যমেৰে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ এক জৈৱিক সম্প ...