ⓘ Free online encyclopedia. Did you know? page 120

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ব্ৰিটিছৰ ৰাজত্ব কালত ১৮৪০ চনত উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এইখনে উজনি অসমৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়। ১৮৯৭ আৰু ১৯৫০ চনৰ অসমৰ ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰা বাবে বিদ্যালয়খন স্ ...

ডিব্ৰুগড় পলিটেকনিক

ডিব্ৰুগড় পলিটেকনিক অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত এখনি প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৬৫ চনত এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। এইখন প্ৰতিষ্ঠান ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসমৰ অন্তৰ্ভুক্ত। ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ অসম প ...

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয় অসমৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত এখনি বাণিজ্য মহাবিদ্যালয়। ১৯৬০ চনত স্থাপিত হোৱা এইখন মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয়। মহাবিদ্যালয়খনে বাণিজ্য বিভাগৰ ...

বৈৰাগীমঠ

বৈৰাগীমঠ ডিব্ৰুগড় চহৰৰ উপকণ্ঠত অৱস্থিত। এক সুন্দৰ আৱাসিক এলেকা হোৱাৰ ওপৰিও ইয়াত বহুতো দোকান-পোহাৰ, বজাৰ, শিক্ষানুষ্ঠান, কাৰ্য্যালয়, হোটেল -ৰেষ্টুৰেন্ট, হোষ্টেল আৰু ধৰ্মানুষ্ঠান আছে। শিক্ষা আৰু সংস্কৃতিৰ থলী হিচাপে বৈৰাগীমঠ ডিব্ৰুগড়ৰ ভিতৰতে অন ...

শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়

শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্টেম্বৰত গৃহীত কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ ৰ অধীনত স্থ ...

মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। দৰং জিলাৰ এই আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠানখনিৰ লাইখুটা স্থাপিত হৈছিল ১৯০৩ চনৰ আগষ্ট মাহৰ কোনো এক শনিবাৰে। শতবৰ্ষ গৰকি যোৱা অসমৰ এইখন অন্যতম পুৰণি চৰকাৰী বিদ্যালয়ৰ গৌৰৱোজ্বল ইত ...

জখলাবন্ধা

১৪৮০ শক ইং ১৫৬৫ চনত স্বৰ্গদেউ চুখামফা বা খোৰা ৰজাৰ ৰাজত্ব কালত বৰ্তমান জখলাবন্ধা সত্ৰ নামে যিখনি সত্ৰ স্থাপন কৰা হৈছিল সেই সত্ৰৰে অধিকাৰ শ্ৰীশ্ৰীকৃষ্ণানন্দ গোস্বামীৰ এটি ১৫/১৬ বছৰীয়া আলধৰা লৰাই কলঙৰ পৰা পানী আনিবলৈ গৈ মৃত্যুমুখত পৰে । এই কথা ৰজা ...

পুৰণিগুদাম

নগাঁও জিলাৰ প্ৰধান চহৰখনৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগত পুৰণিগুদাম অঞ্চলটো অৱস্থিত। কেইবাখনো জনবসতিপূৰ্ণ গাঁৱেৰে পৰিৱেষ্টিত পুৰণিগুদাম অঞ্চলটো নগাঁও জিলাৰ বাণিজ্যিক আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰসমূহৰ ভিতৰত অন্যতম। অসমৰ জাতীয় জীৱনৰ কেইবাগৰাকী প্ৰাত ...

ভঁৰালী নামঘৰ

ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ ভৰালী গাঁৱত অৱস্থিত। হাটবৰৰ পৰা ২ কিলোমিটাৰ নিলগত আছে ভৰালী গাওঁ। নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ, অসম ইতিহাসৰ উল্লেখযোগ্য স্থান ভৰালী গাওঁ। গাওঁ খনৰ অধিকাংশ মানুহেই কৃষিজীবি আৰু একশৰণীয় ...

মাধৱ থান

শ্ৰী শ্ৰী মাধৱ থান অসমৰ এখন ধৰ্মস্থান। ই নগাওঁ জিলাৰ কামপুৰ নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে মাধৱপাৰা পাহাৰৰ ওচৰত লাংপি, চীনা বা বৰাপানী নদীৰ পাৰত অৱস্থিত। কিংবদন্তিমতে এই স্থানত শ্ৰীকৃষ্ণ আৰু অৰ্জুনে এবাৰ জিৰণি লৈছিল। এই থান প্ৰকৃততে চাৰিখন থান ...

মাণিকপুৰ

মাণিকপুৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ এখন সৰু চহৰ আৰু গাওঁ পঞ্চায়ত ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক চুই গৈছে ৷ ই বঙাইগাওঁ চহৰৰ পৰা ২৪.৭ কিলমিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ১৫৫ কিলমিটাৰ আতৰত অৱস্থিত। ঐতিহাসিক মানাহ নদী মাণিকপুৰৰ কাষেৰে বৈ গৈছে ৷

ভট্টদেৱ বিশ্ববিদ্যালয়

ভট্টদেৱ বিশ্ববিদ্যালয় অসমৰ বজালী জিলাৰ পাঠশালাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ ৰ অধীনত স্থাপন কৰিছে। বৰপেটাৰ পাঠশালাত অৱস্থিত বজালী মহাবিদ ...

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰপেটাৰ মৰানদীৰ পাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী আৰু পেচকাৰ কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত এই বিদ্যালয় স্থাপন হয়। বিদ্যালয়খনত পঞ্চম শ্ৰেণীৰ পৰা দ্বা ...

আজলি আই (বা-ভগা) থান সত্ৰ

আজলি আই থান থান সত্ৰ মাজুলী জিলাৰ মধ্যভাগৰ বৃহত্তৰ শেনচোৱা অঞ্চলত অৱস্থিত মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ এক পৱিত্ৰ তীৰ্থস্থান। আনুমানিক প্ৰায় আশীৰ দশকৰ পৰাই অসমীয়া মাঘ মাহৰ প্ৰথমটো দেওবাৰে এই বৃহত্তৰ শেনচোৱা অঞ্চলৰ মায়ামৰা ভকত বৈষ্ণৱসকলে একগোট হ ...

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় অসমৰ মাজুলীত অৱস্থিত সংস্কৃতিৰ শিক্ষা আৰু গৱেষণাৰ বাবে স্থাপিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ -ৰ অধীনত স্থা ...

শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাঁও

শংকৰদেৱ শিশু বিদ্যা নিকেতন,ভূৰাগাঁও হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়। 2004 চনৰ জানুবাৰী মাহৰ 31 তাৰিখে বৃহত্তৰ ভূৰাগাঁও অঞ্চলৰ কেইগৰাকীমান ...

কাজিৰঙা বিশ্ববিদ্যালয়

অসম কাজিৰঙা বিশ্ববিদ্যালয় ২০১২ চনত অসম কাজিৰঙা বিশ্ববিদ্যালয় বিধি, ২০১২ অনুসৰি অসমৰ যোৰহাটত স্থাপিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ ৰ মতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।

জালুকনিবাৰী

জালুকনিবাৰী অঞ্চল যোৰহাট জিলাৰ দক্ষিণে প্ৰায় ১৪ কিঃমিঃ দূৰৈত ঐতিহাসিক ন-আলিৰ কাষত অৱস্থিত। গোহাঁই, বাঢ়ৈবাৰী, কুকুৰাচোৱা, কুন্দাৰ, আৱঁৰীয়া, গজপুৰীয়া, বালিজান, ন-চুঙী আৰু ঠেঙ্গাল গাঁও সমূহক জালুকনিবাৰী অঞ্চল গণ্য কৰা হয়। ১৯৪২ চনত অসম ভিত্তিত আ ...

নকছাৰি

নকছাৰি যোৰহাট জিলাৰ দক্ষিণ-পূব প্ৰান্তত নগাপাহাৰৰ পাদদেশত অৱস্থিত এক অঞ্চল ৷ গ্ৰাম্যপ্ৰধান এই ঠাইখন তিতাবৰ মহকুমাৰ অন্তৰ্গত। ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ এই অঞ্চলটো মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্ভুক্ত আৰু ইয়াত ডেব ...

নিমাতী ঘাট

নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত নদী ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।

ভেলেউগুৰি ৰতনপুৰ

ইতিহাসৰ পাতত এই গাঁওখনৰ বিশেষ অৱদান নাই ৷ ষাঠী দশকৰ শেষৰফালে মাজুলীৰ পৰা কেইখনমান গাঁও চৰকাৰে ইয়াত আনি সংস্থাপন কৰিছিল৷ তাৰে এখন গাঁও হৈছে ভেলেউগুৰি ৰতনপুৰ ৷ ইয়াৰ পূৰ্বে এই ঠাইখিনি বৰ্তমানৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ তেতিয়াৰ হোলোঙাপাৰ সংৰক্ষিত ...

ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খন লখিমপুৰ জিলাৰ ঘিলামৰাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮২ চনত স্থাপিত এই বিদ্যালয়খনৰ ভৱনটো ৭৬৫০ বৰ্গ মি: কালিৰ অসম আৰ্হিৰ ঘৰেৰে নিৰ্মিত হৈছে। প্ৰথমতে এইখন মাধ্যমিক বিদ্যালয় হিচাপে আছিল আৰু ১৯৭৯ ...

ডিজু চাহ বাগিচা

ডিজু চাহ বাগিচা লখিমপুৰ জিলাৰ অন্তৰ্গত ডিজুত অৱস্থিত এখন চাহ বাগিচা। এই বাগিচাখন উত্তৰ লখিমপুৰ চহৰৰপৰা উত্তৰ-পশ্চিম দিশত, প্ৰায় বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই অঞ্চলটো অসম-অৰুণাচল সীমান্তত অৱস্থিত। ডিজুৰ পূৱ সীমাৰে ৰঙা ...

চাৰিদুৱাৰ

চাৰিদুৱাৰ শোণিতপুৰ জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত এটি অঞ্চল। জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা চাৰিদুৱাৰ অঞ্চলৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিদুৱাৰৰ পূৱে জীয়া ভৰলী নদী, পশ্চিমে গাভৰু নদী, দক্ষিণে বালিপৰা আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং। ভিন্ন জ ...

বালিপৰা

বালিপৰা অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি অঞ্চল। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ঠিক সোঁমাজতে বালিপৰা অঞ্চলটোৰ অৱস্থিতি। জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা বালিপৰাৰ দূৰত্ব ২৩ কিলোমিটাৰ। পূবে বিশ্বনাথ চাৰিআলি, গহপুৰ, লখিমপুৰ পশ্চ ...

কুইয়াৰ প্ৰাইড গুৱাহাটী

কুইয়াৰ প্ৰাইড গুৱাহাটী বা গুৱাহাটী গৌৰৱযাত্ৰা অসমৰ গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল। এই প্ৰা ...

গুৱাহাটী উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয় অসমৰ সৰ্বোচ্চ ন্যায়ালয়। "ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫" বলবৎ‍ হোৱাৰ পিছত ১৯৪৮ চনৰ ১ মাৰ্চত ইয়াক প্ৰতিষ্ঠা কৰা হয়। পূৰ্বে ইয়াক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল। ১৯৭১ চনত "উত্তৰ পূব এলেকা অধিনিয়ম, ১৯৭১" ...

জালুকবাৰী

জালুকবাৰী হৈছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এলেকা। ই অসমৰ শিক্ষা জগতৰ অন্যতম কেন্দ্ৰস্থল যত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত।

পাঞ্জাবাৰী

পাঞ্জাবাৰী গুৱাহাটী মহানগৰৰ এক কাৰ্যালয় আৰু আবাসিক এলেকা। ই দিশপুৰ সমষ্টিৰ ৫২ নং ৱাৰ্ডৰ অন্তৰ্ভূক্ত। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ই মহানগৰখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল। ইয়াত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু উন্নত মানদণ্ডৰ আবাসিক আন্তঃগাথঁনিৰ দ ...

ফাঁচি বজাৰ

ফাঁচি বজাৰ হৈছে গুৱাহাটীৰ এক অঞ্চল। ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক ৰাজধানীও বোলা হয়। উত্তৰ-পূবৰ অৰ্থনীতিত এই বজাৰৰ এক নিৰ্ণায়ক প্ৰভাৱ আছে। ইয়াত দৈনিক প্ৰায় এক লক্ষাধিক লোকৰ সমাগম হয়। ইয়াৰ পাইকাৰী ব্যৱসায়ীসকলে সৰু-বৰ বজাৰসমূহ নিয়ন্ত্ৰণ ...

জিলা সংগ্ৰহালয়, তেজপুৰ

তেজপুৰ জিলা সংগ্ৰহালয় হৈছে তেজপুৰ চহৰৰ কেন্দ্ৰস্থলত অৱস্থিত অসমৰ ১২টা সংগ্ৰহালয়ৰ এটা। ১৯৮৬ চনৰ ১৬ মাৰ্চ মাহত এই সংগ্ৰহালয়টো অসমৰ গুৱাহাটীস্থিত সংগ্ৰহালয় পৰিৱেশকৰ অধীনত স্থাপন কৰা হৈছিল।

জ্যোতি ভাৰতী

জ্যোতি ভাৰতী বা পকী হল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই পকী বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী ...

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ১৮৬৮ চনত। সেই সময়ত বিদ্যালয়খনি" তেজপুৰ গভট হাইস্কুল” নামেৰে পৰিচিত আছিল। কিন্তু ইতিহাসৰ পাত লুটিয়াই চালে এই বিদ্যালয়খন ইয়াৰ আৰু আগেয়ে স্থাপিত কৰা হৈছিল বুলি জানিব পাৰি। ১৮২৬ চনতে ব্ৰিটিছ ...

তেজপুৰ বিশ্ববিদ্যালয়

১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে বিনোদ কুমাৰ জৈনক নিযুক্তি দিয়া হৈছে। গৱেষণাৰ ...

বাণ ৰঙ্গমঞ্চ

অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ বাণ ৰঙ্গমঞ্চ । এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈ ...

অসম কৃষি বিশ্ববিদ্যালয়

অসম কৃষি বিশ্ববিদ্যালয় অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে। প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চি ...

চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়

চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। প ...

দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়

দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৫৫ চনত স্থাপিত এই মহাবিদ্যালয়খন উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়। ২০১১ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমু ...

যোৰহাট জিমখানা ক্লাব

যোৰহাট জিমখানা ক্লাব হৈছে যোৰহাট জিলাত অৱস্থিত এটা ক্লাব। ১৮৭৬ চনত চেকনীধৰা গাঁৱত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হৈছিল। স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে। ইয়াত থকা নাইন হল গল্ফ কৰ্ছ এছিয়াৰ আটাইতকৈ পুৰণি গল্ফ কৰ্ছ আৰু ...

যোৰহাট মহাবিদ্যালয় (একত্ৰিত)

যোৰহাট মহাবিদ্যালয়) যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেৱল কলা শাখাৰ এখন স্নাতক মহাবিদ্যালয়। ইয়াত ছাত্ৰ-ছাত্ৰী উভয়ৰে পঢ়াৰ সুবিধা আছে। ১৯৬২ চনতে স্থাপিত যোৰহাট মহাবিদ্যালয় আৰু নতুন যোৰহাট মহাবিদ্যালয় নামৰ দুখন মহাবিদ্যালয়ে ১৯৭০ চনত একত্ৰীকৰণৰ ...

কলি আই থান

শ্ৰী শ্ৰী কলি আই থান ডিব্ৰুগড় জিলাৰ ৰাজভেটা পঞ্চায়তৰ অন্তৰ্গত চেঙামাৰী হাবি গাঁৱত অৱস্থিত এখন ঐতিহাসিক থান। এই থান ডিবৰু সত্ৰৰ সত্ৰাধিকাৰৰ দুহিতা কলি আইৰ প্ৰতি উছৰ্গিত। দিহিং সত্ৰৰ কোনো পুৰুষ উত্তৰাধিকাৰী নথকাত কলি আইয়ে ইয়াৰ দায়িত্বভাৰ গ্ৰহণ ...

পদুমণি থান

পদুমণি থান লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত। ই এটা হিন্দু ধৰ্মৰ মন্দিৰ। ইয়াক ১৯৫২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়ালৈ প্ৰতিদিনে বহু লোকৰ আগমণ হয়।

বুঢ়া গোঁসাই দেৱালয়

বুঢ়া গোঁসাই দেৱালয় তেজপুৰৰ ন-দুৱাৰ অঞ্চলৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত অৱস্থিত এটা মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তত্ত্বাৱধানত নিৰ্মিত। পিছত ১৬৮৭ খ্ৰীষ্টাব্দত শিৱ সিংহই এই দেৱালয়খন পুনৰ নিৰ্মাণ কৰোৱায়। নন্দিকেশ্বৰ গাঁও জা ...

ৰামখাপীঠ দেওশাল

ৰামখাপীঠ দেৱালয় বা দেওশাল শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়াস্থিত এখন প্ৰাচীন ক্ষেত্ৰ৷ জনশ্ৰুতি মতে কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড-খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১ টা খণ্ড ভাৰতৰ ৫১ খন ঠাইত পৰি যিসমূহ শক্তিপীঠৰ সৃষ্টি হৈছিল তাৰে ...

আউনীআটী সত্ৰ

আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত এইখন সত্ৰ নিৰ্মাণ কৰায়। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হ ...

গড়মূৰ সত্ৰ

গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখ ...

ঢেকীয়াখোৱা বৰ নামঘৰ

ঢেকীয়াখোৱা বৰ নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি ১ ...

দক্ষিণপাট সত্ৰ

দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেওখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ। এতিয়ালৈকে পোন্ধৰজনে সত্ৰাধি ...

মইনাপৰীয়া নামঘৰ

মইনাপৰীয়া নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২ কিঃমিঃ দূৰৰ মইনাপৰীয়া গাঁৱত অৱস্থিত। ভক্তিধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ সৃষ্টি ...

মালৌপথাৰ

ড° বিকাশ বৰাৰ ‘মালৌপথাৰৰ ইতিহাস’ত পোৱা বিৱৰণ এনেধৰণৰ – স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৬৮ খ্ৰীষ্টাব্দত মণিপুৰী ৰজা জয়সিংহক মান খেদোৱাত সহায় কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰীতিৰ চিন যুগমীয়া কৰিবৰ বাবে সেই সময়ৰ ৰীতি অনুযায়ী ৰাজকন্যা কুৰংগনয়নীক উপ ...