ⓘ Free online encyclopedia. Did you know? page 125

ভূমি চম্পা

ভূমি চম্পা আদা পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। ই চীন, ভাৰত, নেপাল, বাংলাদেশৰ থলুৱা উদ্ভিদ আৰু সমগ্ৰ বিশ্বতে ইয়াক পোৱা যায়। বৰ্তমাৱ জাভা, মালয়েছিয়া আৰু কোষ্টাৰিকাতো ইয়াক প্ৰাকৃতিকভাবে ৰোৱা যায়।

মল্লিকা ফুল

মল্লিকা জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। এই প্ৰজাতিৰ গছৰ উচ্চতা এক মিটাৰ হ’ব পাৰে। পাত একক, ডিম্বাকাৰ, ৪-৮ চেমি দীঘল হয়। পাত গাঢ়-সেউজীয়া আৰু মসৃণ। গ্ৰীষ্ম আৰু বৰ্ষাকালত ইয়াৰ থোকাত কেইবাপাহীকৈ ফুল ফুলে। ফুলৰ আকাৰ আৰু গঠন অনুসৰি ...

মালতী

মাধৈমালতী বা মাধৱী লতা এবিধ লতাজাতীয় গছ। ই Combretaceae। পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। লতা অতি খীণ, বহু বছৰ হলে শকত হয়। পাতৰ সাজোন বিপৰীত-মুখী। পাত আয়তকাৰ, ডিম্বাকৃতি আৰু আগ সৰু; কাষত পাতল ঢউ খেলোৱা। ইয়াৰ অন্য নামবোৰ হৈছে Quiscual স্পেনিছ, N ...

শেৱালি ফুল

শেৱালি ফুল বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis হ’ল নিক্টান্থেস Nyctanthes ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইল্যাণ্ড ৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ ...

সেউতী ফুল

সেউতী হৈছে গোলাপৰ এটা প্ৰজাতি। ইয়াক ইংৰাজীত মাস্ক ৰ’জ, বুলি কয়। হিমালয়ৰ বনাঞ্চলত ইয়াৰ আদি প্ৰজাতি পোৱা গৈছিল বুলি অনুমান কৰা হয়।

সোণাৰু

সোণাৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ স্থানীয় মাহজাতীয় আলংকাৰিক উদ্ভিদ। সোণাৰু পূবলৈ ভাৰতৰ পৰা ম্যানমাৰ আৰু থাইলেণ্ডলৈ আৰু দক্ষিণত শ্ৰীলংকাৰ পৰা দক্ষিণ পশ্চিমত পাকিস্তানলৈ পোৱা যায়। হালধীয়া সোণালী ফুলৰ বাবে সোণাৰু আলংকাৰিক গছ হিচাপে বিখ ...

ৰক্তমল্লিকা

ৰক্তমল্লিকা, সাধাৰণ নাম গ্লব অমৰনাথ, মখমলি, আৰু বেদমালি, অমৰনাথেচি পৰিয়ালৰ অন্তৰ্গত এবিধ খাদ্য উপযোগী ফুল আৰু উদ্ভিদ। গোলাকাৰ ফুলপাহ মাৰ্জেণ্টা, বেঙুনীয়া, ৰঙা, কমলা, বগা, গুলপীয়া আদি ভিন্ন বৰণৰ হোৱা দেখা যায়। ৰক্তমল্লিকা ব্ৰাজিল, পানামা আৰু গ ...

ৰাঙল ফুল

ৰাঙল ফুল বা ইক্সৰা হৈছে ৰুবিয়েছী পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ। ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়। আমেৰিকাত ইয়াক ৱেষ ...

ৰেৱতী ফুল

ৰেৱতী ফুল হৈছে Fabaceae পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত ‘ৰেড কেচিয়া’, ‘ৰক্সবাৰ্ঘছ কেছিয়া’, আৰু ‘চাইক্লন ছেন্না’ বোলি কয়। ই দক্ষিণপূৱ এছিয়া আৰু ভাৰত উপমহাদেশৰ থলুৱা উদ্ভিদ। ইয়াক সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়। ...

অৰ্জুন গছ

অৰ্জুন গছ এবিধ চিৰসেউজ গছ। ই টাৰমিনালিয়া গণৰ এক সপুষ্পক উদ্ভিদ। অৰ্জুন গছৰ জীৱনকাল দীঘলীয়া। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন।

আঁহত

আঁহত হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ। এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি পিপল বা অশ্বত্থ আদিৰে জনা যায়। এই গছজোপাই ভাৰত উপমহাদেশত জন্ম হোৱা তিনিটা প্ৰধান ধৰ্ম বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ ক ...

এজাৰ

এজাৰ এবিধ ঈষৎ ৰঙা-বেঙুনীয়া ফুল ফুলা পৰ্ণপাতী উদ্ভিদ। ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, অষ্ট্ৰেলিয়া আৰু চীন দেশত এই গছ পোৱা যায়।

কদম

কদম ভাৰতৰ ঘাইকৈ অসম, পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্ৰাবৃষ্য, ললনাপ্ৰিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।

বগা কাঞ্চন

গোলাপী কাঞ্চন বা বগা কাঞ্চন হৈছে এক প্ৰকাৰৰ বৃক্ষ। ই ৰঙা কাঞ্চনতকৈ আকাৰত সৰু, পাতৰ গঠনো একে, অৰ্থাৎ আগফালে দুভাগত বিভক্ত। বসন্তত প্ৰায় পাতহীন গছজোপাত গোলপীয়া ৰঙৰ সুগন্ধি ফুলেৰে ভৰি পৰে। ফুলৰ পাহি ৫টা। ফল চিৰা চিৰা। ইয়াৰ বগা ফুলৰ প্ৰকাৰভেদো আছে ...

বট গছ

বট গছ বা বৰ গছ বা বড় গছ ভাৰতৰ জাতীয় গছ। এই গছ Ficus গোত্ৰৰ অন্তৰ্ভুক্ত। বট এবিধ বৃহৎ আকাৰৰ বৃক্ষ জাতীয় উদ্ভিদ। বট গছ বহু ঠাই আগুৰি থাকে আৰু মাটিৰ ওপৰত সমান্তৰাল শাখা-প্ৰশাখা বিস্তাৰিত কৰে। এই শাখা-প্ৰশাখাবোৰ কিছুমান জৰী বা শিপাৰ দ্বাৰা ভৰ বহন ...

বৰহমথুৰি

বৰহমথুৰি বা বৰ্হমথুৰি, দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াবৰ আদৰ। এইবিধ গছৰ থুৰি পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে।

ভোমোৰা (বৃক্ষ)

ভোমোৰা গছৰ বাকলি ধোৱাঁবৰণীয়া অথবা মদৰুৱা। বাকলিৰ উপৰিভাগৰ পৰা সৰু সৰু নিকৰি ওলাই থাকে। বাকলিৰ ভিতৰভাগ হালধীয়া। এই গছৰ ঠাৰিবোৰৰ আগভাগত পাতবোৰ থুপপাতি ওলায়। পাতৰ আকাৰ দীঘলীয়া আৰু বহল চানেকীয়া। পাতখিলাৰ আগফালে ক্ৰমে জোঙা হৈ পৰে। এই গছৰ ফুলবোৰ স ...

মদাৰ

মদাৰ হৈছে ইৰিথ্ৰিনা গণৰ অন্তৰ্গত পুষ্পবৃক্ষবিশেষ। বাংলাদেশত বহু কেইটা প্ৰজাতিৰ মদাৰ গছ দেখিবলৈ পোৱা যায়।

শিমলু

শিমলু মালভেলেছ পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ই পশ্চিম আফ্ৰিকা, ভাৰত, দক্ষিণ-পূব-এছিয়া, তথা পূব এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ উপউষ্ণমণ্ডলীয় অঞ্চলৰ স্থানীয় প্ৰজাতি।

শিৰিষ

Albizia lebbeck is a species of Albizia, native to Indomalaya, New Guinea and Northern Australia and widely cultivated and naturalised in other tropical and subtropical regions. English names for it include lebbeck, lebbek tree, flea tree, frywoo ...

সাঁচিগছ

সাঁচিগছ Aquilaria malaccensis সৰু সৰু পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া সুগন্ধিজাতীয় গছ। কাগজ ব্যৱহাৰ কৰাৰ আগতেই ইয়াৰ ছালৰপৰা পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল। ইয়াক সাঁচিপাত বোলে। এই গছৰ পলস কাঠ যদিও কোমল, নিতিতিলে বহুকাল যায় আৰু তাক কেতিয়াও ঘুণে নধ ...

ৰুদ্ৰাক্ষ

ৰুদ্ৰাক্ষ গছৰ বৈজ্ঞানিক নাম - Eleocarus ganitrus,roxb, ইয়াত Eleocarus জাতি নাম আৰু ganitrus প্ৰজাতি নাম আৰু শেষৰ Roxb.শব্দটোৱে এই গছৰ উদ্ভাৱক Roxburghৰ সংক্ষিপ্ত নাম বুজায়৷ এই নামেৰে ৰুদ্ৰাক্ষ গছ পৃথিৱীৰ সকলো ঠাইতে পৰিচিত।

ঘিলা

ঘিলা এবিধ বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ। ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাবে জনাজাত। ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয়। ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায়। সৰু ল’ৰা-ছোৱালীয ...

চেপেটা লতা

চেপেটা লতা হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ। ই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে, বুছ গ্ৰেপ, ফক্স−গ্ৰেপ, থ্ৰী−লিভড−ৱাইল্ড ভাইন বা থ্ৰীলিফ কাইৰাচিয়া । ইয়াৰ বীজবোৰ ক’লা বৰণৰ আৰু পাতত চাইনিডিন আৰু ড ...

টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম

টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম বা ইণ্ডিয়ান চেষ্টনাট ভাইন হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক লতাজাতীয় উদ্ভিদ। ইয়াক শ্ৰীলংকা, অসম, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মেঘালয়, উৰিষ্যা, তামিলনাডু, নেপাল আৰু দক্ষিণ পূৱ এছিয়াত পোৱা যায়। স ...

নল টেঙা

নল টেঙা হৈছে লতাজাতীয় উদ্ভিদ। ইয়াৰ পাত, কাণ্ড আদিৰ সোৱাদ টেঙা। সাধাৰণতে নল টেঙা বুলিলে কেইবাবিধো লতাক বুজায়। টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম, টেট্ৰাষ্টিগ্‌মা এংগুষ্টিফলিয়া আদি। বহু ঠাইত চেপেটা লতা নামৰ ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ টেঙা সো ...

মাধৈ মালতী

মালতী হৈছে ৰেছিডিছিয়া পৰিয়ালৰ অন্তৰ্গত ইলিয়ানাৰ এটা প্ৰজাতি। ইয়াৰ কোনো উপ-প্ৰজাতি নাই। ইয়াক ভাৰত, দক্ষিন চীন অৰু ইণ্ডো-চীনত পোৱা যায়; ভিয়েটনামত ইয়াক কেই টন নাম বুলি কয়।

মাধৱী লতা

মাধৱীলতা হৈছে Malpighiaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ অনেক নাম আছে, যেনে মণ্ডপ, কামী, পুষ্পেন্দ্ৰ, অভীষ্টগন্ধক, অতিমুক্ত, বিমুক্ত, কামুক আৰু ভ্ৰমৰোৎসব। এসময়ত পুণ্ড্ৰক দেশ অৰ্থাৎ মৈমনসিংহত মাধৱী প্ৰচুৰভাৱে পোৱা গৈছিল। সেই বা ...

মেৰমেৰী লতা

মেৰমেৰী লতা অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ। এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়। নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়।

লাটুমণি লতা

লাটুমণি লতা এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়। ই এবিধ ছিৰা ফল যুক্ত, দীঘলীয়া যৌগিক পত্ৰযুক্ত উদ্ভিদ। গছজোপাৰ গুটিবোৰ দেখাত অত্যন্ত আকৰ্ষণীয় আৰু কেতিয়াবা ইয়াক পাৰকিউশ্যন বাদ্যযন্ত্ৰত percussion instruments ব্যৱহাৰ কৰা হ ...

হাড় জোৰা লতা

হাড় জোৰা লতা আঙুৰ পৰিয়াল ৰ অন্তৰ্ভুক্ত এবিধ লতা জাতীয় উদ্ভিদ। এই লতা প্ৰধানকৈ ক্ৰান্তীয় এছিয়া আৰু আফ্ৰিকাৰ থলুৱা উদ্ভিদ।

গৰ্ভধাৰণ

গৰ্ভধাৰণ হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি। বহু গৰ্ভধাৰণত একাধিক অপত্যৰ বিকাশ হয়, যেনে- যমজ সন্তান। যৌন ক্ৰিয়া অথবা সহকাৰী প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ হয়। অন্তিম ঋতুকালৰ পাছৰ পৰা প্ৰায় ৪০ সপ্তাহলৈকে গৰ্ভধাৰণ ...

কৈশোৰ গৰ্ভাৱস্থা

যেতিয়া ২০ বছৰৰ তলৰ মহিলাৰ গৰ্ভধাৰণ হয় তেতিয়া কৈশোৰ গৰ্ভাৱস্থা বা কিশোৰী বয়সত গৰ্ভধাৰণ বোলা হয়। এগৰাকী কিশোৰীৰ ঋতুমতি হোৱাৰ পিছত যৌন সম্ভোগৰ দ্বাৰা গৰ্ভধাৰণ হয়, কিন্তু ডিম্বস্ফোটন আৰম্ভ হোৱাৰ পিছত এক কিশোৰীৰ প্ৰথম ঋতুস্ৰাৱৰ অলপদিন আগতেও গৰ্ভ ...

ছাৰোগেছি

ছাৰোগেছি বা মাতৃ প্ৰতিনিধিত্ব হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে। দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক, আৰু সম্পূৰ্ণ । আংশিক ছাৰোগেছিত চাৰোগেট মাতৃৰ বংশ ...

জন্ম নিয়ন্ত্ৰণ

জন্ম নিয়ন্ত্ৰণ বা গৰ্ভনিৰোধক বা উৰ্বৰতা নিয়ন্ত্ৰণ হৈছে গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতি বা সঁজুলি। প্ৰাচীন কালৰ পৰা জন্ম নিয়ন্ত্ৰণ প্ৰচলিত হৈ আহিছে, কিন্তু জন্ম নিয়ন্ত্ৰণৰ কাৰ্যকৰী আৰু সুৰক্ষিত পদ্ধতি কেৱল বিংশ শতিকাত হে উপলব্ধ হৈছিল। সঠিক পৰিকল্ ...

শামুক

শামুক হৈছে মোলাস্কা প্ৰজাতিৰ এবিধ কোমল দেহী প্ৰাণী। এই প্ৰাণী বিধ গ্যাষ্ট্ৰোপোডা শ্ৰেণীৰ অন্তৰ্ভুক্ত। শামুকবোৰ সাধাৰণতে এটা কঠিন খোলাৰ মাজত সোমাই থাকে। সাধাণতে শামুক বুলিলে স্থলচৰ, সামুদ্ৰিক আৰু মিঠাপানীৰ শামুককে বুজায়। মৰুভূমি, নদ-নদী, বদ্ধজলাশ ...

উদ

উদ এবিধ উভচৰ প্ৰাণী। উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে। পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে। ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘূৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি ...

সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী

সামুদ্ৰিক স্তন্যপায়ী সমূহ হৈছে জলজ স্তন্যপায়ী যি সমুদ্ৰত বাস কৰে আৰু সমুদ্ৰৰ উপৰত নিৰ্ভৰ কৰে জীয়াই থাকে। ইহঁতৰ ভিতৰত আছে ছীল, তিমি, বগা ভালুক বা ধ্ৰুৱীয় ভালুক, মানাতি, সমুদ্ৰৰ উট ইত্যাদি। এইবোৰ কোনো নিৰ্দিষ্ট গণ বা শ্ৰেণীৰ নহয়, বৰঞ্চ বিৰ্বতন ...

কুকুৰ

পোহনীয়া কুকুৰ হৈছে canid গোটৰ কিছুমান স্তন্যপায়ী প্ৰাণী। কুকুৰে মানুহৰ বাবে বহু কাম কৰে, যেনে চিকাৰ, herding, বোজা কঢ়িওৱা, সুৰক্ষা প্ৰদান, পুলিচৰ সহায় আৰু মিলিটেৰী সহায়, সংগী, আৰু, একেবাৰে শেহতীয়াকৈ, বিকলাংগ ব্যক্তিৰ সহায় আদি। মানুহৰ সমাজত ...

কুকুৰা

কুকুৰা এক প্ৰকাৰৰ পোহনীয়া চৰাই, বনকুকুৰাৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি, পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ ...

গাহৰি

পোহনীয়া গাহৰি, হৈছে এবিধ ডাঙৰ, খুৰা যুক্ত প্ৰাণী; ইহঁতক এটা নিৰ্দিষ্ট প্ৰজাতি অথবা বনগাহৰিৰ উপ-প্ৰজাতি বুল্ গণ্য কৰা হয়। ইহঁতৰ মূৰ আৰু দেহৰ দৈৰ্ঘ্য প্ৰায় ০.৯ৰ পৰা ১.৮ মিটাৰ পৰ্যন্ত হয়, আৰু পূৰ্ণ বয়স্কৰ ওজন ৫০ৰ পৰা ৩৫০ কিলগ্ৰাম পৰ্যন্ত হয়। খ ...

গৰু

গৰু - হৈছে এবিধ পোহনীয়া স্তন্যপায়ী জন্তু। ইহঁত Bovinae উপ-পৰিয়ালৰ আধুনিক সদস্য, Bos গণৰ অতি বিস্তাৰিত প্ৰজাতি, আৰু বেছিভাগকে Bos taurus বুলি শ্ৰেণীবিভাজিত কৰা হৈছে। গৰুৰ পৰা খাদ্য হিচাপে মাংস, গাখীৰ আৰু অন্য দুগ্ধজাত সামগ্ৰী আহৰণ কৰা হয়। গৰু ...

ঘোঁৰা

ঘোঁৰা হৈছে এক প্ৰকাৰৰ তৃণভোজী প্ৰাণী। প্ৰায় ৪৫ৰ পৰা ৫৫ নিযুত বছৰ আগতেই ঘোঁৰাৰ বিৱৰ্তন আজিৰ ৰূপ পাইছে বুলি বিজ্ঞানীসকলে কয়। প্ৰায় ৪০০০ খ্ৰীষ্ট পূৰ্ৱতেই মানুহে ঘোঁৰাক পোহনীয়া কৰিছিল। উপ-প্ৰজাতি caballus ৰ অন্তৰগত সদস্যবোৰ পোহনীয়া, যদিও কিছুমান ...

পাৰ চৰাই

পাৰ চৰাই পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে পোৱা এবিধ মজলীয়া আকাৰৰ চৰাই। পাৰই সহজে পোহ মানে আৰু মানুহৰ লগত থাকি ভাল পায়। ই মানুহৰ পোহ মনা প্ৰথম চৰাই। খ্ৰীষ্টপূৰ্ব তিনি হাজাৰমান বছৰৰ আগতেই ইজিপ্টিত পাৰ পোহাৰ প্ৰমাণ পোৱা গৈছে।

ভেড়া

ভেড়া হৈছে এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইহঁত আৰ্টিঅডাকটাইলা বৰ্গৰ অন্তৰ্গত অভিছ গণৰ প্ৰজাতি। ইউৰোপ আৰু এছিয়াৰ বন্য mouflonৰ পৰা ভেড়াৰ উদ্ভৱ হৈছিল। ইহঁতক কৃষি, ঊণ, মাংস আৰু গাখীৰৰ বাবে পালন কৰা হয়। ভেড়াৰ ঊণ হৈছে একপ্ৰকাৰৰ বহুল ব্যৱহৃত জৈৱি ...

মেকুৰী

পোহনীয়া মেকুৰী হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান মাংসভোজী পোহনীয়া স্তন্যপায়ী জন্তু। সাধাৰণতে ঘৰুৱাভাৱে পলা অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু আন মেকুৰীজাতীয় প্ৰাণীৰ পৰা বেলেগকৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নাথাকে। ইহঁতৰ চিকাৰ ধৰাৰ ক্ ...

মাইক, এক মুণ্ডবিহীন কুকুৰা

মাইক, এক মুণ্ডবিহীন কুকুৰা, যাক বিস্ময়কৰ কুকুৰা হিচাপেও জনা যায়, আচলতে মুণ্ডচ্ছেদ কৰাৰ পাছতো ১৮ মাহ জীয়াই থকা এটা Wyandotte chicken প্ৰজাতিৰ কুকুৰা। প্ৰথমতে এই কথাটো গৰিষ্ঠসংখ্যকে উৰাবাতৰি বুলি ভাবিছিল যদিও কুকুৰাটো গৰাকীয়ে ইউটাহ বিশ্ববিদ্যাল ...

প্ৰজনন তন্ত্ৰ

প্ৰজনন তন্ত্ৰ হৈছে জীৱৰ বংশবৃদ্ধিৰ বাবে সংগঠিত ভাৱে কাৰ্য কৰা যৌন অংগৰ সমষ্টি। বহুতো অজৈৱ পদাৰ্থ যেনে- তৰল, হৰমন, ফেৰমন আদিয়েও প্ৰজনন তন্ত্ৰত সহযোগী হিচাপে কাৰ্য কৰে। জীৱৰ লিংগভেদে প্ৰজনন তন্ত্ৰ মাজত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়, যিটো অন্য অংগ ত ...

বীজকোষ

বীজকোষ বুলিলে সেইবোৰ জৈৱিক কোষক বুজোৱা হয় যিবোৰে যৌন প্ৰজনন কৰা প্ৰাণীৰ শৰীৰত জনন কোষৰ সৃষ্টি কৰে। পুৰুষ আৰু স্ত্ৰী প্ৰাণীৰ শৰীৰত থকা প্ৰাথমিক জননাংগ শুক্ৰাশয় আৰু ডিম্বাশয়ত থকা এই বিশেষ কোষবোৰৰ পৰা সৃষ্টি হয়। এইবোৰৰ প্ৰাথমিক অৱস্থাক আদিম বীজক ...

কুইয়াৰ

কুইয়াৰ যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ। সাধাৰণতে সামাজিকভাৱে স্বভাৱিক বুলি গণ্য কৰা লিংগ আৰু যৌনতাৰ সংজ্ঞাৰ বাহিৰৰ ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাৰ কুইয়াৰ শব্দয়ে আক্ষৰিকভাৱে আচহুৱা বা অদ্ভুদ ...