ⓘ Free online encyclopedia. Did you know? page 131

মণিয়ৰি

চৰাইটো দীঘলে প্ৰায় ৩ ফুটমান। ঠোঁট দীঘল। ঠোঁটটোৰ তলৰফালে সামা্ন্য হালধীয়া বৰণৰ আৰু ওপৰ ফালে ক’লা আৰু বাদামী বৰণৰ হয়। চকুৰ ওচৰৰপৰা ডিঙি পৰ্যন্ত এডাল বগা ৰেখা থাকে। পাখিবোৰৰ আগ অংশ পাতল ক’লা বৰণৰ আৰু ডেউকাৰ পাখিবোৰত ৰূপালী আভা থাকে। নেজডাল নাও-বঠ ...

উলূম’ৰা

উলূমৰা এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়। Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে।

ওৰাঙোটাং

ওৰাঙোটাং পংগ গণৰ নেজ নথকা এবিধ প্ৰাইমেট। ইহঁতৰ গাৰ নোম ৰঙা আৰু মটীয়া। পৃথিৱীত মাথোঁ দুটা প্ৰজাতিৰ ওৰাঙোটাং পোৱা যায়। ইহঁত দক্ষিণ-পূব এছিয়াৰ দক্ষিণৰ বনাঞ্চলত থাকে। আজিকালি ওৰাঙোটাঙৰ সংখ্যা খুব কম। জনসংখ্যা বাঢ়ি থকাত হাবি-জংঘল নাইকিয়া হৈ অহাই ...

ৰজা শগুণ

ৰজা শগুণ শগুণৰ এটা অন্যতম প্ৰজাতি। শেহতীয়াকৈ হোৱা শগুণৰ অস্বাভাৱিক বিলুপ্তিত ইয়াৰো জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। ইয়াৰ এই মৃত্যুৰ বাবে ডাইক্লফেনেক নামৰ দৰৱবিধকে জগৰীয়া কৰা হয়।

অসমীয়া বনৰীয়া চিকা

অসমীয়া বনৰীয়া চিকা কেৱল উত্তৰ-পূব ভাৰতত দেখা পোৱা এটা চিকাজাতীয় জন্তু। এই জন্তুবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত। কিন্তু জন্তুবিধ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বহুলভাৱে বিস্তৃত বুলি ধাৰণা কৰা হয়।

অসমীয়া হাবি বেং

অসমীয়া হাবি বেং ইংৰাজী: long-tongued frog, বৈজ্ঞানিক নাম- Hylarana leptoglossa Hylarana গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ উভচৰ প্ৰাণী৷

ইউৰেছিয়ান পিগমী শ্ৰীউ

ইউৰেছিয়ান পিগমী শ্ৰীউ, এবিধ ইউৰেছিয়া অৰ্থাৎ ইউৰোপ আৰু এছিয়াৰ উত্তৰ অংশত পোৱা চিকাজাতীয় প্ৰাণী। ইয়াক প্ৰায়ে পিগমী শ্ৰীউ বুলিও কোৱা হয়। ই আয়াৰলেণ্ড একমাত্ৰ স্থানীয় শ্ৰীউ। ইউৰেছিয়ান পিগমী শ্ৰীউ ভৰৰ হিচাপত পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম স্তন্যপ ...

ইটাগুৰীয়া

ইটাগুৰীয়া এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷

কলা আকুহী বগ

কলা আকুহী বগ মধ্যমীয়া আকাৰৰ জলচৰ চৰাই৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৬৮ ছে:মি, ডেউকাৰ দৈৰ্ঘ্য ৩৮ ছে;মি: আৰু নেজ ১৬-১৯ ছে:মি দীঘল হয়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একে হয়৷ পূৰ্ণবয়স্ক কলা আকুহী বগৰ ঠোঁট দীঘল, মোকোটা খোৱা আৰু কলা বৰণৰ হয়৷ মূৰ ...

কলীমূৰী হাঁহ

কলীমূৰী হাঁহ এটা সচৰাচৰ দেখিবলৈ পোৱা আৰু বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চলত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণলৈ পৰিভ্ৰমণ কৰে৷ ই জাকপাতি বাস কৰে আৰু প্ৰধানকৈ জলাশয় সমূহত চৰি ফুৰা দেখা যায়৷

কাকৈশিৰা

কাকৈশিৰা ; বৈজ্ঞানিক নাম: Upupa epops) এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই। মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য। ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি। ৰদত ইহঁতে পাখিমেলি ৰদ লোৱা দেখা যায়। তদুপৰি ধূলি-বালিৰেও ইহঁতে ...

কিকি হাঁহ

কিকি হাঁহ এবিধ সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই সাধাৰণতে পাকিস্তান, ভাৰত, বাংলাদেশ, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।

কুৰুলী ফেঁচা

কুৰুলী ফেঁচা এবিধ সৰু আকাৰৰ ফেঁচাৰ প্ৰজাতি। ই প্ৰধানকৈ বিষুৱীয় অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে প্ৰজনন কৰে। খেতি-পথাৰ বা মানুহৰ বসতিপূৰ্ণ মুকলি অঞ্চলত বাস কৰিবলৈ ই বিশেষভাৱে অভিযোজিত আৰু সেইবাবেই ইয়াক নগৰ অঞ্চলতো দেখা পোৱা যায়। ই অ ...

কেতেকী

কেতেকী কুকুলিফৰমছ বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া বিধৰ চৰাই। এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়।

কোকলোঙা

কোকলোঙা দক্ষিণ-পূব এছিয়াত স্থানীয়ভাৱে পোৱা এবিধ চৰাইৰ প্ৰজাতি। ই কাউৰী পৰিয়াল ৰ অন্তৰ্ভুক্ত। ইয়াৰ নেজ অতি দীঘল আৰু ইয়াৰ ডাঙৰ মাতৰ বাবে চকুত পৰা বিধৰ হয়। কোকলোঙা সাধাৰণতে মুকলি কাঠনি, খেতি-পথাৰ, বনাঞ্চল তথা নগৰীয়া অঞ্চলতো দেখিবলৈ পোৱা যায়।

খন্তীয়া হাঁহ

খন্তীয়া হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। । শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ, দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে।

গলমণিকা

গলমণিকা এটা জাকৰুৱা এফ্ৰো-এছিয়ান ভাটৌৰ প্ৰজাতি। ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত। যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক Least Concern প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে। গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত। ই জ ...

গলমণিকা নাচনী

প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়। ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া। তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়। এই চৰাইবিধৰ ঠোঁট কলা আৰু জোঙা হয়। অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰা ...

ঘৰ শালিকা

ঘৰ শালিকা Sturnidae পৰিয়ালৰ অন্তৰ্গত এছিয়াৰ এবিধ থলুৱা চৰাই। এই সৰ্বভক্ষী চৰাইৰ প্ৰজাতিটোৱে জনবসতি পূৰ্ণ অঞ্চলত নিজকে অভিযোজন কৰাত পাকৈত বুলি জনা যায়। ই ভাৰতীয় সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। সংস্কৃতি আৰু প্ৰাকৃত দুয়োবিধ ভা ...

ঘৰচিৰিকা

ঘৰচিৰিকা বা ঘনচিৰিকা হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়। ঘৰচিৰিকাই মূলতঃ গুটি, পোক-পতংগ আদি খাই ...

চকৰিফেঁটী সাপ

১৮৩১ চনত René Lesson নামৰ ব্যক্তিজনে চকৰিফেঁটী সাপক ভাৰতীয় ফেঁটী সাপতকৈ পৃথক এক ধুনীয়া সাপ বুলি বৰ্ণনা কৰে যাৰ সন্মখৰ ফালে ১৮৮ টা স্কেল আৰু পিঠিৰ ফালে ৫৩ যোৰ স্কেল থাকে। তেতিয়াৰে পৰা কেইবাবিধো চকৰিফেঁটী সাপক ভিন ভিন বৈজ্ঞানিক নামেৰে বৰ্ণোৱা হৈ ...

চাকৈ-চকোৱা

চাকৈ-চকোৱাৰ মুখ্য বসতিস্থল দক্ষিণপূব ইউৰোপৰ পৰা মুখ্য এচিয়া হৈ দক্ষিণপূব চীনলৈ বিস্তিত হৈ আছে, তদুপৰি পশ্চিম আফ্ৰিকা আৰু ইথিঅপিয়াতো চাকৈ-চকোৱা পোৱা যায়। ই এবিধ পৰিভ্ৰমী চৰাই। শীত কালটো ই দক্ষিণপূব এছিয়াত পাৰ কৰে। দক্ষিণ পূব ইউৰোপ আৰু দক্ষিণ স ...

চাতক

চাতক বা টেলটুপী চাতক এইজাতীয় চৰাইসমূহৰ ভিতৰত আটাইতকৈ বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি। ই এবিধ সহজে চিনিব পৰা চৰাই-ইয়াৰ দেহৰ ওপৰভাগ নীল-বৰণীয়া, নেজ জোঙা আৰু দকৈ দুভাগকৈ কটা। ইয়াক প্ৰধানকৈ ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু আমেৰিকাত দেখা পোৱা যায়।

চিলনী

চিলনী এবিধ মধ্যমীয়া আকাৰৰ মাংসহাৰী চিকাৰী চৰাই। অন্যান্য দিবাচৰ মাংসহাৰী চৰাইৰ পৰা ইয়াৰ পাৰ্থক্য এয়ে যে ই সুবিধাবাদী চিকাৰী আৰু কেতিয়াবা মৃত প্ৰাণীও আহাৰ হিচাপে গ্ৰহণ কৰে । খাদ্যৰ সন্ধানত ইহঁতে প্ৰায়ে আকাশত উৰি ফুৰে। চিলনীৰ কোণীয়া ডেউকা আৰু ...

চুক ভেকুলী

চুক ভেকুলী (ইংৰাজী: Asian common toad, বৈজ্ঞানিক নাম- Duttaphrynus melanostictus দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ ভেকুলীৰ প্ৰজাতি৷ এই ভেকুলী প্ৰায় ২০ ছে:মি: পৰ্যন্ত ডাঙৰ হব পাৰে৷ ই সাধাৰণতে বাৰিষা প্ৰজনন কৰে৷

চুটীয়া শালিকা

চুটীয়া শালিকাৰ দেহৰ দৈৰ্ঘ্য ২৩ ছে: মি হয়৷ ইয়াৰ পাখিৰ বৰণ মুগা Grey আৰু মূৰ তথা ডেউকা অংশত ই ডাঠ ৰঙৰ হয়৷ ইয়াৰ ডেউকাত থকা বগা দাগটো উৰাৰ সময়ত স্পষ্টকৈ দৃশ্যমান হৈ পৰে৷ চুটীয়া শালিকাৰ নেজৰ আগটোও বগা হয়৷ ইয়াৰ ঠোঁট আৰু ঠেং দুখন উজ্জল হালধীয়া ...

ছাগলী পহু

ছাগলী পহু এবিধ পহুৰ প্ৰজাতি। ইয়াৰ দেহ চুটি, মটীয়া ৰঙৰ নোমেৰে আৱৰা। ই সৰ্বভক্ষী, ফল-মূল, গছৰ গুটি, কাণ্ডকে আদি কৰি চৰাইৰ কণী, সৰু প্ৰাণী পৰ্য্যন্ত আহাৰ হিচাপে গ্ৰহণ কৰে। ইয়াৰ মূৰত সৰু শিং থাকে।

জাতি নেউল

জাতি নেউল নেউলৰ এটা প্ৰজাতি৷ ই প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা কে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলসমূহত পোৱা যায়৷

জিঞাখাটী

জিঞাখাটী Meropidae গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷

টিক চৰাই

এই চৰাইবিধক চৰাইসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ দৰ্জী tailor সমূহৰ ভিতৰত অন্যতম বুলি ধৰা হয়। তথ্য অনুসৰি টিক টিক চৰায়ে বাহটো চুৰ কৰা মকৰাৰ জালেৰে সুন্দৰকৈ চিলাই বান্ধি ৰাখে।

টোকোৰা

টোকোৰা ভাৰতৰ নদীকাষৰীয়া সমতল ভূমিত দেখা পোৱা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ইহঁতক ঘাইকৈ প্ৰজননৰ সময়ত সঁজা চকুত লগা বিশেষধৰণৰ বাহৰ বাবে জনা যায়।

টোকোৰা চৰাই

টোকোৰা চৰাই অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। বিশ্বত টোকোৰাৰ মুঠতে সত্তৰটামান প্ৰজাতি আছে। এই প্ৰজাতিবিলাক এচিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত পোৱা যায়। টোকোৰাই জাক পাতি বাস কৰে। তামোল, নাৰিকল, তাল, খেজুৰ আদি গছেই সিহঁতৰ প্ৰধান ব ...

দলপুঙা

দলপুঙা Jacana গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ এই গোটৰ চৰাইসমূ্হৰ ঠেং ডাঙৰ হয় আৰু এই বৈশিষ্ট্যটোৰ বাবে ই ওপঙি থকা উদ্ভিদৰ ওপৰত সুকলমে চৰি ফুৰিব পাৰে৷ বিষুৱীয় অঞ্চলত এই চৰাইবিধ বহুলভাৱে বিস্তৃত হৈ আছে৷

দলমৰা

ইয়াৰ আঙুলিবোৰ অত্যন্ত দীঘল। ই সাধাৰণতে পানীত ভাহি থকা পাতৰ ওপৰেৰে খোজ কাঢ়ি ফুৰে। আগমূৰ ক’লা। মূৰৰ কাষেৰে এডাল ক’লা আঁচ ডিঙিলৈ নামি আহি বুকুৰ ক’লা দাগ স্পৰ্শ কৰিছে ৷ পেট বুকু বগা। ডেউকৰ বৰণ সেউজীয়া, ক’লা আৰু বাদামীৰ সংমিশ্ৰণ৷ সাধাৰণ অৱস্থাত ইয় ...

দহিকতৰা

দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis । এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইন্দোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়। সচৰাচৰ ...

দিনকণা

দিনকণা এবিধ সৰু আকাৰৰ নিশাচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানত: দক্ষিণ-পূব এছিয়াৰ মুকলি অঞ্চলত প্ৰজনন কৰে৷ ই গধূলি আৰু পুৱতি নিশা ক্লিক ক্লিক ধৰণে শেষলৈ চুটি আৰু অধিক খৰ কৈ মাত মাতে৷ এই মাতটো সাধাৰণতে বৰফাবৃত হ্ৰদ এটাত শিল এটা পৰিলে হোৱা শব্দৰ দৰে শুনা যায়৷

দেওৰাজ হাঁহ

দেওৰাজ হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ হাঁহৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷

দৈকলা

দৈকলা, এবিধ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ চৰাইৰ প্ৰজাতি। ই cormorant পৰিয়ালৰ অন্তৰ্ভুক্ত।

পৰুৱা পাত বেং

এই গোটৰ ভেকুলীবোৰৰ আকাৰ সৰু। ইয়াৰ পৃষ্ঠীয় dorsal অংশত থকা কাঁড়চিনৰ দৰে দাগটোৰ বাবে এই ভেকুলীবিধক সহজে অন্য প্ৰজাতিৰ পৰা পৃথক কৰিব পৰা যায়। ইহঁতৰ বৰণ সাধাৰণতে হালধীয়া হয় আৰু তাতে গাঢ় মটীয়া বৰণৰ দাগ থাকে।

ফেঁচু

ফেঁচু Dicruridae পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। দক্ষিণ এছিয়াৰ ইৰাণ, ভাৰত, শ্ৰীলংকাৰ পৰা চীন তথা ইণ্ডোনেছিয়া লৈকে ই স্থানীয় ভাৱে প্ৰজনন কৰে। ইয়াৰ সমগ্ৰ দেহটো কলা বৰণৰ, নেজ খাঁজকটা । ই প্ৰধানকৈ পোক-পতংগ খাই জীয়াই থাকে ব ...

বগা বালিমাহী

বগা বালিমাহী, এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷

বতা চৰাই

বতা চৰাই, বৈজ্ঞানিক নাম- Coturnix coturnix) Phasianidae পৰিয়ালৰ অন্তৰ্গত এটা সৰু আকাৰৰ চৰাই৷ ই বহুলভাৱে বিস্তৃত আৰু ইউৰোপৰ বিভিন্ন অংশত ইয়াক দেখিবলৈ পোৱা যায়৷

বনচিৰিকা

বনচিৰিকা ঘৰচিৰিকা গোত্ৰৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মূৰৰ ওপৰ অংশ গাঢ় ৰঙা-মটিয়া বৰণৰ৷ মতা-মাইকী দুয়োৰে বাহ্যক গঠন একে হয়৷ পোৱালিৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ পাতল হোৱা দেখা যায়৷ ইহঁতে গছৰ খোৰোং বা প্ৰাকৃতিক সুৰঙা আদিত বাহ সাজে৷ এবাৰত পাঁ ...

বামুণী হাঁহ

পূৰ্ণবয়স্ক মতা বামুণী হাঁহৰ দেহটো কলা, কেৱল কাষৰ ডেউকা অংশ বগা আৰু ঠোঁট নীলা-মুগা বৰণৰ হয়। ইয়াৰ মূৰত এটা স্পষ্ট লগুণ head tuftৰ দৰে অংশ থাকে আৰু এইবাবেই ইয়াক অসমীয়াত বামুণী হাঁহ আৰু ইংৰাজীত Tufted duck বুলি কোৱা হয়। পূৰ্ণবয়স্ক মাইকী বামুণী ...

বালিঘোৰা

বালিঘোৰা Charadriidae গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷ ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই জাকপ ...

বাহু মাছ

বাহু মাছ, হৈছে দক্ষিণ এচিয়াত পোৱা কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছ। ইয়াক সাধাৰণতে দক্ষিণ ভাৰত, নেপাল, বাংলাদেশ, পাকিস্থান, আৰু ম্যানমাৰৰ নদী আৰু হ্ৰদসমূহত পোৱা যায়। অসমত ইয়াক ভকুৱা বা ...

বৰবালি বগুৱা

বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে। ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়। তদুপৰি অক্টোবৰ আৰু মে মাহত ইয়াক বিভিন্ন প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূ্হতো দেখা পোৱা যায়।

বৰহাইঠা

আকাৰ ২৭ চেণ্টিমিটাৰ। মতা চৰাইটো আৰু মাইকী চৰাইজনী দেখাত অলপ বেলেগ। মতা চৰাইটোৰ মূৰ ছাই বৰণৰ,বুকু সেউজীয়া, দেউকা বাদামী ৰঙৰ, নেজৰ পাখি মটীয়া ৰঙচুৱা বৰণৰ, ঠোঁট সেউজ-হালধীয়া, ঠোঁটৰ কাষ ৰঙা, ভৰি ৰঙা আৰু চকুৰ কাষ সেউজীয়া। মাইকী চৰাইজনীৰ মূৰ সেউজীয ...

বৰীশেন

বৰীশেন এবিধ সৰু আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই Accipitridae গোটৰ অন্তৰ্ভুক্ত আৰু এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত৷ ইয়াৰ মাতটো তীক্ষ্ণ আৰু দুটা নোট সম্পন্ন৷

ভীমৰাজ

ভীমৰাজ এটা মধ্যমীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ দীঘল তথা বিশেষ আকাৰৰ দুভাগ হৈ থকা নেজৰ বাবে এই চৰাইবিধ খ্যাত৷