ⓘ Free online encyclopedia. Did you know? page 14

কিৰেণ ৰিজিজু

কিৰেণ ৰিজিজু এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু অধিবক্তা। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ লোকসভাত পশ্চিম অৰুণাচল লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ প্ৰথম মোদী কেবিনেটত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ দ্বিতীয় মোদী কেবিনেটতো স্থান লাভ কৰে। ত ...

কীৰ্তি সুৰেশ

কীৰ্তি সুৰেশ হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। মালয়ালম, তামিল আৰু তেলেগু ভাষাৰ ছবিত কীৰ্তিয়ে সাধাৰণতে অভিনয় কৰে। দাক্ষিণাত্যৰ অভিনেত্ৰী সাৱিত্ৰীৰ জীৱন-আধাৰিত ছবি মহানতী ত কৰা অভিনয়ৰ বাবে কীৰ্তিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিব ...

কুঞ্জৰাণী দেৱী

নামেইৰাকপাম কুঞ্জৰাণী দেৱী এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৪ আৰু ৪৬ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছত কেইবাবাৰো পদক লাভ কৰিছে। বৰ্তমান তেওঁ ৰাষ্ট্ৰীয় ভাৰোত্তোলন দল ...

কুনাল গাঞ্জাৱালা

কুনাল গাঞ্জাৱালা হৈছে এজন ভাৰতীয় নৱাগত নেপথ্য গায়ক কাম কৰি আছে। তেওঁ হিন্দী, কান্নাড়া, তামিল, তেলেগু, মাৰাঠী, বঙালী, অসমীয়া, ওড়িয়া, মালয়ালম, পঞ্জাবী আৰু উৰ্দু আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।

কুমাৰ স্বামী কামৰাজ নাদাৰ

কুমাৰা স্বামী কামৰাজ নাদাৰ ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল। সাধাৰণ পৰিয়ালৰ পৰা অহা স্কুলী ...

কুমুদিনী লাখিয়া

কুমুদিনী লাখিয়া এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক। ভাৰতীয় কথক নৃত্য আৰু চলচ্চিত্ৰসমূহত কোৰিঅগ্ৰাফীৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। ১৯৬৭ চনত তেওঁ গুজৰাটৰ আহমেদাবাদত ভাৰতীয় নৃত্য আৰু সংগীত প্ৰতিষ্ঠান কাদম্ব নৃত্য আৰু সংগীত বিদ্যালয় প্ৰ ...

কৃতিকা কামৰা

কৃতিকা কামৰাৰ জন্ম হয় ১৯৮৮ চনৰ ২৫ অক্টোবৰত। কৃতিকাই মধ্যপ্ৰদেশৰ এক হিন্দু ধৰ্মাৱলম্বী পৰিয়ালত জন্ম গ্ৰহন কৰিছিল যদিও কৃতিকাই স্কুলীয়া শিক্ষা দিল্লী পাব্লিক স্কুলৰ পৰাই লৈছিল। অতি কম সময়ৰ ভিতৰতেই ভাৰতীয় টেলিভিছনৰ ধাৰবাহিক জগতত নিজৰ প্ৰতিভাৰ প ...

কৃষ্ণা দাশগুপ্ত

কৃষ্ণা দাশগুপ্ত পশ্চিমবঙ্গ, ভাৰতৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী। তেওঁ বঙালী ভাষাত অসংখ্য চলচ্চিত্ৰীয় আৰু অনা-চলচ্চিত্ৰীয় গীত গাইছে, বিশেষকৈ ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত। মহালয়াৰ দিনা পুৱা দোকমোকালিতে আকাশবাণীৰ কলকাতা কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত মহিষমৰ্ ...

কৃষ্ণা সোব্‌তি

কৃষ্ণা সোব্‌তি হল এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ। তেওঁৰ উপন্যাস জিন্দেগিনামাৰ বাবে তেওঁ ১৯৮০ চনত হিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৬ চনত অকাডেমিয়ে আগবঢ়োৱা সৰ্বোচ্চ সম্মান সাহিত্য অকাডেমি ফেলোশ্বিপ লাভ কৰে। ভাৰতীয় স ...

কে আৰ মীৰা

কে আৰ মীৰা হল এগৰাকী ভাৰতীয় লেখক আৰু সাংবাদিক। তেওঁ মালয়ালম ভাষাত লিখা-মেলা কৰে। কেৰালাৰ কোল্লম জিলাৰ সস্তমকোট্টাত তেওঁৰ জন্ম হয়। মালায়লা মনোৰমাত তেওঁ সাংবাদিক হিচাপে কাম কৰিছিল, কিন্তু লেখা-মেলাত অধিক মনোনিৱেশ কৰিবৰ বাবে তেওঁ চাকৰিৰ পৰা পদত্ ...

কে চি শিৱশংকৰণ

কে চি শিৱশংকৰণ ৰ সম্পূৰ্ণ নাম কাৰাথলভু চন্দ্ৰশেখৰণ শিৱশংকৰণ। পেচাত তেখেত এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। শিশুৰ মাজত জনপ্ৰিয়, ১২টা ভাষাত প্ৰকাশিত চান্দমামা কমিকচ্‌ৰ তেখেত ইলাষ্ট্ৰেটৰ আছিল। বিক্ৰম আৰু বেতাল চিৰিজৰ ছবিবোৰ আঁকি তেখেতে জনপ্ৰিয়তা অৰ্জন ক ...

কে. শিৱান

কৈলাশাভাদীভু শিৱান এজন ভাৰতীয় মহাকাশ বিজ্ঞানী তথা বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ। পূৰ্বতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰপালচন কেন্দ্ৰৰ সঞ্চালক আছিল।

কেদাৰনাথ সিং

কেদাৰনাথ সিং এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে। তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন অকাল ম্যে সাৰস ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

কেলুচৰণ মহাপাত্ৰ

কেলুচৰণ মহাপাত্ৰ আছিল এগৰাকী প্ৰথিতযশা ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওদিছি নৃত্যৰ প্ৰসাৰক। এই ধ্ৰুপদী নৃত্যশৈলীটোক বিংশ শতিকাত জনপ্ৰিয় আৰু পুনৰোজ্জীৱিত কৰাৰ বাবে তেখেত স্মৰণীয়। তেখেত হৈছে উৰিষ্যাৰ পৰা পদ্মবিভূষণ সন্মান লাভ কৰা কৰা প্ৰথম ...

কৈলাস সত্যাৰ্থী

কৈলাস সত্যাৰ্থী ভাৰতৰ এজন শান্তিৰ নবেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী। ১৯৮০ চনত তেওঁ ‘বচপন বচাও আন্দোলন’ আৰম্ভ কৰি প্ৰায় ৮০,০০০ শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰি আহিছে। ২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভ ...

কোয়েল মল্লিক

কোয়েলে পশ্চিমবঙ্গৰ কলকাতাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বিখ্যাত বঙালী অভিনেতা ৰঞ্জিত মল্লিক আৰু মাতৃৰ নাম দীপা মল্লিক। তেওঁ মডাৰ্ণ হাইস্কুল নামে এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন অতিবাহিত কৰি পাচত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ গো ...

কৰন সিং গ্ৰোভাৰ

কৰন সিং গ্ৰোভাৰ এজন ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল। এম টিভি ইণ্ডিয়াৰ কিতনী মস্তি হ্যে জিন্দেগী ৰ যোগেদি তেওঁ নিজৰ টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে।. ষ্টাৰ ৱান চেনেলৰ দিল মিল গয়েৰ ড॰ অৰমান মালিক আৰু জী টিভিৰ ধাৰাবাহিক কবুল হ্যেৰ আছাদ আহমেদ খান না ...

কৰিণা কাপুৰ

কৰিণা কাপুৰ খান হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। কৰিণা কাপুৰে বিশেষকৈ হিন্দী ছবিত অভিনয় কৰে। তেখেত অভিনেতা ৰনধীৰ কাপুৰ আৰু ববিতা কাপুৰৰ জীয়ৰী। আনহাতে বৰ্ষীয়ান অভিনেতা ৰাজ কাপুআৰ হৰি শিৱদাসানীৰ নাতিনী। কৰিশ্মা কাপুৰ হৈছে তেখেতৰ জ্যেষ্ঠ ভগ্নী। কেই ...

কৰ্ণেলিয়া সৰাবজী

কৰ্ণেলিয়া সৰাবজি এগৰাকী ভাৰতীয় বিদুষী মহিলা আছিল। তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা স্নাতক লগতে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত আইন পঢ়িবলৈ যোৱা প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ ব্ৰিটিছ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যোৱা প্ৰথম ভাৰতীয়।) তেওঁ ভাৰতৰ ...

খান আব্দুল গফ্ফৰ খান

খান আব্দুল গফুৰ খান আছিল এজন পাছতুন ৰাজনীতিবিদ আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসা আন্দোলনত ভাগ লোৱা এজন ধৰ্মীয় নেতা। তেখেতে ১৯৪২ চনৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। তেখেতে আজীৱন অহিংসাৰ পথত চলা ধাৰ্মিক ...

খুছৱন্ত সিং

খুছৱন্ত সিং এজন প্ৰসিদ্ধ ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ আছিল। তেওঁ ইংৰাজীত সাহিত্য চৰ্চা কৰিছিল। ১৯৭০ ৰ পৰা ১৯৮০ চনৰ ভিতৰত তেওঁ বহুতো আলোচনী আৰু বাতৰিকাকতত সম্পাদক হিচাপে কাম কৰিছিল। ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ তেওঁ ...

গংগা দেৱী (চিত্ৰশিল্পী)

গংগা দেৱী এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ মধুবানী শৈলীত অংকন কৰে। মধুবানী চিত্ৰশিল্প হল বিহাৰৰ মিথিলাৰ এক লোককলা। মধুবানী চিত্ৰকলাক ভাৰতৰ বাহিৰতো জনপ্ৰিয় কৰাৰ কৃতিত্ব গংগা দেৱীৰ। ১৯২৮ চনত বিহাৰৰ মিথিলাত, এটা কায়স্থ পৰিয়ালত তেওঁৰ জন্ম হয়। তেও ...

গংগুবাঈ হংগল

গংগুবাঈ হংগল এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ। তেওঁ কৰ্ণাটকৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ এগৰাকী কণ্ঠশিল্পী আছিল। তেওঁ তেওঁৰ গভীৰ আৰু শক্তিশালী কণ্ঠৰ বাবে জনাজাত আছিল। গংগুবাঈ হংগল হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ কিৰানা ঘৰাণাৰ লগত জড়িত আছিল।

গম্ভৰী দেৱী

গম্ভৰী দেৱী এগৰাকী ভাৰতীয় লোক সংগীতশিল্পী, লোকনৃত্যশিল্পী, লোকসংস্কৃতিবিদ। হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত জন্ম গ্ৰহণ কৰা গম্ভৰী দেৱী হিমাচলী লোকসংস্কৃতিৰ পুৰোধা ব্যক্তি। তেওঁ হিমাচল প্ৰদেশৰ লোকসংগীত, লোকনৃত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱ ...

গায়ত্ৰী দেৱী

মহাৰাণী গায়ত্ৰী দেৱী মহাৰজা সাৱাই মান সিং দ্বিতীয়ৰ সৈতে বিবাহসূত্ৰে ১৯৪০ৰ পৰা ১৯৪৯লৈ জয়পুৰৰ তৃতীয় মহাৰাণী আছিল।

গায়ত্ৰী যোশী

গায়ত্ৰী যোশী হৈছে এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ২০০৪ চনত মুক্তিপ্ৰাপ্ত স্বদেশ।

গায়ত্ৰী শংকৰণ

গায়ত্ৰী শংকৰণ এগৰাকী দৃষ্টিহীন গায়িকা, যিয়ে কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত জগত এক সম্পদ। তাই কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত গায়িকা আৰু বেহালাবাদক। তেওঁ তামিলনাডু চৰকাৰৰ পৰা কালাইমামানি পুৰস্কাৰ পাইছে। সংগীতত তেওঁৰ অৱদানৰ বাবে ২০০৬ চনত ভাৰত সৰকাৰ ৰাষ্ট্ ...

গিৰিজা দেৱী

গিৰিজা দেৱী এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ চেনিয়া আৰু বেনাৰছ ঘৰণাৰ শিল্পী আছিল। তেওঁ শাস্ত্ৰীয় আৰু উপ-শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান কৰিছিল। শাস্ত্ৰীয় সংগীৰ এটি ভাগ থুমৰী সংগীতৰ লোকপ্ৰিয়কৰণত তে ...

গিৰীশ কৰ্ণাড

গিৰীশ ৰঘুনাথ কৰ্ণাড এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। ১৯৬০ৰ দশকত নৱ ভাৰতীয় নাট্যজগতত তেওঁ কন্নড় ভাষাৰ বিখ্যাত নাট ...

গীতা দত্ত

গীতা দত্ত এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আছিল। তেওঁ ব্ৰিটিছ ভাৰতৰ ফৰিদপুৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰত গীত গোৱাৰ উপৰিও অসংখ্য অচলচ্চিত্ৰীয় আধুনিক বঙালী গীতো গাইছে।

গীতা ভেংকটৰমণ

গীতা ভেংকটৰমণ এগৰাকী ভাৰতীয় মহিলা গণিতজ্ঞ। গীতা ভেংকটৰমণ বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ "স্কুল অব লিবাৰেল ষ্টাডিজ"ৰ এগৰাকী গণিতৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৩ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১০ চনলৈ চেইণ্ট ষ্টিফেন্স কলেজ, দিল্লীৰ গণিত বিভাগত অধ্যাপনা কৰ ...

গীতা হৰিহৰণ

গীতা হৰিহৰণ নতুন দিল্লীত বসবাস কৰা এগৰাকী ভাৰতীয় লেখক। তেওঁৰ প্ৰথমখন উপন্যাস দ্য থাউজেণ্ড ফেচেচ অৱ নাইটে ১৯৯৩ চনত, সৰ্বোশ্ৰেষ্ঠ প্ৰথম উপন্যাস শিতানত কমনৱেলথ ৰাইটাৰ্ছ্‌ প্ৰাইজ লাভ কৰিছে। তেওঁৰ অন্যান্য সৃষ্টিৰ ভিতৰত চুটি গল্প সংকলন দি আৰ্ট অৱ ডায ...

গীতাঞ্জলি থাপা

গীতাঞ্জলি থাপা এগৰাকী ভাৰতীয় অভিনেত্ৰী। বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছিক্কিমৰ গীতাঞ্জলি থাপাৰ বোলছবি প্ৰদৰ্শিত হোৱাৰ লগতে তেওঁৰ অভিনয় বিশেষ ভাবে সমাদৃত হৈছে। কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা লাভ কৰা গীতাঞ্জলিয়ে ...

গুলজাৰ

সম্পূৰণ সিং কাল্‌ৰা, গুলজাৰ ছদ্মনামেৰে বিখ্যাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ, চিত্ৰনাট্যকাৰ, প্ৰযোজক, কবি আৰু সাহিত্যিক। ব্ৰিটিছ ভাৰতৰ ঝিলাম জিলাত জন্মগ্ৰহণ কৰা গুলজাৰৰ পৰিয়ালে দেশ বিভাজনৰ পিছত ভাৰতলৈ গুচি আহে। সংগীত পৰিচালক এছ.ডি.বৰ ...

গুলজাৰিলাল নন্দা

গুলজাৰিলাল নন্দা ইংৰাজী: Gulzarilal Nanda ; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮ আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ৷ ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দা ...

গুলাব বাই

গুলাব বাই, জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় নৌটংকী অভিনেত্ৰী। নৌটংকী মূলতঃ উত্তৰ প্ৰদেশৰ লোক গীতিনাট্য। তেওঁ প্ৰচলিত লোক গীতিনাট্য নৌটংকীৰ প্ৰথম মহিলা শিল্পী। বহুতেই তেওঁক নৌটংকীৰ অগ্ৰণী খ্যাতিমান শিল্পী হিচাপে অভিহিত কৰে। তেও ...

গুৰু নানক

গুৰু নানক শিখ ধৰ্মৰ জনক তথা দহজন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰব ...

গোদাৱৰী দত্ত

গোদাৱৰী দত্ত এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এ ...

গোলাম মুস্তাফা খান

ওস্তাদ গোলাম মুস্তাফা খান এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ সংগীতজ্ঞ। তেওঁ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ সহসৱান ঘৰাণাৰ শিল্পী। ২০০৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় সংগী ...

গৌহৰ জান

গৌহৰ জান এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু নৃত্যশিল্পী আছিল। তেওঁ ভাৰতৰ ৭৮ আৰপিএম ৰেকৰ্ডত সংগীত ৰেকৰ্ড কৰা প্ৰথম প্ৰদৰ্শনকাৰীসকলৰ ভিতৰত অন্যতম আছিল। এয়া পিছলৈ গ্ৰামোফোন কোম্পানীৰ দ্বাৰা মুকলি কৰা হৈছিল। তেওঁ ভাৰতত গীত ৰেকৰ্ড কৰা প্ৰথম গৰাকী ব্যক্তি। ...

গৌৰী লংকেশ

গৌৰী লংকেশ আছিল ভাৰতৰ এগৰাকী সাংবাদিক আৰু সক্ৰিয় সমাজকৰ্মী। কৰ্ণাটকৰ বাংগালোৰত জন্মলাভ কৰা গৌৰী লংকেশে লংকেশ পত্ৰিকে নামৰ কন্নড় ভাষাৰ সাপ্তাহিক সংবাদপত্ৰখনত সম্পাদক হিচাপে কাম কৰিছিল। এইখন সংবাদপত্ৰ আৰম্ভ কৰিছিল তেখেতৰ পিতৃ পি.লংকেশে। নিজাববীয় ...

গৰ্গ চট্টোপাধ্যায়

গৰ্গ চট্টোপাধ্যায় অথবা গৰ্গ চেটাৰ্জী বাংলা পক্ষ নামৰ এটি বঙালি জাতিয়তাবাদী সংগঠনৰ প্ৰতিষ্ঠাতা তথা বৰ্তমান সভাপতি। তেওঁৰ নেতৃত্বত বাংলা পক্ষ নাগৰিকত্ব আইন, ২০১৯ আইনৰ বিৰোধিতা কৰিছে। । উল্লেখনীয় যে "কা" আন্দোলনত পশ্চিমবঙ্গৰ কিছুসংখ্যক দুৰ্বৃত্তৰ ...

ঘাসীদাস

সন্ত শিৰোমণি গুৰু ঘাসীদাসৰ জন্ম মধ্য ভাৰতৰ ছত্তীছগঢ় ৰাজ‍্যৰ বলৌদাবজাৰ জিলাৰ অন্তৰ্গত গিৰৌদপুৰী গাঁৱত ১৮ ডিচেম্বৰ ১৭৫৬ চনত হৈছিল। তেওঁৰ পিতৃৰ নাম মহংগুদাস আৰু মাতৃৰ নাম অমৰৌতিন আছিল। তেওঁৰ বাল‍্যকালৰ নাম আছিল ঘাচিয়া, কিন্তু সকলোৱে তেওঁক মৰমেৰে ঘ ...

চনু নিগম

চনু নিগম এজন ভাৰতীয় কণ্ঠশিল্পী। তেওঁ মূলতঃ হিন্দী আৰু কন্নড় ভাষাত গীত গাইছে। তদুপৰি তেওঁ উৰ্দু, তামিল, অসমীয়া, পঞ্জাবী, বঙালী মালয়ালম, মাৰাঠী, তেলুগু, আৰু নেপালী ভাষাৰ বোলছবিৰ গীততো কণ্ঠ নিগৰাইছে। তেওঁ কেইবাটাও ইণ্ডিপপ্‌ এলবাম মুকলি কৰিছে আৰু ...

চন্দ্ৰ শেখৰ

চন্দ্ৰ শেখৰ এজন ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী আছিল। কোনোধৰণৰ চৰকাৰী বিভাগ নচলোৱাকৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱা তেওঁ ভাৰতৰ একমাত্ৰ ৰাজনীতিবিদ। তেওঁৰ দ্বাৰা শাসিত চৰকাৰখনক "পুতলা" অথবা "দুৰ্ভগীয়া" বুলি অভিহিত কৰা হৈছিল। লোকসভাৰ খুব ...

চন্দ্ৰগুপ্ত মৌৰ্য

চন্দ্ৰগুপ্ত মৌৰ্য ৩৪০খ্ৰীঃপূঃ-২৯৮খ্ৰীঃপূঃ আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা সম্ৰাট। তেওঁ ভাৰতীয় উপমহাদেশৰ অধিকাংশ অঞ্চল জয় কৰিছিল। তেওঁক অবিভক্ত ভাৰতৰ প্ৰতিষ্ঠাতা তথা প্ৰথম সম্ৰাট বুলি ইতিহাসত স্থান দিয়া হয়। তেওঁৰ দ্বাৰা শাসিত অঞ্চল পূবে অসম আৰু বং ...

চন্দ্ৰমুখী বসু

চন্দ্ৰমুখী বসু এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা প্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা মহিলা। ১৮৬০ চনত ইউনাইটেড প্ৰভিনছ অফ আগ্ৰা এণ্ড অৱধৰ এক বঙালী-খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা চন্দ্ৰমুখী বসু ১৮৮২ চনত কাদম্বিনী গাংগুলীৰ সৈতে কলিকতা ...

চন্দ্ৰশেখৰ কম্বাৰ

চন্দ্ৰশেখৰ কম্বাৰ এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি। বহুকেই ...

চলমান খান

চলমান খান ইংৰাজী: Salman Khan এজন জনপ্ৰিয় ভাৰতীয় অভিনেতা, প্ৰযোজক তথা টেলিভিচন ব্যক্তিত্ব। তেওঁ বৰ্তমানলৈকে কেইবাখনো বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছে।

চাইখম মীৰাবাই চানু

চাইখম মীৰাবাই চানু এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক লাভ কৰিছে। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ ...