ⓘ Free online encyclopedia. Did you know? page 17

নানা পাটেকৰ

বিশ্বনাথ পাটেকৰ যি নানা পাটেকৰ নামে পৰিচিত হৈছে এগৰাকী ভাৰতীয় অভিনেতা, লেখক, সমাজ সেৱক আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কাম কৰে। ৰণবীৰ পুষ্প ৰচিত অগ্নি সাক্ষী চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা নান পাটেকৰে ...

নাৰ্গিছ

নাৰ্গিছ দত্ত বা চমুকৈ নাৰ্গিছ, বহুকেইখন দ্ৰুপদী বলিউড চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। হিন্দী বোলছবিৰ অন্যতম মহান অভিনেত্ৰী হিচাপে পৰিগণিত নাৰ্গিছে পাঁচবছৰ বয়সতে তালাছ-এ-হক চলচ্চিত্ৰত সৰু চৰিত্ৰ এটাৰে অভিনয়ৰ পাতনি মেলিছিল। ১ ...

নিগাৰ চুলতানা

নিগাৰ চুলতানা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ হিন্দী ভাষাৰ ‘আগ’, ‘পতঙ্গ’, ‘শীশ মহল’, ‘মীৰ্জা গালিব’, ‘ইহুদী’, ‘দো কলিয়া’ আদি ছবিত অভিনয় কৰি গৈছে। কিন্তু তেওঁক বুৰঞ্জীমূলক মহাকাব্যিক ছবি ‘মুগল-ই-আজম’ ছবিৰ বাহাৰ বেগমৰ চৰিত্ৰটোৰ বাবে বিশেষভাবে ...

নিদুমোলু সুমথি

নিদুমোলু সুমথি বা দণ্ডমুদি সুমথি ৰাম মোহন ৰাও এগৰাকী ভাৰতীয় আনদ্ধ বাদ্যযন্ত্ৰ বাদক। তেওঁ মৃদংগ বাদক হিচাপে বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছে। তেওঁ মৃদংগ গুৰু শ্ৰী দণ্ডমুদি ৰাম মোহন ৰাওৰ পত্নী। তেওঁ ভাৰতৰ প্ৰথম মহিলা মৃদংগবাদকসমূহৰ ভিতৰত এগৰাকী আৰু প্ ...

নিধি ৰাজদান

নিধি ৰাজদান এগৰাকী দূৰদৰ্শন সাংবাদিক। তেওঁ এন ডি টি ভি ২৪x৭ নামৰ ইংৰাজী ভাষাত প্ৰচাৰিত টেলিভিছন চেনেলটোত কৰ্মৰত। নিউ দেল্হী টেলিভিশ্যন ৰ মালিকানাধীন এই চেনেলটোৱে য়ে বাতৰি আৰু সাম্প্ৰতিক ঘটনাপ্ৰৱাহৰ বিশ্লেষণ ইত্যাদি সম্প্ৰচাৰ কৰে।

নিশা আগৰৱাল

নিশা আগৰৱাল এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলেগু, তামিল আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ দক্ষিণ ভাৰতীয় অভিনেত্ৰী কাজল আগৰৱালৰ সৰু ভনী।

নিৰ্মলা দেশপাণ্ডে

নিৰ্মলা দেশপাণ্ডে এগৰাকী ভাৰতীয় গান্ধী দৰ্শনৰ সমাজকৰ্মী। তেওঁ সামাজিক শান্তি-সম্প্ৰীতি, নাৰী সবলীকৰণ, জনজাতীয় লোক আৰু সমাজৰ অৱহেলিত লোকৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক দুবাৰকৈ সাংসদ হিচাপে ৰাজ্য সভালৈ মনোনীত কৰিছিল। ত ...

নিৰ্মলা যোশী

মাৰিয়া নিৰ্মলা যোশী জনপ্ৰিয় ভাবে চিষ্টাৰ নিৰ্মলা এগৰাকী ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ আছিল। তেওঁ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছায়ে স্থাপন কৰা মিছনাৰীজ অফ চেৰিটিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল। তেওঁ এই দায়িত্বভাৰ সফলতাৰে গ্ৰহণ কৰি বিদেশত তেওঁলোকৰ উ ...

নিৰ্মলা সীতাৰমন

নিৰ্মলা সীতাৰমন এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী। তেওঁ বিত্ত আৰু কৰ্পোৰেট বিভাগৰ ৰাজ্যিক ...

নীতা আম্বানী

নীতা দালাল মুকেশ আম্বানী এগৰাকী ভাৰতীয় মহিলা উদ্যমী। তেওঁ ৰিলাইয়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমান অধ্যক্ষ। ইয়াৰ লগতে তেওঁ ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অ-কাৰ্যবাহী সঞ্চালক। তেওঁৰ স্বামী মুকেশ আম্বাণী ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীছৰ অধ্যক্ষ আৰু প্ৰ ...

নীতা সেন

ভাৰতীয় শাস্ত্ৰীয় সংগীতত প্ৰশিক্ষিত নীতা সেন কলকাতাৰ অল ইণ্ডিয়া ৰেডিঅ’ৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। নীতা সেনে তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ত আধুনিক বঙালী সংগীতৰ ওপৰত মনোনিবেশ কৰিছিল। ১৯৭৭ চনত তেওঁ এ কে চেটাৰ্জীৰ দ্বাৰা পৰিচালিত আৰু ব ...

নীনা গুপ্তা

নীনা গুপ্তা দিল্লীত জন্মগ্ৰহণকাৰী প্ৰথিতযশা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেত্ৰী আৰু পৰিচালক-নিৰ্মাতা। ৱহ চকৰি চলচ্চিত্ৰত অভিনয় কৰে শ্ৰেষ্ঠ সহ-অভিনেত্ৰী শিতানত ১৯৯৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ভাৰতীয় বাণিজ্যধৰ্মী চলচ্চিত্ৰত জনপ্ৰ ...

নীনা গুপ্তা (গণিতজ্ঞ)

নীনা গুপ্তা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেওঁ বৰ্তমান কলকাতাত অৱস্থিত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ পৰিসংখ্যা আৰু গণিত গোটৰ সহযোগী অধ্যাপক। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে পৰিৱৰ্তনীয় বীজগণিত আৰু ৰূপান্তৰিত বীজগণিতীয় জ্যামিতি। ইয়াৰ আগতে তেওঁ ভাৰতীয ...

নীলম ক্লেৰ

নীলম ক্লেৰ এগৰাকী ভাৰতীয় চিকিৎসক আৰু শিশুৰোগ বিশেষজ্ঞ। তেওঁ এগৰাকী নিঅনেটোলজিষ্ট হিচাপে নৱজাতক গহন চিকিৎসা যত্ন আৰু ভেণ্টিলেচনৰ ওপৰত অগ্ৰণী অৱদানৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।তেওঁক অতি ক্ষুদ্ৰ পূৰ্বম্যাদী শিশুৰ বা জন্মতে ১০০০ গ্ৰামতকৈ কম ওজনৰ শিশ ...

নীলম সঞ্জীৱ ৰেড্ডী

নীলম সঞ্জীৱ ৰেড্ডী আছিল ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি। ভাৰতীয় কংগ্ৰেছ দলৰ লগত তেওঁ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ হৈছিল আৰু তাৰপিছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। অন্ধ্ৰপ্ৰদেশৰ প্ৰথমজন মুখ্য মন্ত্ৰী, লোকসভাত দু ...

নীলমণি দেৱী

নীলমণি দেৱী এগৰাকী ভাৰতীয় মৃৎ শিল্পী। মণিপুৰৰ পাৰম্পৰিক মৃৎ শিল্পক পুনৰুদ্ধাৰ প্ৰচেষ্টাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ এগৰাকী গুৰু কুমাৰ। তেওঁৰ সৃষ্টিসমূহ দুখন তথ্যচিত্ৰত মূল বিষয় হিচাপে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মণি কৌলৰ মিত্তি ঔৰ মানৱ আৰ ...

নীলাঞ্জনা দত্ত

নীলাঞ্জনা দত্ত হল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব । কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাব ...

নীলোৎপল বৰা

নীলোৎপল বৰা এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক। ২০১৭ চনত মুক্তিপ্ৰাপ্ত মাজুলী শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

নীৰজা ভানোট

নীৰজা ভানোট "পেন এম" বিমান প্ৰতিষ্ঠানৰ এগৰাকী বিমানসেৱিকা আছিল। ১৯৮৬ চনৰ ৫ চেপ্তেম্বৰৰ দিনা সন্ত্ৰাসবাদীৰ দ্বাৰা অপহৃত ‘পেন এম ফ্লাইট ৭৩’ বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা অদম্য সাহস, বিচক্ষণতা আৰু আত্মত্যাগৰ বাবে তেওঁক মৰোনোত্তৰ ভাৱে ...

নুৰান চিষ্টাৰ্চ

নুৰান চিষ্টাৰ্চ বা নুৰান ভগ্নীদ্বয় দুগৰাকী ভগ্নী জ্যোতি নুৰান আৰু চুলতানা নুৰানৰ বেণ্ড। ভাৰতৰ জলন্ধৰৰ এই বেণ্ড তেওঁলোকৰ চুফী সংগীতৰ প্ৰদৰ্শনৰ বাবে বিখ্যাত। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত পৰম্পৰাত তেওঁলোক শাম চৌৰাছিয়া ঘৰাণাৰ অন্তৰ্গত।

নূতন

নূতন সামৰ্থ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি নূতন নামেৰে বহুলভাৱে জনা যায়। প্ৰায় চাৰি দশকৰ কৰ্মময় জীৱনত তেওঁ ৭০তকৈও অধিক হিন্দী চলচ্চিত্ৰত মূল ভূমিকাত অভিনয় কৰিছে। ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি দক্ষ অভিনেত্ৰী বুলি তেওঁক গণ্য কৰা হয়। নূতনে ৫বাৰকৈ ...

নেক চান্দ চেনি

নেক চান্দ চেনি এজন স্ব-শিক্ষিত ভাৰতীয় শিল্পী যাক চণ্ডীগড়ৰ ১৮ একৰ মাটি আৱৰি ৰখা বিখ্যাত ৰক গাৰ্ডেনৰ নিৰ্মাতা হিচাপে জনা যায়। তেওঁ বৰ্তমানৰ পাকিস্তানৰ গুৰ্ডাচপুৰ জিলাৰ শ্বাকৰগড় এলেকাৰ আছিল। ১৯৪৭ চনত হোৱা দেশ বিভাজনৰ সময়ত তেওঁৰ পৰিয়ালটি আহি চণ ...

নোৰা পোলী

নোৰা মাৰ্গাৰেট পোলী ইংৰাজী: Nora Margaret Polley, ২৯ জুলাই ১৮৯৪-১৯৮৮ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা আছিল, যেতিয়া তেওঁ ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

নৰেন্দ্ৰ মোদী

নৰেন্দ্ৰ দামোদৰদাস মোদী বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। মোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত ...

নৰ্তকী নটৰাজ

নৰ্তকী নটৰাজ এগৰাকী ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী। ২০১১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। পদ্মশ্ৰী সন্মান লাভ কৰ ...

নৱনীত আদিত্য ৱাইবা

নৱনীত আদিত্য ৱাইবা নেপালী ভাষাৰ লোক গায়ক আৰু নেপালী ভাষাৰ লোক গায়িকা প্ৰয়াত হিৰা দেৱী ৱাইবাৰ কন্যা। হিৰা দেৱী ৱাইবা নেপালী লোকগীতৰ প্ৰবৰ্তক হিচাপে জনপ্ৰিয়।

নৱনীতা দেৱ সেন

নৱনীতা দেৱ সেন এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখক আছিল। কলা আৰু তুলনামূলক সাহিত্য অধ্যয়ন কৰাৰ পিছত অধিক অধ্যয়নৰ বাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে। তেওঁ বহু কেইখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে বহু কেইটা সাহিত্য বিষয়ক সংস্থাৰ বিভিন ...

পংকজ ত্ৰিপাঠী

পংকজ ত্ৰিপাঠী হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। হিন্দী ছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ২০০৪ চনত মুক্তিপ্ৰাপ্ত ৰাণ নামৰ হিন্দী ছবিখনত এটা সৰু চৰিত্ৰ ৰূপায়ণেৰে পংকজ ত্ৰিপাঠীয়ে চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে। ২০১২ চনত মুক্তিপ্ৰাপ্ত গেংছ অৱ্ ৱ ...

পণ্ডিত যশৰাজ

পণ্ডিত যশৰাজ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী, সংগীত প্ৰশিক্ষক তথা তবলা বাদক। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ মেৱাতী ঘৰাণাৰ অন্তৰ্ভুক্ত আছিল। প্ৰায় আঠ দশক জোৰা তেওঁৰ সাংগীতিক জীৱনত বহুতো ৰাষ্ট্ৰীয় তথা আন ...

পণ্ডিতা ৰমাবাঈ

পণ্ডিতা ৰমাবাঈ সৰস্বতী এগৰাকী নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ ভাৰতত মহিলাৰ শিক্ষা আৰু মুক্তিৰ অগ্ৰদূত আৰু সমাজ সংকাৰক আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা পণ্ডিতা আৰু সৰস্বতী উপাধি লাভ কৰা প্ৰথম মহিলা আছিল। তেওঁ ১৮৮৯ চনৰ কংগ্ৰেছ অধিৱেশনত ১ ...

পতঞ্জলি

পতঞ্জলিকৃত মহাভাষ্য উত্তৰ-পাণিনীয় যুগৰ সৰ্বশ্ৰেষ্ঠ ৰচনা হিচাপে স্বীকৃত। মূলতঃ পাণিনীয় ব্যাকৰণৰ ভাষ্য হ’লেও, ই মৌলিক গ্ৰন্থৰ তুল্য। বিস্তৃত পৰিসৰৰ হোৱা হেতুকে ইয়াৰ নাম মহাভাষ্য হৈছে। মহাভাষ্য"ত সৰ্বমুঠ ১৭১৩টা পাণিনীয় সূত্ৰৰ ব্যাখ্যা পোৱা যায়। ...

পত্ৰলেখা পাল

পত্ৰলেখা মিশ্ৰ পাল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ হানছাল মেহটাৰ দ্বাৰা পৰিচালিত হিন্দী চলচ্চিত্ৰ ’চিটি লাইটছ’ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলে। এই চলচ্চিত্ৰখনে ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসাও লাভ কৰে। পত্ৰলে ...

পদ্মজা নাইডু

পদ্মজা নাইডু এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ পশ্চিম বংগৰ পঞ্চম ৰাজ্যপাল আছিল। তেওঁ পশ্চিম বংগৰ প্ৰথম মহিলা ৰাজ্যপাল আৰু ভাৰতৰ ৰাজ্যসমূহৰ দ্বিতীয় গৰাকী মহিলা ৰাজ্যপাল। তেওঁৰ মাতৃ সৰোজিনী নাইডু উত্তৰ প্ৰদেশ তথা ভাৰতৰ ৰাজ্ ...

পদ্মা সুব্ৰামনিয়াম

পদ্মা সুব্ৰামনিয়াম হল এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ভাৰতনাট্যম নৃত্য পটিয়সী। একেসময়তে তেওঁ এগৰাকী গৱেষক, কৰিঅগ্ৰাফাৰ, সংগীত ব্যৱস্থাপক, সংগীতকাৰ, শিক্ষক, ইণ্ডোলজিষ্ট আৰু লেখক। ভাৰতৰ লগতে বিদেশতো তেওঁ জনপ্ৰিয়। জাপান, অষ্ট্ৰেলিয়া, ৰাছিয়াৰ দৰে দেশ ...

পদ্মাৱতী বন্দ্যোপাধ্যায়

এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়, পিভিএছএম, এভিএছএম, ভিএছএম ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা। ইয়াৰ লগতে তিনিতাৰকাযুক্ত পদবীত অধ ...

পাওলি দাম

পাওলি দাম হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী; যিয়ে বঙালী ভাষাৰ টেলিভিছন ধাৰাবাহিক জীৱন নিয়ে খেলা ৰ জৰিয়তে কেৰিয়াৰৰ আৰম্ভ কৰিছিল। পাওলি দামে কলিকতাত শৈশৱ অতিবাহিত কৰিছে আৰু ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন ...

পাণিনি

পাণিনি হৈছে এগৰাকী প্ৰাচীন ভাৰতীয় সংস্কৃত ব্যৈয়াকৰণিক, মহৰ্ষিত বা মহামুনি। তেওঁৰ জীৱনকাল আনুমানিক খ্ৰীঃ পূঃ পঞ্চম শতাব্দীৰ ভিতৰত। পাণিনি অষ্টাধ্যায়ী ব্যাকৰণৰ প্ৰণেতা হিচাপে খ্যাত।

পাপ্পাম্মাল

পাপ্পাম্মাল এগৰাকী ভাৰতীয় খেতিয়ক। তেওঁ তামিলনাডুত জৈৱিক কৃষি পদ্ধতিৰে খেতি কৰাৰ বাবে বিখ্যাত। ১০৫ বছৰ বয়সতো তেওঁ এতিয়াও সক্ৰিয়ভাৱে কৃষিৰ লগত জড়িত। সেয়ে তেওঁক কৃষি ক্ষেত্ৰৰ লগত জড়িত আটাইতকৈ বয়সস্থ কৃষক বুলি অভিহিত কৰা হয়। তেওঁক জৈৱিক কৃষ ...

পালি চন্দ্ৰা

পালি চন্দ্ৰা হৈছে এগৰাকী কথক নৃত্যশিল্পী, কৰিঅগ্ৰাফাৰ বা নৃত্য পৰিচালক, ডিজিটেল নৃত্য প্ৰশিক্ষক, মেণ্টৰ আৰু শৈল্পিক পৰিচালক। তেখেতে "কথক দূত" হিচাপে পৰিচিত। কথক নৃত্যশৈলীত প্ৰশিক্ষিত হোৱা পালি চন্দ্ৰাই বিগত প্ৰায় ত্ৰিশটা বছৰ ধৰি এইবিধ নৃত্যৰ প্ৰ ...

পাৰ্থ চট্টোপাধ্যায়

ড॰ পাৰ্থ চট্টোপাধ্যায় বঙালী সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এজন ব্যক্তি। পাৰ্থ চট্টোপাধ্যায়ৰ জন্ম হয় ১৯৩৯ চনত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙ্গা গাঁৱত।

পাৰ্বতী বাউল

পাৰ্বতী বাউল এগৰাকী ভাৰতীয় বাউল লোকসংগীত শিল্পী, সংগীতজ্ঞ আৰু কাহিনী কথক। তেওঁ বাউল সংগীত জনপ্ৰিয় মাধ্যমত প্ৰকাশ কৰাৰ বাবে বিখ্যাত। তেওঁ বাউল গীতৰ তত্ত্ব কথা তেওঁৰ সাধক শিষ্যসকলৰ মাজত গল্পৰ মাধ্যমত তুলি ধৰে। বাউল সাধিকা ফুলমালি দাসী, সনাতন দাস ...

পি. টি. উষা

পিলাৱুল্লাকাণ্ডি থেক্কেপৰম্বিল উষা এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ড্ এথলিট। ১৯৭৯ চনৰ পৰাই তেওঁ ভাৰতীয় এথলেটিকছৰ সৈতে জড়িত হৈ আছে। তেওঁক ভাৰতীয় ট্ৰেক্ এণ্ড্ ফিল্ডৰ ৰাণী বুলিও জনা যায়।

পিঙ্গলি ভেংকয়া

পিঙ্গলি ভেংকয়া হৈছে এগৰাকী ভাৰতী স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা। তেখেতে প্ৰস্তুত কৰা আৰ্হিৰ আধাৰত ভাৰতৰ সদ্য ব্যৱহৃত জাতীয় পতাকাখন ৰূপাঙ্কণ কৰা হৈছিল। ইয়াৰ আগত বিভিন্ন সময়ত বিভিন্ন আৰ্হিৰ পতাকা স্বাধীনতা সংগ্ৰামত ...

পিনাকী চন্দ্ৰ ঘোষ

পিনাকী চন্দ্ৰ ঘোষ ভাৰতৰ প্ৰথম তথা বৰ্তমান লোকপাল। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ আগতে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ...

পীয়ূষ মিশ্ৰ

পীয়ূষ মিশ্ৰ ইংৰাজী: Piyush Mishra এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা। তেওঁ গীতিকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপেও সুপৰিচিত। তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ ১৯৮৬ চনৰ এজন স্নাতক।

পুনিতা অৰোৰা

চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ। তেওঁ ভাৰতীয় থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী লেফ্টটেনেণ্ট জেনেৰেল আৰু ভাৰতীয় নৌসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবী ভাইচ এডমিৰেল পদত অধিষ্ঠিত হোৱা ...

পুৰুষোত্তম দাস টেণ্ডন

পুৰুষোত্তম দাস টেণ্ডন এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল। গোৰখপুৰ সাধু সমাজৰ পৰা ৰাজৰ্ষি উপাধিৰে সন্মানিত হৈছিল তেওঁ। প্ৰয়াগ বিদ ...

পূজা শৰ্মা

পূজা শৰ্মা এগৰাকী ভাৰতীয় টেলিভিচনৰ অভিনেত্ৰী আৰু মডেল যিয়ে ষ্টাৰপ্লাছৰ মহাভাৰতত দ্ৰৌপদীৰ চৰিত্ৰত আৰু কালাৰ্চ টিভিৰ মহাকালী - অন্ত হী আৰম্ভ হ্যেত মহাকালী/পাৰ্ৱতীৰ চৰিত্ৰত অভিনয়ৰ বাবে জনাজাত।

পূৰ্ণিমা অৰবিন্দ পাকভাসা

পূৰ্ণিমা অৰবিন্দ পাকভাসা এগৰাকী ভাৰতীয় সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা নৃত্যশিল্পী। জনপ্ৰিয়ভাৱে তেওঁক দিদি অফ ডং বুলি জনা যায়। ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।

পূৰ্ণিমা সিন্‌হা

পূৰ্ণিমা সিন্‌হা আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ অধীনত গৱেষণা কৰিছিল। পূৰ্ণিমা সিন্‌হাক পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথমগৰাকী বঙালী মহিলা হিচাপে অভিহিত কৰা হয়।