ⓘ Free online encyclopedia. Did you know? page 18

প্ৰকাশী তোমৰ

প্ৰকাশী তোমৰ এগৰাকী ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জেষ্ঠ্যতম শ্বাৰ্প শ্বুটাৰৰ ভিতৰত অন্যতম। তেওঁক জনপ্ৰিয়ভাবে শ্বুটাৰ দাদী আৰু ৰিভলভাৰ দাদী বুলি জনা যায়। হিন্দী ভাষাত দাদীৰ অৰ্থ হৈছে আইতা। তেওঁ বিশ্বৰ শ্বুটিং সমাজৰ এক জনপ্ৰিয় প্ৰতীক ৰূপ ...

প্ৰণব মুখাৰ্জী

প্ৰণব কুমাৰ মুখাৰ্জী ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ৰ পৰা ২০১২ চ ...

প্ৰণৱ মিস্ত্ৰী

প্ৰণৱ মিস্ত্ৰী এজন ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। শেহতীয়াকৈ তেওঁ Samsung electronics-ৰ গৱেষণা সঞ্চালক হিচাপে যোগদান কৰিছে আৰু তেওঁ থিংক টেংক গোট ৰ নেতৃত্ব বহন কৰিছে। পূৰ্বতে তেওঁ মাছাছুটেছ ইনষ্টিউট অৱ টেকনলজি-ৰ MIT Media Lab-ত গৱেষণা সহযোগী আৰু পি ...

প্ৰতিভা ৰায়

প্ৰতিভা ৰায় এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। ২০১১ বৰ্ষত তেওঁক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিভা ৰায়ৰ জন্ম হয় ১৯৪৩ চনৰ ২১ জানুৱাৰীত উৰিষ্যাৰ অবিভক্ত কটক জিলাত। বালিকুডা অঞ্চলৰ এখন অত্যন্ত ভিতৰুৱা ...

প্ৰতিমা বন্দোপাধ্যায়

প্ৰতিমা বন্দোপাধ্যায় বঙালী চলচ্চিত্ৰীয় তথা অচলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী আছিল, যিয়ে বিশেষকৈ ১৯৫০ৰ পৰা ৭০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে।

প্ৰতিমা বেদী

প্ৰতিমা গৌৰী বেদী আছিল এগৰাকী ভাৰতীয় মডেল তথা ওদিছি নৃত্যশিল্পী। ১৯৯০ চনত তেওঁ বেংগালুৰুত নৃত্যগ্ৰাম নামৰ এক নৃত্যৰ প্ৰতিষ্ঠান স্থাপন কৰিছিল।

প্ৰতিষ্ঠা শৰ্মা

প্ৰতিষ্ঠা শৰ্মা হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী। তেখেত আচাৰ্যা প্ৰতিষ্ঠা হিচাপে কৰ্মৰত। প্ৰতিষ্ঠা শৰ্মা এগৰাকী যোগৰ শিক্ষক আৰু প্ৰসাৰকো। তেখেতে "ভাৰত কলেজ অৱ পাৰফৰ্মিং আৰ্ট" নামৰ শিক্ষানুষ্ঠানখনি স্থাপন কৰে।

প্ৰফুল্ল চন্দ্ৰ ৰায়

আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায় এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আৰু জনহিতৈষী ব্যক্তি আছিল। তেওঁ ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেওঁক ভাৰতীয় ৰাসায়নিক বিজ্ঞানৰ পিতৃ বুলি গণ্য ...

প্ৰভাত মুখাৰ্জী

প্ৰভাত মুখাৰ্জী এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু গ্ৰন্থ ৰচয়িতা আছিল। তেওঁ বঙালী, অসমীয়া, উৰিয়া আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰিছে। মুখাৰ্জীৰ কৰ্মজীৱনৰ আৰম্ভণি আকাশবাণী যোগে। ১৯৫০ত বঙালী চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। ১৯৫৬ত প্ৰথম ছবি ...

প্ৰভাস

ভেংকট সত্যনাৰায়ণ প্ৰভাস ৰাজু উপ্পলপতি, চমুকৈ প্ৰভাস নামেৰে পৰিচিত ভাৰতীয় অভিনেতা গৰাকী তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। প্ৰভাসে ২০০২ চনৰ তেলেগু এক্সন ড্ৰামা ফিল্ম ঈশ্বৰখনৰ দ্বাৰা চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ মিৰ্চি চ ...

প্ৰভাৱতী দেৱী

প্ৰভাৱতী দেৱী নাৰায়ণ এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বিহাৰৰ নিবাসী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত মুক্তি যুঁজাৰু তথা সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ পত্নী।

প্ৰভাৱতী দেৱী সৰস্বতী

প্ৰভাৱতী দেৱী সৰস্বতী এগৰাকী বঙালী ভাষাৰ লেখক আৰু ওপন্যাসিক। তেওঁৰ উপন্যাস ‘বিজিতা’ৰ আধাৰত ‘ভাঙাগড়া’ নামেৰে বঙালী চলচ্চিত্ৰ এখন নিৰ্মাণ কৰা হৈছিল, যিখন ছবিৰ হিন্দী আৰু মালায়ালম ভাষাৰ উপৰিও অসমীয়াতো আজলী নবৌ নামেৰে ৰিমেক হৈছিল।

প্ৰাণ কুমাৰ শৰ্মা

প্ৰাণ কুমাৰ শৰ্মা, প্ৰাণ ৰূপে প্ৰসিদ্ধ, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট৷ তেওঁক প্ৰধানকৈ জনপ্ৰিয় চাচা চৌধুৰী নামৰ কমিক চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়৷ ইয়াৰ উপৰিও তেওঁ শ্ৰীমতীজী, পিংকী, বিল্লু, ৰমণ আদি কমিক চৰিত্ৰৰ সৃষ্টি কৰিছে৷ ২০১৪ চনৰ ৬ আগষ্ট ...

প্ৰিঞ্চ নাৰুলা

প্ৰিঞ্চ নাৰুলা এজন ভাৰতীয় মডেল আৰু অভিনেতা। তেওঁ এমটিভি ৰডীজ ১২ আৰু এণ্ডটিভিৰ বঢ়ো বহুত লাকীৰ ভূমিকা গ্ৰহণ কৰাৰ বাবে জনাজাত। ২০১৫ চনত তেওঁ ৰিয়েলিটী শ্ব বিগ্ বছ ডাবল ট্ৰাবল ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰি জয় লাভ কৰে।

প্ৰিয়ংকা গান্ধী

প্ৰিয়ংকা গান্ধী, অথবা বিবাহিত নাম প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূব উত্তৰ প্ৰদেশৰ দায়িত্বত থকা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ মহাসচিব। তেওঁ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ ছোনিয ...

প্ৰিয়ংকা চোপ্ৰা

প্ৰিয়ংকা চোপ্ৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তাম ...

প্ৰিয়ম্বদা নটৰাজন

প্ৰিয়ম্বদা নটৰাজন Natarajan) হৈছে এগৰাকী ভাৰতীয় মূলৰ তাত্ত্বিক জ্যোতিপদাৰ্থবিজ্ঞানী। তেখেতে য়েল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা। কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিৰ অনুসন্ধানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বা ...

প্ৰিয়ামণি

প্ৰিয়া বাসুদেব মণি আয়াৰ প্ৰিয়ামণি হিচাবে পৰিচিত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী প্ৰাক্তন মডেল, তেওঁ তেলুগু, কন্নড়, তামিল, মালায়ালাম আৰু হিন্দী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটাৰ লগতে বিভিন্ন ভাষাৰ চলচ্চিত্ ...

প্ৰেমচন্দ

প্ৰেমচন্দ হিন্দী আৰু উৰ্দু ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ। তেওঁ সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, ...

প্ৰেমলতা অগ্ৰৱাল

প্ৰেমলতা অগ্ৰৱাল এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ বিশ্বৰ সাত মহাদেশৰ প্ৰত্যেকৰে সৰ্বোচ্চ পৰ্বত শৃংগ বা উচ্চতম স্থান আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। ২০১৩ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৭ চনত প ...

প্ৰেৰণা দেশপাণ্ডে

প্ৰেৰণা দেশপাণ্ডে এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী। তেখেতে সাত বছৰ বয়সতে শৰদিনী গোলৰ পৰা কথক শিকিছিল। ১৫ বছৰ তেওঁ প্ৰথম নৃত্য পৰিবেশন কৰিছিল। তাৰ পাছত তেখেত ৰোহিনী ভাটেৰ পৰা গুৰু-শিষ্য পৰম্পৰা ঐতিহ্যৰ অধীনত কথক অধ্যয়ন কৰে, লক্ষ্ণৌ আৰু জয়পুৰ ঘৰান ...

পৰিনীতি চোপ্ৰা

পৰিনীতি চোপ্ৰা হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। পৰিনীতিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। তেখেতে এতিয়ালৈকে এটা ফিল্মফেয়াৰ বঁটা, এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ছবিজগতৰৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বতে পৰিনীতিয়ে ইনভেষ্ট ...

ফাটিমা ছানা শ্বেইখ

ফাটিমা ছানা শ্বেইখ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ফাটিমাক জনা যায়। চলচ্চিত্ৰৰ উপৰি তেখেতে দূৰদৰ্শনৰ পৰ্দাতো অভিনয় কৰিছে। ফাটিমাই ছাছী ৪২০ আৰু ওৱান টু কা ফৰ নামৰ হিন্দী ছবি দুখনত শিশু শিল্পী হিচাপে ভূমুকি মাৰিছ ...

ফাটিমা বিবি

এম. ফাটিমা বিবি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা। উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰ ...

ফাটিমা বেগম

ফাটিমা বেগম এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালিকা আৰু চিত্ৰনাট্য ৰচয়িতা। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালিকা বুলি ভবা হয়। ছবিজগতত প্ৰবেশ কৰাৰ চাৰি বছৰৰ ভিতৰতে তেওঁ চিত্ৰনাট্য ৰচনা, পৰিচালনা আৰু প্ৰযোজনাৰ ক্ষেত্ৰখনতো নিজৰ স্থিতি সাব্যস্ ...

ফাৰহান আখতাৰ

ফাৰহান আখতাৰ এগৰাকী ভাৰতীয় কথাছবি পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, অভিনেতা, গায়ক, গীতিকাৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালক। তেওঁৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী। সৰুৰে পৰাই হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰভাৱ লাভ কৰা ফাৰহান আখতাৰে লমহে আৰু হিমালয় ...

ফিয়েৰলেচ নাদিয়া

মেৰী এন ইভান্স বা জনপ্ৰিয়ভাবে ফিয়েৰলেচ নাদিয়া এগৰাকী অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন। তেওঁৰ মঞ্চ নাম ফিয়েৰলেচ নাদিয়া বা নিৰ্ভীক নাদিয়াৰ দ্বাৰা জনাজাত আছিল। অষ্ট্ৰেলিয়ানমূলৰ এজন ভাৰতীয় অভিনেত্ৰী আৰু ষ্টাণ্টমহিলা নাদিয়ায়ে ...

ফুলন দেৱী

ফুলন দেৱী প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় লোকসভাৰ এগৰাকী সাংসদ আছিল; যাৰ জনপ্ৰিয় নাম আছিল দস্যু ৰাণী ফুলন দেৱী । তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈয়ো তেওঁ ন্যায় পোৱা নাছিল; যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালি ...

বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়

বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ। তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্‌ গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।

বনশ্ৰী সেনগুপ্ত

বনশ্ৰী সেনগুপ্ত ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।

বল্লভভাই পেটেল

চৰ্দাৰ বল্লভভাই পেটেল) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় যুঁজাৰু, ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু ভাৰতীয় গণতন্ত্ৰৰ এজন অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী আছিল। তেওঁ ১৯২৪ চনৰ আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত ...

বাইশালী মহান্তি

বাইশালী মহান্তি তেওঁ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিকল্পক, লেখক, স্তম্ভ লেখক আৰু বিদেশী তথা জননীতিৰ বিশ্লেষক। তেওঁ আমেৰিকান বাণিজ্যিক আলোচনী ফৰ্বচ্, দ্যা হাফিংটন পোষ্ট, দ্যা ডিপ্লোমেট আৰু অপেন ডেমোক্ৰেচি, লণ্ডন সহ ভালেমান নামী ...

বাচেন্দ্ৰী পাল

গাঢ়ৱাল জিলা নাকুৰি গাঁৱত ১৯৫৪ চনৰ ২৪ মেত বাচেন্দ্ৰী পালৰ জন্ম হয়। ১২ বছৰ বয়সত এবাৰ বনভোজ খাবলৈ যাওঁতে তেখেতেৰ পৰ্বতাৰোহণৰ লগত পৰিচয় হয়। সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠান NIM-Nehru Institute of Mountai ...

বাণী ভজন

বাণী ভজন হৈছে তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম -ত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ফেশ্বন মডেল। তেওঁ মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। টেলিভিচনৰ দৈৱমঙ্গল ধাৰাবাহিকৰ সত্যা চৰিত্ৰৰ অভিনয় কৰাত তেওঁ অধিক জনাজাত হয়, যাৰ ফলত ব ...

বানু জাহাংগীৰ কয়াজী

বানু জাহাংগীৰ কয়াজী পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণত এগৰাকী ভাৰতীয় চিকিৎসক তথা সমাজকৰ্মী। তেওঁ পুনেৰ কিং এডৱাৰ্ড মেমৰিয়েল হস্পিটেলৰ পৰিচালক আছিল আৰু ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ৰাজ্য মহাৰাষ্ট্ৰৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্য কৰ্মীসকলৰ কাৰ্যসূচী ...

বানৱাৰীলাল পুৰোহিত

বানৱাৰীলাল পুৰোহিত এজন ভাৰতীয় ৰাজনৈতিক নেতা তথা বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল। তেওঁ অসমৰ প্ৰাক্তন ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ১৭ আগষ্ট ২০১৬ চনত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। ২০১৭ চনৰ ২৭ জানুৱাৰী তাৰিখে তেওঁ মেঘাল ...

বাল গঙ্গাধৰ তিলক

বাল গঙ্গাধৰ তিলক এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি। তেওঁৰ জন্মগত নাম কেশৱ গঙ্গাধৰ তিলক। তেওঁ লাল-বাল-পাল ত্ৰিমূৰ্তিৰ এজন। তিলক ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি। ...

বালকৃষ্ণ দোশী

বালকৃষ্ণ বিঠালদাস দোশী এজন ভাৰতীয় স্থাপত্যবিদ। তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত হল, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বে ...

বালাসৰস্বতী

তাঞ্জোৰ বালাসৰস্বতী, চমুকৈ বালাসৰস্বতী এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ দক্ষিণ ভাৰতৰ তামিলনাডু অঞ্চলত উদ্ভৱ হোৱা ভাৰতনাট্যমৰ পাৰদৰ্শী নৃত্যশিল্পী। ভাৰত তথা বিশ্বদৰবাৰত ভাৰতনাট্যমক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ অশেষ অৱদান আগবঢ়াইছে। ১৯৫৫ চনত তে ...

বাসন্তী বিষ্ট

বাসন্তী বিষ্ট এগৰাকী ভাৰতীয় লোকসংগীতশিল্পী। তেওঁ উত্তৰাখণ্ডৰ জাগৰ লোকসংগীতৰ প্ৰথম মহিলা শিল্পী হিচাপে জনাজাত। জাগৰ দেৱ-দেৱীসমূহক আহ্বান কৰা একপ্ৰকাৰৰ পুৰুষপ্ৰধান লোক সংগীত। কিন্তু বাসন্তী বিষ্টয়ে পৰম্পৰা ভংগ কৰি বৰ্তমান নিজকে উল্লেখযোগ্য জাগৰ শ ...

বাসু চেটাৰ্জী

বাসু চেটাৰ্জী এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। চিত্ৰনিৰ্মাতা হৃষিকেশ মুখাৰ্জী আৰু বাসু ভট্টাচাৰ্যৰ দৰে বাসু চেটাৰ্জীও আছিল ১৯৭০ৰ পৰা ১৯৮০ৰ দশকৰ মধ্যম চিনেমা বা মধ্যম ৰাস্তাৰ চিনেমাৰ অগ্ৰদূত। হৃষিকেশ মুখাৰ্জী আৰু বাসু ভট্টাচাৰ্যৰ চ ...

বি. আৰ. চোপ্ৰা

বি. আৰ. চোপ্ৰা আছিল এগৰাকী হিন্দী চলচ্চিত্ৰৰ নিৰ্মাতা তথা নিৰ্দেশক। তেখেতে নয়া দৌৰ, কানূন, ৱক্ত, হমৰাজ আদি চলচ্চিত্ৰৰ উপৰিও ১৯৮০ৰ দশকত দূৰদৰ্শনৰ ধাৰাৱাহিক মহাভাৰত নিৰ্মাণ কৰি জনপ্ৰিয় হৈছিল। ১৯৯৮ চনত তেখেতে চলচ্চিত্ৰৰ বঁটা দাদাচাহেব ফাল্কে বঁটা ...

বি. বিজয়ালক্ষ্মী

বি. বিজয়ালাক্ষ্মী আছিল এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সত্ত্বেও তেখেতৰ বৈজ্ঞানিক অনুসন্ধিৎসা আৰু জিজ্ঞাসু মানসিকতাৰ হীনদেঢ়ি ঘটা নাছিল। সমাজ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনতো এসময়ত সক্ৰিয় হৈ উঠা বিজয়ালক্ষ্মীয়ে ১৯৭৮ ...

বিক্ৰম শেঠ

বিক্ৰম শেঠ হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ কেইবাখনো উপন্যাস আৰু কাব্যগ্ৰন্থ ৰচনা কৰিছা। তেওঁ পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, প্ৰবাসী ভাৰতীয় সন্মান, ডব্লিউ এইচ স্মিথ সাহিত্যিক বঁটা, ক্ৰছৱৰ্ড বুক এৱাৰ্ড আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছ ...

বিক্ৰম সাৰাভাই

বিক্ৰম অম্বালাল সাৰাভাই এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল। স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁ ...

বিক্ৰমজিৎ কঁৱৰপাল

বিক্ৰমজিৎ কঁৱৰপাল এজন ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন অভিনেতা আছিল। তেওঁ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল। কঁৱৰপালে বহুতো চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত সহায়কৰ ভূমিকাত অভিনয় কৰিছিল। কঁৱৰপালে ২৪ নামৰ জনপ্ৰিয় দূৰদৰ্শন ছিৰিজত অভিনেতা অনিল কাপুৰ ...

বিছমিল্লাহ খান

বিছমিল্লা খান এগৰাকী ভাৰতীয় সংগীতজ্ঞ যি চেহনাইৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পৰম্পৰাগত ভাৰতীয় অনুষ্ঠানত চেহনাই বাদন পূৰ্বৰ পৰা কৰি অহা হৈছিল যদিও বিছমিল্লা খানে ইয়াৰ মান উচ্চ কৰি মঞ্চলৈ অনাত সহায় কৰিছিল। ছিয়া সম্প্ৰদায়ী মুছলমান য ...

বিজয় (অভিনেতা)

জোচেফ বিজয় চন্দ্ৰশেখৰ, চমুকৈ বিজয় নামেৰে পৰিচিত ভাৰতীয় অভিনেতা গৰাকী তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ অভিনেতাৰ লগতে একাধাৰে নৃত্যশিল্পী, নেপথ্য গায়ক আৰু সমাজ সেৱক। ফেন তথা মিডিয়াসকলৰ মাজত তেওঁ" থালাপাথি” কমাণ্ডাৰ নামে বেচি পৰিচিত। বিজ ...

বিজয় টেণ্ডুলকাৰ

বিজয় টেণ্ডুলকাৰ মাৰাঠী ভাষাৰ এজন আগশাৰীৰ ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ আৰু ধাৰাবাহিক লিখক, সাহিত্যিক, ৰাজনৈতিক সংবাদকৰ্মী। মহাৰাষ্ট্ৰত পাঁচোটা দশক ধৰি, তেখেতৰ নাটক আৰু থিয়েটাৰ সমূহে প্ৰভাৱিত কৰি ৰাখিছিল।

বিজয়লক্ষ্মী পণ্ডিত

বিজয়লক্ষ্মী পণ্ডিত এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ আটা ...