ⓘ Free online encyclopedia. Did you know? page 19

বিনয় মজুমদাৰ

বিনয় মজুমদাৰ বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

বিনালক্ষ্মী নেপ্ৰাম

বিনালক্ষ্মী নেপ্ৰাম এগৰাকী মানৱসেৱা কৰ্মী, লেখিকা আৰু সমাজসেৱিকা৷ তেওঁ উত্তৰ-পূব ভাৰত বিশেষকৈ মণিপুৰৰ হিংসা আৰু সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰাৰ প্ৰচেষ্টা চলাই আহিছে৷ হিংসাৰ বলি হোৱা মহিলা আৰু পৰিয়ালসমূহৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈকো তেওঁ ...

বিনিতা বালী

১৯৭৫ চনত বিনিতা বালীয়ে দিল্লী বিশ্ববিদ্যালয় অধীনস্থ লেডি শ্ৰীৰাম কলেজ অৱ ৱমেন ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। তাৰপিছত তেখেতে যমনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিছৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত এটা জলপানি লাভ কৰি ...

বিনেশ ফোগাট

বিনেশ ফোগাট এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। গীতা ফোগাট আৰু ববিতা কুমাৰীৰ দৰে সফল আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধা তেওঁৰ সম্বন্ধীয় ভগ্নী। এই দুই ভগ্নীয়ে কমনৱেলথ পদক লাভ কৰিছে। বিনেশ ফোগাট কমনৱেলথ আৰু এছিয়ান গেমছ উভয়তে স্বৰ্ণপদক অৰ্জন কৰা প্ৰথমগৰাকী ...

বিনোদ কৃষন

বিনোদ কৃষন, হৈছে এগৰাকী পদাৰ্থ বিজ্ঞানী, এগৰাকী জ্যেষ্ঠ অধ্যাপক, আৰু বাংগালোৰস্থিত ভাৰতীয় জ্যোতিপদাৰ্থবৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিজ্ঞানৰ "ডিন"। তেখেত প্লাজমা পদাৰ্থ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষণৰ সৈতে জড়িত। তদুপৰি, তেখেত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভা ...

বিনোদ খান্না

বিনোদ খান্না এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ নিৰ্বাচিত হৈছিল। ২০০২ চনৰ জুলাইত বিনোদ খান্না অটল বিহাৰী বাজপায়ীৰ মন্ত্ৰীসভাত সাংস্কৃতিক আৰ ...

বিনোদিনী দাসী

বিনোদিনী দাসী এগৰাকী কলকাতাৰ বঙালীভাষী প্ৰখ্যাত মঞ্চ অভিনেত্ৰী আছিল, যাক নটী বিনোদিনী বুলিও জনা যায়। ১৯১৩ চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনী ‘আমাৰ কথা’ত উল্লেখ কৰা মতে ১২ বছৰ বয়সতে তেওঁ অভিনয় আৰম্ভ কৰিছিল আৰু ২৩ বছৰ বয়সত অভিনয় জীৱনৰ সামৰণি মাৰিছিল।

বিনোৱা ভাৱে

বিনায়ক নৰহৰি "বিনোৱা" ভাবে ; ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী, আৰু অহিংসা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ভূদান আন্দোলনৰ বাবে জনাজাত ভাবেক আচাৰ্য বুলি মতা হৈছিল। মহাত্মা গান্ধীৰ প্ৰধান শিষ্য ভাবেৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব ...

বিন্দু (অভিনেত্ৰী)

বিন্দু নানুভাই দেশাই এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাৰ জনপ্ৰিয় নাম হৈছে বিন্দু । আশীৰ দশকত জনপ্ৰিয়তাৰ এক সুকীয়া স্থানত আৰোহণ কৰা বিন্দুৱে চাৰিটা দশক ব্যাপি থকা নিজৰ সুদীৰ্ঘ কেৰিয়াৰত প্ৰায় ডেৰ শতাধিক ছবিত অভিনয় কৰিছে। তেখেতে এতিয়ালৈকে সাতটা ফিল ...

বিন্দু মালিনী

বিন্দুমালিনী নাৰায়ণস্বামী বা চমুকৈ বিন্দু মালিনী এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সুৰকাৰ আৰু গ্ৰাফিক ডিজাইনাৰ। ২০১৮ চনত তেওঁ কানাড়া ছবি নাথিচাৰামীত তেওঁৰ মাৱাভি মনৱে গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ...

বিন্নী য়াংগা

বিন্নী য়াংগা এগৰাকী ভাৰতীয় সমাজ কৰ্মী আছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য আছিল আৰু ওজু ৱেলফেয়াৰ এছোচিয়েচনৰ প্ৰতিষ্ঠাতা। ওজু ৱেলফেয়াৰ এছোচিয়েচন অৰুণাচল প্ৰদেশত অৱস্থিত এক বেচৰকাৰী সংগঠন আৰু ই সমাজৰ দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাব ...

বিবেক দেবৰয়

বিবেক দেবৰয় ৰ ১৯৫৫ চনৰ ২৫ জানুৱাৰিত তেখেতৰ জন্ম হৈছিল। ব্যক্তিগত জীৱনত তেওঁ এজন অৰ্থনীতিবিদ। নতুন দিল্লীত অৱস্থিত চেন্টাফৰ পলিচি ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠানত তেওঁ ২০০৭ চনলৈ অধ্যাপকতা কৰিছিল। চিংগাপুৰ ৰাষ্টীয় বিশ্ববিদ্যালয়তো তেওঁ প্ৰবাসী অধ্যাপক হি ...

বিভা চৌধুৰী

বিভা চৌধুৰী এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেওঁ মূলতঃ কণা পদাৰ্থ বিজ্ঞান আৰু মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা চলাইছিল। আন্তৰ্জাতিক জ্যোৰ্তিবিজ্ঞান সংঘয়ে ২০১৯ চনত ইকুয়েটৰ তাৰকামণ্ডলৰ দক্ষিণত অৱস্থিত চেক্সটান তাৰকামণ্ডলৰ এটা তৰা এইছডি ৮৬০৮১ৰ নাম সলন ...

বিভূতি নাৰায়ণ ৰায়

বিভূতি নাৰায়ণ ৰায় হৈছে এগৰাকী ভাৰতীয় সাহিত্যিক, সামাজিক চিন্তক, অনুবাদক আৰু শিক্ষাবিদ। ৰায়ে ১৯৭১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সম্পন্ন কৰে। ১৯৭৫ চনত উত্তৰ প্ৰদেশ কেডৰত ভাৰতীয় পুলিচ সেৱাত যোগদান কৰে। তেওঁ বিভিন্ ...

বিভূতিভূষণ বন্দ্যোপাধ্যায়

বিভূতিভূষণ বন্দ্যোপাধ্যায় আছিল এজন জনপ্ৰিয় ভাৰতীয় বঙালী লেখক তথা আধুনিক বঙালী সাহিত্যিক। তেওঁ মূলতঃ উপন্যাস তথা চুটিগল্প লিখি খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ আত্মজীৱনীমূলক উপন্যাস পথেৰ পাঁচালী আৰু অপৰাজিত আছিল সকলোতকৈ বেছি পৰিচিত। অন্যান্য উপন্যাসস ...

বিমলা বুটি

বিমলা বুটি হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতেৰ গৱেষণাক্ষেত্ৰ হৈছে প্লাজমা পদাৰ্থ বিজ্ঞান। ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী ৰ সভ্য হোৱা তেখেত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী। বিমলা বুটিয়ে নবেল বিজয়ী ভাৰতীয় পদাৰ্থ বিজ্ঞা ...

বিমলাক্কা

অৰুণোদয় বিমলা -ৰ জনপ্ৰিয় নাম হৈছে বিমলাক্কা বুলি কোৱা হয়। তেলঙ্গানা ৰাজ্য গঠন কৰাৰ সময়ত তেখেতে যুটীয়া কাৰ্যবাহী সমিতি এখনৰ নেতৃত্ব দিছিল।

বিশাখা হৰি

বিশাখা হৰি এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক শাস্ত্ৰীয় সংগীতৰ লগত জড়িত। তেওঁ বিশেষকৈ হৰিকথাৰ ব্যাখ্যাকাৰ আৰু কাথাকলাক্ষেপামৰ কথক হিচাপে জনাজাত। তেওঁ এগৰাকী ৰাজকীয় চনদপ্ৰাপ্ত হিচাপৰক্ষক বা চাৰ্টাৰ্ড একাউণ্টেণ্ট।

বিৰাট কোহলি

বিৰাট কহলি এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। মিডল অৰ্ডাৰত খেলা সোঁহতীয়া বেট্‌ছমেনজন বৰ্তমান ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক। ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল। ঘৰুৱা ক ...

বীণা ৰায়

বীণা ৰায় এগৰাকী, বিশেষকৈ ভাৰতীয় চলচ্চিত্ৰ জগতৰ ক’লা-বগা যুগৰ অভিনেত্ৰী। তেওঁক আনাৰকলী, ঘুঙ্ঘট, তাজমহল আদি ক্লাচিক ছবিত কৰা অভিনয়ৰ বাবে বহুল ভাবে জনা যায়। ঘুঙ্ঘট ছবিয়ে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা কঢ়িয়াই আনিছিল।

বীৰবল

বীৰবল ভাৰতৰ বুন্দেলখণ্ডত এজন ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত জন্মগ্ৰহণ কৰে৷ তেওঁ মহেশ দাস, বীৰবল বা ৰাজা বীৰবল নামেৰেও পৰিচিত। সম্ৰাট আকবৰৰ সান্নিধ্য লাভ কৰি তেওঁ বীৰবল উপাধি পাইছিল। বীৰবলৰ অৰ্থ হ’ল- জ্ঞানী। তেওঁৰ উপস্থিতি বুদ্ধি, পাণ্ডিত্য, ৰসিকতা আদি সৰ্ব ...

বুটা সিং

বুটা সিং এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন পদবী যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী, যোগান, গ্ৰাহক পৰিক্ৰমা আৰু ...

বেগম আখটাৰ

আখটাৰীবাঈ ফৈজাবাদী জনপ্ৰিয়ভাবে বেগম আখটাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা অভিনেত্ৰী। তেওঁক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ গজল, দাদৰা আৰু থুমৰি ধাৰাৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে গণ্য কৰা হয়। তেওঁক মল্লিকা-এ-গজল বুলি অভিহিত কৰা হয়। ১৯৭২ চনত ক ...

বেগম ঐজাজ ৰচুল

বেগম কোডছিয়া ঐজাজ ৰচুল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী আছিল। তেওঁ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্য আছিল। ২০০০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।

বেগম হজৰত মহল

বেগম হজৰত মহল অৱধ ৰাজ্যৰ বেগম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ অৱধ ৰাজ্যৰ শাসনকৰ্তা নৱাব ৱাজিদ আলি শ্বাহৰ দ্বিতীয় পত্নী আছিল। নৱাব ৱাজিদ আলি শ্বাহে তেওঁক তেওঁৰ ৰাজপ্ৰাসাদত লগ পাইছিল। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডি ...

বেগম ৰোকেয়া

ৰোকেয়া সাখাৱাত হোচেইন ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক। তেওঁক ভাৰতীয় উপমহাদেশৰ নাৰী জাগৰণৰ অগ্ৰদূত বুলি গণ্য কৰা হয়। যুক্তিবাদী জীৱ হিচাপে পুৰুষ আৰু নাৰীৰ সমাধিকাৰৰ হকে তেওঁ মাত মাতিছিল। তেওঁৰ ...

বেজান দাৰুৱালা

বেজান দাৰুৱালা এগৰাকী ভাৰতীয় জ্যোতিষ স্তম্ভলেখক। তেখেতে আহমেদাবাদত ইংৰাজীৰ অধ্যাপক হিচাপেও কাম কৰিছিল। পাৰ্ছী বংশোদ্ভৱ হোৱা সত্ত্বেও তেখেত হিন্দু দেৱতা গণেশৰ নিষ্ঠাবান ভক্ত আছিল। তেখেতৰ জ্যোতিষ পদ্ধতিসমূহ হল বৈদিক জ্যোতিষ, পশ্চিমীয়া জ্যোতিষ, আই ...

বেবী হালদাৰ

বেবী হালদাৰ এগৰাকী ভাৰতীয় লেখক। তেওঁৰ উচ্চ প্ৰশংসিত সৃষ্টি কৰ্মটি হল - ২০০৬ চনত প্ৰকাশ হোৱা তেওঁৰ আত্মজীৱনী আলো আঁধাৰি, যত ঘৰুৱা কৰ্মীৰূপে তেওঁৰ ৰুঢ় জীৱনটো বৰ্ণিত হৈছে। কিতাপখন ১৩টা বিদেশী ভাষালৈ অনুবাদ হৈছে।

বেবে নানকী

বেবে নানকী শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শিখগুৰু গুৰু নানকৰ জ্যেষ্ঠ ভগ্নী আছিল। বেবে নানকী শিখ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় চৰিত্ৰ। তেওঁক শিক্ষকসকলৰ প্ৰথম গুৰুশিখ বুলি জনা যায়। তেওঁ প্ৰথম বাৰৰ বাবে ভাতৃ গুৰু নানকৰ "আধ্যাত্মিক বিশিষ্টতা" হৃদয় ...

বৈজয়ন্তী চাৰী

বৈজয়ন্তী চাৰী হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে। চাৰীয়ে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতক ...

বৈষ্ণৱী মহন্ত

বৈষ্ণৱী মহন্ত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী গৰাকী মুকেশ খান্নাৰ দূৰদৰ্শনত প্ৰচাৰিত টেলিভিচন ধাৰাবাহিক শক্তিমানত গীতা বিশ্বাসৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত। তেওঁ বলিউডৰ বিভিন্ন চলচ্চিত্ৰ যেনে বোম্বাই কা বাবু, চৈফ আলি খানৰ বিপৰীতে ...

বৌৱা দেৱী

বৌৱা দেৱী এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতি ...

ব্ৰহ্মগুপ্ত

ব্ৰহ্মগুপ্ত আছিল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ। হৰ্ষবৰ্ধনৰ ৰাজত্বত তেখেত উজ্জ্বয়িনীৰ জ্যোতিষ্ক পৰিদৰ্শন কেন্দ্ৰৰ অধ্যক্ষ্য আছিল। তেখেতে নিজে লিখি যোৱা মতে তেখেতৰ জন্মবৰ্ষ খ্ৰীষ্টপূৰ্ব ৫৯৮। চাৱড়া ৰাজবংশৰ শাসনকালত ভিল্লামালা তেখেতৰ জন্ ...

বৰাহমিহিৰ

বৰাহ-মিহিৰ প্ৰাচীন ভাৰতৰ গুপ্ত সাম্ৰাজ্যৰ সমসাময়িক এজন বিখ্যাত দাৰ্শনিক, জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি। তেওঁ পঞ্চসিদ্ধান্তিকা নামৰ এটি মহাসংকলনগ্ৰন্থ ৰচনা কৰিছিল, যʼত তেওঁৰ জীৱনকালৰ সময়ৰ গ্ৰীক, মিছৰীয়, ৰোমান আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞানৰ সা ...

বৰ্খা দত্ত

বৰ্খা দত্ত এগৰাকী ভাৰতীয় টেলিভিছন সাংবাদিক, লেখিকা আৰু বাতৰিৰ সূত্ৰধাৰ। বৰ্তমান তেওঁ তিৰংগা টিভিত কৰ্মৰত। ইয়াৰ আগতে তেওঁ সুদীৰ্ঘ ২১ বছৰ কাল এনডিটিভিৰ লগত জড়িত আছিল। ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ এনডিটিভিৰ পৰা ওলাই আহে। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তা ...

ভাগ্যশ্ৰী

ভাগ্যশ্ৰী পটৱৰ্ধন হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম। ১৯৮৯ চনত মুক্তি লাভ কৰা হিন্দী ছবি মেইনে প্যাৰ কিয়াৰ জৰিয় ...

ভানাজা আয়েংগাৰ

ভানাজা আয়েংগাৰ আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু শিক্ষাবিদ। অন্ধ্ৰ প্ৰদেশত থকা তিৰুপতিস্থিত পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়মৰ তেখেত উপাচাৰ্য আছিল। "অন্ধ্ৰ মহিলা সভা স্কুল অৱ ইনফৰমেটিকছ"ৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাতা আছিল। ১৯৮৭ চনত ভাৰত চৰকাৰে তেখ ...

ভানু আথাইয়া

ভানু আথাইয়া এগৰাকী ভাৰতীয় কষ্টিউম ডিজাইনাৰ। তেওঁ ১৯৫০ৰ দশকৰ পৰা প্ৰায় ১০০খন চলচ্চিত্ৰৰ কষ্টিউম ডিজাইন কৰিছে। তেওঁ ১৯৫৬ চনৰ চি.আই.ডি. বোলছবিৰ বেশভূষা তৈয়াৰ কৰি তেওঁ কষ্টিউম ডিজাইনাৰ হিচাপে পৰ্দাপন কৰিছিল। তাৰ পিছত তেওঁ বিখ্যাত নিৰ্দেশক গুৰু দত ...

ভানুপ্ৰিয়া

মাংগাভানু -ৰ জনপ্ৰিয় নাম হৈছে ভানুপ্ৰিয়া । তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী, কুচিপুড়ি নৃত্য পটিয়সী আৰু ভয়ছ আৰ্টিষ্ট। তেখেতে তেলুগু, তামিল, মালয়ালম, কন্নড় আৰু হিন্দী ছবিত অভিনয় কৰিছে। ১৯৮৩ চনৰ পৰা ১৯৯৬ চনলৈকে প্ৰায় এক দশকজুৰি বৰ্তি থকা মূলস ...

ভামা শ্ৰীনিবাসন

ভামা শ্ৰীনিবাসন হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্ব লৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈকে তেখেতে এছছিয়েছন ফৰ অমেইন মেথেমেটিক্স ...

ভালচন্দ্ৰ নামদে

ভালচন্দ্ৰ ভানাজী নামদে এজন মাৰাঠী ভাষাৰ ভাৰতীয় লেখক, কবি, সমালোচক আৰু ভাষাবিদ। কুশলা উপন্যাসেৰে সাহিত্যিক জীৱনৰ পাতনি মেলা নামদেই মাৰাঠী সাহিত্যক এক নতুন মাত্ৰা দিছিল। ইয়াৰ পাছতে তেওঁ ক্ৰমান্বয়ে বিঢাৰ, হুল, জৰীলা আৰু ঝুল নামৰ চাৰিখন উপন্যাস লি ...

ভাৰতী মুখাৰ্জী

ভাৰতী মুখাৰ্জী হল এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য লিখিছে।

ভাৰতী শিৱাজী

ভাৰতী শিৱাজী হল মোহিনীঅট্টমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅগ্ৰাফাৰ আৰু লেখক। প্ৰদৰ্শন, গৱেষণা আৰু প্ৰচাৰৰ মাধ্যমেৰে কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতী শিৱাজীক জনা যায়। তেওঁ চেণ্টাফৰ মোহিনীঅট্টমৰ প্ৰতিষ্ঠাপক। এই নৃত্য প্ৰতিষ্ঠানটোৱে ম ...

ভাৰ্গিজ কুৰিয়েন

ভাৰ্গিজ কুৰিয়েন এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়। এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ"। এই কাৰ্যসূচীয়ে ভাৰতৰ দুগ্ধ উৎপাদনক পৃথিৱ ...

ভি. মোহিনী গিৰি

ভি মোহিনী গিৰি এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু কৰ্মী । তেওঁ নতুন দিল্লীত অৱস্থিত গিল্ড অব চাৰ্ভিছ নামৰ সংগঠনটোৰ সভানেত্ৰী। ১৯৭৯ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৱে মহিলা আৰু শিশুৰ শিক্ষা, কৰ্মসংস্থাপন আৰু আৰ্থিক সবলীকৰণৰ হকে কাম কৰি আহিছে। ১৯৭২ চনত তেওঁ ন ...

ভি. লক্ষ্মীবাই

ভেংকটৰমন লক্ষ্মীবাই হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে বষ্টনস্থিত নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক। তেখেতে বীজগণিতীয় জ্যামিতি, বীজগণিতীয় গোটৰ তত্ত্ব, উপস্থাপন তত্ত্ব আদি সম্পৰ্কে গৱেষণা কৰিছে। "ফ্লেগ ভেৰাইটি" আৰু "স্কাবাৰ্ট ভেৰাইটি" ...

ভি. শান্তা

বিশ্বনাথন শান্তা জনপ্ৰিয়ভাৱে ভি. শান্তা এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ অধ্যক্ষ আছিল। তেওঁ বিশেষকৈ ভাৰতৰ কৰ্কট ৰোগীসকলৰ সহজলভ্য আৰু কম খৰচী চিকিৎসা প্ৰদান কৰিবলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তে ...

ভিখাজী কামা

ভিখাজী ৰুষ্টম কামাৰ জন্ম হৈছিল ২৪ ছেপ্টেম্বৰ, ১৮৬১ চনত বোম্বেৰ এতিয়াৰ মুম্বাই এটা ডাঙৰ আৰু চহকী পাৰ্ছী পৰিয়ালত। তেওঁৰ পিতৃ-মাতৃ ছৰাবজী ফ্ৰেমজী পেটেল আৰু জাইজীবাই ছৰাবজী পেটেল চহৰখনত সুপৰিচিত আছিল। পিতৃ ছৰাবজী পেটেল প্ৰশিক্ষণপ্ৰাপ্ত উকীল আৰু কৰ্ ...

ভীমসেন জোশী

পণ্ডিত ভীমসেন যোশী এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰিও তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল। ভাৰতৰ সংগীত জগতত তেওঁ ...

ভীমৰাও ৰামজী আম্বেদকাৰ

ডঃভীমৰাও ৰামজী আম্বেদকাৰ এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম ঘূৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনি ...