ⓘ Free online encyclopedia. Did you know? page 2

বিজয় কুমাৰ

বিজয় কুমাৰ ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেন্ট ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত ...

ভাৰত চৰকাৰ

ভাৰত চৰকাৰ ক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য ...

অসম চৰকাৰ

অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৩খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। জগদী ...

চৰকাৰ

চৰকাৰ হল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী ...

অসম চুক্তি

অসম চুক্তি ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি)। এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময ...

গণৰাজ্য দিৱস (ভাৰত)

গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল। ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল ...

ভাৰত ৰত্ন

ভাৰত ৰত্ন ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ই ...

ভাৰতৰ সংবিধান

ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি ...

ভাৰতীয় প্ৰশাসনিক সেৱা

ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ সৰ্বভাৰতীয় সেৱাৰ প্ৰশাসনিক বিভাগ। ই ভাৰতৰ প্ৰতিষ্ঠিত অসমৰিক সেৱাসমূহৰ ভিতৰত অন্যতম। ভাৰতীয় পুলিচ সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱা সৰ্বভাৰতীয় সেৱাৰ মুখ্য তিনিটা বিভাগ। এই সেৱাৰ বিষয ...

আন্না হাজাৰে

আন্না হাজাৰে হল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে । তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আনাৰ কাৰণেএই গাঁৱখনে এখন আদৰ্শ গাঁও হিচাপে পৰিচয় ...

ভাৰত

ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু প ...

১১ এপ্ৰিল

১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব থিয়ৰী অফ ৰিলেটিভিটি প্ৰকাশ কৰে। ১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়। ১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়। ১৯৭১ - তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে। ১৯১৯ - আন্তৰ্জাতিক শ্ৰম ...

গোপীনাথ বৰদলৈ

গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে ...

ভাৰতৰ হ্ৰদসমূহৰ তালিকা

দুৰ্গম চেৰুভু গোপন হ্ৰদ সৰোৰনগৰ হ্ৰদ হুছেইন সাগৰ সমীৰপেট হ্ৰদ মিৰ আলম হ্ৰদ শফীলগুডা হ্ৰদ আৱল হ্ৰদ হিমায়ত সাগৰ ওচমান সাগৰ

পদ্মশ্ৰী

পদ্মশ্ৰী ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই ...

অতুল চন্দ্ৰ হাজৰিকা

অতুল চন্দ্ৰ হাজৰিকা এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম ...

নেলছন মেণ্ডেলা

নেলছন ৰোলিহলাহলা মেণ্ডেলা বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা আৰু টাটা নামেৰেও জনাজাত আছিল। তেওঁ ১৯৯৩ চনত নবেল বঁটা লা ...

লতা মংগেশকাৰ

লতা মংগেশকাৰ ; জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী এগৰাকী সুকণ্ঠী নেপথ্য গায়িকা হিচাবে জনপ্ৰিয়। লতাজীয়ে এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভ ...

এশিঙীয়া গঁড়

গঁড় বৈজ্ঞানিক নাম: Rhinoceros unicornis এটি স্তন্যপায়ী জন্তু। ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰ ...

ইমৰান শ্বাহ

ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ২০১২ চনৰ ন ...

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা

ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮খ ...

অমিয় কুমাৰ দাস

লোকনায়ক অমিয় কুমাৰ দাস এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ মহাত্মা গান্ধীৰ আত ...

ভাৰতীয় ডাক

২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিকইলেক্ট্ৰনিক ভাৰতীয় পোষ্টেল অৰ্ডাৰ e-IPO আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হল। ২০১৪ চনৰ ১৪ ফেব্ৰ ...

ধন্দ কেশৱ কৰ্ৱে

ধন্দ কেশৱ কৰ্ৱে, জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে, এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সন্মানৰ্থে মুম্বাইৰ কুইনছ ৰডৰ নাম সলনি কৰি মহৰ্ষি কৰ্ৱে পথ ৰখা হৈছ ...

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী ক এখন "ৰাষ্ট্ৰী ...

শ্ৰীমন্ত শংকৰদেৱ

শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আ ...

২৯ এপ্ৰিল

১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক। ১৯৭০ - এন্দ্ৰে আগাচী, আমেৰিকান টেনিছ খেলুৱৈ। ১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। মৃত্যু: ২ অক্টোবৰ, ১৯০৬

১৭ এপ্ৰিল

১৯৬৬ - বিক্ৰম, প্ৰকৃত নাম কেণ্ডি জন ভিক্টৰ, দক্ষিণ ভাৰতীয় অভিনেতা আৰু গায়ক। ১৯৭৯ - সিদ্ধাৰ্থ সূৰ্য্যনাৰায়ণ, তামিল, তেলুগু, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰৰ অভিনেতা। ১৮০৬ - মণিৰাম দেৱান, উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। মৃত্যু ...

২৭ মাৰ্চ

২০১৭ - অৰুণ শৰ্মাৰ মৃত্যু। তেখেত একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। ১৯৬৮ - য়ুৰি গেগেৰিন, ৰুছ দেশৰ ইউৰি গেগৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।

২৭ ছেপ্টেম্বৰ

১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়। ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি ...

২২ মে

১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে" লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি। ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে। ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য় ...

২৫ মে

১৯৮৮ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মৃত্যু: ১৯৭৫ চন ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰেন।

মুথুলক্ষ্মী ৰেড্ডী

মুথুলক্ষ্মী ৰেড্ডী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। ১৯২৭ চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় ...

সাহিত্য অকাডেমি

সাহিত্য অকাডেমি হৈছে ভাৰতীয় সাহিত্যৰ উন্নয়ন আৰু সমন্বয় সাধনৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান। স্বাধীনতাৰ পূৰ্বেই সাহিত্যৰ উন্নয়নৰ বাবে এক ৰাষ্ট্ৰীয় সংস্থা গঠনৰ চিন্তাগ-চৰ্চা চলি আছিল যদিও ১৯৫২ চনতহে চৰকাৰে সাহিত্য অকাডেমি ...

সাহিত্য অকাডেমি বঁটা

সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা। ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। ভাষাসমূহ হ’ল: অসমীয়া, ইংৰাজী, ওড়িয়া, কাশ্মিৰ ...

অসমীয়া সাহিত্য

অসমীয়া সাহিত্য ক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে- প্ৰাক্ বৈষ্ণৱ সাহিত্য পাঁচালী সাহিত্য চৰিত পুথি আৰু বংশাৱলী বুৰঞ্জী সাহিত্য আৰু আহোম যুগৰ সাহিত্য আধুনিক অসমীয়া সাহিত্য বৈষ্ণৱ সাহিত্য চৰ্যাপদ

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০১৮ চনলৈ মুঠ ৫৫ গৰাকী সাহিতিকে লাভ কৰিছে। এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয় সাহিত্যৰ উন্নয়ন কল্পে গঠন কৰা সাহিত্য অকাডেমি নামৰ অনুষ্ঠানটোৱে। এই অনুষ্ঠানটোৱে ১৯৫৫ চনত প্ ...

য়েছে দৰজে ঠংচি

য়েছে দৰজে ঠংচি এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প ...

নবেল বঁটা বিজয়ী ভাৰতীয়

নোবেল বঁটা প্ৰতি বছৰে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিত বিশেষ অৱদান আগবঢ়োৱাসকলক প্ৰদান কৰা হয়। কেইবাজনো ভাৰতীয়ই নোবেল বঁটা গ্ৰহণ কৰিছে।

বীৰেশ্বৰ বৰুৱা

বীৰেশ্বৰ বৰুৱা ইংৰাজী: Bireswar Baruah ; ১৯৩৩ - ২০১০ ৰামধেনু যুগৰ এজন প্ৰখ্যাত কবি আৰু সমালোচক। তেখেত একাধাৰে গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ, শিশু-সাহিত্যিক আৰু অনুবাদক।

অসম শিশু সাহিত্য কোষ

অসম শিশু সাহিত্য কোষ হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ। মুখ্য সম্পাদক হিতেশ ডেকা আৰু সহকাৰী সম্পাদক দিগন্ত ওজা। সমগ্ৰ শিশু সাহিত্যৰ কোষৰ প্ৰকল্প তত্ত্বাবধায়ক প্ৰণৱ শইকীয়া আ ...

অজিৎ বৰুৱা

অজিৎ বৰুৱা এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰ ...

নগেন শইকীয়া

নগেন শইকীয়া একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক। মিত-ভাষ নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল।

হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা এগৰাকী কবি, চুটি গল্প লেখক আৰু কবিতাৰ সমালোচক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে অৱস ...

ৰেৱতী মোহন দত্তচৌধুৰী

ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰ ...

অৰ্থনীতি

অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে ...

অসমৰ অৰ্থনীতি

অসমৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক। অসমৰ ৬৯% ব্যক্তি কৃষিৰ সৈতে জড়িত। উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ হৈছে: চাহপাত, মৰাপাট, ধান, কুঁহিয়াৰ ইত্যাদি। মূল উৎপাদন ধান। ১৯৬৩ চনত প্ৰকাশ পোৱা "অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থৰ জৰিয়তে ভৱানন্দ ডেকাই অসমীয়া অৰ্থ ...

মনমোহন সিং

ড॰ মনমোহন সিং শুনক ; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। এজন বিখ্যাত অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথম শিখ। মনমোহন সিঙৰ জন্ম হৈছিল গহত বৰ্তমান পাকিস্তান ...

ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য

ৰাষ্ট্ৰসংঘ পৃথিৱীৰ দেশ সমূহক দুটা ভাগত ভাগ কৰিছে। উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য বিষয় তলত বহলে আলোচনা কৰা হল। কম জনমুৰি আয়: ভাৰতত জাতীয় আয়ৰ লগতে জনমুৰি আয়ৰ মাত্ৰাও খুবেই কম। বিশ ...

৪ ডিচেম্বৰ

৪ ডিচেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –