ⓘ Free online encyclopedia. Did you know? page 20

ভেংকাইয়া নাইডু

মুপ্পাভাৰাপু ভেংকাইয়া নাইডু ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি। তেওঁ মোদী কেবিনেটত আবাস আৰু চহৰীয়া দৰিদ্ৰতা উন্নয়ন মন্ত্ৰী, নগৰীয় উন্নয়ন মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল। ২০০২ চনৰ পৰা ২০০৪ চনলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ ...

মকবুল ফিদা হুছেইন

মকবুল ফিদা হুছেইন ভাৰতৰ এজন চিত্ৰশিল্পী আছিল। তেওঁ পৰিবৰ্তিত কিউবিষ্ট শৈলীত কৰা ৰঙীন চিত্ৰসমূহৰ বাবে জনাজাত। তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃতি প্ৰাপ্ত ভাৰতীয় শিল্পীসকলৰ ভিতৰত অন্যতম আছিল।

মগনলাল গান্ধী

মগনলাল খুশলচান্দ গান্ধী ইংৰাজী: Maganlal Khushalchand Gandhi ; ১৮৮৩–১৯২৮ মোহনদাস কৰমচান্দ গান্ধীৰ এজন অনুৰাগী আছিল। তেওঁ মহাত্মাৰ এজন খুৰাৱকৰ নাতি আছিল, আৰু ১৯২৮ চনৰ ২৩ এপ্ৰিলত পাটনাত টাইফইড ৰোগত তেওঁৰ মৃত্যু হয়। মগনলাল গান্ধীক মোহনদাস গান্ধীয়ে ...

মঞ্জু শৰ্মা

মঞ্জু শৰ্মা এগৰাকী ভাৰতীয় জৈৱ প্ৰযুক্তিবিদ। তেওঁ ভাৰতৰ কেইবাটাও বৈজ্ঞানিক গৱেষণা আৰু নীতি নিৰ্ধাৰণকাৰী সংস্থাৰ প্ৰশাসক আছিল। শেহতীয়াকৈ গুজৰাটৰ গান্ধীনগৰৰ উন্নত গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালক আছিল। ইয়াৰ আগতে তেওঁ ভাৰতীয় বিজ্ঞ ...

মণি ৰত্নম

মণি ৰত্নম ইংৰাজী: Mani Ratnam ; জন্ম: জুন ২, ১৯৫৬ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ সৈতে জড়িত।

মণিকা বাত্ৰা

মণিকা বাত্ৰা এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ। তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেল ...

মণিলাল গান্ধী

মণিলাল মোহনদাস গান্ধী আছিল মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ দ্বিতীয় সন্তান। তেওঁৰ তিনিজন ককায়েক ভায়েক আছিল- হৰিলাল গান্ধী, ৰামদাস গান্ধী আৰু দেৱদাস গান্ধী।

মতিলাল নেহৰু

মতিলাল নেহৰু আছিল এলাহাবাদৰ এজন বিখ্যাত উকীল। তেখেত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ আছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কাৰ্যকৰ্তাসমূহৰ ভিতৰত এজন আছিল। ১৯২৮ চনৰ পৰা ১৯২৯ চনলৈ সম্পূৰ্ণ দুবছৰ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ সভ ...

মদন মোহন মালৱীয়

মদন মোহন মালৱীয় এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয় আৰু মহামনা বুলি সম্বোধন কৰা হৈছিল। মালবীয়ক কাশী হিন্দু বি ...

মধুবালা

মধুবালা আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী। ১৯৪২ চনৰ পৰা ১৯৬৪ চনলৈ তেওঁ হিন্দী চলচ্চিত্ৰৰ লগত জড়িত আছিল। তেওঁৰ সৌন্দৰ্য, ব্যক্তিত্ব আৰু কৰুণ নাৰীৰ সংবেদনশীল জীৱন্ত বৰ্ণনৰ বাবে মধুবালা জনাজাত। ৯ বছৰ বয়সতে মধুবালাই ১৯৪২ চনত মুক্তিপ্ৰাপ্ত চল ...

মধুলিকা লিড্ডল

মধুলিকা লিড্ডল হল ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক। মধুলিকা যদিও চুটি কল্পকাহিনী, ভ্ৰমণ লিখা আৰু ক্লাছিক চিনেমা সম্পৰ্কীয় লিখাৰ এগৰাকী উৰ্বৰ লেখক; তথাপি তেওঁ ১৭ শতিকাৰ মোগল ডিটেকটিভ মুজাফৰ জঙৰ বিষয়ে লিখা কিতাপবোৰৰ বাবেহে বেছি জনাজাত।

মনপ্ৰীত কৌৰ

মনপ্ৰীত কৌৰ ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ। ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল। তেওঁ মহিলাৰ শ্বট পুটৰ ১৭. ...

মনিষা উন্নি

মনিষা উন্নি এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁক বিশেষকৈ মালয়ালম ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁ নখক্ষথঙ্গল ছবি যোগে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এইখন তেওঁৰ প্ৰথম ছবি আছিল আৰু এতিয়াল ...

মনু ভাকৰ

মনু ভাকৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। তেওঁ ২০১৮ চনত মেক্সিকোৰ গুৱাদালাজাৰাত অনুষ্ঠিত আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্বকাপত মহিলাৰ শ্বুটিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক লাভ কৰিছিল। আন্তৰ্জাতিক শ্বুটিং স্পৰ্টছ ফেডাৰেচন বিশ্ব ...

মনোহৰ পাৰিকৰ

মনোহৰ পাৰিকৰ এজন ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা আছিল। ২০১৭ চনৰ ১৭ মাৰ্চৰ পৰা মৃত্যু পৰ্যন্ত তেখেত গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ আগতেও ২০০০ চনৰ পৰা ২০০৫ চনলৈ আৰু ২০১২ চনৰ পৰা ২০১৪ চনলৈ তেখেত গোৱাৰ মুখ্যমন্ত্ৰী আছিল ...

মমতা চন্দ্ৰকৰ

মমতা চন্দ্ৰকৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ছত্তীছগঢ়ী লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁক ছত্তীছগঢ়ৰ নাইটিংগেল বুলি কোৱা হয়। ছত্তীছগঢ়ৰ খৈৰাগঢ়ত অৱস্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা সংগীতত মামতা চন্দ্ৰক ...

মমতা বন্দ্যোপাধ্যায়

মমতা বন্দ্যোপাধ্যায় পশ্চিমবংগৰ একাদশতম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী। ১৯৯৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাতি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ স্থাপন কৰে। পশ্চিমবংগত তেখেত দিদি নামে পৰিচিত।

মলয় ৰায়চৌধুৰী

১৯৩৯ চনৰ ২ নবেম্বৰ তাৰিখে পাটনাৰ ইমলিতলাত মলয় ৰায়চৌধুৰীৰ জন্ম হয়। তেওঁৰ পিতাৰ নাম ৰঞ্জিত ৰায়চৌধুৰী আৰু মাকৰ নাম অমিতা বন্দোপাধ্যায়। তেওঁলোকৰ আদি নিবাস আছিল পশ্চিমবঙ্গৰ হুগলি জিলাৰ উত্তৰপাৰাত। মলয় ৰায়চৌধুৰী বিখ্যাত সাবৰ্ণ ৰায়চৌধুৰীৰ বংশধৰ। ...

মল্লিকা সাৰাভাই

মল্লিকা সাৰাভাই শ্বাহ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী। তেওঁ শাস্ত্ৰীয় নৃত্য শিল্পী মৃণালিনী সাৰাভাই আৰু মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ কন্যা। তেওঁ এগৰাকী পাকৈত কুচিপুড়ি আৰু ভাৰতনাট্যমৰ নৃত্যশিল্পী তথা কলাকাৰ যি সমাজৰ পৰিৱৰ ...

মহম্মদ চালেহ আকবৰ হাইদৰী

ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰী, এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা। তেওঁ ব্ৰিটিছ চৰকাৰে শেষ নিযুক্তি দিয়া আৰু প্ৰথম ভাৰতীয় অসমপ্ৰদেশৰ ৰাজ্যপাল। তেওঁ স্বাধীন ভাৰতত অসম প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কৰ্মৰত হয়।

মহাদেৱ দেশাই

মহাদেৱ দেশাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক আছিল। তেওঁৰ প্ৰসিদ্ধি এইকাৰণেই বেছি যে তেওঁ বহু সময়লৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব আছিল।

মহাদেৱী বৰ্মা

মহাদেৱী বৰ্মা হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ ছায়াবাদী যুগৰ "চাৰিটা মুখ্য স্তম্ভৰ" ভিতৰত মহাদেৱী বৰ্মা অন্যতম। তেওঁক আধুনিক মীৰা বুলিও জনা যায়। এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই" হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুল ...

মহাশয় ধৰমপাল গুলাটি

মহাশয় ধৰমপাল গুলাটি এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছ ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল। উদ্যোগ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰ ...

মহাশ্বেতা দেৱী

মহাশ্বেতা দেৱী এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। তেওঁ জ্ঞানপীঠ বঁটা তথা পদ্মবিভূষণ উপাধিৰে সন্মানিত। শেহতীয়াকৈ ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে অসম সাহিত্য সভাই তেওঁক মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰে।

মহাসুন্দৰী দেৱী

মহাসুন্দৰী দেৱী এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। তেওঁ বিহাৰৰ মিথিলা অঞ্চলত প্ৰচলিত লোক চিত্ৰকলা মধুবানী চিত্ৰশিল্পৰ লগত জড়িত। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ ...

মহুৱা মৈত্ৰা

মহুৱা মৈত্ৰা এগৰাকী ভাৰতীয় ইনভেষ্টমেণ্ট বেংকাৰ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ বৰ্তমান পশ্চিম বংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ পৰা ১৭তম লোকসভাৰ সাংসদ। ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ...

মহেন্দ্ৰ সিং ধোনি

মহেন্দ্ৰ সিং ধোনি এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমান অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিড্‌ল-অৰ্ডাৰ বেট্‌ছমেন আৰু উইকেটৰক্ষক। সীমিত অভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisherসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়। ২০০৪ চনৰ ...

মাঞ্জাম্মা জগতী

মাঞ্জাম্মা জগতী এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ পশ্চিম কৰ্ণাটকৰ জগতী নৃত্য নামৰ লোকনৃত্যৰ পাৰদৰ্শী। ২০১৯ চনত তেওঁ লোককলা আৰু সংস্কৃতিৰ বাবে ৰাজ্যৰ শীৰ্ষ প্ৰতিষ্ঠান কৰ্ণাটক জনপদ একাডেমীৰ মুৰব্বী প ...

মাধুৰী কানিটকৰ

লেফ্টটেনেণ্ট জেনেৰেল মাধুৰী কানিটকৰ, এভিএছএম, ভিএছএম এগৰাকী ভাৰতীয় থল সেনাৰ বিষয়া। লেফ্টটেনেণ্ট জেনেৰেল পুনিতা অৰোৰা আৰু এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ পিছত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তৃতীয় মহিলা যি তিনিতাৰকা পদলৈ উন্নীত হৈছিল। তে ...

মাধুৰী চট্টোপাধ্যায়

মাধুৰী চট্টোপাধ্যায় এগৰাকী বঙালীভাষী ভাৰতীয় সঙ্গীত শিল্পী, যিয়ে ১৯৬০ৰ পৰা ১৯৮০ৰ দশকলৈ অসংখ্য জনপ্ৰিয় বাঙালী গীতত কণ্ঠদান কৰিছে। তেওঁ চলচ্চিত্ৰীয় গীত, গজল, আধুনিক গীত, শাস্ত্ৰীয় সঙ্গীত ভিত্তিক লঘু গীত, নজৰুল গীত, ৰবীন্দ্ৰ সঙ্গীত আদি বিভিন্ন ...

মাধুৰী দীক্ষিত

মাধুৰী দীক্ষিত হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰযোজক, নৃত্যশিল্পী, আৰু টেলিভিছন ব্যক্তিত্ব। মাধুৰী দীক্ষিত হৈছে হিন্দী ছবি জগতৰ এগৰাকী জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত অভিনেত্ৰী। বলিউদৰ প্ৰায় সত্তৰখনতকৈও অধিক ছবিত তেখেতে অভিনয় কৰিছে। অভি ...

মানবেন্দ্ৰ নাথ ৰয়

মানবেন্দ্ৰ নাথ ৰয় আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা আছিল। বিংশ শতাব্দীৰ কুৰি দশকত সুদূৰ লেটিন আমেৰিকা আৰু চীন আদি দেশত গৈ মানবেন্দ্ৰ নাথ ৰয়ে কমিউনিষ্ট আন্দোলনৰ বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন ...

মানুষী চিল্লাৰ

মানুষী চিল্লাৰ এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখল কৰে। তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল। আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা মিছ ৱৰ্ল্ড বিজয়ী মানুষী ষষ্ঠ গৰাক ...

মান্না দে

প্ৰবোধ চন্দ্ৰ দে বা মান্না দে এজন ভাৰতীয় কণ্ঠশিল্পী। ১৯৪২ চনৰ হিন্দী বোলছবি তমন্নাত প্ৰথম গীত গোৱাৰ পিছত ২০১৩ চনলৈকে তেখেতে ৪০০০তকৈও অধিক গীত বাণীবদ্ধ কৰিছিল। হিন্দী বোলছবিৰ নেপথ্য কণ্ঠশিল্পীৰূপে তেখেত ১৯৫৩-১৯৭৬ চনৰ সময়ছোৱাত অধিক সক্ৰিয় আছিল। ...

মামাং দাই

মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ তেওঁৰ উপন্যাস দ্যা ব্লেক হিল -ৰ বাবে ২০১৭ চনত ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

মায়া ৰাও

মায়া ৰাও আছিল এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, কৰিঅগ্ৰাফাৰ আৰু কথক নৃত্যৰ প্ৰশিক্ষক। কথকৰ নৃত্য-পৰিচালনা বা কৰিঅগ্ৰাফীৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অমূল্য বৰঙনিৰ বাবে তেখেত জনাজাত। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে ডেন্স বেলেট। উত্তৰ-ভাৰতীয় নৃত্যশৈলী কথকক ...

মায়াৱতী

মায়াৱতী হল ভাৰতৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও বহুজন সমাজ পাৰ্টী BSPৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতে ...

মালবিকা চাৰুক্কাই

মালবিকা চাৰুক্কাই হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্য শিল্পী আৰু নৃত্য পৰিচালক। তেখেতৰ নৃত্যৰ মূল বিচৰণ ক্ষেত্ৰ হৈছে ভাৰতনাট্যম। তেখেতে ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।২০০৩ চনত তেখেতক ভাৰত চৰকাৰে দেশৰ চতুৰ্থটো সৰ্বশ্ৰেষ্ঠ অস ...

মালবিকা ৱেলছ

মালবিকা ৱেলছ হৈছে এগৰাকী ভাৰতীয় ছবি আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেখেত ভাৰতীয় ধ্ৰুপদী নৃত্যৰো এগৰাকী পৰিৱেশনকাৰী, শিল্পী। মালবিকাই থিড়িচ্ছুৰৰ এটা মালায়ালম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ অভিনয়শিল্পৰ অভিষেক ঘটে মালাড়ভাড়ী আৰ্টছ ক্লাবৰ জৰিয়তে। মা ...

মালিনী অৱস্তী

মালিনী অৱস্তী হল এগৰাকী ভাৰতীয় লোক গায়িকা। তেওঁ হিন্দী ভাষাৰ লগতে ভোজপুৰী, অৱধী আৰু বুন্দেলখণ্ডি ভাষাত গীত গায়। তেওঁ কজৰী আৰু থুমৰিও পৰিৱেশন কৰে। তেওঁ বহুতকেইখন চলচ্চিত্ৰৰ বাবেও গীত গাইছে। ইয়াৰ ভিতৰত দুৰ্গামতী: দ্য মিথ, লিপষ্টিক আণ্ডাৰ মাই বু ...

মাৰীয়াপ্পান থানগাভেলু

মাৰীয়াপ্পান থানগাভেলু এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ ২০১৬ চনত ব্ৰাজিলৰ ৰিঅ দি জেনেৰিঅ ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিক প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি হাই জাম্পত সোণৰ পদক লাভ কৰিলে।

মিতালী ৰাজ

মিতালী দৰাই ৰাজ এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক। তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ বনোৱা মহিলা ক্ৰিকেট খেলুৱৈ আৰু এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ৬০০০ ৰাণ অতিক্ৰম কৰা ...

মিনতি মিশ্ৰ

মিনতি মিশ্ৰ আছিল এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু অভিনেত্ৰী। ভাৰতীয় লোকনৃত্যৰ অন্যতম নৃত্য ওডিছীৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে তেখেত সুপৰিচিত। ২০১১ চনত তেখেত ওডিছী প্ৰদৰ্শন কৰা সৰ্বজ্যেষ্ঠ জীৱিতি প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়। ...

মিনাক্ষী শ্ৰীনিবাসন

মিনাক্ষী শ্ৰীনিবাসন হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কৰিঅগ্ৰাফাৰ। তেখেত ভাৰতনাট্যমৰ পাণ্ডানাল্লুড় শৈলীৰ এগৰাকী পটিয়সী। তেখেতে আৰ্লামেল ভাল্লীৰ অধীনত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। পৰম্পৰাগত শৈলীত নৃত্য-প্ৰদৰ্শন কৰি থকা নতুন প্ৰজন্মৰ একক শিল্পীসকলৰ ...

মিনাল দাখৱে ভোঁচলে

মিনাল দাখৱে ভোঁচলে হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ভাইৰাছ বিশেষজ্ঞ। তেখেত পুণেস্থিত জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী "মাইলেব ডিস্কভাৰি ছলিউশনছ"ত কৰ্মৰত। কোম্পানীটোৰ "গৱেষণা আৰু উন্নয়ন" শাখাৰ তেখেত মুৰব্বী। কভিড-১৯ৰ প্ৰথমটো ভাৰতীয় পৰীক্ষণ-সঁজুলি ন ...

মিনীমাতা

সৎনামী সমাজৰ গুৰুমাতাৰ পদ অলংকৃত কৰা মিনীমাতাৰ জন্ম ১৩ মাৰ্চ ১৯১৩ চনত দৌল উৎসৱৰ দিনা অসম ৰাজ‍্যৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দলগাঁও বামুণভেটিগাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম অজেংগ আৰু মাতৃৰ নাম মতীবাই বুলি কোৱা হৈছিল যদিও প্ৰকৃত নাম দেৱবতী ...

মিনু ঠাকুৰ

মিনু ঠাকুৰ হৈছে এগৰাকী ভাৰতীয় কুচিপুড়ি নৃত্যশিল্পী। তেখেতে সুৰম্যা নামেৰে এখনি শিক্ষানুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ শিল্পীক কুচিপুড়ি নৃত্যৰ প্ৰশিক্ষণ দিয়ে। এই শিক্ষানুষ্ঠানখনি নতুন দিল্লীত অৱস্থিত। ভাৰতীয় লোকনৃত্যটিলৈ আগবঢ়োৱা অৱদানৰ বাবে তে ...

মিলখা সিং

মিলখা সিং এজন ভূতপূৰ্ব ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড দৌৰবিদ। উৰন্ত শিখ নামেৰেও জনাজাত সিঙে ভাৰতীয় সেনাত কৰ্মৰত হৈ থাকোঁতে খেলজগতত প্ৰৱেশ কৰে। ২০১৩ চনলৈকে কমন্‌ৱেল্‌থ গেম্‌ছত ব্যক্তিগত শাখাত এথ্‌লেটিক্‌ছৰ স্বৰ্ণ পদক দখল কৰা তেখেত একমাত্ৰ ভাৰতীয় পুৰুষ ...

মিহিৰ দাস

মিহিৰ দাস এজন উল্লেখযোগ্য অভিনেতা ওড়িয়া চলচিত্ৰ জগতত দীৰ্ঘদিন ধৰি অভিনয় কৰি থকা। মূল চৰিত্ৰ বা নায়কৰ পৰা আৰম্ভ কৰি হাস্য অভিনেতা, খলনায়ক আদি বিভিন্ন চৰিত্ৰত তেখেতে অভিনয় কৰিছে । ওড়িয়াৰ বাহিৰেও তেখেতে বাংলা চলচিত্ৰতো অভিনয় কৰিছে । তেখেতৰ ...

মিৰ্জা গালিব

মিৰ্জা গালিব ইংৰাজী: Mirza Ghalib, উৰ্দু: مرزا غالب ; হিন্দী: मिर्ज़ा ग़ालिबহৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান ইংৰাজী: Mirza Asadullah Baig Khan, উৰ্দু/পাৰ্ছী: مرزا اسد اللہ بیگ خان ‎)ৰূপে তেখেতৰ জন্ম হৈছিল৷ ...