ⓘ Free online encyclopedia. Did you know? page 21

মুকেশ

মুকেশ চন্দ মাথুৰ এজন ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ সঙ্গীত শিল্পী যি সংক্ষেপে মুকেশ নামেৰে পৰিচিত। হিন্দী চলচ্চিত্ৰত অসাধাৰণ অৱদানৰ বাবে তেখেত মহম্মদ ৰফি, মান্না দে আৰু কিশোৰ কুমাৰৰ দৰে একেশ্ৰেণীৰ গায়ক হিচাবে গণ্য হয়। তেখেত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ...

মুকেশ খান্না

মুকেশ খান্না হৈছে এগৰাকী ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা যিয়ে জনপ্ৰিয় দূৰদৰ্শনৰ টেলিভিচন ধাৰাবাহিক শক্তিমানৰ চৰিত্ৰত আৰু বি.আৰ.চোপ্ৰাৰ মহাভাৰতত ভীষ্ম পিতামহৰ চৰিত্ৰৰ বাবে পৰিচিত। তেওঁ চিলড্ৰেনচ্‌ ফিল্ম চচাইটি ইণ্ডিয়াৰ চেয়াৰমেন আছিল যিয ...

মুথৈয়া ভণিতা

মুথৈয়া ভণিতা এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে। তেওঁ চন্দ্ৰযান-১ ৰ পিছত ভাৰতৰ দ্বিতীয়ট ...

মুনাৱৰ চুলতানা

মুনাৱৰ চুলতানা হিন্দী-উৰ্দু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯৪০ আৰু ১৯৫০ৰ দশকৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে নুৰজাহান, স্বৰণ লতা, ৰাগিনী আদিৰ সৈতে তেওঁকো উল্লেখ কৰা হয়।

মুমতাজ (অভিনেত্ৰী)

মুমতাজ আস্কাৰি মাধৱানী ছবিজগতৰ পৰা অৱসৰ লোৱা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক বিশেষ হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ফিল্মফেয়াৰৰ পৰা দুটাকৈ বঁটা লাভ কৰিছে; এটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু আনটো চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বী ...

মৃণালিনী সাৰাভাই

মৃণালিনী বিক্ৰম সাৰাভাই এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক। তেখেত আহমেদাবাদত অৱস্থিত নৃত্য, নাট, সংগীত আৰু পুতলা নাচৰ প্ৰতিষ্ঠান Darpana Academy of Performing Arts-ৰ প্ৰতিষ্ঠাপক আছিল। নৃত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে তেখেতে ...

মেঘনাদ সাহা

মেঘনাদ সাহা এজন ভাৰতীয় জ্যোতিপদাৰ্থবিজ্ঞানী। মেঘনাদ সাহাৰ জীৱনৰ অনন্য কৃতি হৈছে সাহা আয়নীকৰণ সমীকৰণ যিটো সূত্ৰৰ দ্বাৰা নক্ষত্ৰৰ ৰাসায়নিক আৰু ভৌতিক অৱস্থা ব্যাখ্যা কৰিব পাৰি। এইটো সূত্ৰৰ জ্যোতিপদাৰ্থবিজ্ঞানত উল্লেখনীয় গুৰুত্ব আছে। তাপগতিবিজ্ঞা ...

মেধা পাটকৰ

মেধা পাটকৰ ইংৰাজী: Medha Patkar, মাৰাঠী:मेधा पाटकर ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী। নৰ্মদা বচাও আন্দোলনত পালন কৰা উল্লেখনীয় ভূমিকাৰ বাবে এখেত বিখ্যাত।

মেনকা গুৰুস্বামী

মেনকা গুৰুস্বামী এগৰাকী ভাৰতীয় অধিবক্তা আৰু এলজিবিটি অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা ২০১৯ লৈ নিউয়ৰ্কৰ কলম্বিয়া ল স্কুলৰ বি.আৰ. আম্বেদকাৰ গৱেষণা বিদুষী আৰু প্ৰবক্তা আছিল। তে ...

মেৰী ক্লাৱৱালা যাদৱ

মেৰী ক্লাৱৱালা যাদৱ এগৰাকী ভাৰতীয় জনহিতৈষী আৰু সমাজকৰ্মী। তেওঁ চেন্নাই আৰু সমগ্ৰ ভাৰতত বহুতো বেচৰকাৰী সংগঠন স্থাপন কৰিছিল। তেওঁক প্ৰায়ে দেশৰ আটাইতকৈ পুৰণি সংগঠিত সামাজিক-কৰ্ম সংস্থা স্থাপনৰ কৃতিত্ব দিয়া হয়। তেওঁৰ সংস্থা গিল্ড অফ চাৰ্ভিছে অনাথ ...

মৈত্ৰেয়ী দেৱী

মৈত্ৰেয়ী দেৱী হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল।

মৈথিলীচৰণ গুপ্ত

মৈথিলীচৰণ গুপ্ত আছিল প্ৰসিদ্ধ আধুনিক হিন্দী কবি সকলৰ ভিতৰত অন্যতম। খড়িবোলী কাব্যৰ বাটকটীয়াসকলৰ ভিতৰত মৈথিলীচৰণ গুপ্তৰ নাম উল্লেখযোগ্য। যি সময়ছোৱাত প্ৰায়ভাগ হিন্দী কবিয়ে ব্ৰজ উপভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল, সেই সময়ছোৱাত মৈথিলীচৰণ গুপ্তই ...

মোক্ষগুণ্ডম বিশ্বেশ্বৰায়

মোক্ষগুণ্ডম বিশ্বেশ্বৰায় এজন ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক। তেওঁ ১৯১২ চনৰ পৰা ১৯১৮ চনলৈ মহীশূৰৰ দেৱান আছিল। ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। তেওঁৰ অতুলনীয় অৱদানৰ বাবে ৰজা জৰ্জ পঞ্চমে তেওঁক "নাইট ...

মোনালী ঠাকুৰ

মোনালী ঠাকুৰ এগৰাকী ভাৰতীয় সংগীত শিল্পী আৰু অভিনেত্ৰী। তেওঁ বৰ্তমানলৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ২০১৫ চনৰ"দম লগা কে হাইচ্ছা" বোলছবি খনৰ"মোহ মোহ কে ধাগে" শীৰ্ষক গীত ৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ ...

মোহন ভাগৱত

মোহন মধুকৰ ভাগৱত ভাৰতৰ অন্যতম ৰাষ্ট্ৰবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য সংঘচালক৷ তেও কে এচ সুদৰ্শনৰ উত্তৰসূৰী হিচাপে ২০০৯ চনৰ মাৰ্চ মাহত দ্বায়িত্ব গ্ৰহণ কৰে৷

যমুনা কৃষ্ণণ

যমুনা কৃষ্ণণ এগৰাকী ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী। তেওঁ ২০১৪ চনৰ আগষ্ট মাহৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। ইয়াৰ আগতে তেওঁ ভাৰতৰে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰে ৰাষ্ট্ৰীয় জৈৱিকবি ...

যমুনা বৰুৱা

যমুনা বৰুৱা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত। ইয়াৰ উপৰিও তেওঁ অসমীয়া, হিন্দী ...

যশপাল ভাট্টি

যশপাল ভাট্টি আছিল এগৰাকী ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক। সাধাৰণ জনতাৰ বিভিন্ন সমস্যাৰাজি কৌতুকৰ মাধ্যমেৰে উপস্থাপন কৰি জনপ্ৰিয় হৈ পৰা যশপাল ভাট্টি নব্বৈৰ দশকৰ দুখন বিখ্যাত হাস্য বংগ্য ধাৰাবাহিক "ফ্লপ শ্ব" আৰু "উল্টা পুল্টাৰ" বাবে বিখ্ ...

য়শ চোপ্ৰা

য়শ ৰাজ চোপ্ৰা) এজন হিন্দী বোলছবিৰ লগত জড়িত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক। চোপ্ৰাআই এছ জোহৰ আৰু জ্যেষ্ঠ ভাতৃ বি আৰ চোপ্ৰাৰ সহকাৰী পৰিচালকৰূপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৫৯ চনত অবৈধতা বিষয়ক মেলড্ৰামা ধুল কা ফুল ছবি ...

য়াকুব মেমন

ইয়াকুব আব্দুল ৰাজ্জাক মেমন মুম্বাইৰ অপৰাধ জগতৰ এজন কুখ্যাত ব্যক্তি যাক ১৯৯৩ চনৰ ১২ মাৰ্চ শুক্ৰবাৰে বোম্বাই মহানগৰৰ বিভিন্ন স্থানত সংঘটিত হোৱা এলানি বোমা বিস্ফোৰণৰ অপৰাধিক ষড়যন্ত্ৰত জড়িত বুলি দোষী সাব্যস্ত কৰি ২০০৭ চনৰ ২৭ জুলাইত মুম্বাইৰ এখন বি ...

য়ুমলেম্বম গম্ভিনী দেৱী

য়ুমলেম্বম গম্ভিনী দেৱী এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী। তেওঁ মূলতঃ মণিপুৰৰ নাট সংকীৰ্তন আৰু মণিপুৰী ৰাসৰ লগত জড়িত। তেওঁ জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীৰ অনুষদৰ সদস্য। তেওঁ ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাৰ লাভ কৰিছিল। মণিপুৰী নৃত ...

যামিনী কৃষ্ণমূৰ্তি

যামিনী কৃষ্ণমূৰ্তি এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিখ্যাত। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে কলা শিতানত ১৯৬৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান ক ...

যুথিকা ৰায়

যুথিকা ৰায় এগৰাকী ভাৰতীয় ভজন গায়িকা আছিল। তেওঁ ২০০তকৈও অধিক হিন্দী আৰু ১০০তকৈও অধিক বঙালী চলচ্চিত্ৰৰ আৰু আধুনিক গীত গাইছে। ‘সাঝেৰ তাৰকা আমি’, ‘এমুনি বৰষা ছিল সেদিন’, ‘জানি জানি প্ৰিয়’, ‘এই যমুনাৰে তীৰে’, ‘তুমি যদি ৰাধে হতে শ্যাম’ আদি তেওঁৰ চা ...

যুৱৰাজ সিং

যুৱৰাজ সিং এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। বাওঁহতীয়া বেটছমেন আৰু শ্লো লেফ্ট আৰ্ম অৰ্থডক্স বলাৰ অল ৰাউণ্ডাৰ যুৱৰাজ সিং প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ আৰু পঞ্জাবী অভিনেতা যোগৰাজ সিঙৰ পুত্ৰ। কেইবাটাও অভিলেখৰ অধিকাৰী যুৱৰাজে এদিনীয়া আন্তঃৰাষ্ট ...

যোগী আদিত্যনাথ

মহন্ত যোগী আদিত্যনাথ হল এজন ভাৰতীয় পুৰোহিত তথা এজন হিন্দুত্ব ৰাজনীতিবিদ। ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে ২০১৭ চনৰ ১৯ মাৰ্চত শপত গ্ৰহণ কৰে ...

লক্ষ্মী (অভিনেত্ৰী)

য়াৰাগুডিপাড়ি ভেঙ্কট মহালক্ষ্মী এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বৃত্তিগত নাম লক্ষ্মী। তামিল চলচ্চিত্ৰ ‘শ্ৰী ভাল্লি’ৰে তেওঁৰ চলচ্চিত্ৰত অভিষেক ঘটে। মুখ্য অভিনেত্ৰী হিচাপে তেওঁ প্ৰথম চলচ্চিত্ৰ ‘জীৱনামসম’ । একে বছৰতে তেওঁৰ কন্নড় আৰু তেলুগু ভাষাৰ ছবি ...

লক্ষ্মী আগৰৱাল

লক্ষ্মী আগৰৱাল এছিডৰ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে লোৱা "ষ্টপ ছেল এছিড" অভিযানৰ প্ৰচাৰক আৰু এগৰাকী দূৰদৰ্শন অনুষ্ঠানৰ আয়োজক। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এছিড আক্ৰমণৰ সন্মুখীন হৈ কোনোমতে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। সম্প্ৰতি তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসক ...

লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী

লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ আৰু হিজৰা অধিকাৰ কৰ্মী, বলিউড অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী, কোৰিঅগ্ৰাফাৰ আৰু প্ৰেৰণামূলক বক্তা। তেওঁ কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ। ১৯৭৮ চনৰ ১৩ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ থানেৰ মালতি বা ...

ললিতা পাৱাৰ

ললিতা পাৱাৰ এগৰাকী প্ৰতিভাধৰ ভাৰতীয় অভিনেত্ৰী আছিল। পিছলৈ বিখ্যাত চৰিত্ৰাভিনেত্ৰী হিচাপে পৰিগণিত হোৱা পাৱাৰে সাতশতকৈও অধিক হিন্দী, মাৰাঠী আৰু গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ জনপ্ৰিয় ছবি, যেনে ভালজী পেন্ধকাৰে নিৰ্মাণ কৰা ‘নেতাজী পালকৰ’, নি ...

লাইশ্ৰাম চৰিতা দেৱী

লাইশ্ৰাম চৰিতা দেৱী মণিপুৰৰ এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ এগৰকী জাতীয় চেম্পিয়ন আৰু প্ৰাক্তন আন্তৰাষ্ট্ৰীয় চেম্পিয়ন। ২০০৯ চনত তেওঁ ক্ৰীড়াৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ’অৰ্জুন বঁটা’ প্ৰদান কৰে।

লিচিপ্ৰিয়া কাংগুজাম

লিচিপ্ৰিয়া কাংগুজাম ভাৰতৰ এগৰাকী শিশু পৰিৱেশ কৰ্মী। তেওঁ বিশ্বব্যাপী সৰ্বকনিষ্ঠ জলবায়ু কৰ্মীসকলৰ ভিতৰত অন্যতম আৰু স্পেইনৰ মাদ্ৰিডত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন ২০১৯ ত বিশ্বৰ নেতাসকলক সম্বোধন কৰি তেওঁলোকক তাৎক্ষণিক জলবায়ু ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক ...

লীলা শেঠ

লীলা শেঠ এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত প্ৰথম মহিলা ন্যায়াধীশ হিচাপে কাম কৰিছিল আৰু ৫ আগষ্ট ১৯৯১ চনত হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি লাভ কৰাৰ পিছত তেওঁ এখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদবী ...

লুম্মেৰ দাই

লুম্মেৰ দাই আছিল অৰুণাচল প্ৰদেশৰ পটভূমিত অসমীয়া ভাষাত সৃষ্টিধৰ্মী ৰচনাৰ বাটকটীয়া। তেওঁ আছিল মূলত এগৰাকী অসমীয়া জনজাতীয় লেখক। তেওঁ ৰচনাত জনজাতীয় জীৱন-বৈচিত্ৰ্যৰ ছবিহে বেছিকৈ উজলি উঠিছে।

শংখ ঘোষ

শংখ ঘোষ হল এজন ভাৰতীয় কবি আৰু সমালোচক। ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বাবৰৰ প্ৰাৰ্থনা কাব্যগ্ৰন্থৰ বাবে তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য প ...

শকুন্তলা দেৱী

শকুন্তলা দেৱী এগৰাকী ভাৰতীয় লেখিকা তথা মানৱ গণকযন্ত্ৰ। তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত। তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্’ত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভি ...

শক্তি কাপুৰ

শক্তি কাপুৰ ভাৰতৰ হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। তেওঁৰ প্ৰকৃত নাম সুনীল সিকান্দাৰলাল কাপুৰ । হিন্দী চলচ্চিত্ৰত তেওঁ খলনায়ক আৰু কমেডিয়ান চৰিত্ৰত অভিনয় কৰাৰ বাবে বেছি পৰিচিত, তেওঁ কৰ্মজীৱনত ৭০০খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। ১৯৮০ আৰু ১ ...

শক্তি চট্টোপাধ্যায়

শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

শক্তিকান্ত দাস

শক্তিকান্ত দাস এজন অৱসৰ প্ৰাপ্ত তামিলনাডু কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। পূৰ্বে তেওঁ ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবী যেনে বিভিন্ন বিভাগৰ সচিব, পঞ্চদশ বিত্তীয় আয়োগৰ সদস্য আৰু জি২০লৈ ভাৰতৰ প্ৰতিনিধ ...

শঙ্কৰ দয়াল শৰ্মা

শঙ্কৰ দয়াল শৰ্মা ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। তেখেতে ভোপাল ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেবিনেট মন্ত্ৰীও আছিল। ১৯৭২ৰ পৰা ...

শচীন তেণ্ডুলকাৰ

শচীন ৰমেশ তেণ্ডুলকাৰ স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে। পৰবৰ্তী প্ৰায় ২৪ বছৰলৈ জাতীয়ভাৱে তেওঁ মুম্বাইক ...

শবনম মৌচি

শবনম বানু জনপ্ৰিয় ভাবে শবনম মৌচি এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এলজিবিটি সমাজকৰ্মী। তেওঁ ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ বিধানসভাৰ সদস্য। হিজিৰা সম্প্ৰদায়ৰ অন্তৰ্গত শবনম মৌচি ভাৰতৰ প্ৰথম কিন্নৰ বিধায়ক। হিজিৰা সমাজক ১৯৯৪ চনত ভোটদানৰ অধিকাৰ প্ৰদান কৰা ...

শমশাদ বেগম

শমশাদ বেগম এগৰাকী হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত নেপথ্য কণ্ঠশিল্পী। ১৯১৯ চনত এটা পঞ্জাবী মুছলমান মান জাট পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ এটা বৈশিষ্ট্যপূৰ্ণ কণ্ঠৰ প্ৰতিভাধৰ শিল্পী আছিল, যিয়ে হিন্দী, বঙালী, মাৰাঠী, গুজৰাটী, তামিল আৰু পঞ্জাবী ভাষাত ...

শশী কাপুৰ

শশী কাপুৰ ১৯৩৮ চনৰ ১৮ মাৰ্চত জন্ম হয়। জন্মৰ সময়ত তেখেতৰ নাম আছিল বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ। শশী কাপুৰ ভাৰতৰ চলচ্চিত্ৰ সাম্ৰাজ্য বলিউদৰ বিখ্যাত কাপুৰ পৰিয়ালৰ এগৰাকী সদস্য। তেখেত এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক আৰু দাদা চাহেব ...

শশী দেশপাণ্ডে

শশী দেশপাণ্ডে এগৰাকী ভাৰতীয় সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু ঔপন্যাসিক। তেওঁ সমকালীন ভাৰতীয় সাহিত্যৰ প্ৰখ্যাত ঔপন্যাসিকসকলৰ ভিতৰত এগৰাকী। দেশপাণ্ডে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। ২০০৯ চনত তেওঁ ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ...

শশী ৱাধৱা

শশী ৱাধৱা এগৰাকী ভাৰতীয় চিকিৎসা বিজ্ঞানী। ২০১২ চনত তেওঁ নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দেহতত্ত্ব বিভাগৰ ডিন পদত অধিষ্ঠিত হৈছিল। তেওঁৰ মুখ্য গৱেষণাৰ বিষয়সমূহ হৈছে বিকাশমূলক স্নায়ুজীৱবিজ্ঞান, পৰিমাণগত ৰূপবিজ্ঞান আৰু ...

শশীকলা দানী

বিদূষী শশীকলা দানী হৈছে ভাৰতীয় হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ এগৰাকী জলতৰংগ বাদক। অল ইণ্ডিয়া ৰেডিঅ-য়ে এ-গ্ৰেড সন্মান প্ৰদান কৰা ভাৰতৰ খুব কমসংখ্যক জলতৰংগ বাদকসকলৰ ভিতৰত শশীকলা দানী হৈছে অন্যতম। তেখেতে জলতৰংগৰ বাহিৰেও হাৰমণিয়াম, তবলা, বেহেলা, দিল ...

শাবানা আজমী

শাবানা আজমী এগৰাকী ভাৰতীয় অভিনেত্ৰী। চলচ্চিত্ৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁ সামাজিক বিষয়ৰ সৈতেও জড়িত। তেওঁ উৰ্দু ভাষাৰ কবি কাইফী আজমী আৰু মঞ্চ অভিনেত্ৰী চৌকত কাইফীৰ জীয়ৰী। ১৯৭৪ চনত তেওঁৰ প্ৰথম চলচ্চিত্ৰ ‘অঙ্কুৰ’ মুক্তি পায়, যিখন ছবিৰ বাবে শ্ৰেষ্ ...

শামা ভাটে

শামা ভাটে হৈছে এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী। শামা তাই নামেৰেও পৰিচিত তেখেতৰ কেৰিয়াৰ ৪০ বছৰতকৈ বেছি সময় ধৰি বিস্তৃত হৈ আছে। তেখেতে ৪ বছৰ বয়সৰ পৰা কথক শিকিছিল আৰু পৰিবেশন কৰিছে। লগতে তেখেত এগৰাকী শিক্ষকো আছিল আৰু কৰিয়গ্ৰাফীৰ লগত আৰু ভালেমান প ...

শাম্মী কাপুৰ

শাম্মী কাপুৰ আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব। মুম্বাইত জন্মগ্ৰহণকাৰী শাম ...

শালুমাৰাদা থিম্মাক্কা

শালুমাৰাদা থিম্মাক্কা বা আলাদা মাৰাদা থিম্মাক্কা এগৰাকী ভাৰতীয় পৰিৱেশবিদ। তেওঁ হুলিকাল আৰু কুদুৰৰ মাজৰ চাৰি কিলোমিটাৰ দূৰত্বত ৩৮৫ জোপা বট গছ ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে বিশেষভাৱে বিখ্যাত। এতিয়ালৈকে তেওঁ প্ৰায় ৮০০০ গছ ৰোপণ আৰু প্ৰতিপালন কৰিছে। ...