ⓘ Free online encyclopedia. Did you know? page 23

সুকন্যা ৰহমান

সুকন্যা ৰহমান হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, দৃশ্যধৰ্মী শিল্পী আৰু লেখিকা। তেখেতৰ গ্ৰন্থ Dancing in the family হৈছে তিনিগৰাকী মহিলাৰ আত্মকথা। গ্ৰন্থখনে বহুলভাৱে সমাদৰ লাভ কৰিছে। তেখেতেৰ চিত্ৰকলা আৰু কলাজৰ কাম ভাৰতকে ধৰি অন্যান্য দেশতো প ...

সুচিত্ৰা চেবাষ্টিয়ান

সুচিত্ৰা চেবাষ্টিয়ান হৈছে এগৰাকী ঘনীভূত পদাৰ্থৰ পদাৰ্থবিজ্ঞানী । তেখেতৰ কৰ্মস্থান হৈছে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কেভেনডিশ্ব প্ৰয়োগশালা। কোৱাণ্টাম পদাৰ্থৰ ক্ষেত্ৰত কৰা বৈজ্ঞানিক চিন্তা আৰু কৰ্মৰ বাবে তেখেত পৰিচিত। নিৰ্দিষ্টকৈ কবলৈ গলে, তেখেতে এনে ...

সুচিত্ৰা সেন

সুচিত্ৰা সেন এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁৰ জন্মগত নাম আছিল ৰমা দাশগুপ্ত। তেওঁ মূলত বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল। বঙালী চলচ্চিত্ৰত উত্তম কুমাৰৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰ ...

সুচেতা কৃপলানী

সুচেতা কৃপলানী এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদবীত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৯৬৩ চনৰ পৰা ১৯৬৭ চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সুচেতা দালাল

সুচেতা দালাল হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা। তেখেতৰ সংবাদসেৱাই মূলতঃ ব্যৱসায়িক জগতখনৰ ঘটনা-প্ৰৱাহক সাঙুৰি লয়।প্ৰায় পঁচিশটা বছৰ সাংবাদিকতাৰ লগত জড়িত হৈ থকা সুচেতা দালালক ২০০৬ চনত ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে পদ্মশ্ৰী সন্মান ...

সুজাতা ৰামদৰাই

সুজাতা ৰামদৰাই হৈছে এগৰাকী বীজগণিতীয় সংখ্যাৰ তত্ত্ববিদ। তেখেতক জনা যায় ইৱাশ্বাৱা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেত কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অংকৰ এগৰাকী অধ্যাপক আৰ "কানাডাৰ গৱেষণা পদ"ৰো অধিকাৰী।তেখেত "টাটা ইনষ্টিটিউট অৱ ফাণ্ড ...

সুদীপ্তা সেনগুপ্তা

সুদীপ্তা সেনগুপ্তা এগৰাকী ভাৰতীয় ভূবিজ্ঞানী। তেওঁ কলকাতাত অৱস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গাথঁনিক ভূবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ এগৰাকী প্ৰশিক্ষিত পৰ্বতাৰোহী। তেওঁ সমুদ্ৰ বিজ্ঞানী আদিতি পণ্টৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা। তেওঁলোক ১ ...

সুদেষ্ণা সিন্‌হা

সুদেষ্ণা সিন্‌হা হৈছে মোহালীস্থিত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী অধ্যাপক। এক দশকতকৈও অধিক কাল তেখেতে চেন্নাইত থকা গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত কাম কৰিছিল। "অৰৈখিক পদাৰ্থ বিজ্ঞান"ৰ ক্ষেত্ৰখনৰ লগত তেখেত জড়িত। তেখেতে "বিশৃংখলাভ ...

সুদৰ্শন পাটনায়ক

সুদৰ্শন পাটনায়ক এগৰাকী ভাৰতীয় বলুকা শিল্পী। তেওঁ উৰিষ্যাৰ বাসিন্দা। ২০১৪ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।

সুধা মূৰ্তি

সুধা মূৰ্তি এগৰাকী ভাৰতীয় অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী আৰু লেখিকা। তেওঁ বৰ্তমান ইনফচিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু মূলতঃ কানাড়া আৰু ইংৰাজী ভাষাত লিখা-মেলা কৰে। তেওঁ গেটছ ফাউণ্ডেচনৰ জনস্বাস্থ্য প্ৰকল্পৰ সদস্য। তেওঁ কেইবাটাও অনাথ আশ্ৰম নিৰ্মাণ কৰাইছ ...

সুধীন দাশগুপ্ত

সুধীন দাশগুপ্ত বিশিষ্ট বঙালী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী আছিল। তেওঁ হিন্দী, অসমীয়া, উৰিয়া আদি বিভিন্ন ভাৰতীয় ভাষাত অৱদান আগবঢ়াইছে। তেওঁ বাঙালী সংগীতৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিছিল।

সুনীতি কুমাৰ চট্টোপাধ্যায়

সুনীতি কুমাৰ চট্টোপাধ্যায় বা সুনীতি কুমাৰ চেটাৰ্জী এগৰাকী ভাৰতীয় ভাষাবিদ, শিক্ষাবিদ আৰু সাহিত্যিক আছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক ভাষাচাৰ্য উপাধি প্ৰদান কৰিছিল। তেওঁ ১৯৭২ চনত গঠন হোৱা মেঘালয় ৰাজ্যৰ নাম নিৰ্ধাৰণ কৰিছে। তেওঁ আগবঢ়োৱা অৱদা ...

সুনীতি ছলোমন

সুনীতি ছলোমন এগৰাকী ভাৰতীয় চিকিৎসক আৰু অণুজীৱ বিজ্ঞানী আছিল যিয়ে এইড্‌ছ গৱেষক আৰু ১৯৮৫ চনত ভাৰতৰ চেন্নাইত প্ৰথম ভাৰতীয়ৰ এইড্‌ছ ৰোগ পোহৰলৈ অহাৰ পিছত এইড্‌ছ প্ৰতিৰোধৰ পথিকৃৎ। তেওঁ চেন্নাইত ৱাই আৰ গেচনেড চেণ্টাফৰ এইড্‌ছ গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠ ...

সুনীল কোঠাৰী

সুনীল কোঠাৰী এগৰাকী ভাৰতীয় নৃত্য ইতিহাসবিদ, বিদ্বান আৰু সমালোচক। তেওঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উদয় শংকৰ আসনৰ অধ্যাপক আছিল।

সুনীল গাভাস্কাৰ

সুনীল মনোহৰ গাভাস্কাৰ ভাৰতৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ। ১৯৭০ চনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ লোৱা গাভাস্কাৰক বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন আখ্যা দিয়া হয়। টেষ্ট ক্ৰিকেটৰ ইতিহাসত গাভাস্কাৰ এজন চিৰস্মৰণীয় অপেনিং বেটছমেন। নিজৰ বৰ্ণিল টেষ্ট ক্ৰিক ...

সুবিমল বসাক

বিয়াৰ গীত ওঢাকাই ছড়া ১৯৮৭ লোক গবেষণা। কুসংস্কাৰ সংকলন ১৯৮৭ লোক গবেষণা। প্ৰত্নবীজ ১৯৯৬ উপন্যাস। বকবকানি ২০০০ কবিতা। আত্মাৰ শান্তি দুমিনিট ১৯৮৫ গদ্য। গোপন দস্তাবেজ ও শীততাপ নিয়ন্ত্ৰিত আত্মা ২০০৭ গদ্য। ক্যাজুয়াল লিভ ২০০০ চুটিগল্প। ছাতামাথা ১৯৬৫ ...

সুব্ৰমনিয়ম জয়শংকৰ

সুব্ৰমনিয়ম জয়শংকৰ এগৰাকী কূটনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল। তেওঁ ১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁ আমেৰিকা যুক্তৰ ...

সুভাষ চন্দ্ৰ বসু

সুভাষ চন্দ্ৰ বসু ইংৰাজী: Subhas Chandra Bose ; ২৩ জানুৱাৰী ১৮৯৭ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা আছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। ১৯৪২ চনত জাৰ্মানীত ...

সুমতী মোৰাৰজী

সুমতী মোৰাৰজী এগৰাকী ভাৰতীয় ব্যৱসায়ী। তেওঁক ভাৰতীয় জাহাজ পৰিবহণৰ প্ৰথম মহিলা হিচাপে জনা যায়। তেওঁ সাধাৰণতে পুৰুষৰ আধিপত্য থকা জাহাজৰ গৰাকী সকলৰ সংস্থাৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা বিশ্বৰ প্ৰথম গৰাকী মহিলা। তেওঁ ভাৰতৰ জাহাজৰ গৰাকী সকলৰ সংগঠন ইণ্ ...

সুমন কল্যাণপুৰ

সুমন কল্যাণপুৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। বহুতে বিশ্বাস কৰে যে প্ৰতিভা অনুযায়ী তেওঁ যি স্থানত উপনীত হব লাগিছিল, সেই স্থানত উপনীত হ’ব নোৱাৰিলে। অথচ শাস্ত্ৰীয় সঙ্গীতৰ জ্ঞান, সুৰীয়া আৰু বিশাল পৰিধিৰ কণ্ঠ আদি এগৰাকী নেপথ্য কণ্ঠশিল্ ...

সুমিত্ৰা মহাজন

সুমিত্ৰা মহাজন এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু লোকসভাৰ ১৬তম অধ্যক্ষ। তেওঁ ভাৰতীয় জনতা পাৰ্টি দলৰ লগত জড়িত। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ অষ্টম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়। লোকসভাত অষ্টম বাৰৰ বিশ্বে নিৰ্বাচিত হোৱা তেওঁ তিনিজন ব্যক্ ...

সুশান্ত সিং ৰাজপুত

সুশান্ত সিং ৰাজপুত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা, নৃত্যশিল্পী, টেলিভিছন ব্যক্তিত্ব, উদ্যমী, আৰু এগৰাকী জন হিতৈষী। তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয়ৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁ পোন প্ৰথমে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ধাৰাবাহিক ...

সুষমা স্বৰাজ

সুষমা স্বৰাজ এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এগৰকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মেৰ পৰা ২০১৯ চনৰ ৩০ মেলৈকে কাৰ্যনিৰ্বাহ ক ...

সুস্মিতা বেনাৰ্জী

চৈয়দা কমলা এগৰাকী বঙালী লেখিকা। তেওঁৰ জন্ম হৈছিল কলকাতাত। তেওঁ ১৯৯৭ চনত কাবুলীৱালাৰ বাঙালী বৌ নামৰ বিখ্যাত স্মৃতি কাহিনী লিখিছিল। এই গ্ৰন্থখনত তেওঁ বিবাহ সূত্ৰে আফগানিস্তানৰ বোৱাৰী হোৱাৰ পিছত তালিবানৰ শাসনকালত আফগানিস্তানত হোৱা তেওঁৰ অভিজ্ঞতা সম ...

সুস্মিতা সেন

সুস্মিতা সেন এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ১৯৯৪ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু পিছলৈ ১৮ বছৰ বয়সত মিছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ দখল কৰিছিল। মিছ ইউনিভাৰ্ছ দখল কৰা সুস্মিতা সেন প্ৰথম গৰাকী ভাৰতীয়। তেওঁ হিন্দী, তামিল আৰু বাংলা ভাষাৰ চলচ্চিত্ৰত অভ ...

সুহাসিনী মণিৰত্নম

সুহাসিনী মণিৰত্নম তেলুগু, মালয়ালম, তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক সাধাৰণতে সুহাসিনী নামেৰে জনা যায়। ১৯৮০ চনত তেওঁ তামিল ছবি নেনজাঠাই কিল্লাথেৰ জৰিয়তে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তামিল ছবি সিন্ধু ভৈৰৱ ...

সুৰভি লক্ষ্মী

সুৰভি চি.এম. বা সুৰভি লক্ষ্মী এগৰাকী ভাৰতীয় মঞ্চ, টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ২০১৬ চনত মুক্তি পোৱা মালয়ালম চলচ্চিত্ৰ ‘মিন্নামিনুঙ্গু’ত তেওঁ এগৰাকী সংগ্ৰামী মধ্যবয়সীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ...

সুৰাইয়া

সুৰাইয়া জামাল শ্বেখ এগৰাকী হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আৰু গায়িকা আছিল, যাৰ জনপ্ৰিয় নাম আছিল সুৰাইয়া। তেওঁ ১৯৩৬ৰ পৰা ১৯৬৩লৈ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল। ১৯৩৬ৰ পৰা ১৯৬৩লৈ তেওঁ ৬৭খন ছবিত অভিনয় কৰিছিল আৰু ৩৩৮টা গীত গাইছিল। ১৯৪০ আৰু ১৯৫০ৰ ...

সুৰিন্দৰ কৌৰ

সুৰিন্দৰ কৌৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী তথা গীতিকাৰ আছিল। তেওঁ মুলত পঞ্জাবী লোকসংগীত গাইছিল, যত তেওঁৰ সোঁতক অগ্ৰগামী আৰু জনপ্ৰিয় কৰিবলৈ কৃতিত্ব দিয়া হৈছিল, কৌৰ ১৯৪৮-ৰ পৰা ১৯৫২ চনৰ মাজৰ সময়চোৱাত হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গীত ৰিক ...

সোণাল মানসিং

সোণাল মানসিং এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী। তেওঁ ভাৰতনাট্যম আৰু ওদিছি নৃত্যত পাৰদৰ্শিতা অৰ্জন কৰি গুৰু হিচাপে পৰিগণিত হৈছে। ২০১৮ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত কৰে। ভাৰত চৰকাৰে তেওঁ কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদ ...

সোণালী বেন্দ্ৰে

সোণালী বেন্দ্ৰে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ঘাইকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিলেও তেওঁ "মুৰাৰী", "খড়গম", "ইন্দ্ৰ", "মন্মধুড়ু", "শংকৰ দাদা এম.বি.বি.এছ." আদি তেলেগু চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অধিক সমাদৃত। ইয়াৰ উপৰিও তেওঁ মাৰাঠী, তামিল আৰ ...

সৌমিত্ৰ চেটাৰ্জী

সৌমিত্ৰ চেটাৰ্জী হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। অস্কাৰ বিজয়ী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে কৰা সহযোগিতামূলক কামৰ বাবে তেওঁক জনা যায়। সত্যজিৎ ৰায়ৰ সৈতে চেটাৰ্জীয়ে চৈধ্যখন চলচ্চিত্ৰত কাম কৰিছে। শিল্পকলাৰ বাবে প্ৰদান কৰা ফ্ৰান্সৰ ...

সৌম্যা স্বামীনাথন

সৌম্যা স্বামীনাথন এগৰাকী ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ চিকিৎসক আৰু যক্ষ্মা ৰোগৰ বিজ্ঞানী। ২০১৭ চনৰ ৩ অক্টোবৰ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যসূচী সমূহৰ উপসঞ্চালক পদত নিযুক্তি লাভ কৰে। ২০১৯ চনত ৭ মাৰ্চ তাৰিখে তেওঁ বিশ্ব স্বাস্থ্য সন্থাৰ মুখ্য ...

স্বামী বিবেকানন্দ

স্বামী বিবেকানন্দ তেখেতৰ প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত আছিল। তেওঁ ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক আছিল। স্বামী বিবেকানন্দই ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বেদান্ত আৰু যোগশাস্ত্ ...

স্বৰণ লতা (কণ্ঠশিল্পী)

স্বৰণ লতা বা স্বৰণলতা হল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী। লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়। হৰচৰণ গাৰেৱাল, কৰমজিত ধুৰি, কৰ্নেইল গিল, মহম্মদ চাদিক, দিদাৰ সন্ধু, গুৰচৰণ প ...

স্মিতা পাটিল

স্মিতা পাতিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, টেলিভিচন আৰু মঞ্চ অভিনেত্ৰী। তেওঁক তেওঁৰ সময়ৰ এগৰাকী অতি দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা সৰ্বকালৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী বুলি গণ্য কৰা হয়। স্মিতাই মাত্ৰ এক দশকৰ কৰ্মজীৱনত হিন্দী, মাৰাঠী, গুজ ...

স্মিতা মাধৱ

স্মিতা মাধৱ এগৰাকী কৰ্ণাটিক ধ্ৰুপদী গায়িকা আৰু ভাৰতনাট্যম নৃত্যশিল্পী। কৰ্ণাটিক সংগীত হৈছে সাধাৰণতে ভাৰতৰ দক্ষিণ অংশৰ সৈতে সম্পৰ্কিত সংগীতৰ এক প্ৰণালী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা মুখ্য শ্ৰেণীবিভাজনৰ ভিতৰত এটা ।

স্মৃতি ইৰানী

স্মৃতি জুবিন ইৰানী এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা পূৰ্বৰ মডেল, টেলিভিছন অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ গুজৰাট ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ। তেওঁৰ ভাৰত চৰকাৰৰ বৰ্তমান বস্ত্ৰমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।

সৰলা ঠকৰাল

সৰলা ঠকৰাল প্ৰথম ভাৰতীয় মহিলা বৈমানিক। ১৯১৪ চনৰ ৮ আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা সৰলায়ে ১৯৩৬ চনত মাত্ৰ ২১ বছৰ বয়সতে বিমানেৰ পাইলট হিচাপে লাইচেন্স অৰ্জন কৰিছিল। তাৰপিছত তেওঁ এখন জিপছি মথ বিমান এককভাবে চলাই ইতিহাস ৰচনা কৰিছিল। সেইসময়ত তেওঁৰ এগৰাকী ...

সৰস্বতী দেৱী (সঙ্গীত পৰিচালক)

সৰস্বতী দেৱী, ১৯৩০ আৰু ১৯৪০ৰ দশকৰ হিন্দী চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু সুৰকাৰ আছিল। তেওঁৰ বোম্বে টকীজে নিৰ্মাণ কৰা, অশোক কুমাৰ আৰু দেৱিকা ৰাণী অভিনীত ব্লক-বাষ্টাৰ ছবি অছুৎ কন্যাত ‘মেঁই বন কী চিড়িয়া বনকে বুন বুন বলুঁ ৰে’ শীৰ্ষক গীতটোৰ বাব ...

সৰোজ খান

নিৰ্মলা নাগপাল, জনপ্ৰিয়ভাৱে সৰোজ খান ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰখ্যাত নৃত্য পৰিচালক। প্ৰায় ৪০ বছৰ কাল নৃত্য নিৰ্দেশনা কৰা সৰোজ খানে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হল ৮টা শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ ফিল্মফেয়াৰ আৰু ৩ট ...

সৰোজনী নাইডু

সৰোজনী নাইডু স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়। তেখেত একাধাৰে এগৰাকী দেশপ্ৰেমিক, ৰাজনীতিবিদ, প্ৰশাসনিক দ ...

সৰ্বপল্লী ৰাধাকৃষ্ণণ

ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল । পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯ ...

সৰৱজিৎ সিং

সৰৱজিৎ সিং পাকিস্তান উচ্চতম ন্যায়ালয়ৰ দ্বাৰা মৃত্যুদণ্ডৰে দণ্ডিত এগৰাকী ভাৰতীয় নাগৰিক। পাকিস্তান চৰকাৰে মঞ্জিত সিং হিচাপে সৰৱজিৎ সিঙক দোষাৰোপ কৰিছিল আৰু ১৯৯০ চনত লাহোৰ আৰু ফেইচলবাদ চহৰত সংঘটিত এলানি ধাৰাবাহিক বিস্ফোৰণৰ বাবে জগৰীয়া কৰি কাৰাবন্ ...

হংসা জীৱৰাজ মেহতা

হংসা জীৱৰাজ মেহতা এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল। সাংবাদিকতা আৰু সমাজতত্ত্বত উচ্চ শিক্ষা লাভ কৰিবলৈ তেওঁ ১৯ ...

হাওবম ওংবি ঙাংবি দেৱী

হাওবম ওংবি ঙাংবি দেৱী এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ। তেওঁ মণিপুৰী নৃত্যৰ লাই হাৰাওবা আৰু ৰাস নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত। ১৯৯৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১০ চনত ভাৰত চৰকাৰে মণিপুৰী শাস্ত্ৰীয় নৃত ...

হিৰা দেৱী ৱাইবা

হিৰা দেৱী ৱাইবা হল এগৰাকী নেপালী ভাষাৰ ভাৰতীয় লোক সংগীত শিল্পী। তেওঁক নেপালী লোক সংগীতৰ অগ্ৰদূত ৰূপে জনা যায়। তেওঁ গোৱা চুৰা তা হয়না অষ্টুৰা তামাং চেল লোক-সংগীতৰ ৰেকৰ্ডিং হোৱা প্ৰথমটো গীত। তামাং চেল নেপালী লোক গীতৰ অন্তৰ্গত। ১৯৭৪ চনৰপৰা ১৯৭৮ চ ...

হেমা মালিনী

হেমা মালিনী হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ। ১৯৬২ চনত তামিল ছবি ইথু চাথিয়াম ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেখেতৰ প্ৰথমখন চলচ্চিত্ৰ আছিল চপনৌ কা চৌদাগৰ। ত ...

হেমা শ্ৰীনিবাসন

হেমা শ্ৰীনিবাসন হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেত পৰিৱৰ্তিত বীজগণিত আৰু বীজগণিতীয় জ্যামিতিত বিশেষজ্ঞা। ভাৰতীয় বংশোদ্ভূত এইগৰাকী অংকবিদে মিছৌৰী বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপনা কৰি আছে। শ্ৰীনিবাসন আছিল ভাৰতীয় বিজ্ঞান প্ৰতিভাৰ এগৰাকী বৃত্তিভোগী ছ ...

হেলেন (অভিনেত্ৰী)

হেলেএন ৰিচাৰ্ডচন খান এগৰাকী ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী, চমুকৈ যাক হেলেন নামেৰে জনা যায়। তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে আৰু ৭০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। হেলেনক তেওঁৰ সময়ৰ সকলোতকৈ জনপ্ৰিয় নৃত্যশিল্পী বুলি কোৱা হয়। ...