ⓘ Free online encyclopedia. Did you know? page 25

ৰামমোহন ৰায়

ৰামমোহন ৰায় অথবা ৰাজা ৰামমোহন ৰায় প্ৰথম ভাৰতীয় ধৰ্মীয়-সামাজিক পুনৰ্গঠন আন্দোলন ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা আৰু বঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্ৰথা বিলুপ্ ...

ৰামা গোবিন্দাৰাজন

ৰামা গোবিন্দাৰাজন হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী, যিয়ে তৰল গতিবিদ্যাত বিশিষ্টতা অৰ্জন কৰিছে। তদুপৰি তেখেত বিমানাকাশ অভিযান্ত্ৰিকীৰ লগতো জড়িত। তেখেতে ১৯৯৮ চনৰ পৰা ২০১২ চনলৈকে "উচ্চ বৈজ্ঞানিক গৱেষণাৰ জৱাহৰলাল নেহৰু কেন্দ্ৰ"ৰ যান্ত্ৰিক অভিযান্ত্ৰিকী ...

ৰামানন্দ সাগৰ

ৰামানন্দ সাগৰ আছিল এগৰাকী ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা। পৌৰাণিক ভাৰতীয় মহাকাব্য ৰামায়ণৰ কাহিনীৰ আধাৰত তেখেতে নিৰ্মাণ কৰা একে নামৰ ধাৰাবাহিকখন ১৯৮৭ চনত টেলিভিছনত সম্প্ৰচাৰিত হৈছিল আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ২০০০ চনত ভাৰত চ ...

ৰামায়া কৃষ্ণন

ৰামায়া কৃষ্ণন হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে তেলুগু, তামিল, কন্নড়, মালয়ালম আৰু হিন্দী ভাষাত নিৰ্মিত ২৬০ খনতকৈও অধিক বোলছবিত অভিনয় কৰিছে। ৰামায়াই চাৰিটাকৈ ফিল্মফেয়াৰ দক্ষিণ বঁটা, তিনিটাকৈ নন্দী বঁটা, আৰু এটা তামিলনাডু ৰাজ্যিক ছবি বঁটা ...

ৰাশী খান্না

ৰাশী খান্না এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে মূলত তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ হিন্দী চলচ্চিত্ৰ মাদ্ৰাজ কেফ ৰ যোগেদি অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁ একেদৰে তেলুগু চলচ্চিত্ৰ অহালু গুচাগুচালাদে, তামিল চলচ্চ ...

ৰাস্কিন বণ্ড

ৰাস্কিন বণ্ড এজন ইংৰাজ মূলৰ ভাৰতীয় লেখক। ১৯৯২ চনত তেওঁ নিজৰ চুটিগল্পৰ সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯৯ চনত তেওঁ পদ্মশ্ৰী উপাধিৰে আৰু ২০১৪ চনত পদ্মভূষণ উপাধিৰে ব ...

ৰাহুল দ্ৰাবিড়

ৰাহুল দ্ৰাবিড় এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ অধিনায়ক। তেওঁক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম। মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা দ্ৰাবিড়ে ১২ বছৰ বয়সৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল আৰু পাছলৈ ১৫ অনূৰ্ধ্ ...

ৰাহুল বসু

ৰাহুল বসু ইংৰাজী: Rahul Bose ; জন্ম ২৭ জুলাই ১৯৬৭ এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, সমাজকৰ্মী আৰু ৰাগবী খেলুৱৈ। বসুৱে মিষ্টাৰ এণ্ড মিছেছ আয়াৰ, কালপুৰুষ, অণুৰণন, অন্তহীন, লেপটপ, দ্য জাপানীজ ৱাইফ ইত্যাদি বহুকেইখন বঙালী চলচ্চিত ...

ৰাহুল সাংকৃত্যায়ন

ৰাহুল সাংকৃত্যায়ন এজন প্ৰখ্যাত ভাৰতীয় লেখক। জীৱনৰ পঞ্চলিশ বছৰ ঘৰৰ পৰা আঁতৰি ভ্ৰমণত কটোৱা সাংকৃত্যায়নক হিন্দী ভ্ৰমণ সাহিত্যৰ জনক বুলি অভিহিত কৰা হয়। বিভিন্ন বিষয়ৰ ওপৰত তেখেতে প্ৰায় ডেৰশখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ এই চিন্তা গধুৰ ৰচনাস ...

ৰিতু কাৰিধল

ৰিতু কাৰিধল এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত। মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰা মংগলযান অভিযানৰ বাবে গঠন কৰা দলৰ তেওঁ উপ-পৰিচালক আছিল। তেওঁক ভাৰতৰ ৰকেট নাৰী বুলি অভিহিত কৰা হয়। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত তেওঁ ...

ৰিধিমা পাণ্ডে

ৰিধিমা পাণ্ডে এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী যি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ পদক্ষেপ লোৱাৰ পোষকতা কৰে। তেওঁক গ্ৰেটা থুন্‌বাৰিৰ সৈতে তুলনা কৰা হৈছে। তেওঁ ন বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ নোলোৱাৰ বাবে ভাৰত চৰকাৰৰ ব ...

ৰিয়াজ খান

ৰিয়াজ আহমেদ খান তামিল: ரியாஸ் கான், মালয়ালম: റിയാസ് ഖാന്‍ ভাৰতৰ এজন চলচ্চিত্ৰ অভিনেতা। তেওঁ কেইবাখনো তামিল, মালায়ালম, তেলুগু, আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ বালাচন্দ্ৰ মেননে পৰিচালনা কৰা চুগম চুগকৰম বোলছবিত অভিনয়েৰে আত্মপ্ৰকাশ কৰিছি ...

ৰীতা ফাৰিয়া

ৰীতা ফাৰিয়া পাৱেল এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক। ১৯৪৩ চনৰ ২৩ আগষ্টত ব্ৰিটিছ ভাৰতৰ বোম্বেত এক গোৱান পৰিয়াত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। তেওঁ ১৯৬৬ চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল। এই খিতাপ লাভ কৰা তেওঁ প্ৰথম গৰাকী এ ...

ৰুক্মিণী দেৱী অৰুণ্ডেল

ৰুক্মিণী দেৱী অৰুণ্ডেল এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক। তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ এগৰাকী পশু অধিকাৰ কৰ্মীয়ো আছিল। ১৯৫২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভালৈ ম ...

ৰুক্মিনী বিজয়াকুমাৰ

ৰুক্মিনী বিজয়াকুমাৰ হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক, ভাৰতনাট্যমৰ নৃত্যশিল্পী আৰু ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।মঞ্চৰ যোগেদি আগবঢ়াই থকা নৃত্যানুষ্ঠানৰ লগতে তেখেতে কেইবাখনো দক্ষিণ ভাৰতীয় ছবি যেনে: বোম্মালাট্টুম, আনন্দ তাণ্ডৱাম, বজৰংগী, কোচ্চাডায়া ...

ৰুবি মায়াৰ্ছ

ৰুবি মায়াৰ্ছ বাগদাদী ইহুদী সম্প্ৰদায়ৰ এগৰাকী ভাৰতীয় নিৰ্বাক ছবিৰ অভিনেত্ৰী। তেওঁক ছবিজগতৰ নাম সুলোচনা বুলিহে বেছি ভালকৈ জনা যায়। ১৯২০-১৯৩০ দশকৰ তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। ৫৩খন ছবিত অভিনয় কৰা মায়াৰ্ছে এগৰাকী অনন্য চলচ্চিত্ৰ তাৰকাৰ ...

ৰূপা গাংগুলী

ৰূপা গাংগুলী এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু ৰাজনৈতিক নেতা। জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতত দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ণ কৰা বাবে তেওঁ বিশেষভাবে জনাজাত। বলীউডত শাবানা আজমীৰ যি স্থান, বহুমুখী অভিনয় আৰু উচ্চাৰণ অভিযোজনৰ বাবে প্ৰখ্যাত ৰূপা গ ...

ৰূপামঞ্জৰী ঘোষ

ৰূপামঞ্জৰী ঘোষ হৈছে উত্তৰপ্ৰদেশস্থিত শিৱ নদৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। নতুন দিল্লীস্থ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ "স্কুল অৱ ফিজিকেল চায়েন্স"ত তেখেত এগৰাকী পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আৰু ডিন আছিল। তেখেতৰ গৱেষণাক্ষেত্ৰৰ মূল বিষয়সমূহ হৈছে পৰীক্ষাম ...

ৰেখা (অভিনেত্ৰী)

ভানুৰেখা গণেশন ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন আৰু অতি নিপুণ অভিনেত্ৰী, যাৰ জনপ্ৰিয় বৃত্তিগত নাম ৰেখা । তেওঁ ১৮০খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ মু ...

ৰেখা ভৰদ্বাজ

ৰেখা ভৰদ্বাজ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ হিন্দী ভাষাৰ উপৰিও বঙালী, মাৰাঠী, পঞ্জাবী আৰু মালায়ালম ভাষাতো গান গাইছে। তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত দুটাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

ৰেণুকা ৰবিন্দ্ৰন

তেখেত চেন্নাইৰ ভেপেৰিৰ প্ৰেজেণ্টেছন কনভেণ্টৰ এগৰাকী ছাত্ৰী আছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতে চেন্নাইস্থিত ৱমেনছ্ খ্ৰীষ্টিয়ান কলেজত শিক্ষাগ্ৰহণ কৰে। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা প্ৰায়োগিক গণিতত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। পাছলৈ জাৰ্মানীৰ "টেকন ...

ৰেশমা পাঠান

ৰেশমা পাঠান এগৰাকী ভাৰতৰ ষ্টাণ্ট-শিল্পী। শ্বোলে ছবিত হেমা মালিনীৰ ষ্টাণ্ট কৰাৰ বাবে তেওঁক শ্বোলে গাৰ্ল হিচাপেও জনা যায়। ‘দ্য শ্বোলে গাৰ্ল’ তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী ছবি। তেৱেঁ প্ৰথম মহিলা ষ্টাণ্ট শিল্পী, যিয়ে ম’ভী ষ্টাণ্ট আৰ্টিষ্ ...

ৰেৱতী

আশা কেলুন্নী -ৰ জনপ্ৰিয় নাম হৈছে ৰেৱতী । ৰেৱতী ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী। তেখেতেক সচৰাচৰ তামিল আৰু মালয়ালম ছবিত দেখিবলৈ পোৱা যায়। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক স্বীকৃতি-সন্মান তেখেতে আহৰণ কৰিবলৈ সক্ষম হৈছে। তেখেত ...

ৰোদ্দম নৰসিম্‌হা

ৰোদ্দম নৰসিম্‌হা এগৰাকী ভাৰতীয় তৰল গতিবিদ তথা মহাকাশ বিজ্ঞানী। তেওঁ ১৯৬২ চনৰ পৰা ১৯৯৯ চনলৈ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মহাকাশ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আছিল। তেওঁ ১৯৮৪ চনৰ পৰা ১৯৯৩ চনলৈ ৰাষ্ট্ৰীয় মহাকাশ পৰীক্ষাগাৰৰ সঞ্চালক পদত অধিষ্ঠিত আছিল। ...

ৰোনিত ৰয়

ৰোনিত ৰয় এগৰাকী ভাৰতীয় অভিনেতা, তেখেত ভাৰতীয় টেলিভিচন আৰু ভাৰতীয় চলচ্চিত্ৰ জগতত কাম কৰাৰ বাবে সুপৰিচিত। ৰয় তেওঁৰ পেচাত ফিল্মফেয়াৰ বঁটা, দু্খন স্ক্ৰিন বঁটা, পাঁচখন আইটিএ বঁটা আৰু ছয়খন ভাৰতীয় টেলিট বঁটা সহ অসংখ্য প্ৰশংসা লাভ কৰিছে।

ৰোশনী নাদাৰ

ৰোশনী নাদাৰ মালহোত্ৰা এগৰাকী ভাৰতীয় ব্যৱসায়ী, এইচচিএল টেকনলজিছৰ অধ্যক্ষ আৰু ভাৰতত তালিকাভুক্ত আই টি কোম্পানীৰ নেতৃত্ব দিয়া প্ৰথম মহিলা। তেওঁ এইচচিএলৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ একমাত্ৰ সন্তান। ২০১৯ চনত তেওঁ ফৰ্বছৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ শক্তিশাল ...

ৰোহিত খান্দেলৱাল

ৰোহিত খান্দেলৱাল এজন ভাৰতীয় মডেল, অভিনেতা আৰু টেলিভিজন ব্যক্তিত্ব। তেওঁ ২০১৫ চনত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৬ চনত মিষ্টাৰ ৱৰ্ল্ড ৰ খিতাপ জয় কৰে। মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতা জয় কৰা তেওঁ প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয়।

ৰোহিত চাৰ্দানা

ৰোহিত চাৰ্দানা এজন ভাৰতীয় বাতৰি সূত্ৰধাৰ, বাতৰি পৰিবেশক, সাংবাদিক তথা সম্পাদক আছিল। তেওঁ তাল ঠক কে নামৰ এক কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই অনুষ্ঠানত জি নিউজ টিভি চেনেলত ভাৰতৰ সমসাময়িক বিষয়বোৰৰ ওপৰত আলোচনা কৰা হৈছিল। ২০১৭ চনত তেওঁ আজ তকত যোগদান কৰ ...

ৰোহিত শৰ্মা

ৰোহিত গুৰুনাথ শৰ্মা এজন ভাৰতীয় ক্ৰিকেটাৰ। সোঁহতীয়া বেট্‌ছমেন আৰু সোঁহতীয়া অনিয়মীয়া অফ-ব্ৰেক বলাৰজনে ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলে। ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত তেওঁ মুম্বাই ইণ্ডিয়ান্‌ছ দলৰ অধিনায়ক আৰু তেওঁ আই পি এলৰ সফলতম বেট্‌ছমেনসকলৰ এজন। ...

ৰোহিনী ভাটে

ৰোহিনী ভাটে ভাৰতৰ এগৰাকী অভিজ্ঞ কথক নৃত্যশিল্পী। তেখেতে কথক নৃত্যৰ পৰিবেশন, শিক্ষাদান, গৱেষণা তথা সমালোচনা কৰিছিল। কেৰিয়াৰৰ সময়ত, তেখেত সংগীত নাটক একাদেমী বঁটা আৰু কালিদাস সম্মানৰ আদি সন্মানেৰে ভূষিত কৰা হয়। ৰোহিনী জয়পুৰ তথা লক্ষ্ণৌ ঘৰানাৰ পৰ ...

ৱাজিদ খান (শিল্পী)

ৱাজিদ খান ভাৰতীয় শিল্পী, প্ৰতিকৃতি চিত্ৰকৰ, ভাস্কৰ্য-শিল্পী, উদ্ভাৱক আৰু স্বত্বাধিকাৰী। তেওঁ কেনভাছত গজালেৰে খোদিত কৰাত পাৰ্গত আছিল। ৱাজিদ খানে কৈছিল- "পৃথিৱীৰ মোক দিবলৈ বহুতো মূল্যহীন বস্তু আছিল কিন্তু ম‌ই তাক মূল্যবান কৰি তোলাৰ গুণ উপহাৰ পালোঁ ...

ৱাহীদা ৰহমান

ৱাহীদা ৰহমান এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে মূলতঃ হিন্দী চলচ্চিত্ৰ অভিনয় কৰাৰ লগতে তেলুগু, তামিল আৰু পশ্চিম বংগৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। ১৯৫০, ৬০ আৰু ৭০ৰ দশকৰ প্ৰথমভাগত ভিন্নস্বাদৰ কেইবাখনো বোলছবিৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। তেখেতে অনবদ্ ...

ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা

ভাৰতত বৰ্তমান ৪২টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰ ...

সংঘ লোক সেৱা আয়োগ (ইউ. পি. এছ. চি)

সংঘ লোক সেৱা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত কেন্দ্ৰীয় সংস্থা যি অসামৰিক সেৱা পৰীক্ষা, অভিযান্ত্ৰিক সেৱা পৰীক্ষা, চিকিৎসা সেৱা পৰীক্ষা, ৰাষ্ট্ৰীয় সামৰিক একাডেমী পৰীক্ষা আদি গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰে ।

সৰ্বশিক্ষা অভিযান

প্ৰাথমিক স্তৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আঁতৰ কৰাৰ ব্যৱস্থা কৰা। ২০১০চনৰ ভিতৰত আঠ বছৰীয়া প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ দিয়া। সকলোবোৰ শিশুকে ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে ২০০৩ চনৰ ভিতৰত বিদ্যালয়, শিক্ষা নিশ্চিত কেন্দ্ৰ, ...

অন্তৰীয়

অন্তৰীয় শৰীৰৰ তলৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ই ভৰিৰ মাজেৰে পাৰ হৈ যোৱা কপাহৰ এখন দীঘল বগা বা ৰঙীন পটি আৰু ভৰিবোৰ ঢিলাকৈ ঢাকি ৰাখে। ইয়াৰ লগতে ভৰিৰ সন্মুখত দীঘল কোঁচ হিচাপে প্ৰবাহিত হয়। অন্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই ধুতিৰ ...

আলতা

আলতা হৈছে হাত আৰু ভৰিৰ ওপৰত প্ৰয়োগ কৰা এবিধ প্ৰকাৰৰ তৰল ৰঙা ৰং। ভাৰতীয় উপমহাদেশৰ বিশেষকৈ বাংলাদেশ, নেপাল আৰু পূব ভাৰতৰ পশ্চিম বংগ, বিহাৰ, অসম, ত্ৰিপুৰা আৰু ওড়িশাত আলতাৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ বিবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠান উপলক্ষে কপাহৰ ...

গোপী

গোপী হৈছে এটা সংস্কৃত ভাষাৰ শব্দ আৰু শব্দটি গোপাল শব্দৰ পৰা উদ্ভূত হৈছে যাৰ অৰ্থ হৈছে গোৰ পালক বা গৰুৰ লালন-পালনকৰ্তা। হিন্দু ধৰ্মৰ বৈষ্ণৱবাদৰ আখ্যানসমূহত গোপিকা শব্দটো গোৱালীসকলৰ এক বিশেষ গোটক বুজাবলৈ বহুলভাৱে ব্যৱহৃত হয়। ভাগৱত পুৰাণ আৰু অন্যান ...

ঘুগুৰা

ঘুগুৰা জৰীৰে গাঁথি ল’ৰা বা তিৰোতাক পিন্ধোৱা সৰু জুনুকাৰ মালা। বহুতো সৰু সৰু ধাতৱীয় ঘণ্টাৰে ঘুগুৰা প্ৰস্তুত কৰা হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ নৃত্যশিল্পীসকলে ভৰিত ঘুগুৰা বান্ধি নৃত্য প্ৰদৰ্শন কৰে। ঘুগুৰাৰ দ্বাৰা উৎপাদিত শব্দ সিহঁতৰ ধাতৱ গঠন আৰু ...

চাৰ্বাক দৰ্শন

চাৰ্বাক দৰ্শন হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা। ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত। ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন। কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সা ...

তিনি তালাক

ভাৰতত তিনি তালাক, যাক তালাক-ই-বিদ্দাত, তাৎক্ষণিক বিবাহ বিচ্ছেদ বা তালাক-ই-মোগললাজা বুলিও কোৱা হয়, হৈছে এক প্ৰকাৰৰ বিবাহ বিচ্ছেদৰ প্ৰথা যি ভাৰতৰ মুছলমানসকলৰ মাজত প্ৰচলিত হৈ আহিছে। এই প্ৰথা বিশেষকৈ হানাফি সুন্নি ইছলাম সম্প্ৰদায়ৰ লোকসকলৰ মাজত সচৰা ...

দেৱদাসী

দক্ষিণ আৰু পূব ভাৰতৰ কিছু অংশত দেৱদাসী বা যোগিনী সকল হ’ল কিছুমান যুৱতী যিসকলে হিন্দু দেৱতা বা কোনোবা মন্দিৰত উপাসনাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। এগৰাকী দেৱদাসী হ’বলৈ ন্যূনতম বয়স সাত বছৰ পৰ্যন্ত হ’ব পাৰে। দেৱদাসী হ’বলৈ পট্টুকাট্টু বা আৰম্ভণি উৎ ...

দৰবাৰী নাচ

দৰবাৰী নাচ ছোৱালী নৰ্তকীয়ে মোগলৰ ৰাজ-দৰবাৰত পৰিবেশন কৰা এটা জনপ্ৰিয় নাচৰ প্ৰকাৰ। এই কলা মোগল সাম্ৰাজ্যৰ শেষৰ ফালে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়চোৱাত জাতিস্কাৰ হৈ পৰিছিল। সময়ৰ সোঁতত এই নাচ মোগল ৰাজ-দৰবাৰৰ পৰা ওলাই আহি নৱাব আৰু দেশীয় ৰ ...

বৰমালা

বৰমালা বা জয়মালা ভাৰতীয় উপমহাদেশৰ বিশেষকৈ হিন্দু সংস্কৃতিৰ জনপ্ৰিয় বিবাহ অনুষ্ঠানৰ প্ৰতীক বিবাহৰ মালা। আঞ্চলিক পৰম্পৰা অনুসৰি বৰমালা ফুল আৰু বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰা হয়। বৰমালাত বিশেষকৈ গোলাপ ফুল ব্যৱহাৰৰ কৰা হয় যদিও টকাৰ নোটৰ পৰা আন ফুল ...

ভাৰতত বাল্য বিবাহ

ভাৰতীয় আইন অনুসৰি বাল্য বিবাহ হৈছে ১৮ বছৰতকৈ তলৰ বয়সৰ ছোৱালী আৰু ২১ বছৰতকৈ তলৰ বয়সৰ লৰাৰ বিবাহ। দুৰ্বল আৰ্থ-সামাজিক অৱস্থাৰ কাৰণে অধিকাংশ কমবয়সীয়া ছোৱালী বাল্য বিবাহপাশত আৱদ্ধ হবলগীয়া হৈছে। কিছু বছৰ আগলৈকে ভাৰতত ব্যাপকভাৱে বাল্য বিবাহ প্ৰচল ...

ভৱাই

ভৱাই শব্দ সংস্কৃত ভাষাৰ ভৱৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ প্ৰকাশ বা আবেগ। ই হিন্দু দেৱী দুৰ্গাৰ সৈতেও জড়িত। ভৱ মানে মহাবিশ্ব আৰু আই মানে মাতৃ। সেইবাবে ইয়াক মহাবিশ্বৰ মাতৃ দুৰ্গাৰ প্ৰতি উৎসৰ্গীকৃত এক শিল্পৰূপেও বিবেচনা কৰা হয়। ভবাই বেশ বা স্বং নামেও ...

মংগল সূত্ৰ

মংগল সূত্ৰ হিন্দু সংস্কৃতিত বিশেষকৈ ভাৰতীয় উপমহাদেশত প্ৰচলিত বিবাহিত মহিলাসকলে ডিঙিত পৰিধান কৰা পৱিত্ৰ অলংকাৰ। হিন্দু ৰীতি-নীতিৰে কৰোৱা বিবাহত দৰায়ে কইনাক মংগল সূত্ৰ পৰিধান কৰায়। বিবাহিত সধৱা তিৰোতায়ে গোটেই জীৱন মংগল সূত্ৰ পৰিধান কৰে। মংগল সূ ...

মুজ্‌ৰা

মুজ্‌ৰা হৈছে মোগল ৰাজত্ব কালত উত্থান ঘটা মহিলাৰ দ্বাৰা পৰিৱেশিত নৃত্য প্ৰদৰ্শন, যত ভাৰতীয় সমাজৰ অভিজাত বৰ্গ আৰু নৱাবসকলৰ দৰে স্থানীয় শাসকসকলে নিশা নিজৰ মনোৰঞ্জনৰ বাবে সঘনে গণিকাসকলক ব্যৱহাৰ কৰিছিল। ক্ষয়িষ্ণু মোগল সাম্ৰাজ্যৰ পতনৰ বছৰতে এই প্ৰবৃ ...

যৌতুক

যৌতুক হল কইনাৰ বিবাহত পিতৃ-মাতৃৰ সম্পত্তিৰ হস্তান্তৰ প্ৰক্ৰিয়া। ইয়াৰ ব্যুৎপত্তিগত অৰ্থ হল দৰা-কইনা যুক্ত হোৱাৰ সময়ত অৰ্থাৎ বিবাহৰ সময়ত কইনাৰ বাবে যিবোৰ মূল্যৱান সামগ্ৰী দিয়া হয়, সেয়া যৌতুক। যৌতুক সাধাৰণত কইনাৰ মূল্য তথা স্ত্ৰীধন সংশ্লিষ্ট ...

লিংগ বৈষম্য আৰু ভাৰতীয় নাৰী

লিংগ বৈষম্য হৈছে সামাজিকভাৱে নিৰ্মিত লিংগৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি কৰা যিকোনো পাৰ্থক্য, আৰু প্ৰতিবন্ধকতা যি ব্যক্তি এজনক সম্পূৰ্ণ মানৱ অধিকাৰ উপভোগ কৰাত বাধা দিয়ে কিছু সামাজিক বিজ্ঞানীৰ মতে ই এক সামাজিক প্ৰক্ৰিয়া যাৰ দ্বাৰা পুৰুষ আৰু মহিলাক সমা ...