ⓘ Free online encyclopedia. Did you know? page 33

কা মেইখাৰ ঘৰ

কা মেইখাঘৰ হৈছে তিলোত্তমা মিশ্ৰৰ দ্বাৰা ৰচিত এক অসমীয়া উপন্যাস। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ শ্বিলং চহৰৰ বিচিত্ৰ সামাজিক-ৰাজনৈতিক জীৱনৰ পটভূমিত উপন্যাসখন ৰচিত হৈছে। কা মেইখাৰ ঘৰৰ অসমীয়া প্ৰতিশব্দ হব আইতাৰ ঘৰ। ষ্টুডেন্টচ ষ্টৰ্চে প্ৰকাশ কৰি উলিওৱা উপন্ ...

কাঠনিবাৰী ঘাট

উপন্যাসখনত কাঠনিবাৰী ঘাটত জাহাজৰ বাবে অপেক্ষা কৰি কটোৱা এটি উজাগৰী নিশা, তাৰ ৰোমাঞ্চকৰ পৰিৱেশ আৰু আকস্মিক কৰুণ পৰিসমাপ্তি দেখুৱা হৈছে। গল্পটো লেখকৰ নিজা অভিজ্ঞতাৰ বর্ণনাৰে আৰম্ভ হৈছে। গল্পটোৰ বিষয়বস্তু সংক্ষেপে এনেধৰণৰ - ব্ৰহ্মপুত্ৰৰ পাৰত দ’ম হৈ ...

কাণ-খোৱা

কাণ-খোৱা এখন কাব্য সাহিত্য। কাব্যখনৰ কবি শ্ৰীধৰ কন্দলি। ইয়াক নিচুকনি গীতৰ ঠাঁচত লিখা হৈছে। ড০ বাণীকান্ত কাকতিৰ ভাষাত" ই অতিশয় মনোমোহা, সৰল অথচ নিৰুপম কৌশলপূৰ্ণ। এইপিনে ইয়াত কৃষ্ণৰ শিশু জীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভ ...

কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু

কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু হল ডা০ ভৃংগেশ্বৰ শৰ্মা ৰচিত এক অসমীয়া গল্প সংকলন। অসমৰ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশিত প্ৰায় বিশটা গল্পৰ এই সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনৰ ডিচেম্বৰ মাহত। ১৯৯৬ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত এই গল্প সংক ...

কায়কল্প

কায়কল্প হৈছে অসমৰ কৃতবিদ্য লেখক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন বিজ্ঞান ভিত্তিক উপন্যাস। ২০০২ চনত কিতাপখন প্ৰথম প্ৰকাশ হয়। ২০০৮ বৰ্ষৰ সৰ্বভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সৰস্বতী সন্মান লাভ কৰা গ্ৰন্থখনি কল্পবিজ্ঞান বিষয়ক।

কালপুৰুষ

কালপুৰুষ হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। এই উপন্যাসখন ১৯৭৬ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। উপন্যাসখনত আহোম ৰাজত্বৰ এছোৱা গুৰুত্বপূৰ্ণ সময়ৰ বৰ্ণনাৰ লগতে সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটিছে।

কুঁহিপাঠ

১৯৮৬ চনত অসমত নতুন শিক্ষা-নীতি প্ৰৱৰ্তন কৰা হয় আৰু সেই শিক্ষা-নীতিৰ আধাৰত অসমত প্ৰাথমিক স্তৰৰ পৰা নতুন পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থা কৰা হয়। সেই অনুসৰি প্ৰাথমিক স্তৰৰ ‘অসমীয়া মাতৃভাষা’ বিষয়ৰ পাঠ্যপুথি প্ৰস্তুত কৰা হৈছিল। ‘ কুঁহিপাঠ ’ নামৰ এই পা ...

কেঁচা পাতৰ কঁপনি

কেঁচা পাতৰ কঁপনি হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক, গৱেষক প্ৰফুল্ল দত্ত গোস্বামীৰ এখন উপন্যাস। ১৯৫২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা এই উপন্যাসখনক কথন-ৰীতিক স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ পৰম্পৰাগত শৈলীৰ পৰা সামান্য পৃথক বুলি কোৱা হয়।

কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া

কেথেৰিণাৰ সৈতে এটি নিৰ্জন দুপৰীয়া অসমীয়া সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ এক চুটিগল্প সংকলন। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনৰ ডিচেম্বৰত। ইয়াত অনিন্দিতাৰ খণ্ডচিত্ৰ, ফৰেষ্ট বুঢ়াৰ বাৰী আদি মুঠ এঘাৰটা গল্প সন্নিৱিষ্ট হৈছে। লেখিকাৰ নিজৰ ভাষাত, ...

খনিকৰ পুথি

খনিকৰ পুথি গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁ‌ৱত সংৰক্ষিত এখন পুথি। এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন-ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিখন প্ৰায় আঢ়ৈশ বছৰ পুৰণি। লোকবিশ্বাস ...

গঙা চিলনীৰ পাখি (উপন্যাস)

গঙা চিলনীৰ পাখি হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৬৫ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনৰ আধাৰত ছবি-নিৰ্মাতা পদুম বৰুৱাই ১৯৭৬ চনত একে নামেৰে এখনি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

গান্ধীক কিয় হত্যা কৰিলো?

গান্ধীক কিয় হত্যা কৰিলো? ইংৰাজী ভাষাত ৰচিত গোপাল গোড্‌ছেৰ গ্ৰন্থ May It please your Honour -ৰ অসমীয়া ভাৱানুবাদ কৰিছে ত্ৰিদিব শৰ্মায়। ২০১৩ চনৰ নবেম্বৰত প্ৰকাশিত এই গ্ৰন্থখনক অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰে। গ্ৰন্থখনত মহাত্মা গান্ধীৰ হত্যা সম্পৰ্কত ...

গীতি-ৰামায়ণ

গীতি-ৰামায়ণ হৈছে এখন প্ৰাচীন কাব্য সাহিত্য। কাব্যখনৰ ৰচক দুৰ্গাবৰ কায়স্থ। দুৰ্গাবৰে পাঁচালী সংগীত শৈলীত ৰচনা কৰা গীতি-ৰামায়ণ খনক দুৰ্গাবৰী বা দুৰ্গাবৰী ৰামায়ণ বুলিও কোৱা হয়। ১৮৩৭ শক, অৰ্থাৎ ১৯১৫ খৃষ্টাব্দত হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে পুথিখ ...

গুণমালা

গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়। কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষজনাৰ ভাগৱত কথা শুনি থাকোঁতে বিচাৰ কথাত বিদ্যামান ...

গোপী-উদ্ধৱ সংবাদ

গোপী-উদ্ধৱ সংবাদ সম্পাদনা হৈছে মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনি মহাপুৰুষে চিহ্নযাত্ৰা নাটক প্ৰদৰ্শন কৰি ৰচনা কৰিছিল; মূল আধাৰ ভাগৱত পুৰাণৰ দশম স্কন্ধ। শ্ৰীকৃষ্ণয়ে কংসবধ তথা গুৰুগৃ্হত শিক্ষা সাং কৰি আহি নন্দ-যশো ...

গোলাই ছিৰিজ

গোলাই ছিৰিজ হল কুমুদেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত প্ৰায় সত্তৰখন ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। এই উপন্যাসসমূহৰ মূল নায়ক হল গোলাই চোৰ। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য ...

গোলাম

গোলাম হৈছে অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখনি গল্প সংকলন। গ্ৰন্থখন ১৯৭৪ চনত পোনপ্ৰথমবাৰ প্ৰকাশিত হৈছিল। বিশেষ গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

ঘোঁৰা নিদান (গ্ৰন্থ)

ঘোঁৰা নিদান হৈছে ঘোঁৰাৰ বেমাৰ আৰু চিকিৎসা সৰ্ম্পকীয় এখন পুথি। এই পুথিখনৰ ৰচয়িতা গৰাকীৰ নাম পোৱা নাযায় যদিও পুথিখন অসমত আহোম ৰাজত্বৰ কালতে ৰচনা কৰা হৈছিল। পুথিখনৰ বিশেষত্ব এয়েই যে এইখন সৰ্ম্পূণ অসমীয়া ভাষাত ৰচিত প্ৰথম পুথি। ই কোনো সংস্কৃত বা ...

চকৰি ফেঁটী বুৰঞ্জী

চকৰি ফেঁটী বুৰঞ্জী হৈছে আহোম ৰাজত্বৰ সময়ছোৱাত ৰচিত এখন বুৰঞ্জী। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এইখন বুৰঞ্জী ৰচনা কৰিছিল। চকৰী ফেঁটীয়ে আক্ৰমণ কৰোঁতে কেতিয়াও পিছ নোহোঁহকে বা ভয় নকৰে। ঠিক সেইদ ...

চেনাবৰ সোঁত

চেনাবৰ সোঁত হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত এখনি উপন্যাস। উল্লেখযোগ্য যে এইখন তেখেতৰ প্ৰথম উপন্যাস। উপন্যাসখন ১৯৭২ চনত প্ৰকাশিত হৈছিল। ১৯৬৪ চনৰ পৰা তেখেতে অসমীয়া দৈনিক কাকত দৈনিক অসম ত ধাৰাবাহিকভাৱে এই উপন্যাসখন ...

ছাংলট ফেন্‌লা

ছাংলট ফেন্‌লা হৈছে লেখক-সাংবাদিক পৰাগ কুমাৰ দাসৰ এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ যোগেদি লেখকে অসমৰ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু অৱক্ষয়ৰ বিভিন্ন দিশ সম্পৰ্কে বৰ্ণনা কৰিছে।

ছিন্নমস্তাৰ মানুহটো

ছিন্নমস্তাৰ মানুহটো জ্ঞানপীঠ বঁটা বিজয়িনী ড॰ মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত উপন্যাসখন ২০০১ চনত ষ্টুডেণ্ট ষ্ট’ৰ্‌চ প্ৰকাশনে প্ৰথমে প্ৰকাশ কৰে আৰু তৃতীয় সংস্কৰণটো প্ৰথম বাৰৰ বাবে চন্দ্ৰ প্ৰকাশনে ২০১১ চনত প্ৰকাশ কৰে। কাল্পনিক চৰিত্ৰ, ব্ৰিটিছ ৰা ...

জংগম

জংগম হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ এখন ইতিহাসমূলক উপন্যাস। গ্ৰন্থখন ১৯৮৩ চনত প্ৰকাশিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

জাপানী কবিতা

জাপানী কবিতা নীলমণি ফুকনৰ দ্বাৰা অনুদিত জাপানী কবিতাৰ এখন সংকলন৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭০ চনত৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে ড° হীৰেন গোহাঁয়ে৷ জাপানৰ প্ৰতিনিধিত্বমূলক কেইজনমান কবিৰ চুটি চুটি কবিতা এইখন গ্ৰন্থত সংকলিত হৈছে৷

জীৱনৰ বাটত

জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা। বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷

জোনবিৰি (গল্প সংকলন)

জোনবিৰি হল অসমৰ প্ৰসিদ্ধ লেখক সৌৰভ কুমাৰ চলিহাৰ এমুঠি ডিটেকটিভ গল্পৰ এক সংকলন। ২০০৩ৰ পৰা ২০০৬ লৈ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশ হোৱা ছয়টা গল্প এই সংকলনটিত সন্নিবিষ্ট কৰা হৈছে। বনলতাৰ দ্বাৰা প্ৰকাশিত এই গল্প সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০৬ ...

জ্ঞান-মালিনী

জ্ঞান-মালিনী অসমীয়া কবিতাৰ পুথি৷ পুথিখনৰ লেখক মফিজুদ্দিন আহমদ হাজৰিকা৷ প্ৰথম প্ৰকাশ হয় ১৯৮৬ চনৰ মে’ মাহত৷ মফিজুদ্দিন আহমদ হাজৰিকাৰ এই জনপ্ৰিয় কবিতা পুথিখনৰ বাবেই তেওঁক জ্ঞান-মালিনীৰ কবি হিচাপেও জনাজাত।

টোকোৰা বাহৰ সোণৰ বেজী

টোকোৰা বাহৰ সোণৰ বেজী হৈছে অৰূপা পটংগীয়া কলিতাৰ দ্বাৰা লিখিত এখনি অসমীয়া ভাষাৰ উপন্যাস। উপন্যাসখন মঙলদৈৰ দাঁতিকাষৰীয়া কাল্পনিক অঞ্চল এটাৰ পটভূমিত ৰচিত। মৌজাদাৰ বনমালী চৌধুৰী আৰু তেওঁৰ হাউলীটোৰ বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভূমুকি মাৰিছে। অসমৰ প্ৰ ...

ডাৱৰ আৰু নাই

ডাৱৰ আৰু নাই হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে দ্বিতীয় মহাযুদ্ধ। ১৯৫৫ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন যোগেশ দাসৰ দ্বিতীয়খন উপন্যাস।

তপত দিন দীঘল ৰাতি

তপত দিন দীঘল ৰাতি আফ্ৰিকাৰ কেইটামান নিৰ্বাচিত চুটিগল্পৰ অনুবাদ সংকলন। মূল Hot Days Long Nights গ্ৰন্থখনৰ সম্পাদক নাদেঝডা অবৰাড’ভিচ্ছ। গ্ৰন্থখনৰ গল্পবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰিছে অমৃত জ্যোতি মহন্তই। গ্ৰন্থখন প্ৰকাশ কৰিছে নেশ্যনেল বুক ট্ৰাষ্ট, ইণ ...

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা হৈছে মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস। এই উপন্যাসখনৰ বাবে তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল। এই উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন। মা ...

দন্দুৱা দ্ৰোহ (উপন্যাস)

দন্দুৱা দ্ৰোহ হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ দ্বাৰা লিখিত এখনি বুৰঞ্জীনিৰ্ভৰ উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে অসম বুৰঞ্জীৰ এটি উল্লেখযোগ্য বিদ্ৰোহ দন্দুৱা দ্ৰোহ। গ্ৰন্থখনত ১৯০৯ চনত প্ৰকাশিত হৈছিল।

দস্যু ভাস্কৰ ছিৰিজ

দস্যু ভাস্কৰ ছিৰিজ অসমীয়া সাহিত্যৰ এক কাল্পনিক চৰিত্ৰ দস্যু ভাস্কৰ আৰু তেখেতৰ কীৰ্তি-কলাপৰ বিৱৰণ থকা থ্ৰীলাৰ উপন্যাসৰ সমষ্টি। এই চৰিত্ৰৰ স্ৰষ্টা আছিল ৰংমন। দস্যু ভাস্কৰ ছিৰিজৰ অধীনত ৰচিত ৬১খন উপন্যাসত দস্যু ভাস্কৰৰ বিভিন্ন অভিযান বৰ্ণনা কৰা হৈছে ...

দস্যুৰাণী বিজুলী

দস্যুৰাণী বিজুলী অসমীয়া ৰহস্য সাহিত্যৰ কিছু থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজৰ লেখক হল ঋতুৰাজ। ঋতুৰাজ আছিল বসন্ত দাসৰ ছদ্মনাম। এই নামেৰে লিখা ছিৰিজটো প্ৰকাশ কৰিছিল পাহি প্ৰকাশে। আইনৰ চকুত অপৰাধী কিন্তু আইনে ঢুকি নোপোৱা আৰু আইনী সুৰুঙাৰে সাৰি যোৱ ...

দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প

দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প হল দীনেশ চন্দ্ৰ গোস্বামী বিৰচিত অসমীয়া কল্পবিজ্ঞান গল্পৰ এক সংকলন। এই সংকলনখনিত জনপ্ৰিয় বিজ্ঞানৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত লেখকগৰাকীৰ কুৰিটা কল্পবিজ্ঞান গল্প অন্তৰ্ভুক্ত কৰা হৈছে। অসমৰ বিভিন্ন কাকত আলো ...

দেও লাংখুই

দেও লাংখুই হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। দেও লাংখুই মানে দেও লগা তৰোৱাল। ইয়াত জোঙাল বলহুৰ হাতত থকা দেও লাংখুইৰ কথা কোৱা হৈছে। উপন্যাসখনত তিৱাসমাজৰ সমাজ-সংস্কৃতিৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰা হৈছে। ২০০৫ চনৰ ফেব্ৰুৱাৰী ...

দেওধাই অসম বুৰঞ্জী

দেওধাই অসম বুৰঞ্জী হৈছে অসম চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা ১৯৩২ চনত প্ৰথম প্ৰকাশ কৰা এখন বুৰঞ্জী পুথি। এই বুৰঞ্জী পুথিখনৰ চতুৰ্থ প্ৰকাশো ১৯৩২ চনতেই হৈছিল। পুথি খনৰ সম্পাদক সূৰ্য্যকুমাৰ ভূঞা।

ধন্য নৰ তনু ভাল

ধন্য নৰ তনু ভাল হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক, নাট্যকাৰ চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। উপন্যাসখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজী অংকিত কৰা হৈছে। গ্ৰন্থখনি ১৯৮৭ চনত প্ৰকাশিত হৈছিল।

ধৰ্মপুস্তক

ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথি; ই বাইবেলৰ অসমীয়া অনুবাদ। শ্ৰীৰামপুৰৰ মিছনেৰী উইলিয়াম কেৰিৰ উদ্যোগত ১৮১৩ চনত নগাঁও জিলাৰ কলিয়াবৰৰ নিবাসী আত্মাৰাম শৰ্মাই বাইবেলৰ নিউ টেষ্টামেখন ধৰ্মপুস্তক নামেৰে অসমীয়ালৈ ভাঙনি কৰে। ৮৬৪ পৃষ্ঠাৰ এই গ্ৰন্থখন ছপ ...

নতুন কবিতা

নতুন কবিতা অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন। সম্পাদক মহেন্দ্ৰ বৰা। সঙ্কলনটোৰ প্ৰথম প্ৰকাশ হয় ১৯৫৬ চনত। গ্ৰন্থখন মূলতঃ যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ নিৰ্বাচিত সংকলন। নতুন কবিতা পুথিখনত সৰ্বমুঠ ২০জন অসমীয়া নিৰ্বাচিত কবিৰ কবিতা সংকলিত হৈছে। আগকথা ...

নামঘৰীয়া (উপন্যাস)

নামঘৰীয়া হৈছে অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা এখন অসমীয়া ভাষাৰ উপন্যাস। এজন অবিবাহিত, সমাজপ্ৰিয় নামঘৰীয়াৰ জীৱনৰ আধাৰত উপন্যাসখনি ৰচিত। উপন্যাসখনি যোগেশ দাস সম্পাদিত অধিনায়ক নামৰ অলোচনীখনত চোৱা-চোৱাকৈ প্ৰকাশ পায়। ২০১০ চনত বনলতা প্ৰকাশনে গ্ৰন্ ...

নিৰ্ম্মল ভকত

নিৰ্ম্মল ভকত উপন্যাসখনৰ ৰচক হল ৰজনীকান্ত বৰদলৈ। উপন্যাসখনত সামৰণিকে ধৰি মুঠ ২৬টা অধ্যায় আছে। নিৰ্ম্মল ভকত উপন্যাসৰ কাহিনী সৃষ্টিৰ অন্তৰালৰ মূল কাৰণ হৈছে মানৰ আক্ৰমণ আৰু অত্যাচাৰ। নিৰ্ম্মল ভকত দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত,তেওঁৰ সোঁৱৰণিত জিলিকি উঠিছ ...

নীল প্ৰজাপতি

নীল প্ৰজাপতি অসমীয়া গল্পকাৰ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন সমাজকেন্দ্ৰিক উপন্যাস। উপন্যাসখন অসমীয়া প্ৰতিদিনৰ পূজা সংখ্যাত সম্পাদকৰ তাগিদাত সৃষ্টি হৈছিল। "বিশ্বায়ন, মুক্ত বাণিজ্যিক অৱস্থাত, আধুনিক সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিছে। বহুজা ...

নীলকণ্ঠী ব্ৰজ

নীলকণ্ঠী ব্ৰজ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ সুদীৰ্ঘকাল বৃন্দাবনবাস কৰি পোৱা অভিজ্ঞতাৰে ৰচনা কৰা উপন্যাস। ১৯৭৬ চনত প্ৰকাশিত এই উপন্যাসখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশ। এইখন মামণি ৰয়ছম গোস্বামীৰ দ্বিতীয়খন উপন্যাস। আয়তনৰ ফালৰপৰাও ...

পদুম কুঁৱৰী

পদুম কুঁৱৰী হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত একমাত্ৰ উপন্যাস। উপন্যাসখন ১৯০৫ চনত প্ৰকাশিত হৈছিল। এইখন এক বুৰঞ্জীমূলক উপন্যাস। এই উপন্যাসখন লক্ষ্মীনাথ বেজবৰুৱা কলিকতাৰ কলেজত পঢ়ি থকাৰ সময়তে নিজৰ সম্পাদনাত প্ৰকাশ পাইছিল। জোনাকীৰ তৃতীয় ...

পদ্মা-পুৰাণ

পদ্মা-পুৰাণ মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য আৰু গৌৰৱ প্ৰকাশক এখন প্ৰাচীন গ্ৰন্থ। গ্ৰন্থখনৰ লেখক সুকবি নাৰায়ণদেৱ। এই গ্ৰন্থখন এখন গীতি সাহিত্য। ই পঞ্চালী-গীতৰ শৈলীত ৰচিত।

পাটকাইৰ ইপাৰে মোৰ দেশ

পাটকাইৰ ইপাৰে মোৰ দেশ হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

পাতাল ভৈৰৱী

পাতাল ভৈৰৱী হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৮৬ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনত নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ আৰু তাৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰত, বিশেষকৈ অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাৱৰণক উপস্থাপন ...

পাফু ছিৰিজ

পাফু ছিৰিজ অসমীয়া ডিটেকটিভ সাহিত্যৰ কিছুমান থ্ৰিলাৰ উপন্যাসৰ সমষ্টি। এই ছিৰিজটোত মুঠ ২২খন কিতাপ আছে। ইয়াৰ লেখক আছিল প্ৰেমনাৰায়ণ। ১৯৪৬ চনত পাফু ছিৰিজৰ প্ৰথমটো খণ্ড ‘দিন ডকাইত’ লিখি উলিওৱা প্ৰেমনাৰায়ণৰ আচল নাম আছিল প্ৰেমনাৰায়ণ দত্ত। এই ছিৰিজটি ...

পিতা-পুত্ৰ

পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁ‌ওখনৰ মানুহৰ জীৱন আৰু গাঁ‌ৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা ...