ⓘ Free online encyclopedia. Did you know? page 34

পৱিত্ৰ অসম

পৱিত্ৰ অসম অসমৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে মহেশ্বৰ নেওগৰ দ্বাৰা সংকলিত এখন গ্ৰন্থ। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় অক্টোবৰ ১৯৬০ চনত। প্ৰকাশক অসম সাহিত্য সভা। গ্ৰন্থখনত অসমৰ প্ৰতিখন জিলাৰ ধৰ্মীয় স্থানসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে। গৱেষণাধৰ্মী টোকাসমূহেৰে ...

ফেৰেংগাদাও

ফেৰেংগাদাও হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰে এইখনি উপন্যাস সমৃদ্ধ হৈছে৷

বকুল ফুলৰ দৰে

বুকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতা দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়। উপন্যাসখন ৯২.৭ বিগ এফৰ ...

বতাহত ক’ৰ গধূলি গোপাল

বতাহত ক’ৰ গধূলি গোপাল হীৰেন গোহাঁইৰ প্ৰথম প্ৰকাশিত আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ প্ৰথম খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত। গ্ৰন্থখনত মুঠ ২৯টা অধ্যায় আছে। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-৩৭৬। আত ...

বনফুল

বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এইখন প্ৰথম গ্ৰন্থ। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ...

বব্ৰুবাহনৰ যুদ্ধ

বব্ৰুবাহনৰ যুদ্ধ হৈছে মূলত এখন কাব্য। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধৰ মাজত অন্যতম।

বিলাতৰ চিঠি

বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ পৰা প্ৰ ...

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি এখন বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনীভিত্তিক গ্ৰন্থ। গ্ৰন্থখনৰ লিখক হৈছে তিলক দাস। তিলক দাসে গ্ৰন্থখনৰ নাম সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত" বিষ্ণু ৰাভা,এতিয়া কিমান ৰাতি” নামৰ কবিতাটোৰ অনুকৰণত ৰাখিছিল৷ ...

বুঢ়ী আইৰ সাধু

বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু ...

বুৰঞ্জী সাহিত্য

বুৰঞ্জী সাহিত্য হৈছে অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনৰ সভাপতি ড॰ লীলা গগৈৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। গ্ৰন্থখনত আহোম ৰাজত্বৰ সময়ৰ পৰা অসমত প্ৰচলিত বুৰঞ্জী ৰচনাৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় পটভূমিত অসমীয়া বুৰঞ্ ...

বেংছতা

বেংছতা হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক অপূৰ্ব কুমাৰ শইকীয়াৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হৈছিল। প্ৰকাশন গোষ্ঠী আছিল আঁক-বাক। গ্ৰন্থখনে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয় ...

ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান (গ্ৰন্থ)

ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান নামৰ ব্যাকৰণ আৰু ৰূপতত্ত্বৰ তাত্ত্বিক ধাৰণাৰ মৌলিক গ্ৰন্থখনৰ ৰচক হল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮৮ চনৰ মাৰ্চ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল বীণা লাইব্ৰেৰীৰ মনোৰঞ্জন দে। গ্ৰন্থখনৰ ভাষা ...

ভক্তি প্ৰদীপ

ভক্তি-প্ৰদীপ গ্ৰন্থখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক ৰচনাৰ অন্যতম পুথি। এই শাস্ত্ৰখনি গুৰুজনাই গৰুড় পুৰাণৰ আধাৰত বিৰচন কৰিছিল আৰু গ্ৰন্থখনত মুঠ আঠটা অধ্যায় আছে। পুথিখনৰ কলেৱৰ সূক্ষ্ম হোৱা সত্ত্বেও ভাগৱতীয় বৈষ্ণৱ ধৰ্মৰ শ্ৰৱণ,কী ...

ভক্তি ৰত্নাৱলী

ভক্তি ৰত্নাৱলী হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য তিনিখন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা। বিষ্ণুপুৰী সন ...

ভানুমতী

পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী ১৮৯১ আৰু লাহৰী ১৮৯২ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী ১৯০৫ ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত ...

ভাষা বিজ্ঞানৰ ভূমিকা

ভাষা বিজ্ঞানৰ ভূমিকা ভাষা বিষয়ক মৌলিক গ্ৰন্থখনৰ ৰচক হল ড॰ ৰমেশ পাঠক। কিতাপখন প্ৰথম প্ৰকাশ পায় ১৯৮০ চনৰ ডিচেম্বৰ মাহত। গুৱাহাটীৰ পৰা প্ৰকাশিত কিতাপখনৰ প্ৰকাশক আছিল মণিকূট প্ৰকাশ। প্ৰথম সংখ্যা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী সময়ত বহু কেইটা সংস্কৰণ প্ৰ ...

ভাষা-বিজ্ঞান (গ্ৰন্থ)

ভাষা-বিজ্ঞান হৈছে লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থ। ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন। ১৯৬৩-৬৪ চনত স্নাতক-মহলাত ভাষাবিজ্ঞান সম্পৰ্কীয় ন ...

ভাৰণ্ড পক্ষীৰ জাক

তেখেতে ১৯১৮ চনত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে। তেখেতে নলবাৰীৰ গৰ্ডন স্কুল, কটন মহাবিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, আৰু আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।

মই ডেচডিম’না হ’ব খোজোঁ

মই ডেচডিম’না হ’ব খোজোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত মণিকুন্তলা ভট্টাচাৰ্য ৰচিত এখন উপন্যাস। লেখিকাএই উপন্যাসৰ বাবে ২০০৭-২০০৯ বৰ্ষৰ অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ২০০৭ চনৰ ডিচেম্ব ...

মনোমতী

মনোমতী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে বৰপেটাত চাকৰি কৰি থাকোঁতে ১৮৯৭ চনৰ এপ্ৰিল মাহৰ আগতে লিখি শেষ কৰে আৰু ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক ছপাই উলিয়ায়। এয়া এখন সাৰ্থক বুৰঞ্জীমূলক উপন্যাস। মানৰ তৃতীয়বাৰ অসম আক্ৰমণৰ ঘটনাই ইয়াৰ মূল উপজীৱ্য। উপন্যা ...

মহাৰথী (উপন্যাস)

মহাৰথী হ’ল অসমীয়া সাহিত্যিক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াদেৱৰদ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়। ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা ।

মাকাম

মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।

মান্দালয় (গ্ৰন্থ)

মান্দালয় হৈছে লেখক-সাংবাদিক মৃণাল তালুকদাৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ। অসমৰ গঁ‌ড়ৰ খড়্গৰ বজাৰ আৰু চোৰাংচিকাৰীৰ আতিগুৰি বিচাৰি লেখকে বিভিন্ন ঠাই ঘূৰিছে আৰু ভ্ৰমণৰ যোগেদি হোৱা অভিজ্ঞতাসমূহৰ পৰা বিষয়টোৰ ওপৰত এক বিশ্লেষণ কিতাপখনত দাঙি ধৰিছে। ভ্ৰমণকাল ...

মামৰে ধৰা তৰোৱাল

মামৰে ধৰা তৰোৱাল মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাইনদীৰ ওপৰত একুৱাডাক্ট বন্ধা কামেই উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেওঁ‌ ...

মায়াবৃত্ত

মায়াবৃত্ত হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ ৰচিত এখন উপন্যাস। পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে কণমানি পুতি আৰু তাইৰ একমাত ...

মিৰি জীয়ৰী

মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। মিচিংসকলক আগতে "মিৰি" বুলি উল্লেখ কৰা হৈছিল। এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা এই উপন্যাসত সেই সময়ৰ মিচিং সমাজৰ কিছুমান পৰম্পৰা আৰু নীতি-নিয়মো বৰ্ণনা কৰা হৈছে।

মৃত্যুঞ্জয়

মৃত্যুঞ্জয় অসমীয়া সাহিত্য জগতত লেখত লবলগীয়া উপন্যাস সমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ জুলাই, ১৯৭০ চনত হৈছিল। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰক ...

মোৰ দেশ আৰু মোৰ মানুহ

মোৰ দেশ আৰু মোৰ মানুহ হল তিব্বতৰ ধৰ্মীয় আৰু ৰাজনৈতিক মুৰব্বী চতুৰ্দশ দালাই লামা টেনজিং গিয়াত্‍ ছোৰ আত্মজীৱনী My Land and My People গ্ৰন্থৰ অসমীয়া অনুবাদ। গ্ৰন্থখনত এজন দালাই লামাৰ জীৱনৰ এচোৱা কালৰ উপৰি তিব্বতৰ ৰাজনৈতিক আৰু ধৰ্মীয় ইতিহাসৰ বৰ্ণ ...

মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ

মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। এই প্ৰবন্ধ সংকলনখন ২০০১ চনত প্ৰথম প্ৰকাশ পায়।

মোৰো এটা সপোন আছে

মোৰো এটা সপোন আছে হৈছে ৰুবুল মাউতৰ দ্বাৰা লিখিত এখনি আত্মজীৱনী। শৈশৱ-কৈশোৰৰ নানান প্ৰতিঘাত আৰু সংঘাত অতিক্ৰম কৰি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰা জীৱবিজ্ঞানী আৰু গৱেষক ৰুবুল মাউতৰ জীৱন-কাহিনীৰে এই আত্মজীৱনীখন সমৃদ্ধ হৈছে।

মৌতম

মৌতম হৈছে ২০১১ চনত প্ৰকাশিত এখন গ্ৰন্থ। লিখক মৃণাল তালুকদাৰে একেলগে বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীসকলৰ উদ্দেশ্য, সমস্যা, চৰকাৰৰ সৈতে শান্তি স্থাপন আদি বিষয় সমূহ সন্নিৱিষ্ট কৰিছে। সেয়ে লিখকে এই গ্ৰন্থখনক উ ...

মৌন ওঁঠ মুখৰ হৃদয়

মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ ...

মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা

মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন চুটিগল্পৰ সংকলন। গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা। চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে।

যাকেৰি নাহিকে উপাম

যাকেৰি নাহিকে উপাম হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক ড॰ লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখনক অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাসৰ মৰ্যাদা দিয়া হয়।

যোগিনী তন্ত্ৰ

যোগিনী তন্ত্ৰ ষোড়শ বা সপ্তদশ শতিকাত অসমত ৰচিত এখন তন্ত্ৰ সাধনাৰ গ্ৰন্থ। দেৱী কালী আৰু কামাখ্যাৰ প্ৰতি উৎসৰ্গিত এই গ্ৰন্থখনৰ মূল লেখক অজ্ঞাত। ধৰ্মীয় আৰু দাৰ্শনিক নীতিৰ বাহিৰে এই এককৃত তন্ত্ৰ সমূহত কিছুমান ঐতিহাসিক ঘটনাৰ তথ্য পোৱা গৈছে। তন্ত্ৰ সা ...

লাহৰী

লাহৰী হৈছে পদ্মনাথ গোহাঞিবৰুৱা দ্বাৰা ৰচিত এখন উপন্যাস। পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী আৰু লাহৰী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। গোহাঞি বৰুৱাৰ দ্বিতীয়খন উপন্যাস আৰু শেষ উপন্যাস হ’ল ...

লৱ-কুশৰ যুদ্ধ

লৱ-কুশৰ যুদ্ধ হৈছে মূলতঃ এখন কাব্য গ্ৰন্থ। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধৰ মাজত অন্যতম, কবিজনাৰ এইখন প্ৰথম কাব্য।

শংখনিনাদ

শংখনিনাদ হৈছে মনালিছা শইকীয়া ৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। অসম আন্দোলনৰ পটভূমিত ৰচিত শংখনিনাদ এখন উল্লেখযোগ্য গ্ৰন্থ। আশীৰ দশকত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছবি আৰু নব্বৈৰ দশকত অসমৰ সমাজ জীৱনলৈ নামি অহা বিভিন্ন বিপৰ্যয় সাম্প্ৰতিক সময়ৰ এগ ...

শৱ কটা মানুহ

শৱ কটা মানুহ অৰুণাচল প্ৰদেশৰ মনপা জনজাতিৰ এটি প্ৰচলিত পৰম্পৰাক আধাৰ কৰি লিখা এখন অসমীয়া ভাষাত ৰচিত উপন্যাস। উপন্যাসখনৰ ৰচক য়েছে দৰজে ঠংচি। কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে এই উপন্যাসখন সাদিনৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকা ...

সঞ্চয়ন

গ্ৰন্থখনৰ আগকথাত মহেশ্বৰ নেওগে লিখিছে- এইখনি আদিৰেপৰা সাম্প্ৰতিকলৈকে অসমীয়া কবিতাৰ সঙ্কলন। সঙ্কলনখনি অসমীয়া কাব্যৰ প্ৰতিৰূপক হৈছে আৰু কাব্য-জ্ঞান-পিপাসুসকলক অসমৰ কাব্য চিন্তাৰ ইতিহাসৰ আৰু কাল-ভাগ অনুসৰি তাৰ বিভিন্ন গতি-প্ৰগতিৰ সম্যক আভাস দিব পা ...

সপোনৰ দিকচৌ বনত

সপোনৰ দিকচৌ বনত হীৰেন গোহাঁইৰ এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ তৃতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৯ চনত। গ্ৰন্থখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। প্ৰকাশক জ্যোতি প্ৰকাশন। পৰিৱৰ্ধিত সংস্কৰণটোত মুঠ ...

সপ্তকাণ্ড ৰামায়ণ

সপ্তকাণ্ড ৰামায়ণ ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰচনা কৰা ৰামায়ণ। বৰাহী বা কছাৰী ৰজা মহামাণিক্যৰ ৰাজসভাৰ কবি মাধৱ কন্দলীয়ে ৰাজ অনুগ্ৰহত উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ "সপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে। আধুনিক ...

সাঁচিপাতৰ পুথি (উপন্যাস)

সাঁচিপাতৰ পুথি হৈছে ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭৩ চনত। গ্ৰন্থখনৰ ষষ্ঠ সংস্কৰণৰ মুঠ পৃষ্ঠা সংখ্যা-১৫২। নগেন শইকীয়াৰ উপন্যাসখনৰ বিষয়ে কৈছে- ‘বুদ্ধদেৱৰ মৃত্যু’ ঔপন্যাসিকাৰে ষাঠ ...

সাউদৰ পুতেকে নাও মেলি যায়

সাউদৰ পুতেকে নাও মেলি যায় হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জনপ্ৰিয় উপন্যাস। এই সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখন ১৯৮৭ চনত প্ৰথম প্ৰকাশ পায়। উপন্যাসখন দুটা অধ্যায়ত বিভক্ত। অসম সাহিত্য সভাই প্ৰকাশ ক ...

সুগন্ধি পখিলা

সুগন্ধি পখিলা অসমৰ প্ৰসিদ্ধ কবি হীৰেন ভট্টাচাৰ্যৰ স্ব-নিৰ্বাচিত এলানি কবিতাৰ সংকলন। বনলতা প্ৰকাশনৰ বেনাৰত কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনৰ ২০ মাৰ্চত। ২০০৭ চনৰ পুথিখনৰ ত্ৰয়োদশ প্ৰকাশলৈকে কবিগৰাকীয়ে ১৯৫৭ চনৰ পৰা ১৯৮৩ চনলৈকে বিভিন্ন সময়ত ...

সূৰুযমুখীৰ স্বপ্ন

সূৰুযমুখীৰ স্বপ্ন উপন্যাসখনৰ ঔপন্যাসিক হৈছে চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যৰ এখন জনপ্ৰিয় উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৯৫ চনত।

সোণৰ চামুচ মুখত লৈ

সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী হৈছে অসমীয়া গল্পকাৰ, ঔপন্যাসিক, অভিধান প্ৰণেতা, গৱেষক আৰু অধ্যাপক ড॰ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী। অগতানুগতিক শৈলীৰে লিখা এই আত্মজীৱনীখন প্ৰথম প্ৰকাশ হয় ২০১৬ চনৰ নৱেম্বৰ মাহত। গ্ৰন্থখন প্ৰকাশ কৰে গুৱাহাটীৰ ...

হস্তীবিদ্যাৰ্ণৱ

হস্তীবিদ্যাৰ্ণৱ, সুকুমাৰ বৰকাইথে ৰচনা কৰা এখন হাতীৰ বিষয়ক পুথি। ইয়াৰ মূল সংস্কৃত গজেন্দ্ৰ চিন্তামণি। আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত হস্তীবিদ্যাৰ্ণৱ ৰচনা কৰা হৈছিল। ইয়াত হাতীৰ ব্যৱস্থাপনা, ৰক্ষণাবেক্ষণ আৰু চিকি ...

হিন্দু-ধৰ্ম কি?

হিন্দু-ধৰ্ম কি? কিতাপখন মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে প্ৰকাশ হৈছিল। ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ হৈ কিতাপখন নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছিল। সাহিত্যিক-সাংবাদিক তিলক হাজৰিকাই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে। অসমী ...

হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী

হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২২। আত্মজীৱনীৰ ...