ⓘ Free online encyclopedia. Did you know? page 47

শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী

শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী এক ধৰণৰ হস্তশিল্প যাৰ উৎস পশ্চিমবংগ ৰাজ্যৰ বীৰভূম জিলাৰ শান্তিনিকেতন। এই চৰ্মজাত সামগ্ৰীবোৰ অতি ৰঙীন বুটাকৰা অথবা বিভিন্ন নক্সাযুক্ত হয়। শান্তিনিকেতনী চৰ্মজাত দ্ৰব্যৰ প্ৰধান বৈশিষ্ট্য হল ই সুন্দৰ ৰঙৰ লৈখিক নক্সাযুক্ ...

সোনাগাছি

সোনাগাছি ভাৰতৰ কলকাতা চহৰত অৱস্থিত এছিয়াৰ বৃহত্তম নিষিদ্ধ পল্লি। এই অঞ্চলটোত শতাধিক বহু মহলীয়া বেশ্যালয়ত ২০২০ চনৰ পৰিসংখ্যা অনুসৰি ৭০০০ যৌনকৰ্মী বাসকৰে। সোনাগাছি উত্তৰ কলকাতাৰ যতীন্দ্ৰমোহন এভিনিউ আৰু বিদন ষ্ট্ৰীটৰ সংযোগ স্থলত, শোভাবজাৰ ওচৰত অৱ ...

বৈদ্যনাথ মন্দিৰ

বৈদ্যনাথ মন্দিৰ ভাৰতৰ অন্যতম প্ৰধান তীৰ্থস্থান। শিৱৰ বাৰ জ্যোতিৰ্লিংগৰ ভিতৰত বৈদ্যনাথ মন্দিৰৰ শিৱলিংগকো এক হিচাপে গণ্য কৰা হয়। সেয়েহে ভাৰতৰ শৈৱ উপাসক সকলে বৈদ্যনাথ মন্দিৰ দৰ্শনত চৰম সাৰ্থকতা বিচাৰি পায়। পৌৰাণিক আখ্যানৰ ভিত্তিত নিৰূপণ কৰা বৈদ্য ...

মধুবানী চিত্ৰশিল্প

মধুবানী চিত্ৰশিল্প ভাৰতীয় লোক চিত্ৰকলাৰ এক অংশ। বিহাৰৰ মিথিলাত ইয়াৰ অনুশীলন কৰা হয়। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এ ...

নিংঙোল চাকৌবা

নিংঙোল চাকৌবা ভাৰতৰ মণিপুৰ ৰাজ্যৰ মেইতেই জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা পাৰম্পৰিক লোকউৎসৱ। ইয়াক চাকৌবা বা হিয়াংগেই নিনি পান্‌বা বুলিও কোৱা হয়। মণিপুৰৰ স্থানীয় মেইতেই দিনপঞ্জী অনুসৰি হিয়াংগেই মাহৰ দ্বিতীয়া তিথিত এই উৎসৱ পালন কৰা হয়। গ্ৰেগৰীয় ...

পেনা

পেনা বা টিংটেলিয়া এবিধ ভাৰতীয় তাঁৰযুক্তত বাদ্য। ই মণিপুৰৰ পৰম্পৰাগত লোকবাদ্য। ইয়াত মাত্ৰ এডাল তাঁৰ বা গুণা থাকে আৰু আন এক সঁজুলিৰে তাঁৰডাল ঘঁহি সাংগীতিক ধ্বনি উৎপন্ন কৰা হয়। পেনা ঘাইকৈ ভাৰত আৰু বাংলাদেশত প্ৰচলিত। ইয়াক একক বা দলীয়ভাবে বজোৱা ...

মণিপুৰী নৃত্য

মণিপুৰী নৃত্য ইংৰাজী: Manipuri Dance ভাৰতৰ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া আঠটা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম। ই এক মসৃণ, মহিমামণ্ডিত আৰু কাৰিকৰীভাৱে কিছু সহজ নৃত্য। মণিপুৰী নৃত্য মণিপুৰৰ এক সমৃদ্ধিশালী লোকনৃত্য। লোক পৰম্পৰা আৰু আচাৰ ব্যৱহা ...

য়াওশং

য়াওশং বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘লমটা’ মাহৰ পূৰ্ণিমাৰ দিনাৰপৰা আৰম্ভ হোৱা যাওচাং মেইটেই জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ইয়াক মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱবুলি বিবেচনা কৰা হয়। ফাঁকুৱাৰ দৰে মণিপুৰৰ হ ...

লাই হাৰাওবা

লাই হাৰাওবা মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ। মণিপুৰৰ পাৰম্পৰিক লোক-ধৰ্ম সনমাহীৰ উমং লাই গোটৰ দেৱতা সকলৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। উমং লাই হৈছে স্থানীয় মণিপুৰী ধৰ্মৰ পৱিত্ৰ বন দেৱতা। মেইতেই ভাষাত লাই হাৰাওবাৰ আক্ষৰিক অৰ্থ হৈছে দেৱতা সক ...

লুই ঙাই নি

লুই ঙাই নি হৈছে ভাৰতৰ মণিপুৰৰ নগা জনগোষ্ঠীসমূহৰ দ্বাৰা উদযাপন কৰা বীজ-বোৱাৰ উৎসৱ। এই উৎসৱৰ দ্বাৰা বীজ বোৱাৰ ঋতুৰ আৰম্ভণি হয় আৰু নগাসকলৰ বাবে বছৰটো আৰম্ভ হয়। এই উৎসৱটো ১৯৮৮ চনৰ পৰা মণিপুৰত ৰাজ্যিক ছুটিৰ দিন ৰূপে ঘোষণা কৰা হয়। "লুই ঙাই নি" শব্দট ...

সিংজু

সিংজু ভাৰতৰ মণিপুৰ ৰাজ্যত প্ৰচলিত এবিধ জনপ্ৰিয় পাৰম্পৰিক ব্যঞ্জন। ইয়াৰ উৎপত্তি মূলতঃ মেইতেই সংস্কৃতিৰ পৰা হৈছিল যদিও মণিপুৰৰ বেছিভাগ সম্প্ৰদায় আৰু উত্তৰ-পূব ভাৰতৰ কিছুমান চুবুৰীয়া ৰাজ্যত ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে। প্ৰায়ে মছলাযুক্ত গৌণ ...

ৱাংখেই ফি

ৱাংখেই ফি ভাৰতৰ মণিপুৰ ৰাজ্যত বগা কপাহৰ দ্বাৰা নিৰ্মিত একপ্ৰকাৰৰ পাৰম্পৰিক বস্ত্ৰ। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি আইন, ১৯৯৯ অনুসৰি ইয়াক মণিপুৰৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ৱাংখেই ফি একপ্ৰকাৰৰ স্বচ্ছ বস্ত্ৰ। কাপোৰখ ...

মহাৰাষ্ট্ৰ দিৱস

মহাৰাষ্ট্ৰ দিৱস মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা চৰকাৰী বন্ধৰ দিন। ১৯৬০ চনৰ ১ মে’ত বোম্বে প্ৰদেশ বিভাজন হৈ মাৰাঠাভাষী ৰাজ্য মহাৰাষ্ট্ৰ গঠন কৰা হৈছিল। এই দিনটোৰ সোঁৱৰণত মহাৰাষ্ট্ৰ দিৱস পালন কৰা হয়। কুছকাৱাজ, বক্তৃতা বা অন্যান্য অনুষ্ঠানৰ যোদেগি এই দিৱস পালন ...

ৱৰ্লি চিত্ৰকলা

ৱৰ্লি চিত্ৰকলা হৈছে এক আদিবাসী কলা। ভাৰতৰ মহাৰাষ্ট্ৰৰ উত্তৰ সাহ্যাদ্ৰী ৰেঞ্জৰ লোকসকলে ঘাইকৈ এই কলা অনুশীলন কৰিছিল। পালঘৰ জিলাৰ দহানু, তালাচৰি, জৱহাৰ, পালঘৰ, মোখদা আৰু বিক্ৰমগড় চহৰ এই ৰেঞ্জৰ অন্তৰ্গত। এই কলা মহাৰাষ্ট্ৰতে প্ৰথম আৰম্ভ হৈছিল আৰু এতি ...

ঙাহ লও ডৰ

ঙাহ লও ডৰ হৈছে মিজোৰামত পৰম্পৰাগতভাৱে প্ৰচলিত কিনা-বেচাৰ এক পদ্ধতি যত বিক্ৰেতাৰ অবিহনেই বিপণী এখনৰ পণ্যসামগ্ৰী গ্ৰাহকসকলে পছন্দ অনুসৰি নিৰ্দিষ্ট মূল্য পৰিশোধ কৰি ক্ৰয় কৰাৰ ব্যৱস্থা আছে। মিজোৰামৰ ৰাজধানী আইজলৰপৰা প্ৰায় ৬৫ কি:মি: দূৰত্বত অৱস্থিত ...

চাপচাৰ কুট

চাপচাৰ কুট মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত মাৰ্চ মাহত "চাপচাৰ কুট" উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ উপলক্ষে মিজো যুৱক যুৱতীয়ে চেৰাউ নৃত্য নাচে। ই অসমীয়া ৰঙালী বিহুৰ সমতুল্য বসন্ত ...

মিম কুট

মিম কুট মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ইয়াক মুখ্যতঃ কুকি জনজাতিৰ দ্বাৰা উদযাপন কৰা হয় আৰু মাকৈ সংগ্ৰহ কৰাৰ পিছত আগষ্ট আৰু ছেপ্টেম্বৰত উৎসৱ উদযাপন কৰা হয়। কুকি জনজাতিৰ দ্বাৰা এই উৎসৱ উদযাপন কৰাৰ এটা মুখ্য কাৰণ হৈছে মাকৈ খেতি ...

কাঠপুতলি

কাঠপুতলি ভাৰতৰ ৰাজস্থান ৰাজ্যত প্ৰচলিত পাৰম্পৰিক পুতলা নাচ অনুষ্ঠান। কাঠপুতলি পুতলা নাচৰ পুতলাবোৰ মোটা সূতা বা তাঁৰৰ সহায়ত নৃত্য কৰোৱা হয়। ই ভাৰতীয় পুতলা নাচৰ আটাইতকৈ জনপ্ৰিয় ৰূপ। সূতাৰ সহায়ত নৃত্য কৰোৱা বাবে এই পুতলাবোৰ মাত্ৰ এডাল সূতা বা ত ...

এস্কাজু চুক্তি

লেটিন আমেৰিকা আৰু কেৰিবিয়ানত পৰিৱেশগত বিষয়ত তথ্য, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ন্যায়ৰ প্ৰৱেশাধিকাৰৰ ওপৰত আঞ্চলিক চুক্তি, যাক এস্কাজু চুক্তি বুলি জনা যায়, হৈছে পৰিৱেশৰ বিষয়ে তথ্য প্ৰাপ্ত কৰাৰ অধিকাৰ, পাৰিপাৰ্শ্বিক সিদ্ধান্ত লোৱাত জনসাধাৰণৰ অংশগ্ৰহণ ...

গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ

গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ হৈছে কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ প্ৰতিনিধিৰ দ্বাৰা স্বাক্ষৰ কৰা এখন চুক্তি। ২০০৭ চনৰ নৱেম্বৰ মাহত এই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিবলৈ কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ ...

বড়ো চুক্তি ২০২০

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ...

ৰাজহুৱা ক্ষেত্ৰ

ৰাজহুৱা ক্ষেত্ৰ বুলিলে সেইবোৰ কাৰ্যক বুজায় যিবোৰৰ একছেতিয়া অধিকাৰ স্বত্বৰ ম্যাদ শেষ বা বাজেয়াপ্ত অথবা অপ্ৰযোজ্য হৈছে। উদাহৰণস্বৰূপে, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্ম, আৰু চলচ্চিত্ৰ ইতিহাসৰ আৰম্ভণিৰ অধিকাংশ নিৰ্বাক চলচ্চিত্ৰ, বৰ্তমান ৰাজহুৱা ...

এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা

এইচ্ছ এম এছ বিগলৰ দ্বিতীয় সমুদ্ৰযাত্ৰা আছিল কেপ্টেইন ৰবাৰ্ট ফিটজৰয়ৰ নেতৃত্বত হোৱা বিগল জাহাজৰ দ্বিতীয়টো সমুদ্ৰযাত্ৰা। এই যাত্ৰাটো ১৮৩১ চনৰ ২৭ ডিচেম্বৰত আৰম্ভ হৈ ১৮৩৬ চনৰ ২ অক্টোবৰত শেষ হৈছিল। প্ৰথমটো সমুদ্ৰযাত্ৰাৰ কেপ্টেইন প্ৰিংগল ষ্ট্ৰোকছৰ আত ...

কভিড-১৯ বৈশ্বিক মহামাৰী

২০১৯ − ২০২০ চনৰ কৰণা ভাইৰাছৰ প্ৰকোপ বা ২০১৯ − ২০২০ চনৰ কৰণা ভাইৰাছৰ বৈশ্বিক মহামাৰী হৈছে বৰ্তমান বিশ্বজুৰি চলি থকা কৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা কৰনা ভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা। এই ৰোগৰ কাৰক হল SARS-CoV-2 যি ২০১৯ বৰ্ষত চীনৰ হুবেই প্ৰান্তৰ ৱুহান চহ ...

কলোম্বিয়ান বিবাদ

কলোম্বিয়ান বিবাদ ১৯৬৪ বা ১৯৬৬ত আৰম্ভ হোৱা এক কম-উগ্ৰ যুদ্ধ কলোম্বিয়ান চৰকাৰ, অৰ্ধ-সামৰিক গোট, অপৰাধী আৰু বাওঁপন্থী গুৱেৰিলা গোট যেনে ৰিভলিউচনেৰী আৰ্মড ফৰ্চেচ অৱ কলোম্বিয়াৰ আৰু নেচনেল লিবাৰেচন আৰ্মিৰ মাজত। সকলোৱে কমোম্বিয়ান ভূখণ্ডত প্ৰভাৱ বিস্ ...

গৌৰৱ যাত্ৰা

গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড হৈছে সমকামী নাৰী, সমকামী পুৰুষ, উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান। এনে অনুষ্ঠানসমূহ প্ৰাইড মাৰ্চ, প ...

জৰ্জ ফ্লইড হত্যাকাণ্ড

২০২০ চনৰ ২৫ মে তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিছটা ৰাজ্যৰ মিনিয়াপলিচ চহৰত জৰ্জ ফ্লইড নামৰ এগৰাকী ৪৬ বছৰীয়া কৃষ্ণাঙ্গ ব্যক্তিক জালি নোট ব্যৱহাৰৰ অভিযোগত পুলিচে গ্ৰপ্তাৰ কৰা সময়ত হত্যা কৰে। ডেৰেক চৌভিন, এজন শ্বেতাঙ্গ পুলিচ বিষয়াই প্ৰায় ন মিনি ...

দ্বিতীয় বিশ্বযুদ্ধ

দ্বিতীয় বিশ্বযুদ্ধ বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাস ...

প্ৰথম বিশ্বযুদ্ধ

প্ৰথম বিশ্বযুদ্ধ ইউৰোপত আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰা প্ৰথমখন মহাসমৰ। ১৯১৪ চনৰ ২৮ জুলাইত আৰম্ভ হৈ এই মহাসমৰ ১১ নৱেম্বৰ ১৯১৮ চনলৈ চলিছিল। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগলৈ এইখনক বিশ্বযুদ্ধ বা মহাযুদ্ধ বুলি কোৱা হৈছিল। দ্বিতীয়খন বি ...

ফৰাচী বিপ্লৱ

ফৰাচী বিপ্লৱ হৈছে ফ্ৰান্স আৰু ইয়াৰ উপনিবেশসমূহত ১৭৮৯ চনত আৰম্ভ হৈ দশকজুৰি চলা সুদূৰপ্ৰসাৰী সামাজিক তথা ৰাজনৈতিক উত্থানৰ সময়। এই বিপ্লৱৰ সময়ত ফ্ৰান্সত নিৰঙ্কুশ ৰাজতন্ত্ৰ উৎখাট কৰি গণতন্ত্ৰিক আদৰ্শৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু অৱশেষত নেপোলিয়ন বোনাপ ...

বাংলাদেশৰ মুক্তিযুদ্ধ

বাংলাদেশৰ মুক্তিযুদ্ধ হৈছে ১৯৭১ চনত তৎকালীন পূব পাকিস্তান আৰু পাকিস্তানৰ মাজত প্ৰায় ৯ মাহ ধৰি চলা এক সশস্ত্ৰ সংগ্ৰাম। পূব পাকিস্তানৰ হৈ এই যুদ্ধত ১৯৭১ চনৰ ৩ ডিচেম্বৰৰ পৰা ভাৰতেও অংশগ্ৰহণ কৰিছিল। ১৬ ডিচেম্বৰ তাৰিখে সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটে আৰে ...

ব্ৰেক্সিট

ব্ৰেক্সিট হল ইউৰোপিয়ান ইউনিয়নৰপৰা যুক্তৰাজ্যৰ বিদায়। ই আছিল অনেক লোক, তৰ্ক গোট আৰু ৰাজনৈতিক দলৰ উদ্দেশ্য। ই যুক্তৰাজ্যই ১৯৭৩ত ইউৰোপীয় সংঘৰ পূৰ্বসুৰী ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় যোগদান দিয়াৰ পাছৰে পৰাই গঢ় লৈ উঠিল। ইইচিত সদস্যপদ আগবঢ়াই নিয ...

বৰ্ণবৈষম্য নীতি

বৰ্ণবৈষম্য নীতি বা আপাৰ্টহাইট দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম আফ্ৰিকা -ত ১৯৪৮ চনৰ পৰা ১৯৯০-ৰ দশকলৈ চলা জাতিগত বিভাজনৰ এক নীতি বা ব্যৱস্থা। এই ব্যৱস্থাত মূলতঃ কলা চালৰ কৃষ্ণাংগ লোকসকলক বগা চালৰ শ্বেতাংগ লোকসকলৰ পৰা নিলগাই ৰাখি কেৱল শ্বেতাংগ লোকক ...

মহামন্দা

মহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থা যি ১৯৩০-ৰ দশকত ঘটিছিল। ইয়াৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সমগ্ৰ বিশ্বত মহামন্দাৰ সময় বিভিন্ন আছিল; বেছিভাগ দেশত, ই ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩০ দশকৰ শেষভাগ ...

শিল্প বিপ্লৱ

১৭৬০ চনৰ পৰা আৰম্ভ কৰি ১৮২০-ৰ পৰা ১৮৪০-ৰ মাজলৈ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কাৰিকৰী, সামাজিক, আৰ্থিক তথা সংস্কৃতিক ক্ষেত্ৰত বহুতো পৰিবৰ্তন ঘটে। ইয়াকে শিল্প বিপ্লৱ বা প্ৰথম শিল্প বিপ্লৱ নামেৰে জনা যায়। পৰিবৰ্তনসমূহৰ ভিতৰত উৎপাদন প্ৰক্ৰিয়াত হ ...

শীতল যুদ্ধ

শীতল যুদ্ধ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১ ...

সাংস্কৃতিক বিপ্লৱ

সাংস্কৃতিক বিপ্লৱ, আনুষ্ঠানিকভাৱে মহান সৰ্বহাৰা সাংস্কৃতিক বিপ্লৱ, আছিল ১৯৬৬ চনৰ পৰা ১৯৭৬ চনলৈ গণপ্ৰজাতন্ত্ৰী চীনত চলা এক সামাজিক তথা ৰাজনৈতিক আন্দোলন। এই বিপ্লৱটো আৰম্ভ কৰিছিল চীনৰ কমিউনিষ্ট দলৰ সভাপতি মাও জেদঙে। সাংস্কৃতিক বিপ্লৱৰ মূল লক্ষ্য আছ ...

হালধীয়া চোলাবোৰৰ আন্দোলন

হালধীয়া চোলাবোৰৰ আন্দোলন ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন। আন্দোলনকাৰী সকলে ফ্ৰান্সত ২০০৮ চনৰে পৰা বাহনচালক সকলৰ বাবে চৰকাৰে বাধ্যতামূলক কৰা হালধীয়া ৰঙৰ চোলা ...

চিহ্ন লিপি

চিহ্ন লিপি হৈছে লেখন পদ্ধতি বা লিপিৰ আৱিষ্কাৰৰ পূৰ্বে মানুহে ব্যৱহাৰ কৰা সাঙ্কেতিক চিহ্ন। লিপি সদৃশ কিন্তু পূৰ্ণাৱয়ব লিপি হিচাপে শ্ৰেণীবিভাগ কৰিব নোৱাৰা এই সাঙ্কেতিক চিহ্নসমূহৰ বিকাশ ঘটি খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ আগভাগত ইউৰেছিয়াত প্ৰাৰম্ভিক ল ...

নৱপ্ৰস্তৰ যুগ

নৱপ্ৰস্তৰ যুগ বা নব্য প্ৰস্তৰ যুগ হৈছে প্ৰস্তৰ যুগৰ শেষৰছোৱা কাল। এই কালছোৱা আজিৰ পৰা প্ৰায় ১২,০০০ বছৰ পূৰ্বেই আৰম্ভ হৈছিল। নৱপ্ৰস্তৰ যুগতেই মানুহে সমীপৱৰ্তী প্ৰাচ্যত কৃষিকাৰ্য কৰিবলৈ শিকিছিল আৰু এয়া পিছলৈ ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে বিয়পি পৰিছি ...

প্ৰস্তৰ যুগ

প্ৰস্তৰ যুগ হৈছে প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ প্ৰথমটো ভাগ য’ত ধাৰ থকা, জোঙা অথবা মিহি পৃষ্ঠৰ যাৱতীয় সামগ্ৰী সাজিবলৈ প্ৰস্তৰ অৰ্থাৎ শিলৰ ব্যৱহাৰ কৰা হৈছিল। এই কালছোৱাৰ দৈৰ্ঘ্য প্ৰায় ৩০ লাখ ৪০ হাজাৰ বছৰ জোৰা আছিল আৰু ধাতুৰ ...

প্ৰাচীন ইজিপ্ট

প্ৰাচীন ইজিপ্ট পৃথিৱীৰ ৬টা প্ৰাচীনতম তথা স্বাধীনভাৱে গঢ় লৈ উঠা সভ্যতাৰ অন্যতম। এই সভ্যতা আফ্ৰিকাৰ উত্তৰ-পূৰ্বাঞ্চলত নীল নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। ৩১৫০ খ্ৰী:পূ:তে প্ৰাচীন ইজিপ্টিয় সভ্যতাৰ উন্মেষ ঘটিছিল। প্ৰথমজন ফাৰাওৰ অধীনত উজনি আৰু নামনি ...

প্ৰাচীন গ্ৰীচ

প্ৰাচীন গ্ৰীচ হৈছে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ-৭ম শতিকাৰ পৰা খ্ৰীষ্টিয় ৬০০ চনলৈকে গ্ৰীচত বিৰাজমান এক সভ্যতা। এই কালছোৱাৰ পিছতেই প্ৰাৰম্ভিক মধ্য যুগ আৰু বিজেণ্টাইন শাসনকালৰ সূচনা হয়। প্ৰাচীন গ্ৰীচ বুলিলে ধ্ৰুপদী গ্ৰীচকো অন্তৰ্ভুক্ত কৰা হয়। পৌৰাণিক এথেনিয ...

ব্ৰঞ্জ যুগ

ব্ৰঞ্জ যুগ হৈছে মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু চিহ্ন লিপিৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য। ব্ৰঞ্জ য ...

মহেঞ্জোদাৰো

মহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা। ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড সিন্ধু সভ্যতাৰ এক বৃহত্তম ক্ষেত্ৰ আৰু প্ৰাচীন ইজিপ্ট, মেচপটেমিয়া আদি সভ্যতাৰ সমসাময়িক ...

মেচপটেমিয়া

মেচ’পটেমিয়া ইংৰাজী: Mesopotamia; / ˌ m ɛ s ə p ə ˈ t eɪ m i ə, প্ৰাচীন গ্ৰীক: Μεσοποταμία "নদীৰ মাজৰ ঠাই"; আৰবী: بلاد الرافدين ; ফাৰ্চী: میان‌رودان) হৈছে টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক প্ৰাচীন সভ্যতা। বৰ্তমানৰ ইৰাক, কুৱেইট ...

মেহৰগড়

মেহৰগড় পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্ছি সমভূমিত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ এক আবাসিক ক্ষেত্ৰ। সিন্ধু নদীৰ উপত্যকা অঞ্চলৰ পশ্চিম অংশ আৰু বৰ্তমানৰ পাকিস্তানৰ ব’লান পাছৰ কাষতেই মেহৰগড় অৱস্থিত। এই পুৰাতাত্বিক ক্ষেত্ৰখন ১৯৭৪ চনত আৱিষ্কৃত হয় আৰু সেই ...

মৌঙ

মৌঙ বা মুঙ টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাওছ, বাৰ্মা, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে। টাইসকলৰ পৰম্পৰাগত ৰাজ্য সমূহক মৌঙ বুলি কোৱা হয়। অসমৰ নামো টাই আহো ...

লৌহ যুগ

লৌহ যুগ হৈছে ব্ৰঞ্জ যুগৰ পৰৱৰ্ত্তী কাল য’ত আধুনিক মানুহে লোৰ ব্যৱহাৰ শিকিছিল আৰু বহুলভাৱে ইয়াৰ ব্যৱহাৰ কৰিছিল। অতি কমেও ১২০০ খ্ৰী:পূ:তে এনাটলিয়াত লোৰ উৎপাদন কৰাৰ প্ৰমাণ পোৱা গৈছে। লৌহ যুগটো লো আৰু তীখাৰ বহুল ব্যৱহাৰৰ কাৰণে জনাজাত। এই ধাতুকেইবিধ ...

সিন্ধু সভ্যতা

সিন্ধু সভ্যতা হৈছে ব্ৰঞ্জ যুগত ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা। প্ৰাচীন ইজিপ্ট আৰু মেচপটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২ ...