ⓘ Free online encyclopedia. Did you know? page 51

ছিটা

ছিটা বা প্ৰতিষেধক ছিটা হৈছে এক ধৰণৰ ৰাসায়নিক যৌগ বা মিশ্ৰণ যি দেহত এণ্টিবডি তৈয়াৰ হোৱা প্ৰক্ৰিয়াক উত্তেজিত কৰি দেহৰ কোনো ৰোগৰ বাবে প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰামতা জন্মাত সহায় কৰে৷ কোনো প্ৰাণীৰ দেহত ৰোগ সৃষ্টিকাৰী ভাইৰাছ, বেক্টেৰিয়া ইত্যাদিৰ জী ...

জণ্ডিছ

জণ্ডিচ) বুলিলে শৰীৰৰ ছাল আৰু চকুৰ বগা অংশত হালধীয়া ৰঙ দেখা দিয়া এবিধ ৰোগৰ লক্ষণক বুজায়। জণ্ডিচৰ হালধীয়া ৰঙ দেহৰ মিউকাছ মেমব্ৰেন-ত বেছিকৈ দেখা যায়। চকুৰ বগা অংশৰ বাহিৰে মুখ-গহ্বৰ আদিত এই হালধীয়া ৰঙ সহজে ধৰিব পাৰি। এই লক্ষণত প্ৰসাৱৰ ৰঙো হালধী ...

দন্ত চিকিৎসা

দন্ত চিকিৎসা মুখ গহ্বৰ, সাধাৰণতে দাঁত যদিও লগতে মুখৰ বিশেষকৈ মেক্সফেচিয়েল অঞ্চলৰ আৱৰণি কলাৰ গঠন আদিৰ অধ্যয়ন, চিকিৎসা, ৰোগৰ প্ৰতিৰোধ আৰু উপচাৰ, বিসংগতি আৰু পৰিস্থিতিৰ সৈতে জড়িত চিকিৎসা বিজ্ঞানৰ এটা শাখা। এই শাখাটো প্ৰাথমিকভাৱে দাঁতৰ লগত জড়িত য ...

নিকটদৃষ্টি

নিকটদৃষ্টি চকুৰ দৃষ্টিশক্তিৰ এনে এক ত্ৰুটি যত দৃষ্টি ৰেখাৰ সমান্তৰাল ভাৱে আঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা ৰ সলনি পৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ উৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়। নিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্ ...

প্ৰদাহ

প্ৰদাহ বা Inflammation ক্ষতিকৰ উদ্দীপক যেনে জীৱাণু, ধ্বংসগ্ৰস্ত কোষ, বা কোনো উত্তাপকৰ ফলত শৰীৰৰ কোষত হোৱা এক জটিল জৈৱিক প্ৰত্যুত্তৰৰ অংশ। প্ৰতিৰক্ষা কোষ, ৰক্ত নলীকা আৰু আণৱিক দ্ৰব্যক সামৰি হোৱাই এক সুৰক্ষাজনিত প্ৰক্ৰিয়া। প্ৰদাহৰ কাম হৈছে কোষৰ আঘ ...

বাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থ

বাধকানুনিষ্ক্ৰিয়কাৰী পদাৰ্থ -বোৰ কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত হবলৈ ধৰা নতুন ঔষধিয় গুণাগুণ সমৃদ্ধ পদাৰ্থ যি বৰ্তমানেও ব্যৱহাৰ হৈ থকা শৰীৰৰ ভাল কোষ সমূহকো আক্ৰান্ত কৰা ৰাসায়ণিক আৰু তেজস্ক্ৰীয় চিকিৎসা পদ্ধতিৰ বিকল্প। পলমকৈ ধৰা পৰা কৰ্কট ৰোগৰ তৃতী ...

বেলৰ পৰিঘটনা

বেলৰ পৰিঘটনা এটা চিকিৎসা বিজ্ঞানৰ চিহ্ন যত চকু বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে চকুটো ওপৰলৈ আৰু বাহিৰলৈ পাক খাই যায়। বেছিভাগ মানুহৰে ক্ষেত্ৰত চকু ওপৰলৈ উঠি যোৱাটো দেখা পোৱা যায় আৰু ই এক ৰক্ষামূলক কৌশল। এই পৰিঘটনাটোক স্কটিছ শল্য চিকিৎসক আৰু শৰীৰতত্ববিদ ...

মনো ৰোগ বিজ্ঞান

মনোৰোগ বিজ্ঞান বা মানসিক ৰোগ বিজ্ঞান হৈছে মানসিক ৰোগৰ চিকিৎসা বিষয়ক অধ্যয়ন। এই অধ্যয়নত মানসিক ৰোগৰ ব্যপ্তি, কাৰণ, নিদান, প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে মনোবিজ্ঞান বা মনস্তত্ত্ব-ত বিষয়ত সাধাৰণ মনৰ বিষয়ে অধ্যয়ন কৰা হয়। ...

মানৱ শৰীৰ

মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞানৰ অভুতপূৰ্ব উন্নতি হৈছে৷ ইয়াৰ যোগেদি মানুহে আৱিষ্কাৰ কৰিছে ন অত্যাধুনিক যন্ত্ৰপাতি৷ উন্নতিৰ সোপানৰ শীৰ্ষস্থানত আৰোহন কৰিও মানুহে আজিলৈকে এনে এটি যন্ত্ৰ নিৰ্মান কৰিব পৰা নাই যাৰ তুলনা মানৱ দেহৰ লগত কৰিব পাৰি৷ ...

মানৱ সংক্ৰামক

মানৱ সংক্ৰামক হল মানৱ শৰীৰত ৰোগ সৃষ্টি কৰা সংক্ৰামক। সংক্ৰামকসমূহ বেক্টেৰিয়া, ভাইৰাছ, প্ৰটজৱা হব পাৰে যি মানৱ শৰীৰত ৰোগৰ সৃষ্টি কৰে। Pathogen সমূহ বিভিন্ন প্ৰকাৰে শৰীৰত সোমাই শৰীৰৰ লোকচান কৰিব পাৰে। বিশেষকৈ ই শৰীৰত সোমাই শৰীৰৰ পৰিৱেশৰ সৈতে নিজকে ...

শল্য−মুখা

শল্য−মুখা বা ছাৰ্জিকেল মাস্ক হৈছে চিকিৎসা সম্পৰ্কীয় কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে স্বাস্থ্য কৰ্মীসকলৰ বাবে নিৰ্মাণ কৰা বিশেষ ধৰণৰ মুখা। ইয়াক মুখ−আৱৰণ বুলিও কোৱা হয়। এই মাস্ক পিন্ধোতাজনৰ নাক আৰু মুখৰ পৰা ওলোৱা শ্বসন কণিকা আৰু থু−খেকাৰ টোপালত থকা বে ...

শৰীৰতত্ব

শৰীৰতত্ত্ব pron.: / ˌ f ɪ z i ˈ ɒ l ə dʒ i) জৈৱিক প্ৰণালীসমূহৰ সাধাৰণ কাম আৰু তাত জড়িত থকা ৰাসায়নিক আৰু অন্যান্য প্ৰক্ৰিয়াসমূৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখা।। ইয়াত জীৱ, অঙ্গ প্ৰণালী, অঙ্গ, কোষ, জৈৱিক অণু আদিৰ কৰ্মপ্ৰক্ৰিয়া সামৰি লোৱা ...

শৰীৰস্থান

শৰীৰস্থান হৈছে জীৱৰ শৰীৰৰ অভ্যন্তৰীণ গঠন, তন্ত্ৰসমূহৰ অৱস্থান আদিৰ বিষয়ে কৰা অধ্যয়ন। ই জীৱবিদ্যা আৰু ভেষজ বিদ্যাৰ এটা ভাগ। এনাটমী শব্দটো গ্ৰীক এনাটমীয়া শব্দৰ পৰা আহিছে যাৰ মূল অৰ্থ হ’ল ana: পৃথক কৰা আৰু temnein: কাটি চোৱা। মানৱ শৰীৰ বিদ্যা, প্ ...

ষ্ট্ৰক

ষ্ট্ৰক, চেৰেব্ৰভাছকুলাৰ ইনছাল্ট, অথবা মস্তিষ্ক আক্ৰমণ বুলিও কোৱা হয়) হৈছে মগজুত সীমিত ৰক্ত প্ৰৱাহৰ ফলত মগজু কোষৰ মৃত্যু হোৱা। ষ্ট্ৰক প্ৰধানকৈ দুই প্ৰকাৰৰ: ইচচেমিক, ৰক্ত প্ৰৱাহৰ অভাৱ ঘটিলে হয়, আৰু হিমৰেজিক, ৰক্তক্ষৰণৰ বাবে হয়। ইয়াৰ ফলত মগজুৰ ক ...

সংক্ৰমণ

সংক্ৰমণ বুলিলে জীৱৰ দেহত ৰোগ সৃষ্টিকাৰী বীজাণুৱে কৰা আক্ৰমণ, সংখ্যা বৃদ্ধি আৰু বীজাণু বা ইয়াৰ বিষাক্ত পদাৰ্থৰ প্ৰতি দেহৰ কলাৰ সঁহাৰিক বুজায়। সংক্ৰমণৰ পৰা হোৱা ৰোগক সংক্ৰামক ৰোগ বোলে। ভাইৰাছ, ভিৰইড, প্ৰিয়ন, ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া, পৰজীৱী যে ...

সৰ্পদংশন

সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে । সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক স ...

হিপক্ৰেটিছ

হিপক্ৰেটিছ, প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপক্ৰেটিছেই চিকিৎসা বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে। হিপক্ৰটিছৰ অৱদান সমূহৰ বিষয়ে ঘাইকৈ জন ...

হিপক্ৰেটিছৰ শপত

হিপক্ৰেটিছৰ শপত চিকিৎসকসকলে ঐতিহাসিকভাৱে গ্ৰহণ কৰা এটা শপত। বহুল পঠিত গ্ৰীক চিকিৎসা সংক্ৰান্তীয় পাঠ্যসমুহৰ ভিতৰত ই অন্যতম। মূল ৰূপ অনুসৰি নতুন চিকিৎসক এজনে কেইবাজনো দেৱতাৰ নাম লৈ শিষ্টাচাৰৰ নিৰ্দিষ্ট মান পালন কৰিবলৈ শপত লয়। ঐতিহাসিক আৰু পৰম্পৰা ...

হোমিঅ’পেথি

হোমিঅ’পেথি (ইংৰাজী: Homeopathy, / ˌ h oʊ m i ˈ ɒ p ə θ i / ৰ ব্যৱহাৰ পৃথিৱীৰ সকলো ঠাইতে হোৱা দেখা যায়। যথেষ্ট নিৰাপদ আৰু ৰোগ নিৰাময়ৰ গুণৰ বাবে ভাৰতবৰ্ষৰ প্ৰতি ঘৰতে ইয়াৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে। এটা থূলমূল অধ্যয়নৰ পৰা দেখা গৈছে যে ভাৰতবৰ্ষৰ শতক ...

ৰক্তদল

ৰক্তদল তেজৰ এক শ্ৰেণীবিভাজন। লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত কিছুমান এণ্টিজেন আৰু প্লাজমাত তেনে এণ্টিবডিৰ উপস্থিতি-অনুপস্থিতিৰ ওপৰত ভিত্তি কৰি এই বিভাজন কৰা হয়। ৰক্তদল প্ৰণালী ভেদে এই এণ্টিজেন প্ৰটিন, কাৰ্বহাইড্ৰেট, গ্লাইকপ্ৰটিন বা গ্লাইকলিপিড হব পাৰে। ...

ৰোগ

ৰোগ হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যি কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে। ৰোগ বুলিলে প্ৰায়ে বিশেষ লক্ষণ আৰু চিহ্নযুক্ত চিকিৎসা সম্বন্ধীয় পৰিস্থিতি ...

ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ

ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাজন International Classification of Diseases ICD) ১৮৫০ চনৰ পৰাই ৰোগ সমূ্হক অধ্যয়ন আৰু গৱেষণাৰ সুবিধাৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰচেষ্টাৰেই ১৮৯৩ চনত প্ৰথমে আন্তৰ্জাতিক পৰিসংখ্যা প্ৰতিষ্ঠান-এ International ...

খাদ্য সুৰক্ষা

খাদ্য সুৰক্ষা বুলিলে খাদ্যজনিত ৰোগ ৰোধ কৰিব পৰাকৈ খাদ্যৰ প্ৰস্তুতকৰণ, সঞ্চয় আদি দিশ আলোচনা কৰা বিজ্ঞানৰ ভাগটোক বুজায়। খাদ্য সুৰক্ষা বৰ্তমান সময়ত মানৱ সুৰক্ষা নামৰ নতুন ধাৰণাটোৰ সাত প্ৰকাৰৰ সুৰক্ষাৰ ভিতৰত অন্যতম। এই ধাৰণাটো খাদ্যৰ যোগান আৰু ব্য ...

অংগ তন্ত্ৰ

অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।

অণুজীৱ

অণুজীৱ হল সেইসকল ক্ষুদ্ৰ জীৱ যাক খালী চকুৰে মনিব নোৱাৰি ৷ এই জীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। এই জীৱসমূহ এককোষী, বহুকোষী উভয় প্ৰকাৰৰ হব পাৰে ৷ সকলো প্ৰকাৰৰ ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, এককোষী শেলাই আদি অণুজীৱ ৰ অন্তৰ্গত ৷

অন্তঃস্ৰাৱী তন্ত্ৰ

অন্তঃস্ৰাৱী তন্ত্ৰ হৈছে জীৱৰ হৰমন নিঃসৰণ কৰা কিছুমান গ্ৰন্থীৰ সমষ্টি। এই অংগ তন্ত্ৰই হৰমন প্ৰত্যক্ষভাৱে সংবহন তন্ত্ৰত নিঃসৰণ কৰে আৰু তেজে তাক নিৰ্দিষ্ট লক্ষকোষলৈ কঢ়িয়াই নিয়ে। প্ৰধান অন্তঃস্ৰাৱী গ্ৰন্থীবোৰ হৈছে পাইনিয়েল গ্ৰন্থী, পিটুইটেৰি গ্ৰন ...

অমেৰুদণ্ডী প্ৰাণী

অমেৰুদণ্ডী প্ৰাণী হৈছে মেৰুদণ্ড বা পৃষ্ঠৰজ্জু নথকা বা বিকশিত নোহোৱা প্ৰাণী। উপপৰ্ব মেৰুদণ্ডীৰ অন্তৰ্ভূক্ত নোহোৱা প্ৰাণীবোৰেই হৈছে অমেৰুদণ্ডী প্ৰাণী। সন্ধিপদী, কোমলদেহী, বলয়ী, আৰু স্নাইডেৰিয়ান আদি অমেৰুদণ্ডীৰ উদাহৰণ। প্ৰাণী প্ৰজাতিৰ সৰহসংখ্যকেই ...

অসমৰ বনৌষধি

পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষ ...

আমৰ’লীয়া হাঁহ

আমৰলীয়া হাঁহ বা পাতিহাঁহ এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷ মতা আমৰলী ...

আৰ্কিয়া

আৰ্কিয়া / ɑr ˈ k iː ə / Archaea হল অণুজীৱ নামৰ কিছুমান এককোষী জীৱৰ এখন অধিজগৎ বা জগৎ। ইহঁত প্ৰকোষকেন্দ্ৰীয় জীৱ, অৰ্থাৎ ইহঁতৰ কোষ কেন্দ্ৰ নাই বা কোষৰ ভিতৰত কোনো ধৰণৰ আৱৰণ যুক্ত অংগাণু নাই।

ইটা-গুড়িয়া নাচনী চৰাই

এই চৰাইবিধৰ দেহৰ দৈৰ্ঘ্য ১৪৫-১৫০ মি:মি, পাখিৰ দৈৰ্ঘ্য ৬৮-৭৫ মি:মি: আৰু নেজৰ দৈৰ্ঘ্য ৪৩-৫০ মি:মি:৷ ইয়াৰ মূৰৰ ওপৰৰ অংশ crown আৰু কপাল ছাঁই বৰণীয়া৷ দেহৰ পিঠি অংশ মাখন বৰণীয়া৷

ইটাগুৰীয়া হাইঠা

ইটাগুৰীয়া হাইঠা Treron গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

উদ্ভিদ

উদ্ভিদ হল,জীৱবিজ্ঞানৰ উদ্ভিদ জগৎৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত। ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয়। সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজ ...

উদ্ভিদবিজ্ঞান

উদ্ভিদবিজ্ঞান, বা plant biology বুলিও কোৱা হয়।) উদ্ভিদৰ জীৱন বিজ্ঞান, জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাৰ অধ্যয়ন কৰা বিজ্ঞানী সকলক উদ্ভিদবিজ্ঞানী বা উদ্ভিদবিদ বুলি কোৱা হয়। পৰম্পৰাগতভাৱে, উদ্ভিদবিজ্ঞান বুলিলে, ভেঁকুৰ আৰু শেলাইৰ অধ্যয়নকো সাঙুৰি লোৱ ...

উভচৰ প্ৰাণী

উভচৰ প্ৰাণী বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।

উভচৰবিদ্যা

জীৱ বিজ্ঞানৰ যি শাখাই বেং, চেল্মেণ্ডাৰ, নিউট তথা চিচিলাৰৰ দৰে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন তথা গবেষণা কৰে, সেই শাখাকে উভচৰবিদ্যা বোলা হয়। শাখটো ইংৰাজীত batrachology নামেৰে পৰিচিত। যিসকলে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে, সেইসকলক উভচৰবিদ বোলা হয়। কোনো ...

উমনি পৰজীৱী

উমনি পৰজীৱী ইংৰাজী: Brood parasite বোৰ সাধাৰণতে কণী পৰা চৰাই হয়। কিন্তু এইবোৰ চৰাইয়ে নিজৰ কণী উমনি নিজে ল’ব নোৱাৰে। যাৰ ফলত আন চৰাইৰ বাহত অন্য চৰাইৰ কণীৰ লগত থৈ আহে আৰু সেই চৰাইয়ে নিজৰ কণী বুলি ভাবি উমনি দিয়ে আৰু নতুন প্ৰজন্মৰ বংশবৃদ্ধি হয়।

এককোষী জীৱ

এককোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হয়, আনহাতে বহুকোষী জীৱবোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক মনাড বুলিও কয়। বেক্টেৰিয়া, আৰ্কিয়া, প্ৰটজৱা, এককোষী শেলাই আৰু এককোষী ভেঁকুৰ আদি এককোষী জীৱ ...

একনলদেহী প্ৰাণী

একনলদেহী প্ৰাণী বা চিলেনটেৰেটা হৈছে প্ৰাণীজগতৰ পৰ্ব ক্নিডেৰিয়া আৰু টেনফৰাৰ অন্তৰ্গত জীৱবোৰ। চিলেনটেৰেটা নামটো প্ৰাচীন গ্ৰীক: κοῖλος কইলছ "ফোঁপোলা" আৰু ἔντερον, এণ্টেৰণ, খাদ্যনলী, শব্দৰ পৰা আহৰণ কৰা হৈছে, যিয়ে এই দুটা পৰ্বৰ জীৱবোৰৰ ফোঁপোলা দেহ গ ...

এমিবা

এমিবা শব্দটো গ্ৰীক ভাষাৰ "এমবি" শব্দৰপৰা আহিছে,যাৰ অৰ্থ হল "পৰিৱৰ্তন"। ১৭৫৫ চনত ৰছেল ফন ৰছিনহফ এ এমিবা আৱিষ্কাৰ কৰে। এমিবা এককোষী আৰু মুক্তভাৱে জীৱন-যাপন কৰা আদ্যপ্ৰাণী। এই প্ৰাণীবোৰ প্ৰাণীজগতৰ আটাইতকৈ নিম্নখাপৰ প্ৰাণী। ইহঁতৰ দেহ অলপ প্ৰটপ্লাজমৰ ...

কৰডাটা

কৰডাটা হল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, pharyngeal slit, এডাল endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে। বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব মেৰুদণ্ডী, যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰি ...

কণামুছৰি

কণামুছৰি এবিধ হেৰন গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰী লংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক সহজে চকু ...

কনুৱা

কনুৱাৰ দেহৰ আকাৰ ডাঙৰ; ইয়াৰ উচ্চতা প্ৰায় ৮৫ ছে:মি:৷ ইয়াৰ দেহটো জিলিকি থকা কলা বৰণৰ, ডিঙি বগা আৰু দেহৰ পেট অংশ বগা বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ দেহৰ ওপৰৰ অংশ জিলিকা সেউজীয়া বৰণৰ, নুকু তথা পেট অংশত বেঙুনীয়াৰো পৰশ আছে৷ কনুৱাৰ ঠেং দীঘল আৰু ৰঙচুৱা৷ ...

কমলা-বুকুৰ হাইঠা

কমলা-বুকুৰ হাইঠা, এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ এছিয়াত দেখা পোৱা যায়৷ ই সৰু আকাৰৰ ফল-মূল আদি খাই জীয়াই থাকে৷

কাও ধনেশ

কাও ধনেশ Bucerotidae পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷ এছিয়াত পোৱা ধনেশ প্ৰজাতিসমূহৰ ভিতৰত কাও ধনেশ আটাইতকৈ সৰু প্ৰজাতি৷

কাকলি হাঁহ

কাকলি হাঁহ বা বৰকালী মুগী হাঁহ মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷

কাটলফিছ

কাটলফিছ এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী । ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকৰ্ষ থাকে । দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে । কাটলফিছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্ম ...

কাঠ শালিকা

কাঠ-শালিকা) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ অন্যতম প্ৰজাতি৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত ত ইয়াক থলুৱাভাৱে দেখা পোৱা যায় যদিও ই আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই বুলিও জানিব পৰা গৈছে৷

কামচৰাই

কামচৰাই Rallidae পৰিয়ালৰ অন্তৰ্ভু্ক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জল বৰণ তথা ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়৷

কুটুম চৰাই

কুটুম চৰাই Rallidae পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুল ভাৱে বিস্তৃত হৈ আছে৷