ⓘ Free online encyclopedia. Did you know? page 52

কেঁচুখাটী

কেঁচুখাটী Anthus গোত্ৰৰ অন্তৰ্ভুক্ত এটা মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই দক্ষিণ এছিয়া, ইউৰোপ তথা ৰাছিয়াত বহুলভাৱে বিস্তৃত। ই শীতকালত দীঘলীয়া প্ৰব্ৰজন কৰে বুলি জান যায়।

কেক্‌টাছ

কেকটাছ উদ্ভিদজগতৰ কেৰিওফিললছ বৰ্গৰ অন্তৰ্গত কেকটাছীআই পৰিয়ালৰ এবিধ উদ্ভিদ। কেকটাছ শব্দটি গ্ৰীক ভাষাৰ কেকটোছ শব্দটোৰ পৰা উদ্ভৱ হৈছে। গ্ৰীক দাৰ্শনিক থিওফ্ৰেছ্টাছে এবিধ কাঁইটিয়া উদ্ভিদৰ বৰ্ণনা কৰিবলৈ প্ৰথমে এই শব্দটি ব্যৱহাৰ কৰিছিল। কেকটাছ বহু ধৰণ ...

কৈলাঙী

কৈলাঙী পানীকাউৰীৰ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাই৷ ই প্ৰধানতঃ ভাৰতীয় উপমহাদেশ, থাইলেণ্ড তথা কম্বোডিয়া আদিত বিস্তৃত হৈ আছে৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷ ইয়াক দেখাত একেধৰণৰ অন্য এবিধ প্ৰজাতি, পানীকাউৰীৰ পৰা চকুৰ নীলাবৰণ, সৰু মূৰ তথা দীঘল ঠেক ...

কোমলদেহী প্ৰাণী

কোমলদেহী প্ৰাণী হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব। এই পৰ্বৰ অধিকাংশ সামুদ্ৰিক প্ৰজাতি। ইয়াৰে অধিকাংশ অগভীৰ জলত বাস কৰে। এই পৰ্ব সকলোতকৈ বৃহত্তম সামুদ্ৰিক অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি। এই পৰ্বত প্ৰায় ৮৫,০০০ প্ৰজাতি আছে।

ক’লা টুনি

ক’লা টুনি ইংৰাজী: Tricoloured Munia, বৈজ্ঞানিক নাম- Lonchura malacca এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক ঘাইকৈ ভাৰত, শ্ৰীলংকা, চীন, টাইৱান আদিত দেখা পোৱা যায়৷

গঙাচিলনী

গঙাচিলনী দেহৰ দৈৰ্ঘ্য ৩৮-৪৩ ছে: মি:। এই চৰাইবিধৰ দেহৰ ওপৰৰ অংশ গাঢ় মুগা বৰণীয়া, পেট আৰু বুকু বগা আৰু নেজডাল খাঁজকটা forked হয়। ইয়াৰ পাখি দুখনৰ আগ দুটা জোঙা। গঙাচিলনীৰ ঠোঁট হালধীয়া আৰু ঠেং ৰঙা হয়। প্ৰজননৰ সময়ত ইয়াৰ মূৰত এটা কলা ৰঙৰ টুপীৰ দ ...

গাং শালিকা

গাং শালিকা দক্ষিণ এছিয়াত দেখা পোৱা শালিকাৰ এটা প্ৰজাতি৷ ই দেখাত ঘৰশালিকা ৰ দৰে প্ৰায় একেই যদিও আকাৰত সৰু ৷ তাৰোপৰি ইয়াৰ চকুৰ তলতে হালধীয়াৰ সলনি ৰঙচুৱা বৰণ দেখা যায়৷ উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতত ইয়াৰ জাক দেখা পোৱা যায়৷ ইয়াৰ বিতৰণ ক্ৰমান্বয়ে ...

গাণিতিক জীৱবিজ্ঞান

সাম্প্ৰতিক কালত জীৱবিজ্ঞানৰ গৱেষণা আৰু আৱিষ্কাৰৰ দিশত অতি ক্ষিপ্ৰ বিকাশ পৰিলক্ষিত হৈছে। বোধহয় ‘মানৱ বংশগতি-সূত্ৰ আঁচনি’ -ৰ সফল পৰিসমাপ্তি একবিংশ শতিকাত বিজ্ঞানৰ এতিয়ালৈকে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ সাফল্য। পৰৱৰ্ত্তী সময়ত জিনমিক্স আৰু ...

গুৱলা সাপ

গুৱালা সাপ সাধাৰণতে ২০-৬০ ইঞ্চি ৫১-১৫০ ছে:মি: পৰ্যন্ত দীঘল হব পাৰে৷ ইয়াৰ গাৰ বাকলি scale মিহি আৰু উজ্জল shiny হয়৷ ইয়াৰ দেহৰ বৰণ ঘুৰণীয়াকৈ চপৰা-চপৰে থকা alternating bands ৰঙা-কলা-হালধীয়া বা বগা-কলা -ৰঙা হোৱা দেখা যায়৷

গো-বগ

গো-বগ বা গৰু বগলী এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ ...

গৰাল

গৰাল হিমালয়ৰ থিয় পাহাৰীয়া অঞ্চলত দেখা পোৱা ছাগলীজাতীয় প্ৰাণী৷ আই.ইউ.চি.এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটাপন্ন বুলি আখ্যা দিয়া হৈছে৷ এই প্ৰাণীবিধৰ চোৰাং চিকাৰ আৰু বনাঞ্চল ধবংসৰ প্ৰভাৱতে এই ভাবুকিৰ সন্মুখীন হৈছে বুলি জনা গৈছে৷

ঘিলা হাঁহ

ঘিলা হাঁহ এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।

ঘূৰণীয়া কৃমি

ঘূৰণীয়া কৃমি বা নিমাটডা হৈছে প্ৰাণীজগতেৰ দ্বিতীয় বৃহত্তম পৰ্ব। গ্ৰীক শব্দ Nema অৰ্থ Thread বা সূতা আৰু Eidos অৰ্থ Form বা আকাৰৰ পৰা নিমাটডা শব্দটো আহিছে। ই এবিধ একলিঙ্গী প্ৰাণী।

ঘৰ বতাহী

এই চৰাইবিধে জাকপাতি বাস কৰে আৰু ওচৰা-ওচৰিকৈ বাহ সাজে। সাধৰণতে থিয় গঁড়াত এই চৱাইবিধে বাহ সাঁজে। এবাৰত প্ৰায় ২-৩ টাকৈ কণী পাৰি পোৱালি জগায়।

চেপেটা কৃমি

চেপেটা কৃমি) শব্দটো গ্ৰীক শব্দ Platys অৰ্থাৎ Flat বা চেপেটা আৰু Helminths অৰ্থাৎ Worm বা কৃমি বা কীটৰ পৰা আহৰণ কৰা হৈছে। ই হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব।

ছন্দঃপূৰ্ণ চক্ৰ

ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া। ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ ...

জীৱ

জীৱবিজ্ঞানৰ মতে জীৱ ইংৰাজী: organism হৈছে প্ৰাণী, উদ্ভিদ অথবা বেক্টেৰিয়াৰ দৰে যিকোনো নিকতবৰ্তী জীৱন প্ৰদ্ধতি। পৃথিৱীৰ সৰ্বমুঠ জীৱনৰ প্ৰায় ৯৯% প্ৰজাতি, প্ৰায় ৫০০ নিযুত প্ৰজাতি, বিলুপ্ত হৈ গল বুলি অনুমান কৰা হৈছে। বৰ্তমান পৃথিৱীত প্ৰায় ১০ ৰ পৰা ...

জীৱবৈজ্ঞানিক বৰ্গীকৰণ

জীৱবৈজ্ঞানিক বৰ্গীকৰণ এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়। তেৱেই পোনপ্ৰথমে বৈজ্ঞানিক ভাৱে জীৱৰ শ্ৰেণ ...

টিপচী

টিপচী চৰাই সমগ্ৰ এছিয়া মহাদেশতে বিস্তৃত হৈ থকা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। নগৰৰ উদ্যান সমূহত ই এবিধ চিনাকি চৰাই। ই জোপোহাৰ মাজতে লুকাই থাকে যদিও ডাঙৰ মাতটোৰ বাবে ইয়াৰ উপস্থিতি গম পোৱা যায়। ইয়াক সাধাৰণতে খেতি-পথাৰ, উদ্যান, বনাঞ্চলৰ দাঁতি-কাষ ...

ডবাশেন

ডবাশেন এটা ডাঙৰ আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা যায়।

ডায়েটম

ডায়েটম সাগৰ, অন্য জলউৎস আৰু মাটিত পোৱা এবিধ ক্ষুদ্ৰ এককোষী শেলাই। ই ফাইটপ্লেংকটনৰ প্ৰধান প্ৰকাৰ। ডায়েটমে পৃথিৱীত প্ৰতি বছৰে প্ৰস্তুত অম্লজান"ৰ প্ৰায় ২০% উৎপন্ন কৰে। জীৱিত ডায়েটমৰ সংখ্যা এহেজাৰ কোটিৰো বেছি। সাগৰত পোৱা জৈৱিক দ্ৰব্যৰ আধাৰো বেছি ...

ডি এন এ

ডিঅক্সিৰাইব নিউক্লিক এচিড বা ডিএনএ হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু ভাইৰাছৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ জিনীয় তথ্য সৰবৰাহ কৰে। ডিএনএ এবিধ প্ৰটিন আৰু শৰ্কৰা যুক্ত নিউক্লিক এচিড। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জ ...

তাল বতাহী

তাল বতাহীৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১৩ ছে:মি: পৰ্যন্ত হয়। ইয়াৰ দেহৰ বৰণ শেঁতা মুগা। ইয়াৰ ডেউকা খুবেই দীঘলীয়া। দেহৰ আকাৰো দীঘলীয়া আৰু দীঘল নেজডাল মাজতে ফটা থাকে। ইয়াৰ মতা আৰু মাইকী দুয়ো দেখাত একে হয়। পোৱালি তাল বতাহী চৰাইৰ নেজডাল চুটি হোৱা দে ...

তিল কপৌ

তিল কপৌ সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।

তেলীয়া সাৰেং

তেলীয়া সাৰেং ৰ ইংৰাজী নাম: Black-necked Stork আৰু বৈজ্ঞানিক নাম: Ephippiorhynechus asiaticusasiaticus । ইয়াৰ ঠেং দীঘল, ডিঙি দীঘল আৰু গোটেই গাটোৰ আকাৰ প্ৰায় ১৪০-১৫০ ছেণ্টিমিটাৰ। ওখ প্ৰায় ২৩০ ছেণ্টিমিটাৰ। ঠোঁট ক’লা আৰু দীঘল। ঠেং উজ্জ্বল ৰঙা, মূ ...

দীঘলনেজী

দীঘলনেজী হাঁহ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত দীঘলনেজী আৰু ইংৰাজ ...

ধৃতিৰাজ

ধৃতৰাজ এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।

ধোঁৱাবৰণীয়া নলচুপি চৰাই

ধোঁৱাবৰণীয়া নলচুপি চৰাই Cisticolidae পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰাজতি। এই চৰাইবিধ নগৰীয়া অঞ্চলত বিশেষকৈ উদ্যান আৰু খেতি-পথাৰত সততে দেখা পোৱা যায়।

নল গাহৰি

নল গাহৰি পৃথিবীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত নল গাহৰি পোৱা গৈছিল । লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগৰ ঘাঁহনি ...

নাচনী চৰাই

নাচনী চৰাই এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷

নিগনি

নিগনি এন্দুৰ বৰ্গৰ আটাইতকৈ সৰু সদস্য বুলিব পাৰি। নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।

নেউল

নেউল এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী। Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে। অসমত দেখা পোৱা প্ৰধান নেউলৰ প্ৰজাতিসমূহ হৈছে জাতি নেউল,পাটি নেউল Herperstes javanicus auropunta ...

পটিয়া পাত বেং

পটিয়া পাত বেং ঘাইকৈ বাংলাদেশ, ব্ৰণেই, কম্বোডিয়া, চীন, ্যাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম" আৰু ভূটান আদি দেশত বিস্তৃত হৈ আছে৷ শেহতীয়াকৈ এই ভেকুলীবিধক জাপানত পুনৰ সংস্থাপন কৰা হৈছে৷

পাত

পাত উদ্ভিদৰ অংগজ অংগ৷ কাণ্ডৰ গাঁঠিৰ পৰা এইবিলাক বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হয়৷ এইবিলাক দেখাত সেউজীয়া আৰু চেপেটা হয়৷ কাণ্ড বা শাখা-প্ৰশাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হোৱা বহল, চেপেটা, পাৰ্শ্বীয় অংগজ অংগটোক পাত বোলে৷ সাধাৰণতে পাত কাণ্ড বা ...

পাতি শগুণ

পাতি শগুণ শগুণৰ এটা উল্লেখযোগ্য প্ৰজাতি। নব্বৈৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়া ত বহুলভাৱে বিস্তৃত হৈ আছিল। ১৯৮৫ চনত এই চৰাইবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰহীয়াকৈ পোৱা মাংসভোজী চৰাইৰ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ ...

পানী কাউৰী

পানীকাউৰী এটা জলচৰ চৰাইৰ প্ৰজাতি৷ দৈকলা তকৈ ইয়াৰ আকাৰ সৰু আৰু ঠোঁট চুটি৷ ই ভাৰত উপ-মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ই সাধাৰণতে অকলশৰে বা সৰু গোটত জলাশয়সমূহত চৰে৷

পানী বগলী

পানী বগলী এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷

পানীডাউক

পানীডাউক Rallidae গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।

পুষ্টিকাৰক

পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য হৈছে জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে জীৱই গ্ৰহণ কৰা কিছুমান অতি প্ৰয়োজনীয় খাদ্যৰ উপাদান। স্থূলপোষকবোৰে জীৱৰ পৰিপাক ক্ৰিয়াৰ বাবে শক্তি প্ৰদান কৰে, আনহাতে সূক্ষ্মপোষকবোৰে পৰিপাক ক্ৰিয়াত কাৰক হিচাপে কাম কৰে। দুয়োবিধ পুষ্ট ...

পেৰামেচিয়াম

পেৰামেচিয়াম ইংৰাজী: Paramecium এবিধ এককোষী প্ৰাণী। সাধাৰণতে পানীত বাস কৰা পেৰামেচিয়াম নিচেই ক্ষুদ্ৰ প্ৰাণী। ইহঁতক খালী চকুৰে মণিব নোৱাৰি। ধাৰণা কৰা মতে এইবিধ প্ৰাণী পৃথিৱীৰ আদিম জীৱবোৰৰ মাজৰে এবিধ। পেৰামেচিয়ামৰ শৰীৰটো অসংখ্য নোমৰ দৰে বস্তুৰে আ ...

প্ৰকোষকেন্দ্ৰীয় জীৱ

প্ৰকোষকেন্দ্ৰীয় বা prokaryote হল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইটকন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে। prokaryote নামটো গ্ৰীক πρό "আগত" আৰু κάρυον "ফল বা বীজ"ৰ পৰা আহিছে। প্ৰকোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভ ...

প্ৰজাতি (জীৱবিদ্যা)

প্ৰজাতি হল, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান। সাধাৰণতে, প্ৰজাতি শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায়। প্ৰজাতি ৰ এই সংজ্ঞাটো প্ৰৰ্যাপ্ত যদিও, বহু ক্ষেত্ৰত ডি. এন ...

প্ৰটিষ্টা

কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি প্ৰটিষ্ট বোৰ হল সংকোষকেন্দ্ৰীয় অনুজীৱৰ বৃহৎ গোট, যিবিলাক প্ৰটিষ্টা নামৰ জগতৰ অন্তৰ্গত। আধুনিক বৰ্গীকৰণৰ পৰা এই জগৎ খন আঁতৰোৱাৰ চেষ্টা কৰা হৈছে যদিও এতিয়াও ই বহুলভাৱে প্ৰচলিত হৈ আছে।আধুনিক বৰ্গীকৰণ ...

প্ৰতিজন

প্ৰতিজন হৈছে কোনো বহিৰাগত বস্তু বা বীজাণুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট প্ৰতিদেহ বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি স ...

প্ৰতিদেহ

প্ৰতিদেহ, প্ৰতিৰক্ষী বা এণ্টিবডি হল দেহে বহিৰাগত পদাৰ্থৰ বা প্ৰতিৰক্ষা-উদ্দীপকৰ উপস্থিতিৰ প্ৰত্যুত্তৰ হিচাপে দেহৰ প্ৰতিৰক্ষা তন্ত্ৰৰ দ্বাৰা উৎপন্ন এক প্ৰকাৰৰৰ প্ৰতিৰক্ষামূলক প্ৰটিন জাতীয় পদাৰ্থ। প্ৰতিৰক্ষিকাবোৰ প্ৰতিৰক্ষা-উদ্দীপকবোৰক নিস্ক্ৰিয় ...

প্ৰাণী

এনিমেল Animal শব্দটো লেটিন এনিমেলিছ animalis শব্দৰ পৰা অনা হৈছে, অৰ্থ "having breath" উশাহ লোৱা। সাধাৰণতে, দৈনন্দিন ব্যৱহাৰত এই শব্দটোৱে Animal = জন্তু মানুহক বাদদি প্ৰাণীজগতৰ বাকী সদস্য সকলক বুজাই। কিন্তু জীৱবিজ্ঞানত এনিমেলে প্ৰাণীজগতৰ সকলো সদস্ ...

প্ৰাণীবিজ্ঞান

প্ৰাণী বিদ্যা হৈছে জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাত সকলো প্ৰাণীৰ বিষয়ে গৱেষণা কৰা হয়। জীৱবিদ্যা বা জীৱ বিজ্ঞানৰ যি শাখাত প্ৰাণীৰ বিষয়ে সম্যক আলোচনা আৰু বিভিন্ন তথ্য পৰিবেশিত কৰা হয় তাকে প্ৰাণী বিজ্ঞান বা প্ৰাণী বিদ্যা বোলে। প্ৰাণী বিজ্ঞানত প্ৰা ...

পৰঘুমা

পৰঘুমা কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াত ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।

ফুটুকী জেঠী

এই ফুটুকী জেঠী বা চালামেণ্ডাৰ প্ৰায় ১৫-১৯ ছে. মি. দীঘল। ইয়াৰ ৰং সাধাৰণতে কলা কিন্তু কেতিয়াবা গাঢ় নীলা বা মটীয়া ৰঙৰো হয়। ইয়াৰ পিঠিত দুশাৰী হালধীয়া বা কমলা-হালধীয়াৰ মিশ্ৰণ ৰঙৰ দুশাৰী ফুটুকীয়া শাৰী থাকে। সাধাৰণতে ইয়াৰ মূৰৰফালে থকা ফুটবোৰ ...

ফুটুকী টুনি

ফুটুকী টুনি, এটা ঘনচিৰিকাৰ আকাৰৰ চৰাইৰ প্ৰজাতি। ই এছিয়াৰ স্থানীয় চৰাই। ইয়াৰ বুকু আৰু পেট অংশত থকা ফুটুকীয়া ৰঙৰ বাবেই ইয়াক ফুটুকী টুনি বুলি কোৱা হয়। এই প্ৰজাতিৰ এঘাৰটা উপ-প্ৰজাতি থকা বুলি জনা যায়।