ⓘ Free online encyclopedia. Did you know? page 61

কেলিগোলা

কেলিগোলা ৩৭ ৰপৰা ৪১ খ্ৰীষ্টাব্দলৈ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট আছিল। তেওঁ বিখ্যাত ৰোমান সেনাধক্ষ্য জাৰমানিকাচ আৰু আগষ্টাচৰ নাতিনী এগ্ৰীপিনা দা এলডাৰৰ পুত্ৰ আছিল আৰু জনশ্ৰুতি অনুসৰি ৰোমান সাম্ৰাজ্যত শাসন কৰা প্ৰথম ৰাজবংশ জুলিঅ-ক্লডিয়ান বংশত জন্ম গ্ৰহণ ...

কেশদা মহন্ত

কেশদা মহন্ত এগৰাকী অসমীয়া লেখিকা, গৱেষক আৰু সমালোচক। তেখেতৰ ৰচনা অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰিৰ বাবে তেখেতে ২০১০ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া, সংস্কৃত আৰু হিন্দী ভাষাত সমান ব্যুৎপত্তিৰে লিখিব পৰা কেশদা মহন্তক মুখ্য ...

কেশৱ চন্দ্ৰ গগৈ

কেশৱ চন্দ্ৰ গগৈ অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা সেই বছৰৰে ১৯ মাৰ্চলৈকে মুখ্যমন্ত্ৰীৰ পদত তেওঁ আছিল। তেওঁ ডিব্ৰুগড় সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

খগেন মহন্ত

খগেন মহন্ত অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ। অসমীয়া থলুৱা গীত-পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছে। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা অন্যৱদ্য দক্ষতাৰ বাবে তেওঁক King of Bih ...

গগনচন্দ্ৰ অধিকাৰী

১৯৪১ চনৰ ১ জুন তাৰিখে ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত গগনচন্দ্ৰ অধিকাৰীৰ জন্ম হয়। তেওঁৰ পিতৃ পূৰ্ণচন্দ্ৰ অধিকাৰী আৰু মাতৃ উদামিনী অধিকাৰী। ছাত্ৰ হিচাপে গগণচন্দ্ৰ অধিকাৰী সৰুৰেপৰাই মেধাৱী আছিল। ১৯৪৬ চনত ছয়গাঁও চৰকাৰী মজলীয়া স্কুলৰ নিম্ন প্ৰাথমিকত নাম ভ ...

গণেশ গগৈ

গণেশ গগৈ অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও, তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম ...

গাগিনী ডেকা মহন্ত

গাগিনী ডেকা মহন্ত -ৰ জন্ম হৈছিল মায়ামৰা সত্ৰত। তেওঁৰ দেউতাক আছিল সন্তভুজ। সন্তভুজ অষ্টভুজ নামেৰেও জনাজাত আছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দেৰগাঁৱৰ পৰা ৰংপুৰলৈ যাওঁতে বাটতে ৰজাক সোধপোচ কৰাত দোষ কৰা বুলি ধৰি কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এওঁক অপমান কৰিছিল আৰ ...

গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ

গাব্ৰিয়েল হজে ডি লা কনকৰ্ডিয়া গাৰ্চিয়া মাৰ্কেছ এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেখেতক গাব নামে জনা যায়। বিংশ শতিকাৰ এজন উল্লেখযোগ্য লিখক হিচাবে পৰিগণিত মাৰ্কেছক ১৯৭২ চনৰ ...

গুণীন্দ্ৰ নাথ দত্ত

ড॰ গুণীন্দ্ৰ নাথ দত্ত আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম সোণৰ পদক অধিকাৰী আৰু বেলজিয়াম চৰকাৰৰ বৃত্তি লাভ কৰোঁতা প্ৰথম অসমীয়া পশু চিকিৎসা বিজ্ঞানৰ গৱেষক। তেখেতৰ জন্ম অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ভগামুখ গাঁৱত। ১৯৪৮ চনৰ ২৬ জুলাইত জন্মগ্ৰহণ ...

গুৰু টেগ বাহাদুৰ

টেগ বাহাদুৰ আছিল দহজন শিখ ধৰ্মগুৰুৰ নৱম জন। ১৬২১ চনত অমৃতসৰত তেওঁৰ জন্ম হয়। তেওঁ গুৰু হৰ গোবিন্দ চাহিবৰ একেবাৰে সৰুজন সন্তান আছিল। জীৱিত অৱস্থাত ১৬৬৫ ৰ পৰা ১৬৭৫ চনলৈ তেওঁক গুৰু বুলি সম্বোধন কৰা হয়। গুৰু গ্ৰন্থ চাহিবত তেওঁৰ এশ পোন্ধৰটা শ্লোক সন্ ...

গোপালদেৱ

গোপালদেৱ বৈষ্ণৱ যুগৰ এগৰাকী কবি, নাট্যকাৰ আৰু উজনি অসমত ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল। তেওঁক মাধৱদেৱৰ উত্তৰসুৰী হিচাপে গণ্য কৰা হয়। ভৱানীপুৰৰ হোৱা বাবে তেওঁক ভৱানীপুৰীয়া গোপালদেৱ বোলা হয়।

গোলোকচন্দ্ৰ গোস্বামী

গোলোকচন্দ্ৰ গোস্বামী এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ...

চন্দ্ৰকুমাৰ আগৰৱালা

{{Infobox person |bgcolour = gold |name = চন্দ্ৰকুমাৰ আগৰৱালা |image =Chadra Kumar Agarwalajpg| 1500px |caption =চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিকৃতি |birth_date = ২৭ নৱেম্বৰ ১৮৬৭ |birth_place = তেজপুৰ, অসম, ভাৰত |death_date = ২ মাৰ্চ, ১৯৩৮ |death_plac ...

চন্দ্ৰপ্ৰসাদ শইকীয়া

চন্দ্ৰপ্ৰসাদ শইকীয়া অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দি কাৰাৰূদ্ধ হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত এম.এ. শ‍ইকীয়াই সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাত ...

চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ

চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ এগৰাকী ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল। তেওঁ মৃত্যুৰ আগে আগে ভাতৃ চাৰ্লছক এই বিষয়ে অৱগত কৰিছিল। ১৮২ ...

চাৰ্লি চেপলিন

ছাৰ চাৰ্লছ স্পেনচাৰ `চাৰ্লি চেপলিন আছিল ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে। মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্ ...

চৈয়দ আলী আহছান

চৈয়দ আলী আহছান বাংলাদেশৰ এজন খ্যাতিনামা সাহিত্যিক, কবি, সাহিত্য সমালোচক, অনুবাদক, প্ৰাবন্ধিক আৰু শিক্ষাবিদ। ১৯৮৯ খ্ৰিষ্টাব্দত পক হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তেওঁ তেওঁৰ পাণ্ডিত্যৰ বাবে প্ৰসিদ্ধ আছিল। চৈয়দ আলী আহছান কৃত বাংলাদেশৰ জাতীয় সংগীতৰ ...

চৈয়দা আনোৱাৰা টাইমূৰ

চৈয়দা আনোৱাৰা টাইমূৰ আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেৱেঁই হৈছে অসমৰ ইতিহাসৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদত থকা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী। তেওঁ চাৰিবাৰকৈ অসম বিধানসভ ...

ছেৰ্গেই আইজেনষ্টাইন

ছেৰ্গেই মিখালোভিচ্‌ আইজেনষ্টাইন, এজন ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ তাত্বিক। তেখেতক চলচ্চিত্ৰ সম্পদনাত ব্যৱহৃত মন্তাজ পদ্ধতিৰ জন্মদাতা বুলি কোৱা হয়। এখেতে পৰিচালনা কৰা ষ্ট্ৰাইক, বেটেলছিপ পটেমকিন, অক্টোবৰ: পৃথিৱী কঁপোৱা দহটা দিন, আলেক ...

জগন্নাথ বৰুৱা

ৰায়বাহাদুৰ জগন্নাথ বৰুৱা অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। যোৰহাটত জীৱনকাল অতিবাহিত কৰা বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন স্নাতক। ১৯৩০ চনত যোৰহাটত স্থাপন কৰা ভাৰতৰ উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ...

জন কীটছ

জন কীটছ আছিল এগৰাকী ইংৰাজী ৰমন্যাসবাদৰ কবি। ২৫ বছৰ বয়সত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ মাত্ৰ চাৰি বছৰ পূৰ্বে তেওঁৰ সৃষ্টিৰাজি প্ৰকাশ পোৱা স্বত্বেও তেওঁ আছিল লৰ্ড বাইৰণ, পাৰ্ছি বাইছ শ্যেলী আদিৰ লগত দ্বিতীয় প্ৰজন্মৰ ৰোমাণ্টিক কবিসকলৰ অন্যতম। জীৱিত কাল ...

জয়ন্ত মাধৱ

জয়ন্ত মাধৱ অসমৰ এগৰাকী অৰ্থনীতিবিদ। তেখেতে ২০০৩ চনৰপৰা ২০০৯চনলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰামৰ্শদাতা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে উত্তৰ পূৱ বিত্তীয় উন্নয়ন নিগম চমুকৈ নেডফি প্ৰতিষ্ঠাত ঘাই ভূমিকা লৈছিল। লণ্ডন স্কুল অৱ ইকনমিক্স ৰপ ...

জয়ন্ত হাজৰিকা

জয়ন্ত হাজৰিকা অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে। তেখেতেই অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰিছিল। ১৯৬০-ৰ দশকত অসমীয়া ...

জাকিৰ খান

জাকিৰ খান ১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯ বাংলাদেশৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ মুঠ ১১ খন বাংলাদেশী চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। ২০১৯ চনৰ ১৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ।

জীৱেশ্বৰ ডেকা

জীৱেশ্বৰ ডেকা অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা। ভ্ৰাম্যমাণ থিয়েটাৰ মুকুন্দ থিয়েটাৰত দধিচী নাটকত ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল। এইখন নাটকৰ নন্দ পাঠক চৰিত্ৰটোত কৰা অভিনয়ৰ বাবেই তেওঁক ‘ন ...

জীৱেশ্বৰ বৰুৱা

জীৱেশ্বৰ বৰুৱা এগৰাকী অসমীয়া শিল্পী৷ তেওঁ অসমৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় স্থাপন কৰিছিল৷

জেমছ হেডলি ছেজ

জেমছ হেডলি চেজ এগৰাকী ইংৰাজ লেখক আছিল। যদিও তেখেতৰ আচল নাম আছিল René Lodge Brabazon Raymond, তেখেত কেইবাটাও ছদ্মনামেৰে প্ৰসিদ্ধি লাভ কৰিছিল। যেনে, জেমছ হেডলি চেজ, জেমছ এল ডকাৰ্টি, ৰেমণ্ড মাৰ্শ্বাল, আৰ ৰেমণ্ড, আৰু এমব্ৰজ গ্ৰাণ্ট । তেখেতক সৰ্বকালৰ ...

জোছেফ জন টমছন

জোছেফ জন টমছন আছিল নোবেল বঁটা প্ৰাপ্ত এজন পদাৰ্থ বিজ্ঞানী। তেওঁৱেই প্ৰথমতে বিশ্ববাসীক পাৰমাণৱিক কণিকা ইলেক্ট্ৰনৰ লগত চিনাকি কৰাই দিছিল।

জোন অফ আৰ্ক

জোন অফ আৰ্ক, অন্য নাম The Maid of Orléans ", এগৰাকী ফৰাচী বিৰংগনা আৰু ৰোমান কেথ’লিক মনিষী৷ ফ্ৰান্সৰ এশবছৰীয়া যুদ্ধ -ৰ সময়ত তেওঁ লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে জোন অফ আৰ্ক বিশ্ববিশ্ৰুত৷ জোন অফ আৰ্কে উত্তৰ-পূব ফ্ৰান্সৰ ডমৰেমি Domrémy নামৰ ঠাইত এট ...

জৰ্জ ৱেষ্টিংহাউছ

জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ আছিল এগৰাকী আমেৰিকান উদ্যোগী আৰু অভিযন্তা; যাক বিদ্যুৎ শক্তি উদ্যোগৰ এগৰাকী অগ্ৰদূত বুলি অভিহিত কৰা হয়৷ তেওঁ ৰেলৱে বায়ু ব্ৰেকৰ সৃষ্টি কৰিছিল৷ মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ প্ৰথমটো পেটেণ্ট লাভ কৰিছিল৷ ১৮৮০ৰ দশকৰ আৰম্ভণিৰ কালছো ...

টনি মৰিছন

টনি মৰিছন এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল। তাৰপিছত ১৯৭৭ চনত প্ৰকাশিত হোৱা উপন্যাস "চং অফ চলমন" ...

টিমথী ডেক্সটাৰ

টিমথী ডেস্কটা-ৰ জন্ম হয় ২২ জানুৱাৰী ১৭৪৭ চনত আমেৰিকাত। অতি দুখীয়া ঘৰৰ বাবে তেওঁ ৮ বছৰ বয়সতে পঢ়া শুনা কৰিব নোৱাৰি চামৰা চিলোৱা দোকান এখনত কাম কৰিবলৈ লয়। ১৮০৬ চনৰ ২৩ অক্টোবৰত ৫৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

ডিম্বেশ্বৰ নেওগ

ডিম্বেশ্বৰ নেওগ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল। মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈত অনুষ্ঠি ...

ডিয়েগ মাৰাডনা

ডিয়েগ আৰ্মাণ্ড মাৰাডনা ফ্ৰাঙ্ক এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে। পেলেৰ সৈতে তেওঁক বিংশ শতিকাৰ ...

ডেনিয়েল ডিফো

ডেনিয়েল ডিফো হৈছে ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা এগৰাকী সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ। তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত ৰবিনছন ক্ৰুছোই তেওঁক অমৰ কৰি ৰাখিছে।

তচদ্দুক ইউছুফ

তচদ্দুক ইউছুফ অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চৰ এগৰাকী অভিনেতা আছিল। ইয়াৰোপৰি তেওঁ নাট পৰিচালনা, ৰেডিঅত খেলৰ চলন্ত বিৱৰণী দিয়া আদি কাৰ্যৰ সৈতেও জড়িত হৈছিল। তেওঁ জনাজাত আছিল তেওঁৰ বিখ্যাত বেৰিটোন কণ্ঠস্বৰৰ বাবে। অৰণ্য, পুতলা ঘৰ, দূৰণীৰ ৰঙ আদ ...

তাৰিকুদ্দিন আহমেদ

তাৰিকুদ্দিন আহমেদ অসমৰ এজন গায়ক আৰু সংগীত পৰিচালক। ১৯৪৮ চনত ‘ইমান ধুনীয়া মুকুতাৰ মালা’ গীতটোৰ জৰিয়তে তেখেতে অসমৰ শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰে। তেখেত আকাশবাণী গুৱাহাটী কেন্দ্ৰ এজন নিয়মীয়া সংগীত শিল্পী আছিল।

তিলক হাজৰিকা

১৯৪১ চনত কলিয়াবৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।

তীৰ্থনাথ শৰ্মা

তীৰ্থনাথ শৰ্মা একাধাৰে সু-সাহিত্যিক, সফল শিক্ষাবিদ আৰু সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, গল্পকাৰ,কবি, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল। শৰ্মাদেৱে প্ৰায় কুৰিখন উচ্চ প্ৰশংসিত গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ছা ...

তুলতুল বৰুৱা

তুলতুল বৰুৱা অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক, সাংবাদিক আৰু নিবন্ধকাৰ। কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণী লাভ কৰি তেওঁ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। বিশিষ্ট সাহিত্যিক ভবেন্দ্ৰ ...

ত্ৰৈলোক্য দত্ত

ত্ৰৈলোক্য দত্ত অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী। দৈনিক অসম বাতৰি-কাকতৰ কাঁহুদী শিৰোনামৰে তেখেতে অসমৰ প্ৰথমটো বক্স কাৰ্টুন বা পকেট কাৰ্টুন অংকন কৰিছিল। একেখন কাকতৰ বাবে তেখেতে সময়শৰ নামৰ শিতানটোও যুগুতাই আছিল। ত্ৰৈলোক্য দত্তই অসমত ৰাজনৈতিক ...

ত্ৰৈলোক্য নাথ গোস্বামী

ত্ৰৈলোক্য নাথ গোস্বামী একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

তৰুণ গগৈ

তৰুণ গগৈ হৈছে অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধিস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে। ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ ...

দামোদৰ দেৱ

দামোদৰ দেৱ ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল। দামোদৰ দেৱ মহাপুৰুষ ভট্টদেৱৰ দৰে সাহিত্যিকক প্ৰেৰণা যোগাইছিল।

দিলীপ কুমাৰ দত্ত

ড॰ দিলীপ কুমাৰ দত্ত এগৰাকী অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৭ চনত যোৰহাটত তেওঁৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু ম ...

দিলীপ কুমাৰ বৰুৱা

দিলীপ কুমাৰ বৰুৱা অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়। দৰং জিলাৰ ছিপাঝাৰত জন্মগ্ৰহণ কৰা বৰুৱাই পিতৃৰ চাকৰিৰ সূত্ৰে শৈশ ...

দিলীপ শৰ্মা

দিলীপ শৰ্মা অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী। কলিকতা ৰেডিঅত অসমীয়া গীত গোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া শিল্পী। অসমত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লোৱা দিলীপ শৰ্মাই সংগীত নাটক একাডেমী সন্মানো ...

দীননাথ শৰ্মা

দীননাথ শৰ্মা ইংৰাজী: Dinanath Sarmah আছিল "আৱাহন" যুগৰ এগৰাকী অসমীয়া গল্পকাৰ। তেখেতে ১৯১৪ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত জন্ম লাভ কৰে। পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী। তেখেতে অসমৰ বিভিন ...

দীননাথ শৰ্মা (আৱাহনৰ সম্পাদক)

দীননাথ শৰ্মা আছিল অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। চিকিৎসক হিচাপে ধন উপাৰ্জনৰ চেষ্টা কৰাৰ পৰিৱৰ্তে তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ বাবে গাঁৱে-নগৰে ঘ ...

দুৰ্গাবৰ কায়স্থ

দুৰ্গাবৰ কায়স্থ এগৰাকী পাঁচালী কবি আছিল। জন্মৰ সময় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও তেওঁ ৰজা বিশ্বসিংহৰ দিনৰ কবি আছিল। সেই অনুসৰি ১৫১৫ আৰু ১৫৪০ চনৰ আগে পিছেই তেওঁৰ জন্ম-মৃত্যু বুলি অনুমান কৰা হয়। কবি দুৰ্গাবৰৰ কায়স্থ কুলত জন্ম ...