ⓘ Free online encyclopedia. Did you know? page 62

দেৱানন্দ কোঁৱৰ

দেৱানন্দ কোঁৱৰ হৈছে এগৰাকী অসমীয়া ৰাজনীতিবিদ। ১৯৫৫ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ২০০৯ চনত তেওঁ বিহাৰৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হয়। ইয়াৰোপৰি ত্ৰিপুৰা আৰু পশ্চিমবঙ্গতো তেখেতে ৰাজ্যপাল হিচাপে সেৱা আগবঢ়ায়। তেখেত হিতেশ্বৰ শইকীয ...

দ্ৰুপদ বৰগোঁহাই

দ্ৰুপদ বৰগোঁহাই ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা, অসম বিধানসভাৰ বিধায়ক, ৰাজ্যসভাৰ সাংসদ আৰু এগৰাকী শিক্ষক আছিল।

ধৰণী বৰ্মণ

ধৰণী বৰ্মন অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল। নলবাৰী জিলাৰ চামতাত জন্ম গ্ৰহণ কৰা বৰ্মণে সুৰদেৱী থিয়েটাৰৰ জন্ম দিয়ে। চিৰাজ, চম্বলৰ অভিশাপ আদি নাটত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা বৰ্মণ সংগীত নাটক একাডেমী বঁটা লাভ ...

নগেন বৰা

নগেন বৰা অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক। তেওঁ তিনি সহস্ৰাধিক গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য, যোৰহাট জিলা সাহিত্য স ...

নবীন চন্দ্ৰ বৰদলৈ

নবীন চন্দ্ৰ বৰদলৈ হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হয়। গৃহলক্ষ্মী আৰু কৃষ্ণলীলা তেওঁৰ মৌলিক নাট্য ৰচনা।

নলিনীধৰ ভট্টাচাৰ্য

নলিনীধৰ ভট্টাচাৰ্য অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰবন্ধকাৰ, সমালোচক তথা অনুবাদক। জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে। "ননী আছনে ঘৰত" নামৰ কবিতাটি ভট্ট ...

নাগিব মাহফুজ

নাগিব মাহফুজ আছিল এজন ইজিপ্টিয়ান লেখক যিজনে ১৯৮৮ চনত সাহিত্যৰ নবেল বঁটা অৰ্জন কৰিছিল। অস্তিত্ববাদৰ বিষয়ে চিন্তা-চৰ্চা আৰু অন্বেষণ কৰা টাহা হোছেইনৰ লগতে মাহফুজকো আৰবীয় সাহিত্যৰ প্ৰথমগৰাকী সমকালীন সাহিত্যিক আখ্যা দিয়া হয়। তেখেতে ৩৪খন উপন্যাস ৰ ...

নাজিয়া হাচান

নাজিয়া হাচান এগৰাকী পাকিস্তানী পপ গায়িকা, আইনজীৱী আৰু সমাজ-সেৱিকা আছিল। ১০ বছৰ বয়সত তেওঁ সঙ্গীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পাকিস্তান আৰু ভাৰতৰ অতি প্ৰসিদ্ধ সঙ্গীত-শিল্পীৰ অন্যতম আছিল। তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ দক্ষিণ এচিয়া আৰু দক্ষিণ-পূব এচিয়াত ...

নাৰায়ণ চন্দ্ৰ গোস্বামী

অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, বৈষ্ণৱ সাহিত্যিক নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীৰ জন্ম হয় ১৯৪০ চনৰ আহিন মাহৰ ৭ তাৰিখ বুধবাৰে ইং ২৪ চেপ্তেম্বৰ মাজুলীৰ চামগুৰি সত্ৰত। গোস্বামীদেৱ ৰোসেশ্বৰ দেৱ্গোস্বাম ...

নাৰায়ণদেৱ

সুকবি নাৰায়ণদেৱ হৈছে এগৰাকী পাঁচালী কবি। ষােড়শ শতাব্দীৰ সময়তে বৈষ্ণৱ আন্দোলনৰ মূল ধাৰাটোৰপৰা প্ৰভাৱমুক্ত এগৰাকী কবি। শংকৰদেৱৰ সমসাময়িক সময়ছোৱাত বা পঞ্চদশ শতিকাৰ শেষভাগৰপৰা ষোড়শ শতিকাৰ আদিভাগৰ ভিতৰত কেইবাজনাে পাঁচালী কবিৰ উদ্ভৱ হৈছিল। তেওঁলা ...

নিধি লেভি ফাৰৱেল

নিধি লেভি ফাৰৱেল বা নিধি লিবাই ফাৰৱেল এজন অৰুণোদই যুগৰ লেখক। তেওঁৰ প্ৰকৃত নাম নিধিৰাম কেওট। তেওঁ ১৮২৭ চনত গহপুৰত জন্মগ্ৰহণ কৰিছিল। ১৮৪১ চনত খ্ৰীষ্টান ধৰ্মত দীক্ষা লোৱাৰ পাছত তেওঁ নামটো সলাই নিধি লেভি ফাৰৱেল কৰে। নিধি লেভি ফাৰৱেলেই প্ৰথম অসমীয়া খ ...

নিলছ্ বৰ

নিলছ্ হেনৰিক ডেভিদ বৰ এগৰাকী প্ৰখ্যাত ডেনিছ পদাৰ্থবিজ্ঞানী আছিল। বৰে পৰমাণুৰ গঠন আৰু কোৱাণ্টাম তত্ত্বৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়াইছিল যাৰ বাবে তেওঁ ১৯২২ চনত পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ এগৰাকী দাৰ্শনিক আৰু বিজ্ঞান গৱেষ ...

নীল আৰ্মষ্ট্ৰং

নীল এল্‌ডেন আৰ্মষ্ট্ৰং ইংৰাজী: Neil Alden Armstrong ; জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২ আমেৰিকাৰ এগৰাকী মহাকাশচাৰী নাচা এষ্ট্ৰনাট কৰ্প্‌চ, টেষ্ট পাইলট, এৰস্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক aviator আছি ...

নুৰ জাহান

নুৰ জাহান এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল ব্ৰিটিছ ভাৰতত। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত তেওঁ পাকিস্তানলৈ গুছি গৈছিল। সুদীৰ্ঘ ছয় দশকৰ কৰ্মজীৱন অতিক্ৰম কৰা নুৰ জাহানক এগৰাকী অন্যতম মহান আৰু দক্ষিণ ...

নুৰুল হক

নুৰুল হক আছিল একাধাৰে প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক। ১৯৩৮ চনৰ ১ এপ্ৰিলত যোৰহাটৰ মহবন্ধা গাঁৱত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ দ্বাৰা ৰচিত কেইটামান জনপ্ৰিয় গীত- অসমীৰে চোতালতে ৰ’দালিয়ে চেনেহতে, মোৰ দৃষ্টিত তুমি ধৰা পৰিলা, মধুমিতা অ’ ম ...

নৱকান্ত বৰুৱা

নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাএক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিত ...

পদ্ম কৈৰী

পদ্ম কৈৰী এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী। তেওঁ ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেও ...

পল ডিৰাক

পল এদ্ৰিয়েন মৰিছ ডিৰাক আছিল এগৰাকী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁক কুৰি শতিকাৰ সবাতোকৈ প্ৰখ্যাত পদাৰ্থবিজ্ঞানীসকলৰ এজন বুলি আখ্যা দিয়া হয়। কোৱাণ্টাম বলবিজ্ঞান আৰু কোৱাণ্টাম ইলেক্ট্ৰডাইনেমিক্স উভয়ৰে প্ৰাৰম্ভিক বিকাশৰ কালছোৱাত ডিৰাকে ক্ষে ...

পাৰ্ৱতি প্ৰসাদ বৰুৱা

পাৰ্ৱতি প্ৰসাদ বৰুৱা অসমৰ সাহিত্য-জগতৰ এটি চিৰজ্যোতিস্মান নক্ষত্ৰ। তেখেত পৰিচিত আছিল গীতিকবি ৰূপে। পাৰ্ৱতি প্ৰসাদ আছিল একাধাৰে কবি, গীতিকাৰ তথা নাট্যকাৰ। অসমীয়া চলচ্চিত্ৰ জগতৰ সৈতেও তেখেতৰ নিবিড় সম্পৰ্ক আছিল। তেখেতে ১৯৪০ চনত ৰূপহী চলচ্চিত্ৰ নিৰ ...

পীতাম্বৰ কবি

পীতাম্বৰ কবি এজন কবি সাহিত্যিক আছিল। তেওঁ চিলাৰায় আৰু শংকৰদেৱৰ সমসাময়িক আছিল যদিও পীতাম্বৰ কবি আনুমানিক শংকৰদেৱতকৈ বয়সত ডাঙৰ আছিল। পীতাম্বৰ কবিৰ জন্মৰ তাৰিখ সম্পৰ্কে নিৰ্দিষ্ট তথ্য পোৱা নাযায়। তেওঁ কবি মনকৰ আৰু দুৰ্গাবৰ কায়স্থৰ পিছৰ কবি। তেও ...

পীতাম্বৰ দেৱগোস্বামী

পীতাম্বৰ দেৱগোস্বামী ইংৰাজী: Pitambar Deva Goswami ; ১৮৮৫ – ১৯৬২ আছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ। তেওঁ আছিল একাধাৰে সমাজ সংস্কাৰক, সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, মক্তিযুঁজাৰু আৰু ৰাজনীতিক। তেওঁ ১৯০৭ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হয়। তেওঁ চিৰ কুমাৰ আছিল ...

পুষ্পলতা দাস

পুষ্পলতা দাস এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্য সভাৰ সাংসদ আছিল। তেওঁ অসম বিধানসভাৰ প্ৰাক্তন বিধায়িকা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যা আছিল। তেওঁ ...

পুৰুষোত্তম দাস

পুৰুষোত্তম দাস অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক। হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল। তেখেত কলিকতা তথা অসমত, গুৱাহাটীত ...

পূৰবী বৰমুদৈ

পূৰবী বৰমুদৈ অসমৰ এগৰাকী লেখৰ সাহিত্যিক। তেওঁ মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ ৰূপে সুপ্ৰতিষ্ঠিত। তেওঁ সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।

পূৰ্ণানন্দ দত্ত

পূৰ্ণানন্দ দত্ত ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী আছিল। তেওঁ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ অঞ্চলটিত স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী কৰ্মী হোৱাৰ লগতে এই অঞ্চলৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক অ ...

প্ৰণিতা তালুকদাৰ

প্ৰণিতা তালুকদাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী। তেওঁ সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ২০১৩ চনত ভাৰত চৰকাৰৰ ...

প্ৰফুল্ল কটকী

প্ৰফুল্ল কটকী একাধাৰে সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰব ...

প্ৰফুল্ল দত্ত গোস্বামী

প্ৰফুল্লদত্ত গোস্বামী একাধাৰে ঔপন্যাসিক, প্ৰবন্ধকাৰ, লোক-সংস্কৃতিৰ গৱেষক আৰু অধ্যাপক। অসমৰ লোক-সংস্কৃতিক বিষয় ৰূপে লৈ তেখেতে প্ৰস্তুত কৰা গৱেষণা নিবন্ধখনেই অসমৰ প্ৰথমখন থেছিছ। এইখনৰ বাবে তেখেতে ১৯৫৫চনত ডি ফিল উপাধি লাভ কৰে। ১৯৬০চনত লোক-সংস্কৃতি ...

প্ৰভাত শৰ্মা

প্ৰভাত শৰ্মা এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক। তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত চাকৰিৰ পৰা অৱসৰ গ ...

প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য

প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য তেখেতে একাধাৰে গৱেষক, ভাষাবিদ, কবি, অভিধানপ্ৰণেতা আছিল। অসমত ভাষাতত্ত্ব-চৰ্চালৈ তেখেতৰ অৱদান উল্লেখযোগ্য। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া ভাষা শাখাত এম.এ ডিগ্ৰী লাভ কৰে আৰু ১৯৬৫ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ...

পৰাগ কুমাৰ দাস

পৰাগ কুমাৰ দাস আছিল অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা। পৰাগ কুমাৰ দাসে দিল্লীৰ ছেইণ্ট ষ্টিফেন্‌চ মহাবিদ্যালয় আৰু দিল্লী অৰ্থনীতি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছি ...

ফণী শৰ্মা

ফণী শৰ্মা আছিল এজন অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক। মঞ্চ অভিনেতা হিছাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী -ত অভিনয় কৰে। তেখেতে ১৯৪৮ চনত ছিৰাজ আৰু ১৯৫৫ চনত পিয়লী ফুকন বোলছবি পৰিচালনা কৰাৰ লগতে তাত অভ ...

ফিওদোৰ দস্তয়েভস্কি

ফিওদোৰ মিখাইলভিছ দস্তয়েভস্কি আছিল এজন ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক। দস্তয়েভস্কিৰ সাহিত্যিক কৰ্মৰাজীত ১৯ শতিকাৰ ৰাছিয়ান সাম্ৰাজ্যত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা ৰাজনৈতিক, সামাজিক আৰু আধ্যাত্মিক বাতাৱৰণৰ কা ...

ফিডেল কাষ্ট্ৰ

ফিডেল আলেসাণ্ড্ৰ কাষ্ট্ৰ ৰুছ, যি ফিডেল কাষ্ট্ৰ নামেৰে জনপ্ৰিয়, আছিল এগৰাকী কিউবান ৰাজনীতিবিদ আৰু বিপ্লৱী। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ১৯৫৯ৰপৰা ১৯৭৬লৈ আৰু ৰাষ্ট্ৰপতি হিচাপে ১৯৭৬ৰপৰা ২০০৮লৈ কিউবা গণৰাজ্য শাসন কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ এজন মাৰ্ক্সবাদ ...

ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কা

ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কা স্পেইনৰ এজন প্ৰসিদ্ধ কবি আছিল। ল’ৰ্কাৰ ১৮৯৯ চনত গ্ৰানাডাৰ দাঁতিকাষৰীয়া এখন সৰু গাঁৱত এটি কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল আৰু সেয়ে পৰিয়াল প্ৰদত্ত হিচাপে পাইছিল মাটিৰ মাহাত্ম্যক উপলব্ধি কৰিব পৰা, চঁহা জীৱনত নিজকে প্ৰতিবিম্ ...

ফ্লোৰেন্স নাইটিংগেল

ফ্লোৰেন্স নাইটিংগেল এগৰাকী ব্ৰিটিছ সমাজ সংস্কাৰক, পৰিসংখ্যাবিদ আৰু ধাত্ৰীবিদ্যাৰ বাট-কটকীয়া। তেওঁক আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়। ১৮৫৩ চনৰ পৰা ১৮৫৬ চনলৈ চলা ক্ৰিমিয়াৰ যুদ্ধত সৈনিক সকলক কৰা সেৱা-শুশ্ৰূষাৰ বাবে তেওঁ জগত বিখ্যাত ...

ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ

ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ এগৰাকী জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী। তেওঁ চকুৰ পিউপিলৰ বিস্তাৰণ চিনাক্ত কৰিছিল। ইয়াৰ লগতে তেওঁ বেলাডনা গছৰ ৰসৰ কাৰ্য, চাহ আৰু কফিত থকা কেফাইনৰ চিনাক্ত আৰু প্ৰবালৰ পৰা প্ৰথম এনিলিন ব্লু নামৰ নীলা ৰঞ্জক পদাৰ্থ নিষ্কা ...

বছেন মুৰ্মু

বছেন মুৰ্মু এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ ঘাইকৈ চাঁওতালি ভাষাত সংগীতচৰ্চা কৰিছিল। তেওঁ চাঁওতালি চলচ্চিত্ৰ আৰু এলবামৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীত পৰিগণিত হৈছিল। ২০২০ চনৰ ৮ জুন তাৰিখে মাত্ৰ ৩৩ বছৰ বয়সত বছেন মুৰ্মুৰ মৃত্যু হয়।

বসন্ত কুমাৰ ভট্টাচাৰ্য

ড° বসন্ত কুমাৰ ভট্টাচাৰ্য অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰৱন্ধকাৰ, নাট্যকাৰ, সমালোচক।

বসন্ত দাস

বসন্ত দাস অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ-ধাৰাবাহিকৰ কাহিনী লেখক আছিল। তেওঁৰ জন্ম হয় ১৯৪০ চনৰ ১৯ অক্টোবৰ তাৰিখে কাৰ্বি আংলং জিলাৰ ডিফুৰ শিৱবাৰী ৰোডত। তেখেতৰ পিতৃৰ নাম ...

বাণীকণা ঘোষাল

বাণীকণা ঘোষাল আছিল গোৱালপৰীয়া লোকগীত তথা অসমৰ লোক-সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুৰ পিছত গোৱালপৰীয়া লোকগীতৰ সাধনা কৰা শিল্পী সকলৰ ভিতৰ ঘোষাল অন্যতম আছিল।

বাপচন্দ্ৰ মহন্ত

বাপচন্দ্ৰ মহন্ত একাধাৰে সমালোচক, শংকৰী সাহিত্যৰ গৱেষক, ব্যাকৰণবিদ আদি। শংকৰদেৱক বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ নাম উল্লেখযোগ্য। তেখেতে অসমীয়া ভাষাৰ লগতে হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।

বিজয় চন্দ্ৰ ভাগৱতী

বিজয় চন্দ্ৰ ভাগৱতী এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ভাগৱতী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯২ চনত তেওঁ পদ্মভূষণ সন্ম ...

বিজু ফুকন

বিজু ফুকন অসমীয়া চলচ্চিত্ৰ জগতৰ এজন খ্যাতনামা অভিনেতা আছিল। তেখেতে চলচ্চিত্ৰ পৰিচালক ৰূপেও অৱতীৰ্ণ হৈছে। খ্যাতনামা অসমীয়া কথাচলচ্চিত্ৰ ডাঃ বেজবৰুৱাত এটা তেনেই সৰু চৰিত্ৰত প্ৰথমে ভূমুকি কৰা এই গৰাকী অভিনেতাই প্ৰথমে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ ...

বিদ্যুৎ চক্ৰৱৰ্তী

বিদ্যুৎ চক্ৰৱৰ্তী এগৰাকী দক্ষ অসমীয়া অভিনেতা আৰু চলচিত্ৰ আৰু মঞ্চ নাটকৰ পৰিচালক। বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰথমে সহকাৰী পৰিচালক ৰূপে কাম কৰে আৰু ৰাগ-বিৰাগ ছবিৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। ছাত্ৰাৱস্থাৰপৰাই মঞ্চত অভিনয় কৰা চক্ৰৱৰ্ত ...

বিনেশ্বৰ ব্ৰহ্ম

বিনেশ্বৰ ব্ৰহ্ম এজন বিখ্যাত বড়ো সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাপ্তন সভাপতি। অসমৰ কোকৰাঝাৰ জিলাৰ ভাতাৰমাৰি গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ তাৰামণি ব্ৰহ্ম আৰু মাতৃ সনাথী ব্ৰহ্ম।

বিমলা প্ৰসাদ চলিহা

বিমলা প্ৰসাদ চলিহা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭১ চনত তেওঁক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল।

বিশ্বনাৰায়ণ শাস্ত্ৰী

বিশ্বনাৰায়ণ শাস্ত্ৰী আছিল একাধাৰে ৰাজনীতিক, পণ্ডিত, প্ৰশাসক, শিক্ষাবিদ আদি। তেওঁ সংস্কৃতত উপন্যাস লিখা আধুনিক অসমৰ একমাত্ৰ ঔপন্যাসিক। অবিনাশী নামৰ সংস্কৃত উপন্যাসৰ বাবে তেওঁ ১৯৮৭ চনৰ সংস্কৃত ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ ১৯৫৩-৫৮ চনলৈক ...

বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভা ; অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ ...

বিহুৰাম বড়ো

১৯৪১ চনত দৰং জিলাৰ ৰৌতাৰ নিকটবৰ্তি বেছিমাৰী গাঁৱত বিহুৰাম বড়োৰ জন্ম হৈছিল। তেওঁৰ পিতৃ চন্দ্ৰকান্ত বড়ো আৰু মাতৃ মৰাহশ্বৰী বড়ো। বিহুৰাম বড়োৱে বাণীসীহা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। বিদ্যালয়ৰ শিক্ষকৰ হাজিৰা বহীত তেওঁৰ লিখিত না ...