ⓘ Free online encyclopedia. Did you know? page 64

শৈলধৰ বৰুৱা

শৈলধৰ বৰুৱা এগৰাকী বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক। তেওঁ অসমীয়া চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল। তেওঁ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ সৈতে কেইখনমান শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ যেনে হালধীয়া চৰায়ে বাওধান খায় আৰু সাগৰলৈ বহু দূৰ নিৰ্মাণ কৰিছিল। তেওঁলোক ...

শোভা ব্ৰহ্ম

শোভা ব্ৰহ্ম অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।

শ্বেৰ চৌধুৰী

শ্বেৰ চৌধুৰী অসমৰ এগৰাকী সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ। সৰুতে তেওঁ ছবি অঁকাৰ লগত জড়িত আছিল যদিও পাছলৈ সংগীত আৰু চলচ্চিত্ৰৰ লগত জড়িত হৈ পৰে। অসমৰ কেবাখনো পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰৰ সংগীত পৰিচালনা আৰু আৱহ সংগীতৰ কাম ...

শৰৎচন্দ্ৰ গোস্বামী

শৰৎচন্দ্ৰ গোস্বামীৰ জন্ম নলবাৰীৰ নাৰায়নপুৰ সত্ৰত বৰ্তমান নলবাৰী সত্ৰ ১৮৮৭ চনৰ ১২ মে তাৰিখে হৈছিল। তেখেতৰ পিতৃ ললিতচন্দ্ৰ গোস্বামী অসমীয়া পদ-পুথি ‘কেলি-ৰহস্য’ৰ প্ৰণেতা আছিল। আৰু মাতৃৰ নাম মুকুন্দপ্ৰিয়া দেৱী।

ষ্টিফেন হকিং

ষ্টিৱেন ৱিলিয়াম হকিং হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল। তেওঁ মৃত্যুৰ আগতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ চেণ্টাফৰ থিওৰেটিকেল কজমলজিৰ গৱেষ ...

ষ্টেনলি কুবৰিক

ষ্টেনলি কুবৰিক আছিল এজন আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। তেওঁক ছবিজগতৰ এগৰাকী প্ৰভাৱশালী নিৰ্মাতা হিচাপে বিবেচনা কৰা হয়। তেওঁৰ ছবিসমূহ মূলতঃ উপন্যাস আৰু চুটি গল্পৰ আধাৰত নিৰ্মিত। তেওঁৰ ছবিসমূহে ছবিৰ বিভিন্ন প্ৰকাৰক সাঙুৰি লয় আৰু ...

সন্তোষ কুমাৰ কৰ্মকাৰ

সন্তোষ কুমাৰ কৰ্মকাৰ একাধাৰে ঔপন্যাসিক, গল্পকাৰ, শিশু সাহিত্যিক আৰু অনুবাদক। তেখেতৰ জন্ম হৈছিল বাংলাদেশৰ মৈমনসিং জিলাত। জন্ম চন ১৯৫৩। দেউতাকৰ নাম কানাইলাল কৰ্মকাৰ। দেউতাক পেচাত ‘কমাৰ’ আছিল। ভাৰত স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত পিতৃয়ে সপৰিয়ালে প্ৰব্ ...

সাৰদা বেজবৰুৱা

সাৰদা বেজবৰুৱা যোৰহাট মহাবিদ্যালয় ৰ অধ্যক্ষা আৰু যোৰহাটৰ এগৰাকী বিশিষ্টা শিক্ষাবিদ আছিল। তেওঁ যোৰহাট জিলাৰ তৰাজানৰ নিৱাসী আছিল। তেওঁৰ প্ৰকৃত নাম আছিল সাৰদা নায়াৰ ।

সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ

সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰ এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেওঁ কৰ্মজীৱনৰ অধিকাংশ সময় আমেৰিকা যুক্তৰাষ্ট্ৰতে কটাইছিল। "নক্ষত্ৰৰ গঠন আৰু বিৱৰ্তনসম্পৰ্কীয় গুৰুত্বপূৰ্ণ ভৌতিক প্ৰক্ৰিয়াৰ তাত্ত্বিক গৱেষণা"ৰ বাবে তেওঁ ১৯৮৩ চনত ৱিলি ...

সুমিতা দেৱী

সুমিতা দেৱী বাংলাদেশৰ প্ৰথিতযশা চলচ্চিত্ৰ শিল্পী আৰু বাংলাদেশ টেলিভিচন জনপ্ৰিয় অভিনেত্ৰী আছিল। বৰ্তমান বাংলাদেশৰ মানিকগঞ্জ জিলাত তেওঁৰ জন্ম হয়। প্ৰকৃত নাম হেনা ভট্টাচাৰ্য্য । চলচ্চিত্ৰকাৰ ফতেহ লোহানী আছিয়া ছবিত হেনা নাম সলনি কৰি সুমিতা দেৱী ৰা ...

সূৰ্য বৰা

সূৰ্য বৰাৰ জন্ম ১৯২৬ চনত তেতিয়াৰ নগাওঁ জিলাৰ জাগীত । পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ভুৱনচন্দ্ৰ বৰা আৰু মনোৰমা বৰা। ভাৰতীয় ৰেলৰ কাৰ্যালয় সহায়ক হিচাপে ১৯৪৬ চনত মালিগাওঁ ৰেলৱে কেন্দ্ৰত কৰ্মজীৱন আৰম্ভ কৰা সূৰ্য বৰাই কৰ্মঅৱস্থাতে বি.কম. পাছ কৰি ৰেল বিভা ...

সেৱাব্ৰত বৰুৱা

সেৱাব্ৰত বৰুৱা অসমৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক আৰু অভিনেতা আছিল। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা ...

সোণাৰাম পাঞাং কটকী

লক্ষ্মীমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ উভটামুখ মিচিং গাঁৱত ১৮৮৫ চনৰ অক্টোবৰ মাহৰ পূৰ্ণিমাৰ দিনা পাঞাং কটকীৰ জন্ম। পিতৃ কাৰবাং পাঞাং আৰু মাতৃ আঙনী পাঞাঙৰ কেইবাগৰাকী পুত্ৰৰ ভিতৰত সোণাৰাম পাঞাং কটকী আছিল আটাইতকৈ কনিষ্ঠ। পিতৃ কাৰবাং পায়াং আধ্যাত্মিক ধ্ ...

স্নেহ দেৱী

১৯১৬ চনত যোৰহাটত স্নেহ দেৱীৰ জন্ম হয়। এখেতৰ পিতৃৰ নাম আছিল নন্দধৰ বৰুৱা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। মাত্ৰ পঞ্চম শ্ৰেণীতে তেখেতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি সৰু কালতে বিবাহপাশত আৱদ্ধ হয়।

স্বৰ্ণলতা বৰুৱা

স্বৰ্ণলতা বৰুৱা এগৰাকী জোনাকী যুগৰ প্ৰধান লেখিকা আছিল। তেওঁৰ পিতৃৰ নাম আছিল গুণাভিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল বিষ্ণুপ্ৰিয়া দেৱী। তেওঁ পিতৃ-মাতৃৰ একমাত্ৰ কন্যা আছিল। যি সময়ত অসমৰ এশ শতাংশ মহিলাই নিৰক্ষৰ আছিল, সেই সময়তে কলিকতাৰ দৰে চহৰত শিক্ষা ...

হলধৰ ভূঞা

হলধৰ ভূঞা এজন সমাজকৰ্মী। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এজন জনমদাতা। নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষকতা কৰা ভূঞাই পিছলৈ কংগ্ৰেছত যোগদান কৰি কাৰাবাস খাটিছিল। বহুতো পুথি অধ্যয়নৰ লগতে সাহিত্য চৰ্চাও কৰিছিল।

হলিৰাম ঢেকিয়াল ফুকন

হলিৰাম ঢেকিয়াল ফুকন এজন উকিল আৰু লেখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে ত ...

হান্স খ্ৰীষ্টিয়ান গ্ৰাম

হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইন ৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক। ইয়াৰ সহায়ত বেক্টেৰিয়া সমূহ অণুবীক্ষণ যন্ত্ৰত সহজে দৃশ্যম ...

হিতেশ্বৰ বৰবৰুৱা

হিতেশ্বৰ বৰবৰুৱা এগৰাকী অসমীয়া কবি আৰু বুৰঞ্জীবিদ। জোনাকী আৰু বিজুলী কাকত দুখনৰ জৰিয়তে কবিতা চৰ্চাত খোজ পেলোৱা বৰবৰুৱাই ঢোপকলি, কমতাপুৰ ধ্বংস, মালচ, চকুলো আদি গ্ৰন্থৰ প্ৰকাশেৰে খ্যাতি অৰ্জন কৰে। কম বয়সতে বুৰঞ্জীবিদ হিচাপেও সুনাম অৰ্জন কৰা বৰবৰ ...

হীৰেন ভট্টাচাৰ্য

হীৰেন ভট্টাচাৰ্য অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি। তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯ ...

হীৰেন্দ্ৰ নাথ দত্ত

হীৰেন্দ্ৰ নাথ দত্ত অসমৰ এগৰাকী কবি আৰু সমালোচক। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ বৰঙনিৰ ভিতৰত কাব্যগ্ৰন্থ মানুহ অনুকূলে, সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা, পল অনুপলৰ সাঁচ, প্ৰবন্ধ সংকলন নিৰ্বাচিত সমালোচনা আদি উল্লেখযোগ্য। ২০০৪ চনত তেওঁ মানুহ অনুকূলে ...

হেনৰী ষ্টাডমেন কটন

ছাৰ হেনৰী জন ষ্টাডমেন কটন, এগৰাকী ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ব্ৰিটিছ সাংসদ আৰু লেখক। তেওঁ সুদীৰ্ঘ কাল ভাৰতীয় অসামৰিক সেৱাৰ লগত জড়িত থাকি ভাৰতীয় জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈছিল। ইংলেণ্ডলৈ উভতি যোৱাৰ পিছত তেওঁ লিবাৰেল পাৰ্টিত যোগদান কৰে ...

হেম বুঢ়াগোহাঞি

হেম বুঢ়াগোহাঞি একাধাৰে সংস্কৃতিবিদ, সাহিত্যিক, বুৰঞ্জীবিদ, সম্পাদক, ঔপন্যাসিক, শিশু সাহিত্যিক আৰু সাংবাদিক। তেখেতে অসমৰ বিহু সংস্কৃতি আৰু বুৰঞ্জী বিষয়ত কুৰিৰো অধিক গ্ৰন্থ আৰু শতাধিক প্ৰবন্ধ লিখিছে। তেখেত বকতা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক। ত ...

হেম বৰুৱা

হেম বৰুৱা অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি ৰচনা কৰিছে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তে ...

হেমচন্দ্ৰ বৰুৱা

হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক। ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়।

হেমেন্দ্ৰ কুমাৰ গগৈ

হেমেন্দ্ৰ কুমাৰ গগৈ একাধাৰে অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ। তেওঁ নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁৰ সুকীয়া পৰিচয় আছে। লখিমপুৰ ...

হেলা দাস

হেলা দাস অসমৰ এগৰাকী ভাস্কৰ্য-শিল্পী। বৰোদাৰ এম এছ বিশ্ববিদ্যালয়ৰপৰা তেওঁ চাৰু-কাৰু কলা বিষয়ত ডিপ্লমা লাভ কৰিছিল। ভাস্কৰ্য-শিল্পী ৰূপে তেওঁ বিশেষ প্ৰশিক্ষণ লাভ কৰিছিল আৰু গুৱাহাটী, দিল্লী, কলকাতা, আহমেদাবাদ আদি বিভিন্ন ঠাইত তেওঁৰ শিল্প প্ৰদৰ্শন ...

হৰিনাৰায়ণ দত্তবৰুৱা

হৰিনাৰায়ণ দত্তবৰুৱা এগৰাকী প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু প্ৰকাশক৷ তেওঁ ভালেসংখ্যক অসমীয়া মাধ্যমৰ পাঠ্যপুথি আৰু শংকৰ-মাধৱৰ কৰ্মৰাজি পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰাত অৱদান আগবঢ়াইছিল৷ অসমীয়া গ্ৰন্থ প্ৰকাশৰ বাবে তেওঁ গুৱাহাটীত বৰুৱা এজেন্সি, শ্ৰীগু ...

ৰঘুনাথ চৌধাৰী

ৰঘুনাথ চৌধাৰী অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ প্ৰকৃতিক কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়।

ৰজনীপ্ৰভা শইকীয়া

ৰজনীপ্ৰভা শইকীয়া ওৰফে ৰজনীপ্ৰভা দাস চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা। তেওঁ এছিয়া মহাদেশৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ এগৰাকী, আনগৰাক ...

ৰঞ্জিত বৰপূজাৰী

ৰঞ্জিত বৰপূজাৰী হল অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। ১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলন সময়ত কটন কলেজৰ ছাত্ৰ আছিল আৰু বৰ্তমানৰ ‘ৰঞ্জিত বৰপূজাৰীৰ ছাত্ৰবাস’ৰ আৱাসী আছিল। ১৯৬০ চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্ ...

ৰত্ন ওজা

ৰত্ন ওজা অসম তথা ভাৰতৰ এগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী আছিল। অতি কম বয়সৰ পৰাই নাট্যাভিনয় তথা পৰিচালনাৰ সৈতে জড়িত ওজাই বহুকেইখন একাংকিকা নাট, পূৰ্ণাংগ নাট, নাঁতাৰ নাট, বাটৰ নাট, শিশু নাট ৰচনা পৰিচালনাৰ লগতে চাৰিখন উপ ...

ৰত্না দত্ত

ৰত্না দত্ত অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু নাট্যকৰ্মী। তেখেতে টিংখাং মহাবিদ্যালয়তে সর্বপ্রথম প্রবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ পাছত চাবুৱা ডি.ডি.আৰ মহাবিদ্যালয়ত কিছুদিন আৰু তাৰ পাছত ডিব্ৰুগড় মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্রবক ...

ৰবাৰ্ট ফ্ৰষ্ট

ৰবাৰ্ট ফ্ৰষ্ট এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা -ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়। তেওঁৰ কৰ্মৰাজিৰ মূল ...

ৰবীন ৱিলিয়ামছ

ৰবীন ৱিলিয়ামছ এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্য লিখক । টেলিভিছন চিৰিজ Mork & Mindy ত ১৯৭৮-১৯৮২ কালত মৰ্ক ৰূপে অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্ত্তীকালত তেওঁ চলচ্চিত্ৰ অভিনয়ৰ লগত ...

ৰমাকান্ত মুক্তিয়াৰ আতা

ৰমাকান্ত মুক্তিয়াৰ আতা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন জন্মদাতা। তেখেতৰ জন্মগত উপাধি ভূঞা, মুক্তিয়াৰ হল বৰদোৱাৰ নৰোৱা সত্ৰ‌ই দিয়া উপাধি।তেখেত উদাসীন আছিল।

ৰমেশ পাঠক

ড° ৰমেশ পাঠক এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা। তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতেই তেখেতৰ মাতৃৰ মৃত্যু হয়। তেখেত হৰেশ্বৰ পাঠকৰ পঞ্চম তথা কনিষ্ঠ ...

ৰসেশ্বৰ শইকীয়া বৰবায়ন

ৰসেশ্বৰ শইকীয়া বৰবায়ন একাধাৰে বৰবায়ন, নৃত্যবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক। তেওঁ কমলাবাৰী সত্ৰৰ বৰবায়ন আছিল। সঙ্গীত-নাটক অকাডেমি বঁটা লাভ কৰা ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰনী ভূমিকা পালন কৰি থৈ গৈছে।

ৰাজেন ৰাভা

ৰাজেন ৰাভা আছিল গোৱালপাৰা জিলাৰ দুধনৈৰ এগৰাকী শিক্ষক, সাহিত্যিক, সমাজ সেৱক। তেওঁৰ ৰাভা জনজাতি এখনি উচ্চস্তৰৰ সাংস্কৃতিক গৱেষণা গ্ৰন্থ।

ৰাধাগোবিন্দ বৰুৱা

ৰাধা গোবিন্দ বৰুৱা আছিল দ্য আছাম ট্ৰিবিউন বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা। তেখেতেই ১৯৩৯ চনত প্ৰথমে দ্য আছাম ট্ৰিবিউন কাকত প্ৰকাশ কৰিছিল। তেখেতেই বাতৰি-কাকত দৈনিক অসম আৰু সাপ্তাহিক অসম বাণী প্ৰতিষ্ঠা কৰিছিল। এগৰাকী ক্ৰীড়া সংগঠক আছিল। এটা দশক জুৰি তেখ ...

ৰাফায়েল

ৰাফায়েল ইটালীৰ এগৰাকী যশস্বী শিল্পী তথা স্থপতিবিদ। তেওঁৰ কৰ্মৰাজি বিশেষকৈ বিষয়বস্তুৰ স্পষ্টতা তথা সৃষ্টিৰ সৰলতা ৰ বাবে প্ৰসিদ্ধ। মাইকেলেঞ্জেল আৰু লিঅনাৰ্ড দা ভিন্সিৰ লগতে এইগৰাকী শিল্পীক সেইসময়ৰ অন্যতম পথ-প্ৰদৰ্শক শিল্পী হিচাপে গণ্য কৰা হয়।

ৰাম গগৈ

ৰাম গগৈ ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল। খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ ঘোষণা কৰিছিল। সৰ্বহাৰা জ ...

ৰাম গোস্বামী

ৰাম গোস্বামী অসমৰ এগৰাকী কবি তথা গদ্যকাৰ। ভালেকেইখনমান গ্ৰন্থ প্ৰণয়ন কৰা গোস্বামীৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্য্য, মানৱ জীৱনৰ বিভিন্ন দিশ, ৰাজনৈতিক ঘটনা প্ৰৱাহৰ লগতে দেশ তথা সমাজৰ অস্থিৰ পৰিস্থিতিৰ বিৰূদ্ধে কৰা প্ৰতিবাদৰ ভাষা ফুটি উঠা দেখা যায়। ১৯৭ ...

ৰামচৰণ ঠাকুৰ

ৰামচৰণ ঠাকুৰ এগৰাকী বৈষ্ণৱ সাহিত্যিক, চৰিতকাৰ, নাট্যকাৰ, অনুবাদক আছিল। আনুমানিক ১৫২১ খ্ৰীষ্টাব্দত তেওঁ জন্মলাভ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আছিল ৰামদাস আৰু মাধৱদেৱৰ ভনীয়েক উৰ্বশী। শিশু অৱস্থাৰে পৰা ৰামচৰণ ঠাকুৰে মাধৱদেৱৰ সান্নিধ্য লাভ কৰিছিল। "কংস-বধ ...

ৰামৰাম গুৰু

ৰামৰাম গুৰু আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাল্যকালৰ বন্ধু আৰু পোন্ধৰ-ষোল্ল শতিকাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক। চৰিত অনুযায়ী, শংকৰদেৱ আৰু ৰামৰাম দুয়োজনায়ে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল। ৰামৰাম গুৰুয়ে শংকৰদেৱৰ লগত বাৰবছৰ তীৰ্থয ...

ৰিচাৰ্ড উইলিয়াম টিম

ড॰ ৰিচাৰ্ড উইলিয়াম টিম এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল। তেওঁ ২৫০ৰো অধিক জীৱ প্ৰজাতি আৱিষ্ ...

ৰূপনাথ ব্ৰহ্ম

ৰূপনাথ ব্ৰহ্ম আছিল এগৰাকী ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত। অসমৰ কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছৰ অসমৰ ৰাজনীতিত সক্ৰিয়ভাবে জড়িত আছিল। তেওঁ বড়ো ভাষাত সাহিত্যচৰ্চা কৰিছিল। তেখেতক বড়ো ব্ৰহ্ম ধৰ ...

ৰেণু শইকীয়া

ৰেণু শইকীয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ তিনিখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি চৰিত্ৰ অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিছিল। তেওঁ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান আৰু ব্ৰজেন বৰুৱাৰ ...

ৰেণুকা দেৱী বৰকটকী

ৰেণুকা দেৱী বৰকটকী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰীপদ লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ জনতা পাৰ্টিৰ চৰকাৰত শিক্ষা, সমাজ কল্যাণ আৰু সংস্কৃতি বি ...

ৰোচন আৰা বেগম

ৰোচন আৰা বেগম এগৰাকী পাকিস্তানী শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী আছিল। আব্দুল হক খানৰ জীয়ৰী হিচাপে তেওঁৰ সম্পৰ্কীয় ভাতৃ আব্দুল কৰিম খানৰ যোগেদি পৰা শাস্ত্ৰীয় সঙ্গীতৰ কিৰানা ঘৰানাৰ সৈতে সংযোগ আছিল।