ⓘ Free online encyclopedia. Did you know? page 65

অতুল বৰদলৈ

অতুল বৰদলৈ অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু ...

অতুলানন্দ গোস্বামী

অতুলানন্দ গোস্বামী অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। তেখেতে ৰচনা কৰা চেনেহ জৰীৰ গাঁথি নামৰ উপন্যাসৰ বাবে ২০০৬ বৰ্ষত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। তেখেতে ৰচনা কৰা নামঘৰীয়া নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ ...

অনিৰুদ্ধ কায়স্থ

অনিৰুদ্ধ কায়স্থ ষষ্ঠদশ-সপ্তদশ শতিকাৰ এগৰাকী কবি। এখেতৰ পিতৃ ৰামচন্দ্ৰ বা ৰামৰুদ্ৰদেৱ। পিতামহ মাধৱদেৱৰ ককায়েক দামোদৰ ওৰফে ৰূপচন্দ্ৰ গিৰী। পূব কোচ ৰাজ্যৰ ৰজা ৰঘূদেৱৰ ৰাজসভাৰ অমাত্য আছিল। ৰজা ৰঘূদেৱৰ পৃষ্ঠপোষকতাত এখেতে ভাগৱতৰ ২য় আৰু ৫ম স্কন্ধৰ পদ ...

অনিৰুদ্ধদেৱ

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ এগৰাকী শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু শ্ৰীশ্ৰী গোপালদেৱৰ পৰৱৰ্তীকালৰ ধৰ্মপ্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক।

অভিনৱ গুপ্ত

অভিনৱ গুপ্ত প্ৰাচীন কামৰূপৰ এগৰাকী দাৰ্শনিক। এওঁ খ্ৰীষ্টীয় ৮ম-৯ম শতিকাৰ লোক। এখেত প্ৰথমে শাক্ত ধৰ্মাৱলম্বী আছিল আৰু শাক্ত দৰ্শনৰ এখন ভাষ্য ৰচনা কৰিছিল। কথিত প্ৰবাদ অনুসৰি আদি শংকৰাচাৰ্য কামৰূপলৈ আহোঁতে অভিনৱ গুপ্তই শংকৰাচাৰ্যৰ লগত শাক্ত ধৰ্মৰ গু ...

অৰ্জুন দাস বৈৰাগী

অৰ্জুন দাস বৈৰাগী স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ কটকী আছিল। ১৭১০ চনৰপৰা ১৫ চনলৈ মুঠতে তিনিবাৰ ৰত্ন কন্দলী শৰ্মা কটকীৰ লগত ত্ৰিপুৰা ৰাজ্যলৈ স্বৰ্গদেউৰ সন্দেশ লৈ গৈছিল। মোগল আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ স্বৰ্গদেৱে ত্ৰিপুৰা ৰাজ্যৰ সহায় বিচাৰি বাৰ্তা পঠিয়াইছি ...

আইখেক বুঢ়াগোহাঁই

আইখেক বুঢ়াগোহাঁই চুৰাম্‌ফা বা খোৰা ৰজাৰ বুঢ়াগোহাঁই আছিল। কোচ ৰাজ্যৰ সেনাপতি চিলাৰায়ৰ লগত আহোমৰ সন্ধি স্থাপন কৰাত আগভাগ লৈছিল। কিন্তু একে যুঁজতে পৰাজয়ৰ কাৰণ হিচাপে তেখেত চিহ্নিত হোৱাত বুঢ়াগোহাঁই পদৰপৰা নিস্কৃতি দিয়া হয়। ইয়াৰ পাছৰ স্বৰ্গদেউ ...

আচাৰ্য শেখৰ চক্ৰৱৰ্তী

আচাৰ্য শেখৰ চক্ৰৱৰ্তী কোচ ৰজা প্ৰাণনাৰায়ণৰ সভাপণ্ডিত আছিল। কামৰূপৰ এই পণ্ডিতগৰাকীৰ প্ৰকৃত নাম জয়কৃষ্ণ। বিদ্যাধৰ এখেতৰ পিতৃৰ নাম। ৰজা প্ৰাণনাৰায়ণৰ নিৰ্দেশ অনুসৰি প্ৰসিদ্ধ সংস্কৃত ব্যাকৰণ প্ৰয়োগ ৰত্নমালাৰ টীকা গ্ৰন্থ প্ৰভা প্ৰকাশিকা ৰচনা কৰে। স ...

আলতাফ মজিদ

আলতাফ মজিদ অসমৰ এগৰাকী চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক আৰু সাংস্কৃতিক কৰ্মী৷ তেখেত ‘চুটি ছবি’ নিৰ্মাণৰ বাবে বিখ্যাত৷ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নষ্ট হব ধৰা প্ৰিণ্টটো এখেতে ভাল কৰাই সংৰক্ষণ কৰে৷

আলফ্ৰেড নবেল

আলফ্ৰেড বাৰ্ণাড নবেল চুইডিছ উচ্চাৰণ: listen ; ২১ অক্টোবৰ ১৮৩৩ – ১০ ডিচেম্বৰ ১৮৯৬ এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী আছিল। তেখেত ডিনামাইটৰ উদ্ভাৱন কৰিছিল। নবেলে বফৰ্ছ নামৰ লো আৰু তীখা কাৰখানটো কিনি লৈ তাক টোপ আৰু আন অস্ত ...

আৰিমত্ত

আৰিমত্ত কামৰূপ ৰাজ্যৰ এজন ৰজা আছিল। এওঁ বৰ্তমানৰ কামৰূপৰ বেতনা নামৰ ঠাইৰ ওচৰত বৈদ্যৰ গড়ত ৰাজধানী পাতি ৰাজত্ব কৰিছিল। গুৱাহাটীৰ পশ্চিমত ৰামচন্দ্ৰ নামৰ এজন ৰজা আছিল। এওঁৰে পুতেক হৈছে আৰিমত্ত। আৰিমত্তৰ মূৰটো হেনো আৰি মাছৰ দৰে দীঘলীয়া আছিল। সেইবাবে ...

ইন্দ্ৰনাৰায়ণ

ইন্দ্ৰনাৰায়ণ সপ্তদশ-অষ্টদশ শতিকাৰ দৰঙৰ ৰজা। পিতৃ চন্দ্ৰনাৰায়ণ। এখেতৰ ককায়েক সূৰ্যনাৰায়ণক মোগলে ধৰি লৈ যোৱাৰ পাছত আহোমে এখেতক দৰঙৰ ৰজা পাতে। দৰং ৰাজ্যৰ পৰিসৰ এখেতৰ দিনতে ভালেখিনি টুটি আহে।।

ইন্দ্ৰপাল

ইন্দ্ৰপাল দশম শতিকাৰ পাল বংশৰ এগৰাকী ৰজা। ইন্দ্ৰপালৰ পিতৃ আছিল পুৰন্দৰপাল। কিন্তু পিতামহ ৰত্নপালৰ জীৱিত অৱস্থাতে পিতৃৰ মৃত্যু হোৱাত পিতামহৰ পাছতে কামৰূপৰ ৰাজপাটত উঠে। ইন্দ্ৰপালে ৰাষ্ট্ৰকূট ৰাজকুমাৰী ৰাজ্যদেৱীক বিয়া কৰাইছিল। তেখেতে প্ৰায় ২৫ বছৰ ...

উইলিয়াম এছ বাৰ’জ

উইলিয়াম এছ. বাৰ’জ ইংৰাজী: William Burroughs ; ৫ ফেব্ৰুৱাৰী – ২ আগষ্ট ১৯৯৭ আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত আৰু মৃত্যু ১৯৯৭ চনৰ ২ আগষ্টত।

উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছন

উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছন কটন কলজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। এখেতৰ জন্ম হৈছিল ইংলেণ্ডৰ নেট্‌লীত। লণ্ডন বিশ্ববিদ্যালয়ৰপৰা বি.এ. উপাধি লৈ ভাৰতীয় শিক্ষা সেৱা বিভাগত যোগদান কৰে। প্ৰথমে উত্তৰ প্ৰদেশৰ বৰেলী কলেজৰ ইংৰাজীৰ অধ্যাপক নিযুক্ত হয়। ১৯০১ ...

উইলিয়াম ৱাৰ্ড

ৱিলিয়াম ৱাৰ্ড অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, অৰুনোদই কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম। ১৮৪৩ চনত খৃষ্টান ধৰ্মত দীক্ষা লৈ আমেৰিকাৰপৰা ১৮৫০ চনত আহি গুৱাহাটীত উপস্থিত হয় আৰু বেপ্টিষ্ট মিছনত যোগ দিয়ে। ১৮৫৭ চনৰপৰা ১৮৬ ...

উত্তম নাৰায়ণ

উত্তম নাৰায়ণ সত্ৰাজিতৰ পুত্ৰ। সত্ৰাজিত পশ্চিম অসমৰ লোক আছিল। এখেতে কোচৰাজ্যৰ দক্ষিণ-পূৱ অংশৰ প্ৰাদেশিক শাসনকৰ্তা আছিল। ঢাকাৰ নবাবৰ প্ৰোৰচনাত কোচ ৰজাৰ সৈতে হাজোত যুঁজত অৱতীৰ্ণ হয়। নবাবৰ তলত পাণ্ডু আৰু গুৱাহাটীৰ থানাদাৰ নিযুক্ত হয়। মোগল-আহোমৰ যু ...

উৰ্খাউ গৌড়া ব্ৰহ্ম

উৰ্খাউ গৌড়া ব্ৰহ্ম অসমৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ আছিল। ব্ৰহ্ম কোকৰাঝাৰ জিলাত জন্ম হৈছিল। তেওঁৰ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্ম। তেখেতে ২০১৪ চনত তেওঁৰ বড়ো ভাষাৰ কাব্য সংকলন উদাংনিফ্ৰাই গিডিংফিন্নানেই -ৰ বাবে সাহিত্য অকা ...

এ কে গাৰ্নি

এ.কে.গাৰ্নি আমেৰিকাত জন্মগ্ৰহন কৰা এগৰাকী খৃষ্টান পাদুৰী। এখেতে ১৮৭৪ চনত পাদুৰী জীৱন গ্ৰহন কৰে আৰু ১৮৭৬ চনত অসমলৈ আহি শিৱসাগৰৰ মিছন প্ৰেছৰ দায়িত্ব গ্ৰহন কৰে। ১৮৮৩ চনত স্বদেশলৈ উভতি গৈ ২ বছৰ পাছত পুনৰাই অসমলৈ আহে। ১৯০৭ চনত অসমৰপৰা উভতি যায়। মূল ...

এডৱাৰ্ড এলবাৰ্ট গেইট

ছাৰ এড্‌ৱাৰ্ড গেইট ইংৰাজৰ আমোলৰ ভাৰতৰ প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। অসম বুৰঞ্জীৰ উল্লেখযোগ্য গৱেষক। প্ৰশাসনীয় সেৱাৰ বিষয়া হিচাপে এওঁ ব্ৰিটিছ ভাৰতৰ বিহাৰ আৰু উৰিষ্যাৰ লেফটেনেণ্ট-গৱৰ্নৰ পদলৈ পদোন্নতি পাইছিল। ১৯১৫ চনৰপৰা ১৯২০ চনলৈ এই পদভাৰ বহন কৰে। ...

এলেন গিন্সবাৰ্গ

প্ল্যানেট নিউজ আয়ৰন হৰ্স দি য়েজ লেটাৰ্স ইলুমিনেটেড পোয়েমস দি বুক অফ মাৰৰ্টিয়াৰডম অ্যাণ্ড আৰ্টিফিস লেটাৰ্স অফ এলেন গিন্সবাৰ্গ ৰিয়ালিটি স্যাণ্ডউইচেস দি গেটস অব ৰ্যাথ হৌয়াইট শ্ৰাউড ডেথ অ্যাণ্ড ফেম আউল অ্যাণ্ড অদাৱ পোয়েমস হাউল অ্যানোটেটেড এম্প ...

কংসাৰি কায়স্থ

কংসাৰি কায়স্থ যশৱন্ত খাঁ নামৰ কায়স্থ শ্ৰেষ্ঠৰ বংশধৰ। মাধৱদেৱৰ থানত বাস কৰিছিল। আন এটা নাম আছিল পীতাম্বৰ। মহাভাৰতৰ কিৰাট অনুপৰ্বৰ আৰু বিৰাট পৰ্বৰ দক্ষিণ গোগ্ৰাহৰ কিছু অংশ আৰু উত্তৰ গোগ্ৰাহৰ ভাঙনি কৰিছিল। গাভৰু খাঁ এখেতৰ পৃষ্ঠপোষক আছিল বুলি অনুমা ...

কংসাৰি ঠাকুৰ

কংসাৰি ঠাকুৰ মাধৱদেৱৰ শিষ্য আছিল আৰু দক্ষিণ কামৰূপৰ বিখ্যাত চমৰীয়া সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। এখেত বৰ বিষ্ণু আতা আৰু দক্ষিণ কুলীয়া বিষ্ণু নামেও জনাজাত। কংসাৰি ঠাকুৰৰ জন্ম বৰ কৰৈবাৰীত। নাও বুৰি সকলো সা-সম্পত্তি হেৰোৱাত এগৰাকী ধনী সাউদৰ ঘৰত থাকিবলৈ ...

কনকলাল বৰুৱা

কনকলাল বৰুৱা সাহিত্যিক আৰু বুৰঞ্জীবিদ৷ ১৮৭২ চনৰ ১৬ ডিচেম্বৰত জন্ম৷ ১৯২৯ চনত বিধান সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰে৷ ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল৷ কিছুকাল জোনাকী আলোচনীৰ সম্পাদক আছিল৷ জাৰ্ণেল অব দা আছাম ৰিছাৰ্চ ছচাইটিৰ প্ৰকা ...

কনচেং বৰপাত্ৰগোঁহাই

কনচেং বৰপাত্ৰগোঁহাই আছিল আহোম শাসনতন্ত্ৰৰ বৰপাত্ৰগোঁহাই পদবী লাভ কৰা প্ৰথমজন বিষয়া। স্বৰ্গদেৱ চুপিম্‌ফাৰ নক্টে খুনবাও কাৰঙ্গপাৰৰে মিত্ৰতা আছিল। এদিন চমুৱা কুঁৱৰী এগৰাকীয়ে "নগা খুনবাওটো দেখিবলৈ ভাল" বুলি কোৱাত খং উঠি ৰজাই চাৰিমহীয়া গৰ্ভৱতী কুঁৱ ...

কবিচন্দ্ৰ দ্বিজ

কৱিচন্দ্ৰ দ্বিজ স্বৰ্গদেউ শিৱসিংহৰ সভাকবি আছিল। শিৱসিংহ, ৰানী অম্বিকাদেৱী আৰু পুত্ৰ উগ্ৰসিংহ-ৰ নিৰ্দেশত ১৭৩৫ চনত ধৰ্মপুৰাণৰ ভাঙনি কৰে। উষা-অনিৰুদ্ধৰ কাহিনীক উপজীৱ্য কৰি কামকুমাৰ হৰণ নামে এখন সংস্কৃত নাটক ৰচনা কৰিছিল। নাটখনৰ মাজে মাজে অসমীয়া গীত ...

কবিশেখৰ ভট্টাচাৰ্য

কৱিশেখৰ ভট্টাচাৰ্য এগৰাকী কবি। চাৰু সিংহ আৰু প্ৰেমদাসুন্দৰীৰ আজ্ঞাক্ৰমে হৰি বংশৰ পদ অনুবাদ কৰে। এই অনুবাদত কবিয়ে নিজা কল্পনাও সংমিশ্ৰণ কৰিছে।

কবিৰত্ন সৰস্বতী

কৱিৰত্ন সৰস্বতী কোচ ৰজা ইন্দ্ৰনাৰায়ণৰ সময়ৰ কবি আছিল। বৰপেটা অঞ্চলৰ ছোটশিলা নামে গাঁৱত জন্ম হৈছিল। পিতৃ আছিল কায়স্থ কুলৰ চক্ৰপাণি শিকদাৰ। চক্ৰপাণি শিকদাৰ কোচ ৰজা দুৰ্লভনাৰায়ণৰ প্ৰিয়পাত্ৰ আছিল। আৰু পুত্ৰ কৱিৰত্ন দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰা ...

কবিৰাজ চক্ৰৱৰ্তী (জ্যোতিষপুথি ৰচক)

কৱিৰাজ চক্ৰৱৰ্তী ডাক সৰস্বতীৰ পুত্ৰ। ১৬৪৬ চনত দিনকিৰণাৱলী নাম দি জ্যোতিষৰ এখন পুথি ৰচনা কৰিছিল। সংস্কৃত জ্যোতিষ পুথি ভাস্বতীৰ অসমীয়া অনুবাদ কৰে ভাস্বতী শাস্ত্ৰৰ কথা নাম দি।

কমল কুমাৰী বৰুৱা

কমল কুমাৰী বৰুৱা অসমৰ ঠেঙালৰ খঙীয়া বৰুৱা পৰিয়ালৰ এগৰাকী বিদূষী মহিলা আছিল। নগাঁৱৰ বৰ এলেঙী সত্ৰত জন্মলাভ কৰা কমল কুমাৰী বৰুৱাৰ পিতৃ-মাতৃ আছিল মহেন্দ্ৰনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা। ১৯১৭ চনত খঙীয়া বৰুৱা পৰিয়ালৰ শিৱ প্ৰসাদ বৰুৱাৰ লগত তেখেতৰ বিয ...

কমল নাৰায়ণ চৌধুৰী

কমল নাৰায়ণ চৌধুৰী অসমৰ এগৰাকী চলচ্চিত্ৰ তথা সংগীত পৰিচালক হিচাবে জনাজাত। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয়ো কৰিছিল। অসমৰ চলচ্চিত্ৰ জগতত প্ৰথমখন অসমীয়া ৰঙীন কথাছবি ‘ভাইটি’ৰ নিৰ্মাতা হিচাবে তেখেত চিৰস্মৰণীয়।

কলাই কোঁচ

কলাই কোঁচ ভাৰতৰ এগৰাকী স্বাধীনতা সেনানী। তেখেতৰ জন্মস্থান নগাঁও চহৰৰ ৩ মাইল পশ্চিমে শেনচোৱা কুমাৰ গাঁৱত। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে নগাঁও জিলাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। কলাই কোঁচ আৰু হেমৰাম বৰাএই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ২৫ আগ ...

কলাপচন্দ্ৰ

কলাপচন্দ্ৰ শংকৰদেৱৰ এগৰাকী কায়স্থ ভক্ত আছিল। ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৪ৰ্থ স্কন্ধ ভাগৱতৰ সতীৰ চৰিত্ৰ আউৰ পৃথুৰ চৰিত্ৰৰ ভাঙনি কৰিছিল।

কলীয়া ভোমোৰা বৰফুকন

কলীয়া ভোমোৰা বৰফকুন আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত বৰফুকনৰ বাব পাইছিল। প্ৰকৃত নাম আছিল গেন্ধেলা। আহোম ৰজাৰ ৰাজখোৱা আছিল আৰু মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সাহসেৰে যুঁজ দিছিল। ১৭৯৫ চনত কমলেশ্বৰ সিংহ আহোম ৰাজপাটত উঠাৰ সময়ত হিন্দুস্থানী চিপাহীক দিবলগীয়া ...

কান্দুৰা বলিন স্মিথ

কান্দুৰা বলিন স্মিথ নগাঁৱৰ লোক। একেতৰ দেউতাক কণা আছিল আৰু ভিক্ষা কৰি পেট প্ৰৱৰ্তাইছিল। ১৮৪৮ চনত নগাঁৱত থকা শ্ৰীমতী ষ্টোডাৰ্ড নামৰ এগৰাকী মহিলাৰ উদ্যোগত নগাঁৱৰ মাউৰা শিশুৰ বিদ্যালয়ত ভৰ্তি হয়। ইয়াতে মাইলছ ব্ৰন্‌ছনৰ তত্বাৱধানত ইংৰাজী আৰু অসমীয়াৰ ...

কালিন্দী আই

কালিন্দী আই শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয়া পত্নী আছিল। পিতৃ আছিল ৰাম ভূঞা। ১৫ বছৰ বয়সত শংকৰদেৱৰ লগত বিয়াত সোমায়। শংকৰদেৱৰ মৃত্যুৰ পাছত ধৰ্মৰ গুৰি ধৰিছিল। এখেতৰ কথা মতে মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰে। নাতিবোৱাৰী কনকলতাক বৰদোৱা থান পুনৰুদ্ধা ...

কিৰিপ চলিহা

কিৰিপ চলিহা জন্ম ১ নৱেম্বৰ ১৯৫৫ ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল। তেওঁ গুৱাহাটী অসমৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য। ইয়াৰ আগেয়ে চলিহা একাদশ লোকসভাতো গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত ...

কীৰ্তিনাথ হাজৰিকা

কীৰ্তিনাথ হাজৰিকা সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো ...

কুশৰাম দেৱ

কুশৰাম দেৱ আউনীআটী সত্ৰৰ ডেকা অধিকাৰ আছিল। সত্ৰাধিকাৰ পদ্মপাণিদেৱৰ মৃত্যুৰ পাছত ডেকা অধিকাৰ হৈছিল। এখেতৰ দিনতে মানৰ আক্ৰমণত সত্ৰ দাহ হৈছিল। পলাই গৈ প্ৰথমে বালিসত্ৰত আছিলগৈ। ৰংপুৰলৈ গৈ মান সেনাপতি মিঙিমাহা তিলোৱাক দেখা কৰাত তেখেতে যথাযোগ্য সন্মানস ...

কুসুম্বৰ ভূঞা

কুসুম্বৰ ভূঞা শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। সূৰ্যবৰ আৰু খেৰসূতীৰ জ্যেষ্ঠ পুত্ৰ। শিৰোমণি ভূঞা বাব পাইছিল। এখেতৰ প্ৰথমা পত্নী সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হৈছিল। আনগৰাকী পত্নী অনুধৃতিৰ গৰ্ভত জন্ম হৈছিল বনগঞাগিৰী। শংকৰদেৱৰ সাত বছৰ বয়স হোৱাত কুসুম্বৰ ভূ ...

কৃষ্ণকান্ত গগৈ হাতীবৰুৱা

কৃষ্ণকান্ত গগৈ হাতীবৰুৱা ৰ "শিৱসাগৰ"অঞ্চলৰ ব্যক্তি। ১৮৮৩ চনত "কলিকতা"ত হোৱা শিল্প প্ৰদৰ্শনীত নিজৰ আৱিষ্কৃত মুগা কাপোৰ বোৱা যন্ত্ৰ সাজি প্ৰদৰ্শন কৰিছিল। পিছলৈ চহ বাগিচাৰ মালিক হৈছিল।

কৰুণাভিৰাম বৰুৱা

কৰুণাভিৰাম বৰুৱা ৰ জন্ম হৈছিল নগাঁৱত। গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ বৰপুত্ৰ আছিল। লৰাবন্ধু নামে ১৮৮৮ চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। লৰাবন্ধু অসমৰ প্ৰথম শিশু আলোচনী।

কৱীন্দ্ৰ পাত্ৰ

কৱীন্দ্ৰ পাত্ৰ অসমৰ পশ্চিম অঞ্চলৰ লোক। পিতৃদত্ত নাম আছিল বাণীনাথ। কোচ ৰজা বিশ্বসংহৰ দ্বাৰ পণ্ডিত আৰু মন্ত্ৰী আছিল। পিতামহ নৰহৰি আৰু বিশ্বসিংহৰ গুৰু সাৰ্বভৌম ভট্টাচাৰ্যৰ ওচৰত শিক্ষা লোৱাৰ পাছত কৱীন্দ্ৰ নাম পায়। এখেতে কোচ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চি ...

খগেন্দ্ৰনাথ নাথ

খগেন্দ্ৰনাথ নাথ ৰ গোৱালপাৰা অঞ্চলৰ মানুহ। ভাৰতীয় মুক্তি আন্দোলনৰ তেওঁ অন্যতম যুঁজাৰু আছিল। তেওঁ ১৯২১ চনত বিদ্যালয় এৰি ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলনত যোগ দিছিল। ইয়াৰ বাবে তেওঁ গ্ৰেপ্তাৰ হব লগা হৈছিল। ইয়াৰ পিছত ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছত স ...

খামুন ৰাজমন্ত্ৰী ফুকন

খামুন ৰাজমন্ত্ৰী ফুকন আহোম ৰাজশাসনৰ ৰাজমন্ত্ৰী আছিল। তেওঁ আহোম ৰজাঘৰৰ নাওবৈচা ফুকন-ও আছিল। তেওঁৰ দুই জীয়ৰীৰ ডাঙৰ জনীক আহোম ৰজা জয়দ্ধজ সিংহই বৰকুঁৱৰী আৰু সৰুজনীক পৰ্বতীয়া কুঁৱৰী কৰি চপাই লৈছিল। সেই কাৰণতেই জয়দ্ধজ সিংহই খামুন ৰাজমন্ত্ৰী ফুকনক ৰ ...

খীৰা মৰল

খীৰা মৰল ৰ প্ৰকৃত নাম আছিল ক্ষীৰদ সিং চৌধুৰী। বৰপেটাৰ সুন্দৰীদিয়াত তেওঁৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল বিজয় সিংহ। তেওঁ সুন্দৰীদিয়া অঞ্চলৰ মণ্ডল থকা হেতুকে সকলোৱে তেওঁক খীৰা মৰল বুলিয়েই জানিছিল। খীৰা মৰল শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। সুন্দ ...

খেৰসূতী

খেৰসূতী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আইতাক আছিল। তেওঁৰ দেউতাক আছিল ৰাম চৌধাৰী। সূৰ্যবৰ ভূঞা আছিল তেওঁৰ পতি। শংকৰদেৱৰ মাতৃ সত্যসন্ধা শংকৰদেৱৰ নিচেই সৰু কালতে ঢুকোৱাৰ ফলত খেৰসূতীয়েই শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। শ্ৰীমন্ত শকৰদেৱ প্ৰথম বাৰ তীৰ্ ...

খৰচিং তেৰাং

খৰচিং তেৰাং ৰ জন্ম ডিফু চহৰৰ নিকটৱৰ্তী ৰংলংচ’ গাঁৱত। স্কুলীয়া শিক্ষাৰ ফালৰ পৰা গোলাঘাট এম.ভি.স্কুলৰ পৰা প্ৰথম মানতে শিক্ষা সাং কৰি খৰচিং তেৰাঙে ব্যৱসায় আৰম্ভ কৰে। তেওঁৰ পিতৃ আছিল চাৰইক। চাৰইক পেছাত মৌজাদাৰ আছিল। দেউতাকৰ মৃত্যুৰ পিছত খৰচিং তেৰাং ...

খৰ্গেশ্বৰ তালুকদাৰ

খৰ্গেশ্বৰ তালুকদাৰ জন্ম: ২৩ জুন ১৯৫৯-১০ ডিচেম্বৰ ১৯৭৯ ৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত। তেওঁ অসম আন্দোলনৰ প্ৰথম শ্বহীদ। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। খৰ্গেশ্বৰ ...

গড়গঞা সন্দিকৈ ফুকন

গড়গঞা সন্দিকৈ ফুকন ৰ প্ৰকৃত নাম আছিল চেংকাক। ল’ৰাৰজাৰ দিনত পূৰ্বৰ নেওগ পদপীৰ পৰা ফুকন হয়। গদাপাণি বা গদাধৰ সিংহ তেওঁৰ প্ৰিয় ব্যক্তি আছিল আৰু তেওঁক সমৰ্থনো কৰিছিল। পলাই থকাৰ সময়ত তেওঁ গদাপাণিৰ লগত গোপনে যোগাযোগ ৰাখিছিল আৰু তেওঁৰ উদ্যোগতেই কলিয ...