ⓘ Free online encyclopedia. Did you know? page 7

কলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

কলা শব্দই তলৰ বিষয়বস্তুসমূহ বুজাব পাৰে: কলা Art বা শিল্প: মানৱ সৃজনশীলতাৰ ৰূপ। কলা জীৱবিজ্ঞান Tissue: এক প্ৰকাৰৰ অথবা একাধিক ধৰনৰ কিছু কোষৰ সমষ্টি। কলা Deaf: শ্ৰৱন বিসংগতি বা বধিৰতা থকা লোক। কলা: চন্দ্ৰৰ ষোল্ল ভাগৰ এভাগ।

ওজাপালি

ওজাপালি অসমৰ এক অৰ্ধ নাটকীয় পৰিবেশ্য কলা। সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰে পৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত হৈ আহিছে। ১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভ ...

দৰং মহাবিদ্যালয়

দৰং মহাবিদ্যালয় তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী। দৰং মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰ ...

নীলমণি ফুকন (কনিষ্ঠ)

নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। তেখেতৰ উল্লেখযোগ্য কৰ্ম হল সূৰ্য হেনো নামি আহে এই নদীয়েদি, কবিতা, আৰু গোলাপী জামুৰ লগ্ন। কবিতা শীৰ ...

গণিত

পৰিমাণ quantity, গঠন structure, পৰিবৰ্তন change আৰু স্থান space-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হল "চিত্ৰ figure আৰু সংখ্যাৰ number গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গ ...

অসম গণিত শিক্ষায়তন

১৯৮৬ চনৰ ১৮ জুলাইত অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিৰ জন্ম হয়। শিক্ষায়তনে ২০১০ চনৰ পৰা Journal of the Assam Academy of Mathematics JAAM ISSN No. 2229-3884 নামেৰে এখন গণিত বিষয়ক জাৰ্নেল প্ৰকাশ কৰিছে। ১৯৮৭ চনৰ জুলাই মাহৰ পৰা শিক্ষায়তনে ‘গণিত ...

গণিত চ’ৰা

গণিত চ’ৰা এখন গণিত বিষয়ক দ্বিভাষিক মাহেকীয়া ই-আলোচনী৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ কেইজনমান ছাত্ৰৰ উদ্যোগত ২০১১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়৷ ২০১৩ চনত আলোচনীখনে Mathematics of Planet Earth 2013 প্ৰকল্পৰ সহযোগী আ ...

ৰাষ্ট্ৰীয় গণিত দিৱস (ভাৰত)

ৰাষ্ট্ৰীয় গণিত দিৱস ভাৰতত প্ৰতিবছৰে ২২ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে মাদ্ৰাজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ১২৫তম জন্মজয়ন্তী উদযাপন সমাৰোহ ...

কামেশ্বৰ দাস

কামেশ্বৰ দাস হৈছে অসমৰ এজন গণিতজ্ঞ। তেখেত হৈছে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ। ঘৰুৱা আৰ্থিক দৈনতাত বিদ্যালয়লৈ যাব নোৱাৰা কামেশ্বৰ দাসে পথাৰত গৰু চৰাই থাকোতে কাষৰ বিদ্ ...

১১ জুন

১১ জুন ইংৰাজী: 11 June হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬২তম অধিবৰ্ষত ১৬৩তম দিন। বছৰ শেষ হবলৈ ২০৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

বৈদিক গণিত

বৈদিক গণিত হল এখন গণিতৰ বিভিন্ন সূত্ৰ থকা এখন গ্ৰন্থ যাৰ সহায়ত বিভিন্ন অংক সহজে কৰিব পৰা যায়। এই গ্ৰন্থখন ১৯৬৫ চনত স্বামী শ্ৰী ভাৰতী কৃষ্ণ তীৰ্থই লিখি প্ৰকাশিত কৰিছিল। গ্ৰন্থখনত মুঠতে ১৬ টা সূত্ৰ আছে যাৰ সহায়ত ডাঙৰ ডাঙৰ পূহৰণ সহজে কৰিব পৰা যায ...

অনুপম শইকীয়া (গণিতজ্ঞ)

অনুপম শইকীয়া এজন ভাৰতীয় গণিতজ্ঞ আৰু বৰ্তমান তেওঁ আই টি, গুৱাহাটীৰ গণিত বিভাগৰ এজন অধ্যাপক। পাটীগাণিতীক সংখ্যা তত্ত্বৰ লগত জড়িত গৱেষণা, বিশেষকৈ ইৱাছাৱা তত্ত্ব আৰু p-adic পৰিমাপৰ বাবে তেখেত জনাজাত। গাণিতিক সংকেত বিদ্যাৰ বিষয়তো তেওঁৰ গৱেষণা পত্ৰ ...

স্বাভাৱিক সংখ্যা

স্বাভাৱিক সংখ্যা মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তিয় কাম কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক বুজায়। এই সংখ্যা হৈছে মানুহে ব্যৱহাৰ কৰা সবাতোকৈ আদিম সংখ্যা পদ্ধতিবোৰৰ এটা। ■ স্বাভাৱিক সংখ্যাৰ সংহতি seats অসীম। ইয়াক ইংৰাজী N আখৰেৰে প্ৰকাশ কৰা হয়। ■ ...

জ্যোতিপ্ৰসাদ মেধি

জ্যোতিপ্ৰসাদ মেধি এগৰাকী অসমীয়া পৰিসংখ্যাবিদ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। পৰিসংখ্যা বিজ্ঞান সম্পৰ্কীয় তেওঁৰ গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বৰ পৰিসংখ্যা বিজ্ঞান সমাজৰ মাজত সমাদৃত হৈছে।

মাৰ্চ

মাৰ্চ শব্দটি প্ৰাচীন ৰোমান শব্দৰ পৰা আহিছে। ৰোমান বৰ্ষপজ্ঞিকাত মাৰ্চ আছিল প্ৰথম মাহ। ৰোমানসকলৰ যুদ্ধ দেৱতা মাৰিটাচৰ পৰা মাৰচ শব্দটোৰ আৰ্বিভাৱ হয়। মাৰচৰ পৰাই আধুনিক মাৰ্চ শব্দটো আহিছে।

১৪ মাৰ্চ

১৪ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৩ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জীৱন

জীৱন হৈছে এক বিশেষ ধৰণৰ জৈৱিক প্ৰক্ৰিয়া সংঘটিত কৰা ভৌতিক দেহ। এই প্ৰক্ৰিয়াবোৰৰ অবিহনে বা বন্ধহৈ গলে ইহঁতক মৃত বুলি কোৱা হয়। পৃথিৱীত উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, শেলাই, প্ৰটিষ্ট­, আৰ্কিয়া আৰু বেক্টেৰিয়া আদি ভিন্ন প্ৰকাৰৰ জীৱন দেখা পোৱা যায়। ভাইৰা ...

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

স্বাস্থ্য আৰু দীৰ্ঘ জীৱন অসমীয়া ভাষাত প্ৰকাশিত এখন স্বাস্থ্য সম্পৰ্কীয় আলোচনী। আলোচনীখনৰ মুখ্য সম্পাদক শৰত্‍ ৰাজখোৱা, কাৰ্যবাহী সম্পাদক ডাঃ মিহিৰ কুমাৰ গোস্বামী আৰু চাৰ্কুলেচনৰ দায়িত্বত আছে তপন কলিতা। ডাঃ গকুল বৰা, ডাঃ ৰতন কুমাৰ কটকী, ডাঃ মানস ...

জীৱন নৰহ

সোৱৰণীৰ সোণ ১৯৯৯ মোমাইদেউৰ ফুলনি ২০০৮ অ’ মোৰ ধুনীয়া কপৌফুল ১৯৯৪ তা-ৰি-ৰি ২০০০ জীবন নৰহেৰ নিৰ্বাচিত অসমিয়া কবিতা বাংলা অনুবাদ তুমি পকা ধানৰ দৰে ১৯৯৬ ঢৌ খেলা লৰালিৰ সোণ ১৯৯৭ শুনা মোৰ ফুল কলি ২০০৪ The Buddha And Other Poems ইংৰাজী অনুবাদ ২০০৯ সোঅন ...

জীৱন চিলা নৈ উৎসৱ

জীৱন চিলা নৈ উৎসৱ বা জীৱন চিলা উৎসৱ হৈছে অসমৰ গুৱাহাটীত অনুষ্ঠিত এক বাৰ্ষিক উৎসৱ। চমুকৈ চিলা নৈ নামেৰেও পৰিচিত এই উৎসৱ ব্ৰহ্মপুত্ৰৰ পাৰত পাঁ‌চদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সুৰেশ ৰঞ্জন গডুকাৰ ব্যক্তিগত প্ৰচেষ্টাত ২০১২ চনত চিলা নৈৰ আৰম্ভণি ...

জীৱন নদীৰ দুটি পাৰ

জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্‌ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ। সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ ...

জীৱন বৰা

জীৱন বৰা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ আৰু লেখক। ১৯৩১ চনৰ ১৪ নৱেম্বৰ তাৰিখে লখিমপুৰ জিলাত তেওঁৰ জন্ম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ওপজা মাটিৰ সোণ তেওঁ প্ৰযোজনা কৰিছিল। পলাশৰ ৰং তেওঁ পৰিচালনা কৰা একমাত্ৰ ছবি। তেওঁ বহুকেইখন ন ...

নিৰ্মলপ্ৰভা বৰদলৈ

নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ এগৰাকী সুকবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা। স ...

ভাৰতীয় জীৱন বীমা নিগম

ভাৰতীয় জীৱন বীম নিগমা ইংৰাজী: Life Insurance Corporation of India চমুকৈ LIC ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ বীমা আৰু বিনিয়োগকাৰী সংস্থা। সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে। বৰ্তমান এই সংস্থাৰ ...

মোৰাৰজী দেশাই

মোৰাৰজী দেশাই ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ১৯৭৭চনৰ ২৪ মাৰ্চৰ দিনা প্ৰতিষ্ঠা হোৱা নতুন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে। মোৰাৰজী দেশায়ে তেওঁৰ ৰাজনৈতিক জীৱনত ৩০ বছৰৰো অধিক কা ...

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ হৈছে অসমৰ সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱাৰ দ্বাৰা লিখিত এখনি বিশেষ গ্ৰন্থ। এই গ্ৰন্থখনত অসমৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন লিপিবদ্ধ হৈছে। এই গ্ৰন্থখনক প্ৰথম ...

জীৱন-বৃত্ত

জীৱন-বৃত্ত হৈছে অসমীয়া সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনী। লিখকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত লিখিবলৈ আৰম্ভ কৰি ১৯৯৯ চনৰ ডিচেম্বৰ মাহত লিখি শেষ কৰা আত্মজীৱনীখন প্ৰথমে প্ৰান্তিক আলোচনীৰ পাতত চৌচল্লিছটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু পৰৱ ...

বহাগ বিহু

ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সং ...

তথ্য

তথ্য বা ইনফৰমেশ্যন হৈছে বিশেষ সজ্জাত সজ্জিত চিহ্নৰ দ্বাৰা প্ৰকাশিত বাৰ্তা ইংৰাজী: message)। বিভিন্ন চিহ্ন আৰু পদ্ধতি ব্যৱহাৰ কৰি ইয়াক সংৰক্ষিত বা এঠাইৰ পৰা আনঠাইলৈ কোনো যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি সৰবৰাহ কৰিব পৰা যায়। যিকোনো গতিশীল নিকায়ত সংঘ ...

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় হৈছে ভাৰত গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ এক কাৰ্যবাহী সংস্থা। ইয়াক ১৯৪৭ চনত যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা তথ্য প্ৰযুক্তি নীতি, ৰণনীতি আৰু ইলেক্ট্ৰনিক্স উদ্যোগৰ বিকাশৰ বাবে দায়বদ্ধ এক স্বতন্ত্ ...

তথ্য প্ৰযুক্তি

তথ্য প্ৰযুক্তি হল প্ৰযুক্তিবিদ্যাৰ লগত জড়িত তথ্য । পৰিকলন আৰু দুৰসংযোগৰ সংমিশ্ৰণত এটা সূক্ষ্মবৈদ্যুতিক ব্যৱস্থাৰে কৰা উপলব্ধি, সঞ্চালন, সংগ্ৰহণ, আৰু শব্দ, ছবি, আখৰ, নম্বৰ আদি তথ্যৰ বহল বিস্তাৰ এইবিলাকেই ইয়াৰ মূল ক্ষেত্ৰ৷ ১৯৫৮ চনত হাৰ্ভাৰ্ড বিছন ...

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত প্ৰতিষ্ঠা কৰা হৈছে।

ভৌগোলিক তথ্য ব্যৱস্থা

ভৌগোলিক তথ্য ব্যৱস্থা হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়,সংৰক্ষণ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয়। ইয়াক চমুকৈ জি আই এছ বুলি কোৱা হয়। জি আই এছ এপ্লিকেছন আহিলাসমূহৰ সহায়ত তথ্যসমূহ বিশ্লেষণ কৰিব পাৰি, মানচিত ...

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছিল। ইয়াক ২০১৬ চনৰ জুলাই মাহত "যোগাযোগ মন্ত্ৰালয়" আৰু "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়"ত বিভক্ত কৰা হৈছিল। ইয়াত তিনিটা বিভাগ আছিল যেনে "দূৰসংযোগ বিভাগ", "ইলেক্ট্ৰনিক্স ...

ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য

ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য বুলিলে সাধাৰণতে ৱিকিপিডিয়াই বিজ্ঞান সমন্ধীয় যিসমূহ তথ্যৰ যোগান ধৰে সেইসমূহকে বুজোৱা হয়। এই তথ্যবোৰৰ প্ৰভাৱ আৰু গুণগতমান সম্পৰ্কে প্ৰায়ে আলোচনা হোৱা দেখা যায়।

ৱিকিতথ্য

ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, যত জন্মদিন আদিৰ তথ্য থাকে। ৱিকিতথ্যৰ কাম ৱিকিমিডিয়া কমন্সে সকলো ৱি ...

তথ্য প্ৰযুক্তি আইন ২০০০

তথ্য প্ৰযুক্তি আইন, ২০০০ হ’ল ভাৰতীয় সংসদৰ এখন আইন যিখনে ২০০০ চনৰ ১৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়। ই চাইবাৰ ক্ৰাইম আৰু ইলেকট্ৰনিক বাণিজ্যৰ লেনদেনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰতৰ প্ৰাথমিক আইন।

পৰিসংখ্যা

পৰিসংখ্যা হৈছে এক বিজ্ঞান যত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্ৰেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়। কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ প্ৰকাৰ বিভিন্ন ...

সৌৰভ কুমাৰ চলিহা

সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ ন ...

প্ৰকৃতি

ব্যাপক অৰ্থত প্ৰকৃতি বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন বিজ্ঞানৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰি ...

সংৰক্ষণ স্থিতি

আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহৰ লৈখিক চিত্ৰ। প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ:

কেশৱ মহন্ত

কেশৱ মহন্ত অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। জীৱনকালত তেখেতে প্ৰকৃতি আৰু মানৱতাক লৈ শতাধিক গীত ৰচনা কৰি যায়। বিভিন্ন বঁটা আৰু সন্মানৰ উপৰিও সাহিত্যৰাজীৰ বাবে তেখেতে ২০০১ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চনো লাভ কৰিছিল।

ভাইৰাছ

ভাইৰাছ এটি লেটিন শব্দ যাৰ অৰ্থ হল বিষ । নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত অকোষীয়, ৰোগ সৃষ্টিকাৰী, অবিকল্পী পৰজীৱী, অণু-আণুবীক্ষণিক বস্তু, যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে, কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে। বিজ্ঞানৰ যি ...

ৰবীন বেনাৰ্জী

ৰবীন বেনাৰ্জীৰ জন্ম হয় ১৯০৮ চনৰ ১২ আগষ্ট তাৰিখে পশ্চিম বংগৰ বহৰমপুৰ নামৰ অঞ্চলটোত। তেওঁ শান্তিনিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। ইয়াৰ পিছত তেওঁ কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰে। পৰৱৰ্ত্তী পৰ্য্যয়ত বেনাৰ্জীয়ে ১৯৩৪ চনত লিভাৰপুল আৰ ...

৬ ছেপ্টেম্বৰ

১৯৫২ -- কানাডাৰ প্ৰথম টেলিভিছন ইংৰাজী: CBFT-TV মণ্ট্ৰিয়েলত মুকলি কৰা হয়। ১৯৩৯ -- দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছিল। ১৯৬৮ -- ছুইজাৰলেণ্ড স্বাধীন হয়। ১৯৪৮ -- জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল। ১৯৯১ -- চোভি ...

তৎসম

তৎসম হৈছে আধুনিক ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া, বঙালী, মাৰাঠী, ওড়িয়া, হিন্দী, গুজৰাটী, সিংহল আৰু দ্ৰাবিড় ভাষা পৰিয়ালৰ মালায়ালম, কানাড়া, তেলুগু আৰু তামিল ভাষাসমূহত ব্যৱহাৰ সংস্কৃত ভাষাৰ পৰা ঋণকৃত শব্দ। তৎসম শব্দসমূহ সাধাৰণতে সাধাৰণ শব্দতকৈ ...

কবীন ফুকন

কবীন ফুকন এগৰাকী অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ। "এই অনুৰাগী এই উদাস" নামৰ কাব্যগ্ৰন্থৰ বাবে ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ২০১১ চনৰ সাহিত্য অকাডেমি বঁটা। মৰণোত্তৰভাৱে এই সন্মান লাভ কৰা তেখেত চতুৰ্থজন অসমীয়া লেখক।

বৈজ্ঞানিক নামকৰণ পদ্ধতি

দ্বৈৰাশিক নামকৰণ জীৱ বিজ্ঞানত প্ৰজাতি নামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে," assam” শব্দটো" assama ...

আই ইউ চি এন ৰঙা তালিকা

আই ইউ চি এন ৰঙা তালিকা ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়। আন্তৰ্জাতিক প্ৰকৃতি আৰ ...

বিপন্ন প্ৰজাতি

বিপন্ন প্ৰজাতি বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। "বিপন্ন" হৈছে IUCNৰ বন্য জীৱসমষ্টিৰ সংৰক্ষণ স্থিতি সম্ ...