ⓘ Free online encyclopedia. Did you know? page 70

উপভোক্তা আচৰণ তত্ত্ব

উপভোক্তা তত্ত্ব, উপভোক্তা আচৰণ তত্ত্ব বা গ্ৰাহক তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এটি ভাগ যত উপভোক্তাই গ্ৰহণ কৰা সিদ্ধান্ত অধ্যয়ন কৰা হয় আৰু বুজোৱা হয়। উপভোক্তা তত্ত্ব ব্যস্তিবাদী অৰ্থনীতিৰ এটি অতিকৈ কেন্দ্ৰীয় ভাগ। পৰম্পৰাগতভাৱে অৰ্থনীতিত উপভোক্তা ...

উৎপাদকৰ আচৰণৰ তত্ত্ব

উৎপাদকৰ আচৰণৰ তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তত্ত্ব। এই তত্ত্বত কোনো উৎপাদকে সন্মুখীন হোৱা পৰিৱেশত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাক ব্যাখ্যা কৰা হয়। সাধাৰণতে নব্য-ধ্ৰুপদী অৰ্থনীতিত এই কথা মানি লোৱা হয় যে উৎপাদক তৰ্কসংগত। সাধ ...

উৎপাদন (অৰ্থনীতি)

অৰ্থবিজ্ঞান বা অৰ্থনীতিত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে। প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি, শ্ৰম আৰু কৌশল প্ৰয়ো ...

কবৱেব আৰ্হি

অৰ্থনীতিত কবৱেব আৰ্হি য়ে এনে বজাৰৰ পৰিস্থিতি ব্যাখ্যা কৰে যত উৎপাদকে পূৰ্বৰ মূল্যৰ আধাৰত বৰ্তমানৰ মূল্য নিৰ্ধাৰণ কৰিবলগীয়া হয়, সম্ভৱতঃ এই কাৰণে যে বৰ্তমানৰ চাহিদাৰ সঠিক জ্ঞান উৎপাদকৰ ওচৰত নাই। বিভিন্ন কবৱেব আৰ্হি ৰনাল্ড কচ, ৱাচিলি লিয়ণ্টিয়েফ ...

কেইন্সিয়ান ক্ৰছ

কেইন্সিয়ান ক্ৰছ সমষ্টিবাদী অৰ্থনীতিৰ পাঠদানত সঘনে ব্যৱহৃত এক চিত্ৰ। এই চিত্ৰত ব্ৰিটিছ অৰ্থনীতিবিদ জন মেইনাৰ্ড কেইন্সে ১৯৩৬ চনত এ জেনেৰেল থিয়ৰি অৱ এম্প্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি ত আগবঢ়োৱা তত্ত্বৰ সাৰ প্ৰতিফলিত। এই চিত্ৰ প্ৰথমবাৰৰ বাবে অৰ্থ ...

কৰ

কৰ হৈছে কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ ওপৰত দেশৰ প্ৰশাসনে আৰোপ কৰা এক বিত্তীয় ব্যয়ৰ ভাৰ। কৰ মূলতঃ দেশৰ সৰ্বজনীন কাৰ্যসমূহত ব্যয় কৰিবলৈ আৰোপ কৰা হয়। লেটিন ভাষাৰ শব্দ টেক্স’ৰ পৰা কৰৰ ইংৰাজী প্ৰতিশব্দ টেক্সৰ উদ্ভৱ হৈছে। কৰ পৰিশোধ কৰাত অপাৰগ হোৱা ...

গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি

গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি বা Dynamic Stochastic General Equilibrium Model সমষ্টিবাদী অৰ্থনীতিৰ এনে গাণিতিক আৰ্হি যত অৰ্থনৈতিক বৃদ্ধি, ব্যৱসায় চক্ৰ আৰু অৰ্থনৈতিক নীতিৰ প্ৰভাৱ আদিক সাধাৰণ সাম্যাৱস্থা তত্ত্ব আৰু ব্যষ্টিবাদী অৰ্থনী ...

গোলকীকৰণ

গোলকীকৰণ বা বিশ্বায়ন বিংশ শতিকাৰ শেষভাগত উদ্ভূত এক আন্তঃৰাষ্ট্ৰীয় অৱস্থা যত পৃথিৱীৰ বিনিয়োগ, কৰ্মসংস্থান, উৎপাদন তথা বিপণন ব্যৱস্থা এখন দেশ বা অঞ্চলৰ চাৰিসীমা পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত পৰিব্যাপ্তি লাভ কৰিছে। গোলকীকৰণ হৈছে বিশ্বব্যাপী চৰকাৰ ...

চল-স্বান আৰ্হি (অৰ্থনীতি)

সমষ্টিবাদী অৰ্থনীতিত চল-স্বান আৰ্হি হল দীৰ্ঘকালীন অৰ্থনৈতিক বিকাশৰ এক গাণিতিক আৰ্হি। ই বিকাশ অৰ্থনীতিৰ আতাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী আৰ্হিৰ অন্যতম। ১৯৫৬ চনত, অৰ্থনীতিবিদ ৰবাৰ্ট চল আৰু ট্ৰেভৰ স্বানে স্বাধীনভাৱে এই আৰ্হি আগবঢ়াইছিল। এই আৰ্হিত অৰ্ ...

পুঁজিবাদ

পুঁজিবাদ বা ধনতন্ত্ৰ হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতি য’ত ব্যৱসায়, উদ্যোগ আৰু উৎপাদনৰ কাৰক বা উপাদানসমূহ সম্পূৰ্ণৰূপে নাইবা অধিকাংশই ব্যক্তিগত মালিকাধীন। ব্যক্তিগত প্ৰতিষ্ঠান বা মালিকীস্বত্বৰ উদ্দেশ্যে সাধাৰণতে লাভ আহৰণ কৰা য ...

পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ

পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট - ১. অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে। ২. সদৃশ দ্ৰৱৰ কিনা বেচা হয়। ৩.নতুন প্ৰতিষ্ঠানৰ প্ৰবেশ আৰু বাহিৰলৈ ওলাই যোৱাত বাধা নাই । ৪.এটা দ্ৰব্য উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা উপাদানৰ যোগান সম্পূৰ্ণ স্থিতিস্থাপক। ৫. প ...

প্ৰচলিত মুদ্ৰা (চলাৰ্থ)

অৰ্থনীতিত প্ৰচলিত মুদ্ৰা ই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু কাগজৰ টকাই ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়। এখন ৰাষ্ট্ৰৰ অৰ্থমুদ্ৰাৰ যোগানৰ আনটো অংশ বেংক জমা ৰে গঠিত হয়, যাৰ ...

ফ্ৰিচ্ছ-ৱঘ-লৱেল উপপাদ্য

ইকনমেট্ৰিক্সত ফ্ৰিচ্ছ-ৱঘ-লৱেল উপপাদ্য অৰ্থনীতিবিদ ৰাগনাৰ ফ্ৰিচ্ছ, ফ্ৰেডেৰিক ৱঘ আৰু মাইকেল লৱেলে আগবঢ়োৱা আৰু প্ৰমাণিত কৰা এটি অতিকৈ গুৰুত্বপূৰ্ণ উপপাদ্য। উপপাদ্যটি প্ৰথমে ফ্ৰিচ্ছ আৰু ৱঘে ১৯৩৩ত প্ৰমাণ কৰিছিল আৰু ১৯৬৩ত লৱেলে সাধাৰণ ৰূপত প্ৰমাণ কৰিছ ...

বিজ্ঞাপন

বিজ্ঞাপন হৈছে এক জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোচনী, টেলিলভিছন, ৰেডিও, ইন্টাৰনেট, বিলবৰ্ড, ভিডিও গেম, দেৱাল লিখন, পষ্টাৰ, বেনাৰ ইত্যা ...

বিত্তীয় বজাৰ

বিত্তীয় বজাৰ হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে- কাগজী মুদ্ৰা, চেক, বেংক আমানত, বিল, বণ্ড, প্ৰতিশ্ৰুতি পত্ৰ, নিৰাপত্তা পত্ৰ, ঋণপত্ৰ ইত্যাদিৰ লেনদেন সংঘটিত হয়। বিভিন্ন প্ৰকাৰৰ বিত্তীয ...

বিত্তীয় ব্যৱস্থা

বিত্তীয় ব্যৱস্থা বুলিলে এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থাকে বুজোৱা হয়। ইয়াৰ যোগেদি এখন দেশৰ অৰ্থনীতিত থকা বিত্তীয় ৰাহিবোৰ ৰাহি উৎস বা গোটৰ পৰা আহৰণ কৰি অথবা সংগ্ৰহ কৰি ঘাটি গোটলৈ স্থানান্তৰৰ কাৰ্য সম্পাদন কৰা হয়। এই প্ৰণালীবদ্ধ প্ৰতিষ্ঠান ...

বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণ

বিত্তীয় স্বাক্ষৰতাই ব্যক্তিসকলক বিত্তীয় বিষয়ত সামগ্ৰীকভাৱে সুস্থিৰতা আনি দিয়ে আৰু বিত্তীয় বিষয়বোৰত হতাশা দূৰীকৰণত কাৰ্য্যকৰি ব্যৱস্থা লোৱাত সক্ষম কৰে৷ বিত্তীয় শিক্ষা বা বিত্তীয় স্বাক্ষৰতাৰ যোগেদি বিধিগত বিত্তীয় ব্যৱস্থাৰ বাহিৰত থকা দেশৰ ...

বিতৰণ (অৰ্থনীতি)

অৰ্থনীতিৰ ক্ষেত্ৰত বিতৰণ বুলি ক’লে সেই পদ্ধতিটোক বুজাই য’ত ভূমি. শ্ৰম. মূলধন আৰু সংগঠনৰ সংঘবদ্ধ বৰঙণিত অৰ্থনীতিত উপযোগী দ্ৰৱ্য সৃষ্টি হয় আৰু সেই দ্ৰৱ্যটোৰ পৰা আহৰণ কৰা উপাৰ্জন পুনৰ সিহঁতৰ মাজত বিতৰণ কৰা হয় । জাতীয় আয়ৰ বিতৰণ ব্যৱস্থাক প্ৰধানকৈ ...

বীমা

আইন আৰু অৰ্থনীতিৰ সংজ্ঞামতে বীমা Insurance হ’ল এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয় । বীমাৰ সংজ্ঞা হ’ল নিৰূপিত দেয়ৰ বিনিময়ত একপক্ষৰ সাম্ভাব্য ক্ষতিৰ বাবে আনপক্ষই ক্ষতি পূৰণ দিয়াৰ ব্যবস্থা । ই ...

বেংক

বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাবে মুদ্ৰা গ্ৰহণ কৰে ঋণ বা বিনিয়োগ কৰাৰ বাবে। সেই মুদ্ৰা, চেক, ড্ৰাফ্ট, আদেশ অথবা আন উপায়ে উলিয়াই অনাৰ ব্যৱস্থা থাকে। বেংকসমূহে জমা তথা ঋণৰ উপৰিও অন্যন্যা সুবিধা যেনে মুদ্ৰা স্থানান্তৰ, চ ...

ভূমি (অৰ্থনীতি)

ভূমি প্ৰকৃতিৰ দান। মানুহৰ শ্ৰমেৰে ইয়াক উৎপাদন কৰিব নোৱাৰি। সেয়ে ভূমিৰ উৎপাদন ব্যয় নাই। ভূমিৰ স্থানান্তৰ যোগ্যতা নাই। ইয়াক এঠাইৰ পৰা আনঠাইলৈ স্থানান্তৰ কৰিব নোৱাৰি। ভূমি অলৰ-অচৰ। অৱশ্যে যদিও ভূমিৰ কায়িক স্থানান্তৰ গুণ নাই কিন্তু ইয়াৰ মালিকী ...

ভৌগোলিক স্বীকৃতি

ভৌগোলিক স্বীকৃতি হৈছে কোনো এক সামগ্ৰীত ব্যৱহাৰ কৰা বিশেষ নাম বা চিহ্ন। এই নাম বা চিহ্ন নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল অনুসাৰে নিৰ্ধাৰণ কৰা হয়। ভৌগোলিক স্বীকৃতিয়ে সামগ্ৰীবিধৰ নিৰ্দিষ্ট গুণগত মানদণ্ড বা নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী ন ...

মানৱ উন্নয়ন প্ৰতিবেদন

মানৱ উন্নয়ন প্ৰতিবেদন হৈছে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি ৰ উদ্যোগত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়নৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদন। এই প্ৰতিবেদন পোনপ্ৰথমে প্ৰকাশ কৰা হৈছিল ১৯৯০ চনত পাকিস্তানী অৰ্থনীতিবিদ মেহবুব-উল-হক আৰু ভাৰতীয় অৰ্থনীতিবিদ অমৰ ...

মানৱ উন্নয়ন সূচক

মানৱ উন্নয়ন সূচক হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়। এখন দেশৰ মানৱ উন্নয়ন সূচক বেছি হয় যদিহে দেশখনৰ জীৱন প্ৰত্যাশা বেছি হয ...

মাৰ্চেলিয়ান চাহিদা ফলন

ব্যষ্টি অৰ্থনীতিত, কোনো উপভোক্তাৰ মাৰ্চেলিয়ান চাহিদা ফলনে এই কথা নিশ্চিত কৰে যে সেই উপভোক্তাই প্ৰদান কৰা মূল্য আৰু আয় বা সম্পত্তিৰে কোনো পণ্য কিমান ক্ৰয় কৰিব, যদিহে তেওঁ উপযোগিতা বৃহদায়িত কৰে। মাৰ্চেলিয়ান চাহিদাক কেতিয়াবা ৱালৰাছিয়ান চাহিদা ...

মুদ্ৰা

অৰ্থব্যৱস্থাত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো বস্তু বা সামগ্ৰীৰ দাম মুদ্ৰাৰ মানত প্ৰকাশ কৰা হয়। সকলো বাণিজ্যিক লেনদেন মুদ্ৰাৰ মাধ্যমৰে সাধিত হয়।

মুদ্ৰা বজাৰ

মুদ্ৰা বজাৰ হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত ধৰুৱাক প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰা হয়। সেয়েহে এই বজাৰত হ্ৰাস্বকালীন প্ৰকৃতিৰ নিৰাপত্তা পত্ৰৰ লেনদেন বা বিনিময় কৰা হয়। ই বিত্তীয় বজাৰৰ এক আৱশ্যকীয় অংশ। প্ৰকৃততে যিখন বজাৰত মুদ্ৰা ঋণ দ ...

মুদ্ৰাস্ফীতি

অৰ্থনীতিত মুদ্ৰাস্ফীতি বুলি কলে একেলেথাৰিয়ে সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মুল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হলে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায়; ইয়াৰ ফলস্বৰূপে, প্ৰতি মুদ্ৰাৰ এককৰ বিনিময়ত ক্ৰয় ক্ষমতা হ্ৰ ...

মূলধন (অৰ্থনীতি)

অৰ্থনীতিত মূলধন, মূলধনীজাত সামগ্ৰী বা প্ৰকৃত মূলধন বুলিলে পণ্য বা সেৱাৰ উত্পাদনত ব্যৱহৃত হোৱা পূৰ্বোত্পাদিত দীৰ্ঘস্থায়ী সামগ্ৰীকে সূচায়। মূলধনীজাত সামগ্ৰীসমূহৰ পূৰ্ণ ব্যৱহাৰ নহয় যদিও উত্পাদন প্ৰক্ৰিয়াত ইয়াৰ অৱক্ষয় হব পাৰে। মূলধন আৰু ভূমিৰ প ...

শ্ৰম

উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত শ্ৰম বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থবিজ্ঞানত শ্ৰম বোলে। উৎপাদনৰ উপাদান হিছাবে শ্ৰমিকৰ স্থামন কৰিব লগা।আন উপাদানৰ তুলনাত ই সম্পূৰ্ণ বে ...

সঞ্চয়ী সম্ভাৱনা তত্ত্ব

সঞ্চয়ী সম্ভাৱনা তত্ত্ব ব্যৱহাৰবাদী অৰ্থনীতিৰ এটি তত্ত্ব যি মানুহে অনিশ্চয়তাৰ মাজত সিদ্ধান্ত কেনেকৈ গ্ৰহণ কৰে, সেই কথা ব্যাখ্যা কৰে। এই তত্ত্ব ডেনিয়েল কাহনেমেন আৰু এমছ ট্বাৰ্স্কিয়ে ১৯৯২ চনত আগবঢ়াইছিল। এই তত্ত্ব কাহনেমেন আৰু ট্বাৰ্স্কিয়ে ১৯৭৯ ...

সেন সূচক

সেন সূচক দাৰিদ্ৰ্যৰ পৰিমাণ জুখিবলৈ ব্যৱহৃত এটি সূচক। এই সূচক নবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে ১৯৭৬ চনত আগবঢ়াইছিল। তেওঁ এই কথাও প্ৰমাণ কৰিছিল যে এই সূচক একমাত্ৰ এনে দাৰিদ্ৰ্য পৰিমাপ কৰা সূচক যি কিছু গুৰুত্বপূৰ্ণ আৰু ইচ্ছিত চৰ্ত পূৰ্ণ কৰে ...

ৰয়ৰ সমীকৰণ

ৰয়ৰ সমীকৰণ ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ সমীকৰণ। ফঁৰাচী অৰ্থনীতিবিদ ৰেণে ৰয়ৰ নামেৰে নামাংকিত এই সমীকৰণৰ ব্যৱহাৰ উপভোক্তা আচৰণ তত্ত্ব আৰু উৎপাদক আচৰণ তত্ত্বত বিশেষভাৱে কৰা হয়। এই প্ৰমেয়িকাত সাধাৰণ বা মাৰ্চেলিয়ান চাহিদা ফলনৰ সম্ব ...

ৱালৰাছৰ বিধান

সাধাৰণ সাম্যাৱস্থা সূত্ৰত ৱালৰাছৰ বিধানে কয় যে বাজেট বাধ্যতাৰ বাবে, অতিৰিক্ত চাহিদাৰ মানৰ যোগফল শূন্য হব লাগিব, মূল্যসমূহ সাধাৰণ সাম্যাৱস্থাৰ মূল্য হওক বা নহওক। অৰ্থাত্‌ ∑ j = 1 k p j ⋅ D j − S j = 0, {\displaystyle \sum _{j=1}^{k}p_{j}\cdot D_{ ...

উদ্বৃত্তপত্ৰ

বিত্তীয় হিচাপকৰণত উদ্বৃত্তপত্ৰ বা বেলেঞ্চ শ্বিট হৈছে কোনো একক ব্যৱসায়, অংশীদাৰী ব্যৱসায়, কোম্পানী অথবা অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিত্তীয় স্থিতিসমূহৰ এক সংক্ষিপ্ত ৰূপ। এখন উদ্বৃত্তপত্ৰত বিত্তীয় বছৰৰ শেষত নাইবা এক নিৰ্দিষ্ট তাৰিখত ব্যৱসায়টো ...

চেক

চেক ইংৰাজী: cheque, ধনাদেশ পত্ৰ হ’ল কোনো এজন লোকে গ্ৰাহকে নিৰ্দ্দিষ্ট কাৰোবাক ধন দিবলৈ, তেওঁৰ বেংকৰ প্ৰতি দিয়া আদেশপত্ৰ। এখন চেকত এটা বেংক - আদেশ পালনকৰ্ত্তাৰ ৰূপত, এজন ব্যক্তি- আদেশদাতা গ্ৰাহকৰ ৰূপত আৰু অন্য এজন ব্যক্তি ধন গ্ৰহণ কৰোঁতাৰ ৰূপত জড ...

দেনা

বিত্তীয় হিচাপকৰণত দেনা ৰ অৰ্থ হৈছে এটা প্ৰতিষ্ঠানৰ ন্যায়িক ধাৰ বা কৰ্ত্তব্যসমূহ যি ব্যৱসায়িক কাৰ্যকলাপৰ পৰা উদ্ভৱ হয়। সময়ৰ লগে লগে দেনাসমূহ টকা, সামগ্ৰী বা সেৱাকে ধৰি অৰ্থনৈতিক লাভৰ হস্তান্তৰৰদ্বাৰা নিৰ্বাহ কৰা হয়। নিম্নলিখিত বৈশিষ্ট্যসমূহৰ ...

সম্পত্তি

বিত্তীয় হিচাপকৰণত সম্পত্তি -ৰ অৰ্থ হৈছে অৰ্থনৈতিক বিভৱ বা উপাদান। যোগাত্মক অৰ্থনৈতিক মূল্য থকা আৰু অধিকাৰ স্থাপন তথা মূল্য উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যিকোনো স্পৰ্শনীয় বা অস্পৰ্শনীয় বস্তুকে সম্পত্তি হিচাপে গণ্য কৰা হয়। সাধাৰণভাৱে, সম্পত্তি ...

হিচাপবিদ্যা

হিচাপবিদ্যা: ব্যৱসায়ৰ তথ্যপাতিসমূহ প্ৰকাশ কৰাৰ কিছুমান মাধ্যম থাকিলেও হিচাপবিদ্যাকে মুখ্য প্ৰচলিত নিয়ম হিচাপে স্বীকৃতি দিয়া হয়। ইয়াক ব্যৱসায়ৰ ভাষা হিচাপে গণ্য কৰে। হিচাপবিদ্যাক কলা আৰু বিজ্ঞান দুয়োটাকে আখ্যা দিয়া হয়।

নব্য নাস্তিকতাবাদ

নব্য নাস্তিকতাবাদ শীৰ্ষক পৰিভাষাটোৰ জন্ম দিয়ে সাংবাদিক গেৰি ওল্ফে । একবিংশ শতিকাৰ একাংশ নাস্তিকে প্ৰচাৰ কৰা এক বিশেষ ধাৰণাৰ ব্যাখ্যা কৰিবলৈ তেওঁ এই বিশেষ পৰিভাষাটো ২০০৬ চনত সৃষ্টি কৰে। এই আধুনিক নাস্তিকতাবাদৰ ধাৰণাটো মূলতঃ প্ৰসাৰিত কৰে কেইগৰাকীম ...

নাস্তিকতা

নাস্তিকতা -ৰ বহল অৰ্থ হল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা। ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শত্তিৰ অস্তিত্ব নাই। সকলোতকৈ উদাৰ অৰ্থ হল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি। নাস্তিকত ...

বাসস্থানৰ অধিকাৰ

বাসস্থানৰ অধিকাৰ হৈছে পৰ্যাপ্ত ন্যূনতম সুবিধাযুক্ত আৱাস আৰু আশ্ৰয়ৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ। এই অধিকাৰক কিছুমান দেশৰ ৰাষ্ট্ৰীয় সংবিধানত আৰু মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাপত্ৰ আৰু অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ ওপৰত আন্তৰ ...

কিটি পাৰ্টি

কিটি পাৰ্টি ভাৰত আৰু পাকিস্তানৰ কিছু অঞ্চলত অনানুষ্ঠানিক সঞ্চয় ক্লাৱৰ প্ৰসংগত মহিলাসকলৰ সামাজিককৰণৰ বাবে জনপ্ৰিয় আয়োজন। এয়া এক প্ৰকাৰৰ মহিলাৰ দলে সাধাৰণতে দুপৰীয়াৰ সময়ত মাহিলী আধাৰত অনুষ্ঠিত কৰে। কিটি পাৰ্টিত সংগ্ৰহ কৰা পৰিমাণৰ অৰ্থ প্ৰতিজন ...

টাই জাতি

টাই জাতি বা বৃহত্তৰ টাই জাতি মানে হল টাইসকলৰ বংশধৰ যিসকলে বৰ্তমান বা অতীতত টাই ভাষা ব্যৱহাৰ কৰিছিল। সৰ্বমুঠ 93 মিলয়ণ জনসংখ্যাৰে আটাইতকৈ ডাঙৰ জনগোষ্ঠীৰ সমূহ তাই জাতিত আহোম,শান,ঈশান,লাও,থাই,খামতী,ফাঁকে,আইটন, তুৰোং, খাময়াঙ, উত্তৰপৰীয়া থাইৰ দৰে বহ ...

য়াজিদি

য়াজিদি কূৰ্দিছ আৰু আৰবী ভাষী এটা জাতি। এওঁলোক জৰষ্ট্ৰীয়ানিজম আৰু মেছপটেমিয়াৰ প্ৰাচীন ধৰ্মসমূহৰ সৈতে মিল থকা এক ধৰ্মবিশ্বাসী লোক। তেওঁলোকৰ প্ৰধান বসতিস্থল উত্তৰ ইৰাকৰ Nineveh Province অঞ্চল। ইয়াৰ উপৰিও আৰ্মেনিয়া, জৰ্জিয়া আৰু ছিৰিয়াত থকা এই ...

ৰহিঙীয়া

ৰহিঙীয়া বা ৰহিঙ্গিয়া হৈছে ম্যানমা-ৰ ৰাখাইন প্ৰদেশত থিতাপি লোৱা বা বিয়পি পৰা আৰু বৰ্তমান ভগনীয়া হোৱা এক চট্টগ্ৰামীয় চুন্নী ইছলামিক জনগোষ্ঠী। ভাষিক জনগোষ্ঠী হিচাপে বৰ্তমান ৰহিঙীয়া হিচাপে জনাজাত হোৱা লোক সকলৰ ভাষাৰ লগত বাংলাদেশৰ চট্টগ্ৰাম অঞ্চ ...

অক্সফৰ্ড ইংৰাজী অভিধান

অক্সফৰ্ড ইংৰাজী অভিধান, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ অভিধান বিশ্বৰ বিভিন্ন দেশত ইংৰাজী ভাষাৰ প্ৰায়োগিক ভিন্নতা অন্তৰ্ভুক্ত কৰাৰ লগতে এই অভিধানে ভাষাটোৰ ঐতিহাসিক বিকাশৰ বিষয়েও তথ্য সন্নিবিষ্ট কৰে৷ ১৯৮৯ চনত প্ৰকা ...

আধুনিক অসমীয়া শব্দকোষ

আধুনিক অসমীয়া শব্দকোষ ইংৰাজী: Adhunik Asamiya Sabdakosh সুমন্ত চলিহাৰ দ্বাৰা সংকলিত অসমীয়া ভাষাৰ অভিধান। ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনত। প্ৰকাশ কৰে বাণী মন্দিৰৰ হৈ সূৰ্যকান্ত হাজৰিকায়।

চন্দ্ৰকান্ত অভিধান

চন্দ্ৰকান্ত অভিধান এখন দ্বি−ভাষিক অভিধান। প্ৰকাশ হয় ১৯৫১ চনত। অভিধানখনত ৩৬,৮১৬ টা শব্দ আছে আৰু ১৯৩৩ চনত প্ৰথমে অসম সাহিত্য সভাই ইয়াৰ সংকলন আৰু প্ৰকাশ কৰিছিল। ১৯৮৭ চনত, মহেশ্বৰ নেওগ আৰু উপেন্দ্ৰনাথ গোস্বামীৰ সম্পাদনাত গৌহাটী বিশ্ববিদ্যালয়ে ইয়া ...

শব্দ (অভিধান)

শব্দ ডট অৰ্গ হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান৷ শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান। এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়। অভ ...