ⓘ Free online encyclopedia. Did you know? page 73

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ইংৰাজী: Assam State Electricity Board, চমুকৈ ASEB হৈছে অসমৰ বিদ্যুৎ নিয়ন্ত্ৰণৰ বাবে গঠিত ৰাজহুৱা খণ্ডৰ এক পৰিষদ। এই পৰিষদে ইয়াৰ অধীনৰ কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে অস ...

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত, অসমৰ প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ’। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহবাগিছাত পাতি লোৱা অস্থ ...

গোলাপ বৰবৰা

গোলাপ বৰবৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭৮ চনত তেওঁৰ নেতৃত্বত গঠিত হোৱা চৰকাৰখনেই প্ৰথমখন কংগ্ৰেছ বিৰোধী চৰকাৰ।

চৈয়দ মহম্মদ ছাদুল্লা

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্ৰী আছিল। তেওঁ ১৯৩৭ চনৰ এপ্ৰিলৰ পৰা ১৯৩৮ চনৰ ছেপ্টেম্বৰ মাহলৈ আৰু ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ মুছলিম লীগৰ কেবিনেটৰ মুখ্যমন্ত্ৰী আছিল। ১৯১৯ ...

প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰফুল্ল কুমাৰ মহন্ত ইংৰাজী: Prafulla Kumar Mahanta, জন্ম: ১৯৫২ হৈছে অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ অসম আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আৰু অসম গণ পৰিষদ অগপৰ প্ৰাক্তন সভাপতি। ১৯৮৫ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। এ ...

বিষ্ণুৰাম মেধি

বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। তেওঁ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা আছিল। ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ ৪ এপ্ৰিল লৈকে তেওঁ মাদ্ৰাছ ৰাজ্য ৰ ৰাজ্যপালৰ পদত আছিল।

যোগেন্দ্ৰ নাথ হাজৰিকা

যোগেন্দ্ৰনাথ হাজৰিকা হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭৯ চনৰ ৪ ছেপ্তেম্বৰত গোলাপ বৰবৰা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাত তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।

শৰৎ চন্দ্ৰ সিংহ

শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু জাতীয়তাবাদী কংগ্ৰেছ দল ৰ নেতা আছিল। তেওঁৰ সমৰ্থক সকলে তেওঁৰ আপোচবিহীন মূল্যবোধ, গান্ধীবাদী চিন্তাধাৰা, দলিতজনৰ সেৱা, সততা আৰু সৰলতাৰ বাবে সন্মান কৰে

সৰ্বানন্দ সোণোৱাল

সৰ্বানন্দ সোণোৱাল এজন ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। তেওঁ লক্ষীমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত ভাৰত গণৰাজ্যৰ যুৱ কাৰ্যক্ৰম আৰু খেল মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ...

হিতেশ্বৰ শইকীয়া

হিতেশ্বৰ শইকীয়া হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেহঁ মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰীৰ পদত আছিল।

হিমন্ত বিশ্ব শৰ্মা

ড॰ হিমন্ত বিশ্ব শৰ্মা এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা ২০০১ চনৰ পৰা ২০১৫ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নিৰ্বাচিত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, ড॰ শৰ্মা ২০১৫ ...

জানকী বল্লভ পাটনায়ক

জানকী বল্লভ পাটনায়ক এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈ আছিল। ১৯৮০ চনৰ পৰা ১৯৮৯ চনলৈ আৰু ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা দুবাৰকৈ ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ চ ...

ভাৰতীয় নাগৰিকত্ব আইন

ভাৰতীয় সংবিধানৰ বিধান অনুযায়ী ব্যৱস্থাৰূপে গ্ৰহণ কৰা হৈছে। ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে- পাচঁ বছৰ বা তাৰ অধিক ভাৰতত বাস কৰিলে নাগৰিকত্ব সম্বন্ধীয় বিধি-ব্যৱস্থাৰ জৰিয়তে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে অবেদ ...

ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী

ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত নাগৰিকত্ব নিয়মাৱলী-২০০৩ Rules, 2003) ৰ নিয়মত সংজ্ঞাবদ্ধ হৈছে আৰু সেইমতে এইখন এনে এখন পঞ্জী যত ভাৰত আৰু ভাৰতৰ বাহিৰত থকা ভাৰতীয় নাগৰিক সকলৰ বিষদ বিৱৰণ সন্নিবিষ্ট থাকিব। অস ...

আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)

১৯৭৫ চনৰ ১৯ এপ্ৰিলত কাপুষ্টিন য়াৰৰ পৰা কছমছ-৩ এম উৎক্ষেপণ যানখনৰ সহায়ত ভাৰতে আৰ্যভট্ট উপগ্ৰহ উৎক্ষেপণ কৰিছিল। আৰ্যভট্ট উপগ্ৰহ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।

এষ্ট্ৰছেট

এষ্ট্ৰছেট হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়। ১৯৯৬ চনত উপগ্ৰহ যোগে বহন কৰা ভাৰতীয় এক্স ৰে পৰীক্ষণ ৰ সফলতাৰ পিছত ভাৰতীয় ...

চন্দ্ৰযান-১

চন্দ্ৰযান ১ ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপন কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ভাৰতৰ মহাকাশ কৰ্মসূচীত এই অভিযান এক বৃহৎ পদক্ষেপ। ইয়াৰ ফলত চন্দ্ৰাভিযানত ভাৰত বৰ্তমান এচিয়াৰ ...

চন্দ্ৰযান-২

চন্দ্ৰযান-২ সংস্কৃত: चन्द्रयान-२; সংস্কৃত: ; lit: Moon-vehicle pronunciation হৈছে চন্দ্ৰযান-১ ৰ পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এই অভিযানটো ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩ ৰ GSLV Mk I ...

মঙ্গলযান

মঙ্গলযান হৈছে পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ কৰা এক মহাকাশ অভিযান। ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা ইয়াক সফলতাৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়। আন্তঃগ্ৰহীয় অভিযানৰ পৰিকল্পনা, পৰিচালনা, ৰূপাঙ্কণ আদিত ব্যৱহৃত প্ৰযুক্তিৰ বিকাশৰ ...

সতীশ ধৱন মহাকাশ কেন্দ্ৰ

সতীশ ধৱন মহাকাশ কেন্দ্ৰ বা শ্ৰীহৰিকোটা ৰেঞ্জ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা পৰিচালিত এটা ৰকেট উৎক্ষেপণ কেন্দ্ৰ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত এই কেন্দ্ৰটো অৱস্থিত। ২০০২ বৰ্ষত শ্ৰীহৰিকোটা ৰেঞ্জ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভূতপূৰ্ব অধ্যক্ষ সতী ...

বড়োলেণ্ড

বড়োলেণ্ড, আনুষ্ঠানিক নাম বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন, হৈছে অসমৰ এখন স্বায়ত্তশাসিত অঞ্চল। ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অসমৰ চাৰিখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে। এই জিলা কেইখন হৈছে ক্ৰমে কোকৰাঝাৰ জিলা, বাক্সা ...

ৰূপহী পথাৰ

১৬৯৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই মেটেকাত ৰাজধানী স্থাপন কৰিছিল। তেওঁ ৰূপহী পথাৰত বিভিন্ন জন্তু,চৰাই-চিৰিকতিৰ যুঁজ,মালযুঁজ আৰু খেল ধেমালিৰ আয়োজন কৰিছিল।গাভৰু নাচ আছিল আহোম শাসনকালত এক উপভোগ্য নাচ। এই নাচ আছিল বছা বছা নাচনীৰ নাচ। ব্যতিক্ৰমী ...

মাওলাইনং গাঁও

মাওলাইনং এখন সৰু কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও। ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁও । খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান। এই গাঁওখন পাইনুৰ্চলা সাম্প ...

কথা ৰত্নাকৰ

কথা ৰত্নাকৰ হল ড॰ ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা ৰচিত এক উপন্যাস। স্বাধীনতাৰ উত্তৰ কালত, অসমৰ পিছপৰা সমাজ এখন আৰু অনুন্নত সম্প্ৰদায় এটাৰ জীৱনলৈ সমাজবাদী ৰাজনৈতিক আন্দোলন আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰভাৱে কঢ়িয়াই অনা পৰিৱৰ্তন বৰ্ণিত হৈছে এই উপন্যাসখনত। দৈ ...

অসম সাহিত্য সভা পত্ৰিকা

অসম সাহিত্য সভা পত্ৰিকা অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক তথা অন্যান্য বিষয়ৰ আলোচনামূলক প্ৰবন্ধৰ এখন তিনিমহীয়া আলোচনী। আলোচনীখন প্ৰথম প্ৰকাশ হয় ১৯২৬ চনত। ইয়াৰ প্ৰথম সম্পাদক চন্দ্ৰধৰ বৰুৱা।

অসম সাহিত্য সভাৰ প্ৰকাশন

অসম সাহিত্য সভাৰ প্ৰকাশন ৰ আৰম্ভ কাম হয় ১৯২৭ খ্ৰীষ্টাব্দত। ইয়াৰ এবছৰৰ আগে আগে চন্দ্ৰধৰ বৰুৱাৰ সম্পাদনাত ‘অসম সাহিত্য সভা পত্ৰিকা’ তিনিমহীয়া আলোচনী হিচাপে প্ৰকাশিত হয়। সেই সময়ত সভাৰ আৰ্থিক স্বাবলম্বন নাছিল। সেয়ে, স্বাধীনতাৰ সময়লৈ অসম সাহিত্ ...

চিৰ চেনেহী মোৰ ভাষা জননী

চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হল সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত। যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাএই গীতৰ স্বৰলিপি সৃষ্টি কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনু ...

লক্ষীমপুৰ সাহিত্য সভা

স্থাপিতঃ ১৯১৬ চন। অসম সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰো এবছৰ পূৰ্বে লক্ষীমপুৰ সাহিত্য সভাৰ জন্ম হয় । ইয়াৰ প্ৰতিস্থাপক সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা । ২০১৬ বৰ্ষত লক্ষীমপুৰ সাহিত্য সভাৰ শতবাৰ্ষিকী অনুষ্ঠিত কৰা হয়।

আসাম বন্ধু

আসাম বন্ধু হল গুণাভিৰাম বৰুৱাৰ সম্পাদনাত প্ৰকাশিত অসমৰ প্ৰথম মাহেকীয়া আলোচনী। ১৮৮৫ চনৰ জানুৱাৰী মাহৰ পৰা ১৮৮৬ চনৰ এপ্ৰিল মাহলৈকে প্ৰকাশিত এই আলোচনীখনক আধুনিক অসমীয়া সাহিত্যৰ ভেটি গঢ়োতা বুলি কোৱা হয়। নগাঁওত সম্পাদিত আৰু কলিকতাত ছপা হোৱা আলোচনী ...

গৰীয়সী

গৰীয়সী অসমীয়া ভাষাৰ এখন সাহিত্য পত্ৰিকা। ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া তেখেতৰ পাছৰ সম্পাদক হল হৰেকৃষ্ণ ডেকা আৰু বৰ্তমান ২০০৯ চনৰ পৰা সম্পাদকৰ দয়িত্বত আছে ড॰ লক্ষ্মীনন্দন বৰা। ট্ৰিবিউন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এইখন এখন অসমীয়া ...

চান্দমামা

চান্দমামা হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি. নেগী ৰেড্ডী আৰু লেখক এ. চক্ৰপাণিয়ে সৰ্বপ্ৰথমে ...

চিত্ৰ চিন্তা

চিত্ৰ চিন্তা ইংৰাজী: Chitra Chinta গৌহাটী চাইন ক্লাৱৰ দ্বাৰা বছৰেকীয়া ভাৱে প্ৰকাশিত এখন চলচ্চিত্ৰ আলোচনী। এই আলোচনীখনৰ গুৰিধৰোঁতা আছিল অসমৰ উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰ নাথ শইকীয়া। তেখেতে এই আলোচনীখন প্ৰথমৰ খণ্ড কেইটা নিয়মিতভাৱে ...

জোনাকী (আলোচনী)

জোনাকী অসমীয়া আলোচনী সাহিত্যৰ পথপ্ৰদৰ্শক। ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোণপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়। জোনাকীৰ মাধ্যমেৰেই পোন-প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দ ...

নক্সা (আলোচনী)

নক্সা ধেমাজি জিলাৰ পৰা প্ৰকাশিত আৰু ডিব্ৰুগড়ৰ পৰা মুদ্ৰিত সাহিত্য-সংস্কৃতি বিষয়ক দুমহীয়া আলোচনী। আলোচনীখনৰ প্ৰতিটো সংখ্যাই নিৰ্ধাৰিত বিষয় এটাক মূল বিষয় হিচাপে লৈ প্ৰকাশ পাই আহিছে। আলোচনীখনৰ আই এচ এন নং হল: ISSN 2319-5193। নক্সা.দ্য ফ্ৰেম এণ্ ...

নতুন আৱিষ্কাৰ

নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী।

নন্দিনী

নন্দিনী ইংৰাজী: Nandini মূলতঃ মহিলাসকলৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান সম্পাদক মাইনী মহন্ত আৰু কাৰ্যবাহী সম্পাদক টুনা গৌতম। ২০১৩ চনৰ ফেব্ৰুৱাৰীত আলোচনীখনে ত্ৰয়োদশ বছৰত ভৰি দিয়ে।

প্ৰকাশ (আলোচনী)

প্ৰকাশ হৈছে অসমীয়া ভাষাত প্ৰকাশিত হোৱা এখন মাহেকীয়া সাহিত্য আলোচনী। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈ আহিছে। প্ৰকাশৰ প্ৰচ্ছদ আঁকিছিল অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। আলোচনীখনৰ বৰ্তমান মূল্য ত্ৰিশ টকা ...

প্ৰান্তিক

প্ৰান্তিক অসমৰ গুৱাহাটীৰ পৰা প্ৰকাশিত বিভিন্ন বিষয়ৰ একাধিক নিয়মীয়া শিতান অথবা নিত্য-নতুন প্ৰবন্ধ সন্নিবিষ্ট এখন অসমীয়া পষেকীয়া আলোচনী। ১৯৮১ চনত পোনপ্ৰথমে প্ৰকাশ পোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰয়াত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া। বৰ্ত ...

প্ৰিয় সখী

প্ৰিয় সখী মহিলাসকলৰ উদ্দেশ্যে প্ৰকাশিত অসমীয়া ভাষাৰ এখন মাহেকীয়া আলোচনী। বৰ্তমান গুৱাহাটীৰপৰা প্ৰকাশিত আলোচনীখনৰ মুখ্য সম্পাদক শশী ফুকন। ২০১৩ চনৰ জানুৱাৰীত আলোচনীখনে চতুৰ্দশ বছৰত ভৰি দিয়ে। মহিলাসকলৰ বিনোদন, স্বাস্থ্য, আইন, পৰ্যটন, ফেশ্বন আদি ...

বাঁহী (আলোচনী)

বাঁহী আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত এখন অসমীয়া মাহেকীয়া আলোচনী। ১৯০৯ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশিত হোৱা এই আলোচনীখনে অসমীয়া ভাষা-সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বেজবৰুৱাৰ সম্পাদনাত প্ৰথমতে কলিকতাৰ পৰা প্ৰকাশ ...

বিন্দু (আলোচনী)

বিন্দু অসমৰ প্ৰথমখন ক্ষুদ্ৰতম আলোচনী আছিল। ১৯৭০ চনৰ এপ্ৰিল মাহত ড° ভূপেন হাজৰিকাৰ সম্পাদনাত আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল। ড° ভূপেন হাজৰিকাই আলোচনীখনৰ আঠটা খণ্ড সম্পাদনা কৰিছিল। বিন্দু আলোচনীখনৰ মূল্য আছিল ত্ৰিশ পইছা।

বিস্ময়

বিস্ময় অসমীয়া ভাষাত গুৱাহাটীৰ পৰা প্ৰকাশিত এখন বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ সম্পাদক শশী ফুকন আৰু সহকাৰী সম্পাদক প্ৰমোদ কলিতা। ২০১৮ চনত আলোচনীখনে ৫০ বছৰত ভৰি দিয়ে। ই অসমীয়া সাহিত্যত ৰোমাঞ্চকৰ,ৰহস্যমূলক, সত্য কাহিনী আদি প্ৰকাশৰ দিশটো প্ৰথমবাৰৰ ...

মায়া (আলোচনী)

মায়া এখন অসমীয়া বিনোদনধৰ্মী আলোচনী। আলোচনীখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল ১৯৯৯ চনৰ জানুৱাৰী মাহত। অসমৰ শ্ৰব্য কেছেট প্ৰযোজনা তথা চলচ্চিত্ৰ, চুটিছবি নিৰ্মাতা আৰু বিতৰণ প্ৰতিষ্ঠান এন.কে. প্ৰডাকচনৰ ভগ্নী প্ৰতিষ্ঠান ‘নতুন প্ৰকাশৰ দ্বাৰা প্ৰকাশিত ‘ ...

মৌ (আলোচনী)

মৌ আলোচনী ইংৰাজী: Mou ১৮৮৬ চনত ডিচেম্বৰ মাহত হৰনাৰায়ণ বৰাৰ সম্পাদনাত কলিকাতাৰ পৰা মৌ প্ৰকাশ হয়। চাৰিটা সংখ্যা প্ৰকাশ হৈ ১৮৮৭ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত মৌ প্ৰকাশ বন্ধ হয়। মৌ বৰ বেছিদিন জীয়াই থাকিব নোৱাৰিলে যদিও ই অসমীয়া আলোচনীৰ ইতিহাসত এক বিশে ...

মৌচাক (আলোচনী)

মৌচাক এখন শিশুসকলৰ বাবে প্ৰকাশিত অসমীয়া ভাষাত মাহেকীয়াভাৱে প্ৰকাশিত আলোচনী। মৌচাক আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৪ চনৰ এপ্ৰিল মাহত। প্ৰথম বছৰ একাদশ আৰু দ্বাদশ সংখ্যা দুটা একেলগে প্ৰকাশ হৈছিল। প্ৰথম প্ৰকাশৰপৰা শান্তনু তামূলীয়ে মৌচাকৰ সম্পাদকৰ ...

শিশু ৰত্ন

শিশু ৰত্ন শিশু আৰু কিশোৰ সকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। শিশু ৰত্নৰ প্ৰকাশক প্ৰজ্ঞাতীৰ্থ প্ৰকাশন। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৪ চনৰ নৱেম্বৰ মাহত। ২০০৬ চনৰ এপ্ৰিল মাহলৈকে ৯ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ আ ...

সঁফুৰা (শিশু আলোচনী)

সঁফুৰা শিশুসকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। সঁফুৰাৰ প্ৰকাশক বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮২ চনৰ এপ্ৰিল মাহত। ১৯৯৬ চনৰ মাৰ্চ মাহলৈকে ৮৫টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত আলোচনীখনৰ প্ৰকাশ সাময়িকভাৱে ব ...

সাতসৰী

সাতসৰী গুৱাহাটীৰ পৰা মাহেকীয়াভাৱে প্ৰকাশিত এখন অসমীয়া ভাষাৰ আলোচনী। সাদিন প্ৰকাশৰ ভিন্নবিষয়ৰ আলোচনীখনৰ বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। বৰ্তমানৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য। ২০০৫ চনত এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়। প্ৰথম সম্পাদক আছি ...

ৰামধেনু (আলোচনী)

ৰামধেনু আছিল ১৯৫০ চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ পোৱা এখন অসমীয়া আলোচনী। ৰংঘৰ নামৰ শিশু আলোচনীখনৰ বিলোপ ঘটাই ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু আলোচনীখন প্ৰকাশ কৰা হয়। ছয়গৰাকী সম্পাদকৰ দ্বাৰা সম্পাদিত ৰামধেনু আলোচনীয়ে কুৰি বছৰকাল ধৰি অসমীয়া ভা ...

মধুপুৰ বহুদূৰ

মধুপুৰ বহুদূৰ চুটিগল্পটোৰ ৰচক হল শীলভদ্ৰ। মধুপুৰৰ স্মৃতি লৈ ৰচনা কৰা আৰু ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা শীলভদ্ৰৰ শ্ৰেষ্ট গল্প সংকলন হল মধুপুৰ বহুদূৰ। এই গল্প সংকলনটোৰে একে নামৰ মধুপুৰ বহুদূৰ গল্পটি যথেষ্ট দীঘলীয়া। গল্পটিত মধুপুৰ আচলতে গল্ ...