ⓘ Free online encyclopedia. Did you know? page 75

কামৰূপী প্ৰাকৃত

কামৰূপী প্ৰাকৃত প্ৰাচীন কামৰূপ ৰাজ্যত পঞ্চমৰ পৰা ত্ৰয়োদশ শতিকাত ব্যৱহৃত মধ্য ভাৰত-আৰ্য ভাষা পৰিয়ালৰ প্ৰাকৃত ভাষা। এই ভাষাটো কামতাপুৰী ভাষাসমূহ আৰু আধুনিক অসমীয়া ভাষাৰ ঐতিহাসিক পূৰ্বসূৰী। ই প্ৰায় ১২৫০ খ্ৰীষ্টাব্দৰ আগতে প্ৰচলিত আছিল। এইসমতে কাম ...

কামৰূপী লিপি

কামৰূপী লিপি বা পুৰণি অসমীয়া লিপি প্ৰাচীন কামৰূপ ৰাজ্যত পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ আৰম্ভণিলৈকে ব্যৱহৃত লিপি আছিল। এই লিপিৰ পৰা আধুনিক অসমীয়া লিপি অৱশেষত বিকশিত হৈছিল। অসমীয়া লিপিৰ বিকাশত এই পৰ্যায়ৰ পিছত মধ্যযুগীয় আৰু তাৰ পিছত আধুনিক অস ...

খামতি ভাষা

খামতি ভাষা ভাৰত আৰু ম্যানমাৰত বসবাস কৰা খামতি জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত এটা দক্ষিণ-পশ্চিমীয় টাই ভাষা। উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত খামতিভাষী লোকসকলে বাস কৰে।

গোৱালপাৰীয়া উপভাষা

গোৱালপৰীয়া উপভাষা বা গোৱালপৰীয়া অসমৰ অবিভক্ত গোৱালপাৰা জিলাত বহুলভাৱে প্ৰচলিত অসমীয়া ভাষাৰ উপভাষা। পশ্চিম অসমত প্ৰচলিত অসমীয়াৰ দুই উপভাষাৰ ভিতৰত গোৱালপৰীয়া অন্যতম। আনটো উপভাষা হৈছে কামৰূপী উপভাষা বা কামৰূপীয়া। গোৱালপৰীয়া ভাষা অঞ্চলৰ পশ্চিম ...

গোৱালপৰীয়া লোকভাষা

লোক সাহিত্যত ব্যৱহৃত ভাষা উপাদান মাত্ৰেই লোকভাষা বুলি আমি কব পাৰি যদিও লোকভাষাৰ আয়তন বহু পৰিমাণে সংকীৰ্ণ। ইংৰাজী ভাষাৰ Folk Speech ৰ প্ৰতিশব্দ হিচাপে অসমীয়া ভাষাত লোক শব্দটো প্ৰয়োগ কৰা হয়। প্ৰখ্যাত ভাষাবিদ ব্লুমফিল্ডে গ্ৰাম্যভাষা হিচাপে পৰিচি ...

দেউৰী ভাষা

দেউৰী হৈছে উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ অধিবাসী দেউৰী জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা তিব্বতীয়-বাৰ্মীয় ভাষা। দেউৰী জনগোষ্ঠীৰ অন্তৰ্ভুক্ত তিনিটা প্ৰধান বংশৰ ভিতৰত কেৱল দিবংগ্যা নামৰ ঠালটোয়েহ ...

বাৰেমতৰা

অসমীয়া ভাষাত ব্যঞ্জনবৰ্ণ আৰু স্বৰবৰ্ণৰ মাত্ৰা যোগ হৈ সৃষ্টি হোৱা আখৰৰ ক্ৰমক বাৰেমতৰা বোলা হয়। হিন্দী ভাষাত ইয়াক বাৰহখড়ী নামেৰে জনা যায়। তলত অসমীয়া বৰ্ণসমূহৰ বাৰেমতৰা তালিকা দিয়া হৈছে।

মৰাণ ভাষা

মৰাণ ভাষা বড়ো-গাৰো পৰিয়ালৰ অন্তৰ্গত আৰু পূৰ্ব্বতে উত্তৰ পূব ভাৰতৰ অসম -ত কথিত এটা বিলুপ্ত ভাষা। এই ভাষা অসমৰে আন এক ভাষা ডিমাছাৰ সৈতে সম্পৰ্কিত। তথ্য অনুসৰি মৰাণভাষী লোকৰ সংখ্যা ১৯০১ চনৰ লোকপিয়লত ৭৮, ১৯১১ চনত ২৪ আৰু ১৯৩১ চনত ০ আছিল। এই ভাষাৰ এ ...

অসম বাণী

অসম বাণী হৈছে অসমৰ এখন সাপ্তাহিক বাতৰিকাকত। প্ৰতি শুকুৰবাৰে এই কাকত প্ৰকাশ হয়। আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ দ্বাৰা এই কাকত প্ৰকাশ পায়। কাকতখনৰ ইন্টাৰনেট সংস্কৰণো উপলব্ধ। অসম বাণীৰ বৰ্তমান সম্পাদক দিলীপ চন্দন।

অসম বাৰ্তা

অসম বাৰ্তা এখন অসমীয়া ভাষাৰ বাতৰি কাকত আৰু ডিজিটেল নিউজ মেডিয়া। অসম বাৰ্তা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাকতখন প্ৰতি সোমবাৰে মাজুলীৰ পৰা প্ৰকাশ পাই আহিছে। ২০২০ চনৰ ১ জানুৱাৰী তাৰিখে প্ৰথম সংখ্যা প্ৰকাশ পোৱা কাকতখখন মাজুলীৰ পৰা প্ৰকাশিত প্ৰথমখন স্বী ...

অসমীয়া খবৰ

অসমীয়া খবৰ হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। গুৱাহাটী আৰু যোৰহাটৰ পৰা একেসময়তে এই বাতৰি কাকতখন প্ৰকাশ পায়। শংকৰ লস্কৰ হৈছে এই কাকতখনৰ সম্পাদক আৰু বিশ্বজিৎ দাস কাৰ্যবাহী সম্পাদক।

অসমীয়া প্ৰতিদিন

অসমীয়া প্ৰতিদিন ইংৰাজী: Asomiya Pratidin হৈছে এখন অসমীয়া দৈনিক বাতৰি কাকত। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক অজিত কুমাৰ ভূঞা। প্ৰথম কাৰ্য্যবাহী সম্পাদক পৰাগ কুমাৰ দাস। প্ৰাক্তন সম্পাদকসকল হল অদীপ কুমাৰ ফুকন, মনজিত মহন্ত । বৰ্তমানৰ ...

আমাৰ সময়

আমাৰ সময় এখন অসমীয়া ভাষাৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান মাজুলীৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে। উল্লেখযোগ্য যে কাকতখন মাজুলীৰ পৰা প্ৰকাশিত ...

জনসাধাৰণ

জনসাধাৰণ অসমৰ এখন দৈনিক অসমীয়া বাতৰি কাকত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা সমসাময়িক ভাবে কাকত খন প্ৰকাশিত হয়। কাকতখন ২০০৩ চনত প্ৰথম প্ৰকাশ পায় ।২০১১ চনৰ পৰা জনসাধাৰণ কাকত খনৰ মুখ্য সম্পাদক হৈ আছে পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক তথা সাহিত্যিক ডঃ ...

দৈনন্দিন বাৰ্তা

দৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদক শংকৰ গোহাঞি। কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা একেসময়তে প্ৰকাশিত হয়। কাকতখন প্ৰথম প্ৰকাশ হয় ২০১০ চনত। কাকতখনত মুঠ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে বিভিন্ন ...

দৈনিক অগ্ৰদূত

দৈনিক অগ্ৰদূত হৈছে অসমৰ এখন অসমীয়া ভাষাৰ বাতৰি কাকত। কাকতখন গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা প্ৰকাশিত হয়। দৈনিক অগ্ৰদূতৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত। অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক। এই কাকতখনৰ ইণ্টাৰনেট ...

দৈনিক অসম

দৈনিক অসম হৈছে অসমৰ এখন পুৰণি অসমীয়া বাতৰি কাকত। কাকতখন প্ৰথম প্ৰকাশ হয় ১৯৬৫ চনৰ ৪ আগষ্টত। স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাৰ একান্ত প্ৰচেষ্টাৰ ফলত এই বাতৰি কাকতৰ জন্ম হয়। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা কাকতখন প্ৰকাশিত হয়। দ্যা আছাম ট্ৰিবিউন পাব্লিচাৰ ...

দৈনিক গণ অধিকাৰ

দৈনিক গণ অধিকাৰ অসমৰ এখন অসমীয়া দৈনিক বাতৰি কাকত। কাকতখন গুৱাহাটী ৰ পৰা প্ৰকাশিত হয়। গণ অধিকাৰ প্ৰথম প্ৰকাশ পায় ১৯৯৪ চনত পষেকীয়া কাকত হিচাপে। কাকত খনৰ মুখ্য সম্পাদক ডঃ জাকিৰ হুছেইন অাৰু ইউনিটী মিডিয়া এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড হৈছে কাকত খ ...

দৈনিক জনমভূমি

দৈনিক জনমভূমি হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। যোৰহাটৰ তুলসী নাৰায়ণ শৰ্মা পথত অৱস্থিত জনমভূমি গ্ৰুপ অফ পাব্লিকেশ্যন নামৰ প্ৰতিষ্ঠানটোৱে এই বাতৰি কাকতখন প্ৰকাশ কৰে। এই বাতৰি কাকতখন সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু তিনিচুকীয়াৰ পৰা প্ৰকা ...

দ্যা আছাম ট্ৰিবিউন

দ্যা আছাম ট্ৰিবিউন ইংৰাজী: The Assam Tribune গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত এখন দৈনিক ইংৰাজী বাতৰি কাকত। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত দ্যা আছাম ট্ৰিবিউন-য়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে ৰাধাগোবিন্দ বৰুৱ ...

দ্যা ছেণ্টিনেল

দ্যা ছেণ্টিনেল এখন দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৮৩ চনত গুৱাহাটীত এই বাতৰিকাকতখন প্ৰথম প্ৰকাশ পায়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত। কাকতখনৰ উৎকৃষ্ট ভাষা আৰু বৌদ্ধিক দৰ্শনৰ বাবে অসমত যথেষ্ট প্ৰচলিত আৰু জনপ্ ...

নিয়মীয়া বাৰ্তা

নিয়মীয়া বাৰ্তা এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। ২০১১ চনৰ ৪ মাৰ্চত বাতৰিকাকখন প্ৰথম প্ৰকাশ পায়। কাকতখনৰ বৰ্তমান মুখ্য সম্পাদক হোমেন বৰগোহাঞি আৰু সম্পাদক নৰেশ কলিতা। বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱাল ...

সাদিন

সাদিন হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন সাপ্তাহিক বাতৰি কাকত। ১৯৮৯ চনত কাকতখন প্ৰথম প্ৰকাশ পায়। বৰ্তমানৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী। ২০১৩ চনত সাদিনে ৰূপালী জয়ন্তী বৰ্ষ অৰ্থাৎ ২৫ বছৰত ভৰি দিয়ে। প্ৰথম কাৰ্যবাহী সম্পাদক আছিল অজিত কু ...

তুলা আৰু তেজা

তুলা আৰু তেজা লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।

ন হন্যতে

ন হন্যতে মৈত্ৰেয়ী দেৱীয়ে লিখা ১৯৭৪ চনত প্ৰকাশিত এখন আত্মজীৱনীমূলক উপন্যাস। এই উপন্যাসৰ বাবেই লেখিকাই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ৰোমানীয় দাৰ্শনিক মিৰ্চা এলিয়েডে লিখা তেওঁলোকৰ সম্পৰ্ক ভিত্তিক উপন্যাস লা নুই বেঙ্গলীৰ প্ৰতিক্ৰিয়া স্ব ...

শ্ৰীকৃষ্ণকীৰ্তন

শ্ৰীকৃষ্ণকীৰ্তন এখন প্ৰাচীন নাট্যধৰ্মী গীতিকাব্য। ইয়াত মুঠ ১৩টা খণ্ড আৰু ৪১৮ টা গীত আছে। এই গ্ৰন্থখনৰ কবি বড়ু চণ্ডীদাস। গ্ৰন্থখন উদ্ধাৰ কৰিছিল বঙালী পণ্ডিত বসন্তৰঞ্জন ৰায়ে। বাঁকুৰা জিলাৰ এজন ব্ৰাহ্মণৰ ঘৰত এই পুথিখন উদ্ধাৰ হয়। এই পুথিখনক উদ্ভৱ ...

জসীমউদ্দিন

জসীমউদ্দিন ৰ জন্ম হয় ১৯০৪ চনৰ ১ জানুৱাৰীত বাংলাদেশৰ ফৰিদপুৰ জিলাৰ অম্বিকাপুৰ গাঁঁৱত। তেওঁৰ পিতা মৌলভি আনসাৰ উদ্দিন আছিল এজন স্কুল শিক্ষক। তেওঁৰ লিখনীৰে বাংলা লোক সাহিত্যৰ ভাণ্ডাৰ সমৃদ্ধশালী কৰাৰ বাবে তেওঁক পল্লীকবি বুলিও কোৱা হয়। ১৯৩১ চনত জসীমউ ...

তছলিমা নাছৰিন

তছলিমা নাছৰিন এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক। তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে। বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ নব্বৈ দশকত নাৰীবাদ আৰু ধৰ্মীয় সমালোচনামূলক ৰচনা আৰ ...

বেদ

বেদ হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। চাৰিখন ব ...

অথৰ্ববেদ

অথৰ্ববেদ হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত শেষৰখন বেদ। ইয়াৰ আদি নাম আছিল অথৰ্বাংগিৰস বেদ। অথৰ্ববেদক ব্ৰহ্মবেদ বুলিও জনা যায়। এই বেদত মুঠতে ২০ টা কাণ্ড, ৩৮ টা প্ৰপাঠক, ৯০ টা অনুবাক, ৭৩০ টা সুক্ত আৰু ৬০০০ মন্ত্ৰ আছে। কেইবাটাও মন্ত্ৰক লৈ একোটা ...

ঋকবেদ

ঋকবেদ হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত প্ৰথমখন বেদ। ঋকবেদ বৈদিক সাহিত্যৰ সৰ্বপ্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ। বেদমন্ত্ৰসমূহৰ ভিতৰত যিবোৰ মন্ত্ৰ ছন্দোবদ্ধ আৰু একো একোটি পূৰ্ণ অৰ্থৰ প্ৰকাশক, সেই মন্ত্ৰবোৰকে ঋক বুলি জনা যায়। ঋকবেদ বা ...

যজুৰ্বেদ

যজুৰবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম এখন বেদ। বৈদিক যুগৰ সভ্যতা আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত যজুৰবেদ অপৰিহাৰ্য। প্ৰতিলোম, অনুলোম, চাৰিবৰ্ণ, জাতিভেদ, অনাৰ্য জাতিৰ নাম, জীৱিকা, কুটীৰ শিল্প, আদিবাসী সকলৰ ধৰ্ম আদি বহু গুৰুত্বপূৰ্ণ ...

সামবেদ

সামবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম। সামবেদ ঋকবেদৰ প্ৰায় সমসাময়িকভাৱে ৰচিত। ৭৫ টা মানৰ বাহিৰে সামবেদৰ প্ৰায় সকলোবোৰ শ্লোক বা মন্ত্ৰই ঋকবেদত আছে। পাৰ্থক্য ইমানেই যে সামবেদত সেই সকলোবোৰ শ্লোক গীতসহিত আছে। অন্য অৰ্থত যিবোৰ মন্ত্ৰ ...

মহাভাৰত (ধাৰাবাহিক)

মহাভাৰত হৈছে ১৯৮৮ চনৰ ২ অক্টোবৰৰ পৰা ১৯৯০ চনৰ ২৪ জুনলৈ ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক। ধাৰাবাহিকখনৰ মুঠ খণ্ডৰ সংখ্যা আছিল ৯৪ টা। বেদব্যাসৰ মহাভাৰতৰ আধাৰত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ নিৰ্মাণকৰ্তা আৰু প্ৰযোজক আছিল ...

ৰামায়ণ (ধাৰাবাহিক)

ৰামায়ণ হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ। ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত এই ধাৰাবাহিকখন নিৰ্মাণ হৈছিল আৰু কাহিনীটোৰ মূল ভিত্তি আছিল ...

নিৰোদ বৰুৱা

ড° নিৰোদ কুমাৰ বৰুৱা এগৰাকী অসমীয়া ইতিহাসবিদ। বিগত শতিকাৰ তথা গোপীনাথ বৰদলৈৰ সময়ৰ অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত তেখেত এজন লেখত ল’বলগীয়া ব্যক্তি। ১৯৩৬ চনত অসমৰ নগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰিছ ...

পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ

পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ এজন ভাৰতীয় ইতিহাসবিদ৷ তেওঁৰ জন্ম চিলেটত ৷ তেওঁ ঘাইকৈ প্ৰাচীন কামৰূপৰ বিষয়ে গৱেষণা কৰিছিল৷ তেওঁ অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত হোৱাৰ লগতে কামৰূপ অনুসন্ধান সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল৷ তেওঁ কটন কলেজত অধ্যা ...

পথৰুঘাটৰ ৰণ

পথৰুঘাটৰ ৰণ বা পাথৌঘাটৰ ধেৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকল ...

ফুলগুৰি ধেৱা

ফুলগুৰি ধেৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ। বিদেশী ইংৰাজ চৰকাৰৰ শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহ। ১৮৬১ চনত এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত। ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও যত অ ...

ৰঙিয়া ৰাইজমেল

ৰঙিয়া ৰাইজমেল ৰঙিয়া তহচিলৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আ ...

চিত্ৰলেখা উদ্যান

১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি কলে H W G Cole তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। পোনতে এই স্থানৰ মাটিখিনি জনৈক কালিপদ সেন নামৰ "বঙালী" ভদ্ৰলোক এজনৰ আছিল। তাৰপিছ্ত ত ...

দেওপাহাৰ

দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে। দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ । ই ৩৯নং ৰাষ্ট্ৰীয় ...

দেৱী দৌল

দেৱী দৌল গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূৱ সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ। গৌৰীসাগৰৰ তিনিওটা মন্দিৰৰ ভিতৰত ই সকলোতকৈ ডাঙৰ। মন্দিৰটো ৰজা শিৱ সিংহৰ১৭১৪-৪৪ ৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ অনুসৰি ইটা আৰু পাথৰেৰে শিল নিৰ্মাণ কৰা হৈছিল। মন্দিৰটোৰ মূল গৰ্ভগৃহ ...

নেঘেৰিটিং শিৱদৌল

নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চি ...

বামুণী পাহাৰ

বামুণী পাহাৰ অসমৰ তেজপুৰ নগৰৰ দক্ষিণ-পূব কোণত অৱস্থিত। ব্ৰহ্মপুত্ৰৰ পাৰত স্থিত এই পাহাৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি আদি আছে। ইয়াত গজব্যা ...

বাসুদেৱ দৌল

বাসুদেৱ দৌল অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী অঞ্চলত অৱস্থিত এটি প্ৰাচীন দৌল । এই দৌলটো ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগৰ অধীনত অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহ -ৰ ভিতৰত অন্যতম। বাসুদেৱ দৌলক ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বি ...

মদন কামদেৱ দেৱালয়

মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখয ...

মাঘনোৱা দ’ল

মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত। ইয়াক ফুলবাৰী দ’ল নামেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত দ’লতি অৱস্থিত। এসময়ত ই শক্তিৰ অধিস্তাতি দেৱী কালীৰ এটুকুৰা মুখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদে ...

শিৱসাগৰৰ শিৱদৌল

শিৱদৌল শিৱসাগৰ জিলাৰ, শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ বৰপুখুৰী পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁ ...

হয়গ্ৰীৱ মাধৱ মন্দিৰ

হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণিপৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ "হয়গ্ৰীৱ"ক ইয়াত পূজা-অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত হয় মানে ঘোঁৰা আৰু গ্ৰীৱৰ অৰ্থ ডিঙি। সেয়েহে এই মন্দিৰটো ...