ⓘ Free online encyclopedia. Did you know? page 76

২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ

২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱসত অসমৰ ধেমাজিত হৈছিল। ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা শিশুৰ ওপৰত চলোৱা এই বোমা বিস্ফোৰণৰ দায়িত্ব সংযুক্ত মুক্তি বাহিনী, অসমে লৈছিল। ...

২০০৮ চনৰ অসমৰ বোমা বিস্ফোৰণ

২০০৮ অসম বোমা বিস্ফোৰণ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী আৰু পশ্চিম অসমৰ প্ৰতিবেশী অঞ্চল সমূহত সংঘটিত হৈছিল। প্ৰতিবেদনসমূহৰ মতে প্ৰায় ১৮টা বোমাৰ বিস্ফোৰণ ঘটে, যাৰ ফলত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়। এই আক্ৰ ...

২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ

২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৯ চনৰ ৬ এপ্ৰিলত গুৱাহাটীৰ মালিগাঁৱকে ধৰি অসমৰ চাৰিটা অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভা সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধ ...

২০১৪ বৰ্ষত অসম

২০১৪ হৈছে একবিংশ শতিকাৰ ১৪তম আৰু ২০১০ দশকৰ পঞ্চমটো বৰ্ষ। এই বৰ্ষটো বুধবাৰৰ পৰা আৰম্ভ হৈছে। ২০১৪ বৰ্ষত অসমৰ কেইটিমান উল্লেখযোগ্য ঘটনা হ’ল:

আহোম মুদ্ৰা

আহোমসকল বৃহত্তৰ টাই জাতিৰ এটা ঠাল। আহোমসকলৰ প্ৰথমজন ৰজা চুকাফা সেইসময়ৰ বৰ্ত্তমানৰ দক্ষিণ-পশ্চিম চীনদেশৰ মৌঙ মাও ৰাজ্যৰ পৰা ১২২৮ খ্ৰীষ্টাব্দত আহিছিল বুলি কোৱা হয়। যদিও বামুনি কোঁৱৰ অথবা চুডাংফা ৰ শিঙৰীঘৰত উঠাৰ সময়ত প্ৰথম মুদ্ৰা মুদ্ৰণ কৰিছিল বু ...

আহোম ৰাজবংশ

আহোম ৰাজবংশ‍ চাওলুং চুকাফা তথা চীনৰ টাই সকলৰ ছ্যু ফৈদৰ বংশধৰ যি বৰ্তমানৰ অসমৰ অংশ আহোম সাম্ৰাজ্য প্ৰায় ৬০০ বছৰ ধৰি ৰাজত্ব কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অসমলৈ অহা মং মাওৰ শান ৰাজকুমাৰ চুকাফাএই বংশ প্ৰতিষ্ঠা কৰিছিল। অসমত মানৰ আক্ৰমণ আৰু ১৮২৬ চনত ব্ৰ ...

আহোম ৰাজ্য

আহোম ৰাজ্য, অসম ৰাজ্য বা মৌঙ দুন চোন খাম আছিল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখন মধ্যযুগীয় ৰাজ্য। ই প্ৰায় ৬০০ বছৰ ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিছিল আৰু উত্তৰ-পূব ভাৰতত মোগলৰ শাসন বিস্তাৰ কৰাৰ বাধা দিছিল। মং মাও বংশৰ টাই ৰাজকোঁৱৰ চুকাফাই উত্তৰে চুতীয ...

গোবৰ ৰজা

গোবৰ প্ৰায় তিনি সপ্তাহৰ বাবে আহোম ৰাজ্যৰ ৰজা আছিল। আহোম ৰাজবংশত তুংখুঙীয়া ফৈদৰ তেওঁ প্ৰথম ৰজা আছিল। তেওঁৰ পুত্ৰই পাছলৈ গদাধৰ সিংহ নামেৰে স্বৰ্গদেউ হৈছিল। আহোম ৰাজধানী গড়গাঁৱৰ এজন শক্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাই তেওঁক সিংহাসনত অধিষ্ঠিত কৰাইছিল ...

গোমধৰ কোঁৱৰ

গোমধৰ কোঁৱৰ অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চ ...

চুক্লমফা

চুক্লমফা বা ৰামধ্বজ সিংহ আহোম সাম্ৰাজ্যৰ এজন স্বৰ্গদেৱ আছিল। তেওঁৰ শাসনকালতে ডেবেৰা বৰবৰুৱা প্ৰবল-প্ৰতাপী হৈ উঠাৰ লগতে ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ মাজত প্ৰায় দহ বছৰ জোৰা ক্ষমতাৰ অঁ‌ৰিয়াঅঁ‌ৰিয়ে গা কৰি উঠিছিল। ইয়াৰ ফলত উক্ত কালছোৱাত ৰাজবিষয়াসক ...

চুক্লিংফা

চুক্লিংফা, বা কমলেশ্বৰ সিংহ আহোম ৰাজ্যৰ এজন স্বৰ্গদেউ। তেওঁৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল। কামৰূপৰ দন্দুৱাদ্ৰোহো এইগৰাকী ৰজাৰ দিনতেই দমন কৰা হয়। চুক্লিংফা বৰ কম বয়সৰ হোৱাৰ বাবে শাসনকাৰ্ ...

চুক্লেণমুং

চাওফা চ্যু-ক্লেণ-মুং ১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে বুৰঞ্জীত তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছে। তেওঁৰ ৰাজত্বকালতে মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জোঁৱায়েক হৰিক আটক কৰা হৈছিল আৰু হৰিক মৃত্যুদণ্ ...

চুক্লেন্‌মুং

চুক্লেনমুং অসমৰ আহোম ৰাজবংশৰ এজন ৰজা। তেওঁ দিখৌ নৈৰ পাৰত ৰাজধানী পাতি নগৰৰ চাৰিওফালে গড় মাৰি বেৰ দিয়ে। সেয়ে এই নগৰৰ নাম গড়গাওঁ হয় আৰু তেওঁ গড়গঞা ৰজা নাম পায়। এইজনা ৰজাৰ দিনতে গড়গাওঁ নগৰ আৰু পুখুৰী, কাঁহিকুচি আৰু চাঙ্গিনিমুখৰ মথাউৰি, নগা আ ...

চুখাংফা

চাওলুং চ্যু-খাং-ফা মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ চতুৰ্থজন চাওফা আছিল। তেখেত চাওলুং চুবিণ্‌ফাবৰ পুতেক আছিল। তেখেত ১২৯৩ চনত ৰাজপাটত বহে। চুখাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে যুদ্ধ পৰাজিত হৈ সন্ধি প্ৰস্তাব দি নিজ কন্ ...

চুখাম্‌ফা

চাওফা চ্যু-খাম-ফা ১৫৫২ খ্ৰীষ্টাব্দত আহোম ৰাজপাটত উঠিছিল। এবাৰ চিকাৰলৈ যাওঁতে হাতীৰ পৰা এওঁৰ ভৰি এখন খোৰা হৈছিল। সেইবাবে এওঁক খোৰা ৰজা ও বোলে। সাতজন আহোম কোঁৱৰ লগ লাগি চুখাম্‌ফাক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ডাঙৰীয়াসকলৰ পৰামৰ্শত ৰজাই কোঁৱৰ কে ...

চুখ্ৰংফা

চাওফা চ্যু-খ্ৰং-ফা আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ স্বৰ্গদেউ আছিল, তেওঁৰ শাসন কালতেই আহোম সাম্ৰাজ্য শক্তি আৰু খ্যাতিৰে ভৰি পৰিছিল। স্বৰ্গদেউ হোৱাৰ আগতে চুখ্ৰংফা "লাই" নামেৰে পৰিচিত আছিল, তেওঁ আছিল তেওঁৰ পূৰ্বৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পুত্ৰ। এই নিৰক্ষৰ ...

চুখ্ৰাম্‌ফা

চাওলুং চ্যু-খ্ৰাম্‌-ফা মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ পঞ্চমজন চাওফা আছিল। তেখেত ১৩৩২ চনত ৰাজপাটত বহে। তেওঁৰ দিনত ভাতৃ চাওপুলায়ে চাওপাংবণ্ডুক বৰগোঁহাইৰ সৈতে মিলি স্বৰ্গদেউৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। ৰজাৰ ভাতৃয়ে কমতাপুৰৰ ৰজাৰ সহায়ত আহোম ৰাজ্য আক্ৰমণ ...

চুচেংফা

চাওফা চ্যু-চেং-ফা বুঢ়া ৰজা আহোম ৰাজ্যৰ সপ্তদশ ৰজা আছিল। বয়সীয়া কালত ৰজা হোৱা বাবে বুৰঞ্জীত তেওঁক বুঢ়া ৰজা ও বোলা হৈছে। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ সীমা পশ্চিমলৈ বিস্তৃত হয়, আহোম-মোগল সংঘাতৰ সূত্ৰপাত ঘটে, আৰু মোমাই তামুলী বৰবৰুৱাৰ পৰিকল্পনাম ...

চুচেনফা

চাওফা চ্যু-চেন-ফা ১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। আহোম বুৰঞ্জীসমূহে তেওঁক ভাল শাসক আখ্যা দিছিল আৰু প্ৰজাসকলে সুখত জীৱন কটাইছিল। তেওঁৰ সুদীৰ্ঘ ৪৯ বছৰ ৰাজত্ব কৰিছিল। টাংছু নগাসকলৰ আক্ৰমণ তেওঁৰ শাসনকালত পোৱা একমাত্ৰ আহুকাল আছিল ...

চুজান্‌ফা

চুজান্‌ফা ১৪০৭ চনৰ পৰা ১৪২২ চনলৈ আহোম ৰাজ্যত ৰাজত্ব কৰা স্বৰ্গদেউ। তেওঁ চুডাংফাৰ তিনি পুত্ৰৰ জ্যেষ্ঠ আছিল। কম বয়সতে দেউতাকৰ মৃত্যুৰ পাছত ১৮০৭ চনত চুজান্‌ফা ৰাজপাটত উঠে। তেওঁৰ পোন্ধৰ বছৰীয়া ৰাজত্বকালৰ একো গুৰুত্বপূৰ্ণ ঘটনা বুৰঞ্জীত লিপিবদ্ধ নাই। ...

চুজিন্‌ফা

চুজিন্‌ফা বা সুৰ সিংহ আহোম সাম্ৰাজ্যৰ নামৰূপীয়া ফৈদৰ এজন স্বৰ্গদেৱ আছিল। পূৰ্বৰ স্বৰ্গদেৱ গোবৰ ৰজা আৰু প্ৰতিপত্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাক ক্ষমতাচ্যুত কৰি আতন বুঢ়াগোহাঁয়ে চুজিন্‌ফাক সিংহাসনত অধিষ্ঠিত কৰে। আতন বুঢ়াগোহাঁইকে ধৰি আন বিষয়াসকলৰ ...

চুডাংফা

চুডাংফা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা। তেওঁ অসমত অষ্টমজন স্বৰ্গদেউ ৰূপে ১৩৯৭ চনৰ ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল। ত্যাও খাম্‌টিৰ মৃত্যুৰ পিছত আঠ বছৰ ধৰি আহোম ৰাজ সিংহাসন খালী হৈ আছিল। ডাঙৰীয়াসকলে ৰজাৰ উপযুক্ত লোক বিচাৰি পোৱা নাছিল। এদিনাখন এজন মানুহে গৰু ...

চুণ্যেউফা

চুণ্যেউফা ১৭৬৯–১৭৮০ বা লক্ষ্মী সিংহ আছিল আহোম সাম্ৰাজ্যৰ এজন ৰজা আৰু পূৰ্বৰ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুত্ৰ। তেওঁৰ পূৰ্বসূৰী স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত বহে আৰু বৰকুঁ‌ৱৰী কুৰংগনয়নীক বিবাহ কৰায়। সিংহাসনত বহাৰ কিছুদিন পিছতেই মোৱ ...

চুতণফা

তেওঁৰ সুদীৰ্ঘ ৩০ বছৰকাল শান্তিপূৰ্ণ ভাবে ৰাজত্ব কৰিছিল। কেৱল ১৭১৭ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত তেওঁ উত্তৰৰ পাহাৰীয়া অঞ্চলৰ ডফলা সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। ডফলা সকলে ভৈয়ামলৈ আহি স্থানীয় লোকৰ সা-সম্পত্তি লুট কৰাৰ বাবে তেওঁ এই অভিযান হাতত ল ...

চুতাম্লা

চুত্যিণ্‌ফাৰ মৃত্যুৰ পাছত ১৬৪৮ চনত তেখেতৰ পুত্ৰ চাওফা চ্যু-তাম-লাক ৰজা পতা হয়। হিন্দু প্ৰথামতে তেখেতে জয়ধ্বজ সিংহ নাম লয়। ১৬৬২ চনৰ মোগলৰ একাদশতম আক্ৰমণত মোগলে আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰে। জয়ধ্বজ সিংহ ৰণৰ পৰা পলাই যাব লগা হৈছিল বাবে তেখেতক ...

চুতুফা

চাওলুং চ্যু-তু-ফা মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ ষষ্ঠজন চাওফা আছিল। ৰজা নোহোৱা এটা পৰ্বৰ পাছত তেখেতে ১৩৬৯ চনৰ পৰা ১৬৭৬ চনলৈ ৰাজত্ব কৰিছিল। কোনো কোনো ইতিহাসবিদে তেখেত ১৩৬৪ চনত ৰাজপাটত বহিছিল বুলি কব খোজে। তেখেতৰ ৰাজত্বকালত চুতীয়া ৰাজ্যৰ লগত সততে ...

চুতেওফা

চাওলুং চ্যু-তেও-ফা মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ দ্বিতীয়জন চাওফা আছিল। তেখেত চাওলুং চুকাফাবৰ পুতেক আছিল। তেখেতৰ ৰাজ্যকাল ১২৬৮ চনৰ পৰা ১২৮১ চনলৈকে। চুতেওফাৰ বঢ়াগোঁহাইৰ নাম আছিল থাওৰুৰু বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ নাম আছিল চাওবিন বৰগোঁহাই। বৈদেশিক ...

চুত্যিণ্‌ফা

চাওফা চ্যু-ত্যিণ-ফা ১৬৪৪ খ্ৰীষ্টাব্দত চুৰাম্‌ফাৰ পিছত ৰাজপাটত উঠিছিল। স্বাস্থ্য ভালে নথকা বাবে এওঁক নৰিয়া ৰজা বুলিছিল। এওঁৰ প্ৰায়েই নৰিয়া আছিল বাবে বৰপুতেক লাপলুপ গোহাঁইয়ে নিজকে নিজে ৰজা ঘোষণা কৰি ৰজাৰ দৰে ফুৰা-চকা কৰিবলৈ আৰম্ভ কৰিছিল। লাপলুপ ...

চুদিংফা

চুদিংফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ ...

চুদৈফা

চুদৈফা বা তেজ সিংহ আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ আছিল আৰু তেওঁ ১৬৭৭-১৬৭৯ চনলৈকে ৰাজ্য শাসন কৰিছিল। চুজিন্‌ফাক ক্ষমতাচ্যুত কৰাৰ পিছত আতন বুঢ়াগোহাঁয়ে চুদৈফাক ৰাজ-সিংহাসনত বহুৱায়। এইজন স্বৰ্গদেউৰ শাসনকালতে আতন বুঢ়াগোহাঁইৰ একচ্ছত্ৰী কাৰ্যকালৰ অন্ত হ ...

চুন্যৎফা

চুন্যৎফা বা উদয়াদিত্য সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। আহোম-মোগলৰ সংঘৰ্ষৰ কালছোৱাতে মৃত্যুবৰণ কৰা জ্যেষ্ঠ ভ্ৰাতৃ চুপংমুং ওৰফে চক্ৰধ্বজ সিংহৰ পিছতেই তেওঁ‌ ৰাজপাটত বহে। তেওঁ‌ৰ ৰাজত্বকালতেই বৰ সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে অসমীয়া ...

চুপাতফা

চাওফা চ্যু-পাত-ফা, বা গদাধৰ সিংহ অসমৰ আহোম ৰাজবংশৰ স্বৰ্গদেউ আছিল। তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়। তেওঁ চুহুংমুংৰ উত্তৰ পুৰুষ গোবৰ ৰজাৰ পুত্ৰ আছিল। গোবৰ ৰজা মাত্ৰ ২০ দিনৰ ব ...

চুপিম্‌ফা

চাওফা চ্যু-পিম্‌-ফা ১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ আছিল। পিতৃ চুহেনফাৰ হত্যাকাৰীৰ প্ৰতিশোধ লবলৈ তেওঁ উচ্চ আৰু নিম্ন বৰ্গৰ লোকৰ ওপৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সাধাৰণ ভুলৰ বাবে তেওঁ নিজৰ এগৰাকী গৰ্ভৱতী পত্নীক নগা পাহাৰলৈ নিৰ্বা ...

চুপুংমুং

চাওফা চ্যু-পুং-মুং বা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ স্বৰ্গদেৱ চুটামলাৰ খুৰাক চাৰিঙৰ দেওৰজাৰ নাতি। ৰাজপাটত উঠি চুপুংমুঙে হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁ ১৬৬৩ চনৰ পৰা ১৬৭০ চনলৈকে ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ দিনতে মোগল বাদশ্বাহ ঔৰংজেৱৰ নি ...

চুফক্‌ফা

চুফক্‌ফা ১৪২২ চ্নৰ পৰা ১৪৩৯ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁ ৰজা চুজান্‌ফাৰ পুত্ৰ আছিল। চুজান্‌ফাৰ মৃত্যুৰ পাছত ১৪২২ চনত ৰাজপাটত উঠি তেওঁ ১৭ বছৰ ৰাজ্য শাসন কৰে। তেওঁৰ ৰাজত্বকালৰ একো উল্লেখনীয় ঘটনা বুৰঞ্জীত পাবলৈ নাই। ১৪৩৯ চনত তেওঁৰ মৃত্য ...

চুবিণ্‌ফা

চাওলুং চ্যু-বিণ্‌-ফা মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ তৃতীয়জন চাওফা আছিল। তেখেত চাওলুং চুতেওফাবৰ পুতেক আছিল। তেখেত - ১২৮১ চনত ৰাজপাটত বহে। চুবিনফাই ৰাজ্যৰ প্ৰজাক বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ অধীনলৈ দুটা ভাগত নি ৰাজ্যৰ শাসন-কাৰ্য অধিক কাৰ্য্যক্ষম আৰু ...

চুলিক্‌ফা

চাওফা চ্যু-লিক-ফা বা ৰত্নধ্বজ সিংহ ১৬৭৯ চনৰ পৰা ১৬৮১ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজপ্ৰতিনিধি লালুকসোলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিক্‌ফাক ৰজা পাতোঁতে তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। এই বয়সতে ৰজা হোৱা বাবে তেওঁ ল ...

চুহিত্পংফা

চুহিত্পংফা ১৭৮০–১৭৯৫ বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই তেওঁ নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে। কেপ্তেইন ৱেলছে আহি বিদ্ৰোহীসকলক দমন কৰাৰ পিছত তেওঁ যোৰহাটত ৰাজধানী পাতে।

চুহুংফা

চুহুংফা বা চুহুং আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। তেওঁৰ শাসনকাল বৰ কম সময়ৰ আছিল। অধিকাংশ বুৰঞ্জীতে তেওঁৰ শাসনকাল মাথোঁ ২০ দিন বুলি পোৱা যায় যদিও কোনো কোনো ঠাইত ইয়াক এমাহ পোন্ধৰ দিন বুলিও উল্লেখ কৰা হৈছে। চুক্লমফা ওৰফে ৰামধ্বজ সিংহক বিহ খুৱাই হত্য ...

চুহুন্মুং

চাওফা চ্যু-হুন-মুংৰ মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। হিন্দুধৰ্মৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল ...

চুহেনফা

চাওফা চ্যু-হেন-ফা ১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ পৰিসীমা বাঢ়িছিল আৰু সেইবাবে নগা আৰু কছাৰী ৰাজ্যৰ লগত সংঘাত হৈছিল। নগাসকলৰ বিৰুদ্ধে তেওঁৰ সামৰিক অভিযান সফল হলেও কছাৰীসকলৰ লগত তেওঁৰ পৰাজয় হৈছিল ...

চুৰাম্‌ফা

চাওফা চ্যু-ৰাম-ফা ইংৰাজী: Suramphaa আহোম ৰাজপাটত উঠে ১৬৪১ খ্ৰীষ্টাব্দত। এওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰপুতেক আছিল। এওঁ সময় নৌহওঁতেই ৰজা ভগা হৈছিল। সেইবাবে তেওঁ ভগাৰজা নামেৰেও জনাজাত আছিল। এইজনা ৰজা নৈতিকতাবিহীন আছিল। এওঁ চুতীয়া মানু্হ এজনক বধ কৰা ...

চুৰেম্‌ফা

চুৰেম্‌ফা, বা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আছিল স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ চতুৰ্থ পুত্ৰ আৰু আহোম সাম্ৰাজ্যৰ এজন ৰজা। তেওঁৰ ভ্ৰাতৃ তথা পূৰ্বসূৰী স্বৰ্গদেৱ প্ৰমত্তসিংহৰ দেহাৱসানৰ পিছত প্ৰচলিত নিয়ম-নীতিৰ মাজেৰে চুৰেম্‌ফা ৰাজপাটত উঠে। ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ ম ...

ত্যাও খাম্‌টি

ত্যাও খাম্‌টি ১৩৮০ চনৰ পৰা ১৩৮৭ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। তেখেতৰ সিংহাৰোহণে চুতুফাৰ মৃত্যুৰ পাছত ১৩৭৬ চনৰ পৰা ১৩৮০ চললৈ থকা অৰাজক কালৰ অন্ত পেলায়। কিন্তু ৰাণীৰ প্ৰতি থকা অত্যধিক মোহ আৰু সাধাৰণ জনতাৰ ওপৰত নিষ্ঠুৰতাই তেখেতৰ মৃত্যু মাতি আনে।

পুৰন্দৰ সিংহ

পুৰন্দৰ সিংহ অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁক দুবাৰ ৰজা পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক ৰজা পাতিছিল। ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত ...

ৰমণী গাভৰু

নাং ৰমণী গাভৰু বা ৰহমত বানু বেগম আহোম চাওফা চুতাম্লা আৰু পত্নী নাং পাখৰি গাভৰুৰ একমাত্ৰ জী, আহোম ৰাজ্যৰ ৰাজকুঁৱৰী তথা মোগল সম্ৰাট মহম্মদ আজম শ্বাহৰ প্ৰথমগৰাকী পত্নী আছিল। সম্পৰ্কত তেওঁ লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকনৰ ভাগিনী। লালুকসোলা বৰফুকনে ...

চিলাৰায়

চিলাৰায় বা বীৰ চিলাৰায় ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ । তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় ব ...

নৰনাৰায়ণ

মহাৰাজ নৰনাৰায়ণ অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ তৃতীয় আৰু অন্তিম ৰজা আছিল। তেওঁৰ আগৰজন ৰজা আছিল দেউতাক বিশ্বসিংহ। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যই ইয়াৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। তেওঁ নাৰায়ণী নামেৰে এবিধ ৰূপৰ মুদ্ৰাৰ প ...

বিশ্ব সিংহ

বিশ্ব সিংহ কমতা ৰাজ্য শাসন কৰা কোচ ৰাজবংশৰ আদি ৰজা। তেওঁ কোচ বংশীয় আছিল। কোচসকলৰ শাসক হাজোৰ নাতি আৰু হাড়িয়া মণ্ডলৰ পুত্ৰ বিশ্ব সিংহ‌ই বাৰ ভূঞাসকলৰ বিৰুদ্ধে কেইবাটাও জনগোষ্ঠীক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ অৱশেষ এতি ...

নৰকাসুৰ

ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি আৰু বৰাহৰ অসুৰ পুত্ৰ। বিদেহৰ ৰজা জনকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। বাণাসুৰৰ প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিল। তেওঁ শেষ দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল। পশ্চিমে কৰতোৱাৰ ...