ⓘ Free online encyclopedia. Did you know? page 78

জয়ন্ত মাধৱ বৰা

জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত। তেওঁ জাকৈয়া ছোৱালী নামৰ গল ...

জয়মতী কুঁৱৰী

জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী। পতি আৰু দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে জয়মতী অসম বুৰঞ্জীৰ এক উল্লেখনীয় চৰিত্ৰ। যেতিয়া এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত পৰি গদাপাণিয়ে ৰজাৰ সৈন্যৰ পৰা পলাই ফুৰিবলগীয়া হৈছিল, জয়মতীয়ে তেওঁৰ ঠি ...

জহৰুল হক

ড॰ জহৰুল হক এগৰাকী বিখ্যাত ইছলামিক বিদ্বান। তেওঁ অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত পৱিত্ৰ কোৰআনৰ অনুবাদ কৰিছিল। তেওঁ অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে পৱিত্ৰ কোৰানক ভাঙনি কৰিছিল। এজন জনস্বাস্থ্য বিষয়া হিচাপে তেওঁ জীৱনৰ শেষৰফালে ওমানত বাস কৰিছিল।

জাহ্নৱী গোস্বামী

জাহ্নৱী গোস্বামী এইড্‌ছ ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা অসমৰ এগৰাকী সমাজকৰ্মী। এইড্‌ছ ৰোগত আক্ৰান্ত বুলি ঘোষণা কৰা তেখেতেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা। ১৯৯৬ চনতে নিজৰ দেহত ৰোগ ধৰা পৰাৰ পিছত পোন্ধৰ বছৰ তেখেতে এখ ...

জ্ঞান পূজাৰী

জ্ঞান পূজাৰী এজন অসমীয়া কবি তথা নাট্যকাৰ। ১৯৪৮ চনত তেওঁৰ জন্ম হৈছিল। ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰা চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "চলচ্চিত্ৰৰ ছাঁ-পোহৰ" তেওঁ প্ৰকাশ কৰিছিল। ২০১৬ চনত তেওঁ "মেঘমালাৰ ভ্ৰমণ" নামৰ কবিতা পুথিৰ জৰিয়তে ...

জ্ঞানদাভিৰাম বৰুৱা

জ্ঞানদাভিৰাম বৰুৱা অসমৰ এজন লেখক, শিক্ষাবিদ আৰু অভিনেতা। ভেনিচৰ সাউদ, পঞ্চৰত্ন, দদাইৰ পঁজা আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই গৈছে। ১৯১৪ চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল। ...

জ্যোতি প্ৰকাশ দাস

জ্যোতি প্ৰকাশ দাস বা জে পি দাস হৈছে অসমৰ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী। অসমৰ অগণন শ্ৰোতাৰ মাজত তেওঁ জেপিদা বুলি পৰিচিত। ‘মোৰ মিনতি তৰা হয় যদি.’, ‘সন্ধিয়াৰ আকাশত.’, ‘ওৰে ৰাতি অন্ধকাৰত.’, ‘পৰিচয়বিহীন.’ আদি সৰ্বকালৰ অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে ...

টাবু টাইড

টাবু ৰাম টাইড এগৰাকী ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি এখেতে উল্লেখযোগ্য বৰঙনি আগবঢ়াই থৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও এখেতে চেষ্টা কৰিছিল। মিচিং ভাষাৰ প ...

তয়াবুন নিছা

তয়াবুন নিছা এগৰাকী প্ৰাক্তন এথলীট৷ তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়৷ ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভা ...

তিলোত্তমা ৰায়চৌধুৰী

তিলোত্তমা দাসৰ জন্ম হৈছিল ১৯০৮ চনত। তেওঁৰ মাতৃৰ নাম হেমপ্ৰভা পিতৃৰ নাম হৈছে হৰেকৃষ্ণ দাস। তিলোত্তমা অমলপ্ৰভা দাসৰ ডাঙৰ ভনীয়েক। ১৯৩৭ চনত প্ৰভাত কুমাৰ ৰায়চৌধুৰীৰ সৈতে তিলোত্তমা দাস বিবাহ পাশত আবদ্ধ হয় আৰু তিলোত্তমা ৰায়চৌধুৰী হয়।

দীননাথ বেজবৰুৱা

দীননাথ বেজবৰুৱা মহাৰাজ পুৰন্দৰ সিংহৰ প্ৰধান চিকিৎসক আছিল।তেওঁ আয়ুৰ্বেদ শাস্ত্ৰত পাৰ্গত আছিল। এওঁৰে পুত্ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ।

দীপক চন্দ্ৰ জৈন

দীপক চন্দ্ৰ জৈন বৰ্তমান মাৰ্কেটিঙৰ ইনছেড অধ্যাপক । তেওঁ ২০১১ চনৰ মে মাহৰ পৰা ২০১৩ চনৰ মাৰ্চ মাহলৈ ইনছেডৰ গুৰু হিচাপে কৰ্মৰত আছিল। ২০০১ চনৰ পৰা ২০০৯ চনলৈ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ কেল্লগ ব্যৱস্থাপনা পীঠ-ৰ গুৰু হিচাপে ...

দীপলিনা ডেকা

দীপলিনা ডেকা অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত। জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল। তেওঁ কণ্ঠদান কৰা ...

দুৰ্গা বড়ো

দুৰ্গা বড়ো হল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে। ইয়াৰ উপৰিও তেওঁ আই-লীগত শ্বিলং লাজঙৰ হৈ খেলে।

দেৱানন্দ বৰুৱা

দেৱানন্দ বৰুৱা আছিল অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী হেমকোষ প্ৰিণ্টাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু হেমকোষৰ প্ৰকাশক আৰু বৰ্ধিত সংস্কৰণৰ সম্পাদক৷ তাৰোপৰি তেখেতে শিক্ষা বিভাগৰ প্ৰশাসনিক বিষয়া হিছাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ধ্ৰুৱজ্যোতি ফুকন

ধ্ৰুৱজ্যোতি ফুকন এগৰাকী ভাৰতীয় সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক, সংগীত পৰিদৰ্শক, আৱহ সংগীত পৰিচালক আৰু সংগীত প্ৰগ্ৰেমাৰ। তেওঁ ঘাইকৈ হিন্দী আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত। তেওঁক ডিজে ফুকন হিচাপে জনাজাত ধ্ৰুৱজ্যোতি ফুকনে বহুতো ...

ধ্ৰুৱজ্যোতি বৰা

ধ্ৰুৱজ্যোতি বৰা ইংৰাজী: Dhrubajyoti Borah হৈছে অসমৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ আৰু পেছাগতভাৱে চিকিৎসক। তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। ২০১৪ চনৰ ১৬ নৱেম্বৰ তাৰিখে দেৰগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ...

ধৰ্মেশ্বৰী দেৱী বৰুৱানী

ধৰ্মেশ্বৰী দেৱী বৰুৱানী অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা। অসমত সেই সময়ত স্ত্ৰী-শিক্ষাৰ বিশেষ প্ৰসাৰ নথক ...

নকুলচন্দ্ৰ ভূঞা

নকুলচন্দ্ৰ ভূঞা এজন অসমীয়া বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ। চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈয়ে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ বিহুগীতৰ সংগ্ৰহ বহাগী লোক-সাহিত্যৰ ভঁৰাললৈ এক অমূল্য অৱদান। অসম সাহিত্য সভাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ১৯৬৭ চনৰ বাৰ্ষিক অধ ...

নগেন্দ্ৰ নাৰায়ণ চৌধুৰী

নগেন্দ্ৰ নাৰায়ণ চৌধুৰী অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ লেখত লবলগীয়া নাম। তেখেতে অসমীয়া ভাষাত বহুতো গল্প আৰু প্ৰবন্ধ লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯২৯ চনত আবাহনৰ প্ৰকাশণৰ কাম কৰিছিল

ননী বৰপূজাৰী

ননী বৰপূজাৰী অসমৰ এজন চিত্ৰশিল্পী। অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিভিন্ন দেশত আন্তৰ্জাতিক স্তৰত তেওঁৰ ছবি প্ৰদৰ্শিত হৈছে। শিল্পী প্ৰণৱ বৰুৱাৰপৰা চিত্ৰকলাৰ প্ৰাথমিক জ্ঞান লাভ কৰা বৰপূজাৰীয়ে তেওঁৰ শিল্পকৰ্মৰ বাবে এন ই টিভি জনতাৰ বাছনি বঁটা, প্ৰণ ...

নলিন দুৱৰা

নলিন দুৱৰা অসমীয়া কথাছবিৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ১৯২৮ চনৰ ২২ জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা। দেউতাক সৰ্বানন্দ দুৱৰা অভয়জান আৰু শাওতলী বাগিছাৰ স ...

নলিনী বৰুৱা

নলিনী বৰুৱা অসমৰ এগৰাকী আলোকচিত্ৰ শিল্পী। শৈশৱ কালৰে পৰা আলোকচিত্ৰ লোৱাৰ কাম আৰম্ভ কৰা বৰুৱাই ১৯৬৮ চনৰপৰা ২০১৬ চনলৈকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো বহুকেইখন আলোকচিত্ৰ প্ৰদৰ্শনীত ভাগ লয়। শিল্পীগৰাকীয়ে ৫০ৰ দশকতেই ন্যুড ফটোগ্ৰাফীৰে উ ...

নিংনি ভাৱৰীয়া

নিংনি ভাৱৰীয়া বা নিংনি ভাউৰা বৰপেটা অঞ্চলৰ এজন স্বভাৱ কবি আৰু ৰচিক ভাৱৰীয়া। নিংনিৰ কাৰ্য্য-কলাপ আৰু মুখে মুখে ৰচা ধেমেলীয়া পদ্যই ৰাইজক হাঁহিৰ খোৰাক যোগাইছিল। নিংনি ভাৱৰীয়াৰ একো-একোটা এনে কাৰ্য্যক ৰহস্য বুলি জনা যায়। কিম্বদন্তী স্বৰূপে বৰপেটা ...

নিত্যানন্দদেৱ

নিত্যানন্দদেৱ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ আদিগুৰুসকলৰ ভিতৰত অন্যতম৷মায়ামৰা সম্প্ৰদায়ৰ তৃতীয় অধিকাৰ শ্ৰী হৰিৰামদেৱৰ মৃত্যুৰ পিছৰ তেওঁৰ ভায়েক নিত্যানন্দদেৱে খুটিয়াপোটা সত্ৰৰ অধিকাৰী হয়৷

নিৰ্মলা চলিহা

নিৰ্মলা চলিহাই কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে। তাৰ পিছত দিল্লীৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগতে লণ্ডনৰ পৰা শিশু-স্বাস্থ্য সম্পৰ্কীয় প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।

নিৰ্মলা বৰুৱা

১৯৪৭ চনৰ নৱেম্বৰ মাহৰ তিনি তাৰিখে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠা কৰা হয়। নিৰ্মলা বৰুৱাএই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে।

নীলপৱন বৰুৱা

নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত। পিতৃ ধ্বনি কবি ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।

নীলমণি ফুকন (জ্যেষ্ঠ)

অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন হৈছে এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। ...

নীলিম কুমাৰ

নীলিম কুমাৰ অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু ঔপন্যাসিক। আধুনিক অসমীয়া কবিতাৰ জগতত তেখেত অন্যতম জনপ্ৰিয় কবি। তেখেতৰ প্ৰকৃত নাম "হেমেন কুমাৰ শৰ্মা"। ১৯৬১ চনৰ ৯ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ পাঠশালাত তেখেতৰ জন্ম হয়। পাঠশালাতেই তেখেতৰ শৈশৱকাল অতিবাহিত হয় ...

নীলিমকান্ত বৰুৱা

১৯৩১ চনত গোলাঘাটত জন্মগ্ৰহণ কৰে৷ তেওঁ স্কুলীয়া শিক্ষা গোলাঘাট, তিতাবৰ আৰু যোৰহাটত গ্ৰহণ কৰি ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৪৮ চনত কটন কলেজৰ পৰা এই এছ চি আৰু ১৯৫০ চনত বি এছ চি পাছ কৰে৷ ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা ...

পঞ্চী বৰা

পঞ্চী বৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ দূৰদৰ্শন ধাৰাবাহিক ‘কয়ামত’, ‘কিতনী মস্ত হ্যে জিন্দেগী’ আদিত অভিনয় কৰিছে। শেহতীয়াকৈ তেওঁ তেলুগু চলচ্চিত্ৰ জগততো পদাৰ্পন কৰিছে।

পদ্মনাথ গোহাঞি বৰুৱা

পদ্মনাথ গোহাঞি বৰুৱা একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। অ,ভ,উ,সা সভাৰ প্ৰধান উপদেষ্টা পদ্মনাথ গোহাঞি বৰুৱা

পাকিজা বেগম

পাকিজা বেগম অসমীয়া চলচ্চিত্ৰ জগতৰ এক অভিনেত্ৰী তথা পৰিচালক। ভালেমান চলচ্চিত্ৰ,নাটক,ধাৰাবাহিকত অভিনয় কৰা বেগমে" পত্নী” ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

পাৰ্বতী কুমাৰ গোস্বামী

ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ। ইয়াৰ লগতে তেওঁ অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপালো আছিল। উচ্চতম ন্যায়ালয়ত বিচাৰপতি হিচাপে যোগ দিয়াৰ আগতে তেওঁ অসম আৰু নাগাল ...

পাৰ্বতী বৰুৱা

পাৰ্বতী বৰুৱা হাতী চিকাৰ বা হাতীক ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া নাৰী। তেওঁ সমগ্ৰ বিশ্বৰ আগত" কুইন অৱ দ্য এলিফেণ্টছ” বুলি পৰিচিত। ১৯৬৭ চনৰ কোনোবা দিনত তেওঁ অসমৰ কচুগাঁৱত ১৪ বছৰ বয়সতে জীৱনত প্ৰথমবাৰৰ বাবে প্ৰথমটো হাতী ...

পিয়লি বৰুৱা

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ক্ৰমে ক্ৰমে সমগ্ৰ অসমৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰে। প্ৰথমে ইংৰাজৰ শাসনত ৰাইজে আদৰি ললেও সোনকালেই ভিতৰি ভিতৰি বিদ্ৰোহৰ জুই জ্বলি উঠে। সেই সময়তে ৰাজনীতি বিশাৰদ, ৰাষ্ট্ৰজ্ঞানী, স্পষ্টবাদী মণিৰাম বৰভাণ্ ...

পিলিক চৌধুৰী

পিলিক চৌধুৰী অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক উজ্জ্বলাই তোলা ব্যক্তিসকলৰ ভিতৰত নিঃসন্দেহে উল্লেখযোগ্য ব্যক্তি আছিল। ফুটবল, ক্ৰিকেট আৰু অন্যান্য ক্ৰীড়াক্ষেত্ৰত নৈপুণ্যতাৰ পৰিচয় দিয়া পিলিক চৌধুৰী অসমৰ সেইসময়ৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি কোৱা হয়। চল্লিছ ...

পীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)

ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰত ১৯৫৯ চনৰ ১৪ জুনত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম দেৱকান্ত গোস্বামী আৰু মাতৃৰ নাম সুভদ্ৰা দেৱী। শিশু পীতাম্বৰদেৱক ৯ বছৰ বয়সতে টেঙাঘাট বাহৰত বাহৰ পাতি থকা সেই সময়ৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় ...

পুলক গগৈ

পুলক গগৈ অসমৰ এগৰাকী চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক। আমেৰিকাৰ ৱাশ্বিংটনত তেখেতৰ চিত্ৰশিল্পৰ প্ৰদৰ্শনী হৈছিল। ছবি বিক্ৰী কৰা পইচাৰে ড॰ ভূপেন হাজৰিকাৰ পৰামৰ্শক্ৰমে তেখেতে চলচ্চিত্ৰ নিৰ্মাণলৈ মন মেলে আৰু ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত খোজ নামৰ চ ...

প্ৰজ্ঞাসুন্দৰী দেৱী

প্ৰজ্ঞাসুন্দৰী দেৱী এগৰাকী ভাৰতীয় ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ লেখিকা আৰু আলোচনী সম্পাদক আছিল। ১৯০২ চনত প্ৰকাশিত তেওঁৰ আমিষ ও নিৰামিষ বঙালী সাহিত্যৰ এখন তাৎপৰ্যপূৰ্ণ ৰন্ধন প্ৰণালী বিষয়ক গ্ৰন্থ। ১৮৯৭ চনৰ আৰম্ভণিৰ পৰা প্ৰজ্ঞাসুন্দৰীয়ে পূণ্য নামৰ ...

প্ৰদীপ বৰুৱা

প্ৰদীপ বৰুৱা হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ সৈতে তেওঁ‌ জন্মলগ্নৰে পৰা জড়িত হৈ আছে আৰু বৰ্তমান এই আলোচনীখনৰে সম্পাদক আৰু প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। ‘স্বগতোক্তি’ তেখেতৰ আত্মজীৱনী৷

প্ৰদীপ ভূঞা

ড° প্ৰদীপ ভূঞা চতিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ৰূপে কৰ্মৰত আছিল৷ জীৱন কালত তেওঁ ডেৰকুৰিৰো অধিক গ্ৰন্থেৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায় ৷ সাহিত্য চৰ্চাৰ লগতে তেওঁ সাংবাদিকতাও কৰে৷ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভা ...

প্ৰদ্যুত বৰা

প্ৰদ্যুত বৰা এজন ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজকৰ্মী। তেওঁ ২০১৫ চনলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল। তেওঁ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বিজেপিদলৰ শীৰ্ষ নেতৃত্বৰ লগতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ আনে যে দল অনুশাসন ...

প্ৰফুল্ল ৰাজগুৰু

প্ৰফুল্ল ৰাজগুৰু আছিল অসমৰ এগৰাকী শিক্ষাবিদ, সাংবাদিক আৰু লেখক। ১৯৯৭ চনত যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী হিচাপে অৱসৰ লোৱা ৰাজগুৰুৱে আমাৰ অসম কাকতৰ আৱাসিক সম্পাদকৰূপে ২০০০ চনলৈকে কাৰ্যনিবাহকৰিছিল।

প্ৰমিলা ৰাণী ব্ৰহ্ম

প্ৰমীলা ৰাণী ব্ৰহ্ম অসমৰ এগৰাকী বড়ো ৰজনীতিবিদ৷ তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ পৰা নিৰ্বাচিত অসম বিধান সভাৰ এগৰাকী সদস্যা৷ ২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰত তেওঁ মন্ত্ৰীত্ব লাভ কৰে৷ ২০১৪ চনলৈকে তেওঁ তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী আছিল৷ কোকৰাঝাৰ পূব সমষ্ট ...

প্ৰমোদ গগৈ

প্ৰমোদ গগৈ আছিল অসমৰ এজন জ্যেষ্ঠ চি পি আই নেতা, প্ৰাক্তন মন্ত্ৰী তথা কমিউনিষ্ট আন্দোলনৰ অন্যতম কাণ্ডাৰী৷ চিৰজীৱন অবিবাহীত হৈ থাকি ৰাজ্যৰ সেৱাত নিজকে উচৰ্গা কৰা প্ৰমোদ গগৈৰ জন্ম হয় ২৯ ছেপ্তেম্বৰ, ১৯৩০ চনত শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱত৷ তেওঁ ...

প্ৰমোদ বড়ো

প্ৰমোদ বড়ো এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। ২০২০ চনৰ ১৫ ডিচেম্বৰ তাৰিখে তেওঁ এই পদত অধিষ্ঠিত হয়। ইয়াৰ লগতে তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল নামৰ ৰাজনৈতিক দলৰো সভাপতি। তেওঁ সদৌ বড়ো ছ ...

প্ৰশান্ত ৰাজগুৰু

প্ৰশান্ত ৰাজগুৰু হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু লেখক। দীৰ্ঘকাল সাংবাদিকতাৰে সৈতে জড়িত ৰাজগুৰু বৰ্তমান প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কৰ্মৰত।

প্ৰসন্ন কুমাৰ ডেকা

প্ৰসন্ন কুমাৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক৷ তেওঁ ভালেসংখ্যক অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায়৷ ১৯৯৫ চনত অসম চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁলৈ সাহিত্যিক পেন্সন আগবঢ়ায়৷