ⓘ Free online encyclopedia. Did you know? page 8

পৰিস্থিতি বিজ্ঞান

পৰিস্থিতি বিজ্ঞান হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত সেই অঞ্চলৰ সকলো প্ৰকাৰৰ জীৱৰ আন্তঃক্ৰিয়াসমূহৰ বৈজ্ঞানিক অধ্যয়ন। জীৱবিজ্ঞান আৰু ভূবিজ্ঞানক সাঙুৰি ই এটা বহু শাখাযুক্ৰ ক্ষেত্ৰ। পৰিস্থিতি বিজ্ঞানে জীৱসমূহৰ পৰস্পৰৰ, অন্য জীৱ আৰু প ...

ৰসায়ন বিজ্ঞান

ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিন ...

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰত অৱস্থিত এটি উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। উদ্যোগপতি জামচেদজী টাটা, স্বামী বিবেকানন্দ, মাইচোৰৰ ৰজা শ্ৰী কৃষ্ণৰাজা উদিয়াৰ আৰু তেখেতৰ মাতৃ, ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জন আদিৰ সহযোগ আৰু পৃষ্ঠপোষকতাত প্ৰতিষ্ঠানটি ...

বিশ্বব্ৰহ্মাণ্ড

বিশ্বব্ৰহ্মাণ্ড হৈছে স্থান আৰু কাল সম্বন্ধীয় সমস্ত বিষয়। পৃথিবী আৰু অন্যান্য সমস্ত গ্ৰহ, সূৰ্য তথা অন্যান্য তৰা আৰু নক্ষত্ৰ, জ্যোতিৰ্বলয়স্থ স্থান আৰু তাৰ অন্তৰ্বৰ্তীস্থ গুপ্ত পদাৰ্থ, লেম্‌ডা-ছিডিএম নক্সা, তমোশক্তি আৰু শূন্যস্থান - যিবোৰ এতিয়া ...

সোণ

সোণ হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ ৰাসায়নিক সংকেত Au আৰু আনৱিক সংখ্যা হৈছে ৭৯। বিশুদ্ধ সোণৰ বৰণ উজ্বল হালধীয়া, এক প্ৰকাৰৰ কোমল ধাতু। ৰাসায়নিকভাৱে ই ১১ নং গোটৰ মৌল আৰু অনুকল্প ধাতু। ই এক প্ৰকাৰৰ সীমিত বিক্ৰিয়ণশীল মৌল, আৰু ই মান অৱস্থাত কঠিন ৰূপত ...

বিষ্ণু

বিষ্ণু হিন্দু বৈষ্ণব সম্প্ৰদায়ৰ সৰ্বোচ্চ দেৱতা। আদি শংকৰ প্ৰমুখ্যে বিদগদ্ধ পণ্ডিতসকলৰ মতে, বিষ্ণু ঈশ্বৰৰ এটা প্ৰধান ৰূপ। আৰু তৈত্তিৰীয় শাখা আৰু ভগবদ গীতা আদি শ্ৰুতিশাস্ত্ৰবোৰত তেওঁক সৰ্বোচ্চ ঈশ্বৰৰ মৰ্য্যদা দিয়া হৈছে। বিষ্ণু সহস্ৰনামত বিষ্ণুক ...

আদি পৰাশক্তি

আদি পৰাশক্তি ক হিন্দু ধৰ্মৰ শক্তিপ্ৰথাৰ সৰ্বোচ্চ সত্ত্বা হিচাপে গণ্য কৰা হয়। তেওঁ পৰমশক্তি, আদিশক্তি, মহাশক্তি, মহাদেৱী, মহাগৌৰী, মহাকালী, শ্যামাশক্তি আদি নামেৰেও প্ৰখ্যাত। শাক্ত সাহিত্য অনুসৰি পৰম মানে হৈছে চূড়ান্ত আৰু সত্য মানে সঁচা। দেৱী ভাগ ...

মহাদেৱী

হিন্দু ধৰ্মত, মহাদেৱী বা "মহান দেৱী" হৈছে আন সকলো দেৱীৰ মহান দেৱী। তেওঁ শাক্তধৰ্মত দেৱাদিদেৱ মহাদেৱৰ সহধৰ্মী। তেওঁএক নিৰ্দিষ্ট দেৱী হিচাপে চিনাক্ত কৰা হৈছে, যাৰ মাজত আটাইতকৈ প্ৰচলিতবোৰ হ’ল ক্ৰমে পাৰ্বতী, মহালক্ষ্মী বা ত্ৰিদেৱী। মহান দেৱতা ত্ৰিদেৱ ...

কুষ্মাণ্ডা

​ কুষ্মাণ্ডা হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁৰ মিচিকিয়া হাঁ‌হিৰপৰাই জগতৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। কালীকুল প্ৰথাৰ অনুগামীসকলে তেওঁক দুৰ্গাৰ চতুৰ্থ ৰূপ হিচাপে গণ্য কৰে। কু, উষ্ম আৰু অণ্ড - এই তিনিটা শব্দৰে তেওঁৰ নামটো গঠিত হৈছে যাৰ অৰ ...

নিকলাচ কপাৰ্নিকাচ

নিকলাচ কপাৰ্নিকাচ এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ সৃষ্টি কৰা ধাৰণা অনুসৰি সূৰ্যই নহয়, বৰং পৃথিৱী আৰু অন্যান্য গ্ৰহবিলাকহে সূৰ্যৰ চাৰিওফালে বৃত্তাকাৰে ঘূৰে, এই তত্ত্বৰ দ্বাৰা তেওঁ স ...

ভগৱান

একেশ্বৰবাদৰ মতে, ভগৱান হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়। সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ, সৰ্ব শক্তিমান, সৰ্বত্ৰ বিৰাজমান, স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে। বহুতে ভগৱানক সৰ্ব গুণাকৰ, ...

সাধাৰণ আপেক্ষিকতাবাদ

সাধাৰণ আপেক্ষিকতাবাদ ১৯১৫ চনত এলবাৰ্ট আইনষ্টাইনে দাঙি ধৰা মহাকৰ্ষণৰ জ্যামিতিক তত্ত্ব। আধুনিক পদাৰ্থবিজ্ঞানত এই তত্ত্বৰ সহায়তে মহাকৰ্ষণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। ই আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ সাধাৰণীকৰণ ৰূপ। ই পূৰ্বৰ নিউটনীয় বিশ্বজনীন ...

এৰিষ্টটল

এৰিষ্টটল এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৮ বছৰ বয়সত এৰিষ্টটলে এথেঞ্চত অৱ ...

কাৰ্ল মাৰ্ক্স

১৮১৮ চনৰ ৫ মে তাৰিখে জাৰ্মানীৰ ৰাইনলেণ্ড অঞ্চলৰ ত্ৰায়াৰ চহৰত কাৰ্ল মাৰ্ক্সৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ হেনৰিখ আৰু হেনৰিয়েট মাৰ্ক্স দুয়োজনেই ইহুদী ধৰ্মযাজক পৰিয়ালৰ বংশধৰ আছিল। কিন্তু ১৮১৭ চনত তেওঁলোকে ইহুদী ধৰ্ম পৰিত্যাগ কৰি খৃষ্টান ধৰ্ম গ্ৰহণ ...

হাতীপটি

হাতীপটি হৈছে এখন তাৰকাৰাজ্য। সৌৰ জগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘ ...

অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা

নিপ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা জাহ্নু বৰুৱা পদুম বৰুৱা ব্ৰজেন বৰুৱা শিৱপ্ৰসাদ ঠাকুৰ সান্তনা বৰদলৈ ভবেন্দ্ৰ নাথ শইকীয়া মঞ্জু বৰা অতুল বৰদলৈ ভূপেন হাজৰিকা মুনিন বৰুৱা গৌতম বৰা

৬ জুন

৬ জুন হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম দিন। বছৰ শেষ হবলৈ ২০৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

দ্বিবন বৰুৱা

দ্বিবন বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তেখেত মুঠ ৭খন চলচ্চিত্ৰৰ পৰিচালক আছিল।

মণিৰাম দেৱান

মণিৰাম দেৱান উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনৰ ২৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত। তেওঁৰ পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা আছিল।

নিপ বৰুৱা

নিপ বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তি আছিল। অসমৰ চলচ্চিত্ৰসমূহৰ ব্যৱসায়িক দিশত উত্তৰণ যুগ তেওঁৰ পৰাই আৰম্ভ হয়। তেখেত এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আছিল। তেখেত মুঠ ১৫খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। চলচ্চিত্ৰ কৰাৰ উপৰ ...

২ জুলাই

১৯৪০– ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলিকতা কাৰাগাৰত বন্দী কৰা হয়। ১৬৯৮ – থমাছ ছাভেৰীয়ে তেওঁৰ প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট লাভা কৰে। ১৮৯৭ – ইটালীৰ বিজ্ঞানী মাৰ্কনীয়ে লণ্ডনক অনাতাঁৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ ...

২৩ অক্টোবৰ

২৩ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা: ১৯৪৩ চনৰ এই দিনটোতে আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী "ঝান্সি ব্ৰিগেড" প্ৰতিষ্ঠা কৰা হয়। ১৯৮৬ চ ...

ভৱানন্দ ডেকা

ভৱানন্দ ডেকা এজন অসমীয়া লিখক, শিক্ষাবিদ আৰু অৰ্থনীতিবিদ। তেখেতে ১১৪খন অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সাহিত্য সম্পৰ্কীয় বিভিন্ন গ্ৰন্থ, পাঠ্যপুথি ৰচনা আৰু প্ৰকাশ কৰিছে। তেখেত অসমীয়া ভাষাত অসমৰ অৰ্থনীতি বিষয়ক গ্ৰন্থ লিখা প্ৰথমজন ব্যক্তি। ১৯৬৩ চন ...

১৮ জুলাই

১৯৯৬ চনৰ আজিৰ দিনটোত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ স্মৃতি মন্ধনাৰ জন্ম হৈছিল। ১৯১৮ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিখ্যাত ব্যক্তি নেলছন মেণ্ডেলাৰ জন্ম হয়। ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছি ...

১৩ নৱেম্বৰ

১৩ নৱেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১৩ জুলাই

১৯৯৫ চনৰ আজিৰ দিনটোত সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আশাপূৰ্ণা দেৱীৰ মৃত্যু হয়। ১৯২১ চনৰ আজিৰ দিনটোত ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ মৃত্যু হয়। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল। ১৮১২ চনৰ আজিৰ দিনটোত বিশিষ্ ...

১৫ ফেব্ৰুৱাৰী

১৫ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯টা দিন বাকী থাকে।

ভাষা

মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ ...

মান ভাষা

মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়। মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ ক ...

ওলন্দাজ ভাষা

ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰ ...

ফাৰ্চী ভাষা

ফাৰ্চী ভাষা বা পাৰ্ছিয়ান ভাষা হৈছে এটা পশ্চিমীয় ইৰাণীয় ভাষা যিটো ইণ্ডো ইউৰোপীয়ান ভাষাসমূহৰ ইণ্ডো ইৰাণীয়ান বিভাগৰ ইৰাণীয়ান শাখা। এই ভাষাটো ইৰান, আফগানিস্তান আৰু তাজিকিস্তানত ক্ৰমে ইৰাণীয়ান ফাৰ্চী, ডাৰি ফাৰ্চী আৰু তাজিক ফাৰ্চী হিচাপে তিনিটা ...

মেইতেই ভাষা

মেইতেই ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ স ...

মালয়ালম ভাষা

মালয়ালম বা মলয়ালম দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত। এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিত ...

উৰ্দু ভাষা

উৰ্দু ভাষা ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা। পাকিস্তানৰ প্ৰায় ১ কোটি লোক আৰু ভাৰতৰ প্ৰায় ৫ কোটি লোকৰ মাতৃভাষা উৰ্দু। তদুপৰি আফগানিস্তানৰ চহৰসমূহত আৰু পাৰস্য উপসাগৰীয় দেশসমূহত উৰ্দু ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ ...

বঙালী ভাষা

বঙালী, বঙলা বা বাংলা হৈছে দক্ষিণ এছিয়াৰ পূৰ্বপ্ৰান্তৰ এটা ইন্দো-আৰ্য ভাষা। সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে। বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত বঙ্গ বা বাংলা নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। এই অঞ্চলত বৰ্তমানে ৰাজনৈতি ...

উড়িয়া ভাষা

উড়িয়া ଓଡ଼ିଆ oṛiā ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ ১৯৯৬ চনৰ হিচাব অনুযায়ী লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই উৰিষ্যা ৰাজ্যৰ অধিবাসী। ইয়াৰ ...

পঞ্জাবী ভাষা

পঞ্জাবী বা পাঞ্জাৱী ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পঞ্জাবী বা লাণ্ডা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা। ইয়াৰ উপৰিও আফগানিস্তান, বাংলাদেশ, ...

লেটিন ভাষা

লেটিন ভাষা ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে। লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল। ৰোমান গণতন্ত্ৰৰ শক্তি বিস্তাৰৰ লগে লগ ...

আৰবী ভাষা

আৰবী ভাষা ছেমিটীয় ভাষা পৰিয়ালৰ জীৱন্ত সদস্যসমূহৰ মাজত বৃহত্তম ভাষা। এইটো এটা কেন্দ্ৰীয় ছেমিটীয় ভাষা আৰু হিব্ৰু আৰু আৰামীয় ভাষাৰ সৈতে এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। আধুনিক আৰবীক এটা "মাক্ৰোভাষা" আখ্যা দিয়া হয়; ইয়াৰ ২৭ ৰকমৰ উপভাষা ISO 639-3-ত ...

ভূগোল

ভূগোল হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ইৰেটস্থেনিছ । ভূগোলৰ গৱেষণাৰ ...

মানৱ ভূগোল

ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।

কামপুৰ মহাবিদ্যালয়

নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল কামপুৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৬৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত এই কামপুৰ মহাবিদ্যালয় ।

স্বপ্নালী গগৈ

সময়ৰ সংশ্লেষ, ২০১৪, প্ৰবন্ধ সংকলন Fuzzy Rule-based Modelling on River Study বিমান চন্দ্ৰ চেতিয়াৰ সৈতে যুতীয়াভাৱে Advanced Topics on River Study সাধনাৰ চন্দ্ৰকমল, ২০১৭, ৰচনাৱলী লক্ষীমপুৰৰ ভূগোল, ২০১৮, প্ৰবন্ধ সংকলন

মহম্মদ তাহেৰ

মহম্মদ তাহেৰ স্বাধীনতা-উত্তৰ কালৰ অসমৰ এগৰাকী ভূগোল বিজ্ঞানী, কৃতী শিক্ষক, শিক্ষাবিদ আৰু সু-লেখক। অসমীয়া আৰু ইংৰাজী দুয়োটা বিষয়তে তেখেত পাৰদৰ্শী আছিল। তেখেতে ৰাষ্ট্ৰীয় মানচিত্ৰ সংস্থা -ত গৱেষক ৰূপে যোগদান কৰিছিল। তাহেৰে গুৱাহাটী বিশ্ববিদ্যালয ...

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় ১৯৪৫ চনৰ ১৫ জুনত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত। ড॰ সৰ্বপল্লী ৰ ...

মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়

মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ১৯৬৩ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনত মুঠ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৮০০ গৰাকী। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ ম ...

ডিব্ৰু মহাবিদ্যালয়

ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্যি শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা ডিব্ৰু মহাবিদ্যালয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য মহাবিদ্যালয়। বৰ্তমান মহাবিদ্যালয়খনে ২ ...

অৰুণোদই

অৰুনোদই অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ। এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশ পায়। এইখন সংবাদ পত্ৰই আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পাৰি কাৰণ এই আলোচনীৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন ...

বজালী মহাবিদ্যালয়

বজালী মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয় বৰপেটা জিলাৰ পাঠশালা চহৰত অৱস্থিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ ৰ "A" শ্ৰেণীৰ মহাবিদ্যালয়ৰূপে স্বীকৃত হৈছিল। ...

গুৱাহাটী মহাবিদ্যালয়

গুৱাহাটী মহাবিদ্যালয় অসমৰ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৪ চনত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।