ⓘ Free online encyclopedia. Did you know? page 80

সুবাসনা দত্ত

সুবাসনা দত্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। মুনিন বৰুৱা পৰিচালিত ৰং নামৰ চলচ্চিত্ৰত জুবিন গাৰ্গৰ সহিত কণ্ঠদান কৰি তেওঁ সঙ্গীত জগতত প্ৰথম প্ৰবেশ কৰে। তেওঁ বিহু এলবাম আৰু অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰিছে। অপ্সৰা আৰু পখিলা নামৰ গানৰ এলবামৰ বাবে তেওঁ বিশেষভ ...

সোণেশ্বৰ বৰা

সোণেশ্বৰ বৰা অসমৰ এজন স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী। ১৯৭৮ চনত তেওঁ জনতা দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অসমৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ পথ-প্ৰদৰ্শক হিচাপে অভিহিত কৰা হয়। দুখীয়া কৃষকসকলৰ ...

হলিচৰণ নাৰ্জাৰী

হলিচৰণ নাৰ্জাৰী এজন অসমীয়া ফুটবল খেলুৱৈ। তেওঁ ভাৰতৰ ক্লাব ফুটবলৰ সৰ্বোচ্চ প্ৰতিযোগিতা আই-লীগত ডেম্পোৰ হৈ আৰু ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ফৰৱাৰ্ড স্থানত খেলে।

হলীৰাম ডেকা

হলীৰাম ডেকা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া আৰু সাহিত্যিক। গুৱাহাটীত প্ৰাগজ্যোতিষ কলেজ প্ৰতিষ্ঠাকে ধৰি ভালেমান সামাজিক কৰ্মত তেওঁ শেষ বয়সত মনোনিবেশ কৰিছিল। নতুন প্ৰতিভা বিচাৰি উলিওৱা, উল্লেখনীয় বৈশিষ্ট্য উপলব্ ...

হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য

হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক আছিল। ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

হিৰণ্য চন্দ্ৰ ভূঞা

ড॰ হিৰণ্য চন্দ্ৰ ভূঞা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় গৰাকী উপাচাৰ্য। অসমত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা অসমীয়া বিজ্ঞানীসকলৰ ভিতৰত তেওঁ অন্যতম।

হেম সৰস্বতী

হেম সৰস্বতী এজন চতুৰ্দশ শতিকাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ অসমীয়া কবি৷ কমতাধিপতি দুৰ্লভনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত তেওঁ "প্ৰহ্লাদ চৰিত্ৰ" আৰু "হৰগৌৰী-সংবাদ" নামৰ দুখন কাব্য গ্ৰন্থ ৰচনা কৰে৷

হেমচন্দ্ৰ গোস্বামী

হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বি ...

হৰিদেৱ

হৰিদেৱ আছিল অসমত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক। তেখেতে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল। এই এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচা ...

হৰিবৰ বিপ্ৰ

চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ জৈমিনী ...

ৰংফাৰ্পি ৰংবে

ৰংফাৰ্পি ৰংবে বা কাৰেং ৰংফাৰ্পি ১৯শ শতাব্দিত খাচীয়া পাহাৰত বাস কৰা মিকিৰ জনগোষ্ঠীৰ এগৰাকী সাহসী মহিলা আছিল। তেওঁ অন টেৰণ বা বেৰে ৰেচবঙৰ পত্নী আৰু থং নকবে টেৰণৰ মাতৃ আছিল। তেওঁলোক খাচিয়া পাহাৰৰ ৰংফাৰ গাঁওত বাস কৰিছিল।

ৰজনীকান্ত বৰদলৈ

ৰজনীকান্ত বৰদলৈ ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতা উপন্যাস-সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অতীতৰ অসমৰ বহুতো গৌৰ ...

ৰত্নকান্ত বৰকাকতী

ৰত্নকান্ত বৰকাকতী জন্ম:১৮৯৭- মৃত্যু:১৯৬৩) হৈছে অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ আন এক জনপ্ৰিয় কবি। তেওঁক শেৱালি কবি উপনামেৰে জনা যায়। নৱন্যাসিক যুগৰ আন কবিসকলৰ দৰে তেওঁৰ কবিতাত প্ৰেমৰ মানস প্ৰতিমাই ঢৌ তুলিছে। শাৰীৰিক সুষমাৰ উৰ্দ্ধত হৃদয়ৰ গভীৰতাত ...

ৰফিকুল হুছেইন

ৰফিকুল হুছেইন অসমৰ এগৰাকী কবি তথা নাট পৰিচালক। তেখেতে ষাঠিৰ দশকৰ শেষৰ ভাগত কবি হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৫৪ চনত অসমৰ গোলাঘাট জিলাৰ বোকাখাতত জন্মলাভ কৰিছিল।

ৰবীন দে

ৰবীন দে অসমৰ এগৰাকী প্ৰসিদ্ধ থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা। তেওঁ অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে ৰংমন ছদ্মনামেৰেহে বেছিকৈ পৰিচিত। ৰংমন ছদ্মনামত তেওঁ ৰচনা কৰা দস্যু ভাস্কৰ শৃংখলা অত্যন্ত জনপ্ৰিয় হৈছিল। তেওঁ পৱন চিৰিজো ৰংমন নামেৰে ৰচনা কৰিছিল। দস্যু ...

ৰবীন বৰ

ৰবীন বৰ অসমৰ গুৱাহাটীৰ এগৰাকী চিত্ৰশিল্পী। ২০০৮ চনত ৰবীন বৰে জি টিভি ৰ চাব্বাছ ইণ্ডিয়া শীৰ্ষক অনুষ্ঠানটোত অংশ লৈ এক মিনিটত ৫০খন ছবি আঁকি এক অভিলেখ স্থাপন কৰে। এওঁ আনকি সোঁহাত, বাঁওহাত, ভৰি আৰু মুখেৰে দুৰন্ত গতিত ছবি আঁকিব পাৰে। তেওঁ একেলগে একে স ...

ৰবীন্দ্ৰ সৰকাৰ

ৰবীন্দ্ৰ সৰকাৰ অসমৰ এগৰাকী বিশিষ্ট কবি,নাট্যশিল্পী, অনুবাদক। সত্তৰ দশকতে অসমীয়া সাহিত্যৰ জগত‍ত আত্মপ্ৰকাশ কৰা ৰবীন্দ্ৰ সৰকাৰৰ‍ৰ কবিতাত মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰভাৱ দেখা যায়। কবিতাৰে তেওঁ সাম্যবাদ প্ৰতিষ্ঠাৰ বাবে জনগনক আহ্বান জনাইছে। তেওঁৰ কবিতাৰ ...

ৰমেন বৰুৱা

ৰমেন বৰুৱা অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ১৯৪০ চনত তেখেতৰ জন্ম হয়। মাত্ৰ ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া ভাবে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক ...

ৰাকেশ বণিক

ৰাকেশ বণিক এগৰাকী অসমীয়া পেৰা-চাইক্লিষ্ট। সৰ্বভাৰতীয় পৰ্যায়ত পেৰা- চাইক্লিষ্ট ৰূপে তেওঁ নেতৃস্থানীয়। ২০১২ চনৰ জুন মাহত এটা দুৰ্ঘটনাত পতিত হৈ বণিকে তেওঁৰ সোঁ-ভৰিটো হেৰুৱায় যদিও নিজৰ যত্ন, একাগ্ৰতা আৰু পৰিশ্ৰমৰ জোৰত কম সময়তে এগৰাকী চাইক্লিষ্ট ...

ৰাঘৱ চন্দ্ৰ ডেকা

ৰাঘৱ চন্দ্ৰ ডেকা এগৰাকী ভাৰতীয় ভূ-চুম্বকীয় বিজ্ঞানী তথা দক্ষিণ মেৰুত বা এণ্টাৰ্কটিকাত খোজ পেলোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি। ১৯৮৭ চনৰ ২৫ নৱেম্বৰত কুমেৰু অভিমুখে যাত্ৰা কৰা সপ্তম ভাৰতীয় কুমেৰু অভিযাত্ৰী দলৰ তেওঁ এজন সদস্য আছিল। তেওঁ এণ্টাৰ্কটি ...

ৰাধানাথ ফুকন

ৰাধানাথ ফুকন অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছ ...

ৰাম সৰস্বতী

ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি। তেওঁ প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল বুলি কোৱা হয়। ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ দৃষ্টি ৰাখি ৰাম সৰস্বতীক ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই "অসমীয়া ব্যাস" আখ্যা দিছে। মহাৰজা নৰনা ...

ৰামেশ্বৰ পাঠক

অসমৰ বৰপেটা জিলাৰ ভেল্লা ত ১৯৩৮ চনৰ ১ মাৰ্চত ৰামেশ্বৰ পাঠকৰ জন্ম হয়। ১৯৫৮ চনত স্কুলীয়া শিক্ষা সাং কৰি এখেতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে। সেই সময়তে এখেতে সংগীত শিক্ষাতো মনোনিৱেশ কৰে। পণ্ডিত দয়াল চন্দ্ৰ সূত্ৰধাৰৰ তত্ত্বাৱধানত ...

ৰিয়ান পৰাগ

ৰিয়ান পৰাগ জন্ম: ১০ নৱেম্বৰ ২০০১ এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। তেওঁৰ পিতৃ পৰাগ দাস আৰু মাতৃ মিঠু বৰুৱা দাস। তেওঁৰ পিতৃ পৰাগ দাস এজন প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ আৰু মাতৃ মিঠু বৰুৱা দাস এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাতোঁৰবিদ। তেওঁ ২০১৭ চনৰ ২৯ জান ...

ৰুবুল মাউত

ড° ৰুবুল মাউত হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেত, জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে তেখেতৰ বৰ্তমান গৱেষণাৰ বিষয়। তেখে ...

ৰূপম ভূঞা

ৰূপম ভূঞা অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী,সুৰকাৰ আৰু সংগীত পৰিচালক। তেওঁ অসমীয়া ভাষাৰ বাহিৰেও হিন্দী,বাংলা,ৰাজস্থানী আদি ভাষাৰ গানো গাইছে। ইয়াৰ উপৰিও তেখেতে উত্তৰ-পূৱৰ কুকি ভাষাতো গীত গাইছে লগতে চাহ-বাগানৰ গীতো গাইছে। তেওঁ নৰ্থ-ইষ্ট ব্ৰীজ নামৰ এটা ...

ৰেৱকান্ত মহন্ত

ৰেৱকান্ত মহন্ত এগৰাকী ভাৰতীয় অংকীয়া নাট আৰু মুখা শিল্পী। অসমৰ মুখা শিল্প জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ ২০১৪ চনৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে।

ৰেৱতী চেত্ৰী

ৰেৱতী চেত্ৰী এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল। ৰেৱতীয়ে ২০১৬ চনৰ চীনৰ বেইজিংত অনুষ্ঠিত হোৱা ৱৰ্ল্ড মিছ উনিভাৰ্ছিটি প্ৰতিযোগিতাত মিছ এছিয ...

কিৰিত প্ৰদ্যুৎ দেৱ বৰ্মন

কিৰিত প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মন বাহাদুৰ এগৰাকী ভাৰতীয় ৰাজনীতিক। বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ পৰিয়ালৰ মুখীয়াল আৰু ১৮৬ তম ৰজা । তেওঁ দিল্লীত জন্ম হৈছিল, আৰু বৰ্তমান তেওঁ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাৰ বাসিন্দা। তেওঁ দ্য নৰ্থইষ্ট টুডে নামৰ বাৰ্তালোচনীখনৰ ...

শচীন দেৱবৰ্মণ

শচীন দেৱবৰ্মণ বিংশ শতাব্দীত ভাৰতীয় বাংলা গানৰ কিংবদন্তীতূল্য আৰু জনপ্ৰিয় সঙ্গীত শিল্পী। প্ৰায়: তেওঁক এচ, ডি, বৰ্মণ হিচাপে উল্লেখ কৰা হয়। কিছু অনুনাসিক কণ্ঠস্বৰৰ বাবে তেওঁ তেওঁৰ শ্ৰোতাসকলৰ মাজত বিশেষভাবে পৰিচিত। বিগত প্ৰায় এশ বছৰেও বাংলা গানৰ ...

আংগামী জাপো ফিজ’

আংগামী জাপো ফিজ’ এগৰাকী নগা সংগ্ৰামী নেতা ৷ তেওঁৰ নেতৃত্বত নাগা নেশ্যনেল কাউন্সিল -এ সশস্ত্ৰ সংগ্ৰামৰ যোগেদি ভাৰতৰ পৰা পৃথক এক দেশৰ দাবী জনাইছিল৷ তেওঁক অনুগামীসকলে ’নগাসকলৰ পিতৃ’ ৰূপে গণ্য কৰে৷

টেটচিও চিষ্টাৰ্চ

টেটচিও চিষ্টাৰ্চ বা টেটচিও ভগ্নীগণ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ চাৰি গৰাকী ভগ্নীৰ দল বা বেণ্ড। তেওঁলোক নাগালেণ্ডৰ লোকসংগীত, কলা আৰু পৰম্পৰাৰ প্ৰতি উৎসৰ্গিত আৰু শিশুকালৰ পৰা মঞ্চত প্ৰদৰ্শন কৰি আহিছে।

ইমন চক্ৰৱৰ্তী

ইমন চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ ফিল্মী, স্বতন্ত্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগত জড়িত। ইমন চক্ৰৱৰ্তীয়ে ২০১৭ চনত বঙালী ভাষাৰ ছবি প্ৰাক্তনত তেওঁৰ গীত "তুমি যাকে ভালোবাসো"ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় ...

ইৰম চানু শৰ্মীলা

ইৰম চানু শৰ্মীলা ১৯৭২ চনৰ মাৰ্চ মাহৰ ১৪ তাৰিখে মণিপুৰত জন্মগ্ৰহণ কৰে। তেওঁক মণিপুৰৰ লৌহ মহিলা "Iron Lady of Manipur" বা "Menghoubi" বুলিও কোৱা হয়। যোৱা ২০০০ চনৰ ২ নবেম্বৰৰ পৰা তেওঁ মণিপুৰৰ পৰা সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ Act, 1958) বাতি ...

চেমিনলেন দংগেল

চেমিনলেন দংগেল ইংৰাজী: Seminlen Doungel এজন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ বৰ্তমান আই-লীগত শ্বিলং লাজং দলত আৰু ইণ্ডিয়ান চুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড দলত ফৰৱাৰ্ড স্থানত খেলে।

অকণ

অকণ ১৯৮০ চনত মুক্তি পোৱা জি বি চি প্ৰডাকচনচৰ বেনাৰত নিৰ্মিত, গৌৰী বৰ্মন পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা চিৰঞ্জীলাল চৌধুৰীৰ। পৰিচালক গৌৰী বৰ্মনৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য লিখিছে নিৰোদ চৌধুৰীয়ে। অকণ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ।

অগ্নিস্নান

অগ্নিস্নান হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে। ভ ...

অজেয়

অজেয় জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৪ চনৰ ৩ জানুৱাৰীত এই ছবিখনে মুক্তি পায়। শিৱেন আৰ্টছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক শংকৰ লাল গোৱেংকা। এই কথাছবিখনৰ কাহিনী অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী আশীৰ্বাদৰ ...

অথেলো (চলচ্চিত্ৰ)

অথেলো হৈছে ২০১৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক আছিল হেমন্ত কুমাৰ দাস। মানবেন্দ্ৰ অধিকাৰীয়ে অৰ্থ ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছিল। ৰঞ্জিত শৰ্মাই ৰচনা কৰা কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা ছবিখনে ২০১৫ চনত "শ্ৰেষ্ঠ অসমীয় ...

অদম্য

অদম্য হৈছে ২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত বসন্ত কুমাৰ বৰুৱা আৰু ববী শৰ্মা বৰুৱাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা আৰু কাহিনী ববী শৰ্মা বৰুৱাৰ। এইচ আই ভি এইড্‌ছ ৰোগ আ ...

অদাহ্য (চলচ্চিত্ৰ)

অদাহ্য ইংৰাজী: Adajya ; ভাৱানুবাদ: The Flight হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত ...

অধিনায়ক (চলচ্চিত্ৰ)

অধিনায়ক হৈছে ২০০৬ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অভিনেতা যতীন বৰাই এইখন ছবিৰ জড়িয়তে প্ৰথম চলচ্চিত্ৰ পৰিচালনাত হাত দিয়াৰ লগতে নিজে মুখ্য চৰিত্ৰত অভিনয়ো কৰে। কাহিনী মুনিন বৰুৱাৰ আৰু কাৰিকৰী উপদেষ্টা হিচাপে থাকে ...

অনিৰ্বাণ (চলচ্চিত্ৰ)

অনিৰ্বাণ ১৯৮১ চনত মুক্তি লাভ কৰা এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড: ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত দ্বিতীয়খন ছবি। ড: শইকীয়াৰ অন্যান্য ছবিৰ দৰে এইখনৰো কাহিনী তেখেতৰে এটা চুটিগল্পৰ পৰা লোৱা হৈছিল। গল্পটো আছিল প্ৰহৰী; ৰচনা কাল ১৯৬০ চন। ছবিখনত ক ...

অনুৰাধা (চলচ্চিত্ৰ)

অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নাৰীকেন্দ্ৰিক কাহিনীৰ এই ছবিখনৰ পৰিচালক ৰাকেশ শৰ্মা। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত থাকে অনুপম বৈশ্য আৰু অনিন্দিতা কলিতা। এম এল এণ্টাৰটেইনমেণ্ট আৰু চিনে ড্ৰীম আনলিমিটেড ৰ বেনাৰত ছ ...

অন্তহীন যাত্ৰা

অন্তহীন যাত্ৰা হৈছে ২০০৪ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. লিমিটেডৰ বেনাৰত প্ৰাঞ্জল ভৰালী আৰু ছবি ভৰালীয়ে প্ৰযোজনা কৰা ড o মামণি ৰয়ছম গোস্বামীৰ এটি গল্পৰ ভিত্তিত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে মুন্না আহমেদে। চি ...

অপৰাজেয় (চলচ্চিত্ৰ)

অপৰাজেয় ১৯৭০ চন ৬ মেত মুক্তিপ্ৰাপ্ত সমান্তৰাল ধাৰা বা কলাত্মক ধাৰাৰ প্ৰভাৱপুষ্ট প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন কলা:-বগাকৈ নিৰ্মাণ কৰা হৈছিল। ফণী তালুকদাৰৰ মোৰে মলুৱা শীৰ্ষক অঁনাতাৰ নাটক এখনৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন চতুৰঙ্গ ...

অপৰূপা

অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ। বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নাম ...

অবুজ বেদনা (চলচ্চিত্ৰ)

অবুজ বেদনা ১৯৯৩ চনত গুণসিন্ধু হাজৰিকাৰ পৰিচলনাত প্ৰথমখন অসমীয়া শিশু কথাছবি। এইখন অসমীয়া চিনেমা বছৰটোৰ শেষত ডিচেম্বৰ মাহত ছবি ঘৰত দেখিবলৈ পোৱা গৈছিল।

অভদ্ৰ (চলচ্চিত্ৰ)

অভদ্ৰ হৈছে ২০১৪ চনৰ ৯ মেত মুক্তি লাভ কৰা এখন অসমীয়া বিনোদনধৰ্মী চলচ্চিত্ৰ। এ-টু ক্ৰিয়েছন্‌ছৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা কৰে অৰূপ অধিকাৰী আৰু ৰচনা অধিকাৰীয়ে। পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অমন কুমাৰৰ। মুম্বাইৰ প্ৰযোজক অৰূপ অধিকাৰীয়ে ই ...

অভিমান

অভিমান ১৯৯০ চনত মুক্তি পোৱা এম জে ফিল্মৰ বেনাৰত নিৰ্মিত মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সঙ্গীত পৰিচালনা প্ৰশান্ত বৰদলৈৰ।