ⓘ Free online encyclopedia. Did you know? page 81

অৰণ্য (চলচ্চিত্ৰ)

অৰণ্য ১৯৭১ চনত মুক্তি পোৱা এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰি্চালক আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু প্ৰযোজক আছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচন।সঙ্গীত সুধীন দাশগুপ্তৰ। চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক বিষয়বস্ত হিচাপে লৈ ছবিৰ কাহিনী ৰচনা কৰা হৈছিল ...

আই কত নাই

আই ক’ত নাই ২০০৯ চনত মুক্তি পোৱা এ এচ প্ৰডাকচনচ প্ৰাইভেট লিমিটে়ডৰ বেনাৰত নিৰ্মিত মঞ্জু বৰা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা ৰাজেন বৰা আৰু মঞ্জু বৰাৰ। সঙ্গীত পৰিচালনা আইজাক থমাচ কট্টুকাপল্লীৰ। ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত ...

আইদেউ

আইদেউ, ২০০৭ চনত মুক্তিপ্ৰাপ্ত, অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"ৰ নামভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চলচিত্ৰ। ছবিখনত আইদেউ সন্দিকৈৰ নিজৰ দৃশ্যও সম্বলিত হৈছে। অৱশ্যে ছবিখন মুক্তিৰ আগতেই তেখেতৰ মৃত্যু হয় ...

আকাশীতৰাৰ কথাৰে

আকাশীতৰাৰ কথাৰে. হৈছে ২০০৩ চনৰ ১৪ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি৷ ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু গৱেষণা হৈছে মঞ্জু বৰাৰ৷ চিত্ৰা কমিউনিকেচনচৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখনৰ এটি গীতত কণ্ঠদান কৰি ছবিখনৰ সংগীত পৰিচালক তৰালি শৰ্মাই ...

আজলী নবৌ

আজলী নবৌ ১৯৮০ চনত মুক্তি পোৱা এন চি প্ৰডাকচনৰ বেনাৰত এন চি দত্ত প্ৰযোজিত আৰু নিপ বৰুৱা পৰিচালিত এখন ৰঙীন অসমীয়া বোলছবি। ছবিখনে সেইসময়ত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। এইখন প্ৰথম অসমীয়া ইষ্টমেন কালাৰৰ ছবি। বঙালী সাহিত্যিক প্ৰভাৱতী দেৱী সৰস্বতীৰ ব ...

আজান ফকীৰ চাহেব

আজান ফকীৰ চাহেব হৈছে বাণী কলিতা পৰিচালিত আৰু আছিফ ইকবাল হুছেইন প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০৮ চনৰ ২৫ এপ্ৰিল তাৰিখে চলচ্চিত্ৰখন মুক্তি দিয়া হয়। বাগদাদৰ পৰা অসমলৈ অহা ছুফী সন্ত আজান ফকীৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি বোলছবিখন নিৰ্মাণ কৰা হয়।

আদালত (চলচ্চিত্ৰ)

আদালত ১৯৭৬ত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালক, প্ৰযোজক, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে। ...

আমাৰ ঘৰ

আমাঘৰ ১৯৫৯ চনত মুক্তি পোৱা এখন অসমীয়া কথাছবি। কাহিনী আৰু পৰিচালনা নিপ বৰুৱাৰ। কামৰূপ কলা মন্দিৰৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল অমলেন্দু বাগচীয়ে। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। সঙ্গীত পৰিচালক আছিল ব্ৰজেন বৰুৱা। ছবিখনত চাৰিটা ...

আমিষ (চলচ্চিত্ৰ)

আমিষ ২০১৯ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ মনস্তাত্ত্বিক হৰৰ ছবি। চলচ্চিত্ৰখনৰ পৰিচালক আৰু লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকা। ছবিখনৰ মুখ্য চৰিত্ৰত নৱাগত লিমা দাস আৰু অৰ্ঘ্যদ্বীপ বৰুৱায়ে অভিনয় কৰিছে। ছবিখনৰ অন্যান্য সহকাৰী ...

আলোকৰ আহ্বান

আলোকৰ আহ্বান ১৯৮৩ৰ এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মচৰ। সঙ্গীত নয়নৰ। ছবিখনে ১৯৮৩ৰ ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ভাষা শিতান শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। বিমল আৰু পূৰবীৰ ভাওত অভ ...

আৰোহী

আৰোহী হৈছে ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা অৰূপ মান্নাৰ। বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিশুশিল্পী শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু ...

আৱৰ্তন (চলচ্চিত্ৰ)

আৱৰ্তন) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ। ড॰ শইকীয়া এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল। এই ছবিখনৰ এটা বিশেষ বৈশিষ্ট্য এয়ে যে এইগৰাকী পৰিচালকৰ অন্যান্য ছবিৰ দৰে ইয়াৰ কাহিনী ...

ইটো সিটো বহুতো

ইটো সিটো বহুতো ২২ নৱেম্বৰ ১৯৬৩ চনত মুক্তি পোৱা প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। ছবিৰ পৰিচালনা, চিত্ৰনাট্য আৰু সঙ্গীত ব্ৰজেন বৰুৱাৰ। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। এটা বিদেশী গল্প ...

ইন্দ্ৰমালতী (চলচ্চিত্ৰ)

ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ। প্ৰথম অসমীয়া কথাছবি জয়মতীৰ ব্যৱসায়িক বিপৰ্য্যয়ৰ পাছত কম খৰচতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ঘাইকৈ জয়মতী-ত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ ক ...

ঈশ্বু

”ঈশ্বু” উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ মূল কাহিনী মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ এখন উপন্যাসৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনে গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ ঈশ্বু নামৰ শিশুজনৰ দৃষ্টিৰে অসমৰ ডাইনী হত্যাৰ ...

এই মাটিতে (চলচ্চিত্ৰ)

‘’’এই মাটিতে’’’ ডাইনী হত্যাৰ আধাৰত নিৰ্মিত, ৬ অক্টোবৰ ২০১৭ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চিনেমা। ছবিখন পৰিচালনা, কাহিনী, সংলাপ, গীত ৰচনা ড° সীতানাথ লহকৰৰ। তেখেতৰে এখন মঞ্চনাট ‘তমসা’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।

একত্ৰিশ জুন

একত্ৰিশ জুন প্ৰথম অসমীয়া ফেণ্টাচী ছবি। তুৰংগ ফিল্মছৰ বেনাৰত উনেম আহমেদ আৰু লক্ষ্মণ শ্বাহ প্ৰযোজিত আৰু ভাস্কৰ বৰা পৰিচালিত এই ছবিখন ১৯৯৪ৰ ৮ এপ্ৰিলৰ দিনা মুক্তি পাইছিল।

এখন নেদেখা নদীৰ সিপাৰে

এখন নেদেখা নদীৰ সিপাৰে হৈছে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে বোলছবিখন প্ৰযোজনা কৰে। চলচ্চিত্ৰখনৰ পৰিচালক মুম্বাই চহৰৰ বাসিন্দা অসমীয়া পৰিচালক বিদ্যুত কটকী।

এণ্টনী মোৰ নাম (চলচ্চিত্ৰ)

এণ্টনী মোৰ নাম ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত এখন এক্সন আৰু ৰহস্য ধৰ্মী অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন নিপ বৰুৱাই পৰিচালনা কৰিছিল। শইকীয়া এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল ধৰ্মকান্ত শইকীয়াই।

এৰা বাটৰ সুৰ

এৰা বাটৰ সুৰ ভূপেন হাজৰিকা পৰিচালিত আৰু বি পি ফিল্মছ প্ৰযোজিত এখন কলা-বগা অসমীয়া বোলছবি। ৩০ নবেম্বৰ, ১৯৫৬ত ছবিখনে মুক্তি পাইছিল। এইখন ড॰ ভূপেন হাজৰিকা পৰিচালিত প্ৰথম ছবি। ছবিৰ কাহিনী, সঙ্গীত আৰু গীত ৰচনাও হাজৰিকাৰে আছিল।

ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)

ওপজা সোণৰ মাটি ১৯৭২ চনত মুক্তি পোৱা সমবায় আন্দোলনৰ ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি । এই ছবিখনৰ শ্বুটিং হৈছিল লক্ষী ...

ককাদেউতা নাতি আৰু হাতী

ককাদেউতা নাতি আৰু হাতী কথাছবিখন এন. চি প্ৰডাকচনৰ বেনাৰত ১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পাইছিল। চলচ্চিত্ৰখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু প্ৰযোজনা আছিল এন.চি. দত্তৰ। ৮০ৰ দশকত চলচ্চিত্ৰখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।

কণিকাৰ ৰামধেনু

কণিকাৰ ৰামধেনু হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়। ২০০২ চনৰ অক্টোবৰত দিল্লীৰ আই এফ আই ৰ ইণ্ডিয়ান পেনোৰোমাত আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱ ত এই চলচ্চিত্ৰ খন প্ৰদৰ্শ ...

কদমতলে কৃষ্ণ নাচে

কদমতলে কৃষ্ণ নাচে হৈছে, ২০০৫ চনৰ ২ চেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সুমন হৰিপ্ৰিয়া পৰিচালিত এই ছবিখনে ৫৩-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে।

কন্যাদান (চলচ্চিত্ৰ)

কন্যাদান ২০০২ চনত মুক্তি প্ৰাপ্ত এখন অসমীয়া পাৰিবাৰিক চলচ্চিত্ৰ। চি এছ নাৰায়ণ আৰু স্বৰাজ দাসৰ দ্বাৰা প্ৰযোজিত আৰু মুনিন বৰুৱা দ্বাৰা পৰিচালিত চলচ্চিত্ৰ খনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, মৃদুলা বৰুৱা, ভাস ...

কল্লোল (চলচ্চিত্ৰ)

কল্লোল অতুল বৰদলৈ পৰিচালিত এখন কলা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷

কাঁচঘৰ

কাঁচঘৰ ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয়ৰ। কাঁচঘৰ তেওঁলোকৰ প্ৰথম আৰু একমাত্ৰ পৰিচালিত ছবি৷ পৰিচালকদ্বয় মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী দিশৰ প্ৰশিক্ষিত লোক আছিল৷ তেওঁলোক ...

কাঞ্চনজংঘা (চলচ্চিত্ৰ)

কাঞ্চনজংঘা হল ২০১৯ চনত মুক্তি পোৱা আই ক্ৰিয়েছন প্ৰডাকচন ৰ বেনাৰত নিৰ্মাণ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।

কানীন (চলচ্চিত্ৰ)

কানীন হৈছে ২০১৯ চনৰ ২২ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন শিৱম ক্ৰিয়েচনৰৰ বেনাৰত মঞ্জুল বৰুৱাই পৰিচালনা কৰিছে। ড॰ ৰীতা চৌধুৰীৰ উপন্যাস ৰাজীৱ ঈশ্বৰৰ কাহিনীৰ আধাৰত কানীনৰ চিত্ৰনাট্য লিখি উলিয়াইছে মঞ্জুল বৰুৱাই। সংলাপ মঞ্জুল ...

কুশল

কুশল হৈছে ২০০১ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ সৰুপথাৰৰ ৰেল দুৰ্ঘটনা আৰু কুশল কোঁৱৰৰ ফাঁচীৰ ঐতিহাসিক ঘটনাৰ আলমত ছবিখন নিৰ্মিত। ১৯৯৮ চনত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ...

কেঁচা সোণ

কেঁচা সোণ ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমীয়া কথাছবি। চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি. তেজপুৰ শাখাৰ উদ্যোগত এই ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ...

কেলেণ্ডাৰ (চলচ্চিত্ৰ)

কেলেণ্ডাৰ ২০১৮ৰ ৯ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিবলগীয়া এখন অসমীয়া চলচ্চিত্ৰ। এনাজৰী টকীজৰ বেনাৰত হিমজ্যোতি তালুকদাৰে ছবিখনৰ পৰিচালনা কৰিছে। ছবিখনত চৰিত্ৰসমূহত মলয়া গোস্বামী, অৰুণ নাথ, গুঞ্জন ভৰদ্বাজ আৰু ৰিমঝিম ডেকাই অভিনয় কৰিছে।

কোঁৱৰপুৰৰ কোঁৱৰ (চলচ্চিত্ৰ)

কোঁৱৰপুৰৰ কোঁৱৰ ২০১৭ বৰ্ষত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ৰোমান্টিক একশ্বনধৰ্মী এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু প্ৰযোজনা ৰজী ভূঞা আৰু নয়ন নীলিমৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নয়ন নীলিম আৰু নৱাগতা তাপশ্ৰী কলিতাই আৰু ...

কোলাহল (চলচ্চিত্ৰ)

কোলাহল হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে। চলচ্চিত্ৰখনে ...

কৰমা কে ৰাতি

কৰমা কে ৰাতি ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া আৰু ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া, ৰাজকুমাৰ, ৰিম্পী দাস, প্ৰিন্স, তৃষ্ণা কুৰ্মী, লবিন দাস আদিয়ে।

খোজ

খোজ ১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য,সংলাপ পুলক গগৈৰ। ভূপেন হাজৰিকাই সঙ্গীত পৰিচালনা কৰাৰ উপৰিও গীতো লিখিছে। এইখন চিত্ৰশিল্পী আৰু ৰাজনৈতিক কাৰ্টুনিষ্ট হিচাপে ইতিমধ্যে ...

গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)

গঙা চিলনীৰ পাখি ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালনা আৰু সঙ্গীত আছিল পদুম বৰুৱাৰ। পদুম বৰুৱা পৰিচালিত এইখন একমাত্ৰ কথাছবি। মুক্তিৰ পিছত গঙা চিলনীৰ পাখিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰা নাছিল। কিন্তু পিছলৈ ই ধ্ৰুপদী ছব ...

গানে কি আনে

গানে কি আনে হৈছে ২০১৬ চনৰ ১৪ অক্টোবৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাগা ফিল্ম্‌ছৰ বেনাৰত গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ আৰু ৰাজেশ যশপালে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ যশপালৰ। চিত্ৰনাট্য সহযোগী ইবছন লাল বৰু ...

গ্ৰহণ (চলচ্চিত্ৰ)

গ্ৰহণ হৈছে ২০১৪ চনৰ ২৭ জুনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি এম চি মেডিয়া প্ৰডাক্‌চনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰে এম চৌধুৰীয়ে আৰু পৰিচালনা কৰে তিলক শৰ্মাই। বিলকিচ মজুমদাৰৰ কাহিনীৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে দিগন্ত হাজৰ ...

গৰু (চলচ্চিত্ৰ)

গৰু ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ। হুচেইন মহম্মদ ছাহজাহানৰ চুটিগল্প ‘গৰু’ৰ আধাৰত চিত্ৰ ...

ঘৰ সংসাৰ (চলচ্চিত্ৰ)

ঘৰ সংসাৰ ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন পাৰিবাৰিক অসমীয়া চলচ্চিত্ৰ। শিৱ প্ৰসাদ ঠাকুৰ আছিল ছবিখনৰ পৰিচালক আৰু প্ৰযোজক আছিল আৰ বি মেহতা আৰু এন পি এন নায়াৰ। ছবিখনে বাণিজ্যিক ভাৱে যথেষ্ট সফলতা লাভ‌ কৰিছিল।

চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)

চাকনৈয়া হল শৈল বৰুৱাই পৰিচালনা কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ১৯৫৯ চনত মুক্তি লাভ কৰিছিল। বোলছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দুৰ্গেশ্বৰ বৰঠাকুৰৰ। সংগীত পৰিচালনা মুকুল বৰুৱাৰ। কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅত চলচ্চিত্ৰখনৰ শ্বুটিং হৈছিল আৰ ...

চামেলি মেমচাব

চামেলি মেমচাব হৈছে ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত সেউজ বোলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। অসমৰ চাহ বাগিছাৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত চাহ বাগিচাৰ এজন ব্ৰিটিছ মালিক আৰু বাগিছাখনত কাম কৰা এগৰাকী স্থানীয় শ্ৰমিক ...

চুমা পৰশতে

চুমা পৰশতে হৈছে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমীয়া চলচ্চিত্ৰ। নিৰি প্ৰডাক্‌চনৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু কাহিনী জোনমণি দেৱী খাউণ্ডৰ। অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দ ...

চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)

চুৰেণ চোৰৰ পুতেক হৈছে ২০০৫ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখন পৰিচালনা কৰে চন্দ্ৰ মুদৈয়ে আৰু নাম ভূমিকাত অভিনয় কৰে যতীন বৰাই। আন মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰস্তুতি পৰাশৰ আৰু নিশিতা গোস্বামীয়ে। অসমৰ যাদুশিল্প আৰু যাদুকৰসকলক কাহি ...

ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)

ছিৰাজ ১৯৪৮ চনত মুক্তি পোৱা ষষ্ঠ অসমীয়া কথাছবি। ছবিখন যুটীয়াভাবে পৰিচালনা কৰিছিল বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন ছিৰাজৰ আধাৰত পৰিচালক ...

জয়মতী (২০০৬ চলচ্চিত্ৰ)

জয়মতী হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।

জাংফাই জোনাক

জাংফাই জোনাক - From the shadow of silence হৈছে ২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। উৎপল কুমাৰ দাসে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে সঞ্জীৱ সভাপণ্ডিতে। ৪২তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাৰ ভাৰতীয় পেনো ...

জাতিঙ্গা ইত্যাদি

জাতিঙ্গা ইত্যাদি. হৈছে, ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বিনা পাটংগীয়া, স ...

জানমণি (২০১১ চলচ্চিত্ৰ)

জানমণি হৈছে ২০১১ চনৰ ১৫ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত ছবিখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ। ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে যতীন বৰা, শ্যামন্তিকা শৰ্মা, উৎপল দাস, মুনমী কলিতা, অৰুণ ...