ⓘ Free online encyclopedia. Did you know? page 91

আলি আঃয়ে লৃগাং

আলি আঃয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চত বা বহাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদি ...

ইবাঁকু বিচু

দেউৰীসকলেও অসমৰ আন জনগোষ্ঠীৰ দৰেই বসন্ত ঋতুত বসন্ত উৎসব পালন কৰে। তেওঁলোকে পালন কৰা এই উৎসৱটোক ইবাঁকু বিচু ব’হাগ বিহুৰ সমতুল্য নামেৰে জনা যায়। সাতদিন ধৰি এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ ব’হাগৰ প্ৰথম বুধবাৰে আৰম্ভ হয়। তেওঁলোকৰ পূজা-অৰ্চনা কৰাৰস্ ...

কাজিৰঙা হস্তী মহোৎসৱ

কাজিৰঙা হস্তী মহোৎসৱ ইংৰাজী: Kaziranga Elephant Festival হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি ...

কাতি বিহু

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি ব ...

কাহুৰী আইৰ পূজা

কাহুৰী আইৰ পূজা অসমত প্ৰচলিত এবিধ লোক-উৎসৱ। কাহুৰী আইৰ পূজা এক উল্লেখযোগ্য ধৰ্মীয়কৃত্য। কাহৰ অধিষ্ঠাত্ৰী দেৱীগৰাকীয়েই হৈছে কাহুৰী। বিশেষকৈ নৱগঠিত দৰং জিলা, অবিভক্ত কামৰূপ জিলা আৰু গোৱালপাৰা জিলাত এই পূজা প্ৰচলিত।

কেঁচাইখাঁতী পূজা

কেঁচাইখাঁতী পূজা হল নানা ধৰ্মীয় নিয়ম-নীতিৰে কেঁচাইখাঁতী গোঁসানীক বলিৰ তেজ দি উপাসনা কৰা এক পৰম্পৰাগত প্ৰথা। ভাৰতীয় শক্তি ৰূপৰ মূল আধাৰ আদ্যা শক্তিয়ে হল কেঁচাইখাঁতী গোসাঁনী। জাগ্ৰত গোসাঁনীয়ে কেঁচাই তেজ খাই বুলি বিশ্বাস। সেয়ে গোসাঁনীৰ সন্তোষৰ ...

কৰম পূজা

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূ ...

খেৰাই

খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে কাতি মাহত অক্টোবৰ -ডিচেম্বৰ খেতি চপোৱাৰ ঠিক আগে আগে উদ্‌যাপন কৰা হয়। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ ...

গৰখীয়া সবাহ

এই উৎসৱত গাঁৱৰ মানুহে গৰখীয়াসকলক নিজ ঘৰলৈ নিমন্ত্ৰন কৰে আৰু সভক্তিৰে নানাবিধ খাদ্যসম্ভাৰেৰে আপ্যায়িত কৰে। ইয়াৰ ভিতৰত প্ৰধান হ’ল চাউলগুৰি, কল, গুড় আদিৰে তৈয়াৰী ঘোল বা মোহনভোগ। হিন্দু ধৰ্মমতে গৰুক ভগৱানৰূপে জ্ঞান কৰা হয় আৰু যিহেতু গৰু ভগৱান শ ...

চমাংকান

চমাংকান কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বি সকলৰ চমাংকান হল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়। কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ ...

জেঠুৱা উৎসৱ

জেঠুৱা উৎসৱ অসমত জেঠ মাহত পালন কৰা এটা বিশেষ উৎসৱ । অসমত এই উৎসৱৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সেয়া জনা নাযায় । জেঠ মাহত লৰা- ছোৱালী জন্ম হলে তাক জেঠুৱা বুলি কোৱা হয়। সেয়ে বহাগ- জেঠ মাহৰ দোমাহীৰ দিনা এই উৎসৱ পাতে। উল্লেখযোগ্য যে,যাৰ ঘৰত জেঠ মাহত ...

জোনবিল মেলা

অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হল জোনবিল মেলা । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হ ...

টুচু পূজা

টুচু পূজা হৈছে চাহ জনজাতিসকলৰ এক প্ৰধান মাংগলিক উৎসৱ। টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌৰ পৰৱ বুলিও কোৱা হয়। চাহ জনজাতিসকলে টুচুক এগৰাকী দেৱীৰূপে পূজা কৰে। ব্ৰাহ্মণ পূজাৰীবিহ ...

দিহিং পাটকাই উৎসৱ

দিহিং পাটকাই উৎসৱ ইংৰাজী: Dehing Patkai Festival হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে। ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্‌যাপন কৰি অহা হ ...

দেউল

ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হল দৌল উৎসৱ । বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে। ...

দেহাল পূজা

দেওধনী নৃত্য এই পূজাৰ প্ৰধান অংশ। দেওধনীৰ নিৰ্দ্দেশমতে পূজাৰ কাম-কাজ হয়। সাধাৰণতে ফাগুন মাহৰ দেও আৰু সোমবাৰে এই পূজা হয়। পূজাৰ এক সপ্তাহ আগৰপৰা ৰাইজে গোট-পিত খাই আৰনাম আমোল অৰ্থাৎ ভগৱানৰ মেল পাতে আৰু এজন তালুকদাৰ নিৰ্বাচন কৰে। গাঁৱৰ ঘৰে-ঘৰে পূজ ...

ন-খোৱা উৎসৱ

ন-খোৱা হৈছে অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণমাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি কোৱা হয়। এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। ল ...

নন্দোৎসৱ

শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ প্ৰচলিত: জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। জন্মাষ্টমীৰ পিছদিনা ৰাতিপুৱাৰেপৰা সত্ৰ আৰু নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। লৰা-ছোৱালীসকলে সেইদিনা বোকা ভাওনা বা পেক যাত্ৰা কৰে। অৱশ্যে বোকাৰ লগত গোবৰ অথ ...

পঁচতি উৎসৱ

পঁচতি শব্দৰ সাধাৰণ অৰ্থ হল: লৰা-ছোৱালী ভূমিষ্ঠ হোৱাৰ পাঁচ দিনৰ দিনা কৰা জন্ম কৃত্য। পিছে পঁচতি বুলিলে আমি সাধাৰণ শিশুৰ জন্মৰ পঞ্চম দিৱসৰ উৎসৱক নুবুজোঁ; বুজোঁ চিৰশিশু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাঁচদিনৰ পাছত উদ্যাপিত উৎসৱটোকহে। জন্মাষ্টমীৰ পৰৱৰ্তী দিন ...

পঃৰাগ

পঃৰাগ মিচিং জনগোষ্ঠী লোকসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ, এই উৎসৱ ৫ দিন জুৰি উদ‍যাপন কৰা হয়। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাঁৱৰ ডেক ...

পাবুনি

পাবুনিত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহৰ ক্ষেত্ৰত প্ৰায় অন্যান্য জনগোষ্ঠীয় বাদ্যযন্ত্ৰৰ সৈতে অলপ-অচৰপ মিল দেখা যায়। পাবুনিত বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। সেইবোৰ হ’ল – ম”চি কাৰং মহৰ শিঙৰ পেঁপা, বাঁহী আৰু মাতা ধাকি ডাঙৰ ঢোল আদি। দুদুমাৰি, ...

ফাৰকান্তি

ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ মাজতহে এই ফাৰকান্তি উৎসৱৰ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই-বিনাই কান্দি একধৰণৰ শোকগীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰকান্তি গীত বোলা হয়। এ ...

বনগাঁও সভা মহোৎসৱ

বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত বনগাঁওৰ এক বছৰেকীয়া ধৰ্মোৎসৱ হৈছে বনগাঁও সভা মহোৎসৱ । শতবৰ্ষ গৰকা এই সভা মহোৎসৱ প্ৰতি বছৰে মাঘ-ফাগুণ মাহৰ ভীষ্মাষ্টমীৰ দিনাখন হোম-যজ্ঞৰে আৰম্ভণি কৰা হয়। বনগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলটোক মহামাৰী, অৰাজকত ...

বাঁহ পূজা

বাঁহ পূজা অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ এটি উল্লেখযোগ্য লোকানুষ্ঠান। মদন চতুৰ্দশীৰ দিনা এই পূজা এই জিলাত অনুষ্ঠিত হয়। নাৰীৰ প্ৰৱেশ ৰুদ্ধ এই পূজাত বাঁহ এডালক সুসজ্জিত কৰি বাঁহৰ জন্মৰপৰা চিতা নিৰ্মাণলৈকে সমস্ত কথাকে গীত আৰু নৃত্যৰ যোগেদি প্ৰকাশ কৰা ...

বাঁহ-গোসাঁই উৎসৱ

বাঁহ-গোসাঁই উৎসৱ অসমৰ এটা জনজাতীয় জনগোষ্ঠী শৰণীয়া কছাৰী লোকসকলৰ এক কৃষিমূলক লোক-উৎসৱ। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছা ...

বাইখো পূজা

বাইখো পূজা অসমৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ। সাধাৰণতে ইংৰাজীৰ এপ্ৰিল-মে’ আৰু অসমীয়া জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি এই উৎসৱ পালন কৰে। ঠাইভেদে বাইখো দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত ...

বাইথ’ পূজা

সোণোৱাল কছাৰীৰ লোক-সমাজত স্মৰণাতীত কালতেই স্থিতি লভা খ্ৰীং খ্ৰীং বাইথ’ পৰম্পৰা অসমৰ সাংস্কৃতিক জগতৰ অমূল্য সম্পদ। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰক কেন্দ্ৰ কৰি আগদিনা ৰ্অথাৎ দেওবাৰে‘দেও নমোৱা’ কাৰ্য্য ...

বাথৌ পূজা

বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড ...

বাম্বোল পিটা উৎসৱ

বাম্বোল পিটা উৎসৱ ভাদ মাহৰ পূৰ্ণিমা তিথিত নামনি অসমৰ দৰং জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বাক্সা, তামুলপুৰ আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা। মহোহোৰ দৰে এই উৎসৱতো উক্ত অঞ্চলৰ ডেকাহঁতে হাতত টোকোন, টকা পেঁপা আৰু ...

বাৰেচহৰীয়া ভাওনা মহোৎসৱ

বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। বাৰে মানে অনেক আৰু চহৰীয়া মানে ৰাইজ । গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। এই ভাওনাই প্ৰায় ২১৩ বছৰ ধৰি এ ...

বিহু

বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ ...

বুষু ডিমা

বুষু ডিমা হৈছে উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ ডিমাছা কছাৰী জনগোষ্ঠীৰ দ্বাৰা উদযাপিত সৰ্ববৃহৎ আৰু সৰ্বাগ্ৰগণ্য উৎসৱ। ডিমাছাসকল ঘাইকৈ অসমৰ আৰু চুবুৰীয়া নাগালেণ্ড ৰাজ্যৰ অধিবাসী। বুষু ডিবা মূলতঃ এক কৃষিভিত্তিক উৎসৱ। অতি উলহ মালহেৰে উদযাপিত এই উৎসৱ সাধা ...

বৈচাগু

বৈচাগু অসমৰ বড়ো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ। বৈচাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈচা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনালৈ সাতদিন জুৰি চলে। বহাগ বিহুৰ সৈতে বৈ ...

বৰত উৎসৱ

বৰত উৎসৱ বা বৰত পূজা অসম তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক ধৰ্মীয় লোক উৎসৱ। প্ৰাচীন অসমৰ তেতেলীয়া তিৱা ৰাজ্যত প্ৰচলিত এই বৰত উৎসৱ কাতি বিহুৰ আৰম্ভণিতে সৰস্বতী পূজা পালন কৰি প্ৰথম বৰত উৎসৱ পালন কৰি পুহ মাহৰ পূৰ্ণিমা ৰাতি মূল বৰত পূজা কৰি ...

ভঠেলি

প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন সংস্কৃতিত বিভিন্ন গছ পূজাৰ প্ৰচলন আছে। বিশ্বাস অনুসৰি ঠাই ভেদে মানুহে বিভিন্ন গছক পূজা কৰে। ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে। বহাগ বিহুক কেন ...

ভদীয়া নাম

ভদীয়া নাম ক ভাদ মাহৰ নাম বুলিও কোৱা হয়। ভাদ মাহ অসমৰ বৈষ্ণৱ সমাজৰ বাবে অসমীয়া বাৰমাহৰ এটি পবিত্ৰ মাহ। এই ভাদ মাহতে ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ জন্মও এই ভাদমাহতে হৈছিল। সেইবাবে ভাদ মাহক অসমীয়া সমাজ ...

ভুঁই-ৰোৱা উৎসৱ

ধান খেতিক কেন্দ্ৰ কৰি কামৰূপ জিলাত ভালেমান উৎসৱ তথা লোকাচাৰৰ প্ৰভাৱ দেখা যায়। তাৰ ভিতৰত ভুঁই ৰোৱা উৎসৱ বিশেষভাৱে উল্লেখযোগ্য। ভূঁইৰোৱা উৎসৱ সাধাৰণতে জেঠ বা আহাৰ মাহত পালন কৰা হয়। ইয়াক ভূঁইত ‘গজ’ দিয়া উৎসৱ বুলিও কোৱা হয়। এই উৎসৱ পালন কৰিবলৈ স ...

মহো-হো উৎসৱ

মহো-হো বা মহ খেদা উৎসৱ সাধাৰণতে নামনি অসমত উদযাপন কৰা এটা উৎসৱ। অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহো। তাৰপৰাই মহোহো শব্দ গঠিত হৈছে। নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা জিলাত ইয়াৰ প্ৰচলন ...

মাঘ বিহু

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি সস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই স ...

মায়ং পবিতৰা মহোৎসৱ

মায়ং পবিতৰা মহোৎসৱ অসমৰ মৰিগাঁও জিলাৰ প্ৰসিদ্ধ পৰ্যটনস্থলী মায়ং আৰু পবিতৰা সংৰক্ষিত বনাঞ্চলৰ আকৰ্ষণ আৰু পৰ্যটনৰ অধিক প্ৰচাৰ আৰু উৎকৰ্ষ সাধনৰ উদেশ্যেৰে পবিতৰাত অনুষ্ঠিত হোৱা এক অনুষ্ঠান। এই অনুষ্ঠানটো মৰিগাওঁ জিলা প্ৰশাসন তথা অসম ট্যুৰিজিম ডেভেল ...

মে ডাম মে ফি

মে ডাম মে ফি হ’ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱতআহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজ ...

শংকৰ জন্মোৎসৱ

শংকৰ জন্মোৎসৱ হল বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিৱস। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে ইয়াক উৎসৱ ৰূপে পালন কৰে। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ জন্মোৎসৱ হয়। প্ৰতিবছৰে অসম চৰকাৰে এই দিনটো স্থানীয় বন্ধৰ দিন ...

সবাহ

অসমীয়া সমাজত পালন কৰা এই সবাহ আদি উৎসৱ-পাৰ্বনেৰে থলুৱা লোক তথা জনগোষ্ঠীসমূহৰ বিবিধ ৰীতি-নীতি, ধৰ্মীয় আচাৰ-ব্যৱহাৰ আদি জড়িত আছে। খেতি-বাতিৰ মংগল কামনা, ৰোগ-ব্যাধি, অপায়-অমংগল আদিৰ পৰা পৰিত্ৰাণৰ বাবে এই বিষয় সমূহৰে জড়িত বিভিন্ন দেৱ-দেৱীৰ অৰ্চ ...

ৰংকেৰ

ৰংকেৰ হৈছে অসমৰ কাৰ্বি লোকসকলৰ দ্বাৰা উদযাপিত এক শীতকালীন আনন্দোৎসৱ। এই উৎসৱক ৰংকেৰ কাছিৰদম আৰু দেহাল পূজা বা দেহাল হিচাপেও জনা যায়। বিশেষকৈ ডামৰা লঙৰি হিচাপে পৰিচিত কামৰূপ মহানগৰ জিলা আৰু মেঘালয়ৰ ৰি-ভই জিলাৰ অধিবাসী কাৰ্বিসকলে এই উৎসৱক দেহাল হ ...

ৰাসোৎসৱ

ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড ...

অসমীয়া জলপান

অসমীয়া মানুহে চাউল সিজাই ভাত খোৱাৰ উপৰিও ভিন্নধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুত কৰি লঘু আহাৰ হিচাপে গ্ৰহণ কৰে। তেনে এক পৰম্পৰাগত লঘু আহাৰ হৈছে জলপান । কোমল চাউল, সান্দহ, পিঠাগুড়ি, চিৰা, লুথুৰি, কড়াই গুড়ি, পায়স, চুঙা চাউল, তিলপিঠা, ঘিলা পিঠা, মুড়ি ...

আপং

মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং । মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈবেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে।

আমৰলি টোপ

অসমৰ জনজাতি লোকসকলৰ মাজত দেখা পোৱা খাদ্যৰাজিৰ ভিতৰত এবিধ প্ৰিয় খাদ্য হ’ল আমৰলি টোপ ৷ আমৰলি পৰুৱাই গছত বাহ বান্ধি থাকে৷ এইবিধ পৰুৱাৰ ৰং ৰঙা আৰু ইয়াৰ পিছৰ অংশত এবিধ এচিড জাতীয় পানীয় জমা থাকে৷ শত্ৰুৰ আক্ৰমণ এইবিধ পৰুৱাই নিজে প্ৰাণ দিও প্ৰতিহত কৰ ...

আলু পিটিকা

আলু পিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা আলুৰ সৈতে মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া আদি মিহলাই পিটিকা কৰি তৈয়াৰ কৰা এবিধ খাদ্য। আলু পিটিকা অসমীয়া খাদ্যৰ অভিন্ন অংশ। সাধাৰণতে ইয়াক ৰাতিপুৱাৰ আহাৰ হিচাপে ভাতৰ লগত খোৱা হয়। কম খৰচী আৰু প্ৰস্ত ...

কলাখাৰ

কলাখাৰ বা খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ পানী। সাধাৰণতে ভীমকল গছৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়। কেতিয়াবা কলৰ গছ অংশও ৰ’দত শুকুৱাই পুৰি কলাখাৰ প্ৰস্তুত কৰা হয়।