ⓘ Free online encyclopedia. Did you know? page 93

দৰঙী খুলীয়া ভাউৰীয়া

দৰঙী খুলীয়া ভাউৰীয়া প্ৰাচীন কালৰে পৰা প্ৰবাহমান হৈ অহা দৰঙৰ এক লোক নাট্যানুস্থান। অসমৰ ঠায়ে ঠায়ে প্ৰচলিত হৈ থকা লোক নাট্যানুস্থানবোৰতকৈ দৰঙী খুলীয়া ভাউৰীয়াৰ পৰিৱেশন পদ্ধতি, সাজ সজ্জা, বচন, বাদ্য যন্ত্ৰ, ৰীতি-নীতি আদিত বহু পাৰ্থক্য দেখিবলৈ প ...

ভাৰীগান

ভাৰীগান হৈছে অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ এবিধ লোকনাট্য। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰীগান বোৰ ...

অসমৰ জাতীয় গীত

অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ চনৰ মে মাহৰ বাঁহীত আৰু ১৯১৩ চনত কদমকলি পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল। গীতটোৰ ...

আইনাম

আইনাম হৈছে অসমৰ লোকগীতসমূহৰ ভিতৰত এটা প্ৰধান ভাগ৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, বিয়ানাম, বিহুগীত আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷ আইনাম, সুবচনীৰ গীত, অপেচৰীৰ ...

ঐনিতম

ঐনিতম অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ প্ৰিয় জনৰ গীত। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।

কামৰূপী লোকগীত

কামৰূপী লোকগীত কামৰূপক কেন্দ্ৰ কৰি অসমত যিবোৰ লোক-সংগীত প্ৰচলিত হৈছে বা চৰ্চা চলিছে সেইবোৰ লোকগীতকে মূলতঃ কামৰূপীয়া লোক-গীতৰ আধাৰত ধৰা হয়৷ তাৰে ভিতৰত ধৰ্মীয় দিশ আৰু সাধাৰণ জন গাম্য জনগণৰ স্বাভাৱিক জীৱনতো প্ৰকাশ পোৱাকৈ কিছুমান বিষয়বস্তু নিৰ্ধা ...

গোৱালপৰীয়া লোকগীত

গোৱালপৰীয়া লোকগীত অসম প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপৰীয়া লোকগীত ইয়াৰ স ...

চৰে পূজাৰ গীত

চৰে পূজাৰ গীত হল অসমৰ হাজো অঞ্চলত প্ৰচলিত এটি পৰম্পৰাগত নাৰীকেন্দ্ৰিক উৎসৱ চৰে পূজাত গোৱা গীত। কুমাৰী ছোৱালীহঁতে একোজন সুস্থ-সৱল স্বামী লাভৰ মানসেৰে এই পূজা কৰে। চৰে পূজাৰ গীতসমূহ হাজো অঞ্চলৰ নাৰীসকলৰ একচেতীয়া সম্পদ। গীতসমূহ নাৰী হৃদয়ৰ আনন্দ-ব্ ...

জাৰী

জাৰী মুছলমানসকলৰ এবিধ শোক-গাথা। কৰুণ ৰসাত্মক এই গীতত হাছান-হুছেনৰ কাৰবালাত ঘটা কৰুণ কাহিনী বৰ্ণিত হয়। জাৰী শব্দ অৰ্থ শোক কৰা,বেজাৰ কৰা নাইবা কন্দা। সাধাৰণতে মহৰমৰ সময়ত নৃত্য সমদলৰে এই গীত গোৱা হয় যদিও জাৰী গীত গোৱাৰ নিৰ্দিষ্ট বাধা নিষেধ নাই। আ ...

জিকিৰ

জিকিৰ হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত যাৰ দ্বাৰা তেওঁলোকে আল্লাহৰ স্তুতি কৰে। জিকিৰ শব্দটো আৰবী শব্দ ‘জিকিঅৰ’ শব্দৰ পৰা উদ্ভব হৈছে, যাৰ অৰ্থ হ’ল আল্লাৰ নাম স্মৰণ কৰা বা ঘনে ঘনে উচ্চৰয়াৰণ কৰা। এয়া ইছলাম ধৰ্মৰ পবিত্ৰ কাম বুলি গণ্য কৰা হয ...

জ্যোতি সংগীত

জ্যোতি সংগীত বুলিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত অসমীয়া গীতসমূহক বুজা যায়। জ্যোতিপ্ৰসাদৰ হাততে অসমীয়া গীতি-সাহিত্যই পাশ্চাত্য আৰু শাস্ত্ৰীয় প্ৰভাৱৰ পৰা আঁতৰি আহি অসমৰ থলুৱা সুৰ-লয়ক আঁকোৱালি লয়। জ্যোতিপ্ৰসাদৰ গীতবোৰত ৰোমাণ্টিক চেতনা, ...

ঝালিমাটিৰ গান

ঝালিমাটিৰ গান গোৱালপাৰাৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ লোকগীত। ইয়াৰ মানুহৰ মৃত্যু, শৱযাত্ৰা, শৱদাহন, শ্ৰাদ্ধ আদি প্ৰেতাদি কৰ্মকাণ্ডৰ সৈতে সম্পৰ্ক আছে। গোৱালপাৰা জিলাৰ ঠাইবিশেষে ইয়াক বড় পুৰাণ, সংকীৰ্তন আদি নামেৰেও জনা যায়। এই গীতসমূহ আধ্যাত্মিক ...

টোকাৰী গীত

টোকাৰী গীত হল এবিধ অসমীয়া লোকগীত। টোকাৰী বাদ্য সংগত কৰি এই গীত গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়। এফালে লোক-বিশ্বাস আৰু আনফালে আধ্যাত্মিক বিশ্বাসক লৈ এই গীতসমূহ ৰচিত হয় আৰু ব্যক্তিভেদে ঠায়ে ঠায়ে এই গীতবোৰে মুখ বাগৰে। টোকাৰী গীত অসমীয়া ...

দেহ বিচাৰ গীত

দেহ বিচাৰ গীত বা দেহবিচাৰৰ গীত অসমীয়া সমাজত প্ৰচলিত আধ্যাত্মিক ভাবযুক্ত এক শ্ৰেণীৰ তত্ত্বগধুৰ লোকগীত। সাধাৰণতে বৃদ্ধ, ভকত, বৈৰাগী, সন্ন্যাসী, মগনীয়া আদিয়ে দেহ বিচাৰ গীত গায়। সংসাৰৰ মায়া-মোহ, জ্বালা-যন্ত্ৰণা, বেদনা আদিৰ পৰা হাত সাৰিবলৈ অথবা ম ...

নাহৰৰ গীত

নাহৰৰ গীত হৈছে অসমৰ প্ৰাচীন বুৰঞ্জীমূলক এক শ্ৰেণীৰ জনপ্ৰিয় কাহিনী গীত। আহোম স্বৰ্গদেউ চুকাফাৰ ৰাণী কাঞ্চনীৰ লগত নাহৰ নামৰ ডেকা এজনৰ গোপন প্ৰণয়েএই গীতৰ ঘাই উপজীব্য। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হল। নাহৰৰ গীত প্ৰাচীনতম কাৰণ নাহৰ ...

নিচুকনি গীত

নিচুকনি গীত বুলিলে সাধাৰণতে কোমলমতি শিশুৰ মন ভুলাই ৰাখিবলৈ বা টোপনি নিয়াবলৈ গোৱা নাতিদীৰ্ঘ অথবা নাতিহ্ৰস্ব গীতকে বুজোৱা হয়। শিশুৰ মানসিক জগত খনৰ সৈতে সংগতি ৰাখি সহজ-সৰল ভাবে এই গীতবোৰ ৰচনা কৰা হয়।

বনঘোষা

বনঘোষা বনঘোষা পুৰণি কালৰে পৰা অসমত চলি অহা গীত। বিহুগীত আৰু বনঘোষা এই গীত দুটিৰ মাজত পাৰ্থক্য আছে। য’ত বনৰীয়া প্ৰকৃতিৰ প্ৰেমৰ সোৱাদ আছে; যত আছে হাবিয়লীয়া গাঁৱলীয়া ডেকাৰ গাভৰুৰ প্ৰতি ভালপোৱাৰ সংবেদন আৰু মিলনৰ আকাংক্ষা। বনঘোষা মাত্ৰেই অনুসন্ধিৎ ...

বাম্বোলপিটা গীত

বাম্বোলপিটা গীত ভাদমাহৰ পূৰ্ণিমা তিথিত গৰখীয়াসকলে গোৱা এক বিশেষ শ্ৰেণীৰ গীত। দৰং জিলাৰ পশ্চিম অঞ্চলত বিশেষকৈ হালধা, বিষ্ণুপুৰ, বুঢ়া, কুঁহিয়াৰকুছি, বামুনঝাৰ, খৈৰাবাৰী আদি অঞ্চলত ইয়াৰ প্ৰভাৱ বেছি দেখিবলৈ পোৱা গৈছিল। কোনো কোনো অঞ্চলত বাম্বোলপিটা ...

বাৰমাহী গীত

বাৰমাহী গীত হৈছে এবিধ মালিতা। ই বৰ্ণনামূলক গীত। মালিতাৰ অন্য নাম বেলাড । ফুলৱণ্তী কন্যাৰ শান্তি বাৰমাহী গীত,শান্তি বাৰমাহী,মধুমতী গীত আদি হৈছে কিছুমান বাৰমাহী গীতৰ উদাহৰণ।

বিহুগীত

প্ৰতিজন অসমীয়াৰ বাপতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুগীত বুলি কোৱা হয়। বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুগীতত স্থান লাভ কৰ ...

বৰগীত

অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত বোলা হয়। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখাৰে ব্ৰজাৱলী ভাষা ত ...

ভটিমা

ভটিমা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়এক শ্ৰেণীৰ গীত। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে। ভটিমা সমূহ সামান্যভাবে সুৰ লগাই গালেও সম্পূৰ্ণ গীত-ধৰ্মী ...

মহো-হো গীত

মহো-হো গীত বা মহখেদা গীত হল এবিধ অসমীয়া লোকগীত। লোক-বিশ্বাসৰ ভেটিতে লোক-সাহিত্য ৰচিত হৈছে। বাঘ-সিংহ, সাপ, মহ আদি হিংস্ৰ জন্তুৰ লগতে আধিভৌতিক শক্তিকো মন্ত্ৰ-তন্ত্ৰৰ জৰিড়তে মানুহৰ বশলৈ আনিব পৰি বুলি পুৰণি অসমীয়া সমাজখনত এক লোক-বিশ্বাস আছিল। এনেজ ...

লোকগীত

অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি "নাম" বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান ...

হোলীগীত

হোলীগীত হৈছে বৰপেটাৰ দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ৷ দৌল অহাৰ প্ৰায় বহু আগৰে পৰাই বৰপেটাৰ হাটীসমূহত হোলীগীতৰ আখৰা চলে৷ দৌলৰ সময়ত সকলোৱে খুটিতাল, পাতিতাল, ঢোল আদি লৈ হোলী গীত গায় আৰু ফাকু খেলে৷

ওডিছী নৃত্য

ওডিছী নৃত্য ইংৰাজী: Odissi Dance ভাৰতৰ প্ৰাচীন শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ উৎপত্তি আৰু বিকাশ হৈছিল উৰিষ্যাত। মূলতঃ মন্দিৰৰ দেৱদাসী সকলে পৰিৱেশন কৰা এই নৃত্যই পাছলৈ ৰাজসভাতো ঠাই পায়। ওডিছী নৃত্যত মুঠ ১০৮ বিধ মূল নৃত্য শৈলী পোৱা যায়। উৰিষ্যাৰ ...

কথক

কথক নৃত্য ইংৰাজী: Kathak Dance ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। উত্তৰ ভাৰতত জন্ম লাভ কৰা এই নৃত্যত হিন্দু আৰু মুছলমান উভয় সংস্কৃতিৰে প্ৰভাৱ পৰিছে। এই নৃত্যশৈলীৰ চৰ্চা ষোড়শ শতিকাৰো আগৰেপৰা চলি আহিছে। ‘কথক’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। কথকৰ অ ...

কথাকলি

কথাকলি নৃত্য ইংৰাজী: Kathakali Dance ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ জন্মস্থান কেৰালা। ‘কথা’ বা ‘কথ’ শব্দৰ অৰ্থ কাহিনী; আৰু ‘কলি’ শব্দৰ অৰ্থ অভিনয়। সামগ্ৰিকভাৱে কথাকলি শব্দৰ অভিধানিক অৰ্থ অভিনয় বা নাটক। এই নৃত্যৰ উদ্ভৱ হয় সপ্তদশ শত ...

কুচিপুড়ি

কুচিপুড়ি নৃত্য ইংৰাজী: Kuchipudi Dance ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়। সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান শ্ৰী ক ...

ভাৰতনাট্যম

ভাৰতনাট্যম ইংৰাজী: Bharat Natyam দক্ষিণ ভাৰতৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা। ভাৰতনাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰতনাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে ক’ব বিচাৰে যে ভৰত মুণিয়ে প্ ...

মোহিনীঅট্টম

মোহিনীঅট্টম) নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত আঠটা শাস্ত্ৰীয় নৃত্যকলাৰ ভিতৰত অন্যতম। এই নৃত্যৰ জন্ম কেৰালাত। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাত উদ্ভৱ হোৱা এই নৃত্যকলা প্ৰধানকৈ নাৰীসকলে এককভাৱে পৰিবেশন কৰে।

কপৌ ফুল

কপৌ ফুল এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।

দেওহাঁহ

দেওহাঁহ এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয় । এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়।

হোলোং

হোলোং এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। ই ঘাইকৈ দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ অৰণ্যত পোৱা যায়। হোলোং অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জাতীয় গছ । ইংৰাজীত হোলোঙক "Hollong Tree" বোলা হয়।

জৌ

জৌ অসমৰ বড়ো জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ভাতৰ কিণ্বন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা এবিধ পানীয়। এই এলকহলীয়া পানীয় বড়োসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অতিথি অপ্যায়ন, বিয়া-সবাহ, শ্ৰাদ্ধ আদি প্ৰায়বোৰ সামাজিক অনু ...

মিচিং নৃত্য আৰু গীত মাত

ভাব প্ৰকাশৰ বাবে কথাৰে তথা দেহৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে এজনে আন এজনৰ লগত মত বিনিময় কৰাটোৱেই কালক্ৰমত নৃত্য বা নাচৰ ৰূপ ললে বুলি সচৰাচৰ জনা যায় । মানুহৰ মনৰ আবেগজনিত বিভিন্ন কাৰকক অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে প্ৰকাশ কৰা ভঙ্গীমাকে নৃত্য ...

অসম বিধানসভা নিৰ্বাচন, ১৯৫১

অসম বিধানসভা নিৰ্বাচন, ১৯৫১ স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভাখন গঠন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। আধিকাৰিকভাবে এই নিৰ্বাচনটোক ১৯৫১ চনৰ বিধানসভা নিৰ্বাচন বুলি জনা যায় যদিও দৰাচলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ২৭ মাৰ্চ তাৰিখে। ৪৩.৪৮ শতাংশ ভোটেৰে ভ ...

অসম বিধানসভা নিৰ্বাচন, ১৯৫৭

অসম বিধানসভা নিৰ্বাচন, ১৯৫৭ স্বাধীনোত্তৰ অসমৰ ২য় বিধানসভা নিৰ্বাচন। ২৫-২-১৯৫৭ তাৰিখে অসম বিধানসভাৰ ৯৪টা সমষ্টিৰ আটাইকেইটাতে মুঠ ১০৮জন বিধায়ক বাচনি কৰিবলৈ এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৯৪টা বিধানসভা সমষ্টিৰ ১৪টা আছিল দুজনীয়া সদস্যৰ সমষ্টি আৰু ...

অসম বিধানসভা নিৰ্বাচন, ১৯৬২

অসম বিধানসভা নিৰ্বাচন, ১৯৬২ স্বাধীনোত্তৰ অসমৰ তৃতীয় বিধানসভা নিৰ্বাচন। এই নি্ৰ্বাচনৰ আগেআগে অসমকে ধৰি ভাৰতৰ সকলোবোৰ ৰাজ্যৰে লোকসভা আৰু বিধানসভাৰ আসনবোৰ পুনৰ্গঠন কৰা হৈছিল। ২য় বিধানসভা নিৰ্বাচনত অসমৰ বিধানসভাৰ আসন আছিল ৯৪খন আৰু ইয়াৰে ১৪খন আছিল ...

অসম বিধানসভা নিৰ্বাচন, ১৯৬৭

অসম বিধানসভাৰ নিৰ্বাচন, ১৯৬৭ স্বাধীনোত্তৰ অসমৰ চতুৰ্থ বিধানসভা নিৰ্বাচন। মুঠ ১২৬থন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ পূৰ্বে সমষ্টিবোৰৰ পুনৰ গঠন কৰা হৈছিল আৰু পূৰ্বৰ ১০৫টা সমষ্টিৰ পৰা ১২৬টা সমষ্টিলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰে ৯৩টা সাধা ...

অসম বিধানসভা নিৰ্বাচন, ১৯৭২

অসম বিধানসভাৰ নিৰ্বাচন, ১৯৭২ স্বাধীনোত্তৰ অসমৰ পঞ্চম বিধানসভা নিৰ্বাচন। মিজো হিলচ্ জিলাত বিচ্ছিন্নতাবাদী আন্দোলন প্ৰবল হোৱাত কেন্দ্ৰীয় চৰকাৰে জিলাখনক অসমৰ পৰা আঁতৰাই নি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰে। আনহাতে ১৯৭০ চনৰ ২ এপ্ৰিলত ‘খাচী আৰু ...

অসম বিধানসভা নিৰ্বাচন, ১৯৭৮

১৯৭৮ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৭ম বিধানসভা নিৰ্বাচন। বিধানসভাৰ ১২৬খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। জনতা পাৰ্টিয়ে ৫৩খন আসন পাই গোলাপ বৰবৰাৰ নেতৃত্বত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন কৰে। কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্খন হেৰুওৱা ...

অসম বিধানসভা নিৰ্বাচন, ১৯৮৩

১৯৮৩ৰ অসম বিধানসভা নিৰ্বাচন স্বাধীনোত্তৰ অসমৰ ৮ম বিধানসভা নিৰ্বাচন। অবৈধ অনুপ্ৰবেশৰ বিৰুদ্ধে ১৯৭৯ত আৰম্ভ হোৱা অসম আন্দোলন প্ৰবল ৰূপ ধাৰণ কৰিছিল। ইতিমধ্যে ৭ম বিধানসভাৰ কাৰ্যকাল শেষ হবলৈ হোৱাত চৰকাৰে নতুনকৈ বিধানসভাৰ নিৰ্বাচনৰ নিৰ্বাচন ঘোষণা কৰিলে। ...

অসম বিধানসভা নিৰ্বাচন, ১৯৮৫

১৯৮৫ৰ অসম বিধানসভা নিৰ্বাচন ৮ম বিধানসভাৰ ১২৬খন আসনৰ সদস্য নিৰ্বাচন কৰিবলৈ দুটা স্তৰত অনুষ্ঠিত হৈছিল। নিৰ্বাচনত অসম গণ পৰিষদে ৬৪খন আসন লাভ কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। অসম গণ পৰিষদ আছিল এক নতুনকৈ গঠিত দল। নিৰ্বাচনৰ পিছতহে অ ...

অসম বিধানসভা নিৰ্বাচন, ২০১১

ত্ৰয়োদশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল, ২০১১ তাৰিখে ১২৬টা সমষ্টিৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৩ মাৰ্চ, ২০১১ তাৰিখে। নিৰ্বাচনত ৭৮খন আসম লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰে আৰু তৰুণ গগৈ ...

অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ, ইয়াৰ সদস্যসকলক সাংসদ বোলে । প্ৰতিজন সাংসদে এটা নিৰ্দিষ্ট ভৌগোলিক সমষ্টিক প্ৰতিনিধিত্ব কৰে। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫ ...

কলিয়াবৰ (লোকসভা সমষ্টি)

কলিয়াবৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে: খুমটাই বিধানসভা সমষ্টি দেৰগাঁও বিধানসভা সমষ্টি কলিয়াবৰ বিধানসভা সমষ্টি ধিঙ বিধানসভা সমষ্টি গোলাঘাট বিধানসভা সমষ্টি সৰুপথাৰ বিধানসভা সমষ্টি বোকাখাট বিধানসভা সমষ্টি ৰূপহীহাট বিধানসভা স ...

কোকৰাঝাৰ (লোকসভা সমষ্টি)

কোকৰাঝাৰ লোকসভা সমষ্টি অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

কৰিমগঞ্জ (লোকসভা সমষ্টি)

কৰিমগঞ্জ লোকসভা সমষ্টি অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

গুৱাহাটী (লোকসভা সমষ্টি)

গুৱাহাটী লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে: গুৱাহাটী পূব বিধানসভা সমষ্টি বকো বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত দুধনৈ বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত গুৱাহাটী পশ্চিম বিধানসভা সমষ্টি হাজো বিধানসভা সমষ্টি ...