ⓘ Free online encyclopedia. Did you know? page 99

ঘৰুৱাকৰণ

ঘৰুৱাকৰণ হৈছে কোনো জীৱসমষ্টিৰ কৰ্ষণ বা পালন কৰা। ই ঘৰুৱা বা ব্যৱসায়িকভাৱে পৰ্যায়ত হব পাৰে। ঘৰুৱাকৰণত জীৱৰ ভৌতিক অৱস্থিতি, আচৰণগত বৈশিষ্ট, শাৰীৰিক আকাৰ, নোমৰ গুণগত মান বা বৰণ, বৃদ্ধিৰ হাৰ, জীৱন কাল, উৎপাদন, আৰু অন্য বহু দিশৰ ওপৰত গুৰুত্ব প্ৰদান ...

পেনিচিলিন

পেনিচিলিন হৈছে কিছুমান প্ৰতিজৈৱিক ৰ সমষ্টি যাৰ ভিতৰত পেনিচিলিন জি, পেনিচিলিন ভি, পেনিচিলিন প্ৰকেইন আৰু বেঞ্জাথিন পেনিচিলিন অন্তৰ্ভুক্ত। এইবোৰ পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা উৎপন্ন হয়। পেনিচিলিন বিটা লেক্টাম প্ৰতিজৈৱিকৰ ভিতৰত পৰে।

প্ৰতিজৈৱিক

প্ৰতিজৈৱিক বা বেক্টেৰিয়ানাশক হৈছে বেক্টেৰিয়াজনিত সংক্ৰমণৰ চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ পদাৰ্থ। এইবোৰে বেক্টেৰিয়াক ধংশ কৰে নাইবা সিহঁতৰ বৃদ্ধিত বাধা জন্মাই। কিছুমান প্ৰতিজৈৱিক ভেঁকুৰ আৰু প্ৰটজৱাৰ বিপক্ষেও কাৰ্যকৰী, আৰু কিছু ...

বাহক

বাহক হৈছে ভাৰত উপমহাদেশত পোৱা একপ্ৰকাৰৰ ভেষজ উদ্ভিদ। এই উদ্ভিদ সাধাৰণতে দুই প্ৰকাৰৰ। বগা বাহক আৰু ৰঙা বাহক বা তিতাফুল। ভাৰত উপমহাদেশৰ প্ৰায় সৰ্বত্ৰ এই উদ্ভিদ জন্মে। হিন্দীত ইয়াক কোৱা হয় ‘আডুছা’, ‘বানছা’ অথবা ‘ভাছিকা’। সংস্কৃত নাম ‘বাসক’ৰ ভিত্ত ...

এইচ আই ভি আৰু সম লিংগৰ ব্যক্তিৰ মাজত যৌন অভিসাৰ

১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যেতিয়া মানৱ শৰীৰত এইড্‌ছ ৰোগৰ ভাইৰাছ ধৰা পৰে, তেতিয়াৰ পৰাই সমকামী পুৰুষ, উভকামি ব্যক্তিৰ দেহত প্ৰায়ে এই ৰোগৰ ভাইৰাছৰ উপস্থিতিৰ তথ্য চিকিৎসকৰ হাতলৈ আহে। ১৯৪১ চনৰ ৫ জুন তাৰিখে প্ৰথম বাৰলৈ ৰোগ নিয়ন্ত্ৰণ কেন্দ ...

নিতম্ব-সন্ধি প্ৰতিস্থাপন

নিতম্ব-সন্ধি প্ৰতিস্থাপন হৈছে এক শল্যচিকিৎসা প্ৰণালী যত নিতম্ব বা শ্ৰোণীৰ বিসংগতিযুক্ত যোৰা কৃত্ৰিম প্ৰত্যাৰোপকৰ দ্বাৰা প্ৰতিস্থাপন কৰা হয়। ইয়াত যোৰাটো আংশিক বা সম্পূৰ্ণৰূপে প্ৰতিস্থাপন কৰা হব পাৰে। বাতৰ বিষ নিৰাময় বা হাড় ভগা নিৰাময়ৰ বাবে এন ...

মিল্‌ৱাকী প্ৰটকল

মিল্‌ৱাকী প্ৰটকল মানুহৰ জলাতংক ৰোগৰ বাবে কৰা এক পৰীক্ষামূলক চিকিৎসা পদ্ধতি। এই পদ্ধতিত ৰোগীক কৃত্ৰিম অচেতনতা অৱস্থালৈ লৈ যোৱা হয় আৰু এণ্টিভাইৰেল ঔষধ প্ৰযোগ কৰা হয়। প্ৰথমে জিনা গিজি নামৰ ৰোগীগৰাকীক সুষ্ঠ কৰি তোলা ৰডনী ৱিলবি, কনিষ্ঠই এই পদ্ধতিৰ ব ...

উইলিয়াম কেলিন জুনিয়ৰ

উইলিয়াম বিল জি. কেলিন জুনিয়ৰ হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক। তেওঁৰ পৰীক্ষাগাৰত টিউমাৰ ছাপ্ৰেছৰ প্ৰটিনৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ ...

এডৱাৰ্ড জেনাৰ

এডৱাৰ্ড এন্থনী জেনাৰ বাৰ্কলে, গ্লচেষ্টাশ্বায়াৰৰ এজন ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী আছিল। বৰআই ছিটাৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত। তেওঁক প্ৰায়েই "প্ৰতিৰোধ বিজ্ঞানৰ জনক" বুলি অভিহিত কৰা হয় আৰু তেওঁৰ কামে "আন যিকোনো মানুহৰ কৰ্মতকৈ বেছি মানুহৰ জীৱন ৰক্ষ ...

গ্ৰেগ লিয়নাৰ্ড চেমেনজা

গ্ৰেগ লিয়নাৰ্ড চেমেনজা জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংকলজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল। তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ ম ...

চে গোৱেৰা

আৰ্নেষ্ট চে গোৱেৰা আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা। চিকিৎসা বিভাগৰ ছাত্ৰ হৈ থকা সময়ত গোৱেৰাই সমগ্ৰ দক্ষিণ আমেৰিকা ভ্ৰমণ কৰিছিল আৰু জন ...

চেমুৱেল হ্যানিমেন

খ্ৰীষ্টিয়ান ফিড্ৰিখ চেমুৱেল হ্যানিমেন আছিল এগৰাকী জাৰ্মান চিকিৎসাবিদ তথা হোমিঅ’পেথি নামৰ বিকল্প চিকিৎসা পদ্ধতিৰ জনক।

জন বেৰী হোৱাইট

ছাৰ জন বেৰী হোৱাইট,অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা। তেওঁ বেংগল মেডিকেল চাৰ্ভিচ ৰ অসামৰিক শল্য চিকিৎসক আছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে তেওঁ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।

ডেনিছ মুকৱেগে

ডেনিছ মুকেংগেৰে মুকৱেগে এজন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ কংগো দেশৰ মানৱ অধিকাৰকৰ্মী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ বুকাভুত পাঞ্জি চিকিৎসালয় স্থাপন কৰিছিল। তেওঁ কংগো দেশত সন্ত্ৰাসবাদীয়ে যৌন নিৰ্যাতন চলাই ধৰ্ষণ কৰা মহিলা সকলক চিকিৎসা প্ৰদান কৰিছিল। কংগো ...

তু ইউইউ

তু ইউইউ এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়। এই দুবিধ মেলেৰিয়া চিকিৎসাত ব্যৱহাৰ কৰি লাখ লাখ মানুহৰ জীৱন বচাব পৰা গৈছে। ক্ৰান্তীয় অঞ্চলৰ ...

পিটাৰ জন ৰেটক্লিফ

ছাৰ পিটাৰ জন ৰেটক্লিফ এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল। ...

ফাতিমা জিন্নাহ

ফাতিমা জিন্নাহ আছিল এগৰাকী পাকিস্তানী দন্ত চিকিৎসক, জীৱনীকাৰ আৰু পাকিস্তান গঠনত বৰঙনি আগবঢ়োৱা ব্যক্তি সকলৰ মাজত অন্যতম। তেওঁ আছিল মহম্মদ আলি জিন্নাহৰ কনিষ্ঠ ভগ্নী। ১৯২৩ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা দন্ত চিকিৎসাৰ ডিগ্ৰী লাভ কৰি তেওঁ তেওঁৰ ভাতৃ ...

হাৰ্বাট ক্লেবাৰ

১৯৬৮ চনত তেওঁ য়েল বিশ্ববিদ্যালয়ৰ মনোৰোগ বিভাগৰ অধ্যাপক হৈ থাকোঁতে বিশ্ববিদ্যালয়খনত মাদক দ্ৰৱ্য আসক্তি নিবাৰণ কেন্দ্ৰ স্থাপন কৰিছিল। ১৯৮৯ চনলৈ তেওঁ এই কেন্দ্ৰৰ মুৰব্বী আছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত অৱস্থিত ৰাষ্ট্ৰীয় মাদক দ্ৰৱ্য ...

হাৰ্ভি জে. অল্টাৰ

হাৰ্ভি জেমছ অল্টাৰ এগৰাকী আমেৰিকান চিকিৎসা গৱেষক, ভাইৰাছবিদ আৰু চিকিৎসক। তেওঁক হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে বিশেষভাবে জনা যায়। তেওঁ বেথচাদা, মেৰিলেণ্ডত অৱস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ ৱাৰেন গ্ৰাণ্ট মেগনাছন ক্লিনিকেল চেণ্টাৰৰ পূৰ ...

ৰবিন কুক

ৰবাৰ্ট ব্ৰায়ান ৰবিন কুক এজন আমেৰিকান চিকিৎসক আৰু লেখক। চিকিৎসা সম্পৰ্কীয় থ্ৰিলাৰ উপন্যাসৰ বাবে তেখেত প্ৰখ্যাত। তেখেতৰ কেইবাখনো কিতাপে নিউ য়ৰ্ক টাইম্‌ছ বেষ্টচেলাৰ তালিকাত স্থান পাইছে। ৰিডাৰ্ছ ডাইজেষ্ট তো তেখেতৰ কেইবাখনো কিতাপে স্থান পাইছে। তেখে ...

অক্সফৰ্ড-এষ্ট্ৰজেনেকা কভিড-নাইণ্টিন ভেকছিন

অক্সফৰ্ড-এষ্ট্ৰজেনেকা কভিড-নাইণ্টিন ভেকছিন, যাক এজেডডি-১২২২, নাম দিয়া হৈছে আৰু কভিশ্বিল্ড, ভেক্সজেভ্ৰিয়া নামৰ ব্ৰেণ্ডৰ অধীনত বিক্ৰী কৰা হৈছে, কোভিড-১৯ প্ৰতিৰোধৰ বাবে এক ভাইৰেল ভেক্টৰ ভেকছিন। অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰজেনেকাৰ দ্বাৰা বিকশ ...

গাম-কভিড-ভেক

গাম-কভিড-ভেক হৈছে ৰাছিয়াৰ Gamaleya Research Institute of Epidemiology and Microbiologyয়ে উদ্ভাৱন কৰা কভিড-১৯ৰ এবিধ প্ৰতিষেধক। এই প্ৰতিষেধকটো Ministry of Health of the Russian Federationত ২০২০ চনৰ ১১ আগষ্টত পঞ্জীয়ণ কৰা হৈছিল। ২০২০ চনৰ ৮ আগষ্টলৈ ...

বৰআই ছিটা

বৰআইৰ ছিটা বা টীকা সৰ্বপ্ৰথম আৱিষ্কৃত সফল ৰোগ প্ৰতিষেধক। ১৭৯৮ চনত এডৱাৰ্ড জেনাৰে ইয়াৰ প্ৰথম প্ৰয়োগ কৰিছিল। এডৱাৰ্ড জেনাৰে লক্ষ্য কৰিছিল যে গোৱালনীসকলৰ মাজত যাৰ আগতে গো-বসন্ত ওলাই গৈছে, তেওঁলোক বৰআইৰ দ্বাৰা আক্ৰান্ত নহয়। তেওঁ দেখুৱাইছিল যে গো-ব ...

আকুপাংচাৰ

আকুপাংচাৰ হ’ল ধাতুৰ মিহি বেজীৰে মানুহৰ শৰীৰৰ বিশেষ কিছুমান ঠাইত বিন্ধি কৰা এবিধ চিকিৎসা। ই মূলতে: লেটিন ভাষাৰ শব্দ; ‘আকু’ মানে বেজী আৰু পাংচাৰ মানে হ’ল ফুটুৱা।

আয়ুৰ্বেদ

আয়ুৰ্বেদ বা আয়ুৰ্বেদিক ঔষধ ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা এই ব্যৱস্থাৰ আটাইতকৈ পুৰণি গ্ৰন্থ। ঔষধৰ এই প্ৰাচীন বিশ্বকোষ দুখনেই আয়ুৰ্বেদীয় ব্যৱস্থাৰ প্ৰতিষ্ঠাপক আৰু সম্পূৰক। পৰীক্ষণমূলক আ ...

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত বা স্পঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ আৰু প্ৰভাৱিত ...

তেজ

তেজ বা ৰক্ত হৈছে ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই ৰক্তবাহিকাইদি খাদ্য, শ্বসন গেছ, ৰেচন দ্ৰব্য, হৰমন, এনজাইম আদি দ্ৰব্যবোৰ বিভিন্ন কলাসমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয় ...

পাচন

পাচন হৈছে ৰক্তৰ পাজমালৈ শোষিত হব পৰাকৈ খাদ্যৰ বৃহৎ অনুবোৰ ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জলদ্ৰাব্য অনুলৈ পৰিণত হোৱা প্ৰক্ৰিয়া। কিছুমান জীৱৰ, ক্ষুদ্ৰান্ত্ৰত এই ক্ষুদ্ৰ অনুবোৰ প্লাজমালৈ শোষিত হয়। পাচন দুই প্ৰকাৰে হব পাৰে: mechanical আৰু ৰাসায়নিকভাৱে। mech ...

বিপাক ক্ৰিয়া

বিপাক হৈছে কোনো জীৱৰ দেহত সংঘটিত সমষ্ট ৰাসায়নিক বিক্ৰিয়া। বিপাক ২ প্ৰকাৰ। বিশ্লেষণ বা কেটাবলিক, যি বৃহৎ জৈৱ পদাৰ্থক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ বিভক্ত কৰে আৰু সংশ্লেষণ বা এনাবলিক, যি অসংখ্য ক্ষুদ্ৰ অংশ সংযুক্ত কৰি বৃহৎ পদাৰ্থৰ গঠন কৰে, যেনে প্ৰটিন আৰ ...

মস্তিষ্ক আৱৰণী

মস্তিষ্ক আৱৰণী বা meninges, প্ৰাচীন গ্ৰীক: μῆνιγξ mēninx "membrane", বিশেষণ: meningeal / m ə ˈ n ɪ n dʒ əl) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আবৃত কৰি ৰখা সংযোজী কলাৰ আৱৰণীসমূহক বুজায়। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই আৱৰণীৰ তিনিটা স্তৰ থাকে: ডুৰ ...

মানৱ উপস্থ

মানৱ উপস্থ বা গুপ্তাংগ বা লিংগ পুৰুষৰ বাহ্যিক যৌনাংগ। শুক্ৰাণু-নিৰ্গমদ্বাৰ, মৈথুনাংগৰ লগতে সাধাৰণভাৱে প্ৰস্ৰাৱ ত্যাগৰ নলী হিচাপে উপস্থ ব্যৱহৃত হয়। উপস্থৰ মূল অংশকেইটা হল আন্তঃ ভাগ, গা ভাগ আৰু আৱৰণী কলা যিহেৰে উপস্থৰ দাণ্ডি অংশৰ ছাল আৰু উপস্থৰ সন ...

মানৱ মস্তিষ্ক

মানৱ মস্তিষ্ক মানুহৰ স্নায়ু তন্ত্ৰৰ প্ৰধান অংগ। ই মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰোটিয়ে আৱৰি থাকে। ইয়াৰ সাধাৰণ গঠন আন স্তন্যপায়ী প্ৰাণীবোৰৰ মগজুৰ দৰে একে, কিন্তু চেৰিব্ৰেল কৰ্টেক্স অধিক বিকশিত। ডাঙৰ প্ৰাণী যেনে তিমি আৰু হাতীৰ মগজুৰ আকাৰ ডাঙৰ, ...

শ্বসন (শৰীৰতত্ব)

শৰীৰতত্বত শ্বসন হৈছে জীৱৰ কলাৰ ভিতৰত কোষলৈ বায়ুমণ্ডলৰ পৰা অক্সিজেন আৰু বিপৰীত দিশত কাৰ্বন ডাই অক্সাইডৰ পৰিবহন প্ৰক্ৰিয়া। শ্বসনৰ শৰীৰতাত্বিক বৰ্ণনা আৰু জৈৱৰাসায়নিক বৰ্ণনা একে নহয়। জৈৱৰাসায়নিক শ্বসন হৈছে কোষীয় শ্বসন: শৰ্কৰা আৰু অক্সিজেনৰ বিক্ ...

শ্বাসক্ৰিয়া

শ্বাসক্ৰিয়া হৈছে পৰিৱেশৰ সৈতে গেছ বিনিময় সহজতৰ কৰাৰ বাবে হাঁওফাঁওৰ এক প্ৰক্ৰিয়া, যি অক্সিজেন ভিতৰলৈ আনে আৰু কাৰ্বন ডাই-অক্সাইড বাহিৰ কৰি দিয়ে। সকলো বায়ুজীৱি প্ৰাণীকেই কোষীয় শ্বসনৰ বাবে অক্সিজেনৰ প্ৰয়োজন, যি খাদ্যবস্তুক ভাঙি শক্তি উৎপাদনত স ...

সংবেদন তন্ত্ৰ

সংবেদন তন্ত্ৰ হৈছে স্নায়ু তন্ত্ৰৰ এটা ভাগ। এই তন্ত্ৰই জীৱক সংবেদন প্ৰদান কৰে। সংবেদন তন্ত্ৰ গ্ৰাহক, নিস্ক্ৰিয় পথ, আৰু সংবেদনৰ সৈতে জড়িত মগজুৰ এটা অংশৰ দ্বাৰা গঠন হয়। সংবেদন বুলিলে সাধাৰণতে দৰ্শন, শ্ৰৱণ, স্পৰ্ষণ, আস্বাদন, ঘ্ৰাণ আৰু সঞ্চালনক বু ...

স্নায়ু

স্নায়ু হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে। ই হৈছে স্নায়ু তন্ত্ৰৰ এক আবদ্ধ প্ৰণালী। স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভ ...

অপুষ্টি

অপুষ্টি হৈছে কম পুষ্টিকাৰক আহাৰ বা অত্যাধিক পুষ্টিকাৰক আহাৰৰ খোৱাৰ ফলত হোৱা এক প্ৰকাৰৰ স্বাস্থ্যজনিত সমস্যাৰ পৰিস্থিতি। ইয়াৰ লগত কেলৰি, প্ৰটিন, শৰ্কৰা, ভিটামিন বা খনিজ লৱন জড়িত হৈ থাকে। শৰীৰক প্ৰয়োজনীয় পুষ্টিৰ অভাৱ হ’লে পুষ্টিহীনতা বুলি কোৱা ...

প্ৰতিবন্ধকতা

প্ৰতিবন্ধকতা বা অক্ষমতা হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। প্ৰতিবন্ধকতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে। প্ৰতিবন্ধকতা এটা বহুঅৰ্থযুক্ত শব্দ, বিভিন্ন বিকা ...

বিশ্ব মানসিক স্বাস্থ্য দিৱস

বিশ্ব মানসিক স্বাস্থ্য দিৱস হৈছে গোলকীয় মানসিক স্বাস্থ্য শিক্ষা, সজাগতাৰ দিন । ইয়াক ১৯৯২ চনত পোনপ্ৰথমবাৰলৈ পালন কৰা হৈছিল । কিছুমান দেশত ইয়াক মানসিক ৰোগ সজাগতা সপ্তাহৰ অংশ হিচাপে পালন কৰা হয় ।

লিংগ স্তম্ভন

লিংগ স্তম্ভন বা লিংগ কঠিনতা বা লিংগোত্থান বা লিংগ স্ফীতি হৈছে এক শাৰীৰিক পৰিঘটনা যত লিংগ দৃঢ়, সুস্থিৰ আৰু আকাৰত ডাঙৰ হৈ পৰে। লিংগ শিথিলতা হৈছে মানসিক, সিৰা সম্বন্ধীয়, ভাস্কুলাৰ, আৰু অন্তঃস্ৰাবী কাৰকৰ জটিল আন্তঃক্ৰিয়াৰ ফল, আৰু প্ৰায়ে যৌন প্ৰৰো ...

স্বাস্থ্য

স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা। বিশ্ব স্বাস্থ্য সংস্থা ই তেওঁলোকৰ ১৯৪৮ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংজ্ঞা হৈছে: "স্বাস্থ্য মানে কে ...

আলজেমাৰ ৰোগ

আলজেমাৰ ৰোগ, Alzheimer disease, বা চমুকৈ Alzheimers বুলিও কোৱা হয়।) হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ। ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ কৰাত অসুবিধা হোৱা। ৰোগৰ প্ৰাৱল্য বৃদ্ধি হোৱাৰ লগে লগে ভাষাৰ সমস্যা, উৎসাহ হেৰাই যোৱা, আচৰণগত সমস্য ...

উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপ, এটা দীৰ্ঘম্যাদী ৰোগ যত ধমনীৰ ৰক্তচাপ জোখতকৈ বেছি থাকে। উচ্চ ৰক্তচাপৰ সাধাৰণতে কোনো লক্ষণ নাই। দীঘদিনীয়া উচ্চ ৰক্তচাপৰ ফলত কৰনেৰী ধমনী ৰোগ, ষ্ট্ৰক, হাৰ্ট ফেইলাৰ, প্ৰান্তীয় সংবহনতান্ত্ৰিক ৰোগ, অন্ধত্ব আৰু দীৰ্ঘম্যাদী বৃক্ক ৰোগ হব পা ...

এইড্‌ছ

এইডছ সম্পূৰ্ণ নাম Acquired Immune Deficiency Syndrome হ’ল, Acquired অৰ্থাত এই ৰোগটো সহজাত বা জন্মগত নহয় বৰঞ্চ আয়ত্ত বা অৰ্জন কৰি লোৱা ৰোগ। Immune শব্দটো Immunology শব্দটোৰপৰা আহিছে। প্ৰত্যেক মানুহৰ দেহত ৰোগ প্ৰতিৰোধকাৰী এক বিশেষ ক্ষমতা থাকে। তে ...

এনৰেক্সিয়া নাৰ্ভছা

এনৰেক্সিয়া নাৰ্ভছা বা এনৰেক্সিয়া হৈছে এক খাদ্যাভাসৰ বিকাৰ, যাৰ বিশেষত্ব হৈছে কম ওজন, খাদ্যৰ সীমাবদ্ধতা, ওজন বৃদ্ধি হোৱাৰ ভয় আৰু ক্ষীণ হোৱাৰ তীব্ৰ আকাংক্ষা। এনোৰেক্সিয়া থকা বহুলোকে নিজকে অধিক ওজনৰ বুলি বিবেচনা কৰে যদিও তেওঁলোকৰ ওজন প্ৰকৃততে কম ...

এনচেফেলাইটিচ

মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনচেফেলাইটিচ হোৱা বুজায়। ইনফ্লেমেচনৰ অৰ্থ হল- জীৱিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা গুণৰ মিশ্ৰণ ঘটা: বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা। মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায়। ...

ক্লামিডিয়া সংক্ৰমণ

ক্লামিডিয়া সংক্ৰমণ এবিধ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ। ই ক্লামিডিয়া ট্ৰাকোমেটিকছ নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। এই বেক্টেৰীয়া পুৰুষ আৰু মহিলা উভয়ৰ দেহলৈ সংক্ৰমিত হব পাৰে এই বেক্টেৰীয়াই মহিলাৰ প্ৰজনন অংগবোৰৰ ক্ষতিসাধন কৰে।

কৰ্কট ৰোগ

কৰ্কট ৰোগ বা কেঞ্চাৰ ৰোগৰ এটা শ্ৰেণী, চিকিৎসা বিজ্ঞানৰ মতে যাৰ নাম মেলিগনেণ্ট নিঅপ্লাজম । এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস ...

গুৰুতৰ অৱসাদজনিত ব্যাধি

গুৰুতৰ অৱসাদজনিত ব্যাধি, হৈছে একধৰণৰ মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হল যে দুসপ্তাহ বা ততোধিক কালজুৰি নিম্ন মনোৱস্থা বিস্তৃত হৈ থাকে। নিম্ন আত্ম-মৰ্য্যদা, সচৰাচৰ আনন্দ প্ৰদানকাৰী ক্ৰিয়াকৰ্মৰ প্ৰতি আগ্ৰহ হ্ৰাস, নিম্ন শক্তি আৰু স্পষ্ট কোনো কাৰণৰহিত বে ...

জ্বৰ

জ্বৰ প্ৰকৃততে কোনো ৰোগ নহয়, ই শৰীৰত হোৱা যিকোনো ৰোগৰ বাহ্যিক লক্ষণহে। মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী ছেণ্টিগ্ৰেট বা ৯৮ ডিগ্ৰী ফাৰেনহাইট থাকে। এই উত্তাপ যেতিয়া স্বাভাৱিকতকৈ বেছি হয় তেতিয়াই জ্বৰ উঠা বুলি কোৱা হয়। ইয়াৰ অন্য নাম Pyrexia ...