ⓘ অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰ ..

অসমলৈ মুছলমানৰ আগমন

ধৰ্মীয় জনসংখ্যাৰ আধাৰ তথ্য মতে বঙ্গীয় মুছলমানসকলৰ নিৰানব্বৈ শতাংশ আছিল ধৰ্মান্তৰিত মুছলমান । আনহাতে অসমৰ অধিকাংশ মুছলমান প্ৰকৃত ভাৰতীয় তথা বংগীয়মূলৰ । অসমপূৰ্বৰ কামৰূপৰ ৰজা কামেশ্বৰৰ হৈতে বংগৰ নবাব ইছমাইল গাজীৰ যুদ্ধ হৈছিল । কাৰূপৰ ৰজা কামেশ্বৰে ইছমাইলৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । তেতিয়া বহু মানুহ মুছলমান হৈছিল । 1459-74 তথ্য: কোচ বিহাৰেৰ ইতিহাস অসমত মুছলমানৰ প্ৰথম প্ৰৱেশ ঘটে খৃষ্টীয় সপ্তম শতিকাত সম্ৰাট সেষ্ট্ৰিৰ হাছানৰ দিনত । তথ্য-স্বাধীন অসম আৰু ঐতিহাসিক পাঠভূমি-ৰকিউল হুছেইন বৰা

দেউৰীসকলৰ আ-অলংকাৰ

বিয়া-সবাহত বা আনন্দ উৎসৱত দেউৰী পুৰুষ-মহিলা উভয়ে কণ্ঠত কণ্ঠাহাৰ পিন্ধিছিল। এই কণ্ঠাহাৰে ডিঙিৰ পৰা বুকুলৈকে ওলমি তিৰোতাৰ সৌন্দৰ্য দুগুণে বঢ়াই তুলিছিল। দেউৰী মহিলাসকলৰ ডিঙিত পিন্ধা অলংকাৰৰ ভিতৰত মণি জাতীয় সৰু-ডাঙৰ অলংকাৰেই প্ৰধান আছিল। নানা ৰঙৰ মণিবোৰ তেওঁলোকৰ পছন্দ মতে টান সূতাৰে গাঁঠি লৈছিল। বুকুলৈকে ওলোমাই পিন্ধা মণিধাৰ ছেংমৰা মণি বুলি জনা গৈছিল। এনে মণিধাৰত সোণ-ৰূপৰ মাদুলি অথবা জোনবিৰিও সংযোগ কৰিছিল।

মণিপুৰী আই গোসাঁনী থান

মণিপুৰী আই গোসাঁনী থাখন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত ‍ অৱস্থিত।

মথনী

মথনী অসমৰ দৰং জিলাত পালিত হোৱা এক উৎসৱ। জিলাখনৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ দেবানন্দ-সত্ৰত আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা এই মথনী উৎসৱ উৎযাপন কৰা হয়। দৰঙী ৰজসকলৰ ৰাজত্বকালত পূৰ্বৰেপৰা মথেনী উৎসৱ উলহ-মালহেৰে দেৱানন্দ-সত্ৰত পালন কৰি অহা বুলি অনুমান কৰিব পাৰি। মহাপুৰুষ শ্ৰীমন্তদামোদৰদেৱৰ নিৰ্দেশনাক্ৰমে দেৱানন্দ-সত্ৰ প্ৰতিষ্ঠিত হৈছিল। এই সত্ৰৰ মনিকূটত শ্ৰীশ্ৰী অতন্ত শয্যাশায়ী বাসুদেৱ - নাৰায়নৰ বিগ্ৰহ প্ৰতিষ্ঠিত। ৰাজন্যমণ্ডলী বিশেষকৈ দৰঙী ৰজাসকলৰ পৃষ্ঠোষকতা আৰু সৰ্ব প্ৰকাৰ সহায়- সাহায্যত এই সত্ৰই উন্নতিৰ উচ্চ শিখৰত উপনীত হৈছিল। দেৱানন্দ-সত্ৰৰ সেই অতীত কীৰ্তি আৰু গৌৰৱ অম ...

                                     

ⓘ অসমৰ ইতিহাস

অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল।

কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল। সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্ত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল। ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল।

                                     

1.1. প্ৰাগৈতিহাসিক যুগ মধ্যপ্ৰস্তৰ যুগ

গাৰো পাহাৰৰ ৰংগ্ৰাম উপত্যকাত মধ্যপ্ৰস্তৰ যুগৰ শিলৰ সঁজুলি উদ্ধাৰ কৰা হৈছে। এই অঞ্চলৰ লোকে হাতেৰে নিৰ্মিত বাচন ব্যৱহাৰ কৰিছিল। সঁজুলিসমূহৰ পৰা অনুমান কৰা হয় যে মানুহবোৰ চিকাৰী আৰু খাদ্য সংগ্ৰাহক আছিল।

                                     

1.2. প্ৰাগৈতিহাসিক যুগ নৱপ্ৰস্তৰ যুগ

নৱপ্ৰস্তৰ যুগৰ প্ৰথম ভাগৰ সমল পোৱা হোৱা নাই। কিন্তু নৱপ্ৰস্তৰ যুগৰ শেষৰ ফালৰ কিছুমান সমল প্ৰথমতে বিশ্বনাথত উদ্ধাৰ কৰা হয়। এই সঁজুলিবোৰ মন-মেৰ কোৱা লোকসকলে খ্ৰীষ্টপূৰ্ব ২৫০০ মানত নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। যোৱা কেইবছৰমানত উত্তৰ কাছাৰ পাহাৰ, গাৰো পাহাৰ, কামৰূপৰ সৰুতাৰু আদি ঠাইতো নৱপ্ৰস্তৰ যুগৰ চিন পোৱা গৈছে। মানুহবিলাকে বানপানীৰ পৰা হাত সাৰিবলৈ স্থান পৰিৱৰ্তনীয় ঝুমখেতি কৰিছিল। তেওঁলোকে বনৰীয়া জন্তুৰো চিকাৰ কৰি খাইছিল আৰু গছৰ বাকলিৰ পৰা বস্ত্ৰ তৈয়াৰ কৰি লৈছিল।

                                     

1.3. প্ৰাগৈতিহাসিক যুগ লৌহ যুগ

এই অঞ্চলত এতিয়ালৈকে কোনো তাম-ব্ৰঞ্জ বা লৌহ যুগৰ সংস্কৃতিৰ প্ৰত্নতাত্বিক সমল উদ্ধাৰ হোৱা নাই। সমসাময়িক সংস্কৃতিৰ চিন বঙ্গ আৰু দক্ষিণ-পূব এছিয়াত উদ্ধাৰ হৈছে।

                                     

1.4. প্ৰাগৈতিহাসিক যুগ মেগালিথিক যুগ

অসমত প্ৰথম শতিকামানত মেগালিথিক সংস্কৃতিৰ সূত্ৰপাত ঘটে। গাৰো, কামৰূপ আৰু কাৰ্বি পাহাৰৰ সীমা অঞ্চলত ইয়াৰ চিন পোৱা যায়। খাচী-জয়ন্তীয়া পাহাৰৰ কিছুমান জনজাতীয় সম্প্ৰদায়ৰ মাজত এতিয়াও এই সংস্কৃতিৰ জীৱন্ত পৰম্পৰা আছে।

                                     

2. প্ৰাচীন অসম

৪ৰ্থ শতিকাত কামৰূপ ৰাজ্যত পুষ্য বৰ্মনে বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰাৰে পৰা অসমৰ জ্ঞাত ইতিহাস আৰম্ভ হয়। খুব সম্ভৱ ভূমিপুত্ৰসকল এই বংশৰ মূল আছিল, যাৰ পূৰ্বপুৰুষ আছিল নৰকাসুৰ। ৭ম শতিকাত ভাস্কৰবৰ্মনৰ ৰাজত্বত এই ৰাজ্যই খ্যাতি অৰ্জন কৰে। হিউৱেন চাঙে এই সময়তে কামৰূপ ভ্ৰমণ কৰি নিজৰ অভিজ্ঞতা লিপিবদ্ধ কৰে। সন্তানহীন ভাস্কৰবৰ্মনৰ মৃত্যুৰ পিছত শাসনভাৰ শালস্তম্ভৰ হাতলৈ যায় যি ম্লেছ ৰাজবংশ প্ৰতিষ্ঠা কৰে। ৯ম শতিকাত ম্লেছ বংশৰ পতনৰ পিছত নতুন শাসক ব্ৰহ্মপালে পাল ৰাজবংশ প্ৰতিষ্ঠা কৰে। শেষ পাল ৰজাজনক গৌৰৰ ৰজা ৰামপালে ১১১০ খ্ৰীষ্টাব্দত ক্ষমতাচ্যুত কৰে। কিন্তু গৌৰৰ ৰজাই পাতি যোৱা ইয়াৰ পিছৰ ৰজা দুজন তিম্জ্ঞদেৱ আৰু বৈদ্যদেৱে স্বতন্ত্ৰ ৰজা হিছাপেহে শাসন কৰিছিল আৰু প্ৰাচীন কামৰূপৰ মোহৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ পতন হোৱাৰ পিছত ১২শ শতিকাতকামৰূপৰ ঠাইত সৰু সৰু ৰাজ্য স্থাপিত হয় আৰু লগে লগে প্ৰাচীন অসমৰ যুগৰ সামৰণি পৰে।

                                     

3. মধ্যযুগীয় অসম

মধ্যযুগৰ প্ৰথম সময়ছোৱাত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত পৃথুৱে প্ৰতিষ্ঠা কৰা কমতা ৰাজ্যৰ খেন ৰাজবংশৰ উত্থান ঘটে। বঙ্গৰ তুৰ্কসকলৰ আক্ৰমণো আৰম্ভ হয়। ৰাজধানী কমতাপুৰৰ নামেৰে কমতা ৰাজ্যৰ নামটো হৈছিল। বঙ্গৰ শাসকে সঘনাই আক্ৰমণ কৰাৰ পিছত ১৪৯৮ চনত আল্লাউদ্দিন হুছেইন শ্বাহ ৰজাই শেষ খেন ৰজাজনক উৎখাত কৰে। কিন্তু মূলতঃ বাৰ ভূঞাৰ বিদ্ৰোহৰ বাবে হুছেইন শ্বাহ আৰু পিছৰ শাসকসকলে কমতা ৰাজ্যত খোপনি পুতিব নোৱাৰিলে। ১৬শ শতিকাত বিশ্বসিংহই কমতা ৰাজ্যত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰদ্বয় নৰ নাৰায়ণ আৰু চিলাৰায়ৰ দিনত কোচ বংশৰ খ্যাতিয়ে শিখৰ চোৱে।

পুৰণি কামৰূপ ৰাজ্যৰ পূব অংশত কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বাৰ ভূঞাৰ উত্থান ঘটে। কছাৰী আৰু চুতীয়া ৰাজ্যৰ মাজতে চুকাফাৰ নেতৃত্বত এটা শান বংশৰ দলে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে। সময়ৰ লগে লগে আহোম ৰাজ্য উত্তৰ ফালে চুতীয়া ৰাজ্যলৈ বিস্তৃত হয় আৰু কছাৰী ৰাজ্যক আৰু দক্ষিণলৈ ঠেলি পঠায়। ১৬শ শতিকাৰ শেষ ভাগত নৰ নাৰায়ণৰ মৃত্যুৰ পিছত কমতা ৰাজ্য পশ্চিমে কোচ বিহাৰ আৰু পূবে কোচ হাজোত দুভাগ হয়। দুই ৰাজ্যৰ মাজৰ শত্ৰুতা বাঢ়ি আহে। কোচ বিহাৰে মোগলৰ লগত আৰু কোচ হাজোৱে আহোমৰ লগত হাত মিলায়। ১৭শ শতিকাত বহুকেইখন আহোম-মোগল যুদ্ধ সংঘটিত হয়। ১৬৭১ চনত আহোমে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰে আৰু শেষত ১৬৮২ চনত ইটাখুলিত পৰাস্ত কৰি নিজৰ পশ্চিম সীমা স্থিৰ কৰে। আহোমসকলে পশ্চিমৰ কৰতোৱা নদীলৈকে নিজৰ ৰাজ্য বিস্তাৰৰ বাবে মন মেলিছিল যদিও তেনে হৈ নুঠিল। কেৱল ১৬শ শতিকাত স্বৰ্গদেউ চুহুংমুঙৰ সেনাপতি টংখামে এবাৰ আক্ৰমণকাৰীসকলক খেদি কৰতোৱা নদী পাৰ কৰাই আহিছিল।

আহোম ৰাজ্যই উন্নতিৰ শিখৰত উপনীত হোৱাৰ পিছত ১৮শ শতিকাত মোৱামৰীয়া বিদ্ৰোহৰ পিছত ইয়াৰ পতন আৰম্ভ হয়। শাসন পুনৰ অধিকাৰ কৰাৰ পিছতো অভ্যন্তৰীণ খেলিমেলি চলি থাকে আৰু ১৯শ শতিকাৰ প্ৰথমভাগত মানৰ অসম আক্ৰমণ সংঘটিত হয়। ইংৰাজৰ হাতত মান পৰাস্ত হয় আৰু ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যোৱাৰ লগে লগে মধ্যযুগৰ অন্ত পৰে।



                                     

4.1. ঔপনিবেশিক অসম ব্ৰিটিছৰ অসম অধিগ্ৰহণ

মানসকলে অসম অধিকাৰ কৰাৰ পিছত ব্ৰিটিছসকলে মানৰ বিৰুদ্ধে ৰণৰ প্ৰস্তুতি চলায়। ১৮২৪ চনত নামনি অসম কোচ হাজো‌ অধিগ্ৰহণ কৰা হয়। তাৰ পিবছৰ ব্ৰিটিছে উজনি অসমত মানক পৰাস্ত কৰে আৰু তেওঁলোকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই যুদ্ধখনত আহোমে ব্ৰিটিছক সহায় কৰা নাছিল। একে বছৰতে ৰজা গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত "ডক্‌ট্ৰিন অৱ লেপ্‌ছ"মতে কছাৰী ৰাজ্যকো ব্ৰিটিছ শাসিত অঞ্চলৰ অন্তৰ্ভুক্ত কৰা হয়। ১৮৩২ চনত খাচী ৰজাৰ আত্মসমৰ্পণৰ পিছত জয়ন্তীয়া ৰাজ্যৰ ওপৰতো ব্ৰিটিছৰ প্ৰভুত্ব বাঢ়ে। ১৮৩৩ চনত আহোম ৰজা পুৰন্দৰ সিংহৰ অধীনৰ আহোম ৰাজ্যক ব্ৰিটিছ ৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হয়। কিন্তু ১৮৩৮ চনত আনুষ্ঠানিকভাৱে আহোম ৰাজ্যক ব্ৰিটিছ অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়। ১৮৩৯ চনত মৰাণ-মটক অঞ্চল অধিকাৰ কৰাৰ লগে লগে ব্ৰিটিছে গোটেই অসমতে নিজৰ শাসন স্থাপন কৰে।

                                     

4.2. ঔপনিবেশিক অসম ঔপনিবেশিক শাসন

বেঙ্গল প্ৰেচিডেন্সী ১৮২৬-১৮৭৩: অসমক বেঙ্গল প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত কৰা হৈছিল। উজনি অসম অধিগ্ৰহণৰ এটা কাৰণ আছিল ১৮৩৭ চনত অসমৰ চাহৰ সফল উৎপাদন আৰু ১৮৩৯ চনত অসম কোম্পানী স্থাপন। ১৮৩৮ চনৰ ৱেষ্ট্‌লেণ্ড নিয়ম অনুসৰি স্থানীয় লোকৰ বাবে চাহ খেতি কৰাটো দুৰূহ আছিল। ১৮৫৪ চনত এই নিয়ম শিথিল কৰাৰ লগে লগে এই পৰিস্থিতি সলনি হয়। খেতি কৰিবৰ বাবে অনা চীনা লোকসকলে ১৮৪৩ চনত অসম ত্যাগ কৰে আৰু তাৰ ঠাইত স্থানীয় লোক বিশেষকৈ কছাৰী সম্প্ৰদায়ৰ মৰকল কৰা হয়। ১৮৫৯ চনত মধ্য ভাৰতৰ পৰাও চাহ খেতিৰ বাবে বনুৱা আমদানি কৰা হয়। এইসকল লোকৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় আছিল। ইতিমধ্যে ঔপনিবেশিক চৰকাৰে কানি খেতিৰ ওপৰতো নিজৰ অধিকাৰ বিস্তাৰ কৰিছিল।

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিদ্ৰোহ নোহোৱাকৈ থকা নাছিল। ইয়াণ্ডাবু সন্ধি হোৱাৰ দুবছৰ পিছত ১৮২৮ চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ ঘোষণা কৰে, কিন্তু সহজেই তাক দমন কৰা হয়। ১৮৩০ চনত ধনঞ্জয় বুঢ়াগোহাঁই, পিয়লি ফুকন আৰু জীউৰাম মেধিয়ে বিদ্ৰোহ ঘোষণা কৰে। তেওঁলোকৰ মৃত্যুদণ্ড প্ৰদান কৰা হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমৰ মানুহও ব্ৰিটিছক অসহযোগিতাৰে আন্দোলনলৈ সহায় আগবঢ়ায়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়। ১৮৬১ চনত নগাঁৱৰ কৃষকসকলে ফুলগুৰিত তামোল-পাণৰ ওপৰত কৰৰ বিৰুদ্ধে ৰাইজ মেলৰ বাবে সন্মিলিত হৈছিল। তাতে ব্ৰিটিছ বিষয়া চিংগাৰ ৰাইজৰ লহত হতাহতিত নিহত হয়। তাৰ পিছত এই বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰা হয়।

চিফ কমিছনাৰ্‌ছ প্ৰভিন্স ১৮৭৪-১৯০৫: ১৮৭৪ চনত অসমক বেঙ্গল প্ৰেচিডেন্সীৰ পৰা পৃথক কৰা হয় আৰু চিলেট অঞ্চল যোগ দি ইয়াক চিফ কমিছনাৰ্‌ছ প্ৰভিন্সলৈ উন্নীত কৰা হয়। ইয়াৰ ৰাজধানী আছিল শ্বিলং। চিলেটৰ লোকসকলে এই কাৰ্যৰ প্ৰতিবাদ কৰিছিল। ১৮৩৭ চনত অসমীয়া ভাষাৰ সলনি বঙালী ভাষাক চৰকাৰী ভাষা ঘোষণা কৰা হৈছিল, কিন্তু এই সময়ত অসমীয়া ভাষাক পুনৰ স্ব-মৰ্যাদা প্ৰদান কৰা হয়। ১৮৮৯ চনত ডিগবৈত তেলৰ আৱিষ্কাৰ হোৱাৰ লগে লগে তৈল উদ্যোগে গঢ় লৈ উঠে। সেই সময়ছোৱাত নগাঁৱত দুৰ্ভিক্ষৰ ফলত বহু মানুহৰ মৃত্যু হৈছিল। কৃষিতকৈ চাহ, তেল আৰু কয়লা উদ্যোগ বহুখিনি আগুৱাই গৈছিল।

শোষণৰ বিৰুদ্ধে লাহে-লাহে কৃষকসকল জাগি উঠিবলৈ ধৰিলে। বিভিন্ন ৰাইজ-মেলৰ যোগেদি কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত লোৱা হল। ১৮৯৪ চনত পথৰুঘাটত তেনে এখন প্ৰতিবাদী সভাৰ ওপৰত ব্ৰিটিছে কৰা আক্ৰমণত প্ৰায় ১৫ জন লোক নিহত হয়। ইয়াৰ পিছত গাঁৱৰ ৰাইজক অত্যাচাৰ কৰি সম্পত্তি লুট-পাত কৰা হয়।

১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত "অসম এছচিয়েচন" গঠন হয়।

পূব বঙ্গ আৰু গভাৰ্নৰ শাসিত অসম ১৯০৬-১৯১২: ১৯০৫ চনৰ বঙ্গ বিভাজনৰ পিছত পূব বঙ্গক চিফ কমিচনাৰৰ প্ৰভিন্সত যোগ কৰা হয়। এজন লেফ্‌টনেণ্ট গভাৰ্নৰ শাসিত এই অঞ্চলৰ ৰাজধানী আছিল ঢাকা। এই প্ৰভিন্সৰ ১৫ জনীয়া পৰিষদত অসমৰ বাবে আসন আছিল দুখন।

বঙ্গ আৰু অসম দুয়ো ঠাইতে বঙ্গ বিভাজনৰ প্ৰতিবাদ কৰা হৈছিল। অৱশেষত ১৯১১ চনত ৰাজকীয় ঘোষণাযোগে এই বিবাদ সমাধান কৰা হয়। এই সময়ছোৱাত ১৯০৫-১৯০৮ চলা স্বদেশী আন্দোলনৰ বতাহে অসমক বৰকৈ স্পৰ্শ কৰা নাছিল। কেৱল অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে কেইজনমান লোকে ইয়াত আগভাগ লৈছিল।

১৯০৫ চনৰ পৰা পূব বঙ্গৰ পৰা প্ৰব্ৰজন কৰা লোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিত থিতাপি লবলৈ ধৰে। কৃষি উৎপাদন বৃদ্ধি কৰাৰ স্বাৰ্থত ব্ৰিটিছেও এই কাৰ্যত উদ্গনি যোগায়। ১৯০৫ চনৰ পৰা ১৯২১ চনলৈ এই প্ৰব্ৰজনকাৰীৰ সংখ্যা চাৰিগুণ বাঢ়ে। উত্তৰ-ঔপনিবেশিক যুগতো অবৈধ প্ৰব্ৰজন অব্যাহত থাকে আৰু তাৰ ফলত ১৯৭৯ চনত অসম আন্দোলন সংঘটিত হয়।

অসম বিধান পৰিষদ ১৯১২-১৯২০: প্ৰশাসনিক গোট পুনৰ চিফ কমিচনাৰৰ প্ৰভিন্সলৈ অসম আৰু চিলেট পূৰ্ববত কৰা হয় আৰু ইয়াৰ লগত এখন বিধান পৰিষদ যোগ দিয়া হয়। পৰিষদৰ ২৫ জন সদস্য আছিল আৰু মুখ্য আয়ুক্তৰ লগত ১৩ জন নিৰ্বাচিত সদস্যই পৰিষদৰ সিংহভাগ গঠন কৰিছিল। আন সদস্যসকলক স্থানীয় ৰাজহুৱা গোট যেনে পৌৰসভা, চাহ ব্যৱসায়ী আদিয়ে নিৰ্বাচন কৰিছিল।

অসম অসহযোগ আন্দোলনত সোমাই পৰাৰ পিছত ১৯২০-২১ চনত অসম এছচিয়েচন লাহে লাহে "অসম প্ৰদেশ কংগ্ৰেছ কমিটি"লৈ ৰূপান্তৰ হয় আৰু ভাৰতীয় কংগ্ৰেছ কমিটিত পাঁচখন আসন লাভ কৰে।

দ্বি-শাসন ১৯২১-১৯৩৭: ভাৰত চৰকাৰ বিধি ১৯১৯ মতে অসম বিধান পৰিষদৰ সদস্য সংখ্যা ৫৩লৈ বৃদ্ধি কৰা হয় যাৰ ভিতৰত ৩৩ জন বিশেষ সমষ্টিৰ দ্বাৰা নিৰ্বাচন কৰা হৈছিল। পৰিষদৰ শক্তি বৃদ্ধি কৰা হৈছিল যদিও ইউৰোপীয়ান আৰু মনোনীত সদস্যৰে গঠিত আনুষ্ঠানিক গোটৰে প্ৰভাৱ বেছি আছিল।

অসম বিধানসভা ১৯৩৭-১৯৪৭: ১৯৩৫ চনৰ ভাৰত চৰকাৰ নীতিমতে পৰিষদখন ১০৮ জনীয়া সদস্যৰ এখন বিধানসভালৈ পৰিৱৰ্তন কৰা হয় আৰু ইয়াৰ শক্তিও বৃদ্ধি পায়। এই সময়ছোৱাত অসমৰ ৰাজনীতিত গোপীনাথ বৰদলৈ আৰু মহম্মদ চাদুলাৰ প্ৰভাৱেই বেছি দেখা গৈছিল।



                                     

5. স্বাধীনতা-উত্তৰ যুগ

১৯৭৯ চনত অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে অসম আন্দোলনৰ সূত্ৰপাত হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত হোৱা এই আন্দোলনে অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। প্ৰথম অৱস্থাত অহিংসা নীতি মানি চলিলেও পিছলৈ এই আন্দোলনত নেলীৰ হত্যাকাণ্ডৰ দৰে হিংসাত্মক ঘটনাও সংঘটিত হয়। ১৯৮৫ চনত আন্দোলনৰ নেতাসকল আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তিমতে ইয়াৰ সামৰণি পৰে। নেতাসকলে অসম গণ পৰিষদ নামেৰে এটা ৰাজনৈতিক দল গঠন কৰি ১৯৮৫ চনৰ নিৰ্বাচনত জয়ী হয় আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলে ২০০১, ২০০৬ আৰু ২০১১ চনৰ ক্ৰমাগত তিনিটা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে। ২০১৫ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দল নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰে৷

                                     
  • অসমৰ চ ত ৰকল ৰ ইত হ স স ক ম ৰ কল সম হৰ ভ তৰত চ ত ৰকল এব ধ অন যতম কল মধ যয গৰ সময ছ ৱ ত অসমৰ চ ত ৰকল ৰ প ৰথম ন দৰ শন দ খ প ৱ গ ছ ল স ই সময ত ৰজ ৰ
  • ভ ৰতৰ ৰ ল পৰ বহণৰ ইত হ স আৰম ভ হ ছ ল ঊন শ শত ক ৰ ম জভ গৰ পৰ চনত ভ ৰতত এক ক ল মট ৰ ৰ লপথ ন ছ ল চনল দ শৰ ব ছ ভ গ জ ল স মৰ ম ইল ৰ লপথ
  • পৰ যটনৰ ক ৰণ অসম ৰ ষ ট ৰ য উদ য ন, মঠ - মন দ ৰ আৰ ঐত হ স ক সমল ৰ চহক অসমৰ পৰ যটন উদ য গ ক জ ৰঙ ৰ ষ ট ৰ য উদ য ন, ম ন হ ৰ ষ ট ৰ য উদ য ন আদ ৰ দৰ
  • ভব ন দ ৰ ন থ শইক য আৰ জ হ ন বৰ ৱ ৰ ন ম উল ল খয গ য যদ ও এই উদ য গৰ ইত হ স প ৰণ আৰ বহ স খ যক ছব য ৰ ষ ট ৰ য স তৰত সন ম ন ল ভ কৰ ছ তথ প ও ৰ ষ ট ৰ য
  • অসমৰ প ৰস দ ধ ব যক ত সকলৰ ত ল ক অসমৰ কণ ঠশ ল প সকলৰ ত ল ক অসম য অভ ন ত অভ ন ত ৰ সকলৰ ত ল ক জ য ত প ৰস দ আগৰৱ ল ভ প ন হ জৰ ক ন প বৰ ৱ ব ৰজ ন বৰ ৱ
  • Xomoi হ ছ অসমৰ স হ ত য ক, ঔপন য স ক ম দ ন চ ধ ৰ ৰ দ ব ৰ ল খ ত এখন উল ল খয গ য উপন য স উপন য সখনৰ ব ষয বস ত হ ছ ইত হ স - সচ তনত আৰ ইত হ স ব শ ল ষণ
  • স তত ব ল প ত হ ছ ক শ ৰ ক ম ৰ কল ত ল খক - স কলক ভ ৰ ম যম ণ থ য ট ৰৰ ইত হ স প ৰথম খণ ড সদ অসম ভ ৰ ম যম ণ থ য ট ৰ প ৰয জক স স থ ফ ব ৰ ৱ ৰ
  • আৰ অসমৰ ম ঠ জ ল ৰ স খ য হ ল চনৰ আগষ ট ত ৰ খ অসম ক ব ন ট বৰপ ট জ ল ৰ বজ ল মহক ম ক জ ল ল উন ন ত কৰ প ৰস ত ৱ গ হ ত হ ৱ ৰ প ছত অসমৰ ম ঠ
  • Lyngngam, and Kuki. আহ ম সকল অসমৰ এট উল ল খয গ য জ ত আহ ম সকল ট ই জ ত ৰ ল ক ট ই সকল দক ষ ণ - প ব এছ য ৰ এট প ৰধ ন জ ত উজন অসমৰ জ ল ক ইখন এই আহ ম সকলৰ
  • ব দ ৰ হল - ইত হ স ব ষয ক অসম য গ ৰন থ গ ৱ লপ ৰ জ ল ৰ আৰ থ - স ম জ ক ব যৱস থ - ইত হ স ব ষয ক অসম য গ ৰন থ অসমৰ ইত হ স অধ যয ন আৰ ৰচন - ইত হ স ব ষয ক অসম য
  • মহ ব দ য লয খনত বৰ ত তম ন তলত উল ল খ ত ব ভ গসম হ আছ অসম য অৰ থন ত ব জ ঞ ন ইত হ স ই ৰ জ উদ ভ দ ব জ ঞ ন গণ ত তৰ কব জ ঞ ন আৰ দৰ শন ব ণ জ য ভ গ স ৰ জন ত ব জ ঞ ন