ⓘ অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু ..

অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। অসমীয়া শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। অসমীয়া লিপি অসমীয়া ব্যাকৰণ অসমীয়া বৰ্ণমালা অসমীয়া লিপিৰ বুৰঞ্জী অসমীয়া মানুহ অসমীয়া ভাষা

মৰাণসকলৰ বহাগ বিহুৰ লোকাচাৰ

মৰাণসকলৰ বহাগ বিহু প্ৰতিটো জাতি গঠনৰ এটা নিদিষ্ট প্ৰক্ৰিয়া থাকে। ইয়াৰে এটা অন্যতম প্ৰক্ৰিয়া হৈছে বিভিন্ন জনগোষ্ঠীৰ মাজত মানসিক আৰু সাংস্কৃতিক সমন্বয়। আৰ্য,অনাৰ্য,অষ্টিক, মংগোলীয় জনগোষ্ঠীৰ সাংস্কৃতিক সংমিশ্ৰণত গঢ় লৈ উঠিছে অসমীয়া জাতি। অসমীয়া জাতিৰ সংস্কৃতিক ঐতিহ্যৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে পাহাৰ-ভৈয়ামত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ ভাব-ভাষা,আচাৰ- ব্যৱহাৰ, ৰীতি-নীতি আৰু আদান-প্ৰদানৰ উমৈহতীয়া স্বপ্ন। ঐতিহাসিক কালৰে পৰা অসমত বসবাস কৰি অহা বিভিন্ন জনগোষ্ঠীৰ জীৱন নিৰ্বাহৰ পদ্ধতিয়েই হল বিহুৰ আধাৰ স্বৰূপ। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ লগত মৰাণ সকলে যদিও প্ৰথমতে নিজকে চামিল কৰিছিল ত ...

পাঠ প্ৰসংগ প্ৰণালী

পাঠ প্ৰসংগ প্ৰণালী হৈছে লোকসংস্কৃতি অধ্যয়নৰ এটা পদ্ধতি। পাঠ প্ৰসংগ প্ৰণালী সমৰ্থক লোক-বিদ্যা বিজ্ঞানীসকলৰ মতে লোক-বিদ্যা সম্পকীয় উপাদানৰ অন্তৰালত আছে সেইবোৰৰ প্ৰসংগ বা অনুষংগ। প্ৰসংগ বা অনুষংগ অবিহনে লোক-বিদ্যা সম্পকীয় পাঠ প্ৰানহীন। গল্ডষ্টেইনৰ ভাষাত লোক-বিদ্যাৰ সমল, ক্ষেত্ৰতহে অৰ্থাৎ পাঠ একোটাৰ মাধ্যমতহে পোৱা যায়। পাঠ প্ৰাসংগিক মতবাদ সমৰ্থক লোক-বিদ্যা বিজ্ঞানীসকলৰ ভিতৰত আব্ৰাহাম, ডন-বেন-আমোচ, ৰবাৰ্ট জৰ্জ, গল্ডষ্টেইন আদি উল্লেখযোগ্য। এওঁলোকৰ প্ৰধান আপত্তি: ভাষা, আচৰণ, যোগাযোগ, অভিব্যক্তি অনুষ্ঠান আদি বিভিন্ন প্ৰসংগৰ লগত সম্পৰ্কচ্যূত কৰি লোক-বিদ্যা সম্পৰ্কীয় পাঠ বিচাৰ-বিশ্লেষণ কৰা দেখা ...

হেফেইষ্টাচ

হেফেইষ্টাচ হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা। তেওঁ কমাৰ, ধাতুশিল্প, ভাস্কৰ, নিৰ্মাণ শিল্প আৰু শিল্পী, স্থাপত্যবিদ্যা, অগ্নি আৰু আগ্নেয়গিৰিৰ অধিষ্ঠাতা। ভালকান হৈছে তেওঁৰ ৰোমান সমকক্ষ দেৱতা। হেফেইষ্টাচৰ পিতৃ-মাতৃ সম্পৰ্কে দ্বিমত আছে। কোনো কোনো উৎসৰ মতে দেৱৰাজ জ্যুচ আৰু হীৰা তেওঁৰ পিতৃ-মাতৃ। অন্য কিছু সূত্ৰৰ মতে তেওঁক হীৰাই অকলেই ধাৰণ কৰি জন্ম দিছিল। আখ্যান অনুসৰি, শাৰীৰিক বিসংগতিৰ বাবে তেওঁক হীৰা অথবা জ্যুচে অলিম্পাচ পৰ্বতৰ পৰা নিৰ্বাসন দিয়ে। কমাৰশিল্পৰ দেৱতা হিচাপে হেফেইষ্টাচেই অলিম্পাচৰ দেৱ-দেৱীসকলৰ অস্ত্ৰ-শস্ত্ৰসমূহ নিৰ্মাণ কৰিছিল। এথেন্সকে ধৰি গ্ৰীচৰ ঔদ্যোগিক কেন্দ্ৰসমূহত হেফেইষ্টাচৰ উপ ...

ডিমিটাৰ

ডিমিটাৰ হৈছে প্ৰাচীন গ্ৰীচৰ কৃষিকাৰ্য আৰু শস্য চপোৱা কাৰ্যৰ দেৱী। তেওঁ ফচল আৰু পৃথিৱীৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী। তেওঁক ছিট অৰ্থাৎ খাদ্য বা ফচলদাত্ৰী আৰু থেচমফৰিয়া অৰ্থাৎ দৈৱিক আইনৰ প্ৰদানকাৰী নামেৰে জনা যায়। কেৱল মহিলাসকলে পালন কৰা থেচমফৰিয়া নামৰ উৎসৱ ডিমিটাৰৰ প্ৰতি উৎসৰ্গিত। ডিমিটাৰক সাধাৰণতে শস্য চপোৱা কাৰ্যৰ দেৱী হিচাপে বৰ্ণনা কৰা হয় যদিও তেওঁ দৈৱিক আইন বা ধৰ্মীয় নীতি-নিয়ম, আৰু জীৱন আৰু মৃত্যুৰ চক্ৰৰ অধিষ্ঠাত্ৰী। সম্ভৱতঃ ১৪০০-১২০০ খ্ৰীষ্টপূৰ্ব অৰ্থাৎ মিচিনিয়ান কালৰ পৰাই চলি অহা প্ৰাচীন গ্ৰীচৰ এক অন্যতম ধৰ্মীয় পৰম্পৰা ইলুচিনিয়ান ৰহস্য ত ডিমিটাৰ আৰু তেওঁৰ জীয়ৰী পাৰ্চিফোনি কেন্দ্ৰীয় ...

গন্ধৰ্ব

গন্ধৰ্ব হৈছে হিন্দুধৰ্ম, বৌদ্ধধৰ্ম আৰু জৈনধৰ্মৰ আখ্যানসমূহত উল্লিখিত এক দৈৱিক জীৱ। গন্ধৰ্ব পুৰুষসকল সংগীতবিদ্যাত পাকৈত। তেওঁলোকৰ নাৰীসকল নৃত্য পটিয়সী। গন্ধৰ্ব শব্দৰদ্বাৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ নিপুণ শিল্পীসকলকো বুজোৱা হয়।

                                     

ⓘ অসমীয়া ভাষা

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি।

অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাঁওফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ।

                                     

1. উদ্ভৱ আৰু বিকাশ

প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, ড‍৹ বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড৹ জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড৹ সুনীতি কুমাৰ চেটাৰ্জী, ড৹ বাণীকান্ত কাকতি, ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা, ড৹ উপেন্দ্ৰনাথ গোস্বামী, ড৹ গোলোকচন্দ্ৰ গোস্বামী, ড৹ মহেশ্বৰ নেওগ, ড৹ নগেন ঠাকুৰ, ড৹ ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত ।

বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হব পৰা নাই। কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিজ্ঞানী সহমতত উপনীত হৈছে। মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ভাষা প্ৰধানকৈ ভাৰত-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে। শতম শাখাৰ এটা প্ৰধান ভাগ আছিল আৰ্য বা ভাৰত-ইৰানীয়। এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়।

এইক্ষেত্ৰত ড৹ উপেন্দ্ৰনাথ গোস্বামীৰ মতে,

অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় লবলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে।

অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ বিচাৰ গ্ৰন্থত ড৹ গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে- ভাষা - অসমীয়া গোত্ৰ - ভাৰত-ইউৰোপীয় প্ৰৱৰ - আৰ্য শাখা - বৈদিক বৰ্ণ - প্ৰাচ্য কামৰূপ প্ৰাকৃত গণ - কামৰূপী অপভ্ৰংশ ক্ষণ - দ্বাদশ-ত্ৰয়োদশ শতিকা ক্ষেত্ৰ - উত্তৰ-পূব ভাৰত খণ্ড

আনহাতে প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হলেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই। বেণীমাধৱ বৰুৱাএই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে। ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাই আদিয়েএই মতকে পোষণ কৰিছে। ড৹ ডিম্বেশ্বৰ নেওগে Growth of the Asamiya Language -ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই it did not stand analysis and proper scrutiny বুলি মন্তব্য কৰিছে।

অসমীয়া ভাষাৰ বিকাশক ড৹ বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে।

  • আধুনিক অসমীয়া - ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ।
  • মধ্যযুগীয় অসম - সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ। আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে।
  • প্ৰাচীন অসমীয়া - চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ। এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি।

খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়। ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে।

                                     

2. লিপি

অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। ৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা ধৰ্মপুস্তক বাইবেলৰ অসমীয়া অনুবাদত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়৷

                                     

3. ৰূপতত্ত্ব আৰু ব্যাকৰণ

সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হলেও অসমীয়া ভাষাৰ ব্যাকৰণে কিছুমান নিৰ্দিষ্ট বিশেষত্ব প্ৰকাশ কৰিছে। অসমীয়া ভাষাত তলত দিয়াৰ দৰে ৰূপতাত্বিক বৈশিষ্ট্যসমূহ প্ৰকাশ পায়

  • সংস্কৃতত পুৰুষ তিনিটা, অসমীয়াত পুৰুষ চাৰিটা। মধ্যম পুৰুষৰ মান্য আৰু তুচ্ছাৰ্থবাচক ৰূপ আছে।
  • অসমীয়াত বচন ব্যাকৰণগত নহয়।
  • জতুৱা ঠাঁচত পৰোক্ষ বাক্য গঠন কৰিব পাৰি।
  • সংস্কৃতৰ দৰে অসমীয়া ভাষাত ধাতুৰ কোনো গণৰ শ্ৰেণী-বিভাজন নাই।
  • কৰ্তাপদতকৈ কৰ্মপদ সম্পূৰ্ণ পৃথক।
  • অসমীয়াত লিংগ ব্যাকৰণগত বিষয় নহয়।
  • ব্যক্তিগত সৰ্বনামসূচক অধিকাৰৰ বাবে সম্বোধনসূচক বিশেষ্যৰ শব্দৰূপ দিয়া হয়। Kinship nouns are inflected for personal pronominal possession.
  • ক্ৰিয়া-বিশেষণ সমূহ ক্ৰিয়াৰ উৎসৰ পৰাই বিশ্লেষণ কৰিব পাৰি।
  • সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়াৰ মাজত ভিন্নতা আছে।
                                     

4.1. ধ্বনিতত্ত্ব স্বৰধ্বনি

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।

                                     

4.2. ধ্বনিতত্ত্ব ব্যঞ্জনধ্বনি

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়।

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।

অসমীয়া ভাষাত য় আৰু ৱ এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰা-ওচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো ই হলে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি য় উচ্চাৰিত হব আৰু আগৰটো উ বা ও হলে আপোনা-আপুনি ৱ উচ্চাৰিত হব।

                                     

5. উপভাষা

উনবিংশ শতিকাত খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা। অসমৰ সংবাদ পত্ৰ, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে। বাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে ১ পূব আৰু ২ পশ্চিম উপভাষা। কিন্তু বৰ্তমান উপভাষা বিভাজনত চাৰিটা ভাগ কৰা দেখা যায়।

  • কামৰূপী উপভাষা
  • গোৱালপাৰীয়া উপভাষা
  • পূবৰ বা উজনি অসমৰ উপভাষা
  • মধ্য অসমৰ উপভাষা নগাঁও, মৰিগাঁও আদি আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চল


                                     

6. বাহ্যিক সংযোগ

  • অসমীয়া - UCLA Phonetics Lab Data
  • অসমীয়াৰ Ethnologue প্ৰতিবেদন
  • অসমীয়া ভাষাৰ নমুনা
  • লিপিবদ্ধ অসম অসমীয়া শব্দৰ উদ্ভৱৰ সন্ধানত, ড॰ গকুল গোস্বামী উৎস - নীলা চৰাই ৱেবছাইট।
  • অসমীয়া ভাষা আৰু সাহিত্য
                                     
  • অসম য ভ ষ উন নত স ধ ন সভ ই ৰ জ Assamese Language Development Society চম ক অভ উস এট অসম য স হ ত য ব ষয ক স গঠন আছ ল ইয ৰ জন ম হ ছ ল
  • অসম য ভ ষ আন দ লন অসমত অসম য ভ ষ ক চৰক ৰ ভ ষ আৰ শ ক ষ ক প ৰত ষ ঠ নৰ শ ক ষণৰ ম ধ যম হ চ প ব যৱহ ৰ কৰ বল সময সময স ঘট ত হ ৱ স ম জ ক তথ ৰ জন ত ক
  • উড য ଓଡ ଆ oṛiā ইণ ড - ইউৰ প য ভ ষ পৰ য লৰ ইণ ড - আৰ য শ খ ৰ এট ভ ষ অসম য আৰ ব ল ভ ষ ৰ লগত ভ ষ ট ৰ যথ ষ ট ম ল আছ এই ভ ষ ট প ৰ য ক ট
  • সম প ৰদ য ৰ ল ক হ এই ভ ষ জ ন আৰ ব ভ ন ন পৰম পৰ গত আচ ৰত আহ ম ভ ষ ৰ ব যৱহ ৰ কৰ হয বৰ তম ন আহ ম ভ ষ ৰ প ৰচলন বৰ অম ৰ ন ম ৰ জন জ ত আহ ম - অসম য শব দক ষত আহ ম
  • ভ ৰতবৰ ষত বঙ ল দ ব ত য সৰ ব চ চ কথ ত ভ ষ অসম য আৰ বঙ ল ভ গ ল কভ ব সকল তক প ৰ বত অৱস থ ত ভ ৰত - ইৰ ন য ভ ষ খ ৰ ষ ট য প ৰথম সহশ ৰ ব দৰ শ ষৰ ফ ল
  • ব ভ ন ন ভ ষ স স ক ত আদ ম ল গ এই জ ত ৰ ভ ষ - স স ক ত ৰ ৰ প ল ছ প ৰক তত স বৰ গদ উ চ ক ফ হ ছ প হ ৰ - ভ য ম জ ত জনগ ষ ঠ এক কৰ গঢ দ য অসম য জ ত ৰ
  • প ষ ঠ অসম য শব দট ৱ ন ম নল খ ত প ৰবন ধব ৰ স চ ব প ৰ অসম য ভ ষ অসম য ল প অসম য ল প ৰ ব ৰঞ জ অসম য বৰ ণম ল অসম য ব য কৰণ অসম য ম ন হ
  • ফ চব কৰ আম অসম য গ টট ৰ উদ দ শ য হ ছ অসম য ল কসকলক একত ৰ ত কৰ অসম য ভ ষ - স স ক ত ৰ সমন বয ৰ ম জ ৰ অসম য ভ ষ ট ক আৰ অসম য স স ক ত ক জ য ই
  • জন য য ম ন ভ ষ ম য নম ৰৰ চৰক ৰ ভ ষ চনৰ তথ য অন সৰ ম ন ভ ষ ক ট ল কৰ ম ত ভ ষ আৰ ক ট ল কৰ দ ব ত য ভ ষ ম ন ভ ষ ম ন ল প ত ল খ
  • ফ ৰ চ ভ ষ ব প ৰ ছ য ন ভ ষ ই ৰ জ Persian language হ ছ এট পশ চ ম য ইৰ ণ য ভ ষ য ট ইণ ড ইউৰ প য ন ভ ষ সম হৰ ইণ ড ইৰ ণ য ন ব ভ গৰ ইৰ ণ য ন
  • ম ইত ই ভ ষ ব মণ প ৰ ভ ষ উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ প ৰধ নতম তথ চৰক ৰ ভ ষ মণ প ৰৰ ব হ ৰ ও অসম, ত ৰ প ৰ ব ল দ শ আৰ ম য নম ৰত এই ভ ষ ট প ৰচল ত
                                     

দৈনিক বাতৰি

দৈনিক বাতৰিয়েই ৰয়টাৰ, এচোছিয়েট প্ৰেছ আদি বাতৰি প্ৰতিষ্ঠানৰ বাতৰি কিনি সেয়া অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰাৰ নিদৰ্শন প্ৰথমে দাঙি ধৰিছিল আৰু এই কাকতখনক নিৰ্ভৰ কৰিয়েই বহু সাংবাদিকে সাংবাদিকতাক পেছা ৰূপে গ্ৰহণ কৰিছিল।

                                     

নৱদুৰ্গা

হিন্দু ধৰ্মত নৱ দুৰ্গা হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ। সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়। প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়। দেৱী দুৰ্গা বা পাৰ্বতীৰ এই নটা ভিন্ন ৰূপ হৈছে: কুষ্মাণ্ডা, শৈলপুত্ৰী, কালৰাত্ৰি, কাত্যায়নী, চন্দ্ৰঘণ্টা, ব্ৰহ্মচাৰিণী, সিদ্ধিদাত্ৰী। মহাগৌৰী আৰু

                                     

নৱগ্ৰহ

নৱগ্ৰহ হৈছে আকাশ মাৰ্গৰ নটা অৱয়ব । হিন্দু ধৰ্মৰ হিন্দু জ্যোতিৰ্বিদ্যা অনুসৰি এই নটা অৱয়বে পৃথিৱীত মানৱ জীৱনৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰে। এই অভিধাটো "নৱ" অৰ্থাৎ "ন" আৰু "গ্ৰহ", ইউৰেনাচ আৰু নেপচুনক নটা গ্ৰহৰ এটা তালিকাত অন্তৰ্ভুক্ত কৰা নহয়। ভাৰতীয় সংস্কৃতিৰ সপ্তাহৰ সাত দিনৰ নাম সমূহো এই নৱগ্ৰহৰ নামেৰে সংযুক্ত। ঠাইভেদে ভাৰতত এই সাত বাৰৰ নামৰ কিছু পাৰ্থক্য আছে।

                                     

ব্ৰাহ্মণবাৰিয়া জিলা

ব্ৰাহ্মণবাৰিয়া জিলা বাংলাদেশৰ দক্ষিণ-পূবৰ চিটাগং বিভাগৰ এটা প্ৰশাসনিক এলেকা। উপজিলাৰ সংখ্যা অনুসৰি, ব্ৰাহ্মণবাৰিয়া বাংলাদেশৰ এখন "এ" শ্ৰেণীৰ জিলা। শিক্ষা আৰু সংস্কৃতিৰ আসন হিচাপে পৰিচিত ব্ৰাহ্মণবাৰিয়া জিলাক বাংলাদেশৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়।