ⓘ সুশীল কুমাৰ এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম ..

ভাৰতীয় টকাৰ চিহ্ন

ভাৰতীয় টকাৰ চিহ্ন ₹ হৈছে ভাৰতীয় টকাৰ মুদ্ৰা চিহ্ন, ভাৰতৰ চৰকাৰী মুদ্ৰা। উদয় কুমাৰৰ দ্বাৰা ডিজাইন কৰা, ইয়াক ভাৰত চৰকাৰে ১৫ জুলাই ২০১০ তাৰিখে জনসাধাৰণৰ আগত উপস্থাপন কৰিছিল, ভাৰতীয় বাসিন্দাসকলৰ মাজত মুকলি প্ৰতিযোগিতাৰ জৰিয়তে ইয়াৰ বাছনিৰ পিছত। ইয়াৰ গ্ৰহণৰ আগতে, টকাৰ বাবে আটাইতকৈ সচৰাচৰ ব্যৱহৃত চিহ্নবোৰ আছিল ভাৰতীয় ভাষাৰ গ্ৰন্থবোৰত Rs, Re বা, ব্যৱহৃত ভাষাৰ এক উপযুক্ত সংক্ষিপ্তৰূপ। ডিজাইনটো দেৱনাগৰী আখৰ "र"ৰ ওপৰত আধাৰিত আৰু শীৰ্ষত এটা দ্বৈত পথালি ৰেখা আছে। ই লেটিন ৰাজধানী আখৰ "R"ৰ দৰে, বিশেষকৈ R ৰোটাণ্ডা ৰ সৈতেও সাদৃশ্যপূৰ্ণ। ভাৰতীয় টকাৰ চিহ্নৰ বাবে ইউনিকোড চৰিত্ৰটো হৈছে U+20B9 ₹ । শ্ৰ ...

                                     

ⓘ সুশীল কুমাৰ

সুশীল কুমাৰ এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়। ২০১২ চনৰ অলিম্পিকৰ চুড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল।

১৯৫২ চনৰ হেলচিংকি অলিম্পিকত কে. দি. যাদৱে অৰ্জন কৰা মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদকটিৰ পছত বেইজিঙৰ পদকটো আছিল মল্লযুদ্ধত ভাৰতৰ দ্বিতীয় অলিম্পিক পদক। ২০০৯ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰে। ২০১০ চন ৩ অক্টোবৰত কমনৱেলথ খেলৰ কুইনচ বেটন ৰীলেত শেষৰজন বেটন বাহক হিচাপে সুশীল কুমাৰে ৰাজকুমাৰ চাৰ্লছক কুইনচ বেটন অৰ্পণ কৰিছিল।

                                     

1. জীৱনী

দক্ষিণ পশ্ছিম দিল্লীৰ নজফগড়ৰ ওচৰৰ বাপৰ’লা নামৰ গাওঁৰ এটা জাত Jat পৰিয়ালত সুশীলৰ জন্ম। সুশীলৰ দেউতাক দীৱান সিং এজন বাছ ড্ৰাইভাৰ আৰু মাক কমলা দেৱী এগৰাকী গৃহিণী। সুশীলক মল্লযুদ্ধৰ বাবে সম্পৰ্কীয় ককায়েক সন্দীপ আৰু দেউতাকে উৎসাহিত কৰিছিল, দেউতাক দীৱান সিং নিজেও এজন মল্লযোদ্ধা পেহেলৱান আছিল। সন্দীপে মল্লযুদ্ধ বাদ দিছিল কিয়নো পৰিয়ালটোৱে এজনতকৈ অধিক ব্যক্তিক ইয়াৰ বাবে সুবিধা পদান কৰিবলৈ অসমৰ্থ আছিল। ১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰা মল্লযুদ্ধৰ পাঠশালাত কুমাৰে মল্লযুদ্ধৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। মল্লযুদ্ধৰ বাবে অতি কম পুঁজি আৰু পুৰণি প্ৰশিক্ষণ পদ্ধতিৰে ২০০৮ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত প্ৰস্তুতিৰ বাবে লগা সুষম আহাৰ কুমাৰক নিজৰ পৰিয়ালেই গাখীৰ, ঘিউ, শাক পাচলি যোগানেৰে পূৰণ কৰিব লগা হৈছিল। সুশীল এজন নিৰামিষভোজী।

বৰ্তমান তেওঁ ভাৰতীয় ৰেলৱেৰ এজন সহকাৰী বানিজ্যিক মেনেজাৰ।

                                     

2. ক্ৰীড়াজীৱন

১৪ বছৰ বয়সৰ পৰা ছত্ৰাচল ষ্টেডিয়ামৰ অখাৰা ত সুশীলৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। প্ৰথমে সুশীলৰ গুৰু আছিল ভাৰতীয় মল্লযুদ্ধা যশবীৰ আৰু ৰামপাল, পাছত অৰ্জুন বঁটা বিজয়ী শতপাল আৰু ভাৰতীয় ৰেলৱেৰ কেম্পত জ্ঞান সিং সুশীলৰ প্ৰশিক্ষক হয়। দুজন ব্যক্তিৰ মাজত এখন বিচনা আৰু বিছজনৰ ব্যক্তিয়ে একোটা কোঠাত থকাৰ দৰে কঠিন পৰিস্থিতিৰ মাজেৰে সুশীলে প্ৰশিক্ষণ কাল পাৰ কৰিব লগা হৈছিল। ১৮ বছৰ বয়সত সুশীল মল্লযুদ্ধৰ ৰাজ্যিক চেম্পিয়ন হয়।

প্ৰথমটো ঊল্লেখনীয় সফলতা আহে ১৯৯৮চনৰ বিশ্ব কেডেত খেলWorld Cadet Gamesত যেতিয়া সুশীলে তেওঁৰ শাখাত স্বৰ্ণ পদক লাভ কৰে। তাৰ পাছত ২০০০ চনত এচিয়ান জুনিয়ৰ মল্লযুদ্ধ চেম্পিয়নশ্বিপত পুনৰ স্বৰ্ণ পদক দখল কৰে।

২০০৩ চনত সুশীলে এচিয়ান মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ চিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে, আৰু কমনৱেলথ মল্লযুদ্ধত স্বৰ্ণ জয় কৰে। ২০০৩ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত তেওঁ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। অৱশ্যে ২০০৪ চনৰ এথেন্স অলিম্পিকৰ ৬০ কেজি শাখাত ১৪শ স্থান দখলেৰে সুশীল বেয়াকৈ ব্যৰ্থ হয়। ২০০৫ আৰু ২০০৭ চনত সুশীলে পুনৰ কমনৱেলথ মল্লযুদ্ধৰ খিতাপ দখল কৰে। ২০০৭চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত সপ্তম স্থান লাভ কৰাৰ পাছত ২০০৮ চনৰ বেইজিং অলিম্পিকত সুশীল কুমাৰে ব্ৰঞ্জৰ পদক দখল কৰে। ২০১২ চনৰ লণ্ডন অলিম্পিকত কাজাখাস্তানৰ এজন যোদ্ধাক হৰুৱাই ৰূপৰ পদক দখল কৰে। সুশীল ব্যক্তিগত শাখাত দুটা পদক পোৱা প্ৰথমজন ভাৰতীয় অলিম্পিয়ান।

                                     

2.1. ক্ৰীড়াজীৱন বেইজিং অলিম্পিক ২০০৮

৬৬কেজি শাখাৰ প্ৰথম খেলতে ইউক্ৰেইনৰ এন্ড্ৰি ষ্টেডনিকৰ হাতত সুশীল পৰাস্ত হয়, আৰু ৰিপিচেজ repechage ৰাউণ্ড খেলিব লগা হয়, প্ৰথম ৰিপিচেজ ৰাউণ্ডত আমেৰিকাৰ ড’গ স্ক’ৱাব আৰু দ্বিতীয় ৰিপিচেজ ৰাউণ্ডত বেলাৰুচৰ এলবাৰ্ট বেটয়’ৰ্ভক পৰাস্ত কৰে। তাৰ পাছত ২০ আগষ্ট ২০০৮ তাৰিখে ব্ৰঞ্জ পদকৰ বাবে হোৱা খেলত কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ ৩:১ত পৰাস্ত কৰি পদক দখল কৰে। সুশীলে জনোৱা মতে ৭০মিনিটৰ ভিতৰত খেলিব লগা এইকেইখন খেলৰ সময়ত তেওঁ কাষত কোনো মালিচ কৰি দিয়া মানুহ নাছিল, টীম মেনেজাৰ এচিয়ান গেমছৰ পদকজয়ী কাৰ্টাৰ সিঙেই সুশীলক মালিচ কৰিব লগা হৈছিল।

                                     

2.2. ক্ৰীড়াজীৱন বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ ২০১০, ম’স্কো

২০১০ চনৰ ১২ চেপ্টেম্বৰত, ম’স্কোত অনুষ্ঠিত বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত প্ৰথমজন ভাৰতীয় হিচাপে স্বৰ্ণ পদক দখল কৰি সুশীলে ইতিহাস সৃষ্টি কৰে।

সুশীলে এই প্ৰতিযোগীতাত ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাত স্থানীয় এলান গ’গায়েভক ৩:১ৰ ব্যৱ্ধানত পৰাস্ত কৰে। তাৰ আগতে এখন ৰোমাঞ্চকৰ খেলত ইউৰোপৰ চেম্পিয়ন আজাৰবাইজানৰ জাব্ৰেইল হাচান’ভক ৪:৩অত পৰাস্ত কৰে ২:৩ত পিছ পৰি থকা সুশীলে শেষৰ ৫ছেকেণ্ডত ২ প‍ইণ্ট অৰ্জন কৰে। প্ৰথম ৰাউণ্ডত বাই পোৱা সুশীলে দ্বীতীয় ৰাউণ্ডত গ্ৰীচৰ এক্ৰিতিদিছ এনাষ্টাচিঅ’চ ক ৬:০ত পৰাস্ত কৰে, তাৰ পাছত প্ৰি-কোৱাৰ্টাৰত জাৰ্মানীৰ মাৰ্টিন চেবাষ্টিন ক ৪:১ত আৰু কোৱাৰ্টাৰত মঙ্গোলিয়াৰ বুয়ানজাভ বেটজ’ৰিগ ক ৯:১ত বিধ্বস্ত কৰে।

                                     

2.3. ক্ৰীড়াজীৱন কমনৱেলথ গেমছ ২০১০, দিল্লী

দিল্লী কমনৱেলথ গেমছত ১০ অক্টোবৰ ২০১০ তাৰিখে সুশীলে স্বৰ্ণ পদক লাভ কৰে। দক্ষিণ আফ্ৰিকাৰ হেনিৰিক বাৰ্নেচক ৭:০ত পৰাস্ত কৰি ৬৬কেজিৰ ফ্ৰী ষ্টাইল শাখাৰ এই পদক সুশীলে নিজৰ নামত কৰে। দক্ষিণ আফ্ৰিকীয় মল্লযুদ্ধাজনে সুশীলৰ আগত চাৰে তিনি মিনিটতকৈ অধিক সময় তিষ্টি থাকিব নোৱাৰে আৰু দ্বিতীয় ৰাউণ্ডৰ মাজতে ৰেফাৰীয়ে খেল সমাপ্ত বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেল খেলত সুশীলে জিম্বিয়াৰ ফামাৰা জাৰজাওক মাত্ৰ ৯ছেকেণ্ডত আৰু কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ মহম্মদ চলমানক ৪৬ ছেকেণ্ডত ১০:০ৰ ব্যৱধানত পৰাস্ত কৰিছিল।

                                     

2.4. ক্ৰীড়াজীৱন লণ্ডন অলিম্পিক ২০১২

চুড়ান্ত খেলত জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৰTatsuhiro Yonemitsu হাতত পৰাস্ত হোৱাৰ পাছত পুৰুষৰ ৬৬কেজিৰ ফ্ৰি ষ্টাইল শাখাত সুশীলে ৰূপৰ পদক লাভ কৰে। তাৰ আগয়ে ছেমিফাইনেলত সুশীলে কাজাখাস্তানৰ আক্জুৰেক টানাটাৰ’ভAkzhurek Tanatarov পৰাস্ত কৰিছিল।.

ইয়াৰ আগতে সুশীলে লণ্ডন অলিম্পিকৰ আৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় ধ্বজ্জা বাহক হিচাপে ভাৰতীয় দলক নেতৃত্ব দিছিল।



                                     

3. সন্মান আৰু স্বীকৃতি

  • অৰ্জুন বঁটা, ২০০৫ চনত।
২০০৮ চনৰ বেইজিং অলিম্পিকৰ ব্ৰঞ্জ পদকৰ বাবে।
  • ভাৰত চৰকাৰৰ তীখা মন্ত্ৰালয়ৰ পৰা ₹ ২৫ লাখ ৩৫,১০০ ডলাৰ নগদ বঁটা।
  • এম.টি.এন.এল.ৰ পৰা ₹ ১০ লাখ ১৪,০০০ ডলাৰ নগদ বঁটা।
  • হাৰিয়ানা চৰকাৰৰ পৰা ₹ ২৫ লাখ ৩৫,১০০ ডলাৰ নগদ বঁটা।
  • আৰ. কে. গ্ল’বেলৰ পৰা ₹ ৫ লাখ ৭,০০০ ডলাৰ নগদ বঁটা।
  • ভাৰতীয় ৰেল মন্ত্ৰালয়ৰ পৰা ₹ ৫৫ লাখ ৭৭,১০০ ডলাৰ নগদ বঁটা লগতে মূখ্য টিকেটিং ইন্সপেক্টৰ পদৰ পৰা সহকাৰী বাণিজ্যিক মেনেজাৰ পদলৈ পদোন্নতি।
  • মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা ₹ ১০ লাখ ১৪,০০০ ডলাৰ নগদ বঁটা।
  • দিল্লী চৰকাৰ পৰা ₹ ৫০ লাখ ৭০,১০০ ডলাৰ নগদ বঁটা।
  • ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা যুটিয়াভাৱে, ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান।
২০১০ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদকৰ বাবে
  • ভাৰতীয় ৰেলৱেৰ পৰা ₹ ১০ লাখ ১৪,০০০ ডলাৰ নগদ বঁটা আৰু পদোন্নতি।
  • দিল্লী চৰকাৰৰ পৰা ₹ ১০ লাখ ১৪,০০০ ডলাৰ নগদ বঁটা।
  • ভাৰত চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ পৰা ₹ ১০ লাখ ১৪,০০০ ডলাৰ নগদ বঁটা।
২০১২ চনৰ লণ্ডণ অলিম্পিকৰ ৰূপৰ পদকৰ বাবে
  • হাৰিয়ানা চৰকাৰৰ পৰা মল্লযুদ্ধ একাডেমিৰ বাবে শোণিপাটত মাটি প্ৰদান।
  • ভাৰতীয় ৰেল্ৱেৰ পৰা ₹ ০.৭৫ কোটি ১,০৫,১৫০ ডলাৰ নগদ বঁটা।
  • অ’.এন.জি.চি.ৰ পৰা ₹ ১০ লাখ ১৪,০০০ ডলাৰ নগদ বঁটা।.
  • দিল্লী চৰকাৰৰ পৰা ₹ ১ কোটি ১,৪০,২০০ ডলাৰ নগদ বঁটা।
  • হাৰিয়ানা চৰকাৰৰ পৰা ₹ ১.৫ কোটি ২,১০,৩০০ ডলাৰ নগদ বঁটা।


                                     
  • ল বল স ব ধ দ ছ ল লণ ডন অল ম প কৰ উদ ব ধন অন ষ ঠ নত ভ ৰতৰ পত ক বহন স শ ল ক ম ৰ কৰ ছ ল আৰ স মৰণ অন ষ ঠ নত ম ৰ কম কৰ ছ ল লণ ডন অল ম প ক
  • বৰ দ ন শ চন দ ৰ গ স ব ম প ৰফ ল ল ভ ঞ হ ম ন বৰগ হ ঞ ন লমণ ফ কন, স শ ল শৰ ম দ ল প বৰ ৱ ন ৰ মলপ ৰভ বৰদল হৰ ক ষ ণ ড ক আদ উল ল খয গ য ৰ মধ ন ত
  • ঘ ৰ য ঘ ৰ য ক ন ই ম ৰ ফ চক ৰ ভ জ য য ৰ ধ ৰ ণ ৰ ন ল ম বৰ শ ৰ ৷ স শ ল দ স স লল ত ব শ ধ বন শ ন ন চ ৰ ধ ৰ ণ স ব স ত ফ ল ৰ ণ প লক ত কৰ
  • শ শ শ ল প আদ তথ যপ ৰ ত নথক ব ন ৰ - ব ন দ ফ ল মছ শব দ গ ৰহণ - অৱন চ ত ৰ জ স শ ল স সত শ চ হ ন শব দ প ন স য জন - সত য ন চ ত ৰ জ স ল প - প লক গগ খ জৰ সঙ গ ত
  • ক নৱজ গৰণ শ ৱ লক ছ হ ইস ক লৰ ম খপত ৰ খ অসম য স হ ত য ন ৰ প ন - ৰ খ স শ ল শৰ ম ৰ স ত য ট য ভ ৱ সম প দ ত গ Glimpses of Assam: Through the Ages
  • ম ল ক স গ ত পৰ চ লন কৰ দম লগ ক হ ইচ ছ চলচ চ ত ৰত ম ল ন য স ন দৰ স শ ল গ তট গ ইছ ব ৰ ণস হ ন দ ব শ বব দ য লয ৰ ভ ৰত অধ যয ন ক ন দ ৰ ৰ শতবৰ ষ য
  • প ৰ ৰ থন ত ত ও ভ ম ক ম ৰ ত ৰপ ছত ক ই বছৰম নৰ ব ৰত ৰ প ছত স শ ল মজ মদ ৰ পৰ চ ল ত মৰ মব ণ ৰ য গ প নৰ চলচ চ ত ৰ জগতল ঘ ৰ আহ
  • দ শ, স ধ ন দ শ প ৰম খ ল কসকল ত ল ন য ম তভ ব আহ ছ ল চলচ চ ত ৰ পৰ চ লক স শ ল মজ মদ ৰ, নন মজ মদ ৰ, ব ৰজ ন ব য ন ৰ জ জ ত দত ত, অৰ ণ মহল নব শ প ৰম খ
  • জ ঞ ণ দ সৰ ব ঙ গ ন উন নত স ধন কৰ স বৰ গ য চ ন ৰ ম দ স প ৰম দ বৰ ৱ ড: স শ ল গ স ব ম পদ ম ক ৰ ব শ বন থ চ ৰ আল ৰ ক ষৰ স ধ ৰ চ হ ব গ ছ ৰ পদ ম ক ৰ
  • চ মক ৰ পৰ চ তৰ ব স ত ৰ ঘট দ ৱশ ৰ য ত য ক শৰ বয সত ভৰ ৰ খ ছ ল পৰ চ লক স শ ল ম খ প ধ য য ত ত য ত ও ক স দ ৰ ন হ ৰ ক ছব ত ন য ক ৰ ক শ ৰ