ⓘ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প ..

জুবিলী পুৰকায়স্থ

জুবিলী পুৰকায়স্থ হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী। ২০২১ চনত ক’ভিড-১৯ প্ৰতিৰোধী ঔষধ ‘ডি আৰ ডি অ’–২ ডি’ক্সি গ্লুক’জ’ চমুকৈ ২ ডিজিৰ প্ৰস্তুতকৰণৰ দায়িত্বত থকা ভাৰতীয় দলটোত তেখেতে এগৰাকী বিজ্ঞানী হিচাপে নিজৰ দায়িত্ব পালন কৰে। ড॰ জুবিলীয়ে বৰ্তমান ভাৰতৰ নতুন দিল্লীস্থ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ অধীনস্থ ইনষ্টিটিউট্ অৱ নিউক্লিয়াৰ মেডিছিন আৰু এলাইড ছায়েন্সেছ এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত।

                                     

ⓘ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী ক এখন "ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান" ৰূপে স্বীকৃতি দিছে।

                                     

1. ইতিহাস

১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তি অনুসৰি অসমত শিক্ষাৰ ক্ষেত্ৰত উন্নতি কৰাৰ লক্ষ্যৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী স্থাপন কৰা হয়।

১৯৯৪ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী স্থাপন কৰা হয় যদিও ১৯৯৫ চনৰ পৰাহে শিক্ষাদান আৰম্ভ কৰা হয় ১৯৯৫ চনত ইয়াত বেচেলৰ অফ টেকনলজীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হয়। আন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ নিচিনাকৈ ইয়াত JEEৰ Joint Entrance Examination যোগেদি বি. টেক. পাঠ্যক্ৰমৰ নামভৰ্তি কৰোৱা হয়। ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে GATEৰ Graduate Aptitude Test in Engineering যোগেদি এম. টেক. Master of Technology পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰা হয়।

                                     

2. চৌহদ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী, ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত। ৭০০ একৰ ২.৮ বৰ্গ কিঃমিঃ জুৰি ইয়াৰ চৌহদ বিস্তৃত হৈ আছে। গুৱাহাটী মহানগৰৰ পৰা ইয়ালৈ প্ৰায় ২০ কিঃমিঃ। চৌহদৰ একাষে ব্ৰহ্মপুত্ৰ আৰু আনফালৰ পৰা পাহাৰে আগুৰি আছে।

                                     

3. বিভাগ সমূহ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত থকা বিভাগসমূহ হৈছে:

  • Humanities আৰু সমাজ বিজ্ঞান বিভাগ
  • কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং বিভাগ
  • ইলেকট্ৰকেল এণ্ড ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং বিভাগ
  • Water Resources Engineering বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • চিভিল ইঞ্জিনিয়াৰিং বিভাগ
  • Urban & Regional PlanningURP বিভাগ
  • ইলেকট্ৰনিক্স এণ্ড ইলেকট্ৰকেল ইঞ্জিনিয়াৰিং বিভাগ পূৰ্বতে ইলেকট্ৰনিক্স এণ্ড কমিউনিকেশ্বন বিভাগ বুলি জনা গৈছিল
  • কেমিকেল ইঞ্জিনিয়াৰিং বিভাগ
  • Department of Design
  • মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ
  • ইনডাচট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং বিভাগ
  • বায়’টেকন’লজী বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • গণিত বিভাগ

প্ৰতিষ্ঠানটোৰ উপৰোক্ত বিভাগসমূহে বি.টেক, বি.ডিজাইন, এম.ডিজাইন, এম.টেক, পি.এইচ.ডি., এম.এ Development Studies আৰু এম.এচচি.ৰ পাঠ্যক্ৰম প্ৰদান কৰে।

                                     

3.1. বিভাগ সমূহ স্থান

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত, আই টি গুৱাহাটীয়ে ২০১১ বৰ্ষৰ QS World University Rankingsত ৫৫১-৬০০তম স্থান আৰু ২০১২ বৰ্ষৰ QS Asian University Rankingsত ৮৯তম স্থান লাভ কৰিছে ২০১২ বৰ্ষৰ ভাৰতৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ মাজত ইণ্ডিয়া টুডে -য়ে দশম স্থান ইংৰাজী: India Today, আউটলুক ইণ্ডিয়া ইংৰাজী: Outlook Indiaয়ে অষ্টম স্থান আৰু ডাটাকুৱেষ্ট ইংৰাজী: Dataquest-য়ে ২০১১ বৰ্ষৰ ৭তম স্থান প্ৰদান কৰিছে। ২০০৯ চনত মিণ্ট চলোৱা এটা সমীক্ষাত চৰকাৰী মহাবিদ্যালয় সমূহৰ ভিতৰত ষষ্ঠ স্থান প্ৰদান কৰিছে

                                     

4. গৱেষণা কেন্দ্ৰ

আই টি গুৱাহাটীত মুঠ ছটা গৱেষণা কেন্দ্ৰ আছে। সেইকেইটা হৈছে:

  • Centre for Educational Technology
  • Centre for Nanotechnology
  • Centre for the Environment
  • Centre for Energy
  • Centre for Mass Media Communication
  • Central Instruments Facility
                                     

5. ছাত্ৰাবাস

আই টি গুৱাহাটী হৈছে সম্পূৰ্ণ আৱাসিক চৌহদ। সকলো ছাত্ৰ-ছাত্ৰী চৌহদৰ ভিতৰত থকা ছাত্ৰাবাসত থাকে। উত্তৰ-পূব ভাৰতৰ নদী আৰু ইয়াৰ উপনদী সমূহৰ নাম অনুসৰি ছাত্ৰাবাস সমূহৰ নাম ৰখা হৈছে। ছাত্ৰাবাস সমূহৰ নাম হৈছে: মানাহ, দিহিং, কামেং, কপিলী, বৰাক, সোৱণশিৰি, উমিয়াম, দিবং আৰু ব্ৰহ্মপুত্ৰ । আটাইতকৈ ডাঙৰ ছাত্ৰাবাস হৈছে ব্ৰহ্মপুত্ৰ । ইয়াত একেলগে ১১৪০ জন ছাত্ৰ থকাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও বিবাহিত স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ বাবে এটা ছাত্ৰাবাস আছে।



                                     

6.1. বাৰ্ষিক উৎসৱসমূহ Techniche

Techniche হৈছে আই টি গুৱাহাটীৰ প্ৰযুক্তিবিদ্যা সম্বন্ধীয় উৎসৱ। প্ৰতি বছৰে তিনিদিন ধৰি এই উৎসৱৰ আয়োজন কৰা হয়। ইয়াত বিভিন্ন বিদ্বান লোক আৰু ভাৰতৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বাৰ্তালাপ ‌আৰু আলোচনা কৰাৰ সুবিধা দিয়া হয়। পি. চিদাম্বৰম, কিৰণ বেদী, এইচ. চি. বৰ্মা, মাইক ফিনকে, জন চি. মেথাৰৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকলে ইয়াত ভাগ লৈছে।

২০১২ চনৰ ৩০ আগষ্টৰ পৰা ২ ছেপ্তেম্বৰলৈকে Techniche ’১২ আই টি গুৱাহাটীত সুকলমে অনুষ্ঠিত হৈ যায়।

                                     

6.2. বাৰ্ষিক উৎসৱসমূহ Alcheringa

Alcheringa হৈছে আই টি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক উৎসৱ। সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনি দিন-চাৰি ৰাতি ধৰি এই উৎসৱ অনুষ্ঠিত হয়। ২০১১ বৰ্ষত ভাৰতৰ প্ৰায় ১৫০খন মহাবিদ্যালয়ৰ প্ৰায় ৪০,০০০ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল।

                                     

6.3. বাৰ্ষিক উৎসৱসমূহ অন্যান্য প্ৰতিযোগিতাসমূহ

  • AdvayaPG: মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
  • মন্থন Manthan: মহাবিদ্যালয়ৰ ছাত্ৰাবাস সমূহৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতা।
  • অলফাজ ইংৰাজী: Alfaaz: প্ৰতিবছৰে অনুষ্ঠিত হোৱা literary উৎসৱ।
  • কৃতি Kriti: মহাবিদ্যালয়ৰ ছাত্ৰাবাস সমূহৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত হোৱা প্ৰযুক্তিবিদ্যা সম্বন্ধীয় প্ৰতিযোগিতা।
  • স্পৰ্ধা Spardha: মহাবিদ্যালয়ৰ ছাত্ৰাবাস সমূহৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত হোৱা খেল-ধেমালি প্ৰতিযোগিতা।
  • কলা প্ৰদৰ্শন প্ৰতিযোগিতা Performing Arts Festival, PAF: কলা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি প্ৰতি বছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

ইয়াৰ উপৰিও, ভাৰতৰ বিভিন্ন আই টি সমূহৰ মাজত প্ৰতি বছৰে শীত কালত খেল-ধেমালি Inter-IIT Sports Meetৰ আয়োজন কৰা হয়। প্ৰতি বছৰে এই প্ৰতিযোগিতা বিভিন্ন আই টিত অনুষ্ঠিত হয়। ২০০৬ চনত, প্ৰথম বাৰৰ বাবে আই টি গুৱাহাটীত ৪২তম আই টি খেল-ধেমালি প্ৰতিযোগিতাৰ অনুষ্ঠিত হৈছিল।



                                     
  • ভ ৰত য তথ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন গ ৱ হ ট Indian Institute of Information Technology, Guwahati ব IIIT - G অসমৰ গ ৱ হ ট ত অৱস থ ত ভ ৰত য তথ য প ৰয ক ত ব দ য
  • য ৰহ ট ব জ ঞ ন আৰ প ৰয ক ত ব দ য প ৰত ষ ঠ ন অসম চৰক ৰৰ দ ব ৰ চনত চৰক ৰ ব জ ঞ ন মহ ব দ য লয ন ম ৰ য ৰহ ট জ ল ত প ৰত ষ ঠ কৰ হয জ ল খনৰ
  • College গ ৱ হ ট আঞ চল ক দন ত চ ক ৎস মহ ব দ য লয আৰ চ ক ৎস লয Regional Dental College and Hospital গ ৱ হ ট ভ ৰত য প ৰয ক ত ব দ য প ৰত ষ ঠ ন গ ৱ হ ট
  • গ ৱ হ ট ত অৱস থ ত প ৰধ ন শ ক ষ ন ষ ঠ ন সম হ হ ল: ভ ৰত য প ৰয ক ত ব দ য প ৰত ষ ঠ ন গ ৱ হ ট উত তৰ গ ৱ হ ট কল জ ফ ক ল ট উচ চতৰ ম ধ যম ক ব দ য লয সৰল
  • গ ৱ হ ট স থ পত যব দ য মহ ব দ য লয ই ৰ জ Guwahati College of Architecture অসমৰ গ ৱ হ ট ত অৱস থ ত এখন উচ চ শ ক ষ ৰ প ৰত ষ ঠ ন অসম তথ উত তৰ - প ৰ ব ঞ চলত
  • মহ ব দ য লয হ ছ উত তৰ প ৰ ব ঞ চলৰ এখন উল ল খয গ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন চনত অসমৰ গ ৱ হ ট মহ নগৰৰ জ ল কব ৰ অঞ চলত এই প ৰত ষ ঠ নখন প ৰত ষ ঠ
  • ব ণ জ য ক আৰ শ ক ষ ক ক ন দ ৰ ইয ত ভ ৰত য প ৰয ক ত ব দ য প ৰত ষ ঠ ন গ ৱ হ ট ৰ দৰ ব শ বস তৰৰ শ ক ষ ন ষ ঠ নৰ লগত গ ৱ হ ট ব শ বব দ য লয আৰ কটন মহ ব দ য লয ৰ
  • ব শ বব দ য লয ভ ৰত য তথ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন মণ প ৰ মণ প ৰ প ৰয ক ত ব দ য প ৰত ষ ঠ ন ৰ ষ ট ৰ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন মণ প ৰ মণ প ৰ
  • ব শ বব দ য লয ট ক ল ই চ হ গৱ ষণ ক ন দ ৰ, উত তৰ প ব ব জ ঞ ন আৰ প ৰয ক ত ব দ য প ৰত ষ ঠ ন আদ য ৰহ টৰ অন যতম উল ল খয গ য স থ ন য ৰহ টৰ স থ ন ক হ ছ 26 45 N
  • গ ৱ হ ট ব শ বব দ য লয ব গ হ ট ব শ বব দ য লয উত তৰ প ৰ ব ঞ চলৰ অন যতম ব শ বব দ য লয উত তৰ প ৰ ব ঞ চলৰ অগ ৰণ আৰ অত প ৰণ ব শ বব দ য লয খন অসমৰ
  • ব শ ব - ব ঙ কৰ পৰ মৰ শদ ত হ চ প ও ক ৰ যন ৰ ব হ কৰ ছ ল ত খ ত ভ ৰত য প ৰয ক ত ব দ য প ৰত ষ ঠ ন গ ৱ হ ট ৰ পৰ অপৰ ধ আৰ উন নয ন ব ষয ত ডক টৰ ট ড গ ৰ ও
                                     

বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়

বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত গৃহীত কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক, ২০২০ ৰ অধীনত স্থাপন কৰিছে। ২০২১ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অধ্যাপক ডঃ জ্যোতি প্ৰসাদ শইকীয়াক বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে দুইবছৰৰ বাবে নিযুক্ত কৰে। চুতীয়া ৰাজ্যৰ শেষ ৰাণী বীৰাংগনা সতী সাধনীৰ প্ৰতি সন্মান জনাএই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে।