ⓘ ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। ঈশান দত্ত, অনামিকা বৰুৱা, কুম্ভকৰ্ণ, অনিমেষ বৰুৱা আদি ছদ্মনামেৰে তেখেতে ..

                                     

ⓘ ইমৰান শ্বাহ

ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা" আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ২০১২ চনৰ নৱেম্বৰত তেখেতক অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

                                     

1. চমু জীৱনী

১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰ জিলাত ইমৰান শ্বাহৰ জন্ম হৈছিল। পিতৃৰ নাম মহম্মদ শ্বাহ আৰু মাতৃৰ নাম মৰিয়ম নিচা তেখেতৰ শিক্ষা জীৱনৰ আৰম্ভণি ১৯৬৩ চনত শিৱসাগৰৰ ২ নং ধাই আলি প্ৰাথমিক বিদ্যালয়ত হৈছিল তেওঁ ১৯৫৮ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যক মুখ্য বিষয় হিচাপে লৈ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। শিক্ষাৰ্থী জীৱনৰ অন্তত শ্বাহে গড়গাঁও মহাবিদ্যালয়ৰ অস্থায়ী অধ্যাপক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী বৰ্ষত এই চাকৰি এৰি শিৱসাগৰ মহাবিদ্যালয়ত যোগদান কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী পদৰ পৰা ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে। তেখেত বৰ্তমান শিৱসাগৰত অৱস্থিত অৰুণোদয় মহাবিদ্যালয়ত অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছে।

                                     

2. সাহিত্য কৰ্ম

ইমৰান শ্বাহে অতি সৰু কালৰে পৰাই সাহিত্য চৰ্চা কৰি আহিছিল, তেওঁৰ প্ৰথম কবিতা "বনবাসী" নৱম শ্ৰেণীত পঢ়ি থকা সময়তে প্ৰকাশ পাইছিল। পৰৱৰ্তী বছৰটোত তেখেতৰ প্ৰথম উপন্যাস "সংগীতৰ সিপাৰে" প্ৰকাশ পাইছিল।

তেখেতৰ আন কিছুমান প্ৰসিদ্ধ ৰচনা হৈছে "ঈশান দত্তৰ নিৰ্বাচিত কবিতা", নিসংগ ধূসৰ, ঢৌ ভাগি ঢৌ, বন্দী বিহংগমে কান্দে, পিয়ামুখচন্দা, ইত্যাদি, পোৰা মাটিৰ মালিতা, হিয়াৰ ফুলনিৰ ফুল, জোনাকৰ ছবি, ক্ৰান্তিৰেখা, কবি পুলিছ, জবানবন্দী আদি।

তেখেতৰ এখন উপন্যাস "ৰজনীগন্ধা"ৰ আধাৰত ১৯৭৩ চনত ৰশ্মিৰেখা নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।

                                     

3. প্ৰকাশিত গ্ৰন্থ আদি

  • নিসংগ ধূসৰ কাব্য সংকলন
  • কবি পুলিছ উপন্যাস
  • ইমৰান শ্বাহ ৰচনাৱলী সম্পাদনা: ড॰ কৃষ্ণ কুমাৰ মিশ্ৰ, প্ৰকাশ: ২০১০
  • বনবাসী কাব্য সংকলন, প্ৰকাশ: ১৯৫১
  • বৰ্ণালী উপন্যাস
  • সাগৰিকা উপন্যাস
  • বিশ্ববন্ধু জীৱনী
  • ইনকিলাব অনুবাদিত উপন্যাস
  • সংগীতৰ সিপাৰে উপন্যাস, প্ৰকাশ: ১৯৫২
  • কুকুহা
  • ঈশান দত্তৰ নিৰ্বাচিত কবিতা কাব্য সংকলন
                                     

4. বঁটা আৰু স্বীকৃতি

২০১০ চনত তেখেতক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। শিৱসাগৰ নাট্য মন্দিৰত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজান পীৰ বঁটা প্ৰদান কৰে। ২০১২ চনৰ নৱেম্বৰ মাহৰ ১৮ তাৰিখে তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

                                     

5. বাহ্যিক সংযোগ

  • ইমৰান শ্বাহলৈ আজান পীৰ বঁটা, দ্য আসাম ট্ৰিবিউন কাকতত প্ৰকাশিত বাতৰি
  • ইমৰাণ শ্বাহ: জীৱন: দৃষ্টি-সৃষ্টি, জামালুদ্দিন আহমেদ, সাহিত্য ডট অৰ্গ, আহৰণ: ৩০ জানুৱাৰী, ২০১২
  • অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ইমৰান শ্বাহ দেৱৰ সৈতে এক সাক্ষাৎকাৰ, সাহিত্য ডট অৰ্গ, আহৰণ: ৩০ জানুৱাৰী, ২০১২
  • ইমৰান শ্বাহ সম্পৰ্কীয় বা-বাতৰি, ছেভেন চিষ্টাৰচ ৱেবছাইটত
  • ইমৰান শ্বাহলৈ আজান পীৰ বঁটা, ২০০৮ আৰু এক চমু সাক্ষাৎকাৰ ইউটিউবত
                                     
  • প ৰ ক তন সভ পত ৰ ব ত ৰ ঙ অন ষ ঠ নৰ উদ ব ধন কৰ অন ষ ঠ নত সভ ৰ সভ পত ইমৰ ন শ ব হ মন ত ৰ ৰক ব ল হ ছ ইন আৰ সভ ৰ উপ - সভ পত ড পৰম ন দ ৰ জব শ ক ধৰ বহ
  • কব - স হ ত য ক স ষ ট ত গ ৰ ত ব দ য হ ম ন বৰগ হ ঞ তৰ ণ ভৰ ল দ ন শ গ স ব ম ইমৰ ন শ ব হ ক ল গগ ম মণ ৰয ছম গ স ব ম হ ৰ ণ ভট ট চ ৰ য আদ কব ৰ মধ ন য গৰ
  • নল ন ধৰ ভট ট চ ৰ য নগ ন শ ইক য ৰ ব ত ৰ ইমৰ ন শ ব হ হৰ ক ষ ণ ড ক প ৰব বৰম দ সম ৰ ত ত
  • স হ ত য আৰ শ ক ষ দ ল ল ম নক কল ব ৰ ব ল ৰ ভ সম জস ৱ ৰ ম ন শৰ ম স হ ত য আৰ শ ক ষ ইমৰ ন শ ব হ স হ ত য আৰ শ ক ষ
  • ব ব চন কৰ আৰ ইয ক সম ম ন কৰ প ক স ত ন: প ক স ত নৰ প ৰধ নমন ত ৰ ইমৰ ন খ ন আইনখনৰ সম ল চন কৰ প ক স ত নৰ ৰ ষ ট ৰ য স সদ এই আইনখনক ব ষম যম লক