ⓘ ভাৰতৰ সংস্কৃতি হৈছে ভাৰতবাসীৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা প ..

ডিমাছা জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি

ডিমাছা ভাষাত ডিমা মানে ডাঙৰ নদী, ছা মানে সন্তান অৰ্থাৎ ডাঙৰ নৈৰ পাৰত বসবাস কৰা জাতি । তেওঁলোকৰ মূল বাসভূমি ডিমাপুৰ শব্দই দাঙৰ নদীৰ পাৰত স্থিত নগৰক বুজায় । ধনশিৰী নদীৰ পাৰত অৱষ্ঠিত ডিমাপুৰৰ পূৰ্বৰ নাম হিড়িম্বাপুৰ । জনশ্ৰুতিমতে মহাভাৰতৰ যুগত ডিমাপুৰত ভীমৰ ঔৰসত আৰু হিড়িম্বাৰ গৰ্ভত বীৰ ঘটোৎকচৰ জন্ম হয় । ডিমাছাসকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি পৰিচয় দিয়ে । ১০৮৬ খৃষ্টাব্দত তেওঁলোকে ডিমাপুৰত ৰাজধানী পাতে, ১৫৩৬ খৃষ্টাব্দত ডিমাপুৰ এৰি মাইবাঙত ৰাজধানী পাতি ১৭৪৫ খৃষ্টাব্দলৈ শাসন চলায় । ১৭৪৫ খৃষ্টাব্দত ডিমাছাসকলে খাচপুৰত ৰাজধানী পাতে । উনবিংশ শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাত ডিমাছা ৰাজ্য ভাগি যায় । ...

পয়লেং

পয়-লেং অসম তথা উত্তৰ-পূব ভাৰতৰ শ্বান-টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ এটি পৱিত্ৰ উৎসৱ। টাই বৌদ্ধসকলে পালন কৰা পয়লেংক ৰথ মহোৎসৱ বুলিও জনা যায়। টাই ভাষাত পয় মানে উৎসৱ আৰু লেং মানে ৰথ।

সংস্কৃতি গ্ৰহণ

সংস্কৃতি গ্ৰহণ এক সাংস্কৃতিক প্ৰক্ৰিয়া। যি প্ৰক্ৰিয়াত কোনো এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তিত হয় তাৰ নামেই সংস্কৃতি গ্ৰহণ। এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হয়। ঐতিহাসিক পুনৰ্গঠনৰ দিশত সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াই গুৰুত্ব আৰোপ কৰে। ১৯৩৫ চনত সংস্কৃতি গ্ৰহণৰ সূত্ৰ দিয়া হৈছিল এনেদৰে, "বিভিন্ন সংস্কৃতিৰ জনসমষ্টিৰ মাজত নিয়ত আৰু প্ৰত্যক্ষ সান্নিধ্যৰ ফলস্বৰূপে এটাজন সমষ্টি বা গোটেই কেইটা জনসমষ্টিৰ সাংস্কৃতিক প্ৰতিমান পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া বিশেষৰ নাম সংস্কৃতি ...

                                     

ⓘ ভাৰতৰ সংস্কৃতি

ভাৰতৰ সংস্কৃতি হৈছে ভাৰতবাসীৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায়। প্ৰায়ে ভাৰতীয় সংস্কৃতিত বিভিন্নতা পৰিলক্ষিত হয় যদিও, সমগ্ৰ ভাৰত উপমহাদেশজুৰি প্ৰসাৰিত এই সাংস্কৃতিক সমন্বয়ক ইয়াৰ সহস্ৰাধিক বছৰীয়া পুৰণি ইতিহাসৰ দ্বাৰা প্ৰভাৱিত কৰিছে। ভাৰতীয় ধৰ্ম, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় খাদ্যৰ দৰে ভাৰতৰ সংস্কৃতিৰ বহু ভিন্ন উপাদানে সমগ্ৰ বিশ্বক সদায়ে আকৰ্ষিত কৰি আহিছে।

                                     

1. সংস্কৃতি

ভাৰত হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা। ভাৰতৰ সংস্কৃতিক বহুতো ভিন্ন প্ৰকাৰৰ সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা এক মিশ্ৰ সংস্কৃতি বুলি কোৱা হয়। ভাৰতৰ ইতিহাসৰ পৰা এই সংস্কৃতিত গভীৰভাৱে ধাৰ্মিক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। দৰ্শন, সাহিত্য, স্থাপত্য, কলা আৰু সংগীতে ইয়াক সমৃদ্ধ কৰিছে। ভাৰতীয় উপমহাদেশৰ পৰিধিৰ উৰ্ধত ভাৰতীয সংস্কৃতিত এক বৃহত্তৰ ভাৰতৰ আভাস পোৱা যায়। এয়া বিশেষভাৱে সাধাৰণ যুগৰ আৰম্ভণি শতিকাসমূহত চিল্ক ৰোডৰ মাধ্যমেদি ভ্ৰমণকাৰী আৰু সেই সময়ৰ ব্যৱসায়ীসকলৰ দ্বাৰা ভাৰতৰ পৰা এছিয়াৰ অন্য স্থানলৈ হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, স্থাপত্য, প্ৰশাসন আৰু লিখন পদ্ধতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে জড়িত। পশ্চিম দিশত, বৃহত্তৰ ভাৰত হিন্দু কুশ আৰু পামিৰ মালভূমিত বৃহত্তৰ পাৰ্ছিয়াৰ সৈতে সন্মিলিত হৈ আছিল। মধ্যযুগত ইছলামে ভাৰতীয় সাংস্কৃতিক ঐতিহ্য গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতত শতিকা শতিকা ধৰি মুছলমানসকলৰ সৈতে হিন্দু, জৈন আৰু শিখসকলৰ এক উল্লেখনীয় সমন্বয় পৰিলক্ষিত হৈ আহিছে।

                                     

2. ধৰ্ম

ভাৰত হৈছে সামগ্ৰিকভাৱে ভাৰতীয় ধৰ্ম বুলি জনাজাত হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ জন্মস্থান। আব্ৰাহামিক ধৰ্মৰ সৈতে ভাৰতীয় ধৰ্ম হৈছে বিশ্বৰ ধৰ্মসমূহৰ মূল উপাদান। বৰ্তমান সৰ্বমুঠ ২০০ কোটি অনুগামীৰ সৈতে ক্ৰমে হিন্দু আৰু বৌদ্ধ ধৰ্ম হৈছে পৃথিৱীৰ তৃতীয় আৰু চতুৰ্থ বৃহৎ ধৰ্ম, আৰু সম্ভবতঃ ২৫০ বা ২৬০ কোটিতকৈও অধিক অনুগামী আছে।

কিছুমান অতি ধাৰ্মিক সমাজ তথা সংস্কৃতিৰ সৈতে ভাৰত হৈছে বিশ্বৰ এখন ধাৰ্মিক বিভিন্নতা থকা ৰাষ্ট্ৰ। ইয়াৰ বহুতো লোকৰ জীৱনত ধৰ্মই কেন্দ্ৰিয় আৰু সুনিৰ্দিষ্ট প্ৰভাৱ পেলায়।

২০১১ চনৰ লোকপিয়ল মতে, ভাৰতৰ ৮০% লোক হিন্দু। অন্য ধৰ্মৰসমূহৰ পৰিসংখ্যা হৈছে: ইছলাম ১৪.২%, খ্ৰীষ্টান ২.৩%, শিখ ১.৭%, বৌদ্ধ ০.৭% আৰু জৈন ০.৪%। ভাৰতত সৰণা ধৰ্মৰ দৰে বহুতো জনজাতীয় ধৰ্মৰ লোকো আছে, অবশ্যে এনে ধৰ্মসমূহৰ ওপৰত হিন্ধু, বৌদ্ধ, খ্ৰীষ্টান আদি প্ৰধান ধৰ্মসমূহৰ প্ৰভাৱ পৰিলক্ষিত হয়। জৈন ধৰ্ম, জৰাষ্ট্ৰিয়াবাদ, ইহুদী ধৰ্ম, আৰু বাহাই ধৰ্মৰো কিছু প্ৰভাৱ পৰিলক্ষিত হয়। সকলো কথাৰ নিজেই কাৰণ বুলি বিশ্বাস কৰা নাষ্টিকতা আৰু অজ্ঞেয়বাদৰ প্ৰভাৱো ভাৰতত দেখা পোৱা যায়।

                                     

3. নৃত্য

নাট আৰু নৃত্যক নাট্য, नाट्य পঞ্চম বৈদিক সাহিত্য বুলি ধৰা হয়। কোনো মহাকাব্যিক কাহিনীৰ সৈতে সংযোজন কৰি, অৱয়ব, সম্পদ, আনন্দ আৰু আধ্যাত্মিক স্বাধীনতা প্ৰদানেৰে, ই প্ৰত্যেক সাহিত্যৰ গুৰুত্ব বহন কৰে, আৰু প্ৰতিটো কলাক গতিশীলতা প্ৰদান কৰে।

- নাট্যশাস্ত্ৰ প্ৰথম খণ্ড, ২০০ খ্ৰীষ্টপূৰ্ৱ - ২০০ খ্ৰীষ্টাব্দৰ মাজৰ কোনো কালৰ

ভাৰতত নৃত্যকলাৰ এক দীঘলীয়া ইতিহাস আছে। নাট্যশাস্ত্ৰ নৃত্যৰ বিজ্ঞান আৰু অভিন্ন দৰ্পন হৈছে নৃত্যৰ বিষয়ে লিখিত প্ৰায় ১৭০০ ৰ পৰা ২২০০ বছৰ পুৰণি দুখন সংস্কৃত সাহিত্য।

এই পুৰণি পুথিসমূহে শিকোৱা ভাৰতীয় নৃত্য কলা সম্পৰ্কত ৰাগিনী দেৱীয়ে কৈছে যে, নৃত্য হৈছে ব্যক্তিৰ অন্তঃ সৌন্দৰ্য আৰু দেৱত্বৰ প্ৰকাশ। ই এক প্ৰকাৰৰ সমৰ্পিত কলা, সুবিধাৰ বাবে একো বাকী নেৰাখে, প্ৰতিটো মুদ্ৰাই ধাৰণা প্ৰকাশ কৰে, প্ৰতিটো ভংগীমাত আবেগ জড়িত থাকে।

ভাৰতীয় নৃত্য বুলিলে আঠ প্ৰকাৰৰ ধ্ৰুপদী নৃত্যক বুজা যায়। বেছিভাগেই হৈছে কিংবদন্তী উপাদানৰ বৰ্ণনামূলক ৰূপ। ভাৰতৰ সংগীত, নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় একাডেমি য়ে ধ্ৰুপদী নৃত্যৰ মৰ্যদ্যা প্ৰদান কৰা ভাৰতৰ আঠ প্ৰকাৰৰ নৃত্য হৈছে: তামিলনাডুৰ ভাৰতনাট্যম, উত্তৰ প্ৰদেশৰ কথক, কেৰালাৰ কথকলি আৰু মোহিনিয়াট্টম, অন্ধ্ৰ প্ৰদেশৰ কুচিপুড়ী, কৰ্ণাটকৰ য়ক্ষগানা, মণিপুৰৰ মণিপুৰী, উৰিষ্যাৰ উড়িষ্যী উৰিষ্যী আৰু অসমৰ সত্ৰীয়া ।

এই ধ্ৰুপদী নৃত্য-কলাসমূহৰ উপৰিও ভাৰতত বহুধৰণৰ লোক নৃত্যও আছে। এনে কিছুমান লোক নৃত্য হৈছে পঞ্জাবৰ ভাংৰা ; অসমৰ বিহু ; নাগালেণ্ডৰ জেলিয়াং ; ঝাৰখণ্ড আৰু বংগৰ চাঊ ; উৰিষ্যাৰ ঘুমুৰা নৃত্য, গতিপোৱা, মাহাৰি নৃত্য আৰু ডালখাই ; উত্তৰ প্ৰদেশৰ কুৱালিছ বিৰ্হাছ আৰু চাৰ্কুলাছ ; বিহাৰৰ জাত-জাতিন আৰু ছাতুৰী ; ৰাজস্থানৰ ঘুমাৰ ; গুজৰাটৰ দাণ্ডিয়া আৰু গাৰ্বা ; অন্ধ্ৰ প্ৰদেশৰ কলাট্টাম ; কৰ্ণাটকৰ য়ক্ষগানা ; মহাৰাষ্ট্ৰৰ লাৱানি গোৱাৰ দেখান্নী আদি। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় নৃত্যৰ লগত খাপখোৱা নৃত্যৰ প্ৰকাৰো ভাৰতত বিশেষকৈ চহৰাঞ্চলত দেখা পোৱা যায় আৰু কেৰালাৰ খ্ৰীষ্টিয়ান সমাজে ধ্ৰুপদী নৃত্যত বাইবেলৰ কাহিনী বৰ্ণনা কৰা নৃত্যৰো সংযোজন কৰিছে।



                                     
  • সম ন খ জ দ য বল সক ষম কৰ ত ল ছ শ ক ষ - দ ক ষ চ ন ত - চৰ চ ধৰ ম - স স ক ত সকল ত আজ খ ষ ট ন প ৰভ ৱ স পষ ট ম ল স স ক ত ৰ পৰ ক ৰম ব ছ ন ন হ পৰ ছ
  • সৰ বপল ল ৰ ধ ক ষ ণণ আৰ চন দ ৰশ খৰ ভ ঙ কটৰমণক এই সন ম ন যচ হ ছ ল স হ ত য, স স ক ত ব জ ঞ ন, ক ৰ ড ম নৱ স ৱ আদ দ শত খ য ত অৰ জন কৰ আৰ ব শ ষ ট স ৱ
  • স হ ত য আৰ স স ক ত ক ষ ত ৰত ড হ জৰ ক ক ৱল অসমক ধৰ দ শ - ব দ শত বহ লভ ৱ সম দ ত আৰ সন ম ন ত হ ছ অসমৰ সৰ ব চ চ অস মৰ ক সন ম ন অসম ৰত ন, ভ ৰতৰ স স ক ত ক
  • ভ গৱত ম ল ত ম লন ড - ক শ স ত ৰ য ন ত যৰ মৰ য দ দ য আনহ ত ভ ৰত য স স ক ত মন ত ৰ লয ছ ন ত যক ইয ৰ শ স ত ৰ য ন ত যৰ ত ল ক ত অন তৰ ভ ক ত কৰ
  • এক অ শ হ চ প ই প ন ৰ ম ক পৰ চয কৰ ৱ হ ছ ল ভ ৰত য ছব আৰ ভ ৰতৰ সম দ ধ শ ল স স ক ত তথ ঐত হ যক ছব সম হৰ ম ধ যম ৰ প ৰচ ৰ - প ৰস ৰ কৰ ট ৱ ই আছ ল প ন ৰ ম ৰ
  • অৰ থন ত ব ষয ত স ন তক ত তৰ ড গ ৰ ল ভ কৰ ছ ল ত খ ত গ ৱ লপ ৰ জ ল ৰ ল ক স স ক ত A study of the folk culture of Goalpara District ব ষয ত গৱ ষণ কৰ প
  • ম ছলম নসকল ও দ য - ল ৱ ৰ ম জ ৰ অসমৰ ব ক ত ন জক প ৰত ষ ঠ কৰ সমন বয ৰ স স ক ত গঢ দ ছ অসমৰ প ৰণ ম ছলম নসকল অসম য জ ত সত ত ৰ ব ক ত জ ণ গ অসম য
  • হ ছ ক কতখনৰ লগত প ৰত য ক শন ব ৰ এখন প ষ ঠ ৰ পৰ প ৰ ক য ত স ব স থ য, স স ক ত প ৰক ত আৰ য ৱ প ৰজন ম সম পৰ ক য ল খন প ৰক শ প য প ৰ ব চল, এখন
  • ক ন দ ৰস থল স বৰ প হ পৰ পশ চ ম য শ ক ষ ৰ স প ৰভ বত অঞ চলট ত শ ক ষ স স ক ত আৰ প ৰগত ব দ চ ন ত ধ ৰ ৰ প ৰভ ৱত নবজ গৰণস বৰ পৰ স চন হয ইয ৰ ফলত