ⓘ গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত. ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ দ্য জেনেৰিঅত অনুষ্ঠিত হৈ থকা ২০১৬ গ্ৰীষ্মকালীন অলিম্পিক ত অংশগ্ৰহণ কৰিছে। ১৯০০ চনত প ..

                                     

ⓘ গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত

ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ দ্য জেনেৰিঅত অনুষ্ঠিত হৈ থকা ২০১৬ গ্ৰীষ্মকালীন অলিম্পিক ত অংশগ্ৰহণ কৰিছে। ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ অংশগ্ৰহন সম্পৰ্কে আনুষ্ঠানিক বিতাণ্ডা আছে যদিও ১৯২০ চনৰে পৰা অনুষ্ঠিত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকতেই ভাৰতে অংশগ্ৰহণ কৰি আহিছে।

এইবাৰ ভাৰতীয় অলিম্পিক এছচিয়েছনে অলিম্পিকলৈ গ্ৰীষ্মকালীন অলিম্পিক ইতিহাসত বৰ্তমানলৈকে ৰাষ্ট্ৰখনৰ পৰা সৰ্ব বৃহৎ ৰাষ্ট্ৰীয় দল সৰ্বমুঠ ১১৮ জন ক্ৰীড়াবিদ; ২০১২ চনৰ ৮৩ জনীয়া দলটোতকৈ ৩৫ জন অধিক প্ৰেৰণ কৰিছে।

                                     

1. প্ৰতিযোগীসকল

২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহন কৰা ক্ৰীড়াবিদসকলৰ তালিকা তলত দিয়া হৈছে। মন কৰিবলাগিব যে ফেঞ্চিং, ফিল্ড হকী, ফুটবল, আৰু হেণ্ডবলৰ সংৰক্ষিত খেলুৱৈ সকলক ইয়াত ধৰা হোৱা নাই: