ⓘ পি. ভি. সিন্ধু. পুষৰলা ভেংকট সিন্ধু হৈছে এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৩ চনৰ ১০ আগষ্টত সিন্ধু ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক বিজয়ী প্ৰথম ভাৰতীয় একক খেলুৱৈ হ ..

                                     

ⓘ পি. ভি. সিন্ধু

পুষৰলা ভেংকট সিন্ধু হৈছে এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ।

২০১৩ চনৰ ১০ আগষ্টত সিন্ধু ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক বিজয়ী প্ৰথম ভাৰতীয় একক খেলুৱৈ হিচাপে পৰিগনিত হয়। পি. ভি. সিন্ধুৱে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ নোজমি ওকুহাৰাক ২১-১৯, ২১-১০ ব্যৱধানত পৰাজিত কৰি মহিলাৰ বেডমিণ্টন একক ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত তেওঁ বিশ্বৰ প্ৰথম স্থান অধিকাৰী কেৰলিনা মেৰিণৰ বিৰুদ্ধে প্ৰথম খেলত ২১-১৯ ৰ অগ্ৰগতি লাভ কৰে, দ্বিতীয় খেলত ১২-২১ ব্যৱধানত পৰাজিত হয় আৰু তৃতীয় তথা অন্তিম খেলতো ১৫-২১ ব্যৱধানত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। তেওঁ হৈছে অলিম্পিকৰ মহিলা বেডমিণ্টনত ৰূপৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা। তাৰোপৰি তেওঁ অলিম্পিকত ৰূপৰ পদক লাভ কৰা ভাৰতৰ আটাইতকৈ কম বয়সীয়া মহিলা। ২০১২ চনৰ ২১ ছেপ্তেম্বৰত তেওঁ ৱৰ্ল্ড ফেডাৰেচন ৰেংকিঙৰ শীৰ্ষ ২০ টা স্থানত স্থান লাভ কৰিছিল। ২০১৩ চনৰ ১০ আগষ্টত তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক অৰ্জন কৰে। ২০১৫ চনৰ ৩০ মাৰ্চত সিন্ধুক ভাৰত চৰকাৰে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে বিভূষিত কৰে।

                                     

1. শৈশৱ আৰু প্ৰাথমিক প্ৰশিক্ষন

পুষৰলা ভেঙ্কট সিন্ধু পি. ভি. ৰমন আৰু পি. বিজয়াৰ কন্যা; - উভয়েই পূৰ্বৰ ভলিবল খেলুৱৈ আছিল। ইয়াৰোপৰি পিতৃ ৰমনে তেওঁৰ ক্ৰীড়াৰ বাবে চৰকাৰৰ পৰা অৰ্জুন পদকো লাভ কৰিছিল। তেওঁৰ পিতৃ পেছাদাৰী ভলিবল খেলিছিল যদিও, সিন্ধুৱে ২০০১ অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়ন পুল্লেলা গোপীচান্দৰ সাফল্যত অনুপ্ৰাণিত হৈ ভলিবলৰ সলনি বেডমিণ্টন আকোঁৱালী লয়। তেওঁ আঠ বছৰ বয়সৰ পৰাই বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে। সিন্ধুৱে প্ৰথমে ছেকেন্দ্ৰাবদৰ ইন্ডিয়ান ৰেলৱেৰ সংকেত প্ৰকৌশল আৰু টেলিযোগাযোগ ইনষ্টিটিউটৰ বেডমিণ্টন কৰ্টত মেহবুব আলীৰ ওচৰত খেলাৰ প্ৰাৰম্ভিক শিক্ষা লয়। পিছত পুল্লেলা গোপীচান্দৰ বেডমিণ্টৱ একাডেমীত যোগদান কৰে। যদিও সিন্ধুৰ কৰ্মজীৱন সম্বন্ধে দ্য হিন্দুৰ এজন সংবাদদাতাই লিখিছে: "এয়া সত্য যে তেওঁৰ বাসভৱনৰ পৰা ৫৬ কিমি দূৰত্ব স্বত্বেও তেওঁ দৈনিক সঠিক সময়ত কচিং কেম্পত প্ৰৱেশ কৰিছিল, এয়া সম্ভৱতঃ এজন ভাল বেডমিণ্টন খেলুৱৈ হোৱাৰ বাবে তেওঁৰ প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ প্ৰৱল ইচ্ছাৰ প্ৰতিফলন।" গোপীচান্দেও এই প্ৰতিনিধিৰ মতামতকে সমৰ্থন কৰি কৈছিল, "সিন্ধুৰ খেলাৰ সকলোতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে তেওঁৰ মনোভাৱ আৰু কেতিয়াও নমনাৰ মনোবল"

                                     

2. সন্মান

ৰাষ্ট্ৰীয়

  • পদ্মশ্ৰী, ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। ২০১৫
  • অৰ্জুন বঁটা ২০১৩
  • ৰাজীৱ গান্ধী খেলৰত্ন বঁটা২০১৫-১৬, ভাৰতৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান।

অন্যান্য

  • FICCI Breakthrough Sportsperson of the Year 2014
  • ₹ ৫ লাখ ৭,০০০ ডলাৰ ২০১৬ মালায়েছিয়া মাষ্টাৰ্ছ বিজয়ৰ বাবে "ভাৰতীয় বেডমিণ্টন সংস্থা"ৰ তৰফৰ পৰা।
  • NDTV Indian of the Year 2014।
  • ₹ ১০ লাখ ১৪,০০০ ডলাৰ ২০১৫ চনৰ মাকাও অপেন চেম্পিয়নশ্বিপছ জয় কৰা বাবে ভাৰতীয় বেডমিণ্টন সংস্থাৰ তৰফৰ পৰা।
২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপৰ পদক লাভ কৰা বাবে
  • ₹ ১.০ কোটি ১,৪০,২০০ ডলাৰ টেলেংগানা চৰকাৰৰ তৰফৰ পৰা।
  • ₹ ১.০১ লাখ ১,৪০০ ডলাৰ ছলমান খানৰ তৰফৰ পৰা, অলিম্পিকলৈ যোগ্যতা লাভ কৰা বাবে।
  • ₹ ২.০ কোটি ২,৮০,৪০০ ডলাৰ দিল্লী চৰকাৰৰ পৰা।
                                     
  • ব ঘ অসম চৰক ৰ পব তৰ প জ আৰক স ৰক ষ ত বন ঞ চল ঘ ষণ কৰ হ দ গ খ ট ৰ খ ট য ল সকলক ত ৰপৰ উচ ছ দ কৰ হ ত গড ভ জ আৰৰ উত তৰ ফ ল ব ঘ ম ট
  • পদক ন ম ক ৰ ড ইভ ণ ট ত ৰ খ 2 ৰ প পদক স ন ধ প ভ প ভ স ন ধ ব ডম ণ টন মহ ল ৰ একক আগষ ট ব ৰঞ জ পদক ম ল ক, স ক ষ স ক ষ ম ল ক ক স ত মহ ল ৰ