ⓘ ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯ ..

ⓘ ৰেৱতী মোহন দত্তচৌধুৰী

ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে অনুুসন্ধান আৰু অপৰাজেয় উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে অবিচ্ছিন্ন আৰু গধূলি উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে।

1. জন্ম আৰু শিক্ষা

১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত শীলভদ্ৰৰ জন্ম হয়। পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। গৌৰীপুৰৰ পি. চি. ইনষ্টিটিসনৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই.এচ.ছি পৰীক্ষাত উত্তীৰ্ণ হয়। পূৰ্ববংগৰ ৰংপুৰৰ কাৰমাইকেল কলেজৰ পৰা বি.এছ.ছি আৰু কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম.এছ.ছি পাছ কৰে।

2. কৰ্মজীৱন

চাকৰিৰ বাবে শীলভদ্ৰলৈ প্ৰথম আহ্বান আহে এম.চি. কলেজৰ পৰা। পিছত প্ৰৱক্তা কটন মহাবিদ্যালয় ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ চাকৰি কৰে যদিও চাকৰি ইস্তফা দি ঠিকাদাৰ ১৯৪৯-৫৪ হয়। তাৰপিচতে তেওঁ দ্যা আছাম ট্ৰিবিউন ১৯৫৫ৰ কামত যোগদান দিয়ে যদিও কিছুদিন চাকৰি কৰি এছিচটেণ্ট মেনেজাৰ ৰূপে চাহ-বাগানত সোমায়। চাহ বাগিচাত ১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ কাম কৰে। ইয়াৰ পিচত ৰেৱতী মোহন দত্তচৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিতৰ শিক্ষক হিচাপে যোগদান কৰে। অসম অভিযান্ত্ৰিক কলেজত তেওঁ ১৯৫৭ চনৰ পৰা ১৯৮২ চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো ১৯৬৫ - ৮৫ অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়ায়।

3. গ্ৰন্থৰাজী

১৯৬৪ চনত অসম বাতৰি কাকতত প্ৰকাশিত অভিযোগ চুটিগল্পৰে আত্মপ্ৰকাশ।

উপন্যাস

শীলভদ্ৰই ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৭১ চনত প্ৰকাশিত মধুপুৰ আৰু তৰংগিনী উপন্যাসখনৰ জৰিয়তে। তেওঁৰ বাকী উপন্যাসকেইখন হল: আগমনীৰ ঘাট ১৯৭৩, আহঁতগুৰি ১৯৭৩, অবিচ্ছিন্ন ১৯৮০ প্ৰাচীৰ ১৯৮০, গধূলি ১৯৮১, অনুসন্ধান ১৯৮৭, উপন্যাস সমগ্ৰ।

গল্প সংগ্ৰহ

শীলভদ্ৰই মুঠ ২৬ খনমান গল্পপুথি ৰচনা কৰে। ১৯৬৪ চনত অসম বাতৰি পূজা সংখ্যাত তেওঁৰ প্ৰথম গল্প অভিযোগ প্ৰকাশ হৈছিল। শীলভদ্ৰই ৰচনা কৰা গল্পপুথিবোৰ হল:

  • সমুদ্ৰ তীৰ
  • উত্তৰণ
  • নিৰ্বাচিত গল্প
  • চিঠি আৰু অন্যান্য গল্প
  • উত্তৰ নাই
  • দায়িত্ব আৰু অন্যান্য গল্প
  • বীৰ সৈনিক
  • মধুপুৰৰ মধুকৰ
  • তৰ্পণ
  • প্ৰতীক্ষা
  • জীৱন আৰু অন্যান্য গল্প
  • মধুপুৰ বহুদূৰ
  • আপোন মানুহ
  • মেজাজ
  • লগৰীয়া
  • বাস্তৱ
  • বিশ্বাস আৰু অন্যান্য গল্প
  • ৰতুবাবুৰ গেৰেজ
  • জীৱনৰ ৰং
  • কোনো ক্ষোভ নাই
  • অন্য এক মধুপুৰ
  • সায়াহ্ন
  • তৰুৱা কদম
  • শীলভদ্ৰৰ কুৰিটা গল্প
  • আকৌ মধুপুৰ
  • দূৰগত আৰু অন্যান্য গল্প

অনুবাদ গ্ৰন্থ

ৰিপ ভ্যান উইংকল আৰু অন্যান্য কেইটামান গল্প, মেটামৰফ’চিছ। তেওঁৰ বহুকেইখন গল্প সংকলন ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।

  • গল পক ৰ হ ল শ লভদ ৰ শ লভদ ৰৰ প ৰক ত ন ম ৰ ৱত ম হন দত তচ ধ ৰ দ ক ৰ বছৰ বয সত স হ ত য ৰচন ৰ প তন ম ল ৰ ৱত ম হন দত তচ ধ ৰ য শ লভদ ৰ ছদ মন ম ৰ আট ইব ৰ
  • পথ ৰ ম ন হ, ক শৱ মহন ত ম ৰ য ক ম ন হ প হ, শ লভদ ৰ ৰ ৱত ম হন দত তচ ধ ৰ মধ প ৰ বহ দ ৰ, চন দ ৰপ ৰস দ শইক য মহ ৰথ ন ৰ পম