ⓘ কটন বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ ..

                                     

ⓘ কটন বিশ্ববিদ্যালয়

কটন বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হল।

২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হল।

কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।

                                     

1. ইতিহাস

ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটন, কে.চি.এছ.আই-এ ১৯০১ চনৰ ২৭ মেৰ দিনা কটন কলেজৰ আৰম্ভণি হল বুলি ঘোষণা কৰিছিল। প্ৰদেশখনৰ উচ্চ শিক্ষালৈ হেনৰী ষ্টেডমেন কটনে আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে তেখেতৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম কটন কলেজ ৰখা হৈছিল। অধ্যক্ষ উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছনকে ধৰি পাঁচ অধ্যাপকেৰে কটন কলেজৰ শিক্ষাদান আৰম্ভ হৈছিল। আৰম্ভণি বৰ্ষত এফ.এ. প্ৰথম বৰ্ষ শ্ৰেণীত ৩৭ জন আৰু এফ.এ. দ্বিতীয় বৰ্ষ শ্ৰেণীত ২জন, মুঠ ৩৯ জন ছাত্ৰই নামভৰ্তি কৰিছিল। ১৯৯২ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ উপস্থিতিত হোৱা এক অনুষ্ঠানত কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়। ২০০১ চনৰ ২৭ মেৰপৰা ২০০২ চনৰ ২৬ মেলৈ এবছৰীয়া কাৰ্যসূচীৰে কটন কলেজে শতবৰ্ষ উদ্‍যাপন কৰে। ভাৰতৰ তদানীন্তন উপৰাষ্ট্ৰপতি কৃষ্ণ কান্তেশতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লয়। শতবৰ্ষ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতীয় ডাক বিভাগে ২০০২ চনত শতবৰ্ষৰ স্মৰণিকা হিচাপে ৪ টকাৰ বিশেষ ডাক টিকট প্ৰচলন কৰে।

কটন কলেজত বৰ্তমান কলা, বিজ্ঞান আৰু সমাজ বিজ্ঞান শাখাৰ মুঠ ২১টা প্ৰাক-স্নাতক বিভাগ আৰু ২০টা স্নাতকোত্তৰ বিভাগত মুঠ প্ৰায় ৫০০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২৪৪ জন শিক্ষক আছে।

কটন কলেজ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰো কেন্দ্ৰ আছিল।

                                     

2. শিক্ষা

উচ্চতৰ মাধ্যমিক

কলা আৰু বিজ্ঞান বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।

স্নাতক

কলা আৰু বিজ্ঞান শাখাত ৩ বছৰীয়া স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

কম্পিউটাৰ বিজ্ঞানৰ স্নাতক

কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধীনত ৩ বছৰীয়া কম্পিউটাৰ বিজ্ঞানৰ স্নাতক Bachelor of Computer Applications BCA ডিগ্ৰী প্ৰদান কৰা হয়।

                                     

2.1. শিক্ষা উচ্চতৰ মাধ্যমিক

কলা আৰু বিজ্ঞান বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।

                                     

2.2. শিক্ষা স্নাতকোত্তৰ

কলা আৰু বিজ্ঞান শাখাত ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। নামভৰ্তিৰ বাবে কেন্দ্ৰীয়ভাৱে এক প্ৰৱেশ পৰীক্ষা CPGEE অনুষ্ঠিত হয়। প্ৰৱেশ পৰীক্ষাৰ আবেদনসমূহ এপ্ৰিল/মে মাহত অনলাইন পদ্ধতিৰে গ্ৰহণ কৰা হয়। নামভৰ্ত্তিৰ বিজ্ঞাপন বিশ্ববিদ্যালয়ৰ ৱেবচাইট অথবা ৰাষ্ট্ৰীয়/স্থানীয় বাতৰিকাকতত প্ৰকাশিত হয়।

                                     

2.3. শিক্ষা ডক্টৰেট

কটন বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰম পি এইচ ডিত নামভৰ্ত্তিৰ বাবে লিখিত প্ৰৱেশ পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক অৱশ্যে জে-আৰ-এফ/নেট/শ্লেট ইত্যাদি অৰ্হতা থকা প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ পৰা ৰেহাই দিয়া হয়। অনলাইন পদ্ধতিৰে জুন/জুলাই মাহত আৱেদনসমূহ গ্ৰহণ কৰা হয়। নামভৰ্ত্তিৰ বাবে ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ শেহতীয়া নিয়মাৱলীসমূহ কাৰ্যকৰী কৰা হৈছে।

                                     

2.4. শিক্ষা কম্পিউটাৰ বিজ্ঞানৰ স্নাতক

কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধীনত ৩ বছৰীয়া কম্পিউটাৰ বিজ্ঞানৰ স্নাতক Bachelor of Computer Applications BCA ডিগ্ৰী প্ৰদান কৰা হয়।



                                     

3. উল্লেখনীয় প্ৰাক্তন ছাত্ৰছাত্ৰীসকল

  • হোমেন বৰগোহাঞি
  • ভবেন্দ্ৰ নাথ শইকীয়া
  • কপিল বৰা
  • ইন্দিৰা গোস্বামী
  • গৌৰীশংকৰ কলিতা
  • নীলমণি ফুকন
  • ৰীতা চৌধুৰী
  • ভূপেন হাজৰিকা
  • শৰৎ চন্দ্ৰ সিংহ
  • হীৰেন গোহাঁই
  • অনুৰাধা শৰ্মা পূজাৰী
  • অৰূপা পটংগীয়া কলিতা
  • অম্বিকাচৰণ চৌধুৰী
  • জেৰিফা ৱাহিদ
                                     

4. বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ

ভাষা, সাহিত্য আৰু ভাষাতত্ত্ব অনুষদ

  • সংস্কৃত বিভাগ
  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ
  • হিন্দী বিভাগ
  • বড়ো বিভাগ
  • বাংলা বিভাগ
  • ইছলামিক অধ্যয়ন পাৰ্ছী আৰু আৰৱী

মানৱবিদ্যা আৰু সমাজবিজ্ঞান অনুষদ

  • নৃতত্ত্ব বিভাগ
  • বুৰঞ্জী বিভাগ
  • ৰাজনীতি-বিজ্ঞান বিভাগ
  • গ্ৰন্থাগাৰ বিজ্ঞান বিভাগ
  • পুৰাতত্ত্ব বিভাগ
  • মনোবিজ্ঞান বিভাগ
  • সমাজতত্ত্ব বিভাগ
  • গনসংযোগ, সাংবাদিকতা আৰু মাধ্যম অধ্যয়ন বিভাগ
  • শিক্ষাতত্ত্ব বিভাগ
  • অৰ্থনীতি বিভাগ
  • দৰ্শন বিভাগ

পদাৰ্থ, ৰসায়ন আৰু গাণিতিক বিজ্ঞান অনুষদ

  • গণিত বিভাগ
  • ৰসায়ন-বিজ্ঞান বিভাগ
  • কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগ
  • পৰিসংখ্যা বিভাগ
  • পদাৰ্থ-বিজ্ঞান বিভাগ

জীৱ বিজ্ঞান অনুষদ

  • আণৱিক জীৱবিজ্ঞান আৰু জৈৱপ্ৰযুক্তি বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • পাৰিপাৰ্শ্বিক জীৱবিজ্ঞান আৰু বন্য বিজ্ঞান বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ


                                     
  • ব শ বব দ য লয খন ব শ বব দ য লয অন দ ন আয গ আৰ অসম চৰক ৰৰ য ট য প ৰচ ষ ট ত প ৰত ষ ঠ কৰ হয জ ন ৱ ৰ চনত গ ৱ হ ট স থ ত অসমৰ প ৰথমখন মহ ব দ য লয কটন কল জৰ
  • চনত ত জপ ৰৰ নপ মত স থ প ত হয ত জপ ৰ ক ন দ ৰ য ব শ বব দ য লয বৰ তম ন ব শ বব দ য লয খনত ট ব ভ গ ৰ প ৰ য ছ ত ৰ - ছ ত ৰ য শ ক ষ গ ৰহণ কৰ
  • ব জ ঞ ন ব শ বব দ য লয গ ৱ হ ট অসমত অৱস থ ত একম ত ৰ স ব স থ য ব জ ঞ নৰ ব শ বব দ য লয তথ উত তৰ - প ৱ ভ ৰতৰ প ৰথমখন স ব স থ য ব জ ঞ নৰ ব শ বব দ য লয এই
  • অসম ৰয ল গ ল ব ল ব শ বব দ য লয ই ৰ জ Assam Royal Global University অসমৰ পঞ চমখন ব যক ত গত খণ ডৰ ব শ বব দ য লয ব শ বব দ য লয খন ৰয ল গ ৰ প অফ ইনষ ট ট উটৰ
  • ব শ বব দ য লয চনত অসম ক জ ৰঙ ব শ বব দ য লয ব ধ অন সৰ অসমৰ য ৰহ টত স থ প ত এখন ব যক ত গত ব শ বব দ য লয অসম ব যক ত গত ব শ বব দ য লয ব ধ
  • এক প ৰধ ন প ইক ৰ বজ ৰ আৰ ম দ ৰণ তথ প ৰক শনৰ ব ব এট ক ন দ ৰ কটন ব শ বব দ য লয ইয ত অৱস থ ত দ ঘল প খ ৰ ৰ ওচৰত অসম আৰ উত তৰ - প ব ভ ৰত ঐত হ যব হ
  • চৰক ৰ মহ ব দ য লয প ৰবক ত ৰ প কৰ মৰত - কটন কল জত অধ য পন বৰ তম নৰ কটন ব শ বব দ য লয - বৰ তম নল ক ম ন ন বৰকটক স ম ৰক স হ ত য ব ট
  • ভট টদ ৱ ব শ বব দ য লয অসমৰ বজ ল জ ল ৰ প ঠশ ল ত অৱস থ ত এখন ৰ জ য ক ব শ বব দ য লয এই ব শ বব দ য লয খন অসম চৰক ৰ চনৰ ছ প ট ম বৰত গ হ ত কৰ ভট টদ ৱ
  • চনত শ ৱস গৰৰ হ ইস ক লৰ পৰ ম ট ৰ ক ল চন পৰ ক ষ ত উত ত ৰ ণ হয চনত কটন মহ ব দ য লয ৰ পৰ ত ত য স থ নত আই এ উত ত ৰ ণ হয চনত ত ৰ পৰ ই স ন তক
  • চনত অৱসৰ লয চনত জ য ত প ৰস দ ম ধ য গ ৱ হ ট ৰ কটন মহ ব দ য লয ত বৰ তম ন ব শ বব দ য লয গণ তৰ অধ য পক হ চ প য গদ ন কৰ ক ন ত ত ত ত খ ত ব ছ দ ন