ⓘ চৰকাৰ হল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যে ..

অন্তিম পন্থাৰ পত্ৰসমূহ

অন্তিম পন্থাৰ পত্ৰ -সমূহ বুলিলে যুক্তৰাজ্য -ৰ প্ৰধানমন্ত্ৰীয়ে হাতেলিখা চাৰিখন চিঠিক বুজোৱা হয় যিকেইখন তেওঁ চাৰিখন ব্ৰিটিছ ক্ষেপণাস্ত্ৰযুক্ত ডুব-জাহাজ ৰ আদেশকাৰী বিষয়া লৈ উদেশ্য কৰি লিখে। এই পত্ৰ কেইখনৰ কথা সম্পূৰ্ণ একে। যদিহে কেতিয়াবা কোনো শত্ৰুপক্ষৰ পাৰমাণৱিক আক্ৰমণৰ ফলত ভূমিত থকা ব্ৰিটিছ চৰকাৰ ধ্বংস হয় আৰু প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মৃত্যুত সিদ্ধান্ত লবলৈ তেওঁ মনোনীত কৰা দেশৰ "দ্বিতীয়জন মানুহ" দুয়োকে হত্যা অথবা নিষ্ক্ৰিয় কৰা হয় তেন্তে সেই বিষয়া কেইজনে কি কাৰ্যপন্থা গ্ৰহণ কৰিব সেই সম্পৰ্কে যিকোনো তদনান্তীন প্ৰধানমন্ত্ৰীয়ে পত্ৰখনত আদেশ দি থয়। এই আদেশ সমূহ যদি কিবা কাৰণত কাৰ্যকৰী ক ...

জীয়াই থকাৰ অধিকাৰ

জীয়াই থকাৰ অধিকাৰ হৈছে এক বিশ্বাস, যি এজন ব্যক্তিৰ জীৱন সম্পৰ্কীয় অধিকাৰৰ কথা কয় লগতে চৰকাৰ তথা অন্য কোনো অস্তিত্বৰ দ্বাৰা এটা জীৱনৰ বিনাশ কাৰ্য অযুক্তিকৰ বুলি দাবী উত্থাপন কৰে। মৃত্যুদণ্ড, যুদ্ধ, গৰ্ভপাত, ইচ্ছামৃত্যু, পুলিচৰ অত্যাচাৰ, ন্যায়সংগত হত্যা, আৰু পশু অধিকাৰ আদি বিষয়ৰ পৰিপ্ৰেক্ষিতত জীয়াই থকাৰ অধিকাৰ সম্পৰ্কীয় এই বিতৰ্কিত ধাৰণাটোৰ উৎপত্তি হৈছে। বিভিন্ন ব্যক্তিৰ এই সম্পৰ্কে এইবুলি আপত্তি থাকিব পাৰে যে, এই নীতি সমূহ কোন কোন ক্ষেত্ৰত প্ৰয়োগ হয় যত নেকি পূৰ্বৰে পৰা এনে সূচীভুক্ত সমস্যা অন্তৰ্ভুক্ত হৈ আছে।

ভাৰতীয় ক্ৰান্তি দল

ভাৰতীয় ক্ৰান্তি দল ১৯৬৭ চনত চৰণ সিঙে বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু উৰিষ্যাৰ কংগ্ৰেছী-ত্যাগী নেতাসকলৰ সহযোগত গঠন কৰা ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ১৯৭৪ চনত ই ভাৰতীয় লোক দলৰ সৈতে চামিল হৈ যায়।

ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)

ভাৰতীয় জাতীয় কংগ্ৰেছ বা Congress) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ইন্দিৰা গান্ধীক কংগ্ৰেছৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।

গোলকীয় হাতধোৱা দিৱস

গোলকীয় হাত ধোৱা দিৱস বা বিশ্ব হাত ধোৱা দিৱস হৈছে বিশ্বব্যাপী ফলপ্ৰসূ ভাৱে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলাৰ হেতু জনসাধাৰণক সচেতন কৰিবৰ বাবে চলা এক অভিযান। ২০১৮ চনৰ পৰা প্ৰত্যেক বছৰে ১৫ অক্টোবৰৰ দিনটো বিশ্বব্যাপী ‘গোলকীয় হাত ধোৱা দিৱস’ ৰূপে পালন কৰি অহা হৈছে। এই দিৱসটো ‘গ্ল’বেল হেণ্ড ৱাচিং পাৰ্টনাৰশ্বিপ’ৰ সৌজন্যত বিভিন্ন দল-সংগঠন, চৰকাৰ, বিভিন্ন আন্তৰ্জাতিক সংস্থা, এন জি অ’ৰ লগতে নানান ব্যক্তিগত কোম্পানী আদিৰ সহযোগত পালন কৰা হয়। বিশ্বব্যাপী চলা এই অভিযানে চাবোনৰে হাত ধোৱা যে বিভিন্ন ৰোগ প্ৰতিৰোধৰ এক মুখ্য উপায় সেই বিষয়ে সজাগতা সৃষ্টি কৰে। ইয়াৰ দ্বাৰা শ্বাস-প্ৰশ্বাস-সম্বন্ধীয় তথা আন্ত্ৰিক ৰ ...

                                     

ⓘ চৰকাৰ

চৰকাৰ হল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা, সমাজৰ শান্তি বজায় ৰখা, মানুহৰ সা-সম্পত্তি ৰক্ষা কৰা আৰু বিবাদৰ ক্ষেত্ৰত বিচাৰকাৰ্য পৰিচালনা কৰা। চৰকাৰে ইয়াৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালনৰ স্বাৰ্থত ৰাজহ আহৰণ কৰে আৰু শাসনকাৰ্য পৰিচালনা তথা উন্নয়নমূলক কামৰ বাবে সেয়া ব্যয় কৰে।

যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ" শব্দটিৰ দ্বাৰা সাৰ্বভৌম ৰাষ্ট্ৰক পৰিচালনা কৰা সংস্থাটোকহে বুজোৱা হয়। চৰকাৰ স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় হব পাৰে। চৰকাৰৰ আকাৰ অঞ্চল বা উদ্দেশ্য অনুযায়ী ভিন্ন ভিন্ন হয়।

                                     

1. শ্ৰেণীবিভাজন

চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কৰা হয়। সেয়েহে কোৱা হয়- চৰকাৰৰ শ্ৰেণীবিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন। গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰিছিল। প্লেটোৰ পাছত এৰিষ্টটলে চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত ভাগ কৰিছে:

সেইসময়ৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা কৰা নাছিল। বৰ্তমানে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে। বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰ শাসন গণতান্ত্ৰিক। কিছু দেশত ৰজা বা ৰাণী আছে যদিও সেয়া মূলতঃ পৰম্পৰা ৰক্ষাৰহে প্ৰতীক। ৰজাৰ হাতত বিশেষ একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়।

আধুনিক যুগত মেৰিয়ত, ব্ৰাইচ, লীকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লীককৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটাভাগত ভগাইছে:

  • গণতন্ত্ৰ Democracy: গণতন্ত্ৰ হল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন।
  • একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ Dictatorship: একনায়কতন্ত্ৰ হৈছে একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন ব্যৱস্থা।

গণতন্ত্ৰৰ সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। প্ৰাচীন গ্ৰীচৰ এথেন্সত প্ৰতক্ষ গণতন্ত্ৰ Direct Democracy চলিছিল। জনসাধাৰণে প্ৰতক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰিছিল। বৰ্তমানে প্ৰতক্ষ গণতন্ত্ৰ বিভিন্ন কাৰণত সম্ভৱ নোহোৱা হৈছে। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ Indirect Democracy বোলে।

লীককে আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ বা সাংবিধানিক ৰাজতন্ত্ৰ Constitutional monarchy আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ Republic - এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ এককেন্দ্ৰীয় Unitary আৰু যুক্তৰাষ্ট্ৰীয় Federal এই দুই ভাগত ভগাইছে। শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় Parliamentary আৰু ৰাষ্ট্ৰপতীয় Presidential এই দুভাগত বিভক্ত কৰিছে।

ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি চৰকাৰক এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই শ্ৰেণীত ভাগ কৰা হয়। যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয়। ইয়াৰ বিপৰীতধৰ্মী চৰকাৰখন হল যুক্তৰাষ্ট্ৰীয় চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰ থাকে। যুক্তৰাজ্য, ফ্ৰান্স, জাপান, ইটালী আদিৰ চৰকাৰ এককেন্দ্ৰীয়, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, ৰাছিয়া, অষ্ট্ৰেলিয়া আদিৰ চৰকাৰ যুক্তৰাষ্ট্ৰীয়।

সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই ইয়াৰ গণতান্ত্ৰিক বৈধতা বিধামণ্ডল বা সংসদৰ পৰা পায়। কাৰ্যপালিকা আৰু বিধামণ্ডল পৰস্পৰ সম্বন্ধিত হয়। এই পদ্ধতিত ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী বেলেগ বেলেগ হয় অৰ্থাৎ ই এক দ্বৈত্ব মুৰব্বী ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন প্ৰধান কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন ৰজা, ৰাণী বা ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকাহে। ইয়াৰ বিপৰীতে যি চৰকাৰত ক্ষমতাৰ পৃথক্কৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধামণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু যত কাৰ্যপালিকা বিধানমণ্ডলে ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে।

বৰ্তমান যুগত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয়, আৰু ৰাষ্ট্ৰপতীয় এই চাৰিটা ভাগত ভগাব পাৰি।

                                     
  • ক ন দ ৰ য চৰক ৰ ব ল ক ৱ হয খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চলৰ গঠ ত য ক ভ ৰত গণৰ জ য ব ল ক ৱ হয ইয ৰ ই ন য ন ত ৰণকৰ ত হ ছ ভ ৰত চৰক ৰ ভ ৰত
  • অসম চৰক ৰ ভ ৰতবৰ ষৰ অসম ৰ জ য আৰ ইয ৰ খন জ ল ৰ সৰ ব চ চ শ সনত ন ত ৰ ক কৰ ত পক ষ এই চৰক ৰ ৰ জ যপ লসহ শ সনব ভ গ, আইনব ভ গ আৰ ব চ ৰব ভ গৰ স ত গঠ ত
  • ম ণ ক চৰক ৰ ই ৰ জ Manik Sarkar এগৰ ক ভ ৰত য ৰ জন ত ব দ ত ও ৰ ম ৰ চৰ পৰ ৰ ম ৰ চল ত ৰ প ৰ ৰ ম খ য মন ত ৰ আছ ল ত ও কম উন ষ ট প ৰ ট
  • মৰ ণ চৰক ৰ ই ৰ জ Moran Sarkar পঞ জ ব موراں سرکار এগৰ ক পঞ জ ব ম ছলম ন সম প ৰদ য ৰ এগৰ ক দৰব ৰ ন চৰ ন চন nutch girl আছ ল চনত ত ও
  • ক ন ড ৰ চৰক ৰ ব যৱস থ এখন স সদ য গণতন ত ৰভ ত ত ক আৰ এখন স ব ধ ন ক ৰ জতন ত ৰ ইয ত প ৰচল ত ক ন ড ৰ চৰক ৰ দ ভ গত ব ভক ত ক ন দ ৰ য চৰক ৰ আৰ প ৰ দ শ ক
  • অসম চ ক ত ভ ৰত চৰক ৰ আৰ অসম আন দ লনৰ ন ত ত বৰ ম জত চনৰ আগষ টত নত ন দ ল ল ত স ব ক ষৰ ত হ ৱ এখন ব জ ব জ চ ক ত ই ৰ জ Memorandum of
  • ভ য টন ম আৰ কম ব ড য ৰ খম ৰ ৰ জ - ব ৰ ধ শক ত চৰক ৰ খনৰ পতন ঘট য আৰ অপ ক ষ ক ত সহ ষ ণ এট স ম যব দ চৰক ৰ গঠন কৰ চনত দ শখন সম জতন ত ৰ পৰ ত য গ
  • দ অব ভ য ছ খ ৰ ক খ ল য ই ক ছ কথ ক ছ ন টক ব দল চৰক ৰ ৰ ৰতন ব ট ব হ ৰ চৰক ৰ অসম য থ য ট ৰত ন জৰ অভ নৱ ম ল ক কৰ মৰ ভ ৰত য থ য ট ৰ
  • স প আই এম ন ত ত ব ধ ন ব মফ ৰণ ট চৰক ৰ প ৰত ষ ঠ ত এই চৰক ৰ আছ ল ব শ বৰ ইত হ সত দ ৰ ঘতম গণত ন ত ৰ ক পদ ধত ত ন ৰ ব চ ত কম উন ষ ট চৰক ৰ বৰ তম ন ব মফ ৰণ টক পৰ জ ত
  • ক ন ত প ব প ক স ত নৰ অৰ থন ত ক আৰ জনস খ য গত গ ৰ ত ব সত ত ব ও প ক স ত ন চৰক ৰ আৰ স ন ব হ ন সম প ৰ ণৰ প পশ চ ম প ক স ত ন সকলৰ ন য ন ত ৰণ ধ ন আছ ল চনৰ
  • বৰ তম ন এই দ নট ক পৰ ষদৰ প ৰত ষ ঠ দ ৱস হ চ প প লন কৰ হয ভ ৰত চৰক ৰ অসম চৰক ৰ আৰ ইউন ইট ড প পলছ ড ম ক ৰ ট ক চল দ ৰ ট ৰ ম জত স ব ক ষৰ ত ব জ ব জ ৰ
  • ইণ ড য মহ ৰ ষ ট ৰ চৰক ৰ ক ল অ প ট ৰ অৱ ম উজ ক, গ জৰ ট চৰক ৰ ম ল ড ক ইন, ব হ ৰ চৰক ৰ পয ট ছ অৱ ম উজ ক, উত তৰ প ৰদ শ চৰক ৰ ম দ ৰ জ ব শ বব দ য লয ৰ