ⓘ বলবীৰ সিং দচাংঝ এগৰাকী ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। তেওঁ ফিল্ড হকীৰ পুৰুষৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ সদস্য আছিল আৰু অলিম্পিকত ভাৰতীয় দলৰ হৈ খেলিছিল। ১৯৪৮ চনৰ লণ্ডন ..

                                     

ⓘ বলবীৰ সিং

বলবীৰ সিং দচাংঝ এগৰাকী ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। তেওঁ ফিল্ড হকীৰ পুৰুষৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ সদস্য আছিল আৰু অলিম্পিকত ভাৰতীয় দলৰ হৈ খেলিছিল। ১৯৪৮ চনৰ লণ্ডন অলিম্পিক, ১৯৫২ চনৰ হেলছিংকী অলিম্পিক আৰু ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতে সোণৰ পদক লাভ কৰাত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। হেলছিংকী অলিম্পিকত তেওঁ ভাৰতীয় দলৰ উপকেপ্তেইন আৰু মেলবৰ্ণ অলিম্পিকত কেপ্তেইন আছিল। তেওঁক বিশ্বৰ শ্ৰেষ্ঠতম হকী খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয়। তেওঁক "আধুনিক ধ্যানচন্দ" বুলিও অভিহিত কৰা হয়। ইয়াৰ লগতে হকীৰ চেণ্টাৰ ফৰৱাৰ্ডত খেলা তেওঁ শ্ৰেষ্ঠতম খেলুৱৈ বুলিও কোৱা হয়। তেওঁ অলিম্পিকৰ পুৰুষৰ ফিল্ড হকীৰ চূড়ান্ত খেলত ব্যক্তিগতভাবে সৰ্বোচ্চ গল কৰি অভিলেখ গঢ়িছিল। তেওঁ ১৯৫২ চনৰ অলিম্পিকত ভাৰতে নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬-১ গলত জয়ী হোৱা খেলত অকলে পাঁচটা গল দিছিল।

১৯৭১ চনৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জ পদক লাভ কৰা আৰু ১৯৭৫ চনৰ বিশ্বকাপ জয়ী হোৱা পুৰুষৰ ৰাষ্ট্ৰীয় দলৰ তেওঁ প্ৰশিক্ষক তথা ব্যৱস্থাপক আছিল। ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰয়েল অপেৰা হাউচত অনুষ্ঠিত অলিম্পিক সংগ্ৰহালয় প্ৰদৰ্শনীত তেওঁক সন্মানিত কৰা হৈছিল। ১৯৫৭ চনত ভাৰত চৰকাৰে তেওঁ ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

২০২০ চনৰ ২৫ মে তাৰিখে ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

                                     

1. প্ৰাৰম্ভিক জীৱন

১৯২৩ চনৰ ৩১ ডিচেম্বৰ তাৰিখে পঞ্জাবৰ হৰিপুৰ খালছাত বলবীৰ সিঙৰ জন্ম হৈছিল। তেওঁ ১৯৩৬ চনৰ অলিম্পিকৰ হকী খেলৰ নিউজৰীল দেখি হকীৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ শিখ নেচনেল কলেজত পঢ়ি থাকোঁতে খালছা কলেজ হকী দলৰ প্ৰশিক্ষক হৰবাইল সিঙে তেওঁৰ প্ৰতিভাৰ উমান পায়। তেওঁ বলবীৰক লাহোৰৰ শিখ নেচনেল কলেজ এৰি অমৃতচৰৰ খালছা কলেজত স্থানান্তৰ কৰিবলৈ কয়। তেওঁৰ পৰিয়ালৰ পৰা অনুমতি লাভ কৰাৰ পিছত ১৯৪২ চনত খালছা কলেজলৈ আহে আৰু প্ৰশিক্ষক হৰবাইল সিঙৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰে। হৰবাইল সিং পিছলৈ ভাৰতৰ ৰাষ্ট্ৰীয় হকী দলৰ প্ৰশিক্ষক পদ লাভ কৰিছিল।

১৯৪২-৪৩ চনত বলবীৰ সিঙে পঞ্জাব বিশ্ববিদ্যালয়ৰ হকী দলত চয়নিত হয়। পঞ্জাব বিশ্ববিদ্যালয়ে সৰ্ব ভাৰতীয় আন্তঃবিশ্ববিদ্যালয় হকী প্ৰতিযোগিতাত জয় লাভ কৰিছিল। তেওঁ পঞ্জাব বিশ্ববিদ্যালয়ৰ হকী দলৰ তিনিবাৰকৈ কেপ্তেইন আছিল। তাৰপিছত তেওঁ অবিভক্ত পঞ্জাব ৰাজ্যক প্ৰতিনিধিত্ব কৰি ১৯৪৭ চনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা হকী দলৰ সদস্য আছিল। দেশ বিভাজনৰ পিছত তেওঁৰ পৰিয়াল ভাৰতীয় পঞ্জাবৰ লুধিয়ানালৈ উঠি আহে আৰু তাত তেওঁ পঞ্জাব আৰক্ষীত যোগদান কৰে। তেওঁ ১৯৪১-৬১ চনলৈ পঞ্জাব আৰক্ষীৰ হকী দলত অন্তৰ্ভুক্ত আছিল।

                                     

2.1. খেলুৱৈ জীৱন লণ্ডন অলিম্পিক

১৯৪৮ চনৰ লণ্ডন অলিম্পিকত বলবীৰ সিঙে প্ৰথমবাৰৰ বাবে অলিম্পিকত খেলিবলৈ সুযোগ লাভ কৰিছিল। ভাৰতীয় দলৰ আৰ্জেণ্টিনাৰ সৈতে দ্বিতীয় খেল তেওঁৰ জীৱনৰ প্ৰথম অলিম্পিক খেল আছিল। ফাইনেলত ভাৰত গ্ৰেট ব্ৰিটেইনৰ সন্মুখীন হয় আৰু ভাৰতে ৪-০ গলত জয়ী হয়। ইয়াৰে দুটা গল বলবীৰ সিঙে দিছিল।

                                     

2.2. খেলুৱৈ জীৱন হেলছিংকী অলিম্পিক

১৯৫২ চনৰ হেলছিংকী অলিম্পিক তেওঁ ভাৰতীয় দলৰ উপ অধিনায়ক আৰু কে. ডি. সিং নায়ক আছিল। অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ ধ্বজাবাহী আছিল। ছেমিফাইনেলত তেওঁ ব্ৰিটেইনৰ বিৰুদ্ধে হেট ট্ৰিক লাভ কৰে আৰু ভাৰত ৩-১ গলত জয়ী হয়। ফাইনেলত তেওঁ নেদাৰলেণ্ডৰ বিৰুদ্ধে পাঁচটা গল মাৰে আৰু অলিম্পিকৰ পুৰুষৰ হকীৰ ফাইনেলত ব্যক্তিগতভাবে সৰ্বোচ্চ গল দিয়া ব্যক্তিৰ অভিলেখ গঢ়ে। ভাৰতে ফাইনেলত ৬-১ গলৰ ব্যৱধানত জয়ী হয়। হেলছিংকী অলিম্পিকত ভাৰতীয় দলে স্কৰ কৰা মুঠ ১৩টা গলৰ ৯টা গল অকলে মাৰিছিল।

                                     

2.3. খেলুৱৈ জীৱন মেলবৰ্ণ অলিম্পিক

১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকত তেওঁ ভাৰতীয় দলৰ অধিনায়ক আছিল। তেওঁ উদ্বোধনী খেলত আফগানিস্তানৰ বিৰুদ্ধে পাঁচটা গল কৰিছিল যদিও আঘাতপ্ৰাপ্ত হোৱাৰ বাবে বাকী কেইখন খেলত ৰণধীৰ সিঙে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ গ্ৰুপ পৰ্যায়ৰ খেল এৰিবলৈ বাধ্য হয় যদিও ছেমি ফাইনেল আৰু ফাইনেল খেলাৰ সুযোগ পায়। ফাইনেলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ১-০ গলৰ ব্যৱধানত জয় লাভ কৰে।

তেওঁৰ অলিম্পিয়ান হিচাপে মুঠ আঠখন অলিম্পিক খেলিছিল আৰু দেশৰ বাবে সৰ্বমুঠ ২২টা গল কৰিছিল।

১৯৫৮ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলৰো তেওঁ সদস্য আছিল।

                                     

3. অন্যান্য

১৯৭১ চনত হকী বিশ্বকাপৰ বাবে তেওঁ ভাৰতীয় দলক প্ৰশিক্ষণ প্ৰদান কৰিছিল। ইয়াত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৭৫ চনৰ হকী বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ তেওঁ ব্যৱস্থাপক আছিল। তেওঁ দুখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ দুয়োখন আত্মজীৱনী হল: "দা গোল্ডেন হেট ট্ৰিক" ১৯৭৭ আৰু "দা গোল্ডেন য়াৰ্ডষ্টিক: দা কুৱেষ্ট অফ হকী এক্সচেলেন্স" ২০০৮।

                                     

4. বঁটা আৰু সন্মান

১৯৫৭ চনত ভাৰত চৰকাৰে তেওঁ ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। পদ্মশ্ৰী লাভ কৰা তেওঁ প্ৰথম ক্ৰীড়াবিদ। ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকৰ স্মৃতিত ডমিনিকান ৰিপাব্লিকে তেওঁ আৰু গুৰুদেৱ সিঙক ডাক টিকটত প্ৰদৰ্শন কৰিছিল। ১৯৮২ চনত নতুন দিল্লীত আয়োজিত এছিয়ান গেমছৰ শিখা তেওঁ প্ৰজ্বলন কৰিছিল। ২০০৬ ছবিত তেওঁ শ্ৰেষ্ঠ শিখ হকী খেলুৱৈৰ খিতাপ লাভ কৰে। ২০১৫ চনত তেওঁ ভাৰতীয় হকীৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচন্দ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল।



                                     

5. ব্যক্তিগত জীৱন

তেওঁৰ পিতাৰ ফালৰ ককা-আইতাক পাৱাদ্ৰাৰ পঞ্জাবী গাঁৱৰ দচাংঝ সম্প্ৰদায়ৰ আৰু মাতাৰ ফালৰ হৰিপুৰ খালছা গাঁৱৰ ধানোৱা সম্প্ৰদায়ৰ আছিল। দুয়ো পঞ্জাবৰ জলন্ধৰ জিলাৰ ফিলুৱাৰ তহচিলৰ অন্তৰ্গত। বলবীৰৰ পিতৃ দিলীপ সিং দচাংঝ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯৪৬ চনত বলবীৰে লাহোৰৰ সুশীল সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এগৰাকী কন্যা সুছবীৰ আৰু তিনি গৰাকী পুত্ৰ ক্ৰমে কাঁৱালবীৰ, কৰণবীৰ আৰু গুৰুবীৰ। তেওঁলোক আটায়ে কানাডাৰ ভেনকোভাৰত বসবাস কৰে।

২০২০ চনৰ ২৫ মে তাৰিখে ৯৬ বছৰ বয়সত ভাৰতৰ পঞ্জাব ৰাজ্যৰ মোহালিত বলবীৰ সিঙৰ মৃত্যু হয়।