ⓘ হৰেকৃষ্ণ ডেকা এগৰাকী কবি, চুটি গল্প লেখক আৰু কবিতাৰ সমালোচক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰি ..

                                     

ⓘ হৰেকৃষ্ণ ডেকা

হৰেকৃষ্ণ ডেকা এগৰাকী কবি, চুটি গল্প লেখক আৰু কবিতাৰ সমালোচক। ছাত্ৰাৱস্থাৰ পৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সাহিত্য বিষয়ক আলোচনী গৰীয়সী আৰু ইংৰাজী দৈনিক কাকত দ্যা ছেণ্টিনেলৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত জড়িত হৈ আছে।

                                     

1. প্ৰাৰম্ভিক জীৱন

হৰেকৃষ্ণ ডেকাৰ জন্ম হৈছিল ১৯৪৩ চনত। পৈতৃক ঘৰ আছিল বৰ্তমানৰ নলবাৰী জিলাৰ সৰ্থেবাৰী অঞ্চলত। কিন্তু তেখেতৰ শৈশৱ অতিবাহিত হৈছিল তিনিচুকীয়াত। তাতেই তেখেতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে প্ৰথমে কটন কলেজ আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা লয়। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে।

                                     

2. কৰ্মজীৱন

১৯৬৫ চনৰ মাজভাগৰপৰা ১৯৬৮ চনলৈ গুৱাহাটীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ অসম-মেঘালয় কেডাৰত যোগ দিয়ে। আৰক্ষী সেৱাৰ পৰা অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে। ২০০৮ চনৰ ডিচেম্বৰ মাহৰপৰা ২০১০ চনৰ নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ National Security Advisory Board সদস্য ৰূপে কাৰ্য নিৰ্বাহ কৰে॥ চাকৰিৰ পৰা অৱসৰৰ পাছত ডেকাই The Sentinel কাকতৰ সম্পাদক ৰূপে কম সময়ৰ বাবে যোগ দি পাছলৈ সাহিত্য আলোচনী গৰীয়সীৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

                                     

3. সাহিত্য কৰ্ম

কবিতা পুথি
  • সানমিহলি বৰ্ণমালা The Mixed Alphabets, ২০১০
  • ৰাতিৰ শোভাযাত্ৰা The Procession by Night, ১৯৭৮
  • আন এজন Another One, ১৯৮৬ বঙালী আৰু উড়িয়া ভাষালৈ অনূদিত
  • Sea-Scare ইংৰাজীলৈ অনূদিত কবিতা, 2001
  • সয়ম্বৰ The Voices, ১৯৭২
  • ভালপোৱাৰ বাবে এষাৰ A Word for Love, ২০০৩
  • কবিতা ১৯৬০-১৯৮০ Poems 1960-1980, ২০০২
চুটি-গল্প সংগ্ৰহ
  • প্ৰাকৃতিক আৰু অন্যান্য The Natural and Other Stories, ১৯৮৫
  • গল্প আৰু কল্প Story and Fiction, ২০০৯
  • বন্দীয়াৰ The Captive, ১৯৯৬ উড়িয়া ভাষালৈ অনূদিত
  • পোষ্টমডাৰ্ণ অথবা গল্প The Post-modern or Short Story, ২০০১
  • মৃত্যুদণ্ড The Death Sentence, ২০০৬
  • মধূসূদনৰ দলং Madhusudans Bridge, ১৯৯২
সাহিত্য সমালোচনা
  • নীলমনি ফুকনঃ কবি আৰু কবিতা Nilamani Phukan:the post and his poems, ২০১০
  • দৃষ্টি আৰু সৃষ্টি The Look and the Creation, ২০০৬
  • আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ Adhunikatabad and Other essays, ১৯৯৮
  • বীক্ষণ আৰু সন্ধান Insight and Investigation, ২০০০
উপন্যাস
  • আগন্তুক The Strangers, 2008
সম্পাদিত কিতাপ
  • তৰুণ প্ৰজন্মৰ কবিতা The Poetry of the Young Generation, 2005
অনুবাদঃ
  • প্ৰতিসৰিত ৰশ্মি The Reflected Lght, ১৯৯২
সামাজিক বিশ্লেষণ
  • সাৰ্বভৌমত্ব, সন্ত্ৰাসবাদ আৰু নাগৰিক সমাজ Sovereignty, Terrorism and Civil Society, 2010
  • প্ৰব্ৰজন আৰু অণুপ্ৰবেশ Immigration and Infiltration, ২০১০


                                     

4. বাহ্যিক সংযোগ

  • An Introduction to Harekrisha Deka’s Poetry by Prabhat Bora
  • Indian Review: Harekrishna Deka Wins the Assam Valley Literary Award, 2010
  • The Prisoner - short story
  • Harekrishna Dekas Poems in Kavitayan
  • INTERVIEW WITH HAREKRISHNA DEKA, POET AND RETIRED POLICE OFFICER, BY UDDIPANA GOSWAMI ON 20TH MARCH, 2006.
  • An Interview with the Poet: Harekrishna Deka
  • Harekrishna Deka: In discussion with Uddipana Goswami
  • The Dawn (An Assamese Poem of Harekrishna Deka in Translation
                                     
  • কব সম ল চক হৰ ক ষ ণ ড ক ৰ দ ব ৰ ৰচ ত ক ইট ম ন কব ত ৰ স কলন চনত এই ক ব য গ ৰন থখন স হ ত য অক ড ম ব ট ল ভ কৰ ছ ল হৰ ক ষ ণ ড ক - এগৰ ক
  • ইয ৰ প ৰত ষ ঠ পক সম প দক চন দ ৰপ ৰস দ শ ইক য ত খ তৰ প ছৰ সম প দক হ ল হৰ ক ষ ণ ড ক আৰ বৰ তম ন চনৰ পৰ সম প দকৰ দয ত বত আছ ড লক ষ ম নন দন বৰ
  • হ ৰ ন ভট ট চ ৰ য, ন ৰ মলপ ৰভ বৰদল ৰ ম গগ ন লমণ ফ কন, ভৱ ন বৰ ৱ হৰ ক ষ ণ ড ক নগ ন শইক য আধ ন ক অসম য কব ত - মঞ জৰ বনলত প ষ ঠ সম হ: আগকথ
  • কনকস ন ড ক ই ৰ জ Kanaksen Deka অসমৰ এজন প ৰস দ ধ স হ ত য ক, শ ক ষ ব দ, ন ট যক ৰ চ ন ত ব দ আৰ স ব দ ক ত খ ত অসম স হ ত য সভ ৰ ছ প ঝ ৰ, চ পৰ অধ ব শন
  • ন ৰ ব চ ত কব ত ৰ অসম য অন ব দ সন ন ৱ ষ ট হ ছ অসম য কব সকল হ ল হৰ ক ষ ণ ড ক অন ভৱ ত লস প ৰণয ফ কন, ৰ জ ব বৰ ব ন দ চন দ ৰ বড কল য ণ ভ ঞ
  • অম ব ক গ ৰ য ৰ ল ব ভ গত ট ইপ ষ ট, স গ ত শ ক ষক আদ হ চ প কৰ মৰত হ ৱ ৰ উপৰ ও হৰ ক ষ ণ দ সৰ স ত অসম ব ন ধৱ ন মৰ স হ ত য আল চন খনৰ স হ ত য সম প দক ৰ প ক ম
  • ভৱ নন দ ড ক ই ৰ জ Bhabananda Deka - এজন অসম য ল খক, শ ক ষ ব দ আৰ অৰ থন ত ব দ ত খ ত খন অৰ থন ত ৰ জন ত ব জ ঞ ন আৰ স হ ত য সম পৰ ক য
  • হ ত শ ড ক ই ৰ জ Hitesh Deka ফ ব ৰ ৱ ৰ - আগষ ট, অসমৰ এগৰ ক প ৰস দ ধ স হ ত য ক৷ অসম য ভ ষ - স হ ত যৰ উপন য স, ন টক, প ৰৱন ধ আদ
  • স হ ত যৰ ভৰ ল চহক কৰ কব ত ৰ ক ষ ত ৰত হ ৰ ন ভট ট চ ৰ য, অজ ত বৰ ৱ হৰ ক ষ ণ ড ক ন লমণ ফ কন কন ষ ঠ ন ৰ মলপ ৰভ বৰদল নল ন ধৰ ভট ট চ ৰ য, ধ ৰ ন দ ৰন থ