ⓘ লতা মংগেশকাৰ ; জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী এগৰাকী সুকণ্ঠী নেপথ্য গায়িকা হিচাবে জনপ্ৰিয়। লতাজীয়ে এতিয় ..

                                     

ⓘ লতা মংগেশকাৰ

লতা মংগেশকাৰ ; জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী এগৰাকী সুকণ্ঠী নেপথ্য গায়িকা হিচাবে জনপ্ৰিয়। লতাজীয়ে এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে।

ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী আখ্যা দিছিল।

                                     

1. শৈশৱকাল

মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ সূপুত্ৰী লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন পালন মহাৰাষ্ট্ৰত কৰা হয়।

                                     

2. নাটক

দেউতাকৰ মৃত্যুৰ পাছত আৰ্থিক অনাটনত পৰি লতাই কেইখনমান হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল। অভিনেত্ৰীৰূপে তেওঁৰ প্ৰথম কথাছবি আছিল- পাহিলী মংগলাগৌৰ ১৯৪২; পিছলৈ লতাজীয়ে চিমুকলা সংসাৰ ১৯৪৩, গজভাউ ১৯৪৪, বড়ী মা ১৯৪৫, জীৱন যাত্ৰা ১৯৪৬, ছত্ৰপতি শিবাজী ১৯৫২ আদি বিভিন্ন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।

                                     

3. সংগীত

১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱাছেৱা ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে। গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হল। ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে। ইয়াৰ পিছত লতাজীয়ে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই।

                                     

4. পুৰস্কাৰ

  • আই.আই.এ.এফ লাইফটাইম এচিভমেণ্ট বটা- ২০০০
  • ভাৰতৰত্ন - ২০০১
  • জী চিনে লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৯
  • ৰাজীৱ গান্ধী পুৰস্কাৰ- ১৯৯৭
  • ফিল্ম ফেয়াৰ বঁটা ১৯৫৮,১৯৬২,১৯৬৫,১৯৬৯,১৯৯৩ আৰু ১৯৯৪
  • ৰাষ্ট্ৰীয় পুৰস্কাৰ ১৯৭২,১৯৭৫ আৰু ১৯৯০
  • নুৰজাহান বঁটা- ২০০১
  • মহাৰাষ্ট্ৰ চৰকাৰ পুৰস্কাৰ ১৯৬৬ আৰু ১৯৬৭
  • এন.টি.আৰ. পুৰস্কাৰ- ১৯৯৯
  • ফিল্ম ফেয়াৰৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৩
  • স্ক্ৰীনৰ লাইফটাইম এচিভমেণ্ট বটা- ১৯৯৬
  • পদ্মবিভূষণ বটা- ১৯৯৯
  • ষ্টাৰডাষ্ট লাইফটাইম এচিভমেণ্ট বটা- ২০০১
  • দাদাচাহেব ফাল্কে বঁটা- ১৯৮৯
  • মহাৰাষ্ট্ৰ ভূষণ- ২০০১
  • পদ্মভূষণ- ১৯৬৯
  • সৰ্বাধিক সংখ্যক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড- ১৯৭৪
                                     

5. অধিক তথ্য

  • Nerurkar, Vishwas Marathi ভাষাত. Lata Mangeshkar Gandhar Swaryatra 1945-1989. প্ৰকাশক Mumbai: Vasanti P. Nerukar.
  • Kabir, Nasreen Munni 2009. Lata Mangeshkar: In Her Own Voice. Niyogi Books. ISBN 978-8189738419.
  • Bharatan, Raju 1995. Lata Mangeshkar: A Biography. UBS Publishers Distributors. ISBN 978-8174760234.
  • Bichhu, Mandar V. 1996 Hindi ভাষাত. Gaaye Lata, Gaaye Lata. প্ৰকাশক Sharjah: Pallavi Prakashan. ISBN 978-8172231705. A collection of articles written by Lata Mangeshkar since 1952.
  • Bhimani, Harish 1995. In search of Lata Mangeshkar. Indus. ISBN 978-8172231705.
  • Lata, Mangeshkar 1995. Madhuvanti Sapre and Dinkar Gangal. ed Punjabi ভাষাত. In search of Lata Mangeshkar. Harper Collins/Indus. ISBN 978-8172231705. A collection of articles written by Lata Mangeshkar since 1952.
                                     
  • : ন ইট গ ল অৱ এছ য ব ট ইণ ড প ক এছ ছ য ছন, য ক তৰ জ য লত ম গ শক ৰ ব ট মধ য প ৰদ শ চৰক ৰ স ক ৰ ন ভ ড অ কন ব ট জ নম ছমঝ কৰ
  • কৰ ছ ল ভ প ন হ জৰ ক ই উল ল খন য য ইয ত ব ল আৰ হ ন দ চলচ চ ত ৰৰ লত ম গ শক ৰ হ মন ত ম খ ৰ জ আৰ সন ধ য ম খ ৰ জ য কণ ঠ দ ছ ল ই এখন থল ৱ গ ত - ম ত ৰ
  • পৰ চ লক মহম মদ জহ ৰ খয মৰ পত ন চলচ চ ত ৰৰ ব ব ত ও ত ও ৰ সমস ময ক লত ম গ শক ৰ আৰ আশ ভ চল তক কম গ ত গ ইছ তথ প ত ও ৰ প ৰ য সকল গ তক ম ষ ট ৰপ চ
  • উদ য গৰ প ৰথম প ৰজন মৰ কণ ঠশ ল প সকলৰ অন যতম ৰ দশকত গ ত দত ত, লত ম গ শক ৰ আদ ৰ আগমনৰ লগ লগ জ হৰ ব ইৰ সঙ গ ত জ ৱনৰ জ উত ক ৰম ম ল ন হ আহ ছ ল
  • আছ ল কন নড ভ ষ ৰ চলচ চ ত ৰত ত ও পদ ৰ পন কৰ ছ ল আশ ন ৰ শ ছব ৰ য গ লত ম গ শক ৰ আশ ভ চল মহম মদ ৰফ য ন পথ য কণ ঠ দ য এই ছব খন ম ক ত ন প ল
  • ৰঘ পত ৰ ঘৱ ৰ জ ৰ ম ব যৱহ ৰ কৰ হ ছ বহ ত ব খ য ত কণ ঠশ ল প য ন লত ম গ শক ৰ জগজ ৎ স ক এছ. চ ত ৰ আদ য এই গ তত কণ ঠ ন গৰ ইছ ব ষ ণৱ জন ত
  • স মৰণ কৰ হয মহল আৰ ব ৱৰ ন ইন ছব দ খনৰ ব ব লত ম গ শক ৰ আৰ আশ ভ চল ৰ আগমনৰ লগ লগ ৰ জক ম ৰ প ছ ৱ ই য বল ব ধ য হ ল আৰ ক ৰ চ
  • ম নব ন দ ৰ ম খ প ধ য য হ মন ত ক ম ৰ ম খ প ধ য য আদ ৰ স ত গ ত গ ইছ ল ত ও লত ম গ শক ৰ আৰ ৰব শ কৰৰ লগত এক লগ গ ত গ ইছ আল পন বন দ প ধ য য শ শ ৰ ব ব
  • গ ৰ য কৰ ম ত য হয পৰৱৰ ত বছৰব ৰত প ৰণ তথ স ম ত গ য ন শ ল ৰ ব ব লত ম গ শক ৰ আশ ভ চল আদ উঠ অহ সঙ গ ত ত ৰক ব ৰৰ স ত প ৰত য গ ত চল ই য ৱ ট
  • ত হফ ঝ ম বৰ বৰ ঝ ম, ম ৰ ভ ৰত মহ ন, ল জব ব, অপলম চপলম, আজ ৰ পৰদ শ লত ম গ শক ৰ ৰ ম ক স, আশ ভ ছল ৰ ম ক স, শ ৰড স ইব ব প য প য আদ ত কণ ঠ ন গৰ ইছ